Home Blog Page 1472

বৃদ্ধি পাইছে বিলাহীৰ মূল্য। আপোনাৰ বহুমূলীয়া বিলাহীকেইটা পচি নোযোৱাকৈ ৰাখিব কেনেকৈ…

বৰ্তমান বাৰিষা। অবিৰত বৰষুণে তীব্ৰ গৰমৰ পৰা ৰেহাই দিছে যদিও একে সময়তে বোকা আৰু পানী জমা হোৱাৰ দৰে আন বহু সমস্যাও আৰম্ভ হৈছে। বাৰিষাৰ সময়ত মানুহে প্ৰায়ে কেইবাদিনো ফল-মূল কিনি মজুত কৰি ৰাখে, যাতে প্ৰতিদিনে বাহিৰলৈ ওলাই যাব নালাগে। যদি এই ফলমূল আৰু শাক-পাচলিবোৰ ভালদৰে ৰখা নহয়, তেন্তে এইবোৰ নষ্ট হ’বলৈ বেছি সময় নালাগে। আজি আমি আপোনালোকক বহুদিনৰ বাবে সুৰক্ষিত ৰাখিব পৰা কিছু বিশেষ টিপছ জনাম। বাৰিষাত খাদ্য সংৰক্ষণ কৰাৰ টিপছ-

কল এবিধ চিৰসেউজ ফল, যি বছৰৰ ১২ মাহতে পোৱা যায়। কিন্তু বাৰিষাৰ সময়ত কল ভালে ৰখাটো অতি প্ৰয়োজনীয়, নহ’লে ২ দিনৰ ভিতৰত পচি যায়। এনে ক্ষেত্ৰত কল ভালে ৰখাৰ আগতে ভালদৰে ধুব লাগে। ইয়াৰ পিছত টাৱেল বা টিছু পেপাৰ লৈ তিয়াই লওক। ইয়াৰ পিছত সেই কাগজখন কলৰ চাৰিওফালে মেৰিয়াই লওক। এনে কৰিলে কলবোৰ কেইবাদিনো ৰখাৰ পিছত পচি নাযায়।

বৰষুণৰ দিনত পিয়াঁজ সুৰক্ষিত ৰখাটোও এটা সমস্যা। এই সমস্যা সমাধানৰ বাবে টিছু পেপাৰো ব্যৱহাৰ কৰিব পাৰে। আপুনি পিঁয়াজৰ চাৰিওফালে টিছু পেপাৰ মেৰিয়াই তাৰ ওপৰত অলপ পানী ছটিয়াই দিয়ে। ইয়াৰ পিছত টিছু পেপাৰৰ লগতে ফ্ৰীজত ৰাখিব। এনে কৰিলে আপোনাৰ পিয়াঁজ বহুদিন খাব পৰা হৈ থাকে।

বৰষুণৰ সময়ত ধনীয়া খুব কমেইহে পোৱা যায়। কিনি অনাৰ অলপ পিছতে ক’লা হৈ পৰে ধনীয়া। ধনীয়া সুৰক্ষিত ৰক্ষাটো এক প্ৰত্যাহ্বানমূলক কাম। আপুনি ধনীয়াৰ ঠাৰিডালত টিছু পেপাৰ মেৰিয়াই লওক আৰু তাৰ পিছত অলপ তিয়াই ল’ব তাৰ পিছত কাঁচৰ গিলাচ এটা লৈ ধনীয়াৰ টিছু পেপাৰৰ সৈতে তাত থিয় কৰাই ৰাখিব। এনেকে ৰাখিলে ধনীয়া পাত সতেজ সেউজীয়া হৈ থাকিব।

বাৰিষা কালত বিলাহী পাবলৈ টান। বৰ্তমান বিলাহী মূল্য দ্ৰুত গতিত বৃদ্ধি পাইছে। এনে পৰিস্থিতিত আপোনাৰ বহুমূলীয়া বিলাহীকেইটা যাতে পচি নাযায় তাৰ বাবে লওক বিশেষ ব্যৱস্থা। ইয়াৰ বাবে বিলাহীৰ সেউজীয়া অংশত (গছজোপাৰ পৰা ছিঙি অনা অংশ) টেপ লগাই ফ্ৰীজত ৰাখিব। এনে কৰিলে বিলাহী বহুদিনলৈকে সতেজ হৈ থাকে।

শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণক আশ্বাস প্ৰদান ভাৰতৰ…

শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণক আশ্বাস প্ৰদান ভাৰতৰ। যোৱা বছৰ শ্ৰীলংকাৰ অৱস্থা অতি দুৰ্দশা হৈছিল। খাদ্য-সামগ্ৰীৰ ব্যাপক নাটনি হৈছিল। তেওঁলোকৰ ৰাজনীতিবিদ সকলৰ ব্যৰ্থতাত ক্ষুব্ধ হৈ জনসাধাৰণে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰিছিল। তেতিয়া ভাৰতে শ্ৰীলংকাক সকলো দিশতে সহায় কৰিছিল। ভাৰতে পুনৰবাৰ ঘোষণা কৰিছে যে এজন জ্যেষ্ঠ ভাতৃৰ দৰে সদায় সহায় কৰিব প্ৰতিবেশী ৰাষ্ট্ৰ শ্ৰীলংকাক। দৰাচলতে ভাৰতে ইতিহাসৰ বৃহত্তম অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবে শ্ৰীলংকাৰ প্ৰচেষ্টাক সমৰ্থন কৰাৰ ক্ষেত্ৰত ‘গঠনমূলক ভূমিকা’ গ্ৰহণ কৰাৰ ইচ্ছা পুনৰবাৰ প্ৰকাশ কৰাৰ সমান্তৰালভাৱে সকলো ধৰণৰ সহযোগিতা ঘোষণা কৰিছে। কলম্বোত অনুষ্ঠিত হোৱা কনষ্ট্ৰাকচন, পাৱাৰ এণ্ড এনাৰ্জি এক্সপ’ ২০২৩ৰ মুকলি সভাত ভাষণ দি ভাৰতৰ উপ-উচ্চায়ুক্ত বিনোদ কে জেকবে কয় যে শেহতীয়াকৈ ভাৰত আৰু শ্ৰীলংকাৰ মাজত গভীৰ সম্পৰ্কই বন্ধুত্ব আৰু সৰ্বাংগীন সহযোগিতা সুদৃঢ় কৰিছে।

ভাৰত হৈ পৰিল শ্ৰীলংকাৰ দুই কোটি জনসাধাৰণৰ আশা। ভাৰতীয় বিষয়াগৰাকীয়ে লগতে কয় ‘চলিত বৰ্ষৰ জানুৱাৰী মাহত আই এম এফৰ ঋণ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ প্ৰয়োজনীয় পুঁজিৰ সন্দৰ্ভত শ্ৰীলংকাক আশ্বাস দিয়া আমি প্ৰথমখন দেশ আছিলো’। জাপান আৰু পেৰিছ ক্লাবৰ সৈতে ঋণদাতা সমিতিৰ সহ-সভাপতি হিচাপে ভাৰতে গঠনমূলক ভূমিকা পালন কৰি যাব বুলিও মন্তব্য কৰে। ২০২২ চনত বৈদেশিক মুদ্ৰাৰ তীব্ৰ নাটনিৰ বাবে শ্ৰীলংকা আৰ্থিক সংকটৰ সন্মুখীন হৈছিল, যাৰ ফলত ১৯৪৮ চনত ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ পিছত দ্বীপ ৰাষ্ট্ৰখনৰ আটাইতকৈ ডাঙৰ অৰ্থনৈতিক সংকটৰ সৃষ্টি হৈছিল।

হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন…

উত্তৰ ভাৰতৰ প্ৰবল বৃষ্টিপাতৰ মাজতে হিমাচল প্ৰদেশত সন্ধানহীন অসমৰ দম্পতী।
৪৮ ঘণ্টা ধৰি পৰিয়ালে খবৰ লাভ কৰা নাই দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকনৰ।
প্ৰাকৃতিক দুৰ্যোগৰ পিছৰে পৰা সন্ধানহীন হৈ আছে দম্পতীহাল।


দেৱাশীষ ৰাজখোৱা আৰু শিখা ফুকন চৰাইদেউৰ সোণাৰি পাৰ্বতীপুৰৰ নিবাসী।
দম্পতীহালক উদ্ধাৰৰ বাবে মুখ্যমন্ত্ৰীলৈ আহৱান জনাইছে পৰিয়ালৰ লোকে।
আনহাতে প্ৰবল বৃষ্টিপাতে হিমাচল প্ৰদেশত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ধাৰাসাৰ বৰষুণৰ ফলত হিমাচলৰ বহুলোকৰ ক্ষতি হৈছে।

উত্তৰ ভাৰতত হঠাৎ ইমান বৰষুণ কিয়? বতৰ বিজ্ঞান বিভাগে জনালে বৰষুণৰ কাৰণ…

উত্তৰ ভাৰতত হঠাতে ইমান বৰষুণ কিয় হয়, বতৰ বিজ্ঞান বিভাগে ক’লে ইয়াৰ কাৰণ। দিল্লীকে ধৰি উত্তৰ ভাৰতৰ বহু ৰাজ্যত ধাৰাসাৰ বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। কিন্তু উত্তৰ ভাৰতত হঠাৎ কিয় ইমান বৰষুণ হৈছে জানেনে? উত্তৰ ভাৰতকে ধৰি বহু ৰাজ্যত আৰু যোৱা ২ দিন ধৰি ধাৰাবাহিকভাৱে হোৱা প্ৰচণ্ড বৰষুণৰ বাবে বহু ঠাইত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। হিমাচলত ডজনৰো অধিক সৰু-ডাঙৰ দলং উটুৱাই নিয়াৰ লগতে শ শ ঘৰৰ ক্ষতিসাধন হৈছে। ইয়াৰ বাহিৰেও পঞ্জাৱ আৰু হাৰিয়ানাৰ পথ ভৰোৱাৰ পাছত এতিয়া মানুহৰ ঘৰত পানী সোমাবলৈ আৰম্ভ কৰিছে। কিন্তু, উত্তৰ ভাৰতত হঠাতে কিয় ইমান প্ৰচণ্ড বৰষুণ হৈছে জানেনে?

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি উত্তৰ ভাৰতত হঠাৎ বৰষুণৰ কাৰণ হৈছে একেলগে দুটা বতৰ ব্যৱস্থা সক্ৰিয় হোৱা। আই এম ডিয়ে কয় যে উত্তৰ ভাৰতকে ধৰি সমগ্ৰ দেশতে মৌচুমী সক্ৰিয় হৈ আছে আৰু ইয়াৰ সমান্তৰালভাৱে পশ্চিমীয়া অশান্তিও সক্ৰিয় হৈ পৰিছে। এই দুয়োটা ব্যৱস্থাৰ মাৰাত্মক সংযোগৰ বাবে উত্তৰ ভাৰতত প্ৰবল বৰষুণৰ সৃষ্টি হৈছে। বতৰ বিজ্ঞান বিভাগৰ মুৰব্বী মৃত্যুঞ্জয় মহপাত্ৰই কয় যে, ‘দুদিন ধৰি একেলগে দুটা বতৰ ব্যৱস্থা সক্ৰিয় হৈ থকাৰ বাবে উত্তৰ ভাৰতত প্ৰচণ্ড বৰষুণ হৈছে। শনিবাৰে জম্মু-কাশ্মীৰ আৰু দেওবাৰে হিমাচল প্ৰদেশক কেন্দ্ৰ কৰি এই কথা কয় বতৰ বিজ্ঞান বিভাগে। বংগ উপসাগৰ আৰু আৰব সাগৰৰ পৰা আৰ্দ্ৰতা পোৱাৰ বাবে এই অঞ্চলসমূহত প্ৰবল বৰষুণ হৈছিল।

ধাৰাসাৰ বৰষুণৰ মাজতে বতৰ বিশেষজ্ঞসকলে সকীয়াই কয় যে আগন্তুক সময়ত যদি তাপমাত্ৰা বৃদ্ধি পাই থাকে তেন্তে প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ সম্ভাৱনা। এই পৰ্যন্ত হিমাচল প্ৰদেশত ১২ জন লোকৰ মৃত্যু হৈছে। হিমাচলৰ ৭খন জিলাত জাৰি কৰা হৈছেসতৰ্কবাণী। ভূমিস্খলনৰ বাবে বন্ধ হৈ আছে মাণ্ডীৰ চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথ।ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত প্ৰতি মুহূৰ্তত বাঢ়িছে বানপানীৰ আশংকা।

১৪ বাৰ গৰ্ভধাৰণৰ চেষ্টা কৰিও হ’ব নোৱাৰিলে মাতৃ! ছলমান খানৰ পৰামৰ্শত পিতৃ-মাতৃ হ’ল কাশ্মীৰা-কৃষ্ণ…

১৪ বাৰ গৰ্ভধাৰণৰ চেষ্টা কৰিও হ’ব নোৱাৰিলে মাতৃ! ছলমান খানৰ পৰামৰ্শত পিতৃ-মাতৃ হ’ল কাশ্মীৰা-কৃষ্ণ। ২০১৩ চনত কাশ্মীৰা আৰু কৃষ্ণৰ বিবাহ হয়। বিবাহৰ চাৰি বছৰৰ পাছত ২০১৭ চনত দুয়োজন পিতৃ-মাতৃ হয়। অৱশ্যে পিতৃ-মাতৃ হোৱাটো তেওঁলোকৰ বাবে ইমান সহজ নাছিল। কাশ্মীৰা শ্বাহ আৰু কৃষ্ণ অভিষেক টিভি উদ্যোগৰ এহাল বিখ্যাত দম্পতী। কাশ্মীৰা আৰু কৃষ্ণৰ সম্পৰ্ক বহুত ভাল, বহুবাৰ কপিল শৰ্মাৰ শ্ব’লৈ আহিছে দুয়ো। অৱশ্যে আজি আমি আপোনালোকক ক’ম কাশ্মীৰা আৰু কৃষ্ণ অভিষেকৰ পিতৃ-মাতৃ হোৱাৰ আঁৰৰ কাহিনী বিষয়ে। কাশ্মীৰাই ১৪ বাৰ মাতৃ হোৱাৰ চেষ্টা কৰিছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কাশ্মিৰাই এবাৰ বা দুবাৰ নহয় ১৪ বাৰ গৰ্ভধাৰণৰ চেষ্টা কৰিছিল যদিও সফলতা লাভ কৰিব নোৱাৰিছিল। আনহাতে বাৰে বাৰে বিফলতাৰ বাবে কাশ্মীৰাই আইভিএফ কৌশলৰ জৰিয়তেও গৰ্ভধাৰণৰ চেষ্টা কৰিছিল। কোৱা হয় যে আই ভি এফৰ কাৰণে কাশ্মীৰাৰ ওজনো বহুত বাঢ়ি গৈছিল। অৱশ্যে ইয়াৰ মাজতে ছলমান খানে কৃষ্ণ অভিষেক আৰু কাশ্মীৰী শ্বাহক এনে উপদেশ দিছিল যিয়ে তেওঁলোকৰ জীৱন চিৰদিনৰ বাবে সলনি কৰি পেলাইছিল।

ছলমান খানে কৃষ্ণ অভিষেক আৰু কাশ্মীৰা শ্বাহক চেৰ’গেচিৰ জৰিয়তে কেঁচুৱাৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিছিল। কোৱা হয় যে ছলমান খানৰ এই উপদেশত আগবাঢ়ি গৈ কাশ্মীৰা আৰু কৃষ্ণই চেৰ’গেচিৰ জৰিয়তে দুটা সন্তানৰ পিতৃ-মাতৃ হ’ল। অৱশ্যে কাশ্মীৰা নিজৰ ফিগাৰৰ প্ৰতি অতি সচেতন আছিল বুলিও কোৱা হয়, যাৰ বাবে তেওঁ চেৰ’গেচি বাছি লৈছিল। অৱশ্যে কাশ্মীৰাৰ মতে এনেকুৱা একো হোৱা নাছিল অৰ্থাত ছলমান খানে একো পৰামৰ্শ দিয়া নাছিল আৰু সেয়া আছিল মাথোঁ এক উৰাবাতৰি।

বৰষুণৰ ফলত ২০ জনকৈ লোকৰ মৃত্যু হিমাচলত; মুখ্যমন্ত্ৰী সুখুৰ সৈতে বাৰ্তালাপ প্ৰধানমন্ত্ৰী মোদীৰ…

হিমাচল প্ৰদেশত বৰষুণৰ ফলত ২০ জন লোকৰ মৃত্যু। পাহাৰীয়া ৰাজ্যখনৰ কিছু অংশত বহু পৰ্যটক আবদ্ধ হৈ আছে। আনহাতে আন্তঃগাঁথনিৰ ক্ষতিৰ আনুষ্ঠানিক অনুমান ৩০০০ কোটিৰ পৰা ৫০ কোটি টকাৰ ভিতৰত হ’ব বুলি কোৱা হৈছে। বিগত তিনিদিন ধৰি হিমাচল প্ৰদেশত বৰষুণে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, বিদ্যুৎ সংযোগ বিচিন্ন, পথ অৱৰোধ কৰা হৈছে। হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুৱে কয় যে বিগত ৫০ বছৰে ৰাজ্যত ইমান বৰষুণ হোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যত প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ক্ষতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতি ৰাজ্য চৰকাৰক সংকটৰ পৰা ওলাই আহিবলৈ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বিজেপি নেতা জয়ৰাম ঠাকুৰৰ মতে বানপানীয়ে বহু ঘৰ উটুৱাই লৈ যায় আৰু কমেও ১২খন ডাঙৰ দলঙৰ ক্ষতি হৈছে।

আনহাতে হেলিকপ্টাৰ ব্যৱহাৰ কৰি লাহাউল-স্পিটি আৰু কুল্লু জিলাৰ আৱদ্ধ হৈ থকা প্ৰায় ৩০০ পৰ্যটক আৰু বাসিন্দাক উলিয়াই অনাৰ প্ৰচেষ্টা চলি আছে। আবদ্ধ হৈ থকা লোকসকলৰ বাবে থকাৰ ব্যৱস্থা, খাদ্য, আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ লগতে আবদ্ধ পৰ্যটকৰ ৰাজ্যভিত্তিক তালিকা প্ৰস্তুত কৰাৰ নিৰ্দেশনা জাৰি কৰা হৈছে। মুষলধাৰ বৰষুণৰ ফলত ৰাজ্য খনত ব্যাপক লোকচান হোৱাৰ লগতে বহুতৰে জীৱন আৰু সা-সম্পত্তিৰ বহু ক্ষতিসাধন হৈছে। এই অঞ্চলসমূহৰ পথসমূহৰ তাৎক্ষণিক উন্নতিৰ বাবে তেওঁ ৪ কোটি টকা আবণ্টন দিয়া হৈছে। তীৰ্থযাত্ৰাৰ সময়ত ৬ জন লোকৰ মৃত্যুৰ খবৰ পোৱাৰ বাবে শ্ৰীখণ্ড মহাদেৱ যাত্ৰা বাকী ঋতুৰ বাবে স্থগিত ৰখা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে মুখ্যমন্ত্ৰীৰ সৈতে হোৱা বাৰ্তালাপত হিমাচল প্ৰদেশত হোৱা ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ পৰিসৰৰ বিষয়ে সোধা-পোছা কৰে।

আনহাতে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। চৰকাৰে তিনিটা হেল্পলাইন নম্বৰ ১১০০, ১০৭০ আৰু ১০৭৭ৰ জাৰি কৰিছে। যিকোনো জৰুৰীকালীন অৱস্থাত এই নম্বৰবোৰত ফোন কৰিব পাৰিব।লগতে মুখ্যমন্ত্ৰী সুখুৱে সকলো বিধায়কক নিজৰ সমষ্টিত থাকি আৰ্তজনক সহায় কৰিবলৈ অনুৰোধ জনায়।

সন্তানৰ পৰিকল্পনা কৰিছে নেকি? এই খাদ্যসমূহ দৈনিক খাওক, গৰ্ভধাৰণত কোনো সমস্যা নহ’ব

pregnancy, unhealthy eating, food and people concept - close up of pregnant woman with croissant buns and cookies sitting in bed at home

আপুনি যি খাদ্য খাই তাৰ প্ৰত্যক্ষ প্ৰভাৱ আপোনাৰ ওপৰত পৰে। যদি আপুনি সন্তানৰ বাবে পৰিকল্পনা কৰিছে তেন্তে কিছুমান ক্ষেত্ৰত যত্ন ল’ব লাগিব। আজি আমি আপোনালোকক ক’ম যে শিশু পৰিকল্পনাৰ সময়ত আপুনি কি কি বস্তু সেৱন কৰিব লাগে। এইবোৰ বস্তু সেৱন কৰি গৰ্ভধাৰণৰ কথা ভাবক কৰক-

বুটমাহ-
যদি আপুনি সন্তান গৰ্ভধাৰণ কৰিবলৈ চেষ্টা কৰিছে, তেন্তে আপুনি আপোনাৰ খাদ্য তালিকাত বুটমাহ অন্তৰ্ভুক্ত কৰিব লাগিব। কাৰণ বুট খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি হোৱাই নহয়, ই আপোনাৰ জৰায়ুত তেজৰ সোঁতও উন্নত কৰে। যাৰ বাবে আপোনাৰ সন্তান গৰ্ভধাৰণত কোনো সমস্যা নহয়। সেইবাবেই সন্তান গৰ্ভধাৰণৰ কথা চিন্তা কৰা মহিলাসকলে বুটমাহ সেৱন কৰিব লাগে।

ৰঙালাও গুটি
সূৰ্য্যমুখী আৰু ৰঙালাও গুটিক ওমেগা ৩ৰ ভাল উৎস বুলি গণ্য কৰা হয়। কাৰণ ৰঙালাও গুটি সেৱনৰ ফলত পুৰুষৰ শুক্ৰাণুৰ সংখ্যা বৃদ্ধি হয়। গতিকে যদি আপুনি কেঁচুৱা পৰিকল্পনা কৰিছে তেন্তে দৈনিক ৰঙালাও গুটি সেৱন কৰিব লাগে।

বীন আৰু দাইল-
যদি আপুনি প্ৰতিদিনে খাদ্য তালিকাত বীন আৰু দাইল অন্তৰ্ভুক্ত কৰে, তেন্তে সন্তান গৰ্ভধাৰণত কোনো সমস্যা নহয়। যদি আপুনি সন্তান জন্ম দিয়াৰ কথা ভাবিছে তেন্তে আপোনাৰ খাদ্য তালিকাত বীন আৰু দাইল অন্তৰ্ভুক্ত কৰা উচিত। বীন আৰু দাইলে হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবেও কাম কৰে। সেইবাবেই এইবোৰ বস্তু নিশ্চয়কৈ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সৈতে মত বিনিময়

তেজপুৰ বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য অধ্যাপক শম্ভু নাথ সিঙে দেওবাৰে নতুন দিল্লীত দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে।

সোমবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত এই কথা প্ৰকাশ কৰি কোৱা হয় যে,এই সাক্ষাতৰ সময়ত উপাচাৰ্য অধ্যাপক সিঙে তেজপুৰ বিশ্ববিদ্যালয়ৰ সাফল্যৰ ওপৰত আলোকপাত কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী গৰাকীক তেজপুৰ বিশ্ববিদ্যালয়ক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ উন্নীত কৰাৰ পৰিকল্পনা তথা আঁচনিৰ বিষয়ে অৱগত কৰে।

মন্ত্ৰী প্ৰধানে জাতিৰ উন্নয়নক আগুৱাই নিয়াত বিশ্ববিদ্যালয়সমূহে গ্ৰহণ কৰা গুৰুত্বপূৰ্ণ ভূমিকাক স্বীকাৰ কৰে আৰু শৈক্ষিক উৎকৰ্ষতা আৰু গৱেষণাৰ ক্ষেত্ৰত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱদানৰ বাবে শলাগ লয়।

তেওঁ উপাচাৰ্য সিঙক দক্ষতাভিত্তিক শিক্ষাৰ প্ৰৱৰ্তনেৰে দ্ৰুতগতিত বিকশিত হোৱা বিশ্বৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে ছাত্ৰ-ছাত্ৰীক সৱলীকৰণ কৰিবলৈ পৰামৰ্শ দিয়ে।

উপাচাৰ্য সিঙে এই সন্দৰ্ভত কয় যে, শিক্ষামন্ত্ৰীৰ স’তে মত বিনিময় কৰাৰ সুযোগ লাভ কৰি তেওঁ আনন্দিত আৰু এই বৈঠকে তেজপুৰ বিশ্ববিদ্যালয়ত শৈক্ষিক উৎকৰ্ষতাৰ পৰিৱেশ সৃষ্টিৰ বাবে আমাৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰি তুলিছে।

শিক্ষামন্ত্ৰীক তেজপুৰ বিশ্ববিদ্যালয় ভ্ৰমণ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ লগতে শিক্ষামন্ত্ৰীয়ে এই আমন্ত্ৰণ গ্ৰহণ কৰিছে বুলিও উপাচাৰ্য সিঙে প্ৰকাশ কৰি তেওঁ শীঘ্ৰেই তেজপুৰ বিশ্ববিদ্যালয় চৌহদ ভ্ৰমণ কৰিব বুলি আশ্বাস দিয়া বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে৷

একলাখ ফটো আৰু দহ হাজাৰ কলাত্মক ফটোৰে বিশ্ব বন্দিত হোৱা নলিনী বৰুৱাৰ অমৰ সৃষ্টি বন্দী হ’ল চেলুলয়ডত 

শ্ৰীলংকাৰ কলম্বোত থকা ভাৰতীয় উচ্চায়ুক্তৰ অধিনস্থ বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ  সঞ্চালক পদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা লি এনত কৰ্মৰত হৈ থকা অসমৰ শিৱসাগৰৰ সু সন্তান তথা দেশৰ এগৰাকী প্ৰখ্যাত মিডিয়া এডুকেটৰ হিচাপে ১৯ বছৰীয়া অভিজ্ঞতাৰে পুষ্ট অধ্যাপক অংকুৰণ দত্তই তেজপুৰৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন আলোক চিত্ৰ শিল্পী নলিনী বৰুৱাৰ জীৱন – দৰ্শন আৰু আলোকচিত্ৰ সমূহৰ ওপৰত নিৰ্মাণ কৰি উলিওৱা “লিৰিকেল লেন্স” শীৰ্ষক ৫২ মিনিটৰ ধ্ৰুপদী শৈলীৰ এখন অতি আকৰ্ষণীয় তথ্যচিত্ৰ দেওবাৰে বিয়লি ৮২ বছৰীয়া আলোকচিত্ৰ শিল্পী গৰাকীৰ উপস্থিতিৰ লগতে তেজপুৰৰ একাংশ কলাৰসিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত উন্মোচিত হয় তেজপুৰৰ অসমীয়া ক্লাবৰ বালিৰাম লহকৰ সভাকক্ষত।

তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ উদ্যোগত আৰু ড° অনামিকা ৰয় সোঁৱৰণী ন্যাসৰ সহযোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত তথ্যচিত্ৰখন প্ৰথমবাৰৰ বাবে নলিনী বৰুৱাৰ উপস্থিতিত প্ৰদৰ্শন হোৱাৰ সময়ত ৫২ মিনিট সময় শিল্পী গৰাকীৰ বিখ্যাত আলোকচিত্ৰ সমূহৰ মাজত সৃষ্টিশীলতা প্ৰতক্ষ কৰি আপ্লুত হৈ পৰে বিশিষ্টজন। 

আনহাতে তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সদস্যা অধ্যাপিকা ড° স্বপ্নালী কাকতিয়ে আতঁ ধৰা তথ্যচিত্ৰ উন্মোচনী অনুষ্ঠানটিৰ আৰম্ভণিতে তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি, বিশিষ্ট শিক্ষাবিদ শৈলজা কুমাৰ পদ্মপতিয়ে আদৰণী ভাষণ আগবঢ়াই তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ কৰ্মসূচী দাঙি ধৰি প্ৰতি মাহৰ দেওবাৰে বিশেষ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থাৰ মাজত তেজপুৰৰ গৌৰৱ নলিনী বৰুৱাৰ সৃষ্টিৰাজিৰ ওপৰত এনে এখন তথ্যচিত্ৰ উন্মোচন কৰিবলৈ পাই ধন্য হৈছোঁ বুলি মন্তব্য কৰে। 

উল্লেখ্য যে, তথ্যচিত্ৰখন প্ৰদৰ্শনৰ আৰম্ভণিতে দেশৰ গণমাধ্যমলৈ প্ৰভুত বৰঙণি আগবঢ়োৱা, ১১খনকৈ গ্ৰন্থৰ স্ৰষ্টা, ১০ খনকৈ তথ্যচিত্ৰ নিৰ্মাতা, এহেজাৰৰো অধিক ৰেডিঅৰ শৈক্ষিক অনুষ্ঠান প্ৰযোজনা কৰা, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্ণেলত অসংখ্য গৱেষণা পত্ৰ প্ৰকাশ কৰা অধ্যাপক অংকুৰণ দত্তই সৰুতেই আলোচনীৰ পাতত নলিনী বৰুৱাৰ কলাত্মক ছবি প্ৰতক্ষ কৰি উৎসুকতা বৃদ্ধি পাইছিল বুলি মন্তব্য কৰি ৮ টা দশক ধৰি ফটোগ্ৰাফী কৰি থকা ব্যক্তি পৃথিৱীৰ অন্য প্ৰান্তত নিশ্চয় নাই বুলি কৈ নলিনী বৰুৱাৰ ন্যুড ফটোৰ কলাত্মক দিশে বিশেষ ভাৱে সৃষ্টিশীলতা প্ৰতিপন্ন কৰে বুলি কয়।

২০০৮ চনত কটন মহাবিদ্যালয়ত “মিডিয়া এণ্ড কমিউনিকেশ্বন ষ্টাডী চেন্টাৰ” প্ৰতিষ্ঠা কৰা, ২০০৭ চনত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত মাল্টি মিডিয়া বিভাগত উপ সঞ্চালক আৰু সহযোগী অধ্যাপকৰ উপৰি ২০১৯ ৰ পৰা ২২ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কমিউনিকেশ্বন এণ্ড জাৰ্ণেলিজম বিভাগৰ অধ্যাপক আৰু মুৰব্বী হিচাপে এসময়ত কৰ্মৰত অধ্যাপক দত্তই ভাষণ প্ৰসংগত বৰ্তমানে শ্ৰীলংকাত ভাৰত চৰকাৰৰ হৈ ভাৰতীয় সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে দুয়োখন দেশৰ মাজত সেঁতুবন্ধনৰ কামত অতিকৈ ব্যস্ত থকাৰ পিছতো বৰ্তমানলৈকে তিনিলাখ ছবি আৰু ১০ হাজাৰ সৃষ্টিশীল কলাত্মক ছবি তোলা মহান শিল্পী গৰাকীৰ সৃষ্টি সমূহৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ কথা ভাৱিয়েই এই তথ্যচিত্ৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি অহাৰ কথা সদৰী কৰে।

আনহাতে ৮২ বছৰীয়া নলিনী বৰুৱাই আজিও ফটো তুলি অহাতো এক আশাব্যঞ্জক খবৰ বুলি কৈ শিল্পীগৰাকীৰ ফটোগ্ৰাফীয়ে এটা শতিকা পূৰ্ণ কৰিব বুলি আশা ব্যক্ত কৰি ৬০ – ৭০ দশকতে ন্যুড ফটো তুলিবলৈ সমাজৰ পৰা প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ পিছতো আজি আমি ২০২৩ বৰ্ষতো এনে ন্যুড ফটোগ্ৰাফীৰ কথা ভাৱিবলৈ বহুবাৰ আগলৈ পিছলৈ চাব লগা হৈছে বুলি মন্তব্য কৰে।

মিডিয়া এডুকেটৰ হিচাপে দক্ষিণ এছিয়াৰ দেশ সমূহত বিভিন্ন শৈক্ষিক কামকাজত জড়িত হৈ গোলকীয় এক্সপ’জাৰ লাভ কৰা অধ্যাপক দত্তই ভাষণ প্ৰসংগত নলিনী বৰুৱাৰ সৃষ্টিশীল ফটো সমূহ সমগ্ৰ দেশৰ বাবেই আপুৰুগীয়া সম্পদ বুলি কৈ আমেৰিকাৰ ফটোগ্ৰাফী জাৰ্ণেলত ফটো প্ৰকাশ পোৱা আলোকচিত্ৰ শিল্পী অসমৰ একমাত্ৰ তেওঁৱেই বুলি কৈ তথ্যচিত্ৰখনত কেৱল শিল্পীগৰাকীৰ কন্ঠকে একমাত্ৰ ব্যৱহাৰ কৰি আগবঢ়াই নিয়াৰ পিছত মুক্তিৰ বাবে সংশ্লিষ্ট পক্ষৰ অনুমতি লাভ কৰাৰ প্ৰসংগও সদৰী কৰাৰ উপৰি অহা ১৯ জুলাইত অষ্টম মৃত্যুবাৰ্ষিকী হ’ব লগা তেওঁৰ সহধৰ্মিনী ড° অনামিকা ৰয়ৰ সোঁৱৰণতে এটি ন্যাস গঠন কৰা হৈছে বুলি কয়।

উল্লেখ্য যে, এই অনুষ্ঠানৰ মাজতে অধ্যাপক অংকুৰণ দত্তই শ্ৰীলংকাৰ পৰা কঢ়িয়াই অনা অংগ বস্ত্ৰৰে চাৰিকুৰি উৰ্ধৰ নলিনী বৰুৱাক বিশেষ ভাৱে সন্মান জনোৱাৰ লগতে তেজপুৰ চলচ্চিত্ৰ মঞ্চৰ সভাপতি শৈলজা কুমাৰ পদ্মপতি, অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী আৰু উপসভাপতি হেমন্ত লহকৰকো  বিশেষ ভাৱে সন্মান প্ৰদান কৰে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° বীৰেন দাস, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° অবনী কুমাৰ শৰ্মা, বিশিষ্ট চিকিৎসক ডাঃ প্ৰদীপ বৰুৱা, ডাঃ জয়ন্ত কুমাৰ দাস, বিশিষ্ট লেখিকা ৰাজু বৰুৱা,অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, সংগীত শিল্পী অনিল কুমাৰ ভট্টাচাৰ্য, লেখিকা তথা চিকিৎসক ডাঃ অঞ্জুমণি চেতিয়া, বিশিষ্ট চিত্ৰশিল্পী মৃগেন কলিতা, তেজপুৰ সাহিত্য সভাৰ উপসভাপতি নবীন চন্দ্ৰ লহকৰ, প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতা, বিশিষ্ট সমাজকৰ্মী ৰুবুল শৰ্মাকে ধৰি তেজপুৰৰ একাংশ কলাৰসিক বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমীয়া ক্লাবৰ তৰফৰ পৰাও অধ্যাপক অংকুৰণ দত্ত আৰু তেওঁৰ একমাত্ৰ দুহিতা আলফুলক গ্ৰন্থৰ টোপোলাৰে আদৰণী জনায়।

ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ৪৩০ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰী অভিনন্দন

“অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ নৱপ্ৰজন্মই শিক্ষা-দীক্ষাত আগবাঢ়ি যাব লাগিব। আজি ক্ৰমে ক্ৰমে বৃদ্ধি পাবলৈ ধৰা যুৱ উশৃংখলতাৰ বিপৰীতে এই সভাগৃহত বহি থকা চাৰি শতাধিক কৃতী ছাত্ৰ-ছাত্ৰী আমাৰ সমাজৰ বাবে এক সজীৱ আশা। কৃতী ছাত্ৰ হোৱা সমান্তৰালকৈ সুচৰিত্ৰৰ ছাত্ৰ হ’ব পাৰিলেহে এজন প্ৰকৃত মানুহ হ’ব পাৰিব। অসমৰ চুতীয়া জনগোষ্ঠীৰ এক সোণালী ইতিহাস আছে। কালৰ কুটিল চক্ৰত সোমাই থকা সেই ইতিহাস আজিৰ প্ৰজন্মই উদ্ধাৰ কৰিব লাগিব। চুতীয়াসকলৰ উত্তৰণ হোৱা মানে অসমীয়া জাতিৰো উত্তৰণ হোৱা।” দেওবাৰে ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ধেমাজি নগৰস্থিত ৰাজহুৱা পেক্ষাগৃহত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা জিলাখনৰ চুতীয়া জনগোষ্ঠীৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জ্ঞাপন কৰা এক অনুষ্ঠানত কৃতীমানসকলক উদ্দ্যেশি দিয়া বক্তব্যত এই দৰে মন্তব্য কৰে সাংবাদিক মৃদুপৱন চুতীয়াই।

দিনৰ ১২.৩০ বজাৰ পৰা ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি তিম চুতীয়াৰ সভাপতিত্বত আৰু জিলাৰ সাধাৰণ সম্পাদক অৰ্জুন প্ৰতিম চুতীয়াই আঁত ধৰা সম্বৰ্ধনা সভাখনিত চুতীয়া ছাত্ৰ সন্থাৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়া আৰু উপ সভাপতি ইন্দ্ৰজিৎ চুতীয়া, চুতীয়া উন্নয়ন পৰিষদৰ সদস্য পৱন চুতীয়া আৰু মদন শইকীয়া, চুতীয়া জাতি সন্মিলনৰ উপদেষ্টা ড° সৰ্বেশ্বৰ চুতীয়া, ৰাজ্যিক কাৰ্যনিৰ্বাহক আশানন্দ চুতীয়া, জোনাই জিলা চুতীয়া জাতি সন্মিলন সভাপতি ৰঞ্জিত শইকীয়া আৰু সম্পাদক গিৰিণ চুতীয়া, ধেমাজি জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি গজেন চুতীয়া, সম্পাদক দিগন্ত চুতীয়া, সদৌ অসম চুতীয়া মহিলা সন্মিলন উপ সভানেত্ৰী গুণ চুতীয়া আৰু সাধাৰণ সম্পাদিকা অৰ্পণা চুতীয়া, চুতীয়া জাতি যুৱ সন্মিলন ধেমাজি জিলাৰ সভাপতি পিংকু কুমাৰ চুতীয়া, ধেমাজি বাণিজ্য মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, চমৰাজান গাঁও পঞ্চায়তৰ সভাপতি প্ৰদীপ বৰুৱা, মিছামাৰী পঞ্চায়তৰ সভাপতি বুবু শইকীয়া, ধেমাজি জিলাৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি পুলক চুতীয়া, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল চুতীয়া আদি উপস্থিত থাকে।

কীৰ্তিমানসকলক উদ্দ্যেশি মৃদুপৱন চুতীয়া, পৱন চুতীয়া, অধ্যাপক ডিম্বেশ্বৰ বৰুৱা, পিংকু কুমাৰ চুতীয়া, ড০ সৰ্বেশ্বৰ চুতীয়া, গিৰীন চুতীয়া, অৰ্পণা চুতীয়া, সন্থাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰাজু চুতীয়া একাষাৰ বক্তব্য ৰাখে। ২৩০ কৃতী ছাত্ৰ-ছাত্ৰীক চেলেং চাদৰ আৰু সম্বৰ্ধনা পত্ৰৰে অভিনন্দন জ্ঞাপন কৰে।


-শম্ভু দাস, চিলাপথাৰ