Home Blog Page 1386

চন্দ্ৰত ১৪-১৫ দিনৰ বাবে শুই পৰিল লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান…

Sleep modeত ৰ’ভাৰ প্ৰজ্ঞান।

চন্দ্ৰত ১৪-১৫ দিনৰ বাবে Sleep modeত লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান।

সূৰ্য উদয়ৰ পিছতহে পুনৰ কামত লাগিব বিক্ৰম আৰু প্ৰজ্ঞান।

ৰ’ভাৰ প্ৰজ্ঞানে সমাপন কৰিলে নিজৰ দ্ধায়িত্ব।

বৰ্তমান বন্ধ কৰি দিয়া হৈছে APXS আৰু LIBS পেলোড।

লেণ্ডাৰে পৃথিৱীলৈ প্ৰেৰণ কৰিব দুয়োটা পেলোডৰ তথ্য।

বৰ্তমান Sleep modeত ৰখা হৈছে ৰ’ভাৰ প্ৰজ্ঞানক।

সামাজিক মাধ্যমযোগে ISRO-এ এই কথা জনালে।

অহা ২২ ছেপ্তেম্বৰৰ পৰা পুনৰ কাম কৰিব ৰ’ভাৰ প্ৰজ্ঞানে।

১১ দিনৰ কামৰ অন্তত চন্দ্ৰৰ বুকুত শুই পৰিল ৰ’ভাৰ প্ৰজ্ঞান।

টংলা নেচনেল পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণী সভা…

টংলা নেচনেল পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত নৱাগত আদৰণী সভা। বিদ্যালয় খনত অধ্যয়নৰত সুখ্যাতি অর্জন কৰা ছাত্র ছাত্ৰীক অভিনন্দন। ওদালগুৰি জিলাৰ শৈক্ষিক নগৰী টংলাস্থিত নেচনেল পায়নিয়ৰ চিনিয়ৰ চেকেণ্ডেৰী স্কুলত শনিবাৰে নৱাগত আদৰণী সভা অনুষ্ঠিত হয়।বিদ্যালয় খনৰ শিক্ষক নাৰায়ণ বড়াই আঁত ধৰা অনুষ্ঠান খনত নিৰ্দিষ্ট বক্তাৰ ভাষণৰ প্ৰসংগত টংলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অনিমা বৰা ভূঞাই মানুহহৈ জীয়াই থাকিবলৈ মানৱীয় গুণবোৰ অর্জন কৰিবলৈ ছাত্র ছাত্ৰীক আহ্বান জনায়।

সভাত বিদ্যালয় খনৰ অধ্যক্ষ পাৰভিজুল ইছলামৰ উপস্থিতিত বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰী তথা যুৱ সাহিত্য অকাডেমি বঁটা প্ৰাপক মাইনাওশ্ৰী দৈমাৰী, মিছেছ গ’বেল ইণ্ডিয়া খিতাপ অৰ্জন কৰা খুচুবু গিৰী, লগতে বহু কেইগৰাকী কৃতি ছাত্র ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়।‌

গহপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ আজৱ কাণ্ড; নিৰ্দিষ্ট তিথিৰ পৰিবৰ্তে আজিয়েই উদযাপন কৰিলে শিক্ষক দিৱস

    গহপুৰ মহকুমাৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে মহান মনীষী ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিৱসটি দুদিনৰ পূৰ্বে অনুষ্ঠিত কৰাক লৈ সৰ্বত্ৰতে চৰ্চা চলিছে। উল্লেখ্য যে মহকুমাটোৰ অন্যতম উল্লেখযোগ্য ব্যক্তিগত শিক্ষানুষ্ঠান চেণ্ট যোচেফ স্কুলে শনিবাৰে অনুষ্ঠিত কৰে শিক্ষক দিৱসটি।

    ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ব্যক্তিগত বিদ্যালয় সমূহক নাকি লগাবলৈ অথবা চৰকাৰৰ আওতালৈ নিবলৈ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে গহপুৰৰ এইখন বিদ্যালয়ে চৰকাৰৰ শিক্ষা বিভাগক বৃদ্ধাঙ্গুষ্ঠ দেখুৱাই নিজ খেয়াল-খুচি মতে শিক্ষক দিৱসৰ নিদিষ্ট তিথিৰ পৰিৱৰ্তে অনুষ্ঠিত কৰি গহপুৰীয়া সচেতন মহলৰ মাজত আলোচনাৰ বিষয় হৈ পৰিছে।

    সকলোৱে জানে ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উদযাপন কৰাৰ কথা। ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰত সেইগৰাকী বৰেণ্য ব্যক্তিৰ জন্ম হৈছিল। কিন্তু গহপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত সৰ্বপল্লী ৰাধাকৃষ্ণণক চূড়ান্তভাৱে অপমান কৰি ২ ছেপ্টেম্বৰত উদযাপন কৰিলে শিক্ষক দিৱসটি।

    যাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। উল্লেখ্য যে গহপুৰৰ পুৰুববাৰীস্থিত চেণ্ট যোচেফ স্কুলৰ অধ্যক্ষ গৰাকীৰ পৰিয়ালৰ এজন ব্যক্তিৰ ৰোগৰ বাবে অধ্যক্ষ গৰাকী ঘৰলৈ যাব কাইলৈ যাৰ বাবে ৫ তাৰিখৰ পৰিৱৰ্তে আজিয়েই অৰ্থাৎ ২ তাৰিখেই অনুষ্ঠিত কৰিলে শিক্ষক দিৱস।

    এতিয়া গহপুৰৰ সচেতন মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। কিমান দিনলৈ চলিব একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ময়মতালি।

    গুৱাহাটীত পানী যোগান বন্ধৰ সময়সীমা বৃদ্ধি…

    গুৱাহাটীত পানী যোগান বন্ধৰ সময়সীমা বৃদ্ধি ।

    পূৰ্বে দুদিনৰ বাবে পানী যোগান বন্ধ থাকিব বুলি GMC-এ দিছিল জাননী।


    পাইপ মেৰামতিৰ বাবে বন্ধ থাকিব পানী যোগান ৷

    হিমাচল প্ৰদেশত মুষলধাৰ বৰষুণ, ভূমিস্খলনত ৪০০জন লোকৰ মৃত্যু…

    প্ৰকৃতিৰ কোপদৃষ্টিত হিমাচল প্ৰদেশ। মুষলধাৰ বৰষুণ, ভূমিস্খলনত ৪০০জন লোকৰ মৃত্যু।

    আহত ৪০০ৰো অধিক লোক। ২,৫০০তকৈও অধিক বাসগৃহ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত।

    ১১,০০০তকৈও অধিক ঘৰ আংশিকভাৱে ক্ষতিগ্ৰস্ত। হিমাচল প্ৰদেশৰ ৰাজহ মন্ত্ৰী জগত সিং নেগীয়ে জনালে এই কথা।

    শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ল “যোগ দৃষ্টি” নামেৰে এখনি দুদিনীয়া আবাসীক যোগ প্ৰশিক্ষণ অধিবেশন

    অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ ও যুৱ কল্যাণ (SLAC) আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যোগ প্ৰশিক্ষক সন্থাৰ সহযোগত ১ আৰু ২ ছেপ্টেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “যোগ দৃষ্টি” নামেৰে এখনি দুদিনীয়া আবাসীক যোগ প্ৰশিক্ষণ অধিবেশন।

    এই অধিবেশনত অসমৰ ৩১ খন জিলাৰ নিৰ্বাচিত বিদ্যালয় আৰু ক্ৰীড়া অনুষ্ঠানৰ লগত জৰিত যোগ প্ৰশিক্ষক সকলে অংশগ্ৰহণ কৰে।

    যোগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ দৈনন্দিন জীৱনত কিদৰে মানসিক চাপ কমাব পাৰি, ৰোগ নিৰাময়ৰ লগতে শাৰীৰিক আৰু বৌদ্ধিক, বিকাশ সাধিব পাৰি, তাৰ উপৰিও যোগক কিদৰে জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে লব লাগে, সেই বিষয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে ফিনলেণ্ডৰ পৰা অহা জ্যেষ্ঠ যোগ প্ৰশিক্ষক সকলে প্ৰশিক্ষণ আগবঢ়ায়।

    বিশেষ ভাৱে তলত উল্লেখ কৰা বিষয় কেইটাৰ বিষয়ে যোগ বিশেষজ্ঞসকলে বক্তব্য আগবঢ়ায়-

    ১) জীৱনশৈলীত ৰোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাত যোগৰ ভূমিকা ।
    ২) যোগ আৰু ধ্যান-ধাৰণাৰ জৰিয়তে মানসিক চাপ ব্যৱস্থাপনা আৰু মানসিক স্বাস্থ্যৰ যত্ন ।
    ৩) ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত যোগৰ প্ৰচাৰৰ গুৰুত্ব ।
    ৪) ক্ৰীড়া, বিজ্ঞান আৰু শাৰীৰিক সক্ষমতাত যোগৰ গুৰুত্ব ।
    ৬) আধুনিক নগৰীয়া সমাজত যোগৰ প্ৰসাৰ – ইয়াৰ গুৰুত্ব আৰু প্ৰভাৱ ।

    ৫/ চৰকাৰী কৰ্মচাৰী আৰু পেছাদাৰী সকলৰ বাবে যোগ আৰু স্বাস্থ্য ।

    ৭/ প্ৰসৱৰ পিছৰ যত্নৰ বাবে যোগৰ অগ্ৰগতি ।

    ৮) অসমত যোগ অনুশীলন আৰু প্ৰসাৰৰ বৰ্তমানৰ পৰিস্থিতি আৰু আগুৱাই যোৱাৰ পথ ।
    ৯) বিশ্বব্যাপী পৰিঘটনা হিচাপে যোগ – ইয়াৰ প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সমাজত প্ৰভাৱ ।

    ভাৰতীয় সেনাৰ উদ্যোগত অসম আৰক্ষীৰ কমাণ্ডো বেটেলিয়নৰ ৪০ সপ্তাহৰ প্ৰশিক্ষণৰ সামৰণি

    অসম আৰক্ষীত বিগত বৰ্ষত গঠন কৰা পাঁচটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ বিষয়া-জোৱানসকলে সেনা বাহিনীৰ দৰে যাতে উগ্ৰপন্থী বা তেনে কাৰ্যকলাপৰ লগত জড়িত দুস্কৃতিকাৰীৰ বিৰুদ্ধে সফল অভিযান চলায় নিজ লক্ষ্যত উপনীত হ’ব পাৰে তাৰ বাবে ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত বিগত বৰ্ষৰ পৰা সেনা বাহিনীৰ তত্ত্বাবধানত কমাণ্ডো প্ৰশিক্ষণৰ ব্যৱস্থা আৰম্ভ কৰা হৈছিল।

    জানিব পৰা মতে, বিগত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ গজৰাজ কপৰ্চৰ উদ্যোগত অসম আৰক্ষীৰ পাচঁটা বিশেষ কমাণ্ডো বেটেলিয়ানৰ ২,২৮৪ জন বিষয়া – জোৱানক প্ৰশিক্ষণ দিয়া হৈছিল ।

    ইয়াৰ ভিতৰত আছিল ২৭৩ জনী মহিলা কমাণ্ডো , ১৫ জনী মহিলা উপ পৰিদৰ্শক, ২৬৯ জন উপ পৰিদৰ্শক আছিল।

    আনহাতে ভাৰতীয় সেনাৰ অসম আৰু মেঘালয়ৰ সাতোটা স্থানত থকা সেনাৰ সেনাৰ দক্ষ প্ৰশিক্ষক সকলে দিয়া ৪০ সপ্তাহৰ বিশেষ প্ৰশিক্ষণৰ পহিলা ছেপ্টেম্বৰত সামৰণি পৰে ।

    প্ৰশিক্ষণৰ কালচোৱাত তেওঁলোকক গেৰিলা যুদ্ধৰ কৌশল, সকলো ধৰণৰ বাধা নেওচিও শত্ৰুক পৰাজিত কৰা, আইন – শৃংখলা ৰক্ষাৰ লগতে আভ্যন্তৰিণ আৰু ৰাষ্ট্ৰ বিৰোধী শক্তিক চিনাক্ত কৰি পৰাজিত কৰা, হঠাৎ শত্ৰুৰ ওপৰত আক্ৰমণ কৰা আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল ।

    আনহাতে পহিলা ছেপ্টেম্বৰত সামৰণি অনুষ্ঠানত অসম আৰক্ষীৰ কমাণ্ডো জোৱান জোৱান সকলে বিভিন্ন কলা-কৌশল, সমৰকলা আদি সুন্দৰকৈ পৰিদৰ্শন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। অনুষ্ঠানত তেওঁলোকে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰে।

    আদিত্য এল-১ ত অংশীদাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ…

    আদিত্য L1ত অংশীদাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ জন্মেজয় সৰকাৰ ৷

    ই সূৰ্য আৰু পৃথিৱীৰ যি এল-১ নামৰ মধ্যকৰ্ষণ বিন্দু আছে সেই সম্পৰ্কে অধ্যয়ন কৰিব। মহাকাশযানখনৰ যাত্ৰাকালত গন্তব্যস্থল পাওতে সময় লাগিব ৪মাহ।

    আনহাতে প্ৰতিদিনে আদিত্য এল-১য়ে ১৪৪০ খন ফটো পৃথিৱীলৈ প্ৰেৰণ কৰিব। ইফালে সূৰ্যৰ পৰা ১৪৮.৫ মিলিয়ন কিলোমিটাৰ দুৰত্বত থাকি যানখনে অৱস্থান কৰিব।

    উল্লেখ্য যে,ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ’)ই যোৱা ২৮ আগষ্টত সূৰ্য অভিযান সম্পৰ্কে ঘোষণা কৰিছিল। ইছৰ’ৰ এই প্ৰকল্পটিত ২০১৫ চনৰ পৰাই জড়িত হৈ আছে অসমৰ ড০ ঐশ্বন্যা শৰ্মা। তেওঁ সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিব।

    দিল্লীত মধুৰ সময় অতিবাহিত কৰিছে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে…

    দিল্লীত মধুৰ সময় অতিবাহিত কৰিছে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে

    তাজমহলৰ সৌন্দৰ্যত বিলীন হৈ আলোকচিত্ৰ গ্ৰহণ কৰিছে কণ্ঠশিল্পী নাহিদ আফ্ৰিনে

    বগা ৰঙৰ সুন্দৰ সাজত আটক ধুনীয়া লাগিছে নাহিদক ।

    কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ অনুৰাগী সকলে সুন্দৰ কমেণ্ট কৰিছে সামাজিক মাধ্যমত

    নগাঁৱৰ বিশেষ কাৰাগাৰৰ পৰা মনোৱাৰ হুছেইন নামৰ আচামীৰ পলায়ন…

    নগাঁৱৰ বিশেষ কাৰাগাৰৰ আচামীৰ পলায়ন।

    চিকিৎসালয়লৈ নিয়াৰ পথৰ পৰাই পলায়ন মনোৱাৰ হুছেইন নামৰ আচামীটোৰ।

    POCSO আইনৰ অধীনত ২০ আগষ্টত হৈছিল গ্ৰেপ্তাৰ মনোৱাৰ।