Home Blog Page 1366

অৰ্কিড পাৰ্কৰ নামত ২২বিঘা মাটি নিজৰ নামত কৰিলে অখিল গগৈয়ে ! বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰিলে এই তথ্য…

📌‘অৰ্কিড পাৰ্কৰ নামত ২২বিঘা মাটি নিজৰ নামত কৰিলে অখিল গগৈয়ে’

📌‘প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ব্লেকমেইলিং কৰি সৰৱ কৰিছিল এই ২২ বিঘা মাটি’

📌বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰিলে এই তথ্য

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী…

দেশৰ কেইবাটাও স্থানত মানি লণ্ডাৰিং নেটৱৰ্কৰ বিৰুদ্ধে তালাচী ৷

কলকাতা, ভূপাল, মুম্বাই আদি চহৰত তালাচী EDৰ৷ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰে বুজন পৰিমাণৰ ধন৷

কেইবাটাও স্থানৰ পৰা জব্দ ৪১৭ কোটি টকা, ইয়াৰ লগতে উদ্ধাৰ বহু পৰিমাণৰ অলংকাৰসহ আপত্তিজনক সামগ্ৰী৷

গুৱাহাটীত বন্ধন বেংকৰ নুনমাটি শাখা মুকলি। শাখাৰ দ্বাৰ মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক জয়ন্ত বৰুৱাই…

২০০১ চনত এন জি অ’ হিচাপে আত্মপ্ৰকাশ কৰা বন্ধনে সময়মাফিক ক্ষুদ্ৰ ঋণৰ জৰিয়তে ভাৰতৰ অৰ্থনৈতিকভাৱে দুৰ্বল লোকসকলক ধন ধাৰে দিয়া মহাজনসকলৰ কবলৰ পৰা উদ্ধাৰ কৰি দেশৰ অৰ্থনৈতিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ২০১৫ চনত বেংক হিচাপে পৰিগণিত হোৱাৰ পিছত বন্ধন বেংকে ছয় হেজাৰতকৈ অধিক বেংকিং শাখা আৰু আউটলেটৰ জৰিয়তে ভাৰতৰ ৩৫ খন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰৰ বিভিন্ন চুকে-কোণে নিজৰ পৰিসেৱা আগবঢ়াবলৈ সক্ষম হৈছে৷ এক শক্তিশালী নেটৱৰ্কৰ জৰিয়তে বেংকটোৱে ৩ কোটিতকৈ অধিক গ্ৰাহকক সেৱা আগবঢ়াই আছে ৷ বন্ধন বেংকে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা কেইবা নিযুত ভাৰতীয়ক মূলসুঁতিৰ বেংকিং সেৱাৰ সৈতে চামিল কৰাইছে। কামৰূপ মহানগৰীৰ নুনমাটিৰ এম আৰ ডি ৰোডত বন্ধন বেংকৰ অসমৰ ১০৪ নং শাখাটোৰ দ্বাৰ মুকলি কৰা হয়৷ শাখাটো মুকলি কৰে প্ৰতিদিন মিডিয়া নেটৱৰ্কৰ সঞ্চালক জয়ন্ত বৰুৱাই ৷

শাখাটো মুকলি কৰি তেওঁ কয় যে এখন দেশ বা ৰাজ্য উন্নতি হ’বলৈ বেংক সমূহৰ বিশেষ ভূমিকা থাকে। যাৰ জৰিয়তে গ্ৰাম্য অৰ্থনীতি বা চহৰ অৰ্থনৈতিকভাৱে আগ বঢ়োৱাৰ ক্ষেত্ৰত বন্ধন বেংকৰ ভূমিকা অতি প্ৰশংসনীয়। কাৰণ বন্ধন বেংকে উঠি অহা শিক্ষিত যুৱক- যুৱতীসকলক বিশেষ ভাৱে আগবঢ়াই নিয়াৰ লগতে মহিলা সৱলীকৰণৰ ক্ষেত্ৰতো বিশেষ অৰিহণা যোগায় আহিছে। অনাগত দিনত নুনমাটি শাখাৰ তৰফৰ পৰা এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ’ব বুলি তেওঁ মত প্ৰকাশ কৰে। বন্ধন বেংকৰ নুনমাটি শাখাটোৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি বন্তি প্ৰজ্বলন কৰে বন্ধন বেংকৰ জোনাল হেড সুৰজিৎ ৰয় চৌধুৰীয়ে ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি বন্ধন বেংকৰ গুৱাহাটীৰ ক্ষেত্ৰীয় পৰিচালক দেৱদীপ ভৰদ্বাজে কয় যে এইটো আমাৰ অসমৰ ১০৪ নং শাখা ৷ এই শাখাৰ যোগেদি গ্ৰাহকসকলে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে উপকৃত হব বুলি মত প্ৰকাশ কৰাৰ লগতে বেংকে ন ন পৰিকল্পনা আগত ৰাখি ৰিজাৰ্ভ বেংকৰ নীতিনিয়ম অনুসৰি কাম কৰি যাব বুলি কয় ৷ অনুষ্ঠানত বন্ধন বেংকৰ গুৱাহাটীৰ ক্লাষ্টাৰ হেড অভয় কুমাৰ ,শাখা পৰিচালক গৌতম সিনহা ,শিলপুখুৰী শাখাৰ শাখা পৰিচালক চন্দন নাথ,সহকাৰী শাখা পৰিচালক মিতালী শইকীয়াৰ লগতে কৰ্মচাৰী বৃন্দও উপস্থিত থাকে৷

গো-মাংস সৰবৰাহৰ অপৰাধত আৰক্ষীৰ জালত শুকুৰ আলী…

গোলকগঞ্জৰ বেলগুৰিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আটক শুকুৰ আলী। সামাজিক মাধ্যমৰ নায়ক শুকুৰ আলী আগমনী আৰক্ষীৰ জালত। পশ্চিম বংগৰ পৰা নিষিদ্ধ গো-মাংস লৈ গৌৰীপুৰ অভিমূখে গৈ থকা অৱস্থাত ৰাইজৰ হাতত আটক বহু বল্কী নেতা শুকুৰ আলী। ৰাজনীতি কৰি, চিনেমা কৰি পেট নভৰাত শুকুৰ আলী এইবাৰ নামিল নিষিদ্ধ ঘোষিত গো-মাংস বেহাত। AS 01DP5469 নম্বৰৰ স্কুটিত আনিছিল গো মাংস খিনি।

পশ্চিমবংগৰ মানসাইৰ পৰা কঢ়িয়াই অনা বুলি স্বীকাৰ শুকুৰ আলীৰ । আৰক্ষীৰ বেৰিকেড পাৰ হোৱাৰ পিছতে ৰাইজে আটক কৰে গো-মাংস সহ স্কুটি খন। পাছত আৰক্ষীয়ে আটক কৰি থানা লৈ লৈ যায়। এতিয়া কথা হল যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বুলি জাহিৰ কৰা শুকুৰ আলীয়ে কাৰ বলত নিষিদ্ধ গো-মাংস সৰবৰাহ কৰাৰ সাহস পালে সেয়া আৰক্ষীৰ তদন্তৰ পাছতহে ওলাই পৰিব।

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিম দিন…

আজি অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ পঞ্চম তথা অন্তিম দিন ৷

সদনত দাখিল কৰা হ’ব বিত্ত বিভাগৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন।

দাখিল কৰা হ’ব অসম ৰাজ্যিক পৰিবহণ নিগমৰ ২০১৭-১৮ বৰ্ষৰ বাৰ্ষিক হিচাপ আৰু হিচাপ পৰীক্ষাৰ প্ৰতিবেদন৷

অসম বিধানসভা অধিৱেশনত নগাঁও কলেজক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ বিধেয়ক গৃহীত : নগাঁও কলেজত আনন্দৰ বন্যা

নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন, এগৰাকী প্ৰাক্তন ছাত্র আৰু নগঞা হিচাপে অত্যন্ত আনন্দিত হৈছো: ৰূপক শৰ্মা। অসম বিধান সভাৰ বিশেষ শৰৎকালীন অধিৱেশনত আজি নগাঁও মহাবিদ্যালয় বিশ্ববিদ্যালয় হিচাপে গৃহীত হোৱাৰ লগে লগে নগাঁও কলেজ চৌহদত আনন্দৰ জোৱাৰ উঠে। এই বিধেয়ক গৃহীত হোৱাৰ লগে লগে কলেজ কৰ্তৃপক্ষ, অধ্যাপক-অধ্যাপিকা, অনাশিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু সমূহ শুভাকাংক্ষীৰ উপস্থিতিত সকলোৱে কলেজ চৌহদত বন্তি প্ৰজ্বলন, বেলুন উৰুৱাই আনন্দ উল্লাস কৰে। কলেজখনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে সমূহ অধ্যাপক-অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, সকলো শুভাকাংক্ষীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে প্ৰতিষ্ঠা কালৰ পৰা জড়িত প্ৰতিগৰাকী ব্যক্তিকে শ্ৰদ্ধাৰে স্মৰণ কৰে। অধ্যক্ষ ড০ বৰকটকীয়ে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, স্থানীয় বিধায়ক ৰূপক শৰ্মাক নগাঁও কলেজক বিশ্ববিদ্যালয় ঘোষণা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ইপিনে নগাঁও মহাবিদ্যালয়(অট’নমাচ) বিশ্ববিদ্যালয় মৰ্যাদা লাভৰ পিছতেই বিধায়ক ৰূপক শৰ্মাই কয় যে আজি নগাঁও বাসীৰ বাবে এক ঐতিহাসিক আৰু গৌৰৱৰ দিন।

১৯৪৪ চনত প্ৰতিষ্ঠা হোৱা নগাঁও মহাবিদ্যালয়ে(অট’নমাচ) আজি বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিবলৈ সক্ষম হ’ল।অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ চুৰ্তথ দিনটোত ৰাজ্যখনৰ ৬ খন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ ৰূপান্তৰিত কৰাৰ সমন্তৰালকৈ নগাঁও মহাবিদ্যালয়ো বিশ্ববিদ্যালয়ৰ মৰ্যদা লাভ কৰিলে। নগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে গৃহীত কৰাৰ পৱিত্ৰ ক্ষণটিত বিধানসভাৰ মজিয়াত উপস্থিত থাকো আৰু আজি এই গৌৰৱময় ক্ষণটিৰ সাক্ষী হবলৈ পায় আহ্লাদিত হৈ পৰো। আজি মই অতিকৈ আনন্দিত মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্র আৰু এগৰাকী নগঞা হিচাপে।লগতে বিধায়ক গৰাকীয়ে কয় যে আজিৰ এই ঐতিহাসিক দিনটোত মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাৰ লগত জড়িত ব্যক্তি সকলক শ্ৰদ্ধাৰে সোঁৱৰিছো। আৰু সমগ্ৰ নগাঁও বাসীৰ হৈ অসমৰ মুখ‍্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুকো বিধায়ক শৰ্মাই ধন্যবাদ জ্ঞাপন কৰে।লগতে মহাবিদ্যালয় খনৰ অধ্যক্ষ, অধ্যাপক-অধ্যাপিকা আৰু ছাত্র-ছাত্ৰী সকলকো বিধায়ক শৰ্মাই শুভেচ্ছা জ্ঞাপন কৰে।

যদি আপুনি হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰে তেন্তে খাদ্যত নিমখ আৰু চেনিৰ ব্যৱহাৰৰ পৰিমাণ হ্ৰাস কৰক…

অধিক পৰিমাণে চেনি আৰু নিমখ খোৱাটো শৰীৰৰ বাবে ক্ষতিকাৰক। বহু গৱেষণাৰ পৰাও প্ৰকাশ পাইছে যে অতিৰিক্ত চেনি বিশেষকৈ হৃদযন্ত্ৰ আৰু বৃক্কৰ বাবে অত্যন্ত বিপদজনক। অতিৰিক্ত নিমখ আৰু চেনি খালে হৃদৰোগ হ’ব পাৰে। ইয়াৰ ফলত ডায়েবেটিছ আৰু মেদবহুলতা বৃদ্ধি পাব পাৰে। চেনিযুক্ত বস্তু খোৱাটোৱে শৰীৰত কি প্ৰভাৱ পেলায়? জানো আহক-

অত্যধিক চেনিয়ে যকৃতত চৰ্বি জমা কৰে। যাৰ বাবেই চৰ্বিযুক্ত যকৃত আৰু মেদবহুলতাৰ সমস্যা আৰম্ভ হয়। যাৰ বাবে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

চেনিযুক্ত খাদ্য সোনকালে হজম হয় আৰু পেট ভৰি থকা অনুভৱ হয়, আনহাতে প্ৰটিন, চৰ্বি বা আঁহযুক্ত খাদ্য সামগ্ৰীয়ে ভোক পূৰণ কৰিবলৈ সক্ষম নহয়। যাৰ বাবে ওজন আৰু বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

অধিক পৰিমাণে চেনি আৰু নিমখ সেৱন কৰিলে দীৰ্ঘদিনীয়া প্ৰদাহ আৰু উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি হয়। ইয়াৰ লগে লগে হৃদৰোগৰ সম্ভাৱনাও বৃদ্ধি পায়।

নিমখত যথেষ্ট পৰিমাণে ছডিয়াম থাকে। যাৰ বাবে ই শৰীৰত বিপজ্জনক প্ৰভাৱ পেলায়। ই বি পিও বৃদ্ধি কৰিব পাৰে।


পাণবজাৰস্থিত আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত নিৰ্মীয়মাণ উদ্যান পৰিদৰ্শন মন্ত্ৰী অশোক সিংহলৰ

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীৰ পাৰৰ উন্নীতকৰণৰ বাবে বিশ্বমানৰ দৃষ্টিভংগী সন্মুখত ৰাখি দৃঢ়তাৰে আগবাঢ়িছে। পৰৱৰ্তী দশকটোৰ ভিতৰত গুৱাহাটী মহানগৰীক মাথোঁ উত্তৰ-পূব ভাৰতৰে নহয়, সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ় দিয়াৰ মানসেৰে চহৰখনৰ আন্তঃগাথঁনি সবলীকৰণ আৰু সৌন্দৰ্যবৰ্দ্ধনৰ বাবে বহুতো অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে।

এই প্ৰয়াসক এক নতুন গতি দিয়াৰ উদ্দেশ্যেৰে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পাণবজাৰত উপস্থিত হৈ আৰক্ষী আয়ুক্তৰ পুৰণি বাংলো চৌহদত চলি থকা ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্পৰ কাম-কাজ পৰিদৰ্শন কৰে৷

অভিলাষী প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে উক্ত স্থানত নিৰ্মাণকাৰ্য চলি থকা উদ্যানখনৰ অগ্ৰগতিৰো তেওঁ বুজ লয়। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোৰ কাম-কাজ দ্ৰুততৰ কৰি তুলিবলৈ কৰ্তব্যত নিয়োজিত ঠিকাদাৰ আৰু কৰ্মীসকলক নিৰ্দেশ দিয়ে যাতে সমাগত শাৰদীয় উছৱৰ বতৰতে ইয়াক ৰাইজৰ বাবে মুকলি কৰি দিব পৰা যায়।

এই পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ লগতে প্ৰাধিকৰণৰ বিষয়-ববীয়াসকল তথা গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে৷

আমছু কৰ্মীয়ে মায়ঙৰ বুৰাবুৰীত ড্ৰাগছৰ ১১কনটেইনাৰ সহ ধৰিলে দুই যুৱকক

মায়ঙৰ বুৰাবুৰী বজাৰত ১১ টা কনটেইনাৰ সহ দুই যুৱকক বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীয়ে ৰাইজৰ সহযোগত ধৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহ কাৰী দুই যুৱক ক্ৰমে, চাইদুল ইছলাম আৰু ৱাছিম আক্ৰাম। দুয়োটা ড্ৰাগছ সৰবৰাহকাৰীৰ ঘৰ মায়ঙৰ কুকুৱাৰী গাঁৱত।

বুৰাবুৰী আঞ্চলিক আমছু কৰ্মীসকলৰ তৎপৰতাত এক গোপন সূত্ৰৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী দুজনক ধৰিবলৈ সক্ষম হয়। ১১ টা ড্ৰাগছৰ কনটেইনাৰসহ এখন বাইকো জব্দ কৰে। ইয়াৰ পিছতে আমছুৱে ঘটনা সন্দৰ্ভত মায়ং আৰক্ষীক খবৰ দিয়ে আৰু যুৱক দুজনক ড্ৰাগছখিনিৰ সৈতে আৰক্ষীক চমজাই দিয়ে।

উল্লেখ্য যে আটকাধীন চাইদুল ইছলাম আৰু ৱাছিম আক্ৰামে দীৰ্ঘদিন ধৰি আৰক্ষীকৰ চকুত ধূলি দি মায়ঙৰ বিভিন্ন অঞ্চলত ৰমৰমীয়া ব্যৱসায় চলাই গৈছিল।

আমছু কৰ্মী আৰু ৰাইজে উক্ত ড্ৰাগছ সৰবৰাহকাৰীক উপযুক্ত শাস্তি দিয়াৰ লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে প্ৰশাসনক আহ্বান জনাই।

তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত এনডিএফবিৰ সদস্য সকলৰ পুনঃসংস্থাপনৰ দাবী !  জোনাই শিলিখাগুৰীত  এনডিএফবিৰ ৩৫ সংখ্যক  শ্বহীদ  দিৱস পালন…

প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ ধেমাজি জিলা সমিতিৰ উদ্যোগত আজি এনডিএফবিৰ ৩৫ সংখ্যক শ্বহীদ দিৱস দিনজোৰা কাৰ্য্যসূচীৰ উদযাপন কৰা হয়। জোনাই মহকুমাৰ শিলিখাগুৰী খেলপথাৰত অনুষ্ঠিত কৰা শ্বহীদ দিৱসৰ পুৱা ৯ বজাত পতাকা অৰ্ধনমিত কৰে ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সভাপতি প্ৰফুল্ল বড়োয়ে।পুৱা ৯-৩০ বজাত শ্বহীদ তৰ্পণ কৰে প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ কেন্দ্ৰীয় সদস্য খাচেন্দ্ৰজিৎ বসুমতাৰীয়ে।ইয়াৰ পিছতে গছপুলি ৰোপণ কাৰ্য্যসূচী আৰম্ভ হয়।দুপৰীয়া ১২ বজাৰ পৰা

জিলা সভাপতি প্ৰফুল্ল বড়োৰ সভাপতিত্বত অনুষ্ঠিত কৰা মুকলি সভাত আদৰণি ভাষন আগবঢ়াই ধেমাজি জিলা প্ৰাক্তন এনডিএফবি ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক ভদ্ৰেশ্বৰ বসুমতাৰীয়ে। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিটিএডিৰ বাহিৰৰ আত্মসমৰ্পণকাৰী এনডিএফবি কল্যাণ পৰিষদৰ সভাপতি ধৰ্মেশ্বৰ বসুমতাৰীয়ে কয়   বড়ো জনগোষ্ঠীৰ স্ব- অধিকাৰৰ হকে তথা পৃথক বড়োলেণ্ড ৰাষ্ট্ৰৰ দাবীত  এসময়ত  হাতত অস্ত্ৰ তুলি লৈ সশস্ত্ৰ সংগ্ৰামত অৱতীৰ্ণ হোৱা প্ৰাক্তন এনডিএফবিয়ে বিভিন্ন প্ৰান্তত ৩৫ সংখ্যক শ্বহীদ দিৱস পালন কৰিছে। বড়ো জাতিৰ অধিকাৰ প্ৰাপ্তিৰ বাবে সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ অশেষ কষ্ট,ত্যাগ কৰি মৃত্যুক সাৱটি ল’লে সেই জাতীয় শ্বহীদ সকলৰ মহান ত্যাগক পাহৰি যোৱা উচিত নহয় বুলি বক্তব্য ৰাখি শ্বহীদ সকলৰ মৰ্য্যদা অক্ষুন্ন ৰাখিবলৈ ঐক্যবদ্ধ প্ৰচেষ্টাৰে এখন সমৃদ্ধিশালী আৰু কৰ্ম-সংস্কৃতিৱান সমাজ নিৰ্মাণত সকলোকে আহ্বান জনাই তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত প্ৰাক্তন এনডিএফবিৰ পুনঃসংস্থাপনৰ ব্যৱস্থা ল’বলৈ চৰকাৰক আহ্বান জনায়।সভাত নিৰ্দিষ্ট বক্তা হিচাপে ধেমাজি জিলা বড়ো মহিলা কল্যাণ পৰিষদৰ সভানেত্ৰী ফুলেশ্বৰী দৈমাৰীয়ে কয়

বড়ো সকলৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনত যি সকল এনডিএফবি সদস্য প্ৰাণ আহুতি দিলে

সেই শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই মহান শ্বহীদৰ জাতীয় প্ৰেম আৰু ত্যাগৰ বিনিময়ত আজিৰ বড়ো সমাজে এই অৱস্থাত উপনীত হ’বলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি সকলোকে জাতীয়তাবাদী চিন্তাৰে উদ্বুদ্ধ হৈ জাতিৰ উন্নয়নৰ বাবে আগবাঢ়ি যাব লাগিব বুলি কয়।মুকলি সভাত বড়ো সাহিত্য সভাৰ জোনাই জিলা সমিতিৰ সভাপতি দিলিপ বসুমতাৰী, জোনাই প্ৰাথমিক সমিতিৰ সভাপতি চম্পল নাৰ্জাৰী,ইউবিপিঅৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অশোক দৈমাৰী, জোনাই আঞ্চলিক সমিতিৰ সভাপতি লোহিত গৌড়া বসুমতাৰী, সাধাৰণ সম্পাদক অশোক বসুমতাৰী,আবৌফৰ জোনাই আঞ্চলিক সমিতিৰ সভানেত্ৰী মিনু নাৰ্জাৰী প্ৰমুখ্যে কেবাগৰাকী নেতৃস্থানীয় ব্যক্তি সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে।

শম্ভু দাস চিলাপথাৰ

ধেমাজি অসম