Home Blog Page 1417

পাৱাৰ উইদাৰ ক্ৰয়ৰ নামত ৰাজ্যত আন এক ভয়ংকৰ কেলেংকাৰি ! কেলেংকাৰিৰ মূল খলনায়ক IAS আশীষ ভূটানী…

পাৱাৰ উইদাৰ ক্ৰয়ৰ নামত ৰাজ্যত আন এক ভয়ংকৰ কেলেংকাৰি
কেলেংকাৰিৰ মূল খলনায়ক IAS আশীষ ভূটানী


ছুকুন নামৰ হাৰিয়ানাৰ এটা কোম্পানীক ঠিকা দিয়াৰ অভিসন্ধি
১৫ হাজাৰ টকীয়া উইদাৰ ১ লাখ ৮০ হাজাৰ টকাত ক্ৰয় কৰাৰ ফন্দি
নির্দিষ্ট ঠিকাদাৰক ঠিকা দিয়াৰ ষড়যন্ত্ৰ আশীষ ভূটানীৰ


ষড়যন্ত্ৰ কৰি কোটি কোটি চৰকাৰী ধন লুটপাটৰ ফন্দি
বেটেৰীচালিত উইদাৰ দিয়াৰ গইনা লৈ ৰচিছে নাটক

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ গৌৰৱ গগৈৰ…

মুম্বাইত অনুষ্ঠিত সংসদৰ বিত্ত সমিতিৰ স্থায়ী সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে গৌৰৱ গগৈয়ে।

বৈঠকত ব্যক্তিগত খণ্ডৰ বিভিন্ন বেংকৰ মুৰব্বীসকল উপস্থিত আছিল।

মই উত্তৰ-পূব ভাৰতৰ উদ্যোগী, চাহ উদ্যোগ, আতিথ্য, শিক্ষা, স্বাস্থ্যসেৱা আৰু চি আৰ এছ প্ৰকল্পৰ বাবে ব্যক্তিগত বেংক সমুহক অধিক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে।

এসপ্তাহত বক্স অফিচত ৩০০ কোটি সংগ্ৰহ ‘গাদৰ ২’ৰ…

বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে ছানি দেওলৰ গাদাৰ ২ ছবিয়ে। মুক্তিৰ সপ্তমটো দিনতো ছবিখনে এক বৃহৎ উপাৰ্জন সংগ্ৰহ কৰিছে। এতিয়া এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত ৩০০ কোটিৰ ভৰত প্ৰৱেশ কৰিছে। ছানী দেওলৰ শেহতীয়া মুক্তি পোৱা ছবি ‘গাদাৰ ২’ই সঁচাকৈয়ে ভাৰতীয় বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। ছবিখনে দৰ্শকৰ পৰা যথেষ্ট মৰম লাভ কৰিছে, লগতে এই ‘গাদাৰ ২’য়ে প্ৰতিদিনে উপাৰ্জনৰ নতুন অভিলেখ গঢ়িছে।

সমগ্ৰ দেশৰ চিনেমাগৃহত ধুমুহাৰ সৃষ্টি কৰা ‘গাদৰ ২’ মুক্তিৰ মাত্ৰ ৬ দিনৰ ভিতৰতে ২৫০ কোটিৰো অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। একে সময়তে ছবিখন মুক্তিৰ সপ্তমটোৰ দিনত অৰ্থাৎ বৃহস্পতিবাৰৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যা অনুসৰি ২৩.২৮ কোটি টকা সংগ্ৰহ কৰিছে। ‘গাদৰ ২’ ছবিখনৰ মুঠ উপাৰ্জন এতিয়া ২৮৪.৬৩ কোটি টকালৈ বৃদ্ধি। ‘গাদৰ ২’ আৰু ছবিখনে এতিয়া ৩০০ কোটিৰ ক্লাবত প্ৰৱেশ কৰিবলৈ অলপ বাকী। এই সপ্তাহৰ শেষৰ ফালে ছবিখনে এই সংখ্যা অতিক্ৰম কৰিব আশা কৰা হৈছে।

আপোনালোকক কওঁ যে ‘গাদৰ ২’ ‘পাথান’ৰ পিছতে ২০২৩ বৰ্ষৰ দ্বিতীয় সৰ্বাধিক ঘৰুৱা উপাৰ্জনকাৰী হিচাপে পৰিগণিত হৈছে।


এমাহৰ বাবে ত্যাগ কৰক মিঠাই! চাওক আপুনি আপোনাৰ শৰীৰৰ পৰিৱৰ্তন…

এমাহৰ বাবে ত্যাগ কৰক মিঠাই! চাওক আপুনি আপোনাৰ শৰীৰৰ পৰিৱৰ্তন। মিঠা নোহোৱাকৈ জীয়াই থকাটো বহুতৰে বাবে অসম্ভৱ, কিন্তু যদি আপুনি মাত্ৰ এমাহ চেনি নোখোৱাকৈ থাকে তেন্তে ই আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। বহুতৰে দুৰ্বলতা, বহুতে ইচ্ছা কৰিও মিঠাই, আইচক্ৰীম, পেষ্ট্ৰি কেকৰ লোভ এৰিব নোৱাৰে। আজি আমি আপোনালোকক জনাম এমাহৰ বাবে বগা চেনি আৰু চেনীৰ পৰা তৈয়াৰী বস্তু খোৱা বন্ধ কৰিলে শৰীৰৰ কি পৰিৱৰ্তন হ’ব-


আমি সকলোৱে এই কথা জানো যে অধিক চেনি খালে আপোনাৰ ওজন বৃদ্ধি হয়, গতিকে যেতিয়া আপুনি চেনি খোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব তেতিয়া পেটৰ চৰ্বি কমিবলৈ আৰম্ভ কৰিব।


ডায়েবেটিছ ৰোগীৰ বাবে চেনি অতি অপকাৰী।


চেনি খালে অতিৰিক্ত শক্তি পোৱা যায় যদিও অতিৰিক্তভাৱে সেৱন কৰিলে ই শৰীৰৰ বাবে অপকাৰী হ’ব।

এমাহৰ বাবে বগা চেনি এৰি দিলে আপোনাৰ শৰীৰলৈ পৰিৱৰ্তন আহিব পাৰে। কিন্তু ই মাত্ৰ আৰম্ভণিহে হ’ব। সুস্থ জীৱনশৈলী আৰু সুষম খাদ্যৰ দ্বাৰা এই পৰিৱৰ্তন দীৰ্ঘদিন ধৰি বজাই ৰাখিব পাৰি। যদি আপুনি আপোনাৰ শাৰীৰিক স্বাস্থ্য উন্নত কৰিব বিচাৰে তেন্তে বগা চেনিৰ সেৱন কমাই স্বাস্থ্যসন্মত জীৱনশৈলী গ্ৰহণ কৰিবলৈ চেষ্টা কৰক।

এবটল তেজৰ অভাৱতেই মৃত্যু হ’ল নেকি বিশিষ্ট শিক্ষাবিদ তথা অধ্যাপক দেৱেন দত্তৰ…

দেৱেন দত্তৰ বিয়োগৰ ঘটনাৰ নতুন মোৰ।

ৰাতি ব্লাড বেংকত তেজ বিচাৰি পোৱা নাছিল ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ তদন্ত ঘোষণা।

তিনিগৰাকীকৈ চিকিৎসক অধ্যাপকক তদন্তৰ দায়িত্ব।

কাৰ ভুলৰ বাবে বিচৰা তেজ দিব নোৱাৰিলে এই সকলো তদন্ত কৰিব চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত লাখে লাখে টকা উদ্ধাৰ…

দুৰ্নীতিগ্ৰস্ত বিষয়া মনোজ কুমাৰ শইকীয়াৰ বাসগৃহত লাখে লাখে টকা উদ্ধাৰ ৷

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত জব্দ প্ৰায় ৪৫.৫৪ লাখ টকা৷

হাফলঙত উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল শইকীয়া ৷

আজি ছাঁবিহীন হৈ যাব সকলোবোৰ ! কোনো বস্তুৰেই ছাঁ নেদেখিব আপুনি…

Protesters cast a shadow as they march on a street

বেংগালুৰুৱে আজি ২০২৩ চনত দ্বিতীয়বাৰৰ বাবে শূন্য ছাঁ দিৱস নামেৰে জনাজাত আকাশী জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাটোৰ সাক্ষী হ’বলৈ সাজু হৈছে। নিশা ১২:২৪ বজাত জ্যোতিৰ্বিজ্ঞানী আলোক মাণ্ডৱগানে আহি পোৱা সময়, চহৰখনে এক আকাশী ক্ষন্তেকীয়া মুহূৰ্তৰ অভিজ্ঞতা লাভ কৰিব যেতিয়া সূৰ্য্য হ’ব পোনে পোনে মূৰৰ ওপৰত স্থাপন হ’ব।

এই সময়ছোৱাত খুঁটা, লাঠি, আনকি মানুহেও মাটিত কোনো ধৰণৰ ছাঁ পেলাব নোৱাৰে। যেতিয়া সূৰ্য্যই শিখৰত উপনীত হ’ব, তেতিয়া আপুনি জপিয়াই নোযোৱালৈকে আপোনাৰ ছাঁটো দেখা নাপাব।

বৈজ্ঞানিকভাৱে শূন্য ছাঁ দিৱস বছৰত দুবাৰকৈ এনে ঠাইত ঘটে যিবোৰ ট্ৰপিক অৱ কেন্সাৰ আৰু ট্ৰপিক অৱ কেপ্ৰিকৰ্ণৰ মাজত পৰে, যিয়ে ২৩.৫ আৰু -২৩.৫ ডিগ্ৰী অক্ষাংশ সামৰি লয়।

Protesters cast a shadow as they march on a street

চলিত বৰ্ষৰ আৰম্ভণিতে বেংগালুৰুৱে ১৮ এপ্ৰিলত শূন্য ছাঁ দিৱসৰ সন্মুখীন হৈছিল, উল্লেখযোগ্য মুহূৰ্তটো ঘটিছিল নিশা ১২.১৭ বজাত যেতিয়া উলম্ব বস্তুবোৰৰ ছাঁৰ ক্ষণিকৰ বাবে অভাৱ হৈছিল। একেদৰে হায়দৰাবাদত ৩ আগষ্টৰ নিশা ১২:২৩ বজাত আৰু ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ৯ মে’ত এই পৰিঘটনা পৰ্যবেক্ষণ কৰা হৈছিল।

ৰঙিয়াত ৮ মহীয়া অন্তঃসত্বা মহিলাৰ আত্মহননৰ ঘটনাৰ সন্দৰ্ভত স্বামী প্ৰাণজিতক আটক…

ৰঙিয়াৰ মহিলা আত্মহত্যা ঘটনাৰ সন্দৰ্ভত স্বামী প্ৰাণজিতক আটক ।

ৰঙিয়াত ৮ মহীয়া অন্তঃসত্বা মহিলাৰ আত্মহত্যা ঘটনাক লৈ চাঞ্চল্য অব্যাহত ।

পৰিয়ালৰ লোকৰ গোচৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী প্ৰাণজিত শৰ্মাক ।

অভিযুক্ত প্ৰাণজিত শৰ্মাক নিজৰ ঘৰৰ পৰা ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

ঘটনা সন্দৰ্ভত একো মুখ খোলা নাই স্বামী প্ৰাণজিত শৰ্মাই ।

পৰকীয়া প্ৰেমৰ বাবেই হত্যাৰ অভিযোগ প্ৰাণজিতৰ ওপৰত ।

সমগ্ৰ ঘটনাৰ তদন্ত চলাই আছে আৰক্ষীয়ে ।

ৰঙিয়াত দাম্পাৰে মহতিয়ালে চাইকেল আৰোহীক ! গুৰুতৰ ভাবে আহত এজন…

No casualties were reported. The injured are under treatment at a private hospital in Mundakayam. Representational image.

ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা ।ৰঙিয়াৰ আই অ চিৰ পেট্ৰল পাম্পৰ সমীপত সংঘটিত হ’ল দুৰ্ঘটনা । নলবাৰীৰ পৰা বাইহাটা অভিমুখে গৈ থকা ডাম্পাৰে খনে মহতিয়ালে চাইকেল আৰোহীক ।

No casualties were reported. The injured are under treatment at a private hospital in Mundakayam. Representational image.

গুৰুতৰ ভাবে আহত চাইকেল আৰোহীজন হৈছে কেকেনীকুছিৰ যোগেশ্বৰ নাথ । ইফালে দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন ডাম্পাৰৰ চালক হেণ্ডিমেনৰ । ডাম্পাৰখনৰ নম্বৰ AS 25 EC 8255 । স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আহত ব‍্যক্তি গৰাকীক সংকটজনক অৱস্থাত ততাতৈয়াকৈ স্থানীয় ব‍্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই ।

No casualties were reported. The injured are under treatment at a private hospital in Mundakayam. Representational image.

ইফালে ঘটনাস্থলীত উপস্থিত স্থানীয় ৰাইজে ঘটনাটোৰ পিছত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে ক্ষোভ উজাৰে । বিগত প্ৰায় ছয় মাহৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম চলি থকা বাবে পথচোৱাৰে যাত্ৰী সকলৰ যাতায়ত বিপদসংকুল হৈ পৰিছে । প্ৰাধিকৰণে নিৰ্মাণ কাৰ্য চলি থকাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ বাবে অন্য এটা বিকল্প পথৰ ব‍্যৱস্থা কৰিব লাগিছিল । কিন্তু বিকল্প উপপথৰ ব‍্যৱস্থা নথকাৰ বাবেই এনে ধৰণৰ সৰু বৰ দুৰ্ঘটনা প্ৰায়েই সংঘটিত হৈ থাকে ।

বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…

বিশিষ্ট শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে- “প্ৰথিতযশা শিক্ষাবিদ, লেখক, সমাজকৰ্মী দেৱেন দত্তদেৱৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ। অসমৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত জনহিতাৰ্থে সক্ৰিয় ভূমিকা পালন কৰাৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনৰ অৰ্থে তেখেত সদায় সচেতন আছিল। তেখেতৰ বিয়োগ জাতীয় জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।

সবল ব্যক্তিত্বৰ অধিকাৰী দত্তদেৱৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকস্তব্ধ নিকটাত্মীয় আৰু গুণমুগ্ধসকললৈ মোৰ গভীৰ সমবেদনা জনালোঁ। ঔঁ শান্তি!”