Home Blog Page 1475

অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰ

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ধুবুৰীস্থিত ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত, চিলাৰায় মহাবিদ্যালয়ৰ গৱেষণা কোষ আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ভোলানাথ মহাবিদ্যালয় চৌহদত দুদিনীয়াকৈ আয়োজিত ‘পশ্চিম অসমৰ লোকসংস্কৃতিঃ পৰম্পৰা আৰু পৰিৱৰ্তন’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰৰ দেওবাৰে সফলভাৱে সম্পন্ন হয়।

পশ্চিম অসমৰ লোকসাহিত্য, ভৌতিক সংস্কৃতি, সামাজিক লোকাচাৰ, লোক পৰিৱেশ্য কলা, জনগোষ্ঠীয় পৰম্পৰাগত জ্ঞান, লোকসংস্কৃতি আৰু পৰ্যটন, লোকচিকিৎসা আদি উপ বিষয় সম্বলিত এই আলোচনাসত্ৰ খনৰ পুৱাৰপৰা গৱেষণাপত্ৰ পাঠ অনুষ্ঠান হয়।

চাৰিটা স্তৰত আয়োজিত গৱেষণাপত্ৰ পাঠ অনুষ্ঠানত অসমীয়া আৰু ইংৰাজী ভাষাত ৮০খন গৱেষণাপত্ৰ পাঠ হয়। আলোচনাসত্ৰ খনত জলপাইগুৰিৰ আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিশ্বজিত ৰায়, শিলিগুৰি মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ডঃ বিপ্লৱ সাহা, চিলাৰায় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নিতাই চন্দ্ৰ ৰায়, চেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ সহযোগী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° লীনা শৰ্মা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° ডেইজীৰাণী ডেকা, গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° ধীৰেন বৰ্মন, ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড° গোপাল বৰ্মন, সাপটগ্ৰাম মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল বাতেন মণ্ডল আদিয়ে সমল ব্যক্তি হিচাপে অংশ লয়।

আবেলি ৰাষ্ট্ৰীয় আলোচনাসত্ৰ খনৰ সামৰণি অনুষ্ঠানত আলোচনাসত্ৰ খনৰ সমন্বয়ক ড° উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড° দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে।

সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ লয় অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আৰু চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড° দ্বিজেন্দ্ৰ নাথ ভকতে। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীবৃন্দই অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিৱেশন কৰে।

প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড° অলকা শৰ্মা, ড° পলী বেজবৰুৱা, দেৱশ্ৰী ৰায় আৰু ছাইফুল হাচানে। দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰখনৰ সামগ্ৰীক প্ৰতিবেদন পাঠ কৰে সমন্বয়ক ড° উমেশ দাসে।

অনুষ্ঠানটোত আলোচনাসত্ৰবোৰৰ প্ৰতিৱেদক হিচাপে ভাগ লয় ক্ৰমে চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিৰ্মলা ৰায়, অসম সাহিত্য সভাৰ গৱেষণা আহ্বায়ক দীপক সৰকাৰ, সভাৰ সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী, ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দেৱজিৎ সাহাই।

জাতীয় সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয়। প্ৰথম দিনৰ পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰাই, স্মৃতি তৰ্পণ কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ছাইদুল ইছলামে, ভোলানাথ চৌধুৰীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° উপেন্দ্ৰজিৎ শৰ্মাই, গছপুলি ৰোপণ কৰে ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইনে।

ইয়াৰ পাছতে আলোচনাসত্ৰ ৰ সমন্বয়ক ড° উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰাই। অনুষ্ঠানটোৰ বন্তি জ্বলায় ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তৰণীকান্ত ৰায়ে, উদ্বোধনী ভাষণ প্ৰদান কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভাৰত ভূষণ মহান্তিয়ে।

আলোচনাসত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই। উদ্বোধনী অনুষ্ঠানটোত আলোচনাসত্ৰখনৰ সংক্ষিপ্তসাৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয়। অনুষ্ঠানটোত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী, সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ, গৱেষণা আহ্বায়ক দীপক সৰকাৰ, ধুবুৰী জিলা সাহিত্য সভাৰ উপ সভাপতি আনোৱাৰ হুছেইন, সম্পাদক বিনয় কুমাৰ নাথ, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাবৃন্দ ক্ৰমে ছাইদুল ইছলাম, ডঃ অলকা শৰ্মা, ড° পলী বেজবৰুৱা, ছাইফুল হাচান, দেৱশ্ৰী ৰায়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা জুঁই দাস প্ৰমুখ্যে শতাধিক গৱেষক-গৱেষিকা, শিক্ষাৰ্থীবৃন্দই অংশ লয় ।

উদ্বোধনী অনুষ্ঠানৰ পাছতে ড° অলকা শৰ্মাৰ সঞ্চালনাত শিক্ষাৰ্থী, গৱেষকসকলৰ ব্যৱহাৰিক জ্ঞান লাভৰ উদ্দেশ্যে পশ্চিম অসমৰ গীত-মাত, কবিতা আবৃত্তি অনুষ্ঠানৰ আয়োজন কৰা হয়।

বৰপেটাৰোড বালাভিঠাত আমছুৰ বিশাল প্ৰতিবাদী জনসভা

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত বালাভিটা আঞ্চলিক সমিতিৰ সহযোগত অসমৰ সমষ্টিসমূহৰ সীমা পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বালাভিঠাত বিশাল জনসভা অনুষ্ঠিত হয়।

বিশাল প্ৰতিবাদী জনসভাত উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাদুল ইছলাম আৰু ইন্তিয়াচ হুছেইন, বৰপেটা জিলাৰ আমছুৰ সভাপতি আব্দুল জুব্বাৰ আমছুৰ প্ৰাক্তন নেতা মনিৰুজ জামান, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ লগতে ৰাজ্যিক পৰ্যায়ৰ আমছুৰ বিষয়ববীয়াসকল৷

অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ বিৰুদ্ধে সমষ্টিৰ কৰ্তনৰ বিৰুদ্ধে সৰৱ আমছু।

খচৰা সন্দৰ্ভত সদৌ অসম ছাত্ৰ ইউনিয়ন আমছুয়ে কেতিয়াও সমৰ্থন নকৰে, এটা পিছত এটা ধাৰাবাহিক আন্দোলন কৰি থাকিব বুলি জানিবলৈ দিয়ে।

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন

টীয়কৰ পথৰ ওপৰতে দাও দাওকৈ জ্বলিল এখন বিলাসী বাহন৷

বৈদ্যুতিক শ্বৰ্ত চাৰ্কিটৰ ফলত ভোগদৈ থানাৰ অন্তৰ্গত মেলেং বচাপথাৰত দাও দাও কৈ জ্বলিল বিলাসী বাহনখন।

ডিব্ৰুগড় জিলাৰ প্ৰণিতা সন্দিকৈৰ নামত থকা হোণ্ডা বাহনখনত ঘটনাৰ সময়ত কোনো আৰোহী নাছিল বুলি ভোগদৈ আৰক্ষীয়ে জানিবলৈ দিছে।

উল্লেখযোগ্য যে বাহনখন ডিব্ৰুগড় জিলাৰ পৰা টীয়কৰ সন্দিকৈ গাঁৱলৈ আহিছিল পৰিয়ালটি।

ভোগদৈ আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

তেজপুৰত ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ

অসম ক্ৰিকেট সন্থাৰ উদ্যোগত আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সহযোগত ইয়াৰে স্থানীয় ঐতিহাসিক পলʼফিল্ডত এক ক্ৰিকেট প্ৰশিক্ষণ শিবিৰ আৰম্ভ কৰা হৈছে।

ক্ৰিকেট শিবিৰটোত বাংগালোৰস্থিত ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ কেইবাজনো চাৰ্টিফিকেট প্ৰাপ্ত প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰিব। আজি পুৱা দহ বজাত ক্ৰিকেট শিবিৰটো শুভাৰম্ভ কৰে তেজপুৰ অতিৰিক্ত উপায়ুক্ত পংকজ বৰা আৰু তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি জিতেন বৰঠাকুৰে।

লগতে তেজপুৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জিতেন বৰা, জিলা ক্ৰিকেট সন্থাৰ সভাপতি ৰূপকমল কাকতি, ৰাষ্ট্ৰীয় বক্সিং ৰেফাৰী পংকজ বৰা,প্ৰদীপ বৰঠাকুৰ,অভিজিৎ বৰা, সন্থাটোৰ জইন চেক্ৰেটেৰী ধীৰাজ ভট্টাচাৰ্য্য মুখ্য অতিথি ৰূপে থাকে, বক্সিং ৰেফাৰী পংকজ বৰাই ক্ৰিকেট খেলুৱৈয়ে কেনেদৰে বডী ফিটনেছ, বলিং-বেটিঙৰ বাবে কোনোবোৰ শাৰীৰিক ব্যায়াম অতিকৈ গুৰুত্বপূৰ্ণ সেই সন্দৰ্ভত বক্তব্য আগবঢ়ায়।

পোন্ধৰ দিনীয়া এই প্ৰশিক্ষণ শিবিৰত পুৱা ৮ আৰু বিয়লি ৩ বজাৰ পৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি আয়োজকসকলে জনাইছে।

কামৰূপ একাডেমীত বিহু নাচ, লঘূ শাস্ত্ৰীয় নৃত্যকলা, উচ্চাৰণ আৰু কথন শৈলীৰ কৰ্মশালাৰ আয়োজন

কামৰূপ একাডেমী প্ৰাক্তন ছাত্র সন্মিলনে অহা ১১জুলাইৰ পৰা ১৪ লৈ জুলাই ২০২৩ লৈকে কামৰূপ একাডেমী উ:মা: বিদ্যালয়ৰ উদ্যোগত বিহু নাচ, লঘূ শাস্ত্ৰীয় নৃত্যকলা আৰু উচ্চাৰণ আৰু কথন শৈলীৰ কৰ্মশালাৰ আয়োজন কৰিছে।

এই কৰ্মশালা কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৱা ১০-৩০বজাৰ পৰা দিনৰ ১-০০বজালৈ অনুষ্ঠিত হ’ব।

কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কাবেৰী বৰা আৰু কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্র সন্মিলনৰ সভাপতি বলেন্দ্ৰ ভৰালী আৰু সাধাৰণ সম্পাদক প্ৰিন্স ফাইজুল হকে এক যুটীয়া বিবৃতিযোগে জনাই যে -এই কৰ্মশালাত সপ্তম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্র -ছাত্রীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

কৰ্মশালাত সমল ব্যক্তি হিচাপে অংশ গ্রহণ কৰিব বিহু বিশেষজ্ঞ অৰুণ জ্যোতি শইকীয়া, নৃত্য বিশাৰদ আয়োশী শৰ্মা আৰু কৃতী শিক্ষয়ত্ৰীৰ বটাঁ প্ৰাপক প্ৰণীতা শৰ্মা বৰদলৈয়ে।

কৰ্মশালাত অংশ গ্রহণ কৰিবলৈ বিচৰা ইচ্ছুক ছাত্র-ছাত্ৰী সকলক বিদ্যালয়ৰ অধ্যক্ষৰ কাৰ্যালয় অথবা বিৰাজ শৰ্মাক ৮৬৩৮৯০৫৯৮৯ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

টংলাত মহাশয় প্ৰকাশন পৰিষদ অসমৰ উদ্যোগত বিভিন্ন বঁটা প্ৰদান

মহাশয় প্ৰকাশন পৰিষদ অসমৰ উদ্যোগত দেওবাৰে ওদালগুৰি জিলাৰ টংলাস্থিত শ্বহীদ ভৱনত সমাজৰ বিভিন্ন দিশলৈ অৰিহণা আগবঢ়োৱা ব্যক্তিসকলক তেওঁলোকৰ কৰ্মৰ সন্মান স্বৰূপে বিভিন্ন বঁটা প্ৰদান কৰা হয়।

সাংবাদিক ফটিক ৰাভাই আঁতধৰা আৰু অৰূপ বড়োৱে সহযোগ কৰা বঁটা প্ৰদান অনুষ্ঠানখন সঞ্চালনা কৰে বিশিষ্ট নিবন্ধকাৰ তথা মহাশয় প্ৰকাশন পৰিষদ অসমৰ উপসভাপতি হৰেশ্বৰ কলিতাই।

অনুষ্ঠানত “অসম গৌৰৱ বঁটা” বঁটা প্ৰদান কৰে ক্ৰমে সাহিত্য সাধক হৰেশ্বৰ কলিতা,বিশিষ্ট সমাজসেৱক মহেন্দ্ৰ শইকীয়া, সমাজসেৱিকা কল্পনা দেৱীক।

“সাহিত্য সুৰভি বঁটা” প্ৰদান কৰা হয় ক্ৰমে বিশিষ্ট কবি খগেন্দ্ৰ নাথ বৰা,সাংবাদিক দিগন্ত কুমাৰ শৰ্মা,কল্পনা দেৱী,শিক্ষয়িত্ৰী অৰ্পণা হাজৰিকা, কৃতি শিক্ষয়িত্ৰী বঁটা প্ৰাপক বৃন্দা ভূঞা, কবি পূৰ্ণিমা ভূঞাক।

“শিল্পী সুৰভি বঁটা” বঁটা প্ৰদান কৰা হয় ক্ৰমে ভাৰত নাট্যমৰ নৃত্য শিল্পী পূৰ্বাশ্ৰী বণিয়া, শিল্পী অনিমা চহৰীয়াক।

“জীৱন সমৃদ্ধ বঁটা” প্ৰদান কৰা হয় ক্ৰমে অৱসৰী কৃতি শিক্ষক শিৱ প্ৰসাদ শৰ্মা,অৰ্পণা হাজৰিকা, অৱসৰী কৃতি শিক্ষক ম০ ফাইজুদ্দিন আহমেদ, মৰণোত্তৰভাৱে বিশিষ্ট শিক্ষাবিদ তথা সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিষ্ঠাপক সভাপতি ঘনকান্ত চহৰীয়াক ।

■ অৰূপ বড়ো, টংলা

প্ৰথম টি-২০ত বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰিলে ভাৰতৰ মহিলা দলে

প্ৰথমখন এদিনীয়া খেলত ভাৰতৰ মহিলা দলে বাংলাদেশক ৭ উইকেটত সহজে পৰাস্ত কৰে। অধিনায়ক হৰমনপ্ৰীত কৌৰে অৰ্ধশতক অৰ্জন কৰে। স্পিনাৰসকলেও ভাল বলিং কৰে। টি-২০ শৃংখলাত ভাৰতে ১-০ গ’লত অগ্ৰগতি লাভ কৰে।

টছত জয়লাভ কৰি ভাৰতে দেওবাৰে প্ৰথমে বলিং কৰিবলৈ বাছি লয়। পৰিস্থিতিৰ সম্পূৰ্ণ সুবিধা ল’লে স্পিনাৰসকলে।

২০ অভাৰত ৫টা উইকেট হেৰুৱাই বাংলাদেশে ১১৪ ৰানৰ অধিক লাভ কৰিব নোৱাৰিলে। প্ৰত্যুত্তৰত হৰমনপ্ৰীতে ৩৫টা বলত ৫৪ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে।

উপ-অধিনায়ক স্মৃতি মান্ধনাই ৩৪টা বলত ৩৮ ৰান সংগ্ৰহ কৰে। তৃতীয় উইকেটৰ বাবে যুটিটোৱে ৭০ ৰানৰ ষ্টেণ্ড কৰে। ১৬.২ অভাৰত ভাৰতে এই ৰান দখল কৰে।

ধুবুৰী ভাসানিচৰত নিচাজাতীয় টেবলেট ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা…

ধুবুৰী চৰবিদ্যাপাৰা দামে মছজিদৰ ওচৰত চৰবিদ্যাপাৰা নিচামুক্ত সমিতিৰ উদ্যোগত নিচা জাতীয় টেবলেট- ড্রাগছ সেৱন কৰা সকলৰ বিৰুদ্ধে স্থানীয় লোকে নিচাজাতীয় টেবলেট-ড্ৰাগছৰ বিৰুদ্ধে সজাগত সভা অনুষ্ঠিত কৰে। দৰাচলতে অনুষ্ঠিত সভাখনত সমাজত উঠি অহা নৱ-প্ৰজন্মৰ লগতে যুৱক সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি সমাজৰ পৰা নিচাজাতীয় টেবলেট-ড্রাগ্‌ছ কেনেকৈ নিৰ্মূল কৰিব পৰা যায়, সেই সন্দৰ্ভত উপস্থিত থকা বিশিষ্ট ব্যক্তি তথা ধুবুৰী এই,এম,কো,ৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন ৰাউদে কিছু পৰামৰ্শ আগবঢ়ায়।

বিগত এটা সময়ত ঠাইখনৰ সুনাম আছিল, কিন্তু এতিয়া বদনাম হৈ পৰিছে। বর্তমান উক্ত অঞ্চলটোৰ বিভিন্ন ঠাইৰ যুৱক সকলেও নিচাজাতীয় টেবলেট-ড্রাগ্‌ছ সেৱন কৰি নিজৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দিছে। উল্লেখ যে ভাষানীচৰ ৰাইজৰ সন্মান ৰক্ষা কৰাৰ দায়িত্ব ৰাইজৰ । একাংশই নিচাজাতীয় টেবলেট ড্রাগ্‌ছ সেবন কৰা আৰু টেবলেট-ড্রাগ্‌ছ ব্যৱসায়ীসকলে এই সুস্থ সমাজখন অশান্তিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বুলি আক্ষেপ প্রকাশ কৰে স্থানীয় সচেতন ব্যক্তি সকলে। আজিৰ সভাত নিচা মুক্ত কৰাৰ বাবে হামিদুল ইছলামক সভাপতি আৰু মোতালেৱ মণ্ডলক সম্পাদক হিচাবে লৈ ৪০ জনীয়া চৰবিদ্যাপাৰা নিচামুক্ত সমিতি গঠন কৰে। আজি বগুলামাৰীত সকলোৱে মিলি এখন শোভাযাত্ৰা উলিয়াই ড্ৰাগছ সেৱন আৰু বিক্ৰী বন্ধ কৰিবলৈ আহ্বান জনায়।

কেনে আছে ৯ মহীয়া গৰ্ভৱতী অভিনেত্ৰী ইলিয়ানা?

বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ মাতৃ হ’বলৈ গৈ আছে। যোৱা এপ্ৰিল মাহত ছ’চিয়েল মিডিয়াত এই সুখৰ খবৰ ঘোষণা কৰিছিল অভিনেত্ৰীগৰাকীয়ে। ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্ফিটোডাৰ ছবিখন সকলোৰে সৈতে শ্বেয়াৰ কৰে। বৰ্তমান ইলিয়ানাৰ গৰ্ভাৱস্থাৰ নৱম মাহ। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত ৰিল ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই খবৰটো শ্বেয়াৰ কৰিছিল। গৰ্ভাৱস্থাৰ একেবাৰে শেষত তেওঁ কেনেকুৱা?

শেহতীয়াকৈ ইলিয়ানাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নিজৰ এখন ছবি পোষ্ট কৰি কয় যে যোৱা কেইদিনমানৰ পৰা তেওঁ কোনো কাম কৰিব পৰা নাই। তাৰ পিছত গৰ্ভাৱস্থাৰ শেষত ইলিয়ানা বেমাৰত পৰিল? নাই, অভিনেত্ৰীগৰাকীয়ে তেনে কোনো ইংগিত দিয়া নাছিল। ইলিয়ানাই নিজৰ ফটো এখন তুলি লিখিলে, “মই কিছুমান কাম শেষ কৰিব বিচাৰো, কিন্তু নৱম মাহত ভাগৰুৱা হোৱাৰ বাবে মই আৰু একো কৰিব নোৱাৰো।”

এতিয়ালৈকে ইলিয়ানাই নিজৰ গৰ্ভাৱস্থাৰ বিভিন্ন অভিজ্ঞতা ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। বলীউডৰ অভিনেত্ৰীগৰাকীয়েও মাতৃত্বৰ এই কঠিন দিশটোক উজ্জ্বল কৰি তুলিলে।

জীৱনৰ এই বিশেষ অধ্যায়টো ঘোষণা কৰাৰ পিছতো ইলিয়ানাই শিশুটিৰ পৰিচয় সদায় গোপন কৰি ৰাখিছে। অৱশ্যে শেহতীয়াকৈ ইলিয়ানাই নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এখন ক’লা-বগা ছবি পোষ্ট কৰে। সেই ছবিখনত আছিল তাইৰ প্ৰেমিক আৰু তেওঁলোকৰ মৰমৰ পোহনীয়া জন্তুটো।

ইলিয়ানাৰ ‘ৰহস্য মানুহ’জন নিজৰ পোহনীয়া জন্তুটোক আৰাধনা কৰাত ব্যস্ত। ছবিখনত তেওঁৰ মুখখন বুজিবলৈ টান।

আনহাতে, গৰ্ভৱতী অভিনেত্ৰীগৰাকীয়ে প্ৰেমিকৰ বাবেও ৰান্ধিছিল। শিশুটিৰ পিতৃয়ে প্ৰেমিকক সন্তুষ্ট কৰাৰ বাবে অভিনেত্ৰীগৰাকীয়ে যে কোনো ক্ষোভ ৰাখিব পৰা নাই সেয়া একেবাৰে স্পষ্ট। কেইমাহমানৰ আগতে ইলিয়ানাই ছ’চিয়েল মিডিয়াত নিজৰ প্ৰেমিকৰ এখন ক’লা-বগা ফটো পোষ্ট কৰিছিল।

তাই লিখিছে, “মাতৃত্বৰ অনুভৱটো আশীৰ্বাদৰ দৰে। মোৰ শৰীৰৰ ভিতৰত এটা নতুন জীৱন গঢ় লৈ উঠিছে বুলি ভাবি মই ৰোমাঞ্চিত হৈ পৰিলোঁ। কিন্তু কিছুমান দিন বৰ কষ্টকৰ ! চকুৰ পৰা চকুলো বৈ যোৱা বন্ধ নহয়, মোৰ নিজকে দোষী অনুভৱ হয়। মই নিজকে জোৰকৈ কৰিব নোৱাৰো। তেতিয়া এই মানুহজনে মোৰ হাতত ধৰিলে। চকুপানী মচি দিয়ে, ধেমেলীয়া কাহিনী কয়। মোক আগুৱাই লৈ যায় তেতিয়া যেন লাগে, হয়তো জীৱনটো ইমান কঠিন নহয়।” গৰ্ভাৱস্থাৰ উত্থান-পতনৰ মাজেৰে পাৰ হৈ থাকোঁতে যিমানেই সময় তাই প্ৰেমিকক কাষতে পাইছিল সেই কথা ক’বলৈ পাহৰা নাছিল।

‘ভাৰতৰ পৰা খ্ৰীষ্টান ধৰ্ম নিৰ্মূল কৰিব নোৱাৰে’, মণিপুৰৰ হিংসাক লৈ কেন্দ্ৰক সমালোচনা আৰ্চবিশ্বপ ক্লেমিছৰ…

মণিপুৰত অৰ্ধসামৰিক বাহিনী থকাৰ পাছতো চৰ্চালৈ আহিছে বহু হিংসাত্মক ঘটনা। এই সময়ত ৰাজনৈতিক নেতাৰ ঘৰো জ্বলাই দিয়া হৈছে। মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ মাজতে কেৰালা কেথলিক বিচপ কাউন্সিলৰ সভাপতি কাৰ্ডিনেল মাৰ বেচিলিয়াছ ক্লেমিছে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে। একে সময়তে তেওঁ কয় যে কোনেও ভাবিব নালাগে যে ভাৰতৰ পৰা খ্ৰীষ্টান ধৰ্ম নিৰ্মূল কৰিব পাৰিব। দেওবাৰে কেৰালাত মণিপুৰ বিষয়ক লৈ কংগ্ৰেছৰ এগৰাকী বিধায়কৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদত এই মন্তব্য কৰে ছিৰ’-মালংকাৰা কেথলিক চাৰ্চৰ আৰ্চবিশ্বপ কাৰ্ডিনেল মাৰ বেছেলিঅ’ছ ক্লিমিছে। ক্লেমিছে এই বিষয়ত মৌনতা ভংগ কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীক আহ্বান জনাই হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰত শীঘ্ৰে শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰৰ হস্তক্ষেপৰ দাবী জনায়। এই বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে এতিয়া মৌনতা ভাঙিব লাগে বুলিও মন্তব্য কৰে।

আৰ্চবিশ্বপ ক্লেমিছে কৈছিল যে যিকোনো ধৰ্ম গ্ৰহণ কৰাৰ অধিকাৰ যিকোনো ব্যক্তিক দিয়া আমাৰ সংবিধানখন কিয় লুকুৱাই ৰখা হৈছে? কেন্দ্ৰই নিজৰ মৌনতা ভংগ কৰি মণিপুৰত শান্তি ঘূৰাই অনাৰ বাবে হস্তক্ষেপ কৰিব লাগে।”মণিপুৰৰ হিংসাত্মক ঘটনা ৰোধ কৰিব পৰা নাই চৰকাৰে কিয়?” ক্লেমিছে প্ৰশ্ন উত্থাপন কৰে যে মণিপুৰত ৬৫ দিন ধৰি দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ চলি আছে। হিংসাত্মক ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰ। কেৰালাৰ আন আন খ্ৰীষ্টান বিচপসকলে কেন্দ্ৰক এই বিষয়ত হস্তক্ষেপ কৰিবলৈ দাবী জনাইছে।

তাৎপৰ্যপূৰ্ণভাৱে মণিপুৰত অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ বাবে মেইটেই সম্প্ৰদায়ৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত জনজাতীয় সংহতি পদযাত্ৰা উলিওৱা হয়। ইয়াৰ পিছতে ৰাজ্যত আৰম্ভ হ’ল হিংসাত্মক সংঘৰ্ষ। য’ত এতিয়ালৈকে ১০০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে। মেইটেই জনগোষ্ঠী আৰু জনজাতীয় কুকিৰ মাজত হয় এই সংঘৰ্ষ।