Home Blog Page 1418

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি…

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি।

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৰু মহকুমা কৃষি বিষয়া, তামুলপুৰৰ সহযোগত তামুলপুৰৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কালচেনীত ছয়াবিনৰ খেতি আৰম্ভ কৰা হয়।

বন্তি প্ৰজ্বলন আৰু ফিটা কাটি এই প্ৰদৰ্শন মূলক খেতি মুকলি কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী আৰু বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভাই।

প্ৰায় ৪০ বিঘা ভূমিত স্থানীয় জৌগালো কৃষক গোটে প্ৰদৰ্শন মূলক ভাৱে কৰা এই ছয়াবিন খেতিয়ে বিটিআৰৰ কৃষক সকলৰ মাজত নতুন কৃষি বিপ্লৱ আৰম্ভ হ’ব বুলি আশা কৰিছে।

পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইৰ…

পদত্যাগ কৰাৰ সম্ভাৱনা প্ৰাক্তন মন্ত্ৰী ৰাজেন গোহাঁইৰ।

বিজেপিত তীব্ৰতৰ ন-পুৰণিৰ সংঘাত।

কেবিনেট মৰ্যাদা এৰাৰো সম্ভাৱনা প্ৰাক্তন সাংসদ ৰাজেন গোঁহাইৰ।

অসম খাদ্য আৰু অসামৰিক যোগান নিগমৰ অধ্যক্ষৰ লগতে কেবিনেট মৰ্যদাত আছিল প্ৰাক্তন সাংসদ ৰাজেন গোঁহাই।

দিনৰ ১ বজাত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কথা আছে পদত্যাগ পত্ৰ।

পদত্যাগৰ পিছতে সংবাদ মাধ্যমক সম্বোধন কৰাৰ কথা গোঁহাইয়ে।

এই ৭টা বস্তু হৃদযন্ত্ৰ আৰু মগজুৰ বাবে অতি উপকাৰী….

হৃদযন্ত্ৰ আৰু মগজুৰ স্বাস্থ্যই আমাৰ সামগ্ৰিক সুস্থতা আৰু দীৰ্ঘায়ুৰ বাবে গুৰুত্বপূৰ্ণ অৰিহণা যোগায়। হৃদযন্ত্ৰ আৰু মগজু ইটোৱে সিটোৰ লগত জড়িত আৰু ইয়াৰ সংমিশ্ৰণে আমাৰ শাৰীৰিক আৰু মানসিক সুস্থতাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, যাৰ ফলত আমি জীৱনটো সম্পূৰ্ণৰূপে জীয়াই থাকিব পাৰো। আজি আমি আপোনালোকক ৭ টা খাদ্য সামগ্ৰীৰ বিষয়ে ক’ম। যিবোৰ খাদ্য গ্ৰহণ কৰিলে আমাৰ হৃদযন্ত্ৰ আৰু মনৰ স্বাস্থ্য সুস্থ কৰি তোলাত সহায় কৰিব-


মাছ
মাছত অত্যাৱশ্যকীয় ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰে আৰু মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও মাছত প্ৰ’টিনও থাকে যিয়ে পেশীবোৰক শক্তিশালী কৰে।


খেজুয়ে স্বাস্থ্যকৰ আঁহ, পটাছিয়াম, আৰু খনিজ পদাৰ্থ প্ৰদান কৰে। যিবোৰ হৃদযন্ত্ৰৰ বাবে উপকাৰী আৰু মগজুৰ বিকাশ কৰে।

এভোকেডো
এভোকেডোত স্বাস্থ্যকৰ মনোআনচেকাৰাইড চৰ্বি থাকে যিয়ে হৃদযন্ত্ৰৰ স্বাস্থ্য বৃদ্ধি কৰে আৰু মগজুৰ বাবেও উপকাৰী।

বাদাম
আলমণ্ড, আখৰোট, চিয়া বীজ আৰু লিনচিড আদিত ওমেগা-৩ ফেটি এচিড, প্ৰ’টিন, এন্টিঅক্সিডেন্টৰ উত্তম উৎস, যিবোৰ হাৰ্টৰ বাবে উপকাৰী।

কণী
কণীত প্ৰ’টিনৰ পৰিমাণ বেছি, আনহাতে ই ওমেগা-৩ ফেটি এচিডকে ধৰি স্বাস্থ্যকৰ চৰ্বিও প্ৰদান কৰে কণীয়ে। গতিকে আপোনাৰ খাদ্যত কণী অন্তৰ্ভুক্ত কৰিব পাৰে।


ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত তামুলপুৰত ছয়াবিন খেতিৰ আৰম্ভণি

ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত আৰু মহকুমা কৃষি বিষয়া,তামুলপুৰৰ সহযোগত বৃহস্পতিবাৰে তামুলপুৰৰ শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কালচেনীত ছয়াবিনৰ খেতি আৰম্ভ কৰা হয়।

বন্তি প্ৰজ্বলন আৰু ফিটা কাটি এই প্ৰদৰ্শন মূলক খেতি মুকলি কৰে তামুলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ কাৰ্যবাহী সদস্য ৰণেন্দ্ৰ নাৰ্জাৰী আৰু বিটিআৰৰ পাৰিষদ হেমন্ত কুমাৰ ৰাভাই।

প্ৰায় ৪০ বিঘা ভূমিত স্থানীয় জৌগালো কৃষক গোটে প্ৰদৰ্শন মূলক ভাৱে কৰা এই ছয়াবিন খেতিয়ে বিটিআৰৰ কৃষক সকলৰ মাজত নতুন কৃষি বিপ্লৱ আৰম্ভ হ’ব বুলি আশা কৰা হৈছে।

-প্ৰসাদ দাস, তামুলপুৰ

মৈৰাবাৰীৰ ধিংত ড্ৰাগছ আসক্তৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ…

মৈৰাবাৰীৰ ধিঙত ড্ৰাগছ আসক্তলোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত।

সদায় ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লৈ প্ৰশংসা বুটলিবলৈ সক্ষম ভাৰত স্কাউড এণ্ড গাইড আৰু মৈৰাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰ।

আজি ভাৰত স্কাউড এণ্ড গাইড আৰু মৈৰাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰৰ সহযোগত আৰু নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত মৈৰাবাৰীৰ কাষৰীয়া নিজ ধিংত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়।

বৃহত্তৰ মৈৰাবাৰী আশে-পাশে থকা এলেকা সমূহত বিগত কিছু বছৰ ধৰি নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰিছে। শ শ যুৱক এই নিষিদ্ধ ড্ৰাগছৰ কৱলত পৰি ধ্বংস কৰিছে নিজৰ বহুমূলীয়া জীৱন। ড্ৰাগছ আসক্ত যুৱক নামি পৰিছে চুৰি, ডকাইতি আদিৰ দৰে জঘন্য অপৰাধত।

তেনে যুৱক যুৱতী সকলক সুপথলৈ ঘূৰাই আনিবলৈ মৈৰাবাৰী আদৰ্শ নিচামুক্তি কেন্দ্ৰ,ভাৰত স্কাউড এণ্ড গাইডে যৌথ বাবে সহযোগ কৰি নগাঁও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত নিজ ধিংত এখনি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে।

বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰটোত অঞ্চলটোৰ দুই শতাধিক নিচাযুক্ত দ্ৰব্যৰ আসক্ত লোকে নিজৰ স্বাস্থ্যপৰীক্ষা কৰাই বিনামূলীয়া ঔষধ গ্ৰহণ কৰে।

তামুলপুৰত মৰেল পুলিচৰ ঘটনা। চোৰৰ সন্দেহত প্ৰাণ ল’লে যুৱকৰ…

.

তামুলপুৰত মৰেল পুলিচৰ ঘটনা।

চোৰৰ সন্দেহত এজন যুৱকক মাৰধৰ কৰি হত্যা ।

নিহত যুৱক জন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্ৰহ্ম ৷

তিনিপুখুৰী গাঁৱত এই ঘটনা সংঘটিত হৈছে ৷

ঘটনাস্থলীত তামুলপুৰ আৰক্ষীৰ দল উপস্থিত ৷

অভিযুক্ত বলাই দাস সম্প্ৰতি পলাতক ৷

অঞ্চলজুৰি চেপা উত্তেজনা অব্য়াহত, তামুলপুৰ আৰক্ষীৰ তদন্ত আৰম্ভ ৷

মৃত বিনোদ ব্ৰহ্মক বলাই দাসে ৰচিৰে তামোল গছত বান্ধি মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ।

১০২ বছৰীয়া বৃদ্ধাক কান্ধত তুলি শ্মশানলৈ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক

এক মানৱীয় ৰূপত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, লগত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। মৰিগাঁৱৰ দন্দুৱাৰ প্ৰবীণ নিবাসী তথা ১০২ বছৰীয়া আইতা পদ্মাৱতী ডেকাৰ মৃত্যু হোৱাৰ পিছত আজি দিনৰ ভাগত শেষকৃত্য তথা শ্ৰদ্ধাঞ্জলি জনাবলৈ আহি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই পালন কৰিলে এক মানৱীয় ধৰ্ম। পুত্ৰৰ দৰে মাতৃক একান্ধ লৈ মাতৃ গৰাকীক জনালে শ্ৰদ্ধাঞ্জলি ।

দৰাচলতে এই গৰাকীৰ পদ্মাৱতী ডেকা আছিল স্বাধীনতা সংগ্ৰামী। কেইদিনমানৰ পূৰ্বে এই গৰাকী অস্বীকৃত মুক্তি যুঁজাৰোৰ খবৰ লবলৈ গৈছিল মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস।আৰু অৱশেষত নিজেই কান্ধত তুলি ল’লে স্বাধীনতা সংগ্ৰামী আইতাগৰাকীৰ মৃতদেহ। লগত সহযোগ কৰিলে আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে।

দহটি সন্তানৰ পিতৃ ইলন মাস্কে এক কোটি ডলাৰ আগবঢ়ালে জনসংখ্যা গৱেষণা প্ৰকল্পলৈ…

১০টা সন্তানৰ পিতৃ ইলন মাস্ক টুইটাৰৰ বাবে সদায় শিৰোনামত থাকে। শেহতীয়াকৈ টেছলাৰ চিইঅ’ ইলন মাস্কে আমেৰিকাৰ টেক্সাছৰ উৰ্বৰতা আৰু জনসংখ্যা গৱেষণা প্ৰকল্পলৈ এক কোটি ডলাৰ অনুদান আগবঢ়াইছে। আনহাতে চিনাকি মানুহক অধিক সন্তান জন্ম দিবলৈ আহ্বান জনাইছে মাস্কে।

মাস্কৰ মতে পুঁজি আইকিউৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ধনী ব্যক্তিসকলক যিমান পাৰি সিমান সন্তান জন্ম দিবলৈ আহ্বান জনাইছে। দৰাচলতে মাস্কে এবাৰ টুইট কৰিছিল, ‘অসংখ্য জনসংখ্যাৰ সংকটত সহায় কৰিবলৈ মই যৎপৰোনাস্তি চেষ্টা কৰিছো। জন্মৰ হাৰ হ্ৰাস পোৱাটোৱেই সভ্যতাৰ বাবে এতিয়ালৈকে আটাইতকৈ ডাঙৰ ভাবুকি।’ ইলন মাস্ক প্ৰায়ে নিজৰ টুইটৰ বাবে সদায় শিৰোনামত থাকে। ২০২২ চনৰ ৭ জুলাইত তেওঁৰ এটা টুইটত ধেমালিতে লিখিছিল যে জন্মৰ হাৰ হ্ৰাস পোৱাটো সভ্যতাৰ বাবে এক ডাঙৰ ভাবুকি। এই সময়ত তেওঁ অধিক সন্তান জন্ম দিয়াৰ সন্দৰ্ভত কৈছিল যে পৰিৱেশৰ বাবে অধিক সন্তান জন্ম দিয়াটোৱেই ভাল।


চন্দ্ৰযান ৩ৰ পৰা সফলতাৰে পৃথক হ’ল লেণ্ডাৰ বিক্ৰম

মহাকাশযানৰ পৰা সফলতাৰে পৃথক হৈছে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ।

২৩ আগষ্টত লেণ্ডাৰ আৰু ৰভাৰখন চন্দ্ৰত অৱতৰণ হোৱাৰ সম্ভাৱনা আছে।

ইয়াৰ পূৰ্বে ইছৰোৰ মুৰব্বী এছ সোমনাথে কয় যে সকলো চেন্সৰ আৰু দুটা ইঞ্জিনে কাম নকৰিলেও বিক্ৰমে চন্দ্ৰত চফ্ট লেণ্ডিং কৰিব পাৰিব৷

খুশী মিউজিকেল কনচাৰ্টত প্ৰাক্তন স্বামীৰ গান শুনি দুচকু সেমেকি উঠিল সামান্থাৰ…

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থাৰ এটা ভিডিঅ’। স্বাধীনতা দিৱসৰ দিনা খুশী ছবি খনৰ নিৰ্মাতাসকলে আয়োজন কৰিছিল এক বিশেষ অনুষ্ঠান। এই খুশীৰ মিউজিকেল কনচাৰ্টত হঠাতে নাগা চৈতন্যৰ এটা গান বাজি উঠিল, যি গান শুনি শুনি আৱেগিক হৈ পৰিছিল সামান্থা। ভিডিঅ’টোত দেখা গৈছে যে সামান্থাই চকুপানী ৰখাবলৈ চেষ্টা কৰিছে। কিয়নো এই গীতটিত অভিনয় কৰিছিল সামন্থা প্ৰাক্তন স্বামী নাগা চৈতন্যই। সামান্থাক আৱেগিক হোৱা দেখি অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকল আচৰিত হৈ পৰিছিল।

খুশী ছবিখন পৰিচালনা কৰিছে শিৱ নিৰ্বাণে। যিখন এখন ৰোমান্টিক কমেডী ছবি। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিজয় দেৱেৰাকোণ্ডা আৰু সামান্থাই। চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব এই ছবি খনে। পূৰ্ণ গতিত চলি আছে ছবিখনৰ প্ৰচাৰ। স্বাধীনতা দিৱসৰ বিশেষ উপলক্ষে ছবিখনৰ নিৰ্মাতাসকলে এক কনচাৰ্টৰ আয়োজন কৰিছিল। এই কনচাৰ্টতে হঠাত নাগা চৈত্যনৰ অভিনীত এটা গান বাজি উঠিছিল আৰু সেই গানটো শুনি কিছু সময়ৰ বাবে সামান্থা আৱেগিক হৈ পৰিছিল।