Home Blog Page 1419

কিছুমান স্বভাৱৰ বাবে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ’ব পাৰে…

ভাল-বেয়া দুয়োটায়ে মানুহৰ স্বভাৱ। আপোনাৰ গাত থকা কিছুমান স্বভাৱে আপোনাক আৰ্থিক ভাৱে দুৰ্বল কৰি তুলিব পাৰে। পৰাপক্ষত এই বেয়া অভ্য়াসবোৰ এৰাই চলিবলৈ চেষ্টা কৰিব। হিন্দু ধৰ্মৰ অন্যতম মহান পুৰাণ গৰুড় পুৰাণত ভগৱান বিষ্ণুৱে এজন ব্যক্তিৰ এনে কিছুমান অভ্যাসৰ কথা কৈছিল।যাৰ বাবে এজন ব্যক্তি হয়তো দৰিদ্ৰতাৰ সন্মুখীন হ’ব পাৰে। আহক আমি জানি লওঁ গৰুড় পুৰাণৰ মতে এজন ব্যক্তিৰ কেনেধৰণৰ অভ্যাসে জীৱনলৈ বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে-

গৰুড় পুৰাণৰ মতে কামত পাল মৰা মানুহৰ চৰত লক্ষ্মী কেতিয়াও নাথাকে। এনে মানুহ এলেহুৱা বা যিকোনো কাম কৰি জীৱনটো চলাই নিয়ে সেইবাবেই জীৱনত কেতিয়াও আগবাঢ়িব নোৱাৰে।

গৰুড় পুৰাণত কোৱা হৈছে যে যদি কোনো ব্যক্তিয়ে দেৰিলৈকে শুই থাকে তেন্তে তেওঁৰ সমস্যা কেতিয়াও শেষ নহয়। গতিকে দেৰিলৈকে শুই থকা অভ্যাস সলনি কৰক।

গৰুড় পুৰাণৰ মতে ৰাতিৰ আহাৰ খোৱাৰ পিছত লেতেৰা বাচন-বৰ্তন এৰিব নালাগে। এনে পৰিস্থিতিত গৃহ দোষৰ বিপদ বাঢ়ি যায় আৰু একে সময়তে লক্ষ্মীৰো খং উঠে। যাৰ কাৰণে ঘৰত আৰ্থিক সমস্যা বাঢ়ি যায়।

গৰুড় পুৰাণৰ মতে কোনো ব্যক্তিয়ে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই নাৰাখিলেও লক্ষ্মীয়ে তেওঁৰ ওপৰত খং কৰে। সেইবাবেই পৰিষ্কাৰ কাপোৰ পিন্ধক আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখক।

বৃদ্ধি পাইছে বিবাহ বিচ্ছেদৰ গোচৰ। সমীক্ষাত প্ৰকাশ পাইছে বিচ্ছেদৰ আচৰিত কাৰণ…

আমেৰিকাত বিবাহ বিচ্ছেদৰ গোচৰ বৃদ্ধি পাইছে। এক সমীক্ষাত প্ৰকাশ পাইছে বিবাহ বিচ্ছেদৰ আচৰিত কাৰণ। আমেৰিকাত ২০২১ চনৰ ভিতৰত ৬৮৯,৩০৮টা বিবাহ বিচ্ছেদ হৈছিল। শেহতীয়াকৈ ফৰ্বছ এডভাইজাৰে এক অধ্যয়ন চলাইছে য’ত বিবাহ বিচ্ছেদৰ কাৰণৰ বিষয়ে আলোচনা কৰা হৈছে। বেছিভাগ বিবাহ বিচ্ছেদ (৭৩%) মাত্ৰ এটা পক্ষই আৰম্ভ কৰে। মাত্ৰ ২৭% লোকেহে বিবাহ বিচ্ছেদৰ সিদ্ধান্তত দুয়োজনেই জড়িত বুলি ইংগিত দিছে। এটা আচৰিত ধৰণৰ ধাৰা ওলাইছে যে বেছিভাগ বিবাহ বিচ্ছেদ বিবাহৰ তৃতীয় আৰু সপ্তম বছৰৰ ভিতৰত হয়, মাত্ৰ ৪% দম্পতীয়েহে এদশক একেলগে থকাৰ পিছত পৃথক হোৱাৰ সিদ্ধান্ত লয়। বিবাহ বিচ্ছেদ হোৱা ব্যক্তিৰ ৯২% চিনাকি লোকেও বিবাহ বিচ্ছেদৰ অভিজ্ঞতা লাভ কৰিছে।


বিবাহ বিচ্ছেদৰ মাজেৰে পাৰ হোৱা আধাতকৈ অধিক (৬৩%) লোকে বিশ্বাস কৰে যে বিবাহৰ প্ৰতিশ্ৰুতি আৰু দায়িত্বৰ বিষয়ে ভালদৰে বুজি পালে সম্ভাৱনাময় তেওঁলোকৰ বিচ্ছেদৰ পৰা ৰক্ষা পৰিল হেঁতেন। অৱশ্যে
বিবাহ বিচ্ছেদৰ অন্যান্য কাৰণো আছে। সেই কাৰণ সমূহ হৈছে ঘনিষ্ঠতাৰ অভাৱ, অত্যধিক কাজিয়া, আৰ্থিক আৰু মানসিক চাপ। কিছু নীতি-নিয়ম মানি চলাটোৱে বিবাহ বিচ্ছেদৰ পৰা আঁতৰি থকাৰ মূল চাবিকাঠি। সমীক্ষাটোত প্ৰকাশ পাইছে যে ইজনে সিজনৰ প্ৰতি আগ্ৰহৰ অভাৱ, ইজনে সিজনক এৰাই চলাটোৱেই হৈছে বিবাহ বিচ্ছেদৰ আটাইতকৈ সাধাৰণ সতৰ্কবাণী।

অৰুণাচলত নিৰুদ্দেশ লংকাৰ ২৪ বছৰীয়া এজন যুৱক…

অৰুণাচলত নিৰুদ্দেশ লংকাৰ ২৪ বছৰীয়া এজন যুৱক। লংকা থানাৰ অন্তৰ্গত ১ নং শ্বামবাৰি গাঁৱৰ আব্দুল কালামৰ ২৪ বছৰীয়া পুত্ৰ আমিৰ হামজা নিৰুদ্দেশ। জানিব পৰা মতে যোৱা ১৪ জুন তাৰিখে কৰ্মসূত্ৰে অৰুণাচলত গৈছিল ইয়াৰ পিছতে ২৬ জুন তাৰিখে কৰ্মস্থলীৰ পৰা সতীৰ্থ আব্বাছ আলীয়ে নিৰুদ্দেশ হোৱা বুলি পৰিয়ালৰ লোকক জনায়। এতিয়া পৰিয়ালৰ মাজত কান্দোনৰ ৰোল উঠিছে। ২৪ বছৰীয়া যুৱক জন নিৰুদ্দেশ হোৱাত পৰিয়ালৰ লোক চিন্তিত হৈ কাষ চাপিছে সংবাদমাধ্যমৰ।

পৰিয়ালৰ মানুহে বিভিন্ন ঠাই তথা অসম আৰক্ষীৰ লগতে অৰুণাচল আৰক্ষীক এজাহাৰ দাখিল কৰিছে যদিও এতিয়ালৈকে আৰক্ষীৰ ফালৰপৰা কোনোধৰণৰ সহাঁৰি পোৱা নাই অসহায় মাতৃ তথা পৰিয়ালৰ লোকে । মাতৃ তথা পৰিয়ালৰ সন্দেহ সতীৰ্থ কেইজনৰ লগতে ঠিকাদাৰ ওপৰত। কোনোৱে যদি ক’ৰবাত আমিৰ হামজাক লগ পায় 9864690735 নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ মাতৃয়ে অনুৰোধ জনায়। এতিয়া অসমৰ আৰক্ষীৰ লগতে অৰুণাচল আৰক্ষীৰ তদন্তৰ পিছতে পোহৰলৈ আহিব সম্পূৰ্ণ ঘটনা।

বেষ্ট ডেডৰ বেলুনেৰে ছেইফ আলী খানক জন্মদিনৰ শুভেচ্ছা জনালে ছাৰা-ইব্ৰাহিমে…

বেষ্ট ডেডৰ বেলুন লৈ ছেইফ আলী খানক জন্মদিনৰ শুভেচ্ছা জনালে ছাৰা আৰু ইব্ৰাহিমে। পিতৃৰ জন্মদিনত আটাইতকৈ বিশেষ উপহাৰটো দিলে ছাৰা আৰু ইব্ৰাহিমে।ফটো চাওক-

পিতৃ ছেইফৰ ৫৩ বছৰীয়া জন্মদিনত কন্যা ছাৰা আলী খান আৰু পুত্ৰ ইব্ৰাহিম উপস্থিত হয় ছেইফ আৰু কৰীনাৰ ঘৰত। তেওঁলোকে দেউতাকলৈ আনিছিল এটা বিশেষ উপহাৰ। উপহাৰটো আছিল এটা বেলুন, যাৰ ওপৰত লিখা আছিল – ‘বেষ্ট ডেড’। ‘বেষ্ট ডেড’ বেলুনৰ সৈতে চাৰি সন্তানৰ সৈতে ফটোৰ বাবে প’জ দিলে ছেইফ আলী খানে।

ৰাতিপুৱা একাপ কফিৰে আৰম্ভ কৰক দিনটো…

ৰাতিপুৱা একাপ কফি খালে আপোনাৰ স্বাস্থ্যই বহু উপকাৰ লাভ কৰিব। ভাৰতীয় মানুহে ৰাতিপুৱাৰ আৰম্ভণি চাহ একাপ খাই। ৰাতিপুৱা যদি একাপ আচৰিত কফি বা চাহ পোৱা যায়, তেন্তে দিনটো সম্পূৰ্ণ হৈ পৰে। কেৱল এয়াই নহয়, অফিচৰ কামত ব্যস্ত হৈ থকাৰ সময়তো সতীৰ্থৰ লগত কফি বা চাহ খাই ভাল পায়। কিন্তু আজি আমি আপোনালোকক জনাম যে ৰাতিপুৱা একাপ কফি সেৱন কৰিলে কি কি লাভ হয়। আপুনি নিশ্চয় ৰাতিপুৱা কফি খোৱাৰ অসুবিধাৰ বিষয়ে শুনিছে, কিন্তু আজি আমি কফি খোৱাৰ উপকাৰিতাৰ বিষয়ে ক’ম-

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কফি সেৱনে আমাৰ মগজুক শক্তিশালী কৰে। কফিত এন্টিঅক্সিডেন্ট পোৱা যায়, যিয়ে আমাৰ মগজুৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰে। ৰাতিপুৱা কফি খালে আপোনাৰ স্মৃতিশক্তি ভাল হয়।

যদি আপুনি মেদবহুলতাৰ বলি হৈছে তেন্তে কফি খোৱাটো আপোনাৰ বাবে অতি উপকাৰী। ৰাতিপুৱা একাপ কফি খালে ওজন দ্ৰুতভাৱে হ্ৰাস পাব পাৰে আৰু মেদবহুলতাৰ পৰা মুক্তি পাব পাৰে। ক্ল’ৰ’জেনিক এচিড কফিত পোৱা যায়, যাৰ ফলত শৰীৰত মেদবহুলতাৰ গুণ বৃদ্ধি হোৱাত বাধা দিয়ে।

ব্ৰেকফাষ্টৰ লগত কফি একাপ খাব লাগিব। কাৰণ ইয়াৰ ফলত গোটেই দিনটো শৰীৰত যথেষ্ট শক্তি পোৱা যায়। ৰাতিপুৱা কফি খালে গোটেই দিনটো আপোনাক শক্তিশালী কৰি ৰখাত সহায় কৰে। গতিকে ইচ্ছা কৰিলে ৰাতিপুৱা ব্লেক কফি বা নৰ্মেল কফি সেৱন কৰিব পাৰে।

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ আৰু মইনাপৰীয়া নামঘৰত আশীৰ্বাদ ল’লে মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাই…

বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা। উক্ত ভ্ৰমণসূচীত কেবাটাও কাৰ্যসূচী অন্তভুক্ত কৰিছে। বুধবাৰে অসম কৃষি বিশ্ববিদ্যালয় উপস্থিত হৈ এখন সভাত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাট নগৰত নিৰ্মিত প্ৰথমখন যোৰহাট নগৰ আৰু ন আলি সংযোগী উৰণীয়া সেতু উদ্বোধন কৰে। তাৰ পাছতে বিয়লি ভাগত পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ মূল তোৰণ,অতিথি ভৱন আৰু মইনাপৰীয়া নামঘৰত নেদেখাজনৰ চৰণত সেৱা লয়।উল্লেখযোগ্য যে চাৰিলেনযুক্ত পথ সম্প্ৰসাৰণৰ বাবে পূৰ্বে ঢেকীয়াখোৱা বৰনামঘৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাঁতিত থকা মূল তোৰণখন ভাঙি নতুনকৈ অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে আৰু উক্ত নৱনিৰ্মিত তোৰণখন আৰু অতিথি ভৱনটি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰাক লৈ এতিয়া অধিক উৎসাহিত হৈ পৰিছে নামঘৰ পৰিচালনা সমিতিৰ লগতে সমূহ টীয়কবাসী।

আনহাতে সমষ্টি পুনৰ নিৰ্দ্ধাৰণ প্ৰক্ৰিয়াত ৰাষ্ট্ৰপতিয়ে অধিসুচনা জাৰি কৰাৰ বাবে ঢেকীয়াখোৱা বৰনামঘৰত ভগৱানৰ ওচৰত ধন্যবাদ আৰু কৃতজ্ঞতা জনাই বন্তি প্ৰজ্বলন কৰি অনতি পলমে উজনি অসমৰ আয়ুসৰেখা চাৰিলেনযুক্ত ঘাইপথৰ কাম সম্পূৰ্ণ কৰিব বুলি মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে নামঘৰত ভক্তৰ চৰণ চুই সেৱা লোৱাৰ লগতে স্থানীয় প্ৰতিটো সমস্যা অনতি পলমে সমাধান কৰিব বুলি আশ্বাস প্ৰদান কৰে।লগতে নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্ৰ নিৰ্মাণৰ যো জা চলোৱাৰ বাবে টীয়কৰ এই মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰক অন্য এক মাত্ৰাৰ ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব বুলিও জানিবলৈ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।

ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত:ক্লাৱ ফুটবল টুৰ্নামেণ্ট…

ভেৰগাঁৱত ষষ্ঠ বাৰ্ষিক আন্ত:ক্লাৱ ফুটবল টুৰ্নামেণ্ট। ওদালগুৰি জিলাৰ ভেৰগাঁও এথ্‌লেটিকচ ক্লাৱৰ সৌজন্যত বুধবাৰৰ পৰা ভেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ষষ্ঠ বাৰ্ষিক আন্তঃক্লাব প্ৰাইজমাণি ফুটবল টুৰ্নামেন্ট আৰম্ভ হৈছে ৷

আৰম্ভণি খেলত চনবাৰী এফ চি দলে টোটলাপাৰা ইমানুৱেল এফ চিৰ মুখামুখী হয় ৷

‘প্ৰধানমন্ত্ৰী ই-বাছ সেৱা’ আঁচনিত কেবিনেটৰ অনুমোদন ! দেশৰ ১০০খন চহৰত চলিব ইলেক্ট্ৰিক বাছসমূহ…

‘প্ৰধানমন্ত্ৰী ই-বাছ সেৱা’ আঁচনিত কেবিনেটৰ অনুমোদন।

১০ হাজাৰখন ইলেক্ট্ৰিক বাছ চলোৱাৰ সিদ্ধান্ত। দেশৰ ১০০খন চহৰত চলিব এই বাছসমূহ।

এই বাছ সেৱাত ব্যয় হ’ব ৫৭ হাজাৰ ৬১৩ কোটি টকা। কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্ত।

অসম চৰকাৰৰ জনজাতি কল্যাণ বিভাগে আগবঢ়ালে এম্বুলেন্স…

আজি স্বাধীনতা দিৱসৰ দিনা অসম চৰকাৰৰ ভৈয়াম জনজাতি কল্যাণ বিভাগে নকছাৰি চুঙীলাহি়ং স্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ এটা এম্বুলেন্স আগবঢ়ায়।

আজি চুঙীলাহি়ং মহাত্মা গান্ধী আদর্শ চিকিৎসালয়লৈ আগবঢ়োৱা এই এম্বুলেন্সখন উদ্ধোধন কৰে মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে। জনজাতি তথা পিছপৰা অধ্যুষিত বৃহত্তৰ নকছাৰি অঞ্চলৰ অসুবিধাৰ প্রতি লক্ষ্য ৰাখি মৰিয়নিৰ বিধায়ক গৰাকীয়ে ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ৰনোজ পেগুক অনুৰোধ জনাইছিল।

আজি নকছাৰি মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত এই এম্বুলেন্সখন আগবঢ়োৱা বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ,মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা আৰু ভৈয়াম জনজাতি কল্যাণ বিভাগৰ মন্ত্রী ৰনোজ পেগুক মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে ধন্যবাদ জ্ঞাপন কৰিছে।

মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ ৰিপৰ্ট

ৰঙিয়াৰ মাতৃ-কন্যা আত্মহননৰ ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যহত…

ৰঙিয়াৰ মাতৃ-কন্যা আত্মহত্যা ঘটনাক লৈ এতিয়াও চাঞ্চল্য অব্যহত ।

দুদিন পূৰ্বে ৰঙিয়াৰ ঘৰৰ কোঠালিত উৱলী যোৱা অৱস্থাত উদ্ধাৰ হৈছিল মাতৃ কন্যাৰ মৃতদেহ ।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে স্বামী তথা পিতৃ প্ৰবীণ কুমাৰ আগৰৱালাক আটক কৰিছে ।
“মই এতিয়া মৰি যোৱাই ভাল মোক ফাঁচী দি মাৰক,মোৰ পত্নী কন্যা মৰি গল”- এই ভাষ্য প্ৰবীণ কুমাৰ আগৰৱালাৰ ।

“আমি তিনিও জনে মিলি আত্মহত্যা কৰাৰ সিদ্ধান্ত লৈছিলো কিন্তু মই বাছি গলো”- এই মন্তব্য স্বামীৰ ।

ঋণৰ বোজাৰ বাবে এই সিদ্ধান্ত লোৱা বুলি মন্তব্য প্ৰবীণৰ ।

আনহাতে পত্নীৰ পৰিয়ালৰ লোকে ঘটনাতো হত্যা বুলি সন্দেহ প্ৰকাশ কৰে ।

আজি তেওঁক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰাই,আদালতে তেওঁক দুদিনৰ বাবে আৰক্ষী জিম্মাত প্ৰেৰণ কৰে ।