সৃষ্টিশীল মনৰ উদ্যোগত আৰু এঞ্জেলিকা একাডেমি, সাপেখাতী লেখিকা সংস্থা সাপেখাতী শাখাৰ সহযোগত এঞ্জেলিকা একাডেমি প্ৰেক্ষাগৃহত যোৱা ১০ জুলাই ৰ পৰা অনুষ্ঠিত হৈ থকা চিত্ৰ কৰ্মশালা খনিৰ বৃহস্পতিবাৰে সফলতাৰে সামৰণি পৰে।
অনুষ্ঠানৰ আৰম্ভণিতে চিত্ৰ শিল্পকলাৰ কৰ্মশালাৰ মুখ্য প্ৰশিক্ষক অংকুৰিকা গগৈৰ পৰিচালনাত কণ কণ ছাত্র ছাত্ৰীসকলৰ চিত্ৰ প্ৰদৰ্শনি অনুষ্ঠানটিৰ ফিটা কাটি প্ৰদৰ্শনিদ্বাৰ শুভ উন্মোচন কৰে সমাজ কৰ্মী তথা প্ৰধান শিক্ষক বিজয় ফুকনে।
এঞ্জেলিকা একাডেমিৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ অজিত কুমাৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে উদ্যোক্তা ৰূপামনি গগৈয়ে। ছাত্ৰীসকলৰ এটি সৃষ্টিশীল নৃত্যৰে শুভ উদ্বোধন কৰা সভা খনিত কবিতা আবৃত্তি, গীত, চিত্ৰ প্ৰদৰ্শন আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।