Home Blog Page 1457

বাংগালুৰুত ২৬ বিৰোধী দলৰ বৈঠক; ইউপিএৰ নাম সলনি কৰি দিয়া হ’ল নতুন নাম ‘ইণ্ডিয়া’

আই-এন-ডি-আই-এ — ইণ্ডিয়ান নেছনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স। এয়া হ’ব ইউপিএৰ নতুন নাম। ইংৰাজীত চমুকৈ ইয়াক ইম্ঢিয়া বুলি কোৱা হ’ব। বাংগালুৰুত অনুষ্ঠিত বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰা ২৬ টা দলে আজি নতুন মিত্ৰজোঁটৰ নাম ইণ্ডিয়া ৰখাৰ সিদ্ধান্ত লয়। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে কৰা প্ৰস্তাৱত সকলোৱে সহমত প্ৰকাশ কৰাৰ পিছতে নতুন মিত্ৰজোঁটৰ নাম থিৰাং কৰা হয়। ৰহুলে ২০২৪ চনৰ সাধাৰণ নিৰ্বাচন “মোদী বনাম ভাৰত”ৰ যুঁজ বুলি অভিহিত কৰে। ৰাহুল গান্ধীয়ে কয়-“আমি সংবিধান, ভাৰতীয়সকলৰ কণ্ঠস্বৰ আৰু ভাৰতৰ ধাৰণা ৰক্ষা কৰি আছো। আপুনি জানে যে যিকোনো ব্যক্তিয়ে ভাৰতৰ ধাৰণাটোৰ সৈতে যুঁজিব বিচাৰে … যুঁজখন এন ডি এ আৰু ভাৰত, নৰেন্দ্ৰ মোডী আৰু ভাৰতৰ মাজত, তেওঁৰ আদৰ্শ আৰু ভাৰতৰ মাজত। ভাৰতে সদায় সকলো যুঁজ জিকে” । তেওঁ যুঁজ খন দেশৰ কণ্ঠস্বৰৰ বাবে সেয়েহে এই নামটো বাছনি কৰা হৈছিল বুলিও কয়।

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক বগৰাবলৈ বাংগালুৰুত ২৬ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ বৈঠকৰ মঙলবাৰে অন্ত পৰে। সমগ্ৰ বাংগালুৰু চহৰ ভৰি পৰিছে ‘ইউনাইটেড উই ষ্টেণ্ড’ পোষ্টাৰেৰে। বিৰোধীৰ মহাজোঁটৰ সমান্তৰালভাবে বিজেপিও সক্ৰিয় হৈ পৰিছে। বিৰোধীৰ বৈঠকত ছোনিয়া গান্ধীৰ পৰা আৰম্ভ কৰি মমতা বেনাৰ্জী, লালু যাদৱলৈকে সকলোৱে অংশগ্ৰহণ কৰিছে।

মঙলবাৰে বাংগালুৰুৰ তাজ ৱেষ্ট ইন হোটেলত অনুষ্ঠিত হৈছে বিৰোধী দলসমূহৰ এই মেগা বৈঠক। বৈঠকৰ পৰা অনুমান কৰা হৈছে যে ২০২৪ চনৰ আগতে বিৰোধী মিত্ৰতাৰ বিষয়ত এটা ডাঙৰ ঘোষণা কৰা হ’ব।বিৰোধীৰ সভাখন পুৱা ১১ বজাত আৰম্ভ হয়।

জানিব পৰা মতে সকলো দলে সন্মত হৈছে যে বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থতে নিজ নিজ ৰাজ্যত বিৰোধী দলসমূহে ৰাজনৈতিক শত্ৰুতা পৰিহাৰ কৰিব। উল্লেখ্য বংগত কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছৰ মাজত অহি-নকুল সম্পৰ্ক বিৰাজ কৰি আছে। একেদৰে বিহাৰতো আৰজেডি- জনতা দল ইউনাইটেডৰ মাজৰ সম্পৰ্ক ভাল নহয়। কিন্তু এইবাৰ বিজেপিক হৰুৱাবলৈ সকলো দলেই ৰাজ্যিক ভিত্তিত থকা এনে অঁৰিয়াঅঁৰি পৰিহাৰ কৰাৰ কথা চিন্তা কৰিছে।

ছোনিয়া গান্ধীৰ উপস্থিতিয়ে বিৰোধীৰ বৈঠকত নতুন মাত্ৰা প্ৰদান কৰিছে। এই বৈঠকতেই ইউ.পি.এ. ভংগ কৰা হৈছে। ইউপিএৰ নামো সলনি কৰা হৈছে। ইউনাইটেড প্ৰগ্ৰেছিভ ফ্ৰণ্টৰ (ইউপিএ) জন্ম হৈছিল মনমোহন সিং চৰকাৰৰ দিনত। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নতুন মিত্ৰতাৰ নতুন নাম ঘোষণা কৰা হৈছে।

মমতা বেনাৰ্জীয়েও অভিষেক বেনাৰ্জীৰ সৈতে সোমবাৰে আবেলি বাংগালুৰুত উপস্থিত হৈছিল। শাৰদ পাৱাৰৰ লগতে পাটনা বৈঠকত উপস্থিত থকা সকলো নেতা বৈঠকলৈ আহিছে। অৰবিন্দ কেজৰিৱালো বৈঠকত উপস্থিত আছে। বৈঠকত ২৬ টা দলে উপস্থিত আছে । এইবাৰৰ বৈঠকত পাটনাতকৈ ১০ টা অধিক দলে যোগদান কৰিছে। কংগ্ৰেছে লগতে আজি এই কথাও স্পষ্ট কৰি দিয়ে দলটোৰ পৰা কোনেও প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হোৱা নাই।

নতুন দিল্লীত এন ডি এৰ ৩৮ টা মিত্ৰদলৰ বৈঠক

৩৮ টা দলৰ নেতাই মঙলবাৰে বিজেপি নেতৃত্বাধীন এন ডি এৰ বৈঠকত যোগদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰে যে এয়া হৈছে এক সময়-পৰীক্ষিত মিত্ৰজোঁট, যি মিত্ৰজোঁটে ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে। প্ৰধানমন্ত্ৰী মোদীক বিজেপি সভাপতি জে পি নাড্ডা, শিৱসেনাৰ নেতা তথা মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ চিন্দে, তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইএডিএমকে নেতা কে পালানিস্বামী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই আদৰণি জনায়৷ ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এন ডি এৰ মিত্ৰশক্তিৰ একত্ৰিত হোৱাটো “অপৰিসীম আনন্দৰ” বিষয়।

তেওঁ টুইটত কয়, “এয়া অত্যন্ত আনন্দৰ বিষয় যে সমগ্ৰ ভাৰতৰ পৰা আমাৰ মূল্যৱান এন ডি এ অংশীদাৰসকলে আজি দিল্লীত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰিছে। এয়া আমাৰ এক সময়-পৰীক্ষিত মিত্ৰতা যি ৰাষ্ট্ৰীয় প্ৰগতি আৰু আঞ্চলিক আকাংক্ষা পূৰণ কৰিব বিচাৰে।”বাংগালুৰুত বিজেপিক প্ৰতিহত কৰিবলৈ ২৬ টাকৈ বিৰোধী দলৰ বৈঠকৰ সময়তে বিজেপি নেতৃত্বাধীন এন ডিএয়ো শক্তি প্ৰদৰ্শনৰ যুঁজত নামি পৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে এন ডি এত যোগদান কৰা মিত্ৰশক্তিৰ সংখ্যা অধিক দেখুওৱাৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে।

এয়া যেন হৈ পৰিছে বিজেপিৰ বাবে সন্মানৰ যুঁজ। সোমবাৰে নতুন দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি গেৰুৱা দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই কৈছিল যে মঙলবাৰে নতুন দিল্লীৰ অশোক হোটেলত এন ডি এৰ বৈঠকত ৩৮ টা দলে অংশগ্ৰহণ কৰিব। অৱশ্যে, তেওঁ দলকেইটাৰ নাম তালিকা প্ৰকাশৰ পৰা বিৰত আছিল।

সংবাদমেলত নাড্ডাই যোৱা ন বছৰত কেন্দ্ৰত মোদী চৰকাৰৰ সাফল্যৰ বিষয়ত আলোকপাত কৰিছিল। তেওঁ এইবুলিও দাবী কৰিছিল যে দুৰ্নীতিৰ প্ৰতি এন ডি এ আৰু বিজেপিৰ “শূন্য সহনশীলতা” নীতি সদায় একে থাকিব।

দুৰ্নীতিৰ অভিযোগ থকা অজিত পাৱাৰৰ দৰে নেতাক এন ডি এত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে প্ৰশ্নৰ সন্মুখীন হোৱা নাড্ডাই কিছুসময়ৰ বাবে বাকৰুদ্ধ হৈ পৰিছিল যদিও পিছত কৈছিল “যদি কোনোবাই আমাৰ নীতি আৰু ধাৰণাবাহিৰলৈ যায় , তেন্তে আইনে নিজৰ পথ ল’ব, আমি সকলোৱে একেলগে বিকাশ কৰিব লাগিব।” ইপিনে চিৰাগ পাছৱান নেতৃত্বাধীন লোক জনশক্তি পাৰ্টীয়ে (পাছৱান) আনুষ্ঠানিকভাৱে এন ডি এত যোগদান কৰিছে। বিৰোধীৰ মিত্ৰজোঁট গঠন প্ৰক্ৰিয়াৰ হেঁচাত এন ডি এ সম্প্ৰসাৰিত কৰা হৈছে নেকি বুলি সাংবাদিকে সোধাত নাড্ডাই একো উত্তৰ নিদি সংবাদমেলখন “ভংগ” হোৱা বুলি ঘোষণা কৰিছিল।

নাড্ডাই কৈছিল- বিৰোধীৰ কোনো নেতা নাই আৰু কোনো নীতি নাই। তেওঁ লগতে কৈছিল যে বিৰোধীয়ে তেওঁলোকৰ দুৰ্নীতি লুকুৱাবলৈ একত্ৰিত হৈছে।ইপিনে এন ডি এৰ বৈঠক সন্দৰ্ভত সমাজবাদী পাৰ্টিৰ মুখপাত্ৰ আমিক জামেই কয়, “কিয় ৩৮ টা ৰাজনৈতিক দলক এন ডি এৰ বৈঠকলৈ আমন্ত্ৰণ জনোৱা হৈছে? বিজেপিয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে অকলেই বিৰোধীৰ বাবে পৰ্যাপ্ত । তেন্তে ইমান কেইটা দল লাগে কিয়?

তেওঁ লগতে কয় যে এনডিএৰ বৈঠকত ভাগ লোৱা এই ৩৮ টা দলৰ ভিতৰত ৩৬ টা দলৰেই সংসদত কোনো সদস্য নাই, তেওঁলোক কেৱল কাগজৰহে বাঘ বুলিও তেওঁ মন্তব্য কৰে।

শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সভাপতি সৌমিত্ৰ গোস্বামীৰ পিতৃ প্ৰফুল্ল চন্দ্ৰ দেৱ গোস্বামীৰ মহাপ্ৰয়াণ

মঙলবাৰে দেৰগাঁৱৰ সমীপবৰ্তী কুৰালগুৰি ভাবলী গাঁৱৰ মুকলিমূৰীয়া টোলৰ বিশিষ্ট লেখক, সমাজকৰ্মী, যোৰহাট ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা সৰবৰহী ধৰ্মপ্ৰাণ ব্যক্তি প্ৰফুল্ল চন্দ্ৰ গোস্বামীৰ ৯৪বছৰ বয়সত বাৰ্ধক্যজনীত কাৰণত নিজ বাসগৃহত দেহাৱসান ঘটে।

বিদ্যালয়ত পঢ়ি থকাৰ পৰাই তেখেতে সৃষ্টি,শতধাৰা,কালপুৰুষ,মণিদ্বিপ , সমন্বয়, অজেয় দ্বীপ, নীলকণ্ঠ আদিত লেখা প্ৰকাশ হৈ আহিছে। ১৯৯৪ চনত “গায়ত্ৰী অষ্টোত্তম সহস্ৰনাম”শ্ৰী শ্ৰী দেৱী গীতা”আৰু “শ্ৰীশ্ৰী চণ্ডী” অনুবাদ সহ প্ৰকাশ হয়।২০০৭ চনত “আগমন পূজা তত্ত্ব বিচাৰ”শীৰ্ষক প্ৰয়াত সোমেশ্বৰ শৰ্মা বৰুৱাৰ দ্বাৰা ৰচিত গ্ৰন্থ খন সম্পাদনা কৰি প্ৰকাশ কৰে তেখেতে।

২০১২চনত “শ্ৰী শ্ৰী কালী সহস্ৰ নাম”আৰু “শ্ৰী শ্ৰী দুৰ্গা সহস্ৰনাম পদ্ধতি” প্ৰকাশ কৰে।২০১৩চনত “সহস্ৰনাম মালা” নামেৰে সংস্কৃত স্তোত্ৰ সাহিত্য সংকলন প্ৰকাশ কৰে।২০১৭ চনত তেখেতে “সাধক পদ্মনাভ” আৰু “কুসুমাঞ্জলি” নামেৰে প্ৰবন্ধ সংকলনো প্ৰকাশ পাই।


মৃত্যুৰ সময়ত একমাত্ৰ পুত্ৰ শৈৱ মহাসংঘৰ কেন্দ্ৰীয় সভাপতি সৌমিত্ৰ গোস্বামী,পাছ গৰাকী কন্যা,নাতি-নাতিনী সহ বহু আত্মীয়ক এৰি থৈ গৈছে

-দিব্য জ্যোতি কাকতি, ৰঙামাটি

“আজি মুখ খন মিঠা কৰক, কাইলৈৰ পৰা নিয়ম নামানিলে তিতা হ’ব”- ৰাজপথত চকলেট বিতৰণ আৰক্ষীৰ

আৰক্ষীয়ে ৰাজপথত বিতৰণ কৰিছে চকলেট। আজি মুখ খন মিঠা কৰক, কাইলৈৰ পৰা নিয়ম নামানিলে তিতা হ’ব। এইদৰে মৈৰাবাৰীত চকলেট বিতৰণ কৰি হেলমেট পৰিধান নকৰা লোকসকলৰ মাজত সজাগতা সৃষ্টিৰ এক ব্যতিক্ৰমী পদক্ষেপ লোৱা পৰিলক্ষিত হয় মংগলবাৰে।

মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসৰ নেতৃত্বত মংগলবাৰে বিয়লি বজাৰৰ মূল চ’কটোত বাইক আৰোহীসকলক ৰখাই প্ৰথমে এটিকৈ চকলেট দিয়ে আৰু অতি বিনম্ৰভাবে হেলমেট পৰিধান কৰাৰ বাবে অনুৰোধ জনায়।

বুধবাৰৰ পৰা নিয়ম উলংঘা কৰিলে জৰিমনা বিহা হ’ব বুলিও সতৰ্ক কৰি দিয়ে।

ইয়াৰোপৰি মৈৰাবাৰী বজাৰত যধেমধে চাৰিচকীয়া, দুচকীয়া বাহন, টমটম আদি ৰখাই থোৱাৰ ফলত সৃষ্টি হোৱা যানজঁট সমস্যা মষিমূৰ কৰিবলৈয়ো বিভিন্ন পদক্ষেপ লোৱা বুলি উল্লেখ কৰে আৰক্ষী বিষয়া গৰাকীয়ে।

আৰক্ষী বিষয়া পংকজ দাসৰ এনে ব্যতিক্ৰমী পদক্ষেপে মৈৰাবাৰী অঞ্চলত নিশ্চিতভাৱে নতুন পৰিৱেশ গঢ়ি উঠাটো খাটাং।

সুখবৰঃ অতি শীঘ্ৰেই প্ৰকাশ পাব অসম চৰকাৰৰ ৩২,০০০ চাকৰিৰ বিজ্ঞাপন

পুনৰ ওলাইছে চৰকাৰী চাকৰি। ১ লাখ নিবনুৱা যুৱক-যুৱতীক চাকৰি দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে পুনৰ ঘোষণা কৰিছে চৰকাৰী চাকৰিৰ কথা। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা মঙলবাৰে এই বিষয়ে টুইটযোগে জনোৱা হয়৷

টুইটটোত কয় যে, পুনৰ ৩২ হাজাৰ যুৱক-যুৱতীক চাকৰি দিব ৰাজ্য চৰকাৰে। ১০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি কৰা হ’ব বিজ্ঞাপন।

নিৰ্ধাৰণ কৰি দিয়া তাৰিখ ১০ ছেপ্টেম্বৰত গৃহ বিভাগত ৪,০৯৭টা, স্বাস্থ্য বিভাগত ৫,১০৫টা, শিক্ষা বিভাগত ১০,২৯৯টা, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১,১৭৬টা, তৃতীয় বৰ্গত ৭,০৭৩টা, চতুৰ্থ বৰ্গত ৪,৯৩৯ টাসহ মুঠ ৩২,৬৮৯টা পদত বিজ্ঞাপন দিয়া হয়।

উল্লেখ্য, ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰতিশ্ৰুতি অনুসৰি বহু হাজাৰ পদত নিবনুৱা যুৱক–যুৱতীক নিযুক্তি দিছে। এতিয়া পুনৰ নিযুক্তিৰ বিজ্ঞাপনে স্বাভাৱিকতে চাকৰি প্ৰত্যাশীসকলৰ মনত আশাৰ সঞ্চাৰ কৰিছে।

একাপ স্বাস্থ্য সন্মত চাহত কি কি প্ৰয়োজন ? নিয়ন্ত্ৰণত থাকিব ডায়েবেটিছ ৰোগো…

চাহ সকলোৰে প্ৰিয়। কিন্তু আমি কেৱল চাহৰ অপকাৰিতাৰ বিষয়ে শুনি আহিছোঁ। চাহৰো আছে বহু উপকাৰিতা, চাহৰ উপকাৰিতাৰ বিষয়ে বহু কম লোকেহে জানে। এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে চাহত এটা বিশেষ বস্তু সংযোগ কৰিলে চাহ কাপ স্বাস্থ্য সন্মত হয়। এই বিশেষ বস্তুটো হ’ল ইলাচি। ইলাচি চাহ ৰাতিপুৱা সেৱন কৰিলে ভাল ফলাফল পোৱা যায়। আজি আমি আপোনালোকক জনাম ইলাচি চাহ খালে কি কি উপকাৰ হয়…

পাচনতন্ত্ৰ উন্নত কৰে: ইলাচিত থকা এন্টিঅক্সিডেন্ট গুণে পাচন শক্তি শক্তিশালী কৰে আৰু বদহজমৰ পৰা সকাহ দিয়ে।

স্বাস্থ্যকৰ গুণেৰে সমৃদ্ধ: ইলাচিত ভিটামিন চি, ভিটামিন বি ৬, মেগনেছিয়াম, আইৰণ, ফাইবাৰ আৰু অন্যান্য পুষ্টিকৰ উপাদান থাকে যিবোৰ স্বাস্থ্যৰ বাবে উপকাৰী।

মানসিক চাপ হ্ৰাস কৰে: ইলাচিত থকা সুগন্ধি উপাদানে আপোনাৰ মনক শান্তি প্ৰদান কৰে আৰু মানসিক চাপৰ পৰা সকাহ দিয়ে।

মগজু সক্ৰিয় কৰে: ইলাচিত পোৱা মৌলবোৰে মগজু সক্ৰিয় কৰি মনোযোগ আৰু একাগ্ৰতা বৃদ্ধি কৰিব পাৰে।

ডায়েবেটিছ নিয়ন্ত্ৰণ: ইলাচিয়ে ইনচুলিনৰ সংবেদনশীলতা আংশিকভাৱে নিয়ন্ত্ৰণ কৰে যাৰ ফলত ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে।

অন্ত্ৰ পৰিষ্কাৰ কৰি ৰাখক: ইলাচিত পোৱা এন্টিভাইৰেল গুণে আপোনাৰ অন্ত্ৰ পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে।

স্বাস্থ্যকৰ হৃদযন্ত্ৰ: ইলাচিত থকা আঁহ, ভিটামিন চি আৰু অন্যান্য পুষ্টিকৰ উপাদান হৃদযন্ত্ৰৰ বাবে উপকাৰী আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

বৰ্তমান সোণৰ দৰে মূল্যবান বিলাহী ! দুখন কাণত দুটা বিলাহী পিন্ধি ল’লে অভিনেত্ৰী উৰ্ফিয়ে…

বৰ্তমান সোণৰ দৰে মূল্যবান বিলাহী ! দুখন কাণত দুটা বিলাহী পিন্ধি ল’লে অভিনেত্ৰী উৰ্ফিয়ে। বৰ্তমান বজাৰত পাচলিৰ মূল্য বৃদ্দি পাইছে। তেনে পৰিস্থিতিৰ মাজতে উৰ্ফি জাভেদৰ এটা নতুন ভিডিঅ’ই ছচিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছে। এই ভিডিঅ’টোত উৰ্ফি জাভেদক কেমেৰাৰ সন্মুখত বিলাহী খাই থকা দেখা গৈছে। ইয়াৰউপৰিও দুখন কানত দুটা বিলাহী পিন্ধি লৈছে উৰ্ফিয়ে। ভিডিঅ’টো চাওক-

কেমেৰাৰ সন্মুখত বিলাহী খোৱাই নহয়, কাণফুলিও পিন্ধিলে অভিনেত্ৰীগৰাকীয়ে। ছ’চিয়েল মিডিয়াত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে উৰ্ফি জাভেদৰ এই ভিডিঅ’টো। এই ভিডিঅ’টো চাই ব্যৱহাৰকাৰীসকলে বিভিন্ন মন্তব্য আগবঢ়াইছে।

পাকিস্তানৰ হিন্দু মন্দিৰক সুৰক্ষা দিব ৪০০ আৰক্ষীয়ে। ৰকেট লঞ্চাৰে আক্ৰমণৰ পিছতে এই সিদ্ধান্ত…

পাকিস্তানৰ হিন্দু মন্দিৰক সুৰক্ষা দিব ৪০০ আৰক্ষীয়ে। ৰকেট লঞ্চাৰে আক্ৰমণৰ পিছতে এই সিদ্ধান্ত। বিগত সময়ত পাকিস্তানত হিন্দু মন্দিৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰতে পাকিস্তানৰ দুটা মন্দিৰ আক্ৰমণকাৰীৰ লক্ষ্য হৈ পৰিছে, যি এক চিন্তনীয় বিষয়। পাকিস্তানত হিন্দু মন্দিৰ ভঙাৰ খবৰ আহিছে। শনিবাৰে কৰাচীৰ ১৫০ বছৰীয়া এটা মন্দিৰ ভাঙি পেলোৱাৰ পাছত দেওবাৰে আন এটা হিন্দু মন্দিৰক লক্ষ্য কৰি লোৱা হয়। দেওবাৰে সন্ত্ৰাসবাদীয়ে সিন্ধৰ কাছমোৰত হিন্দু মন্দিৰত আক্ৰমণ চলায়। এই ঘটনাক গুৰুত্বসহকাৰে লৈ চৰকাৰে হিন্দু মন্দিৰৰ নিৰাপত্তা বৃদ্ধি কৰিছে। এক প্ৰতিবেদন অনুসৰি সিন্ধুৰ মন্দিৰৰ নিৰাপত্তাৰ বাবে মোতায়েন কৰা হৈছে ৪০০ৰো অধিক হিন্দু আৰক্ষী।

দেওবাৰে পুৱা কাশ্মোৰৰ এটা হিন্দু মন্দিৰত ৰকেট লঞ্চাৰে আক্ৰমণ কৰে। সমান্তৰালভাৱে অঞ্চলটোত আতংকৰ সৃষ্টি হয়। মন্দিৰৰ আশে-পাশে বসতি স্থাপন কৰা হিন্দু জনগোষ্ঠীৰ ঘৰতো নিৰ্বিচাৰে গুলীচালনা কৰে আক্ৰমণকাৰীয়ে। এনে কাৰ্যৰ পিছতে এতিয়া পাকিস্তানত হিন্দু মন্দিৰত নিৰাপত্তা বৃদ্ধি কৰিছে।

অনুৰাগীৰ প্ৰশ্ন ‘বিয়া কেতিয়া হ’ব’? উত্তৰ ‘মই এতিয়া গৰ্ভৱতী…’

ছ’চিয়েল মিডিয়াৰ পৰা দূৰত্ব বজাই ৰাখে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী তাপসী পান্নুৱে। কিন্তু হঠাতে সোমবাৰে অনুৰাগীক আচৰিত কৰি ইনষ্টাগ্ৰামত কতা-বাৰ্তা এক অনুষ্ঠান আয়োজন কৰে অভিনেত্ৰীগৰাকীয়ে। য’ত তেওঁ অনুৰাগীয়ে বহু প্ৰশ্ন কৰিছিল আৰু অভিনেত্ৰীগৰাকীয়েও বহু প্ৰশ্নৰ উত্তৰ দিছিল। তাৰ মাজতে এজন অনুৰাগীয়ে তাপসীৰ বিবাহক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। এই প্ৰশ্নটোৰ উত্তৰ আচৰিত ধৰণেৰে দিলে অভিনেত্ৰীগৰাকীয়ে। প্ৰশ্নটো আছিল ‘আপুনি কেতিয়া বিয়া হ’ব?’ উত্তৰটো আছিল ‘মই এতিয়াও গৰ্ভৱতী হোৱা নাই, গতিকে মোৰ বিয়া সোনকালে নহয়।’ এইদৰে উত্তৰ দি অভিনেত্ৰীগৰাকীয়ে হাঁহিবলৈ আৰম্ভ কৰে।

তাপছৰ আগন্তুক ছবিখনৰ নাম হৈছে ‘ডাংকি’। এই ছবিখনত ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ সৈতে প্ৰথমবাৰৰ বাবে পৰ্দাত দেখা যাব তাপসীক।

উৰাবাতৰিৰ মাজতে সাত সাগৰ ১৩ নদী সিপাৰলৈ যাত্ৰা আদিত্য-অনন্যাৰ…

উৰাবাতৰিৰ মাজতে সাত সাগৰ ১৩ নদী সিপাৰলৈ যাত্ৰা আদিত্য-অনন্যাৰ। বলিউদৰ জনপ্ৰিয় অভিনেতা আদিত্য কাপুৰ আৰু বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী অনন্যা কাপুৰৰ প্ৰেমৰ সম্পৰ্কক লৈ উৰা বাতৰি ওলোৱাৰ মাজতে এই খবৰ যে বাস্তৱলৈ পৰিণত হৈছে। বৰ্তমান দুয়োজন তাৰকাই সাত সাগৰ তেৰ নদী সিপাৰলৈ ফুৰিবলৈ গৈছে। দুয়োজন তাৰকা দম্পতীয়ে স্পেইনৰ মাদ্ৰিদত অনুষ্ঠিত হোৱা এক সংগীত কনচাৰ্টত অংশগ্ৰহণ কৰা দেখা গৈছিল। তেওঁলোকে ইনষ্টাগ্ৰামত একেলগে কোনো ফটো শ্বেয়াৰ কৰা নাই নাইবা তেওঁলোকৰ সম্পৰ্ককলৈ আনুষ্ঠানিকভাৱে একো তথ্য প্ৰকাশ কৰা নাই। এনে সময়তে পৰ্তুগালৰ লিছবনৰ এখন ৰেষ্টুৰেণ্টৰ পৰা অনন্যা আৰু আদিত্যৰ আন এখন ছবি পোহৰলৈ আহিছে। ফটো খন চাওক…

অনন্যা পাণ্ডেক পৰৱৰ্তী সময়ত আয়ুষ্মান খুৰানাৰ সৈতে ড্ৰিম গাৰ্ল ২ত দেখা যাব।