Home Blog Page 1370

নগাঁৱৰ পাচতি ভাওনাই সন্মোহিত কৰিলে অজস্ৰ দৰ্শকক…

পূৰ্বৰ দৰে এইবাৰো যোৱা ১১ ছেপ্টেম্বৰত নগাঁও চহৰৰ আমোলাপট্টি নামঘৰত এখনি পাচতি ভাওনা অনুষ্ঠিত হয়। বিশিষ্ট নাট্যশিল্পী, লেখিকা তথা অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী গুণদা গোস্বামীয়ে নাট্যৰূপ আৰু পৰিচালনা কৰা ভাওনাখনিত একুৰিৰো অধিক মহিলা শিল্পীয়ে অভিনয় কৰে। অজস্ৰ দৰ্শকৰ উপস্থিতিত অনুষ্ঠিত এই ভাওনাৰ সূত্ৰধাৰ আছিল ছায়া শৰ্মা। ভাওনাখনিত নন্দৰজাৰ চৰিত্ৰত নিৰ্মালী‌ দেৱী, গৰ্গ ঋষিৰ চৰিত্ৰত সুপ্ৰভা দেৱী, পুতনাৰ ৰূপত ৰাণী শৰ্মা, মোহিনীৰ চৰিত্ৰত কণমানি দেইজী গোস্বামী,


যশোদাৰ চৰিত্ৰত অমৃতা শৰ্মা, ৰোহিনীৰ চৰিত্ৰত ৰাণী শৰ্মা, শিশু কৃষ্ণৰ চৰিত্ৰত ৰ’দ শৰ্মা, ৰং শৰ্মা, বলোভদ্ৰৰ চৰিত্ৰত শিশু অথৰ্ব বেজবৰুৱা, গোৱালীৰ চৰিত্ৰত অনিমা ভট্টাচাৰ্য, ইৰা ভট্টাচাৰ্য আদিয়ে সুন্দৰ অভিনয়েৰে সকলোকে আপ্লুত কৰে। জ্যেষ্ঠা নামতি অম্বিকা গোস্বামীৰ অনুপস্থিতিত মীৰা শৰ্মাই পাচতি নাম ধৰে আৰু আৰতি শৰ্মা, লুকু ভট্টাচাৰ্য, লাৱণ্য বেজবৰুৱা, নিৰু দেৱী, ৰুণু দেৱী, কমলেশ্বৰী শৰ্মা, তিলোত্তমা বৰঠাকুৰ লগতে আন কেইবাগৰাকীয়ে সহযোগ কৰে।

সংগীতত অংশগ্ৰহণকাৰী সকল হ’ল– গুণদা গোস্বামী, মঞ্জু বৰঠাকুৰ, ইৰা বৰঠাকুৰ আৰু সবিতা ভট্টাচাৰ্য্য। বাদ্যত সংগত কৰে টিকেন শৰ্মাই। গোৱালী সবৰ নৃত্যত অংশগ্ৰহণ কৰে সমাজৰ একাংশ মহিলাই। পাচতি ভাওনাখনিৰ অন্তত দীপা কটকী, মাখনি কটকী, গোপিনী সমাজৰ সভানেত্ৰী বীণা শৰ্মা, অম্বি শৰ্মা আদিয়ে শিল্পী সকলক উৎসাহিত কৰে।

কামৰূপ মহানগৰ জিলাত পোষণ মাহৰ শুভাৰম্ভ ! জিলাখনত অব্যাহত মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা কাৰ্যসূচী…

কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি মহিলা আৰু শিশু বিকাশ বিভাগৰ উদ্যোগত আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ সহযোগত ‘ষষ্ঠ ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৩’ৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ সমাজ কল্যাণ বিষয়া সন্তোষ কুটুমে আদৰণি ভাষণ দিয়ে। পোষণ অভিযানৰ জিলা সমন্বয়ক সুমন বৰগোহাইয়ে ৰাষ্ট্ৰীয় পোষণ মাহৰ মূল উদ্দেশ্যসমূহ যেনে- কেৱল মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতা, মিলেটৰ পৰিপুষ্টি সম্পৰ্কে সজাগতা, মিছন লাইফৰ জৰিয়তে পৰিপুষ্টিৰ উন্নীতকৰণ,

মেৰী মাটি মেৰা দেশৰ ৰূপায়ন, ৰক্তহীনতা চিনাক্তকৰণ শিবিৰৰ আয়োজন ইত্যাদিৰ বৰ্ণনা কৰাৰ লগতে এই কাৰ্যসূচীসমূহ কাৰ্য্যক্ষেত্ৰত ৰূপায়ন কৰাৰ ক্ষেত্ৰত বিভিন্ন বিভাগৰ দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে৷ উল্লেখ্য যে, পোষণ মাহৰ জিলা পৰ্যায়ৰ আনুষ্ঠানিক শুভাৰম্ভণি আজি হ’লেও মাতৃ দুগ্ধ পান আৰু পৰিপূৰক আহাৰৰ সজাগতাকে ধৰি কেবাটাও কাৰ্যসূচী কামৰূপ মহানগৰ জিলাত অব্যাহত আছে ৷

আজিৰ অনুষ্ঠানত মহিলা আৰু শিশু বিকাশ বিভাগৰ উপ- সঞ্চালক দেৱজিৎ বৰা, জিলা পৰিষদ, স্বাস্থ্য বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, বন বিভাগ আদিৰ জিলা পৰ্য্যায়ৰ উচ্চ পদস্থ বিষয়া, মহিলা আৰু শিশু বিকাশ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ বিভিন্ন স্তৰৰ বিষয়া- কৰ্মচাৰী উপস্থিত থাকে৷ অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী‌‌য়ে সকলো বিভাগকে পোষণ মাহৰ কাৰ্য্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়৷ অনুষ্ঠানৰ শেষত কেবাগৰাকী অংগনবাড়ী কৰ্মী-সহায়িকা আৰু ছুপাৰভাইজৰে পুষ্টিকৰ খাদ্যসম্ভাৰ উপস্থাপন কৰে

জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ…

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ

গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি বুদি হাবুঙে শপত গ্ৰহণ কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নং আদালত কক্ষত মাননীয় মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই বুদি হাবুঙক

অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত বাক্য পাঠ কৰোৱায়।

যোৰহাট জিলাৰ বসন্ত চিৰিং ফুকনে লাভ কৰিলে “Progressive Mushroom Grower Award “…

২০০১ চনত যুৱকজনে প্ৰথমে অয়ষ্টাৰ কাঠফুলা (Oyster Mushroom)ৰ খেতি কৰি প্ৰতিদিনে ৫০-৬০ কিলোগ্ৰাম উৎপাদন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত অৰ্থাৎ ২০০৪ চনত তেওঁৰ ঘৰুৱা প্ৰয়োজনৰ বাবে কাঠফুলাৰ বীজ উৎপাদন কৰে। যুৱকজনৰ এই যাত্ৰাই পিছলৈ থমকি ৰ’বলগীয়া হোৱা নাই। সম্প্ৰতি বাণিজ্যিকভাৱে কাঠফুলাৰ বীজ উৎপাদন কৰি তেওঁ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে যোৰহাট জিলাৰ শ্ৰী বসন্ত চিৰিং ফুকন।

কাঠফুলাৰ খেতিত উল্লেখনীয় বৰঙণি আগবঢ়োৱাৰ স্বীকৃতি স্বৰূপে তেওঁক ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অধীনস্থ কাঠফুলা গৱেষণা সঞ্চালকালয়ৰপৰা “Progressive Mushroom Grower Award ” লাভ । যোৱা ১০ ছেপ্টেম্বৰত হিমাচলপ্ৰদেশৰ ছলানত অনুষ্ঠিত ২৬ সংখ্যক ৰাষ্ট্ৰীয় কাঠফুলা মেলাত শ্ৰী ফুকনে এই বঁটা গ্ৰহণ কৰিছে।

বাণিজ্যিকভাৱে কাঠফুলাৰ খেতিৰ প্ৰতি আগ্ৰহী কৰি তোলাত নতুন নতুন পদক্ষেপ গ্ৰহণ কৰি অসমৰ যুৱক-যুৱতীসকলক স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰাত শ্ৰী ফুকনে অধিক উদ্যমেৰে সহযোগিতা আগবঢ়াব বুলি আশা আৰু নিবনুৱা যুৱক-যুৱতীসকলেও শ্ৰী ফুকনৰ এই সফলতাক অনুকৰণ কৰি আগবাঢ়ি আহিব বুলি আশা অতুল বৰাৰ।

ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ পত্নীলৈ প্ৰধানমন্ত্ৰীৰ উপহাৰ ! কদম কাঠৰ বাকচত অসমৰ গলবস্ত্ৰ…

অসমৰ গলবস্ত্ৰ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ অসমত বোৱা পৰম্পৰাগত বস্ত্ৰ বিশেষ। নিপুণ শিপিনীসকলে মুগা ছিল্ক ব্যৱহাৰেৰে এয়া প্ৰস্তুত কৰি উলিয়াইছে। এই বস্ত্ৰ চকুত লগা ডিজাইন আৰু আৰ্হিৰ বাবে জনাজাত। অঞ্চলটোৰ প্ৰাকৃতিক পৰিবেশৰ অনুপ্ৰেৰণাৰে, বিশেষকৈ উদ্ভিদকুল আৰু প্ৰাণীকুলৰ উপাদানসমূহ প্ৰদৰ্শন কৰি এয়া প্ৰস্তুত কৰা হয়।

অসমৰ এই গলবস্ত্ৰ কেৱল পোছাক-পৰিচ্ছদেই নহয়; বৰঞ্চ ই অসমৰ বৰ্ণাঢ্য সাংস্কৃতিক ঐতিহ্য আৰু ইয়াৰ জনসাধাৰণৰ বয়ন শিল্পৰ পৰম্পৰাক মূৰ্ত কৰি তোলে।
অসমৰ গলবস্ত্ৰ মাথো বয়নতে সীমাবদ্ধ নহয়, বৰঞ্চ ই গৰিমামণ্ডিত সাংস্কৃতিক ঐতিহ্য আৰু শৈল্পিক পৰম্পৰাক উদ্ভাসিত কৰি তোলে।


এই গলবস্ত্ৰ এটা কদম কাঠৰ বাকচত ভৰাই প্ৰদান কৰা হৈছে। ভাৰতীয় সংস্কৃতিত কদম (Burflower tree) কাঠক পৱিত্ৰ উপাদান হিচাপে গণ্য কৰা হয় আৰু ভাৰতীয় ধৰ্ম তথা পৌৰাণিক কাহিনীসমূহত ইয়াৰ উল্লেখ আছে। কৰ্ণাটকৰ শিল্পীসকলে হাতেৰে এই বাকচ গঢ়ি উলিয়াইছে।

জনজাতিকৰণৰ দাবীত গুৱাহাটীৰ চচলত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট…

অসমৰ আদিম অধিবাসী ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ অন্যতম যুৱ-ছাত্ৰ সংগঠন সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাই জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ শৈক্ষিক, সামাজিক,অৰ্থনৈতিক,সংস্কৃতি,ক্ৰীড়াৰ উন্ময়নৰ লগতে জনজাতিকৰণ প্ৰদানৰ সম্পৰ্কটো নিৰবিচ্ছিন্নভাৱে সংগ্ৰাম অব্যাহত ৰাখিছে।উল্লেখিত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ লগত বিগত বছৰত সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত কেইবালানিও আলোচনা অনুষ্ঠিত কৰা হৈছে।

পৰিতাপৰ বিষয় দাবীসমূহ সমাধানৰ ক্ষেত্ৰত আলোচনাত পোৱা আশ্বাস সমূহ কেৱল মাত্ৰ আলোচনাৰ মাজতে আৱদ্ধ হৈ থকাত জনগোষ্ঠীটোৰ ৰাইজ অতিষ্ঠ হৈ পৰিছে বুলি মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক উজ্জ্বল বৰুৱাই উল্লেখ কৰে। সেয়েহে আজি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত শতাধিক ৰাইজৰ উপস্থিতিত গুৱাহাটীৰ চচলত মটক জনগোষ্ঠীক অতিশীঘ্ৰে জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত কৰা, ৰজাদিনীয়া ঐতিহাসিক কীৰ্তি চিহ্নসমূহ বেদখল মুক্ত কৰি সংৰক্ষণ আৰু সৌন্দৰ্যবদ্ধনৰ ব্যৱস্থা কৰা,
মটক জনগোষ্ঠীক অতিশীঘ্ৰে পূৰ্ণ স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰা,
মটক স্বায়ত্ত শাসিত পৰিষদক পৰ্যাপ্ত পুজি আৱণ্টন দিয়ক আৰু বিভিন্ন নিকায়-নিগমত মটক জনগোষ্ঠীৰ যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদ কাৰীয়ে কেন্দ্ৰীয় চৰকাৰ হায় হায়,অসম চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ন’ এছটি ন’ৰেষ্ট, ইত্যাদি শ্ল’গানেৰে গুৱাহাটীৰ আকাশ-বঁতাহ কপাই তোলে।
প্ৰতিবাদ স্থলিত মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা উদয় শংকৰ মহন, সভাপতি সত্য গোঁহাই,সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা,সহ সম্পাদক অনন্ত বৰুৱা আৰু দিগন্ত দত্ত,মুখ্য সাংগঠনিক সম্পাদক উপেন সেনাপতি,তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি,মটক ছাত্ৰ সন্থাৰ সভাপতি সঞ্জয় হাজৰিকা,সম্পাদক সুলভ জ্যোতি শইকীয়া উপস্থিত থাকে।কাৰ্যসূচীৰ অন্তত মাননীয় অসমৰ মুখ্য মন্ত্ৰীলৈ দাবীসম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

পাকিস্তান অধিকৃত কাশ্মীৰ স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ’বঃ কেন্দ্ৰীয় মন্ত্ৰী ভি কে সিঙৰ মন্তব্য

পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী অৱসৰপ্ৰাপ্ত জেনেৰেল ভি কে সিঙে সোমবাৰে কয় যে কিছু দিনৰ পিছত পাকিস্তান অধিকৃত কাশ্মীৰ (পিঅ’কে) স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ’ব।কিঙে কয় “কিছু দিন ৰৈ থাকক, পিঅ’কে স্বয়ংক্ৰিয়ভাৱে ভাৰতৰ সৈতে একত্ৰিত হ’ব,” । ৰাজস্থানৰ দৌচাত সিঙে এই মন্তব্য কৰে। পিঅ’কেৰ চিয়া মুছলমানসকলে ভাৰতলৈ অহাৰ পথ কেতিয়া প্ৰশস্ত হ’ব তাকেলৈ সোধা এক প্ৰশ্নৰ উত্তৰত সাঙে তেনেদৰে কয়। জি-২০ৰ সফলতা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়: “জি-২০ অনুষ্ঠান সফল হৈছে৷ এনে ধৰণৰ সংগঠিত অনুষ্ঠান আগতে কেতিয়াও হোৱা নাছিল। দেশৰ ৬০ খন চহৰত প্ৰায় ২০০ খন সভাৰ আয়োজন কৰা হৈছিল।” তেওঁ কয় যে আন দেশসমূহেও এনে এক সফল অনুষ্ঠান আয়োজন কৰাৰ বাবে ভাৰতক প্ৰশংসা কৰিছে।সিঙে কয় ” ভাৰতে সমষ্টিগতভাৱে এটা ডাঙৰ বিজয় অৰ্জন কৰিছে ,সন্মিলনত ইস্তাহাৰ জাৰি কৰা হৈছে। ইউক্ৰেইনকে ধৰি বহুতো বিষয়ত বিশ্ব বিভক্ত আছিল, কিন্তু প্ৰধানমন্ত্ৰী মোডীৰ জ্ঞানেৰে আমি সকলোৱে একেলগে এটা উপায় বিচাৰি পাইছো , যি বিষয়ত কোনো দেশৰ কোনো আপত্তি নাই,”।

দৌচাত বিজেপিৰ পৰিৱৰ্তন সংকল্প যাত্ৰাত এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এনেদৰে কয়৷ তেওঁ কয় যে জৈৱ ইন্ধন মিত্ৰজোঁট গঠন আৰু ভাৰতৰ পৰা ইউৰোপলৈ কৰিডৰ নিৰ্মাণে ভাৰতৰ অৰ্থনৈতিক প্ৰগতিৰ পথ প্ৰশস্ত কৰিব৷ তেওঁ কয়, “কংগ্ৰেছ নেতা শশী থাৰুৰেও জি-২০ৰ যুটীয়া ঘোষণাক আদৰণি জনাইছে।” ৰাজ্যখনত বিজেপিৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী হোৱা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে য’তেই নিৰ্বাচন অনুষ্ঠিত হয়, বিজেপিয়ে কেতিয়াও মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী ঘোষণা নকৰে। তেওঁ কয় ” সকলোৱে ধৰি লোৱা উচিত যে দলটোৱে এনে নেতাসকলক সুযোগ দিব যিসকল ভাল, উপযোগী আৰু যাৰ ওপৰত ৰাইজৰ আস্থা আছে,”।

মহাৰাষ্ট্ৰত ৪০ মহলীয়া অট্টালিকাৰ পৰা খহি পৰিল লিফ্ট, ৭ জনৰ মৃত্যু…

এক শোকাৱহ ঘটনা ঘটিছে মহাৰাষ্ট্ৰত। ৰাজ্য খনৰ থানে চহৰত এটা ৪০ মহলীয়া অট্টালিকাৰ পৰা লিফ্ট খহি পৰাৰ ফলত ৭ জন লোক নিহত হৈছে। নিহতসকলৰ আটাইকেইজনেই শ্ৰমিক বুলি জানিব পৰা গৈছে। ঘটনাটো থানে চহৰৰ বালকুম অঞ্চলৰ ৰণৱাল কমপ্লেক্স নামৰ বহুমহলীয়া অট্টালিকাটোত সংঘটিত হৈছে। মৃতসকলক হৈছে মহেন্দ্ৰ চৌপাল (৩২), ৰূপেশ কুমাৰ দাস (২১), হাৰুণ শ্বেখ (৪৭), মিথিলেশ (৩৫), কৰিদাস (৩৮) আৰু সুনীল কুমাৰ দাস (২১) । মৃতসকলৰ ভিতৰত ছয়জনক চিনাক্ত কৰা হৈছে, কিন্তু এই প্ৰতিবেদন প্ৰকাশৰ সময়ত এজনৰ পৰিচয় জনা হোৱা নাই। আৰক্ষীয়ে জনোৱা অনুসৰি লিফনটৰ তাঁৰ চিঙি গৈছিল গৈছিল আৰু লিফ্টটোৱে তলৰ বেচমেণ্টত আহি প্ৰচণ্ড জোৰেৰোে খুন্দা মাৰিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোৰ সময়ত লিফ্টৰ ভিতৰত সাতজন লোক আছিল আৰু সাতজনৰেই মৃত্যু ঘটে। ঘটনাস্থলীত উপস্থিত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয় বুলিও জানিব পৰা গৈছে।


আৰক্ষীয়ে জনোৱা অনুসৰি, সেই সময়ত বহুমহলীয়া ভৱনটোৰ চালৰ ‘ৱাটাৰপ্ৰুফিং’ৰ কাম চলি আছিল। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনাভিছে ঘটনাটোত দুখ প্ৰকাশ কৰিছে। এক্স হেণ্ডেলত দুখ প্ৰকাশ কৰি ফাডনাভিছে লিখিছে, “থানেৰ এই দুৰ্ঘটনা অতি ভয়ংকৰ। প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো। এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা লোকসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ” দুৰ্ঘটনাটো কিদৰে সংঘটিত হ’বলৈ পালে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। দুৰ্ঘটনাটোৰ এক তদন্ত কৰা হ’ব বুলি জানিব পৰা গৈছে।

৮ বছৰত ৰাজ্যত নাৰীজনিত অপৰাধৰ সংখ্যা ২ লাখ ৯৮ হাজাৰ। গুৱাহাটীত ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনা ২,৬৭৭ টা…

নিৰাপত্তাহীনতাত ৰাজ্যৰ মহিলা যুৱতী। আজিৰে পৰা আৰম্ভ হোৱা শৰৎকালীন বিধানসভাৰ অধিবেশনত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এক প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনক জনায় যে ২০১৬ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ ৩০ আগষ্ট পৰ্যন্ত ৰাজ্যত ১৩,২১০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হয়। একেদৰে ১,৭৩,২১০ টা নাৰীজনিত ঘটনা, নাৰীজনিত অপহৰণ ৪০,১০৮ টা, যৌতুকৰ ঘটনা৭২,১৪৮ টা, আৰু ৭৬ টা ডাইনীৰ ঘটনা সংঘটিত মুঠ ২লাখ ৯৮হাজাৰ ৮৫৩ টা ঘটনা সংঘটিত হয়। আনহাতে চলিত বৰ্ষৰ ৮ মাহত ৰাজ্যখনত ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৬৩৯ টা, নাৰীজনিত অপৰাধৰ ঘটনা ৪,০৯৮ টা, নাৰীজনিত অপহৰণৰ ঘটনা ১,৪৫১ টা, যৌতুকৰ ঘটনা ৯০৪ টা আৰু ডাইনীৰ ঘটনা ২ টা সংঘটিত হয়।

ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে ৰাজ্যখনত চলিত বৰ্ষৰ ৮ মাহত হত্যাৰ ঘটনা সংঘটিত হয় ৬৪৩ টা, চুৰি ঘটনা ৬,৩৯৯টা, ডকাইতি ৪২ টা, লুন্ঠন ৪১৩ টা, আত্মহত্যা ১,৬৬৩ টা, যৌতুকৰ ৯০৪ টা, পৰপ্ৰেম জনিত ঘটনা ৮৪ টা আৰু ডাইনীৰ ঘটনা ২ টা সংঘটিত হয়। একেদৰে ৰাজধানী চহৰ গুৱাহাটীত চলিত বৰ্ষৰ ৩০ আগষ্টলৈ ৩০ টা ধৰ্ষণৰ ঘটনা, নাৰীজনিত অপৰাধ ৩৯০ টা, নাৰীজনিত হত্যা ১৭ টা, যৌতুকৰ ঘটনা ১ টা আৰু পৰপ্ৰেমজনিত ঘটনা ৪ টা মুঠ ৪৪২ টা ঘটনা সংঘটিত হয়। আনহাতে চুৰিৰ ঘটনা ১,৮৪৫ টা, ডকাইতি ৩ টা, লুন্ঠন ১৫৭ টা, আত্মহত্যা ২৩০ টা, যৌতুকৰ ঘটনা ১টা, সংঘটিত হয়। অৰ্থাত গুৱাহাটী মহানগৰীৰ ৮ মাহত সংঘটিত অপৰাধজনিত ঘটনাৰ সংখ্যা ২,৬৭৭ টা।

২৩ বছৰত বিদেশী চিনাক্ত ১লাখ ৩২ হাজাৰ। অসমত ডি ভোটাৰৰ সংখ্যা ৯৯,৯৪২…

বৰ্তমান ৰাজ্যখনত ৯৯,৯৪৭ গৰাকী ডি ভোটাৰ আছে। বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক প্ৰশ্নৰ উত্তৰত বিধানসভাত এই তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। ডঃ শৰ্মাই দাঙি ধৰা তথ্যমতে তেওঁৰ কাৰ্যকালত ১৬,১১২ টা ডি ভোটাৰৰ গোচৰ নিস্পত্তি কৰাৰ বিপৰীতে ৯৬,৪৫৭ টা গোচৰ নিস্পত্তি হবলৈ বাকী আছে। আনহাতে বিদেশী ন্যায়াধীকৰণে মুঠ ১৬,৭৫১ গৰাকীক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰে। আনহাতে ন্যায়াধীকৰণে ১৯২ গৰাকীক অভিযুক্ত বিদেশী হিচাপে চিনাক্ত কৰে।

চলিত বৰ্ষৰ ৩০ আগষ্টলৈ ডিটেনচন কেম্পত ১৫৪ গৰাকী পুৰুষ আৰু ৭০ গৰাকী মহিলাসহ মুঠ ২২৪ গৰাকী বিদেশী নাগৰিকক ৰখা হৈছে বুলি ডঃ শৰ্মাই সদনত অবগত কৰে। একেদৰে গোৱালপাৰাৰ ট্ৰেনজিত কেম্পটো চলিত বৰ্ষৰ ২৭ জানুৱাৰীত মুকলি কৰা বুলি ডঃ শৰ্মাই উল্লেখ কৰি কেম্পটোৰ নিৰ্মান ব্যয় ৩৫ লাখ ৪৩ হাজাৰ ৭৫০ টকা বুলি জানিবলৈ দিয়ে। আনহাতে চলিত বৰ্ষত ৩,৫২২ গৰাকীক বিদেশী নাগৰিক বুলি চিনাক্ত কৰে বিদেশী ন্যায়াধীকৰণে। চিনাক্ত কৰা বিদেশী নাগৰিকৰ ৩৫ গৰাকীক বহিস্কাৰ কৰা হয়। উল্লেখ্য যে বিদেশী ন্যায়াধীকৰণে ২০০১ বৰ্ষৰ পৰা ২০২৩ বৰ্ষৰ সময়চোৱাত মুঠ ১ লাখ ৩১ হাজাৰ ৬৪৯ গৰাকীক বিদেশী নাগৰিক হিচাপে চিনাক্ত কৰাৰ বিপৰীতে চৰকাৰে ৩,১০০ গৰাকী বিদেশী নাগৰিকক বহিস্কাৰ কৰিবলৈ সক্ষম হয়। একেদৰে এই সময়ছোৱাত ৮,৯০৬ গৰাকীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সদনত অবগত কৰে।