Home Blog Page 1367

বড়ো গাঁওসমূহক বড়ো-কছাৰী ৱেলফেয়াৰ অ’টন’মাছ কাউন্সিলৰ অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা মুখ্যমন্ত্ৰীৰ…

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অসম বিধানসভাৰ সভাকক্ষত বড়ো-কছাৰী ৱেলফেয়াৰ অ’টন’মাছ কাউন্সিল, ইউনাইটেড বড়ো পিপ’লছ্‌ অৰ্গেনাইজেশ্যন

আৰু প্ৰাক্তন বি এল টি ৱেলফেয়াৰ ছ’চাইটিৰ এটা প্ৰতিনিধি দলৰ সৈতে এক আলোচনাত মিলিত ।


উক্ত বৈঠকত বড়ো গাঁওসমূহক বড়ো-কছাৰী ৱেলফেয়াৰ অ’টন’মাছ কাউন্সিলৰ অন্তৰ্ভুক্তি সন্দৰ্ভত আলোচনা কৰা হয় আৰু আলাপ-আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ অন্তৰঙ্গ আলাপ আৰু বাটৰ নাট কাৰ্যসূচী সম্পন্ন…

ধুবুৰীৰ ডুমৰদহস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ধুবুৰী গোটৰ নৱাগত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠান আজি আয়োজিত হয় । অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিৰণ্য কুমাৰ বৰাই আঁতধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিশ্ববিদ্যালয়ৰ সহঃ পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশে নৱাগত শিক্ষাৰ্থীসকলক উদ্দেশ্যি বিশ্ববিদ্যালয়খনৰ নীতি-আদৰ্শসমূহৰ লগতে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ এক পৰিচয় ডাঙি ধৰে।

তদুপৰি অনুষ্ঠানটিত উপস্থিত থাকি ধুবুৰী গোটৰ শাখা বিষয়া ভাস্কৰজ্যোতি শইকীয়া, সহঃ অধ্যাপক ক্ৰমে বৰ্ণা ৰয়, ড° অৰ্চনা শইকীয়া, স্বৰ্ণালী মণ্ডল আৰু ড° নাৰায়ণ বৰ্মণে নৱাগত ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। অসমীয়া বিভাগৰ ছাত্ৰী সুস্মিতা সেন আৰু শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী দেৱযানী পালৰ নৃত্যৰে জীপাল হৈ উঠা অনুষ্ঠানটিৰ শেষৰফালে ছাত্ৰ-ছাত্ৰীৰ মাজত ৰেগিং সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে শিক্ষাতত্ত্ব বিভাগৰ ছাত্ৰী টুটুমণি মণ্ডলৰ পৰিচালনাৰে ‘অনুভৱ’ শীৰ্ষক এখনি বাটৰ নাট প্ৰদৰ্শিত হয় ।

আনহাতে, বিশ্ববিদ্যালয়খনৰ মূল চৌহদত যোৱা ৭ ছেপ্তেম্বৰ আৰু গুৱাহাটী গোটত ৮ ছেপ্তেম্বৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ দুয়োটা চৌহদত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে বিৰাঙ্গণা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ড° মানস প্ৰতিম বৰা আৰু বিশিষ্ট শিক্ষাবিদ ড° দয়ানন্দ পাঠক ৷

ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ ! আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় ৪৫ লাখ টকা মূল্যৰ আফিং…

ৰঙিয়াত প্ৰায় ৪৫ লাখ টকা মূল্যৰ আফিং জব্দ

ৰঙিয়াত বৃহৎ পৰিমাণৰ আফিং জব্দ

ৰঙিয়া আৰক্ষীয়ে জব্দ কৰিছে ৯ কেজি ২০০ গ্ৰাম অফিং

আফিং খিনিৰ বজাৰ মূল্য প্ৰায় ৪৫ লাখ টকা

ধৃত দুই লোকক আটক ৰঙিয়া আৰক্ষীৰ

ধৃত্ যুৱক দুজন ক্ৰমে ৰঙিয়া বনগাঁৱৰ ৰাজীৱ আলি আৰু ঘগ্ৰপাৰ বৰকুকুৰীয়াৰ নুৰ ইছলাম

ৰাজীৱ আলিৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে এই আফিং খিনি ।

বহি ৰাজ্য পাঞ্জাবত বিক্ৰী কৰিছিল এই নিষিদ্ধ আফিং

জব্দ কৰা হৈছে নগট ২৫ হেজাৰ টকা , চাৰিটা মোবাইল ফোন সহ লাইটাৰ পিষ্টল

ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় ৰমু চলিহাক।শিৱসাগৰৰ ফুকন নগৰ শ্মশানত শেষকৃত সম্পন্ন…

প্ৰবীণ জাতীয়তাবাদী নেতা প্ৰণৱজিত চলিহাৰ শেষকৃত্য অনুষ্ঠান ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয় । ১৪ ছেপ্টেম্বৰ, বৃহস্পতিবাৰে পুৱা ৯ বজাৰ পৰা শিৱসাগৰ ফুকন নগৰৰ বাসগৃহত মনে প্ৰাণে অসমক ভাল পোৱা প্ৰণৱজিত চলিহা লৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা কৰা হয়। চলিহাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, তেওঁৰ শেষ যাত্ৰাত সংগ দিবলৈ অগণন লোকে ভিৰ কৰিছে বাসগৃহ। ৰমু চলিহা হিচাপে জনপ্ৰিয় প্ৰণৱজিত চলিহাক শ্ৰদ্ধাঞ্জলি জনাবলৈ বিভিন্ন জাতীয় দল সংগঠনৰ নেতা-কৰ্মী, বিভিন্ন শ্ৰেণীৰ নাগৰিকে পুৱাৰে পৰা তেওঁৰ বাসগৃহ ভৰি পৰিছে। উল্লেখ্য যে, আই অসমী বাবে ১২৭ বাৰ কৈ কাৰাগাৰত বন্দী হৈছিল। এইগৰাকী অদম্য সাহসী জাতীয়তাবাদী নেতাই ৭০ৰ দশকত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসম বিৰোধী কথা কোৱাৰ বাবেই মাইক্ৰ’ফোন দলিয়াই দিবলৈ সাহস কৰিছিল | ইয়াৰোপৰি তেওঁৰ প্ৰফুল্ল মহন্ত, ভৃগু কুমাৰ ফুকনক প্ৰতিষ্ঠা কৰাৰ আঁৰতো আছিল বিশেষ ভূমিকা| নিজেই অসম আন্দোলনৰ দায়িত্ব গ্ৰহণ নকৰি তেওঁ এই দুই নেতাক সেই দায়িত্ব প্ৰদান কৰি পাছলৈ অসমৰ মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী হোৱাত মুখ্য ভূমিকা লৈছিল | অসম গণ পৰিষদৰ চৰকাৰৰ সময়ত যেতিয়া আলফাৰ সমান্তৰাল চৰকাৰ চলিছিল বুলি কোৱা হয়, সেই সময়তে প্ৰণৱজিত চলিহাই আলফাক মুকলিকৈ প্ৰত্যাহ্বান জনাবলৈ সাহস কৰিছিল ।

আনকি পৰেশ বৰুৱাই পৰৱৰ্তী সময়ত এইগৰাকী অদম্য সাহসী অসম প্ৰেমীৰ সৈতে বুজাপৰা কৰিবলৈও বাধ্য হৈছিল | চৰকাৰী পৃষ্ঠপোষকতাত ৰাজকীয় জীৱন অতিবাহিত কৰাৰ সুযোগ তেওঁ লাভ কৰিছিল | যদিও সেই সুযোগ গ্ৰহণ নকৰি নজিৰ সৃষ্টি কৰিছিল | ইফালে শেষকৃত্য সম্পন্ন কৰাৰ পূৰ্বে তেওঁৰ নশ্বৰ দেহ শিৱসাগৰ নগৰৰ মাজেৰে সমদল কৰি আগবঢ়াই নিয়া হয় | অসম প্ৰেমী এইগৰাকী জাতীয়তাবাদী লৈ শ্ৰদ্ধা জ্ঞাপন কৰি শিৱসাগৰ ব্যৱসায়ী সন্থাই আজি সকলো ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰে | দীৰ্ঘদিন ধৰি অশুস্থ হৈ থকা প্ৰণৱজিত চলিহা অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছিল | ১৩ ছেপ্টেম্বৰ, বুধবাৰে বিয়লি প্ৰায় ২ বাজি ৪০ মিনিটত তেওঁ তাতেই শেষ নিশ্বাস ত্যাগ কৰে । আনহাতে ৰাজ্যিক মৰ্যদাৰে শেষ বিদায় জনোৱা হয় ৰমু চলিহাক। শিৱসাগৰৰ ফুকন নগৰ শ্মশানত শেষকৃত সম্পন্ন নেতাগৰাকীৰ। ‘বাই বাই টাইগাৰ’ পিতৃ ৰমু চলিহাক শেষ শ্ৰদ্ধাঞ্জলি জনালে শৃংখল চলিহাই।

মুখ্যমন্ত্ৰীৰ নাম লৈ সুন্দৰী মহিলাৰ প্ৰৱঞ্চনাৰ জাল ! গোলাঘাটত এগৰাকী ব্যৱসায়ীৰ পৰা লুটিলে ১২ লাখ টকা…

মুখ্যমন্ত্ৰীৰ নাম লৈ সুন্দৰী মহিলাৰ প্ৰৱঞ্চনাৰ জাল। গোলাঘাটত এগৰাকী ব্যৱসায়ীৰ পৰা লুটিলে ১২ লাখ টকা।

গড়কাপ্তানি আৰু পৌৰসভাৰ মাটি আবন্টনৰ অনুমতি উলিয়াই দিয়াৰ নামত দালালি । অভিযুক্ত মহিলাগৰাকী গুৱাহাটীৰ মাজগাঁওৰ নন্দা দেৱী দাস।

প্ৰৱঞ্চনাৰ বলি গোলাঘাটৰ ব্যৱসায়ী অতনু শৰ্মা। মুখ্যমন্ত্ৰীৰ OSD কাৰ্যালয়ত দুয়োৰে হৈছিল চিনাকী।

চাহত থকা টেনিনে আইৰণৰ অভাৱ ঘটাব! চাহ খোৱাৰ ২০ মিনিটৰ পূৰ্বে কৰক এই কাম…

ভাৰতত চাহ খোৱা লোকৰ অভাৱ নাই। কিন্তু এই চাহত টেনিন আৰু কেফেইনৰ উপস্থিতিয়ে স্বাস্থ্যৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ’ব পাৰে, ইয়াৰ পৰা হাত সাৰিবলৈ কি কৰিব জানো আহক এই বিষয়ে-

অত্যাধিক চাহ খোৱাৰ ফলত হাৰ্টবাৰ্ণ আৰু এচিডিটিৰ সমস্য়াৰ সৃষ্টি হয়। চাহপাতত টেনিন পোৱা যায়, যাৰ বাবে শৰীৰত আইৰণৰ অভাৱ হয়। ইয়াৰ বাহিৰেও অত্যধিক চাহ খোৱা লোকসকলে টোপনিৰ অভাৱ, বমি, মূৰৰ বিষ, টেনচন, উদ্বেগ আৰু গেছৰ সমস্যাত ভুগিব পাৰে। এই সমস্যাবোৰৰ পৰা হাত সাৰিবলৈ কি উপায় জানিব লাগে।

চাহত থকা কেফেইন আৰু টেনিন স্বাস্থ্যৰ বাবে উপকাৰী নহয়। বহুতে খালী পেটত চাহ খোৱাৰ ভুল কৰে, যাৰ ফলত পেটত থকা এচিড বৃদ্ধি পায় আৰু শৰীৰৰ পি এইচ ভাৰসাম্য বিঘ্নিত হয়। এই কাৰণেই ই বদহজমকে ধৰি বহু সমস্যাৰ পৰা সকাহ দিয়ে। ইয়াৰ পৰা হাত সাৰিবলৈ ২০ মিনিট আগতে এটা বিশেষ কাম কৰিব লাগিব।

চাহ খোৱাৰ আগতে তিয়াই থোৱা বাদাম বা আধা আপেল খাব লাগে। এইবোৰ বস্তুৰ পি এইচ ক্ষাৰকীয় যাৰ বাবে পেটৰ এচিড স্বাভাৱিক হৈ থাকে। যদি আপুনি এই পদ্ধতি গ্ৰহণ কৰে তেন্তে আপুনি হাৰ্টৰ সমস্যা, কোষ্ঠকাঠিন্য, গেছ আৰু দুৰ্বলতাৰ সন্মুখীন নহয়।

কিচমিচ তিয়াই খালে পেটত এচিডৰ মাত্ৰা কমি যায়, ইয়াৰ উপৰিও শৰীৰত আইৰণ আৰু ভিটামিন বি-কম্প্লেক্স যোগান ধৰে, যাৰ ফলত টেনিনৰ প্ৰভাৱ কমি যায়।

ৰাতি আলমণ্ড আৰু আখৰোট তিয়াই ৰাতিপুৱা সাৰ পোৱাৰ পিছত খালে উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল, মেদবহুলতা, হৃদৰোগ আৰু অত্যধিক ভোকৰ সমস্য়াৰ পৰা হাত সাৰিব পাৰিব। ইয়াতত থকা ওমেগা-৩ ফেটি এচিডে মগজুক চোকা কৰে।


বন্ধৰ দিনত ৰাহা বা ৰণবীৰ কাপুৰৰ লগত নহয়, গোটেই দিনটো কেৱল এইবোৰ কামত ব্য়স্ত আলিয়া ভাট…

ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ আলিয়া ভাটৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টোত আলিয়াই কয় যে কেনেকৈ বন্ধৰ দিনটোত সময় কটায়। আলিয়াৰ এই ভিডিঅ’টোত চেলিব্ৰিটিসকলে বহুত কমেণ্ট কৰিছে। ছ’চিয়েল মিডিয়াত চুইমিং পুলত সাঁতুৰি থকা ভিডিঅ’ শ্বেয়াৰ কৰিছে আলিয়া ভাটে। এই ভিডিঅ’টোত আলিয়াক পুলত জিৰণি লৈ থকা দেখা গৈছে। ভিডিঅ’টো শ্বেয়াৰ কৰি আলিয়াই লিখিছে, ‘বন্ধ দিনৰ কাৰ্যসূচী’।

শেহতীয়াকৈ আলিয়া ভাটক ৰণবীৰ সিঙৰ সৈতে ‘ৰকি ঔৰ ৰাণী কি প্ৰেম কাহানী’ ছবিত দেখা গৈছিল। এই ছবিখনে বিশ্বজুৰি ৩০০ কোটি টকা সংগ্ৰহ কৰিছিল। এই দুগৰাকীৰ উপৰিও এই ছবিখনত শ্বাবানা আজমী আৰু জয়া বচ্চনও আছিল। এই ছবিখন পৰিচালনা কৰিছিল কৰণ জোহৰে। বিশেষ কথাটো হ’ল এই ছবিখনৰ জৰিয়তে ৭ বছৰৰ পাছত পৰিচালক হিচাপে ঘূৰি আহিছে কৰণ জোহৰ। ২৮ জুলাইত ছবিখন ছবিগৃহত মুক্তি লাভ কৰিছিল।


যোৰাবাটত এছটিএফৰ অভিযানত ৫১৮ গ্ৰাম ওজনৰ পাঁচ ডোখৰ সোণ জব্দ; গাড়ীসহ চাৰি আটক

এক বিশেষ সূত্ৰৰ পম খেদি এছটিএফ-অসমে বৃহস্পতিবাৰে পুৱা সোণৰ‌ চোৰাং সৰবৰাহকাৰীৰ বিৰুদ্ধে গুৱাহাটীৰ যোৰাবাটত এক অভিযান চলায়৷ এছটিএফ-ৰ এই অভিযানটোত স্থানীয় যোৰাবাট আৰক্ষীয়েও সহযোগিতা আগবঢ়ায়।

এছটিএফ আৰু যোৰাবাট আৰক্ষীৰ যুটীয়া অভিযানকাৰী দলটোৱে বৃহস্পতিবাৰে পুৱা ৯-৩০ বজাত মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা এমএ ০৫ এন ৮৭১২ নম্বৰৰ হুণ্ডাই এক্সেল গাড়ীখন যোৰাবাটত তালাচী চলায় আৰু তালাচীকালত গাড়ীখনত যাত্ৰা কৰি থকা চাৰিগৰাকী ব্যক্তিৰ হাতৰ পৰা চোৰাং ভাবে পৰিবহন কৰি নিয়া প্ৰায়‌ ৫১৮ গ্ৰাম ওজনৰ পাঁচ ডোখৰ সোণ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

সোণ পাঁচডোখৰ আৰু গাড়ীখন জব্দ কৰাৰ লগতে ব্যক্তি চাৰিগৰাকীক কৰায়ত্ব কৰা হয়। বে আইনীভাবে আহৰণ কৰা সোণবোৰ মেঘালয়ৰ পৰা ৰাজস্থানলৈ‌ চোৰাং ভাৱে সৰবৰাহ কৰোতে কৰায়ত্ব কৰা লোক চাৰিগৰাকী ক্ৰমে, ৰাজস্থানৰ যোধপুৰৰ মঃ ইনায়ৎ আলি, মহম্মদ য়ুচুফ, মেঘালয়ৰ শ্বিলঙৰ ভীৰু সিং আৰু জন্নাৎ বেগম।

আতকাধীন ব্যক্তি চাৰিগৰাকীৰ‌ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিবৰ‌ উদ্দেশ্যে এছটিএফে তেওঁলোকক জব্দকৃত সামগ্ৰীবোৰৰ সৈতে স্থানীয় জোৰাবাট আৰক্ষীক চমজাই দিয়ে।

এই সংক্ৰান্তত এটি গোচৰ ৰুজু কৰি তদন্ত চলোৱা হৈছে।

সদৌ অসম কবি মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতা ! এই প্ৰতিযোগিতাত নিৰ্বাচিত শ্ৰেষ্ট কাব্যগ্ৰন্থখনলৈ আগবঢ়োৱা হ’ব “সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ” বঁ‌টা ২০২৩…

অসমীয়া সাহিত্য জগতৰ অগ্ৰণী সাহিত্য চৰ্চাৰ অনুষ্ঠান “সদৌ অসম কবি মঞ্চ”ই অসমৰ সাহিত্য জগতৰ ন পূৰণি কবিসকলক উৎসাহিত কৰাৰ মানসেৰে এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈছে। সদৌ অসম কবি মঞ্চই সদৌ অসম ভিত্তিত লেখক- লেখিকাসকলৰ মাজত প্ৰতিবছৰে “কাব্যগ্ৰন্থ প্ৰতিযোগিতা”ৰ আয়োজন কৰি আহিছে। এইবেলিও আয়োজন কৰা হৈছে অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত নিৰ্বাচিত শ্ৰেষ্ট কাব্যগ্ৰন্থখনলৈ আগবঢ়োৱা হ’ব “সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ” বঁ‌টা ২০২৩। এই বঁ‌টাত থাকিব নগদ ধন, মানপত্ৰ, স্মাৰক আৰু বঁ‌টা।

ইচ্ছুক প্ৰতিযোগীসকলে 9401367387, 9127317126, 9101519160 নম্বৰত যোগাযোগ কৰি প্ৰ-পত্ৰ সংগ্ৰহ কৰি ১ জানুৱাৰী ২০২১ চনৰ পৰা ১৫ ছেপ্তেম্বৰ ২০২৩ চনৰ ভিতৰত প্ৰকাশিত নিজৰ কাব্যগ্ৰন্থৰ তিনিটা কপি প্ৰ-পত্ৰত উল্লেখিত ঠিকনালৈ ৩০ নবেম্বৰ ২০২৩ বৃহস্পতিবাৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব বুলি সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে জনাইছে। উল্লেখ্য যে ২০২২ বৰ্ষত আয়োজিত সদৌ অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতাত প্ৰতিযোগীসকলৰ অভুতপূৰ্ব সঁ‌হাৰি আৰু আয়োজক সদৌ অসম কবি মঞ্চৰ সু-পৰিচালনাৰে সফল সমাপ্তিৰ পিছত এইবেলি আৰু অধিক প্ৰতিযোগীৰ অংশগ্ৰহণ আশা কৰিছে সদৌ অসম কবি মঞ্চৰ প্ৰধান সম্পাদক জিতু কাঞ্চনে। মন কৰিবলগীয়া কথা যে সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ সাম্প্ৰতিক পৰিস্থিতিত অসমৰ ভিন্ন অঞ্চলত দুখীয়া জনগণক সহায়ৰ হাত আগবঢ়াই সকলো মানুহৰ সুখ-দুখৰ সমভাগী হৈ ৰাইজৰ মাজত জনপ্ৰিয় হোৱা এগৰাকী নিষ্ঠাৱান সমাজসেৱক।

চৰকাৰী দায়িত্বশীল পদবীত থাকিও দিনমণি ভাণ্ডাৰ কায়স্থদেৱে সকলো সামাজিক, আধ্যাত্মিক আদি অনুষ্ঠান-প্ৰতিষ্ঠানত সহায়ৰ হাত আগবঢ়াই অহাৰ লগতে আৰ্তজনক বিভিন্ন প্ৰকাৰে সহায় কৰি সকলোৰে প্ৰিয়ভাজন হৈ পৰিছে। তেখেতৰ ৰাজহুৱা কৰ্মৰাজিৰ স্বীকৃতি হিচাপে কামৰূপ জিলা সাহিত্য সভাই তেখতক সমাজৰত্ন বঁ‌টা আৰু সদৌ অসম কবি মঞ্চই ২০২২ বৰ্ষৰ সেৱাৰত্ন বঁটাৰে সন্মানিত কৰিছে। এইগৰাকী সমাজসেৱকৰ নামেৰে যোৱাবছৰৰ পৰা সদৌ অসম কবি মঞ্চই আয়োজন কৰা অসম ভিত্তিত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ শ্ৰেষ্ট কাব্যগ্ৰন্থলৈ “সমাজৰত্ন দিনমণি ভাণ্ডাৰ কায়স্থ বঁ‌টা” আগবঢ়াই আহিছে। অসম ভিত্তিত আয়োজিত এই কাব্যগ্ৰন্থ প্ৰতিযোগিতাত নিজৰ প্ৰকাশিত কাব্যগ্ৰন্থৰে সকলো স্তৰৰ লেখক লেখিকাই অংশগ্ৰহণ কৰিব পাৰিব বুলি জনাইছে সদৌ অসম কবি মঞ্চই।


জিতু কাঞ্চন
প্ৰধান সম্পাদক
সদৌ অসম কবি মঞ্চ

চিলাপথাৰৰ ৰাজপথত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ,অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিক্ষোভ কাৰ্যসূচী…

সৰ্বসাধাৰণ ৰাইজক বিদ্যুত যোগানত ব্যৰ্থ অসমৰ বিদ্যুৎ মন্ত্ৰী নন্দিতা গাৰ্লোছাৰ পুত্তোলিকা দাহ কৰি চিলাপথাৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে।
নিয়মিত বিদ্যুৎ যোগানত হেমাহি, সঘনাই বিদ্যুৎ সেৱা কৰ্তন কৰাৰ লগতে গ্ৰাহকক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ তুলি প্ৰখৰ ৰদকো নেওচি আজি এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে।

চিলাপথাৰ- জোনাই সংগযোগী পথত থকা বিদ্যুৎ বিভাগৰ চিলাপথাৰ সংমণ্ডলৰ কাৰ্য্যালয়ৰ সন্মুখত অৰ্ধশতাধিক কৰ্মীয়ে বিদ্যুৎ বিভাগ হায় হায়, নন্দিতা গাৰ্লোছা পদত্যাগ কৰক, অসম চৰকাৰ হায় হায়, বিধায়ক ভুৱন পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰৰ কাম নাই, আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্ল’গানেৰে কপাই তোলে আকাশ বতাহ। দীৰ্ঘ সময় বিক্ষোভ কাৰ্যসূচী ৰূপায়নৰ ফলত ৰাজপথৰ দুয়োকাষে আবদ্ধ হৈ পৰে শ শ যান বাহন। ৰাইজৰ দুৰদৰ্শাৰ কথা নুবুজা শক্তি মন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰাৰ দাবী তোলে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উজ্জ্বল চুতীয়াই।

লগতে অনিয়মীয়া বিদ্যুৎ সেৱা নিয়মীয়া নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে প্ৰতিবাদী ৰাইজে। শেষত বিদ্যুৎ বিভাগৰ এগৰাকী অভিযন্তাৰ যোগেদি জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীত জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল কুমাৰ চুতীয়া, ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়া, কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা, ভাৰপ্ৰাপ্ত সম্পাদক ধীৰেন দিহিঙ্গীয়া, যুটীয়া সম্পাদক অনুপম চুতীয়া, চিলাপথাৰ আঞ্চলিক সমিতিৰ সভাপতি বিজু দিহিঙ্গীয়া , সাধাৰণ সম্পাদক বিতুল ৰাজগড় ৰ লগতে সংগঠনৰ পাচ শতাধিক ৰাইজ উপস্থিত থাকে।