Home Blog Page 1367

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ পত্নীলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ ! কদম কাঠৰ বাকচত অসমৰ গলবস্ত্ৰ…

অসমৰ গলবস্ত্ৰ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ অসমত বোৱা পৰম্পৰাগত বস্ত্ৰ বিশেষ। নিপুণ শিপিনীসকলে মুগা ছিল্ক ব্যৱহাৰেৰে এয়া প্ৰস্তুত কৰি উলিয়াইছে। এই বস্ত্ৰ চকুত লগা ডিজাইন আৰু আৰ্হিৰ বাবে জনাজাত। অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশৰ অনুপ্ৰেৰণাৰে, বিশেষকৈ উদ্ভিদকুল আৰু প্ৰাণীকুলৰ উপাদানসমূহ প্ৰদৰ্শন কৰি এয়া প্ৰস্তুত কৰা হয়।

অসমৰ এই গলবস্ত্ৰ কেৱল পোছাক-পৰিচ্ছদেই নহয়; বৰঞ্চ ই অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ জনসাধাৰণৰ বয়ন শিল্পৰ পৰম্পৰাক মূৰ্ত কৰি তোলে।
অসমৰ গলবস্ত্ৰ মাথো বয়নতে সীমাবদ্ধ নহয়, বৰঞ্চ ই গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্য আৰু শৈল্পিক পৰম্পৰাক উদ্ভাসিত কৰি তোলে।


এই গলবস্ত্ৰ এটা কদম কাঠৰ বাকচত ভৰাই প্ৰদান কৰা হৈছে। ভাৰতীয় সংস্কৃতিত কদম (Burflower tree) কাঠক পৱিত্ৰ উপাদান হিচাপে গণ্য কৰা হয় আৰু ভাৰতীয় ধৰ্ম তথা পৌৰাণিক কাহিনীসমূহত ইয়াৰ উল্লেখ আছে। কৰ্ণাটকৰ শিল্পীসকলে হাতেৰে এই বাকচ গঢ়ি উলিয়াইছে।

জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চচলত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট…

অসমৰ আদিম অধিবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক,অৰ্থনৈতিক,সংস্কৃতি,ক্ৰীড়াৰ উন্ময়নৰ লগতে জনজাতিকৰণ প্ৰদানৰ সম্পৰ্কটো নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে।উল্লেখিত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত বিগত বছৰত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছে।

পৰিতাপৰ বিষয় দাবীসমূহ সমাধানৰ ক্ষেত্ৰত আলোচনাত পোৱা আশ্বাস সমূহ কেৱল মাত্ৰ আলোচনাৰ মাজতে আৱদ্ধ হৈ থকাত জনগোষ্ঠীটোৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে বুলি মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক উজ্জ্বল বৰুৱাই উল্লেখ কৰে। সেয়েহে আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত শতাধিক ৰাইজৰ উপস্থিতিত গুৱাহাটীৰ চচলত মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা, ৰজাদিনীয়া ঐতিহাসিক কীৰ্তি চিহ্নসমূহ বেদখল মুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবদ্ধনৰ ব্যৱস্থা কৰা,
মটক জনগোষ্ঠীক অতিশীঘ্ৰে পূৰ্ণ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা,
মটক স্বায়ত্ত শাসিত পৰিষদক পৰ্যাপ্ত পুজি আৱণ্টন দিয়ক আৰু বিভিন্ন নিকায়-নিগমত মটক জনগোষ্ঠীৰ যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ কাৰীয়ে কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ন’ এছটি ন’ৰেষ্ট, ইত্যাদি শ্ল’গানেৰে গুৱাহাটীৰ আকাশ-বঁতাহ কপাই তোলে।
প্ৰতিবাদ স্থলিত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোঁহাই,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,সহ সম্পাদক অনন্ত বৰুৱা আৰু দিগন্ত দত্ত,মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতি,তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি,মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা,সম্পাদক সুলভ জ্যোতি শইকীয়া উপস্থিত থাকে।কাৰ্যসূচীৰ অন্তত মাননীয় অসমৰ মুখ্য মন্ত্ৰীলৈ দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

পাকিস্তান অধিকৃত কাশ্মীৰ স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ মন্তব্য

পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে সোমবাৰে কয় যে কিছু দিনৰ পিছত পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ’কে) স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ’ব।কিঙে কয় “কিছু দিন ৰৈ থাকক, পিঅ’কে স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ’ব,” । ৰাজস্থানৰ দৌচাত সিঙে এই মন্তব্য কৰে। পিঅ’কেৰ চিয়া মুছলমানসকলে ভাৰতলৈ অহাৰ পথ কেতিয়া প্ৰশস্ত হ’ব তাকেলৈ সোধা এক প্ৰশ্নৰ উত্তৰত সাঙে তেনেদৰে কয়। জি-২০ৰ সফলতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়: “জি-২০ অনুষ্ঠান সফল হৈছে৷ এনে ধৰণৰ সংগঠিত অনুষ্ঠান আগতে কেতিয়াও হোৱা নাছিল। দেশৰ ৬০ খন চহৰত প্ৰায় ২০০ খন সভাৰ আয়োজন কৰা হৈছিল।” তেওঁ কয় যে আন দেশসমূহেও এনে এক সফল অনুষ্ঠান আয়োজন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰিছে।সিঙে কয় ” ভাৰতে সমষ্টিগতভাৱে এটা ডাঙৰ বিজয় অৰ্জন কৰিছে ,সন্মিলনত ইস্তাহাৰ জাৰি কৰা হৈছে। ইউক্ৰেইনকে ধৰি বহুতো বিষয়ত বিশ্ব বিভক্ত আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ জ্ঞানেৰে আমি সকলোৱে একেলগে এটা উপায় বিচাৰি পাইছো , যি বিষয়ত কোনো দেশৰ কোনো আপত্তি নাই,”।

দৌচাত বিজেপিৰ পৰিৱৰ্তন সংকল্প যাত্ৰাত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়৷ তেওঁ কয় যে জৈৱ ইন্ধন মিত্ৰজোঁট গঠন আৰু ভাৰতৰ পৰা ইউৰোপলৈ কৰিডৰ নিৰ্মাণে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ পথ প্ৰশস্ত কৰিব৷ তেওঁ কয়, “কংগ্ৰেছ নেতা শশী থাৰুৰেও জি-২০ৰ যুটীয়া ঘোষণাক আদৰণি জনাইছে।” ৰাজ্যখনত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে য’তেই নিৰ্বাচন অনুষ্ঠিত হয়, বিজেপিয়ে কেতিয়াও মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰে। তেওঁ কয় ” সকলোৱে ধৰি লোৱা উচিত যে দলটোৱে এনে নেতাসকলক সুযোগ দিব যিসকল ভাল, উপযোগী আৰু যাৰ ওপৰত ৰাইজৰ আস্থা আছে,”।

মহাৰাষ্ট্ৰত ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট, ৭ জনৰ মৃত্যু…

এক শোকাৱহ ঘটনা ঘটিছে মহাৰাষ্ট্ৰত। ৰাজ্য খনৰ থানে চহৰত এটা ৪০ মহলীয়া অট্টালিকাৰ পৰা লিফ্ট খহি পৰাৰ ফলত ৭ জন লোক নিহত হৈছে। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনাটো থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হৈছে। মৃতসকলক হৈছে মহেন্দ্ৰ চৌপাল (৩২), ৰূপেশ কুমাৰ দাস (২১), হাৰুণ শ্বেখ (৪৭), মিথিলেশ (৩৫), কৰিদাস (৩৮) আৰু সুনীল কুমাৰ দাস (২১) । মৃতসকলৰ ভিতৰত ছয়জনক চিনাক্ত কৰা হৈছে, কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ সময়ত এজনৰ পৰিচয় জনা হোৱা নাই। আৰক্ষীয়ে জনোৱা অনুসৰি লিফনটৰ তাঁৰ চিঙি গৈছিল গৈছিল আৰু লিফ্টটোৱে তলৰ বেচমেণ্টত আহি প্ৰচণ্ড জোৰেৰোে খুন্দা মাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত লিফ্টৰ ভিতৰত সাতজন লোক আছিল আৰু সাতজনৰেই মৃত্যু ঘটে। ঘটনাস্থলীত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় বুলিও জানিব পৰা গৈছে।


আৰক্ষীয়ে জনোৱা অনুসৰি, সেই সময়ত বহুমহলীয়া ভৱনটোৰ চালৰ ‘ৱাটাৰপ্ৰুফিং’ৰ কাম চলি আছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দুখ প্ৰকাশ কৰি ফাডনাভিছে লিখিছে, “থানেৰ এই দুৰ্ঘটনা অতি ভয়ংকৰ। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ” দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাটোৰ এক তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে।

৮ বছৰত ৰাজ্যত নাৰীজনিত অপৰাধৰ সংখ্যা ২ লাখ ৯৮ হাজাৰ। গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনা ২,৬৭৭ টা…

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনক জনায় যে ২০১৬ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ৩০ আগষ্ট পৰ্যন্ত ৰাজ্যত ১৩,২১০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়। একেদৰে ১,৭৩,২১০ টা নাৰীজনিত ঘটনা, নাৰীজনিত অপহৰণ ৪০,১০৮ টা, যৌতুকৰ ঘটনা৭২,১৪৮ টা, আৰু ৭৬ টা ডাইনীৰ ঘটনা সংঘটিত মুঠ ২লাখ ৯৮হাজাৰ ৮৫৩ টা ঘটনা সংঘটিত হয়। আনহাতে চলিত বৰ্ষৰ ৮ মাহত ৰাজ্যখনত ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৬৩৯ টা, নাৰীজনিত অপৰাধৰ ঘটনা ৪,০৯৮ টা, নাৰীজনিত অপহৰণৰ ঘটনা ১,৪৫১ টা, যৌতুকৰ ঘটনা ৯০৪ টা আৰু ডাইনীৰ ঘটনা ২ টা সংঘটিত হয়।

ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে ৰাজ্যখনত চলিত বৰ্ষৰ ৮ মাহত হত্যাৰ ঘটনা সংঘটিত হয় ৬৪৩ টা, চুৰি ঘটনা ৬,৩৯৯টা, ডকাইতি ৪২ টা, লুন্ঠন ৪১৩ টা, আত্মহত্যা ১,৬৬৩ টা, যৌতুকৰ ৯০৪ টা, পৰপ্ৰেম জনিত ঘটনা ৮৪ টা আৰু ডাইনীৰ ঘটনা ২ টা সংঘটিত হয়। একেদৰে ৰাজধানী চহৰ গুৱাহাটীত চলিত বৰ্ষৰ ৩০ আগষ্টলৈ ৩০ টা ধৰ্ষণৰ ঘটনা, নাৰীজনিত অপৰাধ ৩৯০ টা, নাৰীজনিত হত্যা ১৭ টা, যৌতুকৰ ঘটনা ১ টা আৰু পৰপ্ৰেমজনিত ঘটনা ৪ টা মুঠ ৪৪২ টা ঘটনা সংঘটিত হয়। আনহাতে চুৰিৰ ঘটনা ১,৮৪৫ টা, ডকাইতি ৩ টা, লুন্ঠন ১৫৭ টা, আত্মহত্যা ২৩০ টা, যৌতুকৰ ঘটনা ১টা, সংঘটিত হয়। অৰ্থাত গুৱাহাটী মহানগৰীৰ ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনাৰ সংখ্যা ২,৬৭৭ টা।

২৩ বছৰত বিদেশী চিনাক্ত ১লাখ ৩২ হাজাৰ। অসমত ডি ভোটাৰৰ সংখ্যা ৯৯,৯৪২…

বৰ্তমান ৰাজ্যখনত ৯৯,৯৪৭ গৰাকী ডি ভোটাৰ আছে। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত বিধানসভাত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে তেওঁৰ কাৰ্যকালত ১৬,১১২ টা ডি ভোটাৰৰ গোচৰ নিস্পত্তি কৰাৰ বিপৰীতে ৯৬,৪৫৭ টা গোচৰ নিস্পত্তি হবলৈ বাকী আছে। আনহাতে বিদেশী ন্যায়াধীকৰণে মুঠ ১৬,৭৫১ গৰাকীক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰে। আনহাতে ন্যায়াধীকৰণে ১৯২ গৰাকীক অভিযুক্ত বিদেশী হিচাপে চিনাক্ত কৰে।

চলিত বৰ্ষৰ ৩০ আগষ্টলৈ ডিটেনচন কেম্পত ১৫৪ গৰাকী পুৰুষ আৰু ৭০ গৰাকী মহিলাসহ মুঠ ২২৪ গৰাকী বিদেশী নাগৰিকক ৰখা হৈছে বুলি ডঃ শৰ্মাই সদনত অবগত কৰে। একেদৰে গোৱালপাৰাৰ ট্ৰেনজিত কেম্পটো চলিত বৰ্ষৰ ২৭ জানুৱাৰীত মুকলি কৰা বুলি ডঃ শৰ্মাই উল্লেখ কৰি কেম্পটোৰ নিৰ্মান ব্যয় ৩৫ লাখ ৪৩ হাজাৰ ৭৫০ টকা বুলি জানিবলৈ দিয়ে। আনহাতে চলিত বৰ্ষত ৩,৫২২ গৰাকীক বিদেশী নাগৰিক বুলি চিনাক্ত কৰে বিদেশী ন্যায়াধীকৰণে। চিনাক্ত কৰা বিদেশী নাগৰিকৰ ৩৫ গৰাকীক বহিস্কাৰ কৰা হয়। উল্লেখ্য যে বিদেশী ন্যায়াধীকৰণে ২০০১ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ সময়চোৱাত মুঠ ১ লাখ ৩১ হাজাৰ ৬৪৯ গৰাকীক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰাৰ বিপৰীতে চৰকাৰে ৩,১০০ গৰাকী বিদেশী নাগৰিকক বহিস্কাৰ কৰিবলৈ সক্ষম হয়। একেদৰে এই সময়ছোৱাত ৮,৯০৬ গৰাকীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনত অবগত কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ জালত দৰং জিলাৰ কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ…

দুৰ্নীতি নিবাৰক শাখাৰ জালত দৰং জিলাৰ কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ।

দুৰ্নীতি নিবাৰক শাখাই আটক কৰে বিষয়াগৰাকীক।

তিনি হাজাৰ টকা ঘোচ লৈয়ে জালত বিষয়াগৰাকী।

দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত সাংবাদিকৰ দুদিনীয়া কৰ্মশালাৰ সফল সামৰণি।কৰ্মশালাৰ অন্তত প্ৰশিক্ষণৰ প্ৰমাণ পত্ৰ প্ৰদান…

দৈনন্দিন বাৰ্তা গোষ্ঠীৰ অধীনত গঢ়লৈ উঠা দিবি মিডিয়া এন্টাৰটেইনমেন্ট ইনষ্টিটিউটৰ উদ্যোগত বামুণী মৈদামত থকা মুখ্য কায্যালয়ত শনি আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত হয় যুৱ সাংবাদিকতা সন্দৰ্ভত এক কৰ্মশালা।

প্ৰথম দিনা পুৱা বন্তিপ্ৰজলনেৰে আৰম্ভ হোৱা কৰ্মশালা অনুষ্ঠানত সমল ব্যক্তি হিচাবে উপস্থিত থাকে দ্য আসাম ট্ৰিবিউনৰ কাৰ্য্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা। কৰ্মশালাত অংশ লৈ জেষ্ঠ সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যমৰ নীতিগত কথা, প্ৰয়োগ আৰু বাস্তব ধৰ্মীতাৰ বিস্তৃতি মন্তব্য আগবঢ়ায়,আৰু লগতে কয় যে প্ৰতিটো বিষয় সন্দৰ্ভত জ্ঞান আহৰণ কৰি সেইবোৰ সঠিকভাৱে উপস্থাপন কৰাটোৱেই এগৰাকী সাংবাদিকৰ দায়িত্ব হোৱা উচিত ৷

আনহাতে, জনগণৰ সমস্যা, অভাৱ-অভিযোগ চৰকাৰৰ দৃষ্টিত আনিবৰ বাবেই প্ৰয়োজন হয় প্ৰচুৰ অধ্যয়নৰ ৷কাৰণ, অধ্যয়ন অবিহনে সুস্থ সাংবাদিকতা কেতিয়াও সম্ভৱ নহয়৷প্ৰতিদিন টাইমৰ জেষ্ঠ্য সাংবাদিক প্ৰাঞ্জিত নেওঁগে আঁত ধৰা অনুষ্ঠানটোত কেইবাজনো অভিজ্ঞতা সম্পন্ন জেষ্ঠ সাংবাদিকৰ লগতে অধিবক্তা উপস্থিত থাকি সংবাদমাধ্যমৰ গুণগত মানদণ্ডৰ ওপৰত বিস্তৃত ভাৱে পাঠদান আগবঢ়াই।

শেষত নিউ মিডিয়াৰ সম্ভাৱনা, ইয়াৰ ভৱিষ্যত আৰু প্ৰত্যাহ্বান সম্পৰ্কত পাঠদান আগবঢ়ায় জেষ্ঠ্য সাংবাদিক নৱ ঠাকুৰীয়ায় কয় যে সাংবাদিকসকলে সত্যনিষ্ঠ সাংবাদিকতাৰ পথ অনুসৰণ কৰা উচিত। তথ্যৰ সত্যতা নিৰূপণ নকৰাকৈ বাতৰি পৰিৱেশন কৰাটো প্ৰকৃত সাংবাদিকৰ ধৰ্ম নহয়।

দ্বিতীয় দিনা অনুষ্ঠানৰ আঁত ধৰি দৈনন্দিন বাৰ্তাৰ ডিজিটেল সংস্কৰণ ডিবি নিউজৰ মেনেজিং এডিটৰ নৱজ্যোতি কলিতাই নিউ মিডিয়াৰ সম্পৰ্কত কয় তথ্য প্ৰযুক্তিৰ উন্নতিৰ লগে লগে সাংবাদিকতাই নতুন ৰূপত অগ্ৰসৰ হ’বলৈ লৈছে। আমাৰ বহুতে পোৰ্টেলজাতীয় সাংবাদিকতাক স্বীকৃতি দিব নোখোজে যদিও সেইসমূহকো উলাই কৰিব পৰা বিধৰ নহয়।

লগতে নিজৰ অভিজ্ঞতা সন্দৰ্ভত অডিঅ’-ভিজুৱেল পদ্ধতিৰে প্ৰশিক্ষাৰ্থীসকলক পাঠদান কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মতামত আগবঢ়োৱাৰ লগতে প্ৰশিক্ষণ গ্ৰহণ কৰা সংবাদদাতা সকলৰ বিভিন্ন প্ৰশ্নৰো উত্তৰ দিয়ে।

ইয়াৰ পাছতেই দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক দিম্পুল চুতীয়াই কৰ্মশালাৰ পাঠদানৰ আঁত ধৰি বাতৰি কাকতলৈ মফচল অঞ্চলৰ সাংবাদিকে গ্ৰামাঞ্চলৰ বিভিন্ন সমস্যা সম্পৰ্কে বাতৰি কেনেধৰণে সংগ্ৰহ কৰে লগতে ভিডিঅ কেমেৰা, মোবাইল কেমেৰাৰে একোটা ভিডিঅ বাতৰি টিভিৰ বাবে কি দৰে প্ৰস্তুত কৰিব পৰা যায় সেই সন্দৰ্ভত লগতে সাংবাদ তথ্যৰ ওপৰত আধাৰিত আৰু প্ৰমাণৰ সৈতে সমৰ্থিত সাম্প্ৰতিক ঘটনাবোৰৰ ওপৰত প্ৰতিবেদন প্ৰস্তুতকৰণ আৰু বিতৰণৰ কাৰ্য সম্পৰ্কে বৃষ্টিত বক্তব্য আগবঢ়োৱাৰ সমান্তৰাল কৈ ভিডিও এডিতিং, গ্ৰাফিক্স ডিজাইন, ৰিপৰ্টিং, ফটো গ্ৰাফি,ভিদিঅ গ্ৰাফি ইত্যাদি বিষয় সমূহৰ বৃষ্টিত মন্তব্য আগবঢ়ায়।

শেষত কৰ্মশালাৰ সামৰণি অনুষ্ঠানৰ বক্তব্য ৰাখি দৈনন্দিন বাৰ্তাৰ স্বতাধিকাৰী শংকৰ গোহাঁইয়ে সাংবাদিক সকলে কৰ্মশালাৰ জৰিয়তে কেনেদৰে উপকৃত হ’ব পাৰি আৰু এটা সংবাদ গোষ্ঠী জীয়ায় ৰাখিবলৈ কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লগে সেই সম্পৰ্কত মতামত আগ বঢ়ায়। উল্লেখ্য যে দুদিনিয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাত অসমৰ বিভিন্ন প্ৰান্তৰ কেইবাজনো সাংবাদিকে অংশগ্ৰহণ কৰি অনুষ্ঠানটোৰ সফল ভাৱে সমাপণ হোৱাত অৰিহণা যোগায়।

অন্তিম পয্যায়ত কৰ্মশালাত অংশগ্ৰহণ কৰা সাংবাদদাতা সকলক একোখনকৈ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। প্ৰমাণ পত্ৰ পবিতৰণ কৰে দ্য আসাম ৰাইজিংঅৰ সম্পাদক ভূপেন্দ্ৰ নাথ ভতাচ্যায্যয়।

কৰ্মশালাত অংশগ্ৰহণ কৰি কৰি সংবাদ দাতা সকলে বহুতো নতুনত্ব জ্ঞান অৰ্জন কৰিব পৰিলোঁ বুলি মত পোষণ কৰে।

সাতগাঁও শাখা সাহিত্য সভাৰ মাহেকীয়া বৈঠকত প্ৰয়াত দেৱেন দত্তৰ স্মৃতিচাৰণ…

সাতগাঁও শাখা সাহিত্য সভাৰ চলিত মাহৰ মাহেকীয়া বৈঠক “সাহিত্য চৰা”ৰ সৈতে সংগতি ৰাখি বৃহত্তৰ সাতগাঁও অঞ্চলক বিশেষ ভাৱে প্ৰতিনিধিত্ব কৰা সামাজিক অনুষ্ঠান সাতগাঁও লাচিত পুথিভঁৰালৰ সহযোগত সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাৰ সভাপতিত্বত আজি প্ৰয়াত সাহিত্যিক, শিক্ষাবিদ দেবেন দত্তৰ এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভণিতে সাতগাঁও শাখা সাহিত্য সভাৰ সম্পাদক উৎপল শইকীয়াই স্বৰ্ণ শাখাৰ মৰ্য্যদা লাভ কৰিবলৈ উপনীত হোৱা সাতগাঁও শাখা সাহিত্য সভাৰ নতুনকৈ আজীৱন সদস্য লাভ কৰা সদস্য সকলক স্বাগতম জনোৱাৰ লগতে ন পুৰণি সদস্য সকলৰ সৈতে চিনাকী কৰাই দিয়ে। অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ উপদেষ্টা অনিল চৌধুৰীয়ে প্ৰয়াত দেবেন দত্তৰ জীৱন আৰু কৰ্মৰাজিৰ মূল্যায়ন দাঙি ধৰাৰ লগতে দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক ডিম্পুল চুতীয়াই সংবাদ ক্ষেত্ৰ খনত প্ৰয়াত দেবেন দত্ত ছাৰৰ সান্নিধ্য আৰু অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে অসমীয়া ভাষাৰ শুদ্ধতাৰ বাবে সাংবাদিক সকলৰ মাজতো প্ৰয়াত নমস্য ব্যক্তিগৰাকীযে একক ভাবে গ্ৰহণ কৰি অহা প্ৰদক্ষেপ আৰু সংগ্ৰাম খনৰ কথা সোঁৱৰণ কৰে।

তেওঁ কয় যে প্ৰয়াত দেবেন দত্ত ছাৰ যিদৰে সাংবাদিক সকলৰ মাজত মৰম আৰু শ্ৰদ্ধাৰ আছিল, সেইদৰে বহুতৰ বাবে মুৰৰ কামোৰণি আছিল আৰু বহু সময়ত তেওঁ কৰা আমনিও সহ্য কৰিব লগীয়া হৈছিল। কাৰণ ছাৰে দৈনিক পুৱাই বাতৰি কাকতখন চোৱাৰ পিছত কাকতখনত লক্ষ্য কৰা ভুল বোৰ শুধৰাই দিব পৰাকৈ বাতৰি কাকতৰ কাৰ্যালয়লৈ পুৱাই বা সন্ধিয়া ৭-৮ মান বজাত ফোন কৰিছিল আৰু বহু সময় ধৰি অনিচ্ছা সত্ত্বেও ফোনত কথা পাতিব লগীয়া হৈছিল। যিটো সময় সংবাদ পত্ৰৰ যিকোনো সাংবাদিকৰ বাবে যথেষ্ট ব্যস্ত সময় হিচাপে পৰিগণিত হয়। অনুষ্ঠানত প্ৰয়াত দেবেন দত্তক স্মৃতিচাৰণ কৰি সাতগাঁও শাখা সাহিত্য সভাৰ সদস্যা তথা লেখিকা অঞ্জলি ডেকাই (দাস) এক চমু বক্তব্য দাঙি ধৰাৰ লগতে ” যুগান্তৰৰ এক গভীৰ প্ৰণয় ” শীৰ্ষক কবিতাটি পাঠ কৰে। অনুষ্ঠানত সু সাহিত্যিক তথা নাট্যকৰ্মী প্ৰফুল্ল বৰ্মণেও বৰেণ্য ব্যক্তি জনৰ সান্নিধ্য আৰু তেওঁৰ সৈতে হোৱা অভিজ্ঞতাৰ বিষয়ে বৰ্ননা কৰে। আজিৰ এই অনুষ্ঠানতে সাতগাঁও লাচিত পুথিভঁৰালৰ উদ্যোগত সাতগাঁও বাসিন্দা তথা সাহিত্য আৰু সামাজিক দিশৰ নেতৃস্থানীয় ব্যক্তি তথা শেহতীয়াভাবে ৰাজ্যিক কৃতি শিক্ষক বঁটা লাভ কৰা আমসং চাহ বাগান আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক উপেন গোস্বামীক সম্বৰ্ধনা জনোৱা হয়।

গোস্বামীক পিতলৰ শৰাই, ফুলাম গামোচা আৰু সম্বৰ্ধনা প্ৰ পত্ৰ প্ৰদান কৰা হয়। সম্বৰ্ধনা পত্ৰ পাঠ কৰে সাতগাঁও লাচিত পুথিভঁৰালৰ সভাপতি তথা সাতগাঁও শাখা সাহিত্য সভাৰ প্ৰতিস্থাপক সভাপতি ভবেন চন্দ্ৰ দাসে। ভাষণ প্ৰসঙ্গত গোস্বামীয়ে নিজৰ কৰ্মময় জীৱনৰ বিভিন্ন দিশ সমূহৰ লগতে কৃতি শিক্ষক বটা প্ৰাপ্তিৰ ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া প্ৰদক্ষেপ সমূহৰ বিষয়ে সবিস্তাৰে বৰ্ণনা কৰে। অনুষ্ঠানত সাতগাঁও শাখা সাহিত্য সভাৰ আজীৱন সদস্য বিপিন কলিতা, তুলতুল কুমাৰ দাস, হৰেশ্বৰ গোস্বামী আৰু সাতগাঁও শাখা সাহিত্য সভাৰ সভাপতি ফুলেশ্বৰ ডেকাই স্বৰচিত কবিতা পাঠ কৰে। জাতীয় সংগীতৰে শাখাৰ কাৰ্যসূচী সম্পূৰ্ণ কৰা অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই শাখাৰ সম্পাদক সাংবাদিক উৎপল শইকীয়াই।

বিধানসভাৰ মজিয়াত APSC নিযুক্তি কেলেংকাৰি প্ৰসংগ ! ২০১৩ চনত উত্তীৰ্ণ ৩৪গৰাকী প্ৰাৰ্থীৰ নিযুক্তি বাতিলৰ পৰামৰ্শ…

বিধানসভাৰ মজিয়াত APSC নিযুক্তি কেলেংকাৰি প্ৰসংগ। ২০১৩ চনত উত্তীৰ্ণ ৩৪গৰাকী প্ৰাৰ্থীৰ নিযুক্তি বাতিলৰ পৰামৰ্শ।

????????????????????????????????????

ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত দিয়া হৈছিল পৰামৰ্শ। বিষয়টো চালি-জাৰি চাবলৈ ৫জনীয়া কমিটী গঠন কৰিছিল চৰকাৰে।

বিধায়ক মনোৰঞ্জন তালুকদাৰৰ প্ৰশ্নত গৃহ বিভাগৰ তথ্য। CCE ২০১৩ৰ উপৰিও CCE ২০১৪ৰ Batchৰ নিযুক্তিতো অনিয়ম-দুৰ্নীতিৰ তথ্য লাভ কৰিছে তদন্তকাৰী দলে।