Home Blog Page 1442

মাটিৰ পাত্ৰত দৈ কিয় ৰখা হয় ? ইয়াৰ আছে বহু উপকাৰিতা…

মাটিৰ পাত্ৰত দৈ কিয় ৰখা হয় ? ইয়াৰ আছে বহু উপকাৰিতা…
আপুনি দৈ কি পাত্ৰত ৰাখে। মাটিৰ পাত্ৰ নে ষ্টীল বা এলুমিনিয়াম পাত্ৰত ৰাখে ? দৈৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো । কিন্তু মাটিৰ পাত্ৰত দৈ ৰখাৰ আছে বহু উপকাৰীতা…
১/ গ্ৰীষ্মকালত দৈ সহজে হয়, কিন্তু শীতকালৰ শেষৰ ফালে দৈ সোনকালে নহয় কাৰণ দৈ হ’বলৈ বিশেষ উষ্ণতাৰ প্ৰয়োজন হয়। মাটিৰ পাত্ৰত দৈ জমা কৰিলে ই দৈক ইনচুলেট কৰিব আৰু শীতকালতো সোনকালে দৈ প্ৰস্তুত হৈ যাব।
২) মাটিৰ পাত্ৰত দৈ ৰাখিলে দৈ ডাঠ হয়। ইয়াৰ কাৰণ হ’ল মাটিৰে নিৰ্মিত পাত্ৰই পানী শোষণ কৰে, যাৰ বাবে দৈ ডাঠ হৈ পৰে। ইয়াৰ বিপৰীতে ষ্টীল বা এলুমিনিয়ামৰ বাটিত দৈ ৰাখিলে দৈ ডাঠ নহয়।


৩/ যদি আপুনি মাটিৰ পাত্ৰত দৈ প্ৰস্তুত কৰে তেন্তে শৰীৰত প্ৰাকৃতিক খনিজ পদাৰ্থ উপলব্ধ হ’ব। য’ত আইৰণ, ফছফৰাছ, মেগনেছিয়াম আৰু কেলচিয়াম আদি অন্তৰ্ভুক্ত।
৪/ আপুনি নিশ্চয় প্ৰায়ে লক্ষ্য কৰিছে যেতিয়াই মাটিৰ পাত্ৰত দৈ প্ৰস্তুত কৰা হয় তেতিয়াই মাটিৰ দৰে গোন্ধ ওলাবলৈ আৰম্ভ কৰে, যাৰ বাবে দৈৰ সোৱাদ ভাল হয়।

ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত ছাত্ৰীৰ ভিডিঅ’ দেখুৱাই শ শ ছাত্ৰীক যৌন শোষণ! ঘটনাৰ নেপথ্যত মন্ত্ৰীৰ পুত্ৰ…

ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত ছাত্ৰীৰ ভিডিঅ’ দেখুৱাই শ শ ছাত্ৰীক যৌন শোষণ! ঘটনাৰ নেপথ্যত মন্ত্ৰীৰ পুত্ৰ। পাকিস্তানত উচ্চ শিক্ষাৰ ভেটি কঁপাই তোলা এক ঘটনা পোহৰলৈ আহিছে। পাকিস্তান বিশ্ববিদ্যালয়ৰ যৌন কেলেংকাৰীয়ে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰ যৌন কেলেংকাৰীকলৈ এতিয়া সকলোতে চৰ্চা চলিছে। বিশ্ববিদ্যালয় খনৰ ছাত্ৰীসকল ড্ৰাগছৰ কলত পৰা আৰু যৌন নিৰ্যাতনৰ বলি হোৱা দেখুওৱা হাজাৰ হাজাৰ ভিডিঅ’ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই জঘন্য ঘটনাৰ এজন অভিযুক্ত হৈছে পাকিস্তানৰ ফেডাৰেল মন্ত্ৰী চৌধুৰী তাৰিক বছিৰ চিমাৰ পুত্ৰ। ড্ৰাগছৰ সৈতে জড়িত থকা আৰু ইছলামিয়া বিশ্ববিদ্যালয় বাহাৱালপুৰত শ শ ছাত্ৰীক যৌন শোষণ চলোৱাৰ সৈতে মন্ত্ৰী পুত্ৰ জড়িত থকাৰ কথাই সমগ্ৰ দেশ খনতে ক্ষোভ বিয়পাই দিছে। আনকি শীৰ্ষ নিৰাপত্তা বিষয়া মেজৰ ইজাজ শ্বাহো এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। গ্লোবেল ভিলেজ স্পেচৰ এক প্ৰতিবেদনে কেলেংকাৰীটো উন্মোচন কৰিছে। প্ৰতিবেদনৰ মতে মেজৰ ইজাজ শ্বাহৰ গ্ৰেপ্তাৰৰ পিছত তেওঁৰ ওচৰত কেইবাটাও কামোদ্দীপক বড়ি আৰু ড্ৰাগছ উদ্ধাৰ হৈছে। ইয়াৰ উপৰি ছাত্ৰী শিক্ষাৰ্থীৰ বহু আপত্তিজনক ভিডিঅ’ও পোৱা গৈছে। ইপিনে পাক মন্ত্ৰী চিমাই মেজৰ ইজাজ শ্বাহক গ্ৰেপ্তাৰ কৰা আৰু তেওঁৰ পুত্ৰৰ জড়িত হোৱা প্ৰতিহত কৰিবলৈ ভিডিঅ’ আৰু ছবিবোৰ জব্দ কৰাৰ নিৰ্দেশ দিছে।

ইয়াৰ মাজতে মেজৰ ইজাজ শ্বাহৰ স্বীকাৰোক্তিয়ে বহুতকে আচৰিত কৰি তুলিছে। তেওঁ ছাত্ৰীসকলে বন্ধুবৰ্গক আলিঙ্গন কৰা, গছৰ তলত ধূমপান কৰা আদিৰ চিত্ৰগ্ৰহণ কৰিছিল আৰু সেইবোৰ মেলি দিছিল। এই ভিডিঅ’বোৰ শিক্ষাৰ্থীসকলক ব্লেকমেইল কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। তেওঁলোকক ৰাজহুৱা ভাৱে লাঞ্ছিত হোৱাৰ ভাবুকি দিয়া হৈছিল। ভিডিঅ’ দেখুৱাই ছাত্ৰীসকলক যৌন শোষণ কৰা হৈছিল। এই ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে পাক চৰকাৰে বিশেষ পাঁচ জনীয়া তদন্ত দল গঠন কৰিছে।দলটোক পাকিস্তানৰ বিশ্ববিদ্যালয় যৌন কেলেংকাৰীৰ আঁৰৰ সত্য উন্মোচন কৰাৰ দায়িত্ব দিয়া হৈছে।

ইনষ্টাগ্ৰামত কথা পতি পাতি প্ৰেম! এইবাৰ পাকিস্তানী প্ৰেমিকক লগ কৰিবলৈ ব্যাকুল ৰাজস্থানৰ যুৱতী…

ৰাজস্থানৰ আলৱাৰ জিলাৰ অঞ্জুৱে তেওঁৰ স্বামী আৰু দুই সন্তানক এৰি পাকিস্তানৰ প্ৰেমিকক লগ কৰিবলৈ পাকিস্তানলৈ যোৱাৰ কথাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে আন এটা ঘটনাক লৈ হুলস্থূল হৈছে। শুকুৰবাৰে আবেলি এগৰাকী কিশোৰীয়ে জয়পুৰ বিমানবন্দৰলৈ গৈ পাকিস্তানলৈ যাবলৈ বিমানৰ টিকট ক্ৰয় কৰিব বিচৰাৰ কথাই আন এক ৰহস্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে কিশোৰীগৰাকীয়ে তেওঁৰ পাকিস্তানত থকা প্ৰেমিকক লগ কৰিবলৈ পাকিস্তানলৈ যাব বিচাৰিছিল। স্বাভাৱিকতে, এই কথা পোহৰলৈ অহাৰ লগে লগে, হুলস্থূল আৰম্ভ হয়।প্ৰকৃততে কি ঘটিছিল? ছোৱালীজনীয়ে বিমানবন্দৰৰ টিকট কাউণ্টাৰলৈ আহিছিল আৰু লাহোৰলৈ টিকট কাটিব বিচাৰিছিল। কিন্তু দেখা গৈছে যে তেওঁৰ ওচৰত পাছপোৰ্ট, ভিছা বা আন কোনো নথি পত্ৰ নাই। তথাপিও তেওঁ পাকিস্তানলৈ যাবলৈ বিচাৰিছিল।কিন্তু জয়পুৰৰ পৰা কোনো বিমান পাকিস্তানলৈ নাযায়।

গতিকে যেতিয়া ছোৱালীজনীয়ে কাউণ্টাৰলৈ আহি লাহোৰলৈ টিকট বিচাৰিছিল, সকলোৱে ভাবিছিল যে তেওঁ হয়তো ধেমালি কৰিছে। ছোৱালীজনীয়ে পিছত কয় যে তেওঁ পাকিস্তানত থকা তেওঁৰ প্ৰেমিকৰ ওচৰলৈ যাব বিচাৰিছে। ঘটনাটো ইয়াতে শেষ হোৱা নাছিল। ছোৱালীজনীক প্ৰশ্ন কৰাৰ পিছত আন এটা “কাহিনী” পোহৰলৈ আহিছে। তেওঁ কয় যে তেওঁ প্ৰকৃততে পাকিস্তানীহে। তেওঁ তিনি বছৰ আগতে ভাৰতলৈ আহিছিল। তেওঁ খুৰা আৰু খুড়ীৰ সৈতেহে ভাৰতত আছে। কিন্তু এতিয়া তেওঁ নিজৰ দেশলৈ ঘূৰি যাব বিচাৰিছে। স্বাভাৱিকতে, তেওঁৰপ কোৱা শুনি সকলোৱে আচৰিত হৈছিল আৰু আৰক্ষীক খবৰ দিয়া হৈছিল। কিন্তু পিছলৈ সত্যটো পোহৰলৈ আহে। ছোৱালীজনী ৰাজস্থানৰ ৰতনপুৰ গাঁৱৰ বাসিন্দা। তেওঁৰ প্ৰকাশ কৰিছে যে তেওঁ কেৱল সকলোৰে মনোযোগ আকৰ্ষণ কৰিবলৈহে এনে কৰাৰ পৰিকল্পনা কৰিছিল। ঘটনাৰ প্ৰকৃত ৰহস্য অৱশ্যে এতিয়াও ফাদিল হোৱা নাই।

মাজুলীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ!

মাজুলীত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ। এনকেফেলাইটিছত আক্ৰান্ত হৈ এজন ছাত্ৰৰ মৃত্যু।

নিহত ছাত্ৰগৰাকী গেজেৰাৰ ৰাহুল পেগু।

ধেমাজি কলেজৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ আছিল ৰাহুল পেগু।

ডিব্ৰুগড়ৰ সঞ্জীৱনী হাস্পতালত মৃত্যু ৰাহুল পেগুৰ।

২১ জুলাইৰ পৰা জ্বৰত ভুগিছিল ৰাহুলে।

‘তেওঁলোকে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে’: হিংসাৰ বলি হোৱা মণিপুৰীসকলৰ কাষত থিয় হৈ ক’লে ইণ্ডিয়াৰ প্ৰতিনিধিয়ে…

জাতিগত হিংসাত বিধ্বস্ত মণিপুৰলৈ আজি গমন কৰে বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতিনিধি দলটোৱে। শনিবাৰে পুৱা ১৬ টা বিৰোধী দলৰ প্ৰায় ২০ জন প্ৰতিনিধিয়ে দিল্লী বিমানবন্দৰৰ পৰা মণিপুৰলৈ ৰাওনা হয়। ইম্ফল পোৱাৰ পিছত তেওঁলোকে হেলিকপ্টাৰেৰে চুৰাচান্দপুৰলৈ যাত্ৰা কৰে। চুৰাচান্দপুৰত ইণ্ডিয়াৰ প্ৰতিনিধি দলটোে জাগিগত সংঘৰ্ষত গৃহহাৰা হৈ আশ্ৰয় শিৱিৰত থকা লোকসকলক লগ কৰে। দলটোৱে দেওবাৰে মণিপুৰৰ ৰাজ্যপাল অনাচুয়া ৱিকেকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।প্ৰতিনিধি দলটোৰ নেতৃত্ব দিছে কংগ্ৰেছৰ সংসদীয় নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে। ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱ, আৰডিজেৰ মনোজ কুমাৰ, আপৰ সুশীল গুপ্তা, কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু ডিএমকেৰ কানিমোঝিও ২০ জনীয়া প্ৰতিনিধিৰ দলটোত আছে। বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ সংসদীয় প্ৰতিনিধিৰ মণিপুৰ ভ্ৰমণকলৈ বিজেপিয়ে দিনটোৰ আৰম্ভণিতে মন্তব্য কৰিছিল।কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয়, “বিৰোধীয়ে মণিপুৰৰ পৰিস্থিতিক এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অস্থিৰতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।’’ বিজেপিয়ে ভাৰত মিত্ৰজোঁটৰ প্ৰতিনিধিসকলে কেৱল ফটো চেছনৰ বাবেহে মণিপুৰলৈ গৈছে বুলি কৈছে।

মণিপুৰ ভ্ৰমণ কৰা ভাৰত মিত্ৰজোঁটৰ ২০ জন সাংসদে কয় যে তেওঁলোকে ৰাজনীতি কৰিবলৈ মণিপুৰলৈ যোৱা নাই বা শান্তিত ব্যাঘাত জন্মোৱা নাই। তেওঁলোকে মানুহৰ দুখ-কষ্ট ভাগ বতৰা কৰিবলৈহে তালৈ গৈছিল। প্ৰতিনিধি দলটোৱে চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় লোৱা সকলৰ সৈতে কথা পাতে।চুৰাচান্দপুৰৰ সাহায্য শিবিৰ পৰিদৰ্শন কৰা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, “তেওঁলোকৰ মুখমণ্ডলত প্ৰকট হৈছে যে তেওঁলোকে বহুত ভয় খাইছে। তেওঁলোকে কাৰো সৈতে কথা পাতিবলৈ সাহস নকৰা হৈছে। তেওঁলোকে জানে যে চৰকাৰে তেওঁলোকৰ কাষত থিয় নিদিয়ে। তেওঁলোকে চৰকাৰৰ ওপৰত বিশ্বাস হেৰুৱাইছে। এয়া এটা ভয়ানক পৰিস্থিতি।’’ “আমি ইয়াত মানুহৰ দুখৰ সমভাগী হ’বলৈ আহিছোঁ। ৰাজনীতি কৰিবলৈ নহয়। তেওঁলোকে আজি চিবিআইৰ কথা কৈছে। আগতে তেওঁলোক ক’ত আছিল?” টিএমচিৰ সুস্মিতা দেৱে কয়। উল্লেখ্য সংসদৰ ভিতৰত আৰু বাহিৰত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াই নৰেন্দ্ৰ মোদী চৰকাৰক চাপত পেলাইছে। ঐক্যবদ্ধ বিৰোধী মিত্ৰজোঁটৰ আন্দোলনৰ বাবে মোদীয়ে দিকবিদিক হেৰুৱাই পেলাইছে। এনে পৰিস্থিতিত ইণ্ডিয়া এলায়েন্সৰ সাংসদসকলৰ মণিপুৰলৈ দুদিনীয়া ভ্ৰমণ অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে।

“এতিয়া ৰাহুলৰ বিয়াখন পাতি দিয়ক “: ছোনিয়া গান্ধীক ক’লে হাৰিয়ানাৰ মহিলাই

দেশৰ আটাইতকৈ যোগ্য অবিবাহিতসকলৰ ভিতৰত তেওঁৰ নাম প্ৰথম শাৰীতে আছে। হয়, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এতিয়াও বিয়া কৰাবলৈ বাকী আছে। এতিয়া এগৰাকী মহিলা কৃষকে ৰাহুলৰ মাতৃ ছোনিয়া গান্ধীৰ ওচৰত ৰাহুলক বিয়া পাতি দিবলৈ অনুৰোধ জনাইছে। তেওঁ পৰামৰ্শ দিছে যে ৰাহুলে এইবাৰ বিয়া কৰাব লাগে।মহিলাগৰাকীৰ কথাত ছোনিয়াই উত্তৰ দিয়ে, “আপুনি এজনী ভাল ছোৱালী বিচাৰি দিয়ক। “উল্লেখ্য ছোনিয়া গান্ধীৰ ঘৰলৈ হাৰিয়ানাৰ ছনিপটৰ পৰা কৃষকৰ এটা দলে ফুৰিবলৈ গৈছিল। তেওঁলোকে ছোনিয়া, প্ৰকিয়ংকা আৰু ৰাহুল গান্ধীৰ সৈতে একেলগে বহি খোৱা-বোৱা কৰাৰ লগতে অন্তৰংগভাবে কথাও পাতে। ৰাহুল গান্ধীয়ে তেওঁলোকৰ আগমনৰ এটা ভিডিঅ’ টুইট কৰিছে। ভিডিঅ’টোত হাৰিয়ানাৰ ছনিপতৰ কৃষক পৰিয়ালৰ মহিলাসকলৰ সৈতে ৰাহুল, প্ৰিয়ংকা আৰু ছোনিয়াৰ কথোপকথন দেখা গৈছে। ৰাহুলৰ বিয়াৰ কথাও সেই আলোচনাতে ওলায়।

শেহতীয়াকৈ, লালু প্ৰসাদ যাদৱেও বিৰোধী দলসমূহৰ বৈঠকৰ পিছত এখন সংবাদমেলত ৰাহুলক পোনপটীয়াকৈ কৈছিল যে ৰাহুলৰ বিবাহ সোনকালে সম্পন্ন কৰা হ’ব। ভাৰত জোড়ো যাত্ৰাৰ মাজতে এটা ইউটিউব চেনেলত সাক্ষাৎকাৰত কংগ্ৰেছ নেতাজনে বিয়াৰ বিষয়ে মন্তব্য কৰিছিল। তেওঁ কৈছিল যে যদি তেওঁ তেওঁৰ পচন্দৰ ছোৱালী এজনী বিচাৰি পায়, তেন্তে তেওঁ নিশ্চিতভাৱে বিবাহপাশত আৱদ্ধ হ’ব। ৰাহুলে কেনে ধৰণৰ ছোৱালী ভালপায় সেই বিষয়ে কোৱা শুনা গৈছিল, “যদি ছোৱালী জনীৰ গাত মোৰ মা আৰু আইতা দুয়োৰে গুণ থাকে, তেন্তে মই সেই ছোৱালীজনীক বিয়া পাতিম।”

পাপৰ বাবে নিৰ্বাচনত চতুৰ্থ বাৰৰ বাবে হাৰিব ! সপোনত ভূপেন বৰাক ককাকে অধম বুলি কৈছিল – পীয়ূষ হাজৰিকা

যদি ভূপেন বৰাই সচা কথা কয় তেনেহলে সপোনত ককাকে তেওঁক অধম বুলি কৈছিল বুলি মোৰ দৃঢ় বিশ্বাস। এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ। সংবাদমাধ্যমৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি মন্ত্ৰী হাজৰিকাই কয় যে তেওঁ কৰা পাপৰ বাবে চাৰিবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাটো নিশ্চিত। ভগৱান শ্ৰীকৃষ্ণক জেহাদী সজোৱাৰ মানসিকতাক ধিক্কাৰ দি মন্ত্ৰী হাজৰিকাই জেহাদীয়ে হত্যা কৰে কিন্ত্ত অসমীয়াই শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ ৰাম ৰাম বুলি আগবাঢ়ি যায় বুলি মন্তব্য কৰি ভূপেন বৰাৰ বিৰুদ্ধে আইনে নিজৰ গতিৰে আগবাঢ়িব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে মহাভাৰতৰ যুগৰ পৰাই লাভ জেহাদ চলি থকা বুলি মন্তব্য কৰি শ্ৰীকৃষ্ণ আৰু ৰুক্মিনীৰ বিবাহকো লাভ জেহাদৰ উদাহৰণ বুলি আখ্যা দিছিল। ইয়াতেই ক্ষান্ত নাথাকি শ্ৰীকৃষ্ণক লাভ জেহাদৰ লগত সাঙুৰি কৰা মন্তব্যত জাঙুৰ খাই উঠে বিভিন্ন দল সংগঠনৰ লগতে স্বয়ং কংগ্ৰেছ দলৰ একাংশ নেতা। ৰাণা গোস্বামীয়ে ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি আমিয়েই দল চলাম বুলিও হুংকাৰ দিয়ে। ফাট মেলা বসুমতি পাতালে লুকাও পৰিস্থিতিৰ সৃষ্টি হোৱাত ৰাতি সামাজিকত প্ৰয়াত ককাকে দৰ্শন দি গালি দিয়াৰ লগতে ক্ষমা খুজিবলৈ নিৰ্দেশ দিয়া বুলি সংবাদমেল আয়োজন কৰি বৰাই অসমবাসীক ক্ষমা ভিক্ষা খুজে। আনহাতে জিলাই জিলাই ভূপেন বৰাৰ বিৰুদ্ধে দাখিল হৈছে এজাহাৰ। আৰক্ষীয়ে ভূপেন বৰাৰ বিৰুদ্ধে কি ব্যৱস্হা গ্ৰহন কৰে সেয়া হব লক্ষনীয়।

আম আদমি পাৰ্টিৰ নেতৃত্ব সলনি হ’ব নেকি ৰাজ্যত । লাজ লাজকৈ “আপ” লৈ যোৱাৰ প্ৰস্তুতি অজিত কুমাৰ ভূঞাৰ!

এইবাৰ অৰবিন্দ কেজৰিৱালৰে যুতি বান্ধিবলৈ মন মেলিছে সাংসদ অজিত কুমাৰ ভূঞাই। সম্প্ৰতি ৰাজ্যৰ ৰাজনীতিত চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে কেজৰিৱালৰ আৰু অজিত ভূঞাৰ যুতি। উল্লেখ্য যে সাংসদ ভূঞাৰ কাষৰ আবাসত থাকে আপৰ সাংসদ ৰাঘৱ চাদ্ধ। সেই সূত্ৰে আপৰ সৈতে এটা ঘনিষ্ঠতা গঢ়ি উঠিছিল বুলি অভিযোগ উত্থাপিত হৈছে। পিছে বিজেপিৰ সৈতে আপৰ গোপন সম্পৰ্ক থকা বিৰোধী মিত্ৰজোটলৈ কেজৰিৱালৰ সহাৰি নোপোৱা ইত্যাদি কাৰণত আগুৱাই গৈয়ো কিছু থমকি ৰৈছিল অজিত কুমাৰ ভূঞাই। শেহতীয়াকৈ বিৰোধীৰ “ইণ্ডিয়া” ত কেজৰিৱালৰ উপস্থিতিয়ে যেন দুৱাৰ মুকলি কৰি দিলে ভূঞাৰ। সাংসদ ৰাঘৱ চাদ্দাৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছতেই এটা বিশেষ ফোন আহিছিল অজিত কুমাৰ ভূঞালৈ।

সেই বিশেষ ফোনটো আছিল দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। সংসদৰ অধিবেশনৰ বিৰতিৰ এটা দিনত ভূঞাক সাক্ষাৎ কৰাৰ প্ৰস্তাবত দুয়ো মিলিত হয়। কেজৰিৱালে ভূঞাক আপত যোগদান কৰিবলৈ প্ৰস্তাৱ দিয়ে বুলি প্ৰচাৰ লাভ কৰিছে। অবশ্যে ভূঞাই বিষয়টো অস্বীকাৰ কৰাৰ সলনি অসমত আপে কিবা এটা নতুন বিচৰা বুলি কৌশলী মন্তব্য কৰে। সাংসদ ভূঞাই পাঞ্জাৱত এখন নতুন মুখে মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ কাৰ্যনিৰ্বাহ কৰা থকাৰ প্ৰসংগ টানি আনি কৌশলপূৰ্ণ ভাবে দলটোত যোগদান কৰা নকৰা বিষয়ে সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে যদিও এক বিশেষ সূত্ৰ মতে অজিত ভূঞাই আপত যোগদান কৰিলে ৰাজ্যিক দলত নেতৃত্ব সলনি হোৱা নিশ্চিত বুলি সদৰি কৰে।

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ইংলেণ্ডৰ তাৰকা পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ইংলেণ্ডৰ তাৰকা পেচাৰ ষ্টুৱাৰ্ট ব্ৰডৰ।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এছেজৰ পঞ্চম টেষ্টেই হ’ব ষ্টুৱাৰ্ট ব্ৰডৰ কেৰিয়াৰৰ অন্তিমখন মেচ।

৩৭ বছৰ বয়সত অৱসৰ ঘোষণা ইংলিছ ক্ৰিকেটাৰগৰাকীৰ।

ইংলেণ্ডৰ হৈ ব্ৰডে ১৬৭খন টেষ্টত লাভ কৰিছে ৬০২টা উইকেট।

সংগ্ৰহ কৰিছে ৩৬৫৪ ৰাণ। উল্লেখযোগ্য যে টেষ্ট ক্ৰিকেটত বিশ্বৰ পঞ্চম সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ষ্টুৱাৰ্ট ব্ৰড।

সলনি হ’ব মহানগৰ আৰক্ষী ব্যৱস্হাৰ চেহেৰা, ৩৪ খনলৈ বৃদ্ধি পাব থানা…

মহানগৰ গুৱাহাটীত বৃদ্ধি পোৱা অপৰাধমূলক ঘটনাৰ বাবে চৰকাৰে আৰক্ষীৰ ব্যাপক পৰিবৰ্তন অনাৰ বিষয়ে ঘোষনা কৰিছে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষনা কৰামতে বৰ্তমান মহানগৰীত থকা ১৯ খন থানাৰ বিপৰীতে ৩৪ খনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে আৰক্ষী আয়ুক্তালয়ৰ অধীনত থকা চাৰিখন জিলাৰ পৰা আৰু এখন অৰ্থাৎ পাঁচখনলৈ বৃদ্ধি কৰাৰো চিন্তা চৰ্চা কৰিছে। আনহাতে আৰক্ষীয়ে জব্দ কৰা গৰাকীবিহীন বাহন, দুৰ্ঘটনাগ্ৰস্থ বাহন সমূহ তিনিমাহৰ ভিতৰত আইনী প্ৰক্ৰিয়াৰ মাজেৰে বিক্ৰি কৰাৰো সিদ্ধান্ত গ্ৰহন কৰে।

এই ব্যৱস্থাই থানা সমূহৰ সম্মুখত এনে বাহন দমাই ৰখি সৃষ্টি কৰা কদৰ্যময় পৰিবেশৰ অবসানৰ হব বুলিও আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই। একেদৰে বিভিন্ন অভিযানত আৰক্ষীয়ে জব্দ কৰা সোন লগে লগে বিক্ৰি কৰাৰো সিদ্ধান্ত গ্ৰহন কৰা হয়। পৰবৰ্তী সময়ত গৰাকীক মূল্য ওভোটাই দিয়াৰ বিষয়ে চিন্তা চৰ্চা কৰা বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। তেওঁ জানিবলৈ দিয়ামতে ৰাজ্যখনৰ ৫০ শতাংশ অপৰাধমূলক গোচৰ মহানগৰীৰ থানাত পঞ্জীয়ন হোৱালৈ চাই এই ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।