Home Blog Page 1473

জাতীয়তাবাদী চিন্তাধাৰাৰ বিশিষ্ট চিন্তাবিদ, সুবক্তা বিশিষ্ট শিক্ষাবিদ, অধিবক্তা, প্ৰবীণ সাংবাদিক কেশৱ চন্দ্ৰ দত্ত আৰু নাই

অসমৰ জাতীয়তাবাদী ধাৰাৰ বিশিষ্ট চিন্তাবিদ ,ঐতিহাসিক অসম আন্দোলনত সমুখৰ পৰা নেতৃত্ব প্ৰদান কৰা সুবক্তা ,টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অধিবক্তা, সুদক্ষ ফুটবল ৰেফাৰী, ভলীবলৰ ৰেফাৰী, প্ৰবীণ সাংবাদিক টংলা নিবাসী ড° কেশৱ চন্দ্ৰ দত্ত আৰু নাই।

কিছু বছৰ স্নায়ৱিক তথা আন ৰোগত আক্ৰান্ত হৈ দেওবাৰে নিশা ৭-৫০ বজাত ৭৬ বছৰ বয়সত টংলাস্থিত নিজা বাসভৱনত স্বৰ্গগামী হোৱাত ওদালগুৰি আৰু দৰং জিলাত গভীৰ শোকৰ ছাঁ পৰিছে। ১৯৪৭ চনত দৰং জিলাৰ দলগাঁৱৰ নিচেই ওচৰৰ নিজদল গাঁও নামৰ গাঁওখনত দলগাঁও মৌজাৰ মৌজাদাৰ বলিৰাম দত্ত আৰু বৃন্দাৱলী দত্তৰ সুপুত্ৰ ,অতি মেধাৱী ছাত্ৰ কেশৱ চন্দ্ৰ দত্তই দলগাঁও হাইস্কুলৰ পৰা প্ৰৱেশিকা ,কটন কলেজৰ পৰা প্ৰাক বিশ্ববিদ্যালয় ,স্নাতক কলা উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ, বিটি বৰ্তমান (বি এড),আইনৰ স্নাতক ,লোকসংস্কৃতিত এম ফিল আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰে।

অসম ফুটবল সন্থা আৰু অসম ভলীবল সন্থাৰ দ্বিতীয় শ্ৰেণীৰ ৰেফাৰী পৰীক্ষাত উত্তীৰ্ণ কেশৱ চন্দ্ৰ দত্তই ১৯৬১ চনত বেচিমাৰী হাইস্কুলত শিক্ষকতা জীৱন আৰম্ভ কৰি কৰ্ম জীৱনৰ পাতনি মেলি ১৯৬৩ চনত অস্থায়ীভাৱে কৌপাটীৰ বল্লভভাই পেটেল হাইস্কুলত শিক্ষকতা, ১৯৬৬ চনৰ পৰা ১৯৮১ চনলৈ দলগাঁও হাইস্কুলত শিক্ষকতা কৰাৰ পিছত ১৯৮১ চনৰ পৰা ২০০৬ চনলৈ টংলা মহাবিদ্যালয়ত শিক্ষকতা, ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী আৰু পিছলৈ অধ্যক্ষ হিচাবে কাম কৰি ২০০৬চনৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰে।

আইনৰ স্নাতক দত্তই ২০০৭ চনৰ ৫ এপ্ৰিলৰ পৰা ওদালগুৰি আদালতত অধিবক্তা হিচাপে কৰ্মৰত হয়। এসমৰ দলগাঁও প্ৰগতি সংঘৰ প্ৰতিষ্ঠাপক সম্পাদক, দলগাঁও শান্তিৰক্ষা কমিটীৰ সম্পাদক, দলগাঁও ৰঙালী বিহু উদযাপনৰ সম্পাদক, সাহিত্য সভাৰ সদস্য, মঙ্গলদৈ জিলা সাহিত্য সভাৰ দলগাঁও অধিবেশনৰ আদৰণী সমিতিৰ সাধাৰণ সম্পাদক, মঙ্গলদৈ ক্ৰীড়া সন্থা ৰেফাৰী বোৰ্ডৰ প্ৰাক্তন অধ্যক্ষ ,সদৌ টংলা ৰঙালী বিহু সন্মিলনীৰ আদৰণী সমিতিৰ প্ৰাক্তন সম্পাদক, সভাপতি, উত্তৰ দৰং মহাবিদ্যায়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সদস্য, নেচনেল পায়’নিয়াৰ কলেজৰ প্ৰতিষ্ঠাপক সভাপতি, টংলা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক কাৰ্যকৰী সভাপতি, ওদালগুৰি ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক উপ সভাপতি, ভেৰগাঁও মহকুমা ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক উপদেষ্টা, টংলা মফচলীয় সংবাদসেৱী সংস্থাৰ প্ৰতিষ্ঠাপক সম্পাদক , প্ৰাক্তন সভাপতি, টংলা ক্ৰীড়া সন্থাৰ সভাপতি ,ওদালগুৰি উকীল সন্থাৰো সভাপতিৰ আসন অলংকৃত কৰা দত্তই মৃত্যুৰ সম়য়লৈকে শিক্ষা, ক্ৰীড়া, সমাজ সেৱা তথা মানৱ জীৱনৰ উত্তৰণৰ হকে আজীৱন সেৱা কৰি থৈ গ’ল।দ্য চেণ্টিনেল ,যুগশঙ্খ আৰু আজিৰ অসমত সংবাদ সেৱা কৰা দত্তই দৰং জিলা সাংবাদিক সন্থা আৰু উত্তৰ পূৰ্বাঞ্চল মফচলীয় সাংবাদিক সন্থাৰো সদস্য আছিল।হৰিশিঙা কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষৰ আসন শুৱনি কৰা দত্তই মৃত্যুৰ সময়ত পত্নী নির্মালী দত্ত, পুত্ৰ শঙ্কৰজ্যোতি দত্ত, বোৱাৰী, জী -জোঁৱাই, নাতি – নাতিনী আৰু অজস্ৰ গুণুমুগ্ধক কন্দুৱাই ইহ জগতৰ পৰা বিদায় লয়।

ভিন্ন দল সংগঠনৰ শেষ শ্ৰদ্ধা জ্ঞাপন:

সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যই কয়, “দত্ত চাৰ এগৰাকী জাতীয়তাবাদী ধাৰাৰ বিশিষ্ট চিন্তাবিদ আৰু সুবক্তা আছিল। ঐতিহাসিক অসম আন্দোলনত সমুখৰ পৰাই নেতৃত্ব দি জনগণক একত্ৰিত কৰিছিল।তেখেতৰ মৃত্যুত সমাজখনৰ অপূৰণীয় ক্ষতি হ’ল”। সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য্য, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আৰু সাধাৰণ সম্পাদক ৰিংকু ডেকাই তেখেতৰ নশ্বৰ দেহত আছুৰ পতাকাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

ওদালগুৰি জিলা সাহিত্য সভাৰ হৈ সভাপতি গৌৰী শংকৰ দাস, টংলা সাহিত্য সভাৰ হৈ দিবাকৰ বৰা, বিহু সুৰক্ষা সমিতিৰ হৈ দুলাল বৰুৱা, টংলা মহাবিদ্যালয়ৰ হৈ অধ্যক্ষ প্ৰসেনজিৎ দৈমাৰী, প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী, অগপৰ ওদালগুৰি জিলাৰ হৈ সম্পাদক প্ৰমোদ হাজৰিকাই নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰে।

টংলা সাহিত্য সভা, পানেৰী সাহিত্য সভা, শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভা, কেন্দুকলাই সাহিত্য সমাজ ,পুৰন্দিয়া সাহিত্য সভা , ডিমাকুছি সাহিত্য সভা,ব্ৰহ্মহিত সাধিনী সাহিত্য কানন, বামুনজুলি সাহিত্য সভা, যুৱ মঞ্চ -টংলা, টংলা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা আৰু টংলা আঞ্চলিক সমিতি, টংলা প্ৰেছ ক্লাব, টংলা মিডিয়া চাৰ্কুল, টংলা মিডিয়া ফ’ৰাম, টংলা ক্ৰীড়া সন্থা, টংলা কবি সন্মিলন, শিল্পী সমাজ, টংলা, সদৌ টংলা ৰঙালী বিহু সন্মিলনী, হৰিশিঙা কণিষ্ঠ মহাবিদ্যালয়, বিভিন্ন শিক্ষানুষ্ঠানৰ লগতে টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ৰাজেন কলিতা, জয়ন্ত কুমাৰ চক্ৰৱৰ্তী, ঘটেশ্বৰ বৰুৱা, অঞ্জলি চক্ৰৱৰ্তী, ৰবীন্দ্ৰ কুমাৰ শৰ্মা, সাংস্কৃতিক কৰ্মী নবজিৎ দাস, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তাৰানাথ কলিতা, সাহিত্য অকাডেমি বঁটাপ্ৰাপক সাহিত্যিকদ্বয় অৰূপা পটংগীয়া কলিতা, ডঃ ৰীতা বড়ো, বড়ো সাহিত্য সভাৰ সম্পাদক কামেশ্বৰ বড়ো, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ড° পবিত্ৰ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গব কুমাৰ দাস, ওদালগুৰি জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হৰেশ্বৰ কলিতা, প্ৰাক্তন ছাত্ৰ নেতা ভাৰত ডেকা প্ৰমুখ্যে দল সংগঠন আৰু ব্যক্তি বিশেষে বিশিষ্ট চিন্তাবিদগৰাকীৰ প্ৰতি শোক প্ৰকাশ আৰু নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

আনহাতে দত্তৰ মৃতদেহ টংলা মহাবিদ্যালয়লৈ লৈ যোৱা হয় । দত্তৰ কৰ্মস্থলী টংলা মহাবিদ্যালয়ত অধ্যক্ষ ড° প্রসেনজিৎ দৈমাৰীৰ নেতৃত্বত শিক্ষক -শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ -ছাত্ৰীয়ে টংলা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষগৰাকীক শেষ শ্ৰদ্ধা জনায়।

একে স্থানতে টংলা আঞ্চলিক এবছু’ই বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ আৰু ক্ৰীড়াবিদগৰাকীক শেষ শ্ৰদ্ধাৰ্ঘ যাচে ।অসম বিধানসভাৰ অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰীয়েও দত্তদেৱৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

চচল কঁপালে অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাই, ২০ জুলাইৰ ভিতৰত দাবী মীমাংসাৰ পদক্ষেপ নল’লে ধাৰাবাহিক আন্দোলনৰ হুঙ্কাৰ

সোমবাৰে চি আই টি ইউৰ অন্তৰ্ভুক্ত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ আহ্বান মৰ্মে পাঁচ সহস্ৰাধিক অঙ্গনৱাড়ী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাই চচলৰ ধৰ্ণাস্থলী কঁপাই তোলে।

প্ৰখৰ ৰদকো নেওচি পুৱা ১০ বজাৰ পৰা ১ বজালৈ উত্তপ্ত শ্লোগান দি অসম চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা চলাই। অৱশেষত ধৰ্ণাস্থলীৰ পৰা ওলাই যাবলৈ উদ্যত হৈ পৰে। মহানগৰ আৰক্ষীৰ এক বিশাল বাহিনীয়ে বেৰিকেড সৃষ্টি কৰি বাধা প্ৰদান কৰিব লগা হয়।

পিচত দিছপুৰ মণ্ডলৰ সহ আৰক্ষী আয়ুক্ত হিমাংশু প্ৰসাদ দাসৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে। আৰক্ষী আয়ুক্তই অসম চৰকাৰৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ উচ্চ পদস্থ বিষয়া দেৱজিৎ বৰা আৰু প্ৰমোদ কাকতিক মাতি আনে আৰু স্মাৰক পত্ৰ প্ৰদান কৰোৱায়।

দেৱজিৎ বৰাই জানিবলৈ দিয়ে যে এই দাবীবোৰ মীমাংসা কৰিবলৈ বিভাগীয়ভাৱে প্ৰচেষ্টা চলাই থকা হৈছে। এই সন্দৰ্ভত অসম ৰাজ্যিক অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃবৃন্দৰ সৈতে ২০ জুলাইৰ ভিতৰত আলোচনাৰ ব্যৱস্থা কৰা হ’ব। বৰাই মাইক যোগে ঘোষণা কৰে যে সকলো মিনি অঙ্গনৱাড়ী কেন্দ্ৰ পূৰ্ণাংগ কেন্দ্ৰলৈ ৰূপান্তৰ কৰাৰ পদক্ষেপ চলি আছে।

সকলো কেন্দ্ৰৰ ঘৰ পুনৰ নিৰ্মাণ কৰাৰ কাৰণেও পদক্ষেপ চলি আছে। তেখেতে আৰু জনায় যে ইতিমধ্যে ধৰ্মঘটৰ নামত মাননি কৰ্তন কৰা জাননী প্ৰত্যাহাৰ কৰাৰ বিষয়ে বিভাগে বিবেচনা কৰি আছে। অৱসৰ সময়ৰ এককালীন সাহাৰ্যৰ ধন সম্পূৰ্ণ মুকলি কৰি দিয়া হৈছে। তথাপিও নোপোৱা সকলৰ তালিকা সঞ্চালক কাৰ্যালয়ত জমা দিব লাগে। অৱশ্যে ৰাজ্যিক সন্থাৰ নেতৃবৃন্দই স্পষ্টভাৱে জনাই দিয়ে যে ২০ জুলাইৰ ভিতৰত দাবী মীমাংসাৰ পদক্ষেপ নল’লে ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব। ৰাজ্যিক সন্থাৰ সভানেত্ৰী জয়মতী দাস আৰু ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰ স্বাক্ষৰিত স্মাৰক পত্ৰ যুটীয়া সঞ্চালক দেৱজিৎ বৰাই গ্ৰহণ কৰে।


বিক্ষোভত উপস্থিত থাকি সন্থাৰ ৰাজ্যিক সম্পাদিকা ইন্দিৰা নেৱাৰে কয় যে আমি অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিবলগীয়া হৈছে কিয়নো কাম অনুযায়ী আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰে দিয়া সামান্য মাননিহে পায় আছো। সংহত শিশু বিকাশ আঁচনি (ICDS )ৰূপায়ণ কৰাৰ উপৰিও বৰ্তমান চৰকাৰে কৰ্মী-সহায়িকাসকলক অৰুণোদয়, আয়ুস্মান ভাৰত, নিৰ্বাচন আয়োগৰ জৰীপ, দিব্যাঙ্গ সকলৰ জৰীপ আদিৰ লগতে পোঁষণ ট্ৰেকাৰৰ কাম অতিৰিক্তকৈ জাপি দিছে।

এক কথাত ক’বলৈ গ’লে এই সকল কৰ্মী আৰু সহায়িকা মানৱ সম্পদ গঢ়া যন্ত্ৰত পৰিণত হৈছে। আই চি ডি এছৰ তৃণমূল স্তৰৰ কৰ্মৰত অঙ্গনৱাড়ী কৰ্মী, মিনি কেন্দ্ৰৰ কৰ্মী আৰু সহায়িকা সকলে শিশু আৰু গৰ্ভৱতী মহিলাৰ যতন লৈ মানৱ সম্পদ বিকাশৰ বুনিয়াদী ভেটি গঢ়ি তোলাৰ বুনিয়াদী আঁচনিখনত সেৱা আগবঢ়াই আছে। এইকথা নকৈ দোহৰাৰ প্ৰয়োজন নাই যে তৃণমূল স্তৰত কৰ্মী আৰু সহায়িকাৰ পৰিশ্ৰম অবিহনে আই চি ডি এচ আঁচনিখন শক্তিশালীভাৱে ৰূপায়ণ কৰাতো অসম্ভৱ।


চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মাই কয় যে কেৱল অঙ্গনৱাড়ী কৰ্মী আৰু সহায়িকাই নহয় অন্যান্য আঁচনিভুক্ত কৰ্মচাৰী যেনে – আশা আৰু ৰন্ধন কৰ্মচাৰীসকলো অসমত অসম চৰকাৰৰ দ্বাৰা শোষণৰ বলি হৈ আছে। ‘বেটি বচাওঁ, বেটি পঢ়াওঁ’ শ্লোগান দিয়া বিজেপি চৰকাৰৰ দিনত আজি মাত্ৰ এহাজাৰ বা দুহেজাৰ টকা মাননিৰ ধন লৈ একোখন পৰিয়ালৰ দায়িত্ব বহন কৰি থাকিব লগা হৈছে আঁচনিভুক্ত কৰ্মচাৰীসকলে। একোগৰাকী মহিলা কৰ্মচাৰীক মাত্ৰ 3,২৫০ টকা মাহিলি মাননি প্ৰদান কৰি প্ৰচণ্ড শ্ৰম কৰিবলৈ বাধ্য কৰোৱা হৈ আছে বিজেপি চৰকাৰৰ দিনত।

তেখেতে আৰু কয় যে কামৰ বিনিময়ত উপযুক্ত মজুৰি পোৱাতো দেশৰ সংবিধান প্ৰদত্ত অধিকাৰ। প্ৰচলিত শ্ৰম আইন সমূহেও তাকেই নিৰ্দেশনা দি আহিছে। ভাৰতীয় শ্ৰম সন্মিলনৰ ৪৪ আৰু ৪৫ বৈঠকৰ পৰামৰ্শ মতে বৰ্তমানৰ বজাৰত বস্তুৰ দাম অনুসৰি একোজন কৰ্মচাৰীৰ পাৰিতোষিক অতি কমেও মাহিলি ২১ হাজাৰ টকা পোৱাটো যুক্তিসংগত। তেনে পটভূমিতে আজি বিক্ষোভকাৰীসকলে দাবী কৰে যে মাননিৰ সলনি মজুৰি আদায় দিয়ক, সকলো কৰ্মী আৰু সহায়িকাক নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি দিয়ক, অঙ্গনৱাড়ী কেন্দ্ৰৰ সকলো গৃহ উন্নত আন্তগাঁথনি সম্পন্নকৈ নিৰ্মাণ কৰি দিয়ক, মজুৰি দিব নোৱাৰালৈকে মাননিৰ ধন ১০ হাজাৰ টকা আদায় দিয়ক, নতুন শিক্ষানীতিৰ আধাৰত প্ৰাক প্ৰাথমিক শিক্ষা সংযোগ কৰিলে প্ৰতিগৰাকী কৰ্মী-সহায়িকাক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰক।


কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক অন্যতম সম্পাদক মদন তালুকদাৰ, উপসভাপতি বীৰেণ শৰ্মা, ভোলা শৰ্মা, কোষাধ্যক্ষ বিজন দাস, জিলা সভাপতি মুকুটমণি দাস, সম্পাদক আকবৰ আলী, নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ নেতা বদন ভূঞা, প্ৰতুল বৰ্মন উপস্থিত থাকে।

-প্ৰতুল বৰ্মন

এছঅ’এছ ভিলেজত গুৱাহাটী চিটী এফচিৰ ফুটবল শিবিৰৰ সামৰণি

নিজৰ সামাজিক সম্পৰ্ক কাৰ্যসূচী অব্যাহত ৰাখি গুৱাহাটী চিটী এফচিয়ে আজাৰাৰ এছঅ’এছ শিশু গ্ৰামত আয়োজন কৰা ফুটবল প্ৰশিক্ষণ শিবিৰৰ দেওবাৰে সামৰণি পৰে৷

৭ জুলাইৰ পৰা আৰম্ভ হোৱা এই তিনিদিনীয়া প্ৰশিক্ষণত অংশ লয় ২৪জন ল’ৰা আৰু ১২গৰাকী ছোৱালীয়ে৷

গুৱাহাটী চিটী এফচিৰ প্ৰশিক্ষক ৰোহিত শইকীয়া, ৰূপম চেতিয়া, চাহিল আহমেদ আৰু মল্লিকা মণ্ডলে প্ৰশিক্ষণ আগবঢ়োৱা এই শিবিৰ ৭ জুলাইত ক্লাবৰ সঞ্চালকদ্বয় ডেৰিক ৰঞ্জন ডেকা আৰু কৌস্তুৱ চক্ৰৱৰ্তীৰ উপস্থিতিত আৰম্ভ হৈছিল৷

সামৰণি অনুষ্ঠানত এছঅ’এছ শিশু গ্ৰামৰ সঞ্চালক দেৱমাল্য বি চৌধুৰী, জ্যেষ্ঠ বিষয়া পাৰশ থাপা আৰু ক্লাবৰ ক্লাবৰ সঞ্চালকদ্বয় ডেৰিক ৰঞ্জন ডেকা আৰু কৌস্তুৱ চক্ৰৱৰ্তী উপস্থিত থাকে৷

এছঅ’এছ শিশু গ্ৰাম আৰু গুৱাহাটী চিটী এফচিয়ে শিশু গ্ৰামৰ শিশুসকলৰ মাজত ক্ৰীড়া শিক্ষাৰ প্ৰসাৰণৰ বাবে এনে শিবিৰ অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে৷

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত জিলা মীন বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু ধেমাজি জিলা মীন বিষয়া কাৰ্যালয়ৰ সহযোগত ৰাষ্ট্ৰীয় মীনপালক দিৱস উদযাপন কৰা হয়।

ধেমাজি জিলা গ্ৰামোন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা অনুষ্ঠানত জিলাখনৰ দহগৰাকী মীন পালকক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে মাছৰ পোনা বিতৰণ কৰা হয়।

অনুষ্ঠানত ৰাষ্ট্ৰীয় মীনপালক দিৱসৰ তাৎপৰ্য বিষয়ত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী তথা মূৰব্বী ড° গুঞ্জন গগৈয়ে কয়, “ভাৰতবৰ্ষত মৎস্য উদ্যোগৰ বিকাশত পোনা উৎপাদন প্ৰযুক্তিয়ে এক সবল ভূমিকা গ্ৰহণ কৰি আহিছে। মাছ পোনাৰ অভাৱৰ বাবেই ষাঠিৰ দশকলৈ মীন উদ্যোগে বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিব পৰা নাছিল। সেই সময়ত আমাৰ মীনপালকসকলে নৈ, বিল আদি প্ৰাকৃতিক জলাশয়ৰ পৰা মাছ পোনা সংগ্ৰহ কৰিব লগা হৈছিল। কমন কাৰ্প, টিলাপিয়া আদি কেইবিধমান প্ৰজাতিৰ মাছৰ বাহিৰে বাকী কাৰ্প জাতীয় মাছে বন্ধ পানীত প্ৰাকৃতিকভাৱে প্ৰজনন নকৰে। প্ৰজননৰ বাবে এই মাছবিলাকক বোৱঁতী পানীৰ দৰকাৰ হয়। গতিকে মীন বিজ্ঞানীসকলে নানা ধৰণে কষ্ট কৰি এটা সময়ত মাছৰ আৱিষ্ট প্ৰজনন কৰিবলৈ সমৰ্থ হৈছিল। ১৯৫৭ চনৰ ১০ জুলাইত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে ওড়িশাৰ কটকত প্ৰফেছৰ ড° হীৰালাল চৌধুৰী আৰু ড° কে এইচ আলিকুনহিয়ে কাৰ্প মাছৰ আৱিষ্ট প্ৰজনন কৰি কৃতকাৰ্যতা লাভ কৰিছিল। আধুনিকভাৱে আৱিষ্ট প্ৰজননৰ জৰিয়তে মাছ পোনা উৎপাদনৰ দ্বাৰা ড° চৌধুৰী আৰু ড° আলিকুনহিয়ে এক বিৰল কৃতিত্বৰ দাবীদাৰ বুলি দুয়োজনৰ এই আশাশুধীয়া প্ৰচেষ্টা আমাৰ মাজত যাতে চিৰস্মৰণীয় হৈ থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভাৰত চৰকাৰে ২০০১ চনৰ ১০ জুলাইৰ দিনটো ‘ৰাষ্ট্ৰীয় মীনপালক দিৱস’ হিচাপে ঘোষণা কৰে। তেতিয়াৰপৰা বৰ্তমানলৈ এই ১০ জুলাইৰ দিনটো মীনপালক দিৱস হিচাপে উদ্‌যাপন কৰি অহা হৈছে”।

ভাৰতবৰ্ষত সুনীল বিপ্লৱৰ সূচনাৰ বাবে প্ৰথমবাৰৰ বাবে কৃতকাৰ্য হোৱা দিনটোকে আমি ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে পালন কৰি আহিছোঁ বুলি উল্লেখ কৰি কৃত্ৰিমভাৱে মাছ পোনা উৎপাদনৰ জৰিয়তে ভাৰতবৰ্ষত মীন উদ্যোগে বিপুলভাৱে আগবাঢ়ি গৈছে বুলি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ড° গুঞ্জন গগৈয়ে।

ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞা অধ্যাপিকা নীলাক্ষী ভূঞাই আঁতধৰা অনুষ্ঠানত ধেমাজি জিলা মীন বিষয়া লক্ষীনাথ লাগাছুয়ে বিজ্ঞানসন্মতভাৱে মীন পালনৰ জৰিয়তে জীৱন-জীৱিকাৰ পথ কেনেকৈ বাছি ল’ব পাৰি তাৰ ওপৰত আলোকপাত কৰে। সভাত ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষজ্ঞ অধ্যাপিকা বিনীতা কোঁৱৰ, মাধুৰ্য্য বৰুৱা, ৰেখা গগৈ, জোনাই মহকুমা মীন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী লক্ষীনাথ লাগাছু,গণেশ বৰা উপস্থিত থাকে।


-শম্ভু দাস, চিলাপথাৰ

কুলি-কমান অপৃন কৌবাঙৰ উদ্যোগত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ, মেডিকেল, আই আই টিত নামভৰ্তি কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

মিচিং জনগোষ্ঠীৰ অন্যতম গোত্ৰ কুলি-কমান অপৃন কৌবাঙৰ উদ্যোগত দেওবাৰে গেলুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ত ২০২৩ শিক্ষাবৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা আৰু ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ, প্ৰযুক্তিবিদ্যাত স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰা কৃতী ছাত্র-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

কুলি-কমান অপৃন কৌবাঙৰ সভাপতি কালীৰাম কুলিয়ে সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ উত্তীৰ্ণ হোৱা ১৫ গৰাকী আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুড়ান্ত পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী কৃতী ছাত্র-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ৰাষ্ট্ৰীয় চিকিৎসা বিজ্ঞান আয়োগৰ সৰ্বভাৰতীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ দুগৰাকী, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,মাদ্ৰাজ (স্নাতক)ত নামভৰ্তি কৰা এগৰাকী, সৰ্বভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান,
ইন্দোৰ আৰু বেনাৰস (স্নাতকোত্তৰ)ত নামভৰ্তি কৰা কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীক মিচিং সকলৰ জাতীয় সাজপাৰ এৰকক আৰু মানপত্ৰ প্ৰদান কৰি বিশেষভাৱে সম্বৰ্ধনা জনায়।

কুলি-কমান অপৃন কৌবাঙৰ মুখ্য সম্পাদক কলেশ্বৰ কুলিয়ে আঁতধৰা অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কুলি-কমান অপৃন কৌবাঙৰ মাখন কমান কুলিয়ে কয়, “ছাত্র-ছাত্ৰী সকলে সুখ্যাৰ্তিৰে পৰীক্ষা সমূহত উত্তীৰ্ণ হৈ কেৱল চাকৰিমুখী মানসিকতা পৰিহাৰ কৰি জাতি, সমাজৰ উন্নয়নৰ বাবে সেৱা আগবঢ়াই যোৱা উচিত৷ ভৱিষ্যতে এগৰাকী ৰুচিসম্পন্ন আৰু সংস্কৃতিৱান নাগৰিক হিচাপে নিজকে গঢ়ি তুলি পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰিব লাগিব”।

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ছয়দুৱাৰ মহাবিদ্যালয়ৰ অধ্যাপক ড° ৰঞ্জিত কমানে কয় বিশ্বায়নৰ যুগত সৰ্ব্বস্তৰত বিজ্ঞান-প্ৰযুক্তিৰ দ্ৰুত ব্যৱহাৰ আৰু তূমূল প্ৰতিযোগিতামূলক পৰিৱেশ-পৰিস্থিতিত নিজকে উচ্চ স্থানত উপনীত হ’বলৈ নিষ্ঠা, একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমৰ বিকল্প নাই বুলি উল্লেখ কৰি গুণগত শিক্ষা আৰু দক্ষতা বিকাশৰ শিক্ষাৰ প্ৰতি ধাউতি বৃদ্ধি কৰি সমাজ,জাতি তথা দেশৰ সেৱাৰ বাবে উৎসৰ্গিত হ’বলৈ ছাত্র-ছাত্ৰী সকলক আহ্বান জনায়।

সভাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক মণিকান্ত কুলি, কুলি-কমান অপৃন কৌবাঙৰ উপদেষ্টা ডাঃ মুনিন কুলি,উপ সভাপতি ধনজ্ঞয় কুলি, অমৰ চন্দ্ৰ কুলি,কাৰ্য্যকৰী সভাপতি বিঞ্চু কুলি, সহকাৰী সম্পাদক অমিয় কুলি, সাংগঠনিক সম্পাদক নৱ কমান, কাৰ্যনিৰ্বাহক হীৰা কুলি, গেলুৱা বহুমুখী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিনোৱা কুলিয়ে ছাত্র-ছাত্ৰী সকলে মাদকদ্ৰব্যৰ পৰা আঁতৰি থাকি সৎ চিন্তা আৰু একাগ্ৰতাৰে জীৱনটো আগুৱাই নিব লাগিব বুলি কৃতী ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি বহুমূলীয়া বক্তব্য আগবঢ়ায়।

সভাই অহা বছৰৰ পৰা কুলি-কমান অপৃনৰ আৰ্থিকভাৱে পিছপৰা মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।


-শম্ভু দাস, চিলাপথাৰ

ঘগ্ৰাপাৰ কাণ্ডৰ মূল অভিযুক্ত বিমান ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণ

নাকচ হ’ল বিমান চন্দ্ৰ ৰয়ৰ অধিবক্তাই কৰা জামিন আৱেদন৷

৬ জুলাইত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে ৭ জুলাইত নলবাৰীৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ কাৰ্যালয়ে ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ঘগ্ৰাপাৰ থানাৰ প্ৰাক্তন OC বিমান ৰয়ক৷

সোমবাৰে জিম্মাৰ ম্যাদ উকলাৰ পৰিপ্ৰেক্ষিতত হাজিৰ কৰোৱা হৈছিল আদালতত৷

আদালতে বিমান ৰয়ক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। চৰকাৰী পক্ষৰ অধিবক্তাই সদৰী কৰে এই তথ্য৷

উল্লেখযোগ্য যে থানাৰ ভিতৰত এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো তোলা গোচৰত অভিযুক্ত হৈ কিছুদিন পলাই থকাৰ পিছত গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ হৈছিল বিমান ৰয়।

সোণাৰিত আলফা (স্বাধীন)ৰ নামত ধন দাবী

খবৰ অনুসৰি, সোণাৰিৰ টিমন চাহ বাগিচা কৰ্তৃপক্ষক ৭২ লাখ টকা দাবী আলফা (স্বাধীন)ৰ।

জানিব পৰা মতে, নয়ন অসম স্বাক্ষৰিত ধন দাবী-পত্ৰ পোৱাৰ পিছতেই বাগিচাৰ পৰা পলায়ন কৰিছে মুখ্য পৰিচালক মনোজ গগৈয়ে।

শেহতীয়াকৈ চৰাইদেউৰ প্ৰায় ৫খন চাহ বাগিচাত ধন দাবী আলফাৰ। ধন দাবীৰ কথা স্বীকাৰ কৰিছে চৰাইদেউ জিলা আৰক্ষীয়ে।

এই ঘটনাৰ সৈতে জড়িত কোনো লোকক এতিয়ালৈকে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰু বিষয়টোৰ অধিক তদন্ত অব্যাহত আছে।

যোৱা বছৰৰ নৱেম্বৰ মাহত সংঘটিত একেধৰণৰ ঘটনাত অসমৰ চৰাইদেউ জিলাৰ পৰা টিংমন কন্যাক নামৰ এজন যুৱকে নিজকে আলফা(স্বাধীন)ৰ কেডাৰ বুলি পৰিচয় দি ধন আদায় কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কন্যাক আছিল নাগালেণ্ডৰ মন জিলাৰ বাসিন্দা।

আলফা(স্বাধীন)ৰ নামত সোণাৰিৰ নামতোলা অঞ্চলত বহু ব্যৱসায়ীৰ পৰা ধন দাবী কৰিছিল যুৱকজনে।

দীপিকা বা আলিয়া নহয়! ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হৈ পৰিল উৰ্বশী; ১ মিনিটত লাগে ১ কোটি…

দীপিকা বা আলিয়া নহয়! ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হৈ পৰিল উৰ্বশী; ১ মিনিটত লাগে ১ কোটি।দীপিকা পাডুকন বা আলিয়া ভাট ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী নহয়। বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰাটেলাই ছবিজগত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই যদিও ফেশ্বন, মডেলিং আৰু ডান্সৰ জগতত সুনাম অৰ্জন কৰিছে। এইবাৰো নৃত্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী হিচাপে পৰিগণিত হৈছে উৰ্বশী ৰাউটেলা। শেহতীয়াকৈ উৰ্ভাশী ৰাউটেলাই দক্ষিণ ভাৰতীয় এখন ছবিৰ তিনি মিনিটৰ গীতত অভিনয় কৰিবলৈ প্ৰায় ৩ কোটি টকাৰ দাবী উত্থাপন কৰা বুলি খবৰ ওলাইছে। অৰ্থাৎ অভিনেত্ৰীগৰাকীয়ে ১ মিনিটৰ বাবে ১ কোটি টকা বিচাৰিছে…!

২০২৩ চনৰ কান ফেষ্টিভেলত নিজৰ ফেশ্বন দেখুৱাই লাইমলাইটত থকা উৰ্বশী ৰাউটেলাই এতিয়া ১ মিনিটৰ বাবে ১ কোটি টকা লোৱাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে। খবৰ অনুসৰি বয়াপতি শ্ৰীনু-ৰাম পোথিনেনীৰ আগন্তুক ছবিখনত উৰ্বশী ৰাউটেলাই ডান্স কৰিবলৈ ওলাইছে। কোৱা হৈছে যে এই নৃত্যটো ৩ মিনিটৰ হ’ব, য’ত উৰ্বশী ৰাউটেলায়ে অভিনয়ৰ বাবে ৩ কোটি টকা দাবী কৰিছে। যদি উৰ্বশীয়ে এই পইচা পায়, তেন্তে তেওঁ হ’ব দেশৰ সৰ্বাধিক দৰমহা পোৱা অভিনেত্ৰী। এতিয়ালৈকে ১ মিনিটৰ অভিনয়ৰ বাবে কোনো অভিনেত্ৰীক ইমান বৃহৎ পৰিমাণৰ ধন দিয়া হোৱা নাই।

দৈনিক পুৱা খালী পেটত দৈ খোৱাৰ আৰম্ভ কৰক। ওজন কমোৱাত সহায়ক হ’ব…

দৈনিক পুৱা খালী পেটত দৈ খোৱাৰ আৰম্ভ কৰক। ওজন কমোৱাত সহায়ক হ’ব। ব্ৰেকফাষ্ট দিনটোৰ এটা অতি গুৰুত্বপূৰ্ণ আহাৰ। যদি আপুনি ৰাতিপুৱা খালী পেটত দৈ খায় তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে বহু দিশত উপকৃত হ’ব। কাৰণ স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিলে নিজকে ফিট কৰি ৰাখিব পাৰি। দৈনিক খালী পেটত দৈ খোৱাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানক…

প্ৰতিদিনে পুৱা খালী পেটত দৈ খোৱাটো হজম শক্তিৰ বাবে ভাল। কাৰণ ইয়াত প্ৰ’বায়’টিক থাকে যিয়ে পেটৰ লগত জড়িত সমস্যা নিৰাময় কৰিব পাৰে। গতিকে পেটৰ লগত জড়িত কিবা সমস্যা হ’লে দৈনিক ৰাতিপুৱা খালী পেটত দৈ সেৱন কৰিব লাগে।


যদি আপোনাৰ ওজন বৃদ্ধি পাইছে আৰু আপুনি আপোনাৰ ওজন কমাব বিচাৰে। তেন্তে আপুনি নিজৰ প্ৰতি মনোযোগ দিব লাগিব। সেইবাবেই প্ৰতিদিনে পুৱা খালী পেটত দৈ সেৱন কৰিব লাগিব। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। যাৰ বাবে আপোনাৰ ওজন কমোৱাটো সহজ।

শাওণ মাহত ব্ৰত ৰাখিলে কেৱল ভগৱান সন্তুষ্ট হোৱাই নহয়, স্বাস্থ্যৰো হ’ব বহু উপকাৰ…

শাওণ মাহত ব্ৰত ৰাখিলে কেৱল ভগৱান সন্তুষ্ট হোৱাই নহয়, স্বাস্থ্যৰো হ’ব বহু উপকাৰ। আপুনি জানেনে উপবাসে আমাৰ স্বাস্থ্যৰ কিমান উপকাৰ কৰে। উপবাসে ওজন নিয়ন্ত্ৰণৰ পৰা কলেষ্টেৰল নিয়ন্ত্ৰণলৈকে সহায় কৰে। আজি শাওণৰ প্ৰথম সোমবাৰ। শিৱ ভক্ত সকলে সোমবাৰে ব্ৰত ৰাখে। উপবাস কেৱল ভগৱানক সন্তুষ্ট কৰাই নহয়, আপোনাৰ স্বাস্থ্যৰ বহু উপকাৰ হ’ব । উপবাসে থকাৰ কিছু সুবিধাৰ বিষয়ে জানক…

১) উপবাসে থাকিলে আপোনাৰ শৰীৰ বিষমুক্ত হয়। আচলতে যেতিয়া আপুনি পাতলীয়া আহাৰ গ্ৰহণ কৰে তেতিয়া শৰীৰ সঠিকভাৱে বিষমুক্ত হয়।পাচনৰ লগত জড়িত সমস্যাবোৰো নাইকিয়া হয় আৰু আপোনাৰ বিপাকীয় ক্ৰিয়াও ঠিক হৈ যাব।

২) উপবাসে ওজন কমোৱাতো সহায় কৰে। উপবাসৰ সময়ত লঘু আৰু তৰল খাদ্য গ্ৰহণ কৰিলে আপোনাৰ ওজন কমোৱাত সহায় হ’ব। ই আপোনাক চৰ্বি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

৩) উপবাসে মানসিক আৰু আৱেগিক স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায়। ই একাগ্ৰতাত সহায় কৰে, উদ্বেগ, মানসিক চাপ আৰু টোপনিৰ দৰে সমস্যাও নাইকিয়া কৰে।

৪) উপবাসে ছালৰো উপকাৰ কৰে। আচলতে যেতিয়া আপুনি উপবাসে থাকে তেতিয়া আপুনি অধিক লিকুইড আহাৰ গ্ৰহণ কৰে। এইদৰে আপোনাৰ শৰীৰ বিষমুক্ত হয় আৰু পিম্পলৰ সমস্যা কমি যায়। যাৰ বাবে ছাললৈ নতুন গ্লো আহে আৰু ছালখন ধুনীয়া আৰু চিকচিকিয়া দেখাবলৈ আৰম্ভ কৰে।

৫) উপবাসে হৃদযন্ত্ৰৰ স্বাস্থ্যও উপকৃত কৰে। ইয়াৰ ফলত বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়। ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে। যেতিয়া বি পি আৰু কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব, তেতিয়া হৃদযন্ত্ৰ স্বয়ংক্ৰিয়ভাৱে সুৰক্ষিত হ’ব।