Home Blog Page 1368

এই ৫টা বস্তু ব্যৱহাৰে আপুনি ক্ষন্তেকতে ডেংগুৰ পৰা মুক্তি পাব…

ডেংগুৰ সমস্যা প্ৰায়ে দেখা যায়। ডেংগুৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল জ্বৰ। যিয়ে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে। গতিকে আপুনি কি কৰা উচিত জানেনে? ডেংগুৰ দৰে ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰতে এই ৫টা বস্তু ব্যৱহাৰ কৰি নিজকে ৰক্ষা কৰিব পাৰি। এই ৫টা বস্তু ব্যৱহাৰৰ বিষয়ে জানি লওক-


আমাৰ শৰীৰৰ বাবে হালধি অতি উপকাৰী। ইয়াত এন্টিঅক্সিডেন্ট পোৱা যায়। যিয়ে আমাৰ শৰীৰত উপস্থিত থকা ভাইৰাছবোৰক নিধন কৰাত সহায় কৰে আৰু ডেংগুৰ দৰে ৰোগ প্ৰতিৰোধ কৰে।

আদা আমাৰ সকলো ৰোগ নিৰাময়ত সহায় কৰে। জিঞ্জাৰল নামৰ এবিধ এন্টি-মাইক্ৰ’বিয়াল আৰু এন্টি-ইনফ্লেমেটৰী যৌগ আদাত পোৱা যায়। যিয়ে ডেংগুৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে

আমি পিজ্জা বা পাস্তাত অৰেগানো ব্যৱহাৰ কৰো, কিন্তু আপুনি জানেনে যে অৰেগানোৱে ডেংগুৰ সংক্ৰমণ নিৰাময়তো সহায় কৰে।

আমি খাদ্যত হালধি ব্যৱহাৰ কৰো। যি অতি শক্তিশালী ইমিউনিটি বুষ্টাৰ। যিয়ে আপোনাক সকলো ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব।

এই সমূহৰ উপৰিও ডাক্তৰৰ পৰামৰ্শ লোৱাতো জৰুৰী।

অসমৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ হ’ব! – আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জে পি সিং বুধবাৰে শিৱসাগৰত উপস্থিত হয়। ঐতিহাসিক জিলাখনত উপস্থিত হৈ সঞ্চালক প্ৰধান গৰাকীয়ে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

জানিব পৰা মতে আইন , শান্তি শৃংখলা ৰক্ষাৰ সন্দৰ্ভত এই আলোচনাত মিলিত হয় সঞ্চালক প্ৰধান গৰাকীয়ে।

ইফালে সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে,’ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ আৰক্ষী বিষয়া সকলৰ সৈতে আইন-শৃংখলাজনিত এক পৰ্যালোচনা কৰা হৈছে। শিৱসাগৰ আৰু চৰাইদেউ আৰক্ষীয়ে নিষ্ঠাসহকাৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি অহা দেখিছোঁ। বিগত ছটা মাহে দুয়োখন জিলাৰ আৰক্ষীয়ে আইন শৃংখলাজনিত দিশ বিলাকক সুক্ষ্ম ভাৱে পৰ্যবেক্ষণ কৰি গ্ৰহণ কৰা পদক্ষেপ সন্তোষজনক’।

ইয়াতকৈ আৰু অধিক উন্নত পৰ্যায়লৈ আইন-শৃংখলা দিশ বিলাকক লৈ যাবলৈ দুয়োখন জিলাৰ আৰক্ষীক পৰামৰ্শ আগবঢ়োৱা হৈছে বুলি সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়ে। সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে – সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰ বাবে আবেদন কৰা হৈছে। যদি চৰকাৰৰ ফালৰ পৰা অনুমোদন হয় তেতিয়াহলে অহা ১ অক্টোবৰৰ পৰা অসম আৰক্ষী আৰু চি আৰ পি এফ লগলাগি চলি থকা অপাৰেশ্যন সমূহ চম্ভালি ল’বলৈ সাজু। এই ক্ষেত্ৰত অসম আৰক্ষীয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বুলি মন্তব্য কৰে জি পি সিঙে।

আনহাতে শিৱসাগৰ জিলাখনৰ লগতে ৰাজ্যখনত প্ৰতিদিনে বৃদ্ধি পোৱা ড্ৰাগছ সৰবৰাহৰ সন্দৰ্ভত সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে, কেৱল শিৱসাগৰ জিলাখনেই নহয়, বৰঞ্চ সমগ্ৰ ৰাজ্যখনতেই পূৰ্বতকৈ বৰ্তমান ড্ৰাগছৰ বেহা বন্ধ হৈছে। পূৰ্বতকৈ অধিক ড্ৰাগছ বেপাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে। সীমান্তয়েদি ড্ৰাগছৰ সৰবৰাহ যি ধৰণে চলি আছিল ইয়াকো বন্ধ কৰিবলৈ আৰক্ষী সক্ষম হোৱাৰ লগতে ড্ৰাগছ সৰবৰাহৰ ওপৰতো নীৰিক্ষণ কৰি থকা হৈছে। ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিখন জিলাতে পূৰ্বতকৈও বহু বেছি অভিযান চলি আছে। অসমৰ ৭২ হেজাৰ আৰক্ষীয়ে নিষ্ঠাৰে দায়িত্ব পালন কৰি অহাৰ ফলশ্ৰুতিত অসমত অপৰাধৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস হৈ অহা বুলিও সঞ্চালক গৰাকীয়ে উল্লেখ কৰে।


আনহাতে কাৰাবন্ধী তথা নিলম্বীত উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জি পি সিঙে। তেওঁ কয় যে, শুভলক্ষ্মী দত্তৰ ক্ষেত্ৰত চাৰ্জশ্বীট দাখিল কৰা হ’ব। সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে আৰক্ষীয়ে শুভলক্ষ্মী দত্তক পলায়ন কৰিবলৈ সুযোগ দিয়া নাছিল। আৰক্ষীয়ে নিশাই এগৰাকী মহিলাক কৰায়ত্ত কৰাৰ ক্ষেত্ৰত অসুবিধা আছে। এই ক্ষেত্ৰত আদালতৰ কিছুমান নীতি নিৰ্দেশনা আছে, যাক আৰক্ষীয়ে মানি চলিবলগীয়া হয়। আনহাতে বিতৰ্কিত উপ আৰক্ষী অধীক্ষক শুভলক্ষ্মী দত্তক আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে লোৱা ভূমিকাৰ জি পি সিঙে প্ৰশংসা কৰে। কিন্তু সাংবাদিকে জানিব বিচৰাৰ পিছতো বজালী কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কোনো মতামত দিয়াৰ পৰা বিৰত থাকে।

জাতীয়তাবাদৰ বজ্ৰকণ্ঠ প্ৰণৱজিৎ চলিহাৰ দেহাৱসান; কাইলৈ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ’ব শেষকৃত্য

জাতীয়তাবাদৰ এক বজ্ৰকণ্ঠ, মাধ্যম আন্দোলন, ভাষা আন্দোলন আৰু ঐতিহাসিক অসম আন্দোলনৰ শীৰ্ষতম নেতা সিংহপুৰুষ প্ৰনৱজিৎ চলিহা ওৰফে ৰমু চলিহা আৰু নাই। বুধবাৰে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেশ কপোৱা তিনিটাকৈ গন আন্দোলনত সমুখৰ পৰা নেতৃত্ব দিয়া আপোচহীন প্ৰাক্তন ছাত্ৰ নেতা প্ৰনৱজিৎ চলিহা ওৰফে ৰমু চলিহাই ৭৩ বছৰত ইহলীলা সম্বৰণ কৰে।

উল্লেখ্য যে, বিগত এমাহ ধৰি হাওঁফাওঁৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা সংগ্ৰামী নেতাগৰাকীক যোৱা ১ ছেপ্টেম্বৰত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ নিয়া হৈছিল। যোৱা ১ ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত তেখেতে অসম চিকিৎসা মহাবিদ্যালয়ৰ আই চি ইউত মৃত্যুৰ সৈতে যুজ দি নিয়তিৰ হাতত হাৰ মানিলে।

চলিহাৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগেই তেখেতৰ সহধৰ্মিনী ৰাকাজ্যোতি চলিহা, বৰজী কাৰ্বি চলিহা আৰু পুত্ৰ শৃংখল চলিহা কান্দোনত ভাগি পৰে। চলিহাৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছত অসম চিকিৎসা মহাবিদ্যালয়ত অগনন গুণমুগ্ধৰ সমাগম হয়।

জাতীয় স‌্বাৰ্থ বিঘ্নিত হোৱা দেখিলেই সিংহৰ দৰে গৰজি উঠা এইগৰাকী আপোচহীন সংগ্ৰামী নেতাই বিভিন্ন আন্দোলনত শক্তিশালী ৰূপত জপিয়াই পৰি দেশৰ বিভিন্ন কাৰাগাৰত ১২৭ বাৰকৈ সুদীৰ্ঘ সময় বন্দীত্বৰ জীৱন কটাইছিল। পৰৱৰ্তী সময়ত তেখেতে নিজাববীয়াকৈ “জাতীয় ঐক্য মঞ্চ” গঠন কৰি দুবাৰকৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিৱসাগৰ বিধান সভা সমস্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল।

তৃতীয়বাৰৰ বাবে চলিহাই অ গ প দলৰ পৰা এই সমস্টিত প্ৰতিদ্বন্দিতা কৰি কংগ্ৰেছ প্ৰাৰ্থী প্ৰনৱ গগৈৰ হাতত পৰাজিত হবলগাত পৰিছিল। আজি মৃত্যুবৰণ কৰা প্ৰনৱজিৎ চলিহাৰ নশ্বৰ দেহ ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ নগৰৰ ফুকন নগৰৰ বাসভৱনলৈ অনা হয়। জনপ্ৰিয় জাতীয়তাবাদী নেতা গৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগেই অগনন গুণমুগ্ধ, বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল আৰু সংগঠনৰ নেতৃবৰ্গ চলিহাৰ বাসভৱনত উপস্থিত হৈ সংগ্ৰামী জননেতা গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

অসমীয়া জাতীয়তাবাদৰ এক ট্ৰেজিক চৰিত্ৰ প্ৰনৱজিৎ চলিহা ৰমু চলিহা নামেৰে সকলোৰে মাজত জনপ্ৰিয় আছিল। অসহায় জনৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে প্ৰাচীৰৰ দৰে হাজাৰজনৰ মুখত হাহি বিৰিঙাবলৈ সক্ষম হোৱা প্ৰনৱজিৎ চলিহাৰ দৰে আপোচহীন দুৰ্জেয় সাহসী যোদ্ধাক ২০২৩ বৰ্ষৰ ২৬ জানুৱাৰীত উজনি অসম মুছলিম কল্যাণ পৰিষদে প্ৰদান কৰিছিল “সিংহপুৰুষ” উপাধি। ৰমু চলিহাৰ গৰ্জনত অসমীয়া জাতিক অপমান কৰা বনিয়া বহিৰাগত গোস্ঠীৰ বুকুৰ কপনি উঠিছিল।

এই গৰাকী ছাত্ৰ নেতাই ৭০ দশকত শিৱসাগৰ ভ্ৰমণলৈ অহা কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীক বৰ্ডিং খেলপথাৰত ভাষণ দি থকা অৱস্থাত মাইক্ৰফন দলিয়াই অদম্য সাহসৰ পৰিচয় দিছিল। জাতিৰ বাবে সৰ্বচ্ছ ত্যাগ কৰিব পৰা এই গৰাকী প্ৰাক্তন ছাত্ৰ নেতাই ১৯৭৮ চনত শিৱসাগৰত অনুষ্ঠিত হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ অধিবেশনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। আনকি ভৃগু কুমাৰ ফুকনক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত কৰাত অগ্ৰণী ভূমিকা লৈছিল এইগৰাকী ৰমু চলিহাই।

যোৱা ১০ ছেপ্টেম্বৰত চলিহাৰ স্বাস্থ্যৰ খবৰ লবলৈ যোৱা অসম আন্দোলনৰ আগশাৰীৰ নেতা অধিবক্তা নেকিবুৰ জামানক আই চি ইউত দেখি কিছু সময় চকু মেলি চাই” নেকিব ত্ই আহিলি” বুলি কোৱা কথাষাৰেই আছিল তেখেতৰ কন্ঠৰ শেষ বাক্য। তাৰ পাছতেই চলিহাৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। ৰমু চলিহা নামৰ সাহসী যোদ্ধাজনে ৭০-৮০ দশকত সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ নিৰ্দ্ৰাহৰন কৰাৰ উপৰিও ৯০ দশকত অসমত সমান্তৰাল চৰকাৰ চলোৱা আলফাৰ দৰে সংগঠনৰ কিছু আদৰ্শ গত অমিল আৰু মতানৈক্য হোৱাৰ বাবে সশস্ত্ৰ সংগঠন আলফকো মুকলি প্ৰত্যাহ্বান জনাইছিল।

আলফাই মৃত্যুৰ ভাবুকি দিয়াৰ পাছতো মৃত্যুলৈ তিলমাত্ৰ্ও ভয় নকৰি ” মৃত্যুৰ আগদিনালৈকে অসমীয়া সৈনিকৰ পোচাক পিন্ধিয়েই মৰিম” বুলি আলফাক পুনৰ প্ৰত্যাহ্বান জনোৱা প্ৰনৱজিৎ চলিহাৰ সৈতে পৰৱৰ্তী সময়ত আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই বুজাবুজি কৰিবলৈ বাধ্য হৈছিল। প্ৰখ্যাত চলিহা পৰিয়ালৰ বংশধৰ বিদ্যাধৰ চলিহা আৰু পুতলা চলিহাৰ দ্বিতীয় পুত্ৰ প্ৰনৱজিৎ চলিহাই নগাঁওৰ নুৰুদ্দিন মুক্তাৱ মাদ্ৰাছাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল।

শ্বিলঙৰ ডনবস্কত কিছুদিন শিক্ষা গ্ৰহণ কৰাৰ পাছত শিৱসাগৰলৈ আহি বেজবৰুৱা হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। শিৱসাগৰ কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ সমান্তৰাল ভাৱে প্ৰনৱজিৎ চলিহাই ৰাজ্যৰ ক্ৰীড়া জগতলৈ উল্লেখনীয় অৱদান আগবঢ়াবলৈ সক্ষম হৈছিল। দিখৌপৰীয়া ক্লাবৰ হৈ ভলীবল আৰু টাউন ক্লাবৰ হৈ ফুটবল খেলত অংশগ্ৰহণ কৰা ৰমু চলিহাই পৰৱৰ্তী সময়ত ভলীবল আৰু ফুটবলত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় খেলুৱৈৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল যদিও দীৰ্ঘ দিন তেখেত ক্ৰীড়া পেঞ্চনৰ পৰা বঞ্চিত হৈ আছিল।

ক্ৰীড়া জগতত পাৰদৰ্শিতা অৰ্জন কৰা প্ৰনৱজিৎ চলিহাৰ নেতৃত্বতে নগৰৰ টেঙানী বিলত গঢ়ি উঠিছিল পিয়লি ফুকন ষ্টেডিয়াম। আজি চলিহাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মশ্রী ইমৰান শ্বাহে। বিশিষ্ট সাহিত্যিক গৰাকীয়ে চলিহা অসমীয়াৰ স্বাভিমানৰ এক প্রতীক আছিল বুলি উল্লেখ কৰে। বিশিষ্ট ক্ৰীড়া সংগঠক ৰমু চলিহাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অৰ্জুন ভোগেশ্বৰ বৰুৱাই। আজি মৃত্যুৰ খবৰ লাভ কৰিয়ে চলিহাৰ অন্তৰংগ বন্ধু, অ গ প আমোলৰ প্ৰথমখন চৰকাৰৰ শ্ৰম মন্ত্ৰী বাৰ্কী প্ৰসাদ তেলেংগাই চলিহাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। চলিহা অত্যন্ত সাহসী আছিল বুলি অভিহিত কৰি তেলেংগাই শোক সন্তপ্ত পৰিয়ালৰ দুখৰ সমভাগী হৈছে।

চলিহাৰ নশ্বৰদেহ ফুকন নগৰস্থিত বাসগৃহলৈ অনাৰ পাছতে অগনণ লোকে অসমীয়াৰ গৌৰৱ নেতাগৰাকীৰ অন্তিম স্মৃতি পাবৰ বাবে সমাগম কৰে।আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ,চিপিআই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈ,শিৱসাগৰ ক্ৰীড়া সন্থাৰ পোনাৰাম মিলি,অসম উন্নতি সভাৰ সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধক্ষ্য ড০ সৌমাৰজ্যোতি মহন্ত,সাংস্কৃতিক মহাসভাৰ ত্ৰৈলোক্য দত্ত, শিৱসাগৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা গড়গাঁও কলেজৰ অধ্যক্ষ ড০ সৱ্যসাচী মহন্ত,সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক সমীৰণ ফুকন, শিৱসাগৰ জিলা সাংবাদিক সংস্থা, শিৱসাগৰ প্ৰেছ ক্লাৱ, লক্ষ্য, সামাজিক অনুষ্ঠান খোজ,শিৱসাগৰ নাট্য সমাজ,শিৱসাগৰৰ সমূহ ব্যৱসায়ী সংস্থা,শিৱসাগৰ জিলা ছাত্র সন্থা, আটাছু,শিৱসাগৰ ই-মিডিয়া সংস্থা, উজনি অসম মুছলিম কল্যাণ পৰিষদ,বীৰ লাচিত সেনা,অসমীয়া যুৱ মঞ্চ, শিৱসাগৰ জিলা কৰ্মচাৰী পৰিষদ,ঐক্য সেনা অসম,কেন্দ্ৰীয় বাপ্টিষ্ট মণ্ডলী শিৱসাগৰ, সংগ্ৰামী সেনা,বাৰ্তাজীৱি সংঘ,জিলা সাহিত্য সভা,সহপাঠী ৯০,সোণালী দিনৰ সোঁৱৰণ ৯৩,অসম ক্ৰীড়া সন্থাৰ প্ৰাক্তন সম্পাদক বিকাশ বৰুৱা আদিকে কৰি বহু দল-সংগঠন-অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি আগবঢ়াই।আনহাতে কাইলৈ পুৱা ৯ বজাত ফুকন নগৰৰ বাসগৃহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতে স্থানীয় ফুকন নগৰ শ্মশাসনত প্ৰয়াত প্ৰণৱজিৎ চলিহাৰ অন্তিম সংস্কাৰ সম্পন্ন হ’ব।

উল্লেখযোগ্য যে অসম-অসমীয়াৰ গৌৰৱ প্ৰণৱজিৎ চলিহা ওৰফে ৰমুৰ মৃত্যুত শিৱসাগৰৰ সমূহ ব্যৱসায়ী সংস্থাই পুৱা ৯ বজাৰ পৰা ১২ বজালৈ তিনি ঘণ্টাৰ বাবে শিৱসাগৰ নগৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰাষ্ট্ৰীয় ঘাইপথত মালবাহী ট্ৰাকে একে লগে মহটিয়াই নিলে ৪ যুৱকক

গোসাঁইগাঁৱৰ গুৰুফেলত ভয়ংকৰ দুৰ্ঘটনা।

ৰাষ্ট্ৰীয় ঘাইপথত একে লগে মহটিয়াই নিলে ৪ যুৱকক।

মালবাহী ট্ৰাকে মহটিয়াই নিলে চাৰিজনক। ৩১ নম্বৰ(গ)ৰাষ্ট্ৰীয় ঘাইপথৰ গুৰুফেলাত এই দুৰ্ঘটনা।

যুৱককেইজনে পূৰ্বৰ দৰে বুধবাৰেও আৰক্ষীৰ চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা সময়ত এই ঘটনা ঘটে।

ৰাষ্ট্ৰীয় পথত দৌৰি থকা সময়ত তীব্ৰ বেগত অহা এখন মালবাহী ট্ৰাক মহটিয়াই নিয়াত যুৱক কেইজন গুৰুতৰভাৱে আহত হয়।

চাৰিওজনৰ অৱস্থা সংকটজনক। বহু সময় ধৰি পৰি আছিল ৰাষ্ট্ৰীয় ঘাইপথত।

যুৱক কেইজন ক্ৰমে, সাধু ৰায়, মহেশ্বৰ ৰায় আৰু ৰাকেশ ৰায়,হ্ৰিদয় ৰায় বুলি জানিব পৰা গৈছে।

ভুৱা তথ্য প্ৰচাৰ কৰি আৰক্ষীৰ ৰোষত পৰিল সুধীৰ চৌধুৰী…

ভুৱা তথ্য প্ৰচাৰ কৰি আৰক্ষীৰ ৰোষত পৰিল সুধীৰ চৌধুৰী।

কৰ্ণাটক চৰকাৰৰ ‘সাৰথি’ আঁচনি সন্দৰ্ভত ভুৱা তথ্য প্ৰচাৰ কৰাৰ বাবে সুধীৰ

চৌধুৰীৰ বিৰুদ্ধে কৰ্ণাটক চৰকাৰে দাখিল কৰে এজাহাৰ।

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদাৰ দেহাৱসান…

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিৎ চলিহা ওৰফে ৰমুদা আৰু নাই।

৭৩ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্ৰণৱজিৎ চলিহাৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান প্ৰণৱজিৎ চলিহাৰ।

হাওঁফাওঁ জনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত দেহাৱসান প্ৰণৱজিৎ চলিহাৰ। বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পিতৃ ৰমু চলিহা।

লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন শিক্ষা সংসদৰ…

লখিমপুৰৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষক নিলম্বন।

অধ্যক্ষ ড০ অমূল্য কুমাৰ হাজৰিকাক নিলম্বন অসম উচ্চ শিক্ষা সংসদৰ। অধ্যক্ষগৰাকীৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ অভিযোগ।

কম্পিউটাৰৰ তথ্য চুৰি, মহিলা শিক্ষয়িত্ৰী-কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ অভিযোগ।

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী দিলীপ তামূলী লৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” ২০২৩ প্ৰদান…

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চিত্ৰশিল্পী শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱলৈ “ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” ২০২৩ প্ৰদান কৰা হয় । ভাৰতীয় দৃশ্য কলাৰ অৱদানৰ স্বীকৃতি স্বৰূপে মঙলবাৰে নতুন দিল্লীত উক্ত অনুষ্ঠানৰ মুখ্য অতিথিৰূপে কেৰেলাৰ মহামহিম ৰাজ্যপাল আৰিফ মহম্মদ খানে “৬ষ্ঠ-ৰাজা ৰবি বৰ্মা চিত্ৰকাৰ সন্মান” চিত্ৰাঞ্জলি – ২০২৩, সমাৰোহত উক্ত সন্মান প্ৰদান কৰে। ৰাষ্ট্ৰীয় ললিত কলা অকাডেমীৰ সহযোগত মেঘ মণ্ডল সংস্থাৰ উদ্যোগত আয়োজিত কৰা এই বঁটাটো যোৱা ইংৰাজী ২০২৩ চনৰ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ ১৫ জনপথৰ ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত অনুষ্ঠিত হয়।

উক্ত অনুষ্ঠানটোত চলিত বৰ্ষৰ সন্মানীয় শিল্পীসকলৰ উল্লেখযোগ্য অৱদানক উদযাপনৰ বাবে উৎসৰ্গিত কৰা হৈছে। উক্ত অনুষ্ঠানত ভাৰতীয় সংসদৰ সদস্য আৰু বিধানসভাৰ সদস্য এই অনুষ্ঠানৰ অতিথি হিচাপে উপস্থিত থাকে। লগতে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা আন ১৪ গৰাকী বিশিষ্ট শিল্পী, শিল্প সমালোচক আৰু সাংস্কৃতিক বিশেষজ্ঞৰ উপস্থিতত এই বঁটা প্ৰদান কৰা হয়।
অসমৰ মাজুলী জিলাত ১৯৫৮ চনৰ ১ মাৰ্চ তাৰিখে জন্মগ্ৰহন কৰা শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱে বিগত ২৫ বছৰতকৈ অধিক সময় দৃশ্য কলা বিভাগত শিক্ষকতাৰ অভিজ্ঞতাৰে চৰকাৰী চাৰু-কাৰু কলা মহাবিদ্যালয় অসমৰ পৰা জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত কলা প্ৰবক্তা হিচাপে অৱসৰ লয় । কলিকতাৰ বিশ্ব ভাৰতী শান্তিনিকেতন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁৰ শৈক্ষিক যাত্ৰা আৰম্ভ হৈছিল য’ত তেওঁ পাঁচ বছৰীয়া ডি সূক্ষ্ম কলা আৰু দুবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী প্ৰথম শ্ৰেণীৰ পদত সুখ্যাতিৰে সম্পূৰ্ণ কৰিছিল। পিছলৈ তেওঁ ৰয়েল ডেনিছ বৃত্তি লাভ কৰে, কোপেনহেগেনৰ ৰয়েল ডেনিছ একাডেমী অৱ আৰ্টত। ব্ৰিটিছ সংগ্ৰহালয়, ট্ৰেড গেলেৰী আৰু অক্সফৰ্ড বিশ্ববিদ্যালয়লৈ অধ্যয়ন কৰাৰ সুযোগ লাভ কৰে। বৰ্তমান তেখেতে ড০ ভূপেন হাজৰিকা ৰিজনেল ফ্লিম ইনচটিটিউট ত চিনগ্ৰাফী ( দৃশ্য পৰিকল্পনা) কৰা বিষয়ত জেষ্ঠ প্ৰবক্তা ৰূপে কৰ্মৰত।


তেওঁৰ মন আছে এজন শিল্পী, এজন শিক্ষক আৰু এজন সমাজকৰ্মীক একেলগে গুটিয়াই লোৱা। বৰ্তমান তেওঁ নিজৰ আভ্যন্তৰীণ অন্বেষণৰ পৰা সামাজিক ইতিহাস, ঐতিহ্য আৰু শিপাৰ বৃহত্তৰ কম্পাছৰ ফালে মনোনিৱেশ কৰিছে। তেওঁ পৰম্পৰাগত অসমীয়া ক্ষুদ্ৰ চিত্ৰকলাক পুনৰুজ্জীৱিত কৰাৰ বাবে কাম কৰি আছে।
ভাৰত তথা অসমৰ শিল্প আৰু সংস্কৃতিক ক্ষেত্ৰখনৰ শিল্পী, শিল্প সমালোচক, আৰু সাংস্কৃতিক বিশেষজ্ঞৰ বিশিষ্ট পেনেলে আমাৰ সমাজত শিল্পৰ তাৎপৰ্য্যৰ ওপৰত জ্ঞানদায়ক আলোচনা কৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱে মানৱ সংস্কৃতি ফাউণ্ডেছনে এক ভেটি নিৰ্মাণৰ প্ৰয়াস কৰি আহিছে লগতে এই ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কালৰ পৰাই শ্ৰূদ্ধাৰ দিলীপ তামূলী দেৱে মূখ্য উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। বিভিন্ন কলা উদ্যোগৰ ব্যৱস্থাপনা তথা সাংস্কৃতিক জগতৰ বাবে শ্ৰীমন্ত শংকৰদেৱ মানৱ সংস্কৃতি ফাউণ্ডেছনৰ প্ৰতিষ্ঠাপক তথা মূখ্য সঞ্চালক শ্ৰীযুত ৰুদ্ৰাংকুৰ হাজৰিকা উদ্যোগত ২০১৩ চনৰ ১৩ আগষ্ট’ তাৰিখে প্ৰতিষ্ঠা লাভ কৰা এই ফাউণ্ডেছনটোৱে ভাৰতীয় তথা অসমৰ শিল্প, সংস্কৃতি আৰু পৰম্পৰা ৰক্ষাৰ কাৰ্য্যও অবিৰতভাৱে গ্ৰহন কৰাৰ প্ৰয়াস কৰি আহিছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন…

গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষা সঞ্চালকালয়ৰ শিক্ষাকেন্দ্ৰ পৰিদৰ্শন
গুৱাহাটী বিশ্ববিদ্যালয় আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ অধীনত বর্তমান নামভর্তি প্রক্রিয়া চলি আছে। নামভৰ্তিৰ অন্তিম তাৰিখ হল ৩০ ছেপ্টেম্বৰ ।

ইয়াৰ মাজতে এই কেন্দ্ৰটোৰ সঞ্চালকালয়ৰ এটা প্রতিনিধিৰ দলে ১২ ছেপ্টেম্বৰত ইয়াৰ অধীনস্থ বৰপেটা জিলাৰ লুইতপৰীয়া মহাবিদ্যালয়, আৰু কামৰূপ জিলাৰ বিমলা প্রসাদ চলিহা মহাবিদ্যালয়ৰ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকাৰী দলটোৰ নেতৃত্ব প্রদান কৰিছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু অনলাইন শিক্ষাকেন্দ্ৰৰ সহকাৰী সঞ্চালক গৌতম শৰ্মাই ।

তেওঁক সংগ দিছিল কম্পিউটাৰ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডঃ খুৰছীদ আলম বৰবৰা আৰু সঞ্চালকৰ ব্যক্তিগত সহায়ক ডঃ ৰবীন্দ্ৰ শৰ্মাই । শিক্ষাকেন্দ্ৰ পৰিদৰ্শনৰ সময়ত তেওঁলোকক লুইতপৰীয়া মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্দ্ধনা জানোৱা হয়। আকৌ, সেই শিক্ষানুষ্ঠানখনত পৰীক্ষাকেন্দ্ৰৰ অনুমতিৰ বাবে তেওঁলোকে পৰিদৰ্শনকাৰী দলটোৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰে। এই ক্ষেত্ৰত দলটোরে বিহীত ব্যবস্থা গ্রহণ কৰিব বুলি আশ্বাস দিয়ে

চানডুবিৰ পৰ্যটন তথ্য বিষয়া তথা কবি ডেনী গামক বিদায় সম্বৰ্ধনা…


ৰাজ্যৰ পৰ্যটনথলী সমুহৰ অন্যতম চানডুবি পৰ্যটন নিৱাসৰ পৰ্যটন তথ্য বিষয়া ডেনী গামক অসম চৰকাৰৰ পৰ্যটন বিভাগে পদোন্নতিসহ কলকাতাস্থিত অসম ভৱনলৈ বদলি কৰিছে। সেই উপলক্ষে ১২ ছেপ্টেম্বৰত ডেনী গামক বিদায় সম্বৰ্দ্ধনা জনোৱাৰ উদ্দেশ্যে চানডুবি পৰ্যটন নিবাসত চানডুবি টুৰিষ্ট গাইড এচোচিয়েছনৰ উদ্যোগত আৰু চানডুবি নাওঁ সন্থা, চানডুবি জংগল কেম্প, লেক ভিউ হোম ষ্টে’ৰ সহযোগত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । সভাখন পৰিচালনা কৰে টুৰিষ্ট গাইড কন্দৰ্প বড়োৱে ।

উল্লেখ্য যে ডেনী গামে চানডুবিৰ বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ প্ৰসাৰতা বৃদ্ধিৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈ আহিছিল । জানিব পৰা মতে, ৰাণীখামাৰত থকা কাফেনডঙা জলপ্ৰপাত, বাৰেগাঁৱত থকা চলকাডাৰে, বাখালাপাত থকা বাখলাপাৰা জলপ্ৰপাত, জিমিৰিগাঁৱত উৎপাদন হোৱা কমলা টেঙা, বৰনিজৰা, কুণ্ডিলমুখ, জমাগুৰি ৰামচন্দ্ৰ আশ্ৰম, কুলসীত থকা ইংৰাজৰ দিনৰ আই বি, কলৰ বাগান, ঝলকাট ইত্যাদি বিভিন্ন ঠাই পৰ্যটনৰ আকৰ্ষণীয় কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণত আগভাগ লৈ আহিছিল। সভাত ডেনী গামক ৰাভা পাজাৰ, এখন সম্বৰ্ধনা পত্ৰ লগতে জংগল কেম্প, লেক ভিউ হোম ষ্টে’ৰ তৰফৰ পৰা ৰাভা পাজাৰ ইত্যাদি আন বহুজনে ব্যক্তিগতভাৱে পাজাৰ আৰু গামোচা আদিৰে সম্বৰ্ধনা জনায় ।

বিশেষকৈ চানডুবিৰ এই অঞ্চলটোত চাইক্লিং কৰাৰ ব্যৱস্থা হাতত লৈছিল ডেনী গামে । তাৰোপৰি ৰাভা জনজাতীয় ৰাভিয়ান ভদকাৰে পৰ্যটকসকলক আপ্যায়ন কৰিছিল । অনুষ্ঠানটোত স্থানীয় শিল্পী মৎস্য ৰাভাই ৰাভা সংগীত, বৰগীত আদি বাঁহীৰ সুৰেৰ সকলোকে আপল্পুত কৰি তোলে । সঞ্জয় ৰাভা, দিগন্ত ৰাভাকে আদি কৰি বিভিন্নজনে ভাষণ প্ৰসংগত ডেনী গামৰ কামৰ বাবে শলাগ লয় । আনগত দিনত সকলোৱে চানডুবিৰ বাবে কাম কৰি যাবলৈ আহবান জনোবাৰ লগতে তেওঁক জনোৱা সম্বৰ্ধনাৰ বাবে সকলোকে বিদায়ী বেলাত ধন্যৱাদ জনায় ।