Home Blog Page 1443

১৩ গৰাকী ৰাষ্ট্ৰীয় উপাধ্যক্ষ নিযুক্তি জে পি নাড্ডাৰ। কামাখ্য প্ৰসাদ তাছাক ৰাষ্ট্ৰীয় সচিব…

ৰাজস্থান, মধ্য প্ৰদেশ, ছট্টিছগড়, তেলেংগনাৰ আগন্তুক নিৰ্বাচনলৈ লক্ষ্য ৰাখি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বিভিন্ন ৰাজ্যত ১৩ গৰাকী উপ সভাপতি নিযুক্তি দিয়ে। একেদৰে অৰুণ সিঙক ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। বি এল সন্তোষক সাংগঠানিক সম্পাদক হিচাপে নিযুক্তি দিয়া হয়। একেদৰে ৮ খন ৰাজ্যত নিযুক্তি দিয়া হৈছে সাধাৰণ সম্পাদক। ৰাষ্ট্ৰীয় সচিব হিচাপে ১৩ খন ৰাজ্যত নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে অসমৰ সাংসদ কামাখ্য প্ৰসাদ তাছাক নিযুক্তি দিয়া কাৰ্যত ৰাজ্যিক বিজেপিৰ মাজত আনন্দৰ লহৰ দেখা গৈছে।

এই কাৰ্যক আদৰণি জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভবেশ কলিতাকে ধৰি নেতা মন্ত্ৰী সকলে তাছাক অভিনন্দন জনায়। উল্লেখ্য যে আজি নিযুক্তি দিয়া সকলৰ ভিতৰত অন্যতম উপ সভাপতি গৰাকী হৈছে তাৰিক মনছুৰ। এওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ অবসৰপ্ৰাপ্ত উপাচাৰ্য । জেপি নাড্ডাই আজি কোষাধ্যক্ষ হিচাপে উত্তৰ প্ৰদেশৰ ৰাজেশ আগৰৱালক আৰু সহকাৰী কোষাধ্যক্ষ হিচাপে তেৰশ বণসলক নিযুক্তি দিয়ে।

সদৌ অসম পাতৰ সমাজৰ বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ সফল সামৰণি…

সদৌ অসম পাতৰ সমাজ, বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিশ্বনাথ জিলা পাতৰ যুৱ মঞ্চৰ সহযোগত সমগ্ৰ বিশ্বনাথ জিলাতে গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত পাতৰ জনগোষ্ঠী অধ্যোষিত গাওঁ আৰু চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ শৈক্ষিক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ৰূপায়ণ কৰা বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ আজি সফল সামৰণি হয়। জিলা খনৰ পাতৰ জনগোষ্ঠী অধ্যুষিত বালিজান পাতৰবস্তি নামঘৰ কেন্দ্ৰতো আজি সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সভাপতিত্ব কৰে চতিয়া আঞ্চলিক সভাপতি ৰূপলাল পাতৰে। মুখ্য অতিথি হিচাবে উপস্থিত থাকি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মহিম হাতীবৰুৱা , পাতৰ সমাজৰ মুখ্য উপদেষ্টা হৰেণ পাতৰ আৰু জিলা মহিলা সমিতিৰ সভানেত্ৰী-বাসন্তী পাতৰে শুভেচ্ছামূলক মন্তব্য দিয়াৰ লগতে এই বিনামূলীয়া পাঠদান কাৰ্যসূচীৰ গুৰি ধৰোঁতা ব্যক্তি, প্ৰাথমিক সমিতিৰ বিষয়ববীয়া আৰু সহযোগিতা আগবঢ়োৱা ব্যক্তি সকলৰ লগতে অভিভাৱক সকলক ধন্যবাদ জ্ঞাপন কৰে। আনহাতে ধূলি-বালিচাং কেন্দ্ৰত মুখ্য অতিথি হিচাবে কৃতি শিক্ষক মিখাইল তিৰ্কী, সমাজকৰ্মী শিৱনাথ পৰজা আৰু আশা পৰ্যবেক্ষিকা ৰেণুবালা মিঞ্জ ; চামগুৰি-ঘিলাধাৰী কেন্দ্ৰত কৃতি শিক্ষক মংগলসিং ভূমিজ, বিশ্বনাথ আঞ্চলিক সম্পাদক- গনেশ পাতৰে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰী আৰু ৰাইজক উৎসাহিত কৰাৰ লগতে সামৰণি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। যুৱ মঞ্চৰ সম্পাদক বিকি পাতৰৰ আঁত ধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে বিশ্বনাথ জিলা সম্পাদক কৃষ্ণ পাতৰে।

এই গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান কাৰ্যসূচীটি সফল হোৱাৰ ক্ষেত্ৰত পাতৰ সমাজখনৰ যুৱ শক্তি আৰু ৰাইজৰ সহযোগিতাই হৈছে ‘মূল মন্ত্ৰ’ বুলি উল্লেখ কৰে কৃষ্ণ পাতৰে । উল্লেখ্য যে বিনামূলীয়া পাঠদান কাৰ্যসূচীত বিদ্যায়তনিক দিশতকৈ সহ-বিদ্যায়তনিক দিশত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল। ডিম্বেশ্বৰ পাতৰ আৰু সৌভেৰিণডি পাতৰে শৰীৰ চৰ্চা; জগদীপ পাতৰে কলা-শিক্ষা; ৰঞ্জন পাতৰে স্বাস্থ্য বিধি; সত্যনাৰায়ণ পাতৰ আৰু লক্ষ্মীনাৰায়ণ পাতৰে কবিতা আবৃত্তি, সাধুকথা, অভিনয়, নৃত্য-গীত আদি দিশত সমল ব্যক্তি হিচাবে আৰু বিদ্যায়তনিক দিশত প্ৰশিক্ষক হিচাবে অৰ্চনা পাতৰ, স্বপ্না পাতৰ, নীলমায়া কুমাৰী পাতৰ, ড্ৰীম ৰ’জ পাতৰ, বৰুণ পাতৰ, মনালিছা পাতৰ, অজয় পাতৰ, প্ৰতিমা পাতৰ, জোশীলা মুণ্ডা, নমিতা পাতৰ, ধনেশ্বৰী পাতৰ, মামণি বাউৰী পাতৰ প্ৰমুখ্যে যুৱ মঞ্চৰ সদস্য-সদস্যা সকলে বিভিন্ন কেন্দ্ৰত পাতৰ জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অংশগ্ৰহণ কৰা সকলো জনগোষ্ঠীৰ ছাত্ৰ-ছাত্ৰীক সুন্দৰ ভাৱে পাঠদান কৰে।

এই কাৰ্যসূচীত জিলা খনৰ মুঠ ৬টা কেন্দ্ৰত প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উপকৃত হৈছে বুলি বিশ্বনাথ জিলা শিক্ষা আৰু সাহিত্য সম্পাদক লাচিত পাতৰ আৰু যুৱ মঞ্চৰ সভাপতি পদ্ম পাতৰে জানিবলৈ দিয়ে। ছাত্ৰ-ছাত্ৰী সকলৰ মাজত নৃত্য, গীত আদিৰ উপৰিও এই বিনামূলীয়া পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে প্ৰশিক্ষক তথা সমল ব্যক্তি সকলক সদৌ অসম পাতৰ সমাজ, বিশ্বনাথ জিলা সমিতি আৰু বিশ্বনাথ জিলা পাতৰ যুৱ মঞ্চৰ তৰফৰ পৰা একোখনকৈ মান পত্ৰ প্ৰদান কৰা হৈছে।

বিয়াৰ পূৰ্বেই চুলি সৰা সমস্যা হৈছে নেকি? চিন্তা নকৰিব এই সমস্যাৰ আছে সমাধান…

বৰ্তমান কম বয়সতে যুৱক-যুৱতীসকলৰ চুলি সৰা সমস্যা বাঢ়িছে। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ খাদ্য। আমি খোৱা প্ৰতিটো বস্তু আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। বিয়াৰ পূৰ্বেই যদি চুলি সৰা সমস্যা বৃদ্ধি পাই তেন্তে লাজৰ সন্মুখীন হ’বলগীয়া হয়। আজি আমি আপোনালোকক জনাম কি কি সেৱনৰ ফলত চুলি সোনকালে সৰে। পৰাপক্ষত এইসমূহ সেৱন কৰিবলৈ এৰি দিব-
১/ চেনি
ডায়েবেটিছ ৰোগীক প্ৰায়ে কম চেনি খাবলৈ পৰামৰ্শ দিয়া হয়। চেনি খোৱাৰ ফলত আপোনাৰ চুলি সোনকালে সৰিবলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত শক্তি লাভৰ বাবে যিমান পৰিমাণৰ মিঠা বস্তু খাব লাগে সিমান পৰিমাণৰহে খাব লাগে।
২/ জাংক আৰু ফাষ্ট ফুড
বজাৰত উপলব্ধ জাংক আৰু ফাষ্ট ফুড আমি ভাল পাওঁ। কিন্তু ই আমাৰ স্বাস্থ্য সম্পূৰ্ণ ৰূপে নষ্ট কৰিব পাৰে। ইয়াত থকা চেচুৰেটেড ফেটে কেৱল ওজন বৃদ্ধি কৰাই নহয়, চুলিৰ বহু ক্ষতিও কৰে। ইয়াত পোৱা DHT নামৰ এণ্ড্ৰজেনে চুৰি সৰা বৃদ্ধি কৰে আৰু মূৰৰ ছালখন তেলীয়া কৰি তোলে। ইয়াৰ বাবে চুলিৰ সৰাৰ সমস্যাৰ সৃষ্টি হয়।

৩/ দূষিত মাছ
মাছ খালে শৰীৰে কেলচিয়ামৰ দৰে গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান লাভ কৰে। কিন্তু যদি আপুনি বজাৰৰ পৰা দূষিত মাছ কিনি খায় তেন্তে তাৰ ফলতো আপোনাৰ চুলি সৰিব পাৰে। সেইবাবেই মাছ কিনাৰ সময়ত সাৱধান হওক।
৪/ মদ্যপান
যুৱক-যুৱতীসকলৰ মাজত মদ্যপানৰ আসক্তি দ্ৰুতগতিত বৃদ্ধি পাইছে। যাৰ প্ৰভাৱ তেওঁলোকৰ চুলিত স্পষ্টকৈ দেখা যায়। আমাৰ চুলি কেৰাটিন নামৰ প্ৰটিনৰ দ্বাৰা গঠিত আৰু আমি যদি মদ সেৱন কৰো তেন্তে ইয়াৰ প্ৰটিন সংশ্লেষণত বেয়া প্ৰভাৱ পৰাটো নিশ্চিত। ইয়াৰ ফলত চুলি দুৰ্বল হৈ পৰে।


৫/ কেঁচা কণীৰ কুহুম
কণী খালে আমি প্ৰটিন আৰু প্ৰাকৃতিক চৰ্বি পাওঁ আৰু ইয়াক মূৰত লগালে চুলি গজে। কিন্তু কেঁচাকৈ কণী কাব নালাগে যাৰ ফলত আমাৰ চুলিত ইয়াৰ প্ৰভাৱ পৰে।

দেওবাৰৰ বাবে অসমকে ধৰি কেইবাখনো ৰাজ্যত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে দেওবাৰৰ বাবে কেইবাখনো ৰাজ্যত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে।

ওড়িশা আৰু বিহাৰৰ ওপৰত প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।

ইফালে উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, ছত্তীশগড়, পশ্চিমবংগ, ঝাৰখণ্ড, অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, গোৱা আৰু মহাৰাষ্ট্ৰৰ ওপৰত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা অতিশয় বেছি।

নিউ বঙাইগাঁও জংচনত তিনি ভুৱা কিন্নৰক গ্ৰেপ্তাৰ

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও জংচনত শুকুৰবাৰে সন্ধিয়া ৰে’লৱে আৰক্ষী আৰু ৰে’লৱে সুৰক্ষা বাহিনীয়ে এক গোপন তথ্যৰ ভিত্তিত নামনিমুৱা শৰাইঘাট এক্সপ্ৰেছৰ পৰা তিনিজন ভুৱা কিন্নৰক গ্ৰেপ্তাৰ কৰে।

জংচনত কিন্নৰৰ বেশ ধৰি যাত্ৰীৰ পৰা ধন আদায় কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰে তিনি প্ৰৱঞ্চকক ৷ আৰক্ষীয়ে ভুৱা কিন্নৰ তিনিজনৰ পৰা ২,৩৫০ টকা আৰু তিনিটা চুৰি এণ্ড্ৰইড মোবাইল ফোন উদ্ধাৰ কৰে।

ভুৱা কিন্নৰ তিনিজন হ’ল ফয়জাল হক ওৰফে আদোৰাণী (২১ বছৰ, জলেশ্বৰ বিল, লক্ষীপুৰ, গোৱালপাৰা ), ইদ্ৰীছ আলী ওৰফে বিন্দ (২১ বছৰ, সুপাৰিভিটা, লক্ষীপুৰ, গোৱালপাৰা) আৰু আব্দুল মালেক শ্বেখ ওৰফে স্বপনা (৪০ বছৰ ,গাৰোজান, জোলেশ্বৰ, গোৱালপাৰা) ৷

উল্লেখ্য যে পুৰুষ হৈয়ো সহজে ধন অৰ্জনৰ বাবে নিজকে কিন্নৰ হিচাপে পৰিচয় দিবলৈকো কুণ্ঠাবোধ নকৰি কিন্নৰৰ স্থান লোৱা কাৰ্যই মানুহে যে সহজে ধনৰ লালসাত যি কোনো কাম কৰিব পাৰে তাকে প্ৰমাণিত কৰিলে ৷

এফালে বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰীৰ ৫৫৫ কৌটি টকাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস; জিলাখনৰ আনফালে দান-বৰঙণিৰে ৰাইজৰ দলং নিৰ্মাণ

বঙাইগাঁও জিলাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ তিনিদিনীয়া বিস্তৃত কাৰ্যসূচীত ৫৫৫ কৌটি টকাৰ বিভিন্ন অভিলাষী আঁচনিৰ শিলান্যাস কৰাৰ সময়তে জিলাখনৰ আন এটা প্ৰান্তত দেখা গ’ল বিপৰীত ছবি।

জিলাখনৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তগৰ্ত ১ নং ভাণ্ডাৰা আৰু জামদহা সংযোগী মৰা আই নৈৰ সুঁতিৰ ওপৰত ৰাইজে নিৰ্মাণ কৰিলে এখন বাহঁৰ দলং।

দীৰ্ঘদিন ধৰি ১ নং ভাণ্ডাৰা আৰু জামদহাৰ ৰাইজৰ লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকলে দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভূগিব লগা হৈছে। ঠাইখনত প্ৰতি বছৰে বাহঁৰ দলং নিৰ্মাণ কৰি যাতায়ত অব্যাহত ৰাখিছে ৰাইজে।

তাৰ পিছতো আজিলৈকে জনপ্ৰতিনিধি নাইবা চৰকাৰৰ দৃষ্টিগোচৰ হোৱা নাই। ঠাইখনত এখন দলং নিৰ্মাণৰ বাবে চৰকাৰক দাবী জনাইছে ৰাইজে।

নাজিৰাত গ্ৰীষ্মকালীন যোগাসন প্ৰশিক্ষণ কৰ্মশালা

নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ১জুলাইৰ পৰা ২৯জুলাই লৈকে মাহযোৰা কাৰ্যসূচীৰে গ্ৰীষ্মকালীন যোগাসনৰ কৰ্মশালা অনুষ্ঠিত হয়।


যোগাসন প্ৰশিক্ষণ কৰ্মশালা যোগেদি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও শৰীৰ সুস্থ সবল কৰি তুলিবলৈ শাৰীৰিক ব্যায়ামৰ প্ৰ‌য়োজন সেই উদ্দেশ্যে আগত ৰাখি এই কৰ্মশালাটো অনুষ্ঠিত কৰে।


শনিবাৰে সামৰণি অনুষ্ঠানত কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত যোগাসনৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

প্ৰতিযোগিতাত বিজয়ী প্ৰাৰ্থীক স্মাৰক আৰু মানপত্ৰ পুৰস্কৃত কৰা হ’ব আৰু লগতে অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰী সকলোকে মানপত্ৰ দিয়া হয়।


অনুষ্ঠানটোত ৱাৰ্ড সদস্যা শুৱলা দাস, শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্য গোপাল বৰুৱা, নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমূখ্য কৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।

-দিলীপ হাজৰিকা, নাজিৰা

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস পালন

সমগ্ৰ বিশ্বৰ লগত সংগতি ৰাখি শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন।

ব্যঘ্ৰ দিৱস উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত অনুষ্ঠিত কৰা হয় এক সজাগতা সভা। সভাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি-কাষৰীয়া অঞ্চলৰ গাঁৱৰ গাওঁ প্ৰধান,ই.ডি.চি ৰ সভাপতি সম্পাদক,ৰাইজ লগতে ৰাষ্ট্ৰীয় উদ্যান খনৰ বন বিষয়া সকলে বাঘ সংৰক্ষণৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা হাতত লয়।

ৰাইজৰ মাজত পৰিবেশৰ ভাৰসাম্যতা ৰক্ষা,বন্য প্ৰাণীৰ প্ৰতি সজাগতা আৰু দায়িত্ব আনিবলৈ বা বিভিন্ন সময়ত ৰাষ্ট্ৰীয় উদ্যান খনৰ দাঁতি-কাষৰীয়া অঞ্চলৰ মানুহৰ সহায় সহযোগিতা সম্পৰ্কে সভাত উপস্থিত থকা প্ৰতি গৰকী ব্যক্তিয়ে বিতংকৈ আলোচনা কৰে।

উক্ত সভাখনত উপস্থিত থাকে সহকাৰী বনসংৰক্ষক ৰাজিব হাজৰিকা,ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন আঞ্চলিক বিষয়া দিব্যজ্যোতি দেউৰী,WWF জৈষ্ঠ প্ৰকল্প বিষয়া হীতেন বৈশ্য,সমীৰ দাস, বিশিষ্ট বন্যপ্ৰাণী ফটোগ্ৰাপাৰ নেজিৱ আহমেদ,ফিচাৰ প্ৰকল্প বিষয়া ইনামুল হক আহমেদ,ঢেকিয়াজুলিৰ প্ৰকৃতিপ্ৰেমী দিলীপ নাথ,শিলবৰীৰ প্ৰকৃতি প্ৰেমী আৰু সমাজ সেৱক আব্দুল মালেক, বনকৰ্মী প্ৰাঞ্জিৎ ডেকা, ছফিকুল ইছলাম,মমী বসুমতাৰী,নয়ন মনি দাস আৰু স্থানীয় বিশিষ্ট ব্যক্তি সকল।

বলীউডৰ অভিনেতাসকলৰ প্ৰকৃত নাম কি জানেনে ? ১০০% লোকেই নাজানে…

বলীউড অভিনেতাসকলৰ প্ৰকৃত নাম জানেনে ? ১০০% লোকেই নাজানে ! বলীউডৰ তাৰকাসকলে বিখ্যাত হ’বলৈ এনে বহু কাম কৰে, যি কাম সাধাৰণ মানুহে হয়তো কল্পনাও কৰিব নোৱাৰে। তাৰ ভিতৰত এটা হ’ল নিজৰ নাম সলনি কৰা, নিজৰ প্ৰকৃত পৰিচয় ত্যাগ কৰা। বলীউডৰ বহু তাৰকাই নাম সলনি কৰিছে। আজি আমি আপোনালোকক জনাম কোন কোন চেলিব্ৰিটিয়ে নাম সলনি কৰিছে।

এক প্ৰতিবেদন অনুসৰি শতিকাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ প্ৰকৃত নাম অমিতাভ বচ্চন নহয় অমিতাভৰ প্ৰকৃত নাম শ্ৰীবাস্তৱ। বলীউডৰ তাৰকা ছানী দেওলে বলীউডত ভৰি দিয়াৰ পূৰ্বে নাম সলনি কৰিছিল। ছানী দেওলৰ প্ৰকৃত নাম অজয় ​​সিং দেওল। কিয়াৰা আদৱানীৰ প্ৰকৃত নামও বহুবাৰ চৰ্চা হৈছে। ছবি জগতত ভৰি দিয়াৰ পূৰ্বে অভিনেত্ৰীগৰাকীয়ে ছলমান খানৰ পৰামৰ্শ মতে নাম সলনি কৰিছিল। কিয়াৰাৰ পূৰ্বৰ নাম আছিল আলিয়া আদৱানী।

বলীউডৰ ভাইজান ছলমান খানৰ প্ৰকৃত নাম হৈছে চেলিম আব্দুল ৰছিদ খান। কোৱা হয় যে বলীউডলৈ অহাৰ পূৰ্বে ছলমান খানে নিজৰ নামটো চুটি কৰিছিল। খবৰ অনুসৰি ফিটনেছ কুইন শিল্পা শ্বেট্টীৰ প্ৰকৃত নাম অশ্বিনী শ্বেট্টী। বছৰ বছৰ ধৰি শিল্পা নামেৰে উদ্যোগটোত বিখ্যাত হৈ আহিছে অভিনেত্ৰীগৰাকী। মনোৰঞ্জনমূলক বাতৰি অনুসৰি অভিনেত্ৰীগৰাকীয়ে বলীউডত ভৰি দিয়াৰ পূৰ্বে নিজৰ নাম টাৰকটৰ পৰা কেটৰিনা কাইফলৈ সলনি কৰিছিল।

অসম ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি ! ফণীন্দ্ৰনাথ শৰ্মাৰ স্থানত জি আৰ ৰবীন্দ্ৰ ৰাজুক দায়িত্ব…

অসম ৰাজ্যিক বিজেপিত বৃহৎ সালসলনি !

অসম বিজেপি সাংগঠনিক সম্পাদকৰ পৰা আঁতৰিল ফণীন্দ্ৰনাথ শৰ্মা।


অসমৰ নতুন দলটোৰ সাংগঠনিক সম্পাদক হিচাপে নিযুক্তি প্ৰদান কৰে হাৰিয়ানাৰ পূৰ্বৰ সাংগঠনিক সম্পাদক জি আৰ ৰবীন্দ্ৰ ৰাজু।

আহাতে ফণীন্দ্ৰনাথ শৰ্মাক অসমৰ পৰা আঁতৰাই হাৰিয়ানাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হয়।