বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।

বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল তালুকদাৰ, কুশল ৰয়ক আটক।

২০ মিনিটৰ ভিতৰত আটকাধীন প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবী আছুৰ। অন্যথা ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ হুংকাৰ।
বজালীত ৩ প্ৰতিবাদকাৰীক আটক আৰক্ষীৰ।

বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়ন, AJYCPৰ AGS মৃদুল তালুকদাৰ, কুশল ৰয়ক আটক।

২০ মিনিটৰ ভিতৰত আটকাধীন প্ৰতিবাদকাৰীক মোকলাই দিয়াৰ দাবী আছুৰ। অন্যথা ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ হুংকাৰ।
দেশত পুনৰ ‘নিপা’ ভাইৰাছৰ আতংক। নিপা ভাইৰাছত আক্ৰান্ত হৈ কেৰালাত দুজনকৈ লোকৰ মৃত্যু। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই নিশ্চিত কৰিছে এই তথ্য। কোঝিকোড জিলাত মৃত্যুমুখত পৰিছে দুই আক্ৰান্ত।

এই কথা জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই। উল্লেখ্য যে, সোমবাৰৰ দিনটোত উক্ত ব্যক্তি দুজনে অস্বাভাৱিকভাবে মৃত্যুক আঁকোৱালি লোৱাত জিলাব্যাপী স্বাস্থ্য সতৰ্কতা জাৰি কৰিছিল।

এই সতৰ্কতা জাৰি কৰাৰ কেইঘণ্টামান পিছতে স্বাস্থ্য বিভাগে প্ৰদান কৰা নিশ্চিতি অনুসৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে “নিপাহ” ভাইৰাছৰ বাবে মৃত্যু হোৱা বুলি আনুষ্ঠানিক ঘোষণা কৰে।
জাননী অনুসৰি শিক্ষাৰ্থীসকলে ইতিমধ্যেই গুণোৎসৱৰ জৰিয়তে অ’এমআৰ শ্বীটৰ সাম্যক ধাৰণা লাভ কৰাৰ হেতুকে ২০২৪ বৰ্ষত ৫০ শতাংশ প্ৰশ্নোত্তৰৰ বাবে অ’এমআৰ শ্বীটৰ ব্যৱস্থা কৰা হ’ব।

অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে এই সুবিধা ইংৰাজী, সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ৰ বাবেহে লাভ কৰিব।

উক্ত বিষয়সমূহৰ ৫০ শতাংশ প্ৰশ্ন অৱজেকটিভ টাইপ হোৱাৰ সমান্তৰালভাবে উত্তৰ বহী ১৬টা পেজত অন্তৰ্ভুক্ত হ’ব বুলি জাননীত উল্লেখ আছে। তদুপৰি পৰীক্ষাত বহাৰ যোগ্যতা সম্পৰ্কতো জাননীত নিৰ্দেশনা জাৰি কৰিছে ছেবাই।
মহানগৰীৰ বেলতলাত সংঘটিত হৈছে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা। কলেজৰ অধ্যাপকৰ বিৰুদ্ধে ছাত্ৰীয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ।

কিশোৰ কুমাৰ দাস নামৰ অধ্যাপকজনৰ বিৰুদ্ধে ছাত্রীক শ্লীলতা হানিৰ অভিযোগ উত্থাপন হৈছে। নিশা ফোন কৰি ছাত্রীগৰাকীক অশ্লীল ইংগিত দিয়াৰ অভিযোগ। কেৱল ইমানেই নহয়, ক্লাছৰ সময়তো অশ্লীল ইংগিত দিয়াৰ অভিযোগ ছাত্রীগৰাকীৰ। বেলতলাৰ ৰিজেণ্টছ একাডেমী অফ নৰ্থ ইষ্ট নামৰ শিক্ষানুষ্ঠানখনত এই ঘটনা।

জানিব পৰা মতে অভিযুক্তজন অংকৰ শিক্ষক। সেই শিক্ষকগৰাকীৰ ওচৰত টিউচনো কৰিছিল ভুক্তভোগীয়ে। টিউচনৰ সময়তো ছাত্ৰীগৰাকীক শ্লীলতা হানিৰ চেষ্টা চলাইছিল শিক্ষকগৰাকীয়ে। ইয়াৰোপৰি ছাত্ৰগৰাকীৰ অশ্লীল ফটো, ভিডিঅ’ বিচৰাৰ অভিযোগো উত্থাপন হৈছে শিক্ষকগৰাকীৰ বিৰুদ্ধে। লগতে আন কোনোবাক এই বিষয়ে অৱগত নকৰোৱাৰ বাবে ভাবুকি দিছিল। এতিয়ালৈকে ঘটনা সন্দৰ্ভত পৰিয়ালৰলোকে আৰক্ষীক অৱগত কৰোৱা নাই যদিও পৰৱৰ্তী সময়ত এজাহাৰ দাখিল কৰিব বুলি জানিব পৰা গৈছে।
জয়পুৰ-আগ্ৰা ঘাইপথত ট্ৰেইলাৰ বাহন বাছত খুন্দা মৰাৰ ফলত ১১ জন নিহত & ১২ জন আহত
১৩ ছেপ্টেম্বৰ, ২০২৩ তাৰিখ বুধবাৰে পুৱা ০৮:২৮ বজাত ৰাজস্থানৰ ভাৰতপুৰ জিলাৰ হান্ট্ৰাৰ সমীপৰ জয়পুৰ-

আগ্ৰা ঘাইপথত এখন ট্ৰেইলাৰ গাড়ীয়ে বাছত খুন্দা মৰাৰ ফলত কমেও ১১ জন লোক নিহত হোৱাৰ লগতে ১২ জন আহত হয় বুলি আৰক্ষী অধীক্ষক মৃদুল কাচাৱাই নিশ্চিত কৰিছে।

গুজৰাটৰ ভৱনগৰৰ পৰা উত্তৰ প্ৰদেশৰ মথুৰালৈ গৈ আছিল বাছখন। আহতসকলক চিকিৎসাৰ বাবে ৰাজস্থানৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
গোৱালপাৰাৰ বায়দা ছাটাবাৰীত হত্যা মহিলাক। দুৰ্বৃত্তই মৰিয়াই হত্যা কৰে প্ৰাণেশ্বৰী ৰাভা নামৰ মহিলাগৰাকীক। গৰুক পানী খুৱাবলৈ গৈ সন্ধানহীন হৈ আছিল মহিলাগৰাকী।

নিশা ৰাজহুৱা শ্মশানত উদ্ধাৰ হয় মহিলাগৰাকীৰ মৃতদেহ। হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হৈছে প্ৰাণেশ্বৰী ৰাভাৰ মৃতদেহ।

মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰা হাস্পতাললৈ প্ৰেৰণ। উল্লেখ্য, মহিলাগৰাকীৰ ভাতৃকো কিছুদিন পূৰ্বে হত্যা কৰিছিল দুৰ্বৃত্তই।
গোসাঁইগাঁৱৰ গুৰুফেলত সংঘটিত পথ দুৰ্ঘটনাত আহত হৃদয় ৰায়ৰ চিকিৎসালয়ত মৃত্যু।

সংকটজনক অৱস্থাত চিকিৎসাধীন সাধু ৰায়, মহেশ্বৰ ৰায়, ৰাকেশ ৰায়। ৩১ নং (গ) ৰাষ্ট্ৰীয় ঘাইপথৰ সংঘটিত হয় এই ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত দৌৰি থকা সময়তে তীব্ৰবেগী ট্ৰাকৰ খুন্দা। আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছিল যুৱককেইজনে। ৰাষ্ট্ৰীয় ঘাইপথত দৌৰি থকা সময়তে তীব্ৰবেগী ট্ৰাকৰ খুন্দা।
জৱান ছবিখন শ্বাহৰুখ খান ফেনক্লাৱৰ অনুৰাগীয়ে ছবিগৃহত জৱানৰ দৰে মুখমণ্ডলত বগা কাপোৰেৰে ঢাকি এক অদ্ভূত ধৰণে ছবিগৃহত প্ৰৱেশ কৰে । লগতে সম্পূৰ্ণ ছবিখন এনেদৰে মুখত বগা কাপোৰ বান্ধি ছবিখন উপভোগ কৰে ।

৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পালে শ্বাহৰুখ খানৰ আটাইতকৈ প্ৰত্যাশিত ছবি জৱান। ছবিখন মুক্তিৰ ৪ দিন হ’ল আৰু ৪ দিনত বহু অভিলেখ ভংগ কৰি হিন্দী চলচ্চিত্ৰ জগতত ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। ছুটিৰ দিনত এদিনতে ৮০.০১ কোটি টকা সংগ্ৰহ কৰা বলীউডৰ ইতিহাসত এইখন প্ৰথমখন ছবি। প্ৰথম দিনাই জৱানে সংগ্ৰহ কৰিছিল ৭৫ কোটি টকা। দ্বিতীয় দিনা ছবিখনে ৫৩.২৩ কোটি টকা উপাৰ্জন কৰে।

তৃতীয় দিনা ছবিখনে ৭৭.৮৩ কোটি টকাৰ ব্যৱসায় কৰে আৰু চতুৰ্থ দিনা জৱানে ৮০.০১ কোটি টকা উপাৰ্জন কৰে। এইদৰে ছবিখনে চাৰিদিনত মুঠ ২৮৬.১৬ কোটি টকা ব্যৱসায় কৰিবলৈ সক্ষম হয়। এতিয়া পঞ্চম দিনৰ সংগ্ৰহ এতিয়াও প্ৰকাশ হোৱা নাই তাৰ পিছত ছবিখনে ৩০০ কোটি টকা অতিক্ৰম কৰিব।
এছিয়া কাপৰ ফাইনেলত স্থান নিশ্চিত কৰিলে ভাৰতে। এছিয়া কাপত শ্ৰীলংকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ জয়।

শ্ৰীলংকাৰ বিৰুদ্ধে ৪১ ৰানত জয়লাভ ৰোহিত বাহিনীৰ। শ্ৰীলংকাক ২১৪ ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে।

প্ৰত্যুত্তৰত ৪১.৩ অভাৰত ১৭২ ৰানত অলআউট শ্ৰীলংকা।
গুড় কফনাশক, ৰক্তবৰ্ধক, শক্তিবৰ্ধক, ৰুচিবৰ্ধক। গুড় ভিটামিন আৰু খনিজ বস্তুৰে ভৰপূৰ। গুড়ত প্ৰধানকৈ আইৰণ, কেলচিয়াম, ফছফৰাচ, মেগনেছিয়াম, পটাচিয়াম, ছডিয়াম আদি পোৱা যায়। গুড় উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান দ্বিতীয়। ভাৰতীয় চিকিৎসা পদ্ধতি আয়ুৰ্বেদ মতে, গুড় হাঁওফাওঁ আৰু গলৰ বাবে অত্যন্ত লাভদায়ক।
*কফ শান্ত কৰি ৰখাত গুড় সকলোতকৈ ভাল হয়। কফ অসন্তুলিত হলে শৰীৰত ফছফৰাচৰ অভাৱ ঘটে। গুড়ত ফছফৰাচ থাকে বাবে কফৰ প্ৰভাৱত থকাসকলৰ কাৰণে গুড় অতি উপকাৰী।

*গুড়ত আইৰণ থাকে আৰু সেইকাৰণে গুড় এনিমিয়া ৰোগ নিৰাময়ত সহায়ক।
*আহাৰ খোৱাৰ পিছত অলপ গুড় খালে ই আহাৰ জীণ যোৱাত সহায় কৰে। ই পেট পৰিষ্কাৰ ও কৰে।
*বিভিন্ন খাদ্যৰ কুপ্ৰভাৱত শৰীৰত জমা হোৱা বিষাক্ত দ্ৰব্যবোৰ বাহিৰ কৰাত গুড়ে সহায় কৰে।
* আয়ুৰ্বেদ মতে, কফৰ দোষৰ বাবেই মেদ বৃদ্ধি হয়। গতিকে, মেদ হ্ৰাস কৰিবলৈ চেনিৰ সলনি গুড় খোৱাৰ অভ্যাস কৰিলে নিশ্চয় উপকৃত হব।
* গুড়ে হাঁওফাওঁৰ টনিক হিচাপে কাম কৰে। ই শ্বাসনলী পৰিষ্কাৰ কৰাৰ লগতে কফ Expectorant হিচাপেও কাম কৰে।
*তিল আৰু গুড়ৰ গুণ একে বাবে গুড় আৰু তিল একেলগে খোৱাটো উপকাৰী।
* গুড়ত কেলচিয়াম থাকে বাবে গুড় খালে হাড় মজবুত হয়।
*গুড়ে তেজ পৰিষ্কাৰ কৰি কলেষ্টৰেল নিয়ন্ত্ৰণত সহায় কৰে। উচ্চ ৰক্তচাপ, হাৰ্টৰ ৰোগীৰ বাবে চেনিৰ সলনি গুড় খোৱাটো লাভজনক।
* পুৰণিকালত ধোৱা আৰু ধূলিৰ পৰিৱেশত কাম কৰা কাৰখানাৰ শ্ৰমিকসকলক দিনটোৰ কামৰ অন্তত এডোখৰকৈ গুড় খাব দিয়া হৈছিল আৰু পূজা,বিহুৰ বোনাছ হিচাপেও গুড় দিয়াৰ কথা শুনা যায়।

* আমাৰ অসমত অতীজৰে পৰা ফাকুৱা বা দৌল উৎসৱত গুড় আৰু চাউলৰ গুড়িৰ লাৰু বনাই খোৱাৰ পৰম্পৰা আছে আৰু যিটো সেই সময়ৰ বতৰৰ বাবে অত্যন্ত অনুকূল, কাৰণ ফাগুন মাহ মানেই ধূলি আৰু বতাহেৰে প্ৰদূষিত পৰিৱেশ।
*অতি আশ্বৰ্যকৰ কথাটো হল গুড়ত যিবোৰ ভিটামিন আৰু খনিজ বস্তু থাকে, সেই প্ৰায় আটাইবোৰেই চাউলৰ গুড়িতো থাকে। এই হিচাপত দুয়োটাৰ মিশ্ৰণ অতি স্বাস্থ্যসন্মত।
*আয়ুৰ্বেদ মতে, গুড় আৰু গাখীৰ বিৰুদ্ধ খাদ্য। গতিকে, গুড় আৰু গাখীৰ একেলগে খোৱা ভাল নহয়।
* খাটি গুড় কেনেকৈ চিনিব পাৰি খাটি গুড় দেখাত তামবৰণীয়া বা চকলেট বৰণৰ হয়। দেখাত অলপ অপৰিষ্কাৰ যেন লাগে। খাটি গুড় অলপ টান হয় আৰু বহুদিন ৰাখি থলেও সহজতে গলি নাযায়। আনহাতে কেমিকেল মিহলোৱা গুড় দেখাত পৰিষ্কাৰ হয়, অলপ পাতলীয়া বৰণৰ হয় আৰু সহজে গলি যায়। গতিকে, বজাৰত গুড় কিনোতে সদায় কথাখিনি গুৰুত্ব দিব।
লেখক :- হেমন্ত গোস্বামী