Home Blog Page 1478

মীন বিপ্লৱেৰে গ্ৰাম্য অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলা অসমৰ মীন ক্ষেত্ৰৰ ব্ৰেণ্ড-এম্বেচাদৰ ক্ষেত্ৰী কলং-কপিলী সংস্থা

যি সময়ত ৰাজ্যৰ শিক্ষিত যুৱকসকলে এটা চৰকাৰী চাকৰিৰ বাবে হাহাকাৰ কৰি থাকে তেনে সময়তে ৰাজধানী দিছপুৰৰ সমীপৰ ক্ষেত্ৰী বগীবাৰী গাঁৱৰ কেইজনমান উদ্যমী যুৱক-যুৱতী ক্ৰমে, জ্যোতিষ তালুকদাৰ, বিনয় কুমাৰ নাথ, কনক পাঠক,অমুল্য ডেকা,প্রভাত তালুকদাৰ,ৰতন জয়শ্ৰী আৰু উমেশ চন্দ্ৰ নামৰ শিক্ষিত যুৱক কেইজনে আত্মসংস্থাপনৰ পথ মুকলিৰ বাবে গঢ়ি তুলিছিল এটি আত্ম সহায়ক গোট। চাকৰিলৈ আশা নকৰি মৎস্য উৎপাদনৰ জৰিয়তে সপোন ৰচে স্বনিয়োজনৰ।

২০০৭ চনত আৰম্ভ কৰিছিল কলং-কপিলী নামে এটা বেচৰকাৰী সংস্থাৰ যোগেদি ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতিলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

উল্লেখ্য যে এটি সাধাৰণ কে.চি.চি ঋণৰ বাবে বেংকলৈ আহ-যাহ কৰিও বিফল হোৱা যুৱকৰ দলটোৱে হাৰ মান নাছিল।

নিজ নিজ মূলধনেৰে আগবাঢ়ি গৈছিল দলটো। পৰিপ্ৰেক্ষিতত আজি কলং কপিলী নামৰ সংস্থাটো সকলোৱে বাবে হৈ পৰিছে আদৰ্শ ।

বৰ্তমান এই সংস্থাটো সঞ্চালকৰ দায়িত্ব জ্যোতিষ তালুকদাৰৰ লগতে কৰ্মকৰ্তা সকলৰ পৰা এই ক্ষেত্ৰত জানিব বিছৰাত তেওঁলোকে কয় যে ২০০৭ চনত তেওঁলোকে বহু কষ্টৰে এই সংস্থাটো জন্ম দিছিল সেই সময়ত এটি সাধাৰণ বেংক ঋণৰ বাবে হাহাকাৰ কৰিছিল। তথাপিও তেওঁলোকে বহু কষ্টৰে এই কাম আৰম্ভ কৰে আৰু আজি এই অবস্থা পাইহি। এতিয়া তেওঁলোকৰ সংস্থাত ৪৫ জনতকৈ অধিক কৰ্মচাৰী আছে।

অসম চৰকাৰে অগপৰ প্ৰতিষ্ঠাপক নেতা, প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োক চিকিৎসা সাহায্য প্ৰদান কৰিব

বৰ্ষীয়ান ৰাজনীতিবিদ থানেশ্বৰ বড়ো গুৰুতৰভাৱে অসুস্থ। আঞ্চলিকতাবাদী এইগৰাকী নেতা বিগত সময়ছোৱাত অসমৰ ৰাজনীতিৰ পৰা প্ৰায় সন্ন্যাস লোৱাৰ দৰেই। বৰ্তমান ৰঙিয়াৰ স্বস্তি চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী থানেশ্বৰ বড়োক অসম চৰকাৰে সকলো ধৰণৰ চিকিৎসা সাহায্য প্ৰদান কৰিব। এই কথা শনিবাৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অৱগত কৰে।

ৰাজনৈতিক চৰ্চাৰ পৰা বহু দূৰত অৱস্থান কৰা থানেশ্বৰ বড়ো শেহতীয়াকৈ তেওঁৰ অসুস্থতাৰ বাবে চৰ্চালৈ আহিছে। অসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক নেতা তথা প্ৰফুল্ল কুমাৰ মহন্তৰ চৰকাৰত কেইবাটাও বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা থানেশ্বৰ বড়ো বিগত কেইবা বছৰ ধৰি বৃক্ক, মধুমেহ, উচ্চ-ৰক্তচাপ আৰু হৃদৰোগত আক্ৰান্ত হৈ আছে।

শনিবাৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি থানেশ্বৰ বড়োৰ স্বাস্থ্যৰ বুজ ল’লে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই।

চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰাক্তন মন্ত্ৰীগৰাকীৰ চিকিৎসাৰ সকলো ব্যয় চৰকাৰৰ ফালৰ পৰা বহন কৰিব বুলি জনাইছে। উল্লেখ্য যে, চিকিৎসালয়খনত ভৰ্তি কৰোৱাৰ পাছতে তেওঁক আই চি ইউত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁৰ স্বাস্থ্য কিছু উন্নত হৈছে।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই জনোৱা অনুসৰি চৰকাৰে প্ৰয়োজনত থানেশ্বৰ বড়োৰ শুশ্ৰূষাৰ বাবে কেয়াৰ টেকাৰৰ ব্যৱস্থা কৰিব বুলিও জনাইছে। স্মৰ্তব্য যে, ৰঙিয়া সমষ্টিৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়ো ১৯৮৫ৰ পৰা ১৯৯০ চনলৈকে অগপ চৰকাৰৰ পৰিকল্পনা আৰু ৰাজহ বিভাগৰ মন্ত্ৰী আছিল। ইয়াৰ পাছত  ১৯৯৬ ৰ পৰা ২০০১ লৈকে শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল।

টেঙাখাত কপহুৱাত প্ৰধানমন্ত্ৰী ফচল যোজনা তথা উন্নত কৃষি পদ্ধতিৰ কৰ্মশালা ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ

ডিব্ৰুগড় জিলাৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ অধীনৰ তথা টেঙাখাত উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়ৰ নিচেই সমীপৰ দক্ষিণ কপহুৱা সংঘত ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ এক কৃষি কৰ্মশালা অনুষ্ঠিত হয়।

আদৰ্শ কৃষক তথা সমাজকৰ্মী হিৰণ্য সোনোৱালৰ তত্বাবধানত অনুষ্ঠিত কৰ্মশালাত অৰ্ধ শতাধিক পুৰুষ মহিলা কৃষক ৰাইজে অংশগ্ৰহণ কৰে।

কৰ্মশালাত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ ডিব্ৰুগড় কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষি অৰ্থনীতিবিদ বিশেষজ্ঞ ড° হেমচন্দ্ৰ শইকীয়াই মুখ্যত প্ৰধান মন্ত্ৰী ফচল বীমা যোজনাৰ বিভিন্ন দিশ ব্যাখ্যা কৰি ইয়াৰ জৰিয়তে কৃষক লাভবান হব পৰা বিষয়ত
আলোকপাত কৰাৰ লগতে উন্নত কৃষি পদ্ধতি সাৰ প্ৰয়োগ আদিৰ সম্পৰ্কেও ব্যাখ্যা কৰে।
-ব্ৰজেন গগৈ, টেঙাখাত

ডিমাহাচাও জিলাৰ উমৰাংচুস্থিত নেপকুৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ত অসম সত্ৰ মহাসভাৰ সাতদিনীয়া সত্ৰীয়া সংগীত(গীত-বাদ্য-নৃত্য)ৰ কৰ্মশালা শুভাৰম্ভ

শনিবাৰে ডিমাহাচাও পাহাৰীয়া জিলাখনৰ উমৰাংচুস্থিত নেপকুৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ সহযোগত অসম সত্ৰ মহাসভাই সত্ৰীয়া সংগীত(গীত-বাদ্য-নৃত্য)ৰ সাতদিনীয়া কৰ্মশালা শুভাৰম্ভ কৰে মৰিগাঁও জিলাৰ শ্ৰীশ্ৰী কালশিলা সত্ৰৰ সত্ৰাধিকাৰ তথা অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই।

আৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে নেপকুৰ উপ-মহাপ্ৰবন্ধক অভিজিত কলিতা আৰু বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ অধ্যক্ষ প্ৰমূখ্যে শিক্ষক শিক্ষয়িত্ৰীৰ লগতে বহুকেইজন স্থানীয় বিশিষ্ট ব্যক্তি।

কৰ্মশালাৰ সমল ব্যক্তি হিচাবে আছে অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সম্পাদক কৃষ্ণ গোস্বামীৰ লগতে গায়ন(বৰগীত)ত কুন্দন বৰা, নৃত্যত অধ্যাপক গোবিন্দ শইকীয়া আৰু বাদন (খোল)ত অম্লানজ্যোতি দেৱ গোস্বামী।

বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী মৃনালিনী বৰঠাকুৰে আতধৰা সভাখনত আদৰনি ভাষণ প্ৰদান কৰে বিদ্যালয়খনৰ বিষয়ৰ শিক্ষক তাৰিনি কান্ত শৰ্মাই।

শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে বয়সস্থ মহিলাই এই কৰ্মশালাত অতি আগ্ৰহেৰে যোগদান কৰিছে। অসম সত্ৰ মহাসভাৰ বাবে ই এক গৌৰৱৰ বিষয়।


বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় তথা নেপকু কৰ্তৃপক্ষৰ লগতে উমৰাংচু বিভিন্ন জাতি জনজাতিৰ লোকৰ কৰ্মশালাৰ প্ৰতি আগ্ৰহ দেখি অসম সত্ৰ মহাসভা উৎসাহিত।

এনেকুৱা কৰ্মশালা অসমৰ বৰাক উপত্যকাৰ ওপৰিও পশ্চিম বঙ্গ, দিল্লী , হাৰিয়ানা আদি ভাৰতৰ বিভিন্ন ক্ষেত্ৰত অনুষ্ঠিত কৰাৰ পৰিকল্পনা হাতত লৈছে বুলি সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই জনায়।

সাক্ষাৎকাৰৰ সময়ত টম ক্ৰুজে কথা ক’লে হিন্দী ভাষাত!

শেহতীয়াকৈ ‘মিছন: ইম্পচিয়েল-ডেড ৰেকনিং পাৰ্ট ৱান’ৰ প্ৰচাৰৰ সময়ত দিয়া এক সাক্ষাৎকাৰত হলিউডৰ অভিনেতা টম ক্ৰুজক সোধা হৈছিল যে তেওঁ হিন্দী ভাষাত কথা ক’ব পাৰে নেকি?

অভিনেতাজনে উত্তৰ দিলে, “আপুনি যদি বিচাৰে মই আপোনাৰ লগত হিন্দীত কথা পাতিম। মই চেষ্টা কৰি চাওঁ।”

সাক্ষাৎকাৰ লোৱাজনে তেতিয়া তেওঁক ক’লে ‘নমস্তে, আপ কেইছে হায়?’৷

সাক্ষাৎকাৰ লোৱাজনে তেওঁক কোৱা শাৰীবোৰ ক্ৰুজে নিৰৱচ্ছিন্নভাৱে আওৰালে, যাৰ ফলত সমগ্ৰ ছ’চিয়েল মিডিয়াত তেওঁৰ প্ৰশংসা লাভ কৰে, চৰ্চা লাভ কৰে।

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ষষ্ঠদশ অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন

সদৌ অসম ছাত্ৰ সন্থাৰ অন্যতম শক্তিশালী আঞ্চলিক ওদালগুৰি জিলাৰ টংলা আঞ্চলিক সমিতিৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনৰ বাবে অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে শনিবাৰে মুখ্য কাৰ্যালয় শ্বহীদ ভৱন ,টংলাত এখনি ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়।

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্য, শিক্ষাবিদ ঘনকান্ত ডেকা,অনাতাঁৰ শিল্পী প্ৰফুল্ল কুমাৰ বৰুৱা ,সাংস্কৃতিক কৰ্মী জ্ঞানেদ্ৰ কুমাৰ চলিহা, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি গৌৰী শংকৰ দাসে অধিৱেশনখনি সুচাৰুভাৱে পৰিচালনা কৰিবলৈ এখনি শক্তিশালী অভ্যৰ্থনা সমিতি গঠন, অভিনন্দন অনুষ্ঠান,সাহিত্য সাংস্কৃতিক অনুষ্ঠান, স্মৃতিগ্ৰন্থ , সীমিত বাজেট ইত্যাদি বিভিন্ন দিশ সামৰি ব্যাখ্যা কৰে।

টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিংকু ডেকাই উদ্দেশ্যে ব্যাখ্যা কৰা সভাত বৃহত্তৰ টংলা অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষাগুৰু, সাংস্কৃতিক কৰ্মী, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, ছাত্ৰ কৰ্মী উপস্থিত থাকে।

-অৰূপ বড়ো, টংলা

আন্তঃস্কুল ফুটবলত চামতা উচ্চতৰ মাধ্যমিক আৰু ৰঘুনাথ চৌধাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চেম্পিয়ন

টিহু, চামতা, নলবাৰী আৰু ধমধমা এই চাৰিটা মণ্ডল ভিত্তিত ১৪ আৰু ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত অনুষ্ঠিত হোৱা আন্তঃ স্কুল ফুটবল প্ৰতিযোগিতাত চেম্পিয়ন হোৱা দলৰ মাজত শনিবাৰে পুৱা ৯ বজাত বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠ খেলপথাৰত চুড়ান্ত খেল অনুষ্ঠিত হৈ যায়।

উল্লেখ্য যে চুড়ান্ত খেলসমূহ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও খেলপথাৰখন খেলৰ উপযোগী হৈ নথকাত খেলৰ স্থান সলনি কৰিব লগা হয়।

১৪ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে নতুন দেহৰ মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়, খুকুণ্ডিক ২-১গলত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মান লাভ কৰি আগন্তুক পিলিক চৌধুৰী ফুটবল প্ৰতিযোগিতালৈ যোগ্যতা অৰ্জন কৰে।

চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ে খেলৰ ২২ মিনিটত পাৰভেজ আলমে ১টা গল দি দলক অগ্ৰগতি দিয়ে যদিও ৪০ মিনিটত নতুন দেহৰ মৌজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজিজুল ৰহমানে ১টা গল দি সমতা স্থাপন কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনৰ ৪৯ মিনিটত পুনৰ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলুৱৈ শশাংক তালুকদাৰে ১টা গল দি দলটোক বিজয়ী কৰোৱাত মুখ্য ভূমিকা পালন কৰে।

আনহাতে ১৭ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ক’ৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ৩-১ লগৰ ব্যাৱধানত পৰাজিত কৰি চুড়ান্ত বিজয়ীৰ সন্মানেৰে আগন্তুক দেউকন ট্ৰফী খেলিবলৈ যোগ্যতা অৰ্জন কৰে।

খেল পৰিচালনা কৰে ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী গৌতম কলিতা, শাৰিৰীক শিক্ষা নিৰ্দেশক সঞ্জীৱ মিশ্ৰ, বিপুল কুমাৰ সাউদ, নৱ বৰ্মন আৰু ৰাজীৱ শৰ্মাই।

নলবাৰী জিলা ক্ৰীড়া বিষয়া লুট্ৰুৰাজ বসুমতাৰীৰ উপস্থিতিত চুড়ান্ত খেল উদ্বোধন কৰে নলবাৰী ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক বুবুল তালুকদাৰে।

অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবল ৰেফাৰী জীতেন হুজুৰী, অসম ভলীবল সন্হাৰ সহঃ সম্পাদক দীপক কুমাৰ দাস, বালিকৰিয়া বাসুদেৱ বিদ্যাপীঠৰ প্ৰধান শিক্ষক দেৱানন্দ বৰ্মন, নলবাৰী ক্ৰীড়া সন্হাৰ ফুটবল সম্পাদক ৰাতুল গোস্বামী, ভলীবল সম্পাদক দেৱজিৎ ডেকা আৰু জিলাৰ শাৰিৰীক শিক্ষা নিৰ্দেশকসকল।

তামুলপুৰত পশুচিকিৎসা শিবিৰ

বি টি আৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত তামুলপুৰ মহকুমা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ অন্তৰ্গত তামুলপুৰ খণ্ড পশু পালন আৰু চিকিৎসালয়ৰ উদ্যোগত বৃহত্তৰ অময়াপুৰ-পশ্চিম অময়াপুৰত শনিবাৰে অঞ্চলটোৰ পশু পালকসকলৰ সহায়ক হোৱাকৈ এটি পশু চিকিৎসা তথা সজাগতা শিবিৰ অনুষ্ঠিত কৰা হয়।

পুৱা আনুষ্ঠানিক ভাৱে পশুচিকিৎসা আৰু সজাগতা শিবিৰৰ শুভ উদ্বোধন কৰে যুৱ সমাজকৰ্মী বানেশ্বৰ বড়োৱে৷


শিবিৰত ডাঃ বলেন্দ্ৰ চৌধুৰী আৰু ডাঃ মমতা পাঠকে গৰু -ছাগলীৰ বিভিন্ন ৰোগৰ লগতে লাম্পী ভাইৰাছৰ লক্ষণ তথা নিৰাময়ৰ উপায়, ঔষধৰ প্ৰয়োগ আদিৰ বিষয়ে বক্তব্য ৰাখি কৃষক সকলক উপকৃত কৰে ৷

শিবিৰত দুয়োখন পশু চিকিৎসালয়ৰ পেৰামেডিকেল ষ্টাফৰ এটি দলে সহায় সহযোগ আগবঢ়ায়। বৃহত্তৰ অময়াপুৰ অঞ্চলটোত লাম্পী ভাইৰাছত বহু পশুধন আক্ৰান্ত হৈছিল।

তাৰেই পৰিপেক্ষিতত আজি এসপ্তাহ ধৰি লাম্পী ভাইৰাছৰ উপৰিও আন আন পশুধনৰ বিভিন্ন ৰোগৰ প্ৰতিষেধক ছিটা প্ৰদান কৰি আহিছে৷ চিকিৎসা বিষয়া সকলে জনোৱা মতে অঞ্চলটোৰ প্ৰায় দুই হেজাৰ পশুধনক প্ৰতিষেধক ছিটা প্ৰদান কৰা হয়।

শিবিৰটো পৰিচালনা কৰাৰ ক্ষেত্ৰত স্থানীয় লোকসকলে সহায়-সহযোগ আগবঢ়ায়৷

পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাংবাদিকৰ…

বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে সাংবাদিকক দুৰ্বব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক অচিৰেই নিলম্বনৰ দাবী তুলি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকলে আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।গুৱাহাটীৰ নাৰেঙ্গীস্থিত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মুখত আজি কলা বেজ পৰিধান কৰি প্ৰতিবাদী সাংবাদিক সকলে আৰক্ষীৰ মইমতালী নচলিব, সাংবাদিক নিৰাপত্তা সু-নিশ্চিত কৰক,জনসাধাৰণৰ সৈতে সাংবাদিক সম্পৰ্ক মধুৰ কৰক,সাংবাদিকৰ অধিকাৰ খৰ্ব কৰিবলৈ দিয়া নহব আদি শ্লোগানৰে পৰিবেশ উত্তাল কৰি তোলে।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাই কয় যে, গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ সৈতে জৰিত থকা সাংবাদিকৰ ওপৰত যদি আৰক্ষীৰ এনে ধৰণৰ ব্যৱহাৰ হয়,তেনেহলে এইখন মহানগৰীত সৰ্বসাধাৰণ নাগৰিকৰ নিৰাপত্তা কিমান সুনিশ্চিত হব। অনাহকতে কৰ্তব্যৰত সাংবাদিক দুৰ্ব্যবহাৰ কৰা সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ এনে ব্যৱহাৰ সুস্থ গণতন্ত্ৰৰ পৰিচায়ক নহয় বুলি মন্তব্য কৰি এইগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায়।ইফালে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ সাতগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিক সকলক কৰা এনে দুৰ্ব্যবহাৰৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামীযে ।

উল্লেখ্য যে, যোৱা ১৭ মে’ত সাতগাও থানা এলেকাত সংঘটিত এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত জেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাও আৰক্ষী থানালৈ গৈছিল। তেনে সময়তে আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ কুমাৰ কানুয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰবেশত বাধা দিয়ে তাৰোপৰি সাংবাদিক গৰাকীৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি নি তালাচী চলাই অযথা হাৰাশাস্তি কৰে। পিছত আৰক্ষী বিষয়াৰ এনে দুৰ্ব্যৱহাৰৰ বিষয়ে পূব গুৱাহাটী প্ৰেছ ক্লাবক অৱগত কৰে। বিষয়টোৰ সন্দৰ্ভত যোৱা ৭ জুলাই অৰ্থাৎ কালি দিনৰ ভাগত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্য্যকৰী সভাপতি গোকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা এটি ১৫ জনীয়া সাংবাদিক দল সাত গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক সৌজন্য মূলক সাক্ষাৎ কৰাৰ বাবে থানা চৌহদত উপস্থিত হয়।কিন্তু আৰক্ষী বিষয়া গৰাকীয়ে নানা অজুহাত দেখুৱাই সাংবাদিকৰ দলটোক সাক্ষাৎ দিয়াৰ পৰা বিৰত থাকে।প্ৰায় ১ ঘণ্টা সময় ধৰি অপেক্ষা কৰি থানা খনৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ সাক্ষাৎ তৰ অনুমতি নাপায় অপমান বোধ কৰি সেই স্থান পৰিত্যাগ কৰে।

সাংবাদিকক দুৰ্ব্যবহাৰ কৰা সাতগাও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্দীপ কুমাৰ কানুক নিলম্বন কৰাৰ দাবী তুলি সাংবাদিক সকলে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
দিনৰ ১১ বজাৰ পৰা ১ বজালৈ ৰূপায়ণ কৰা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি সুস্মিতা গোস্বামী, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ৰীণা বৰুৱা কলিতা, নাৰেঙ্গী উন্নয়ন সমিতিৰ সাধাৰণ সম্পাদক কমল বৰা, সমাজ কৰ্মী প্ৰদীপ কলিতা, নুনমাটি ছাত্ৰ সন্থা, নাৰেঙ্গী ছাত্ৰ সন্থা, সাতগাও ছাত্ৰ সন্থা, জু- নাৰেঙ্গী ছাত্ৰ সন্থা, নাৰেঙ্গী বনিক সন্থাৰ প্ৰতিনিধি তথা বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক আৰু সংবাদ কৰ্মী উপস্থিত থাকে ।

খাদ্যক সুখৰ আধাৰ বুলি কিয় কোৱা হয় জানক…

Happy family communicating during lunch time in dining room. Focus is on kids.

শৰীৰৰ বৃদ্ধি তথা বিকাশৰ বাবে খাদ্য অপৰিহাৰ্য। খাদ্যৰ ওপৰত হোৱা পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে ওলাই পৰা মতে, দেহৰ প্ৰয়োজন অনুসৰি খাদ্য তিনিপ্ৰকাৰৰ- শক্তিদায়ক, দেহবৰ্দ্ধক তথা দেহৰক্ষক। শৰীৰৰ বিভিন্ন কাৰ্য সম্পাদনৰ বাবে শক্তি অপৰিহাৰ্য, যি শক্তি ভাত, ৰুটী আদিৰ দৰে খাদ্যৰ পৰা আহৰণ কৰা হয়।

দেহৰ বৃদ্ধি তথা বিকাশৰ বাবে প্ৰ’টিনৰ আৱশ্যক। ইয়াক দাইল, গাখীৰ, মাছ, মাংস, কণী আদিত পোৱা যায়। আনহাতে, শাক-পাচলি, ফল-মূল আদিত প্ৰচুৰ পৰিমাণে থকা খাদ্যপ্ৰাণ তথা খনিজ লৱণ আদি উপাদানে শৰীৰক বেমাৰ-আজাৰৰ আক্ৰমণৰপৰা ৰক্ষা কৰে বাবে এই ধৰণৰ খাদ্য দেহৰক্ষক। আমেৰিকাৰ চিকিৎসক তথা গ্ৰন্থকাৰ ছৰাহ ব্ৰিৱেৰৰ মতে, খাদ্যত সুখৰ অনুভূতি জগাব পৰা কৌশল আছে যিয়ে কঁকালৰ ঘেৰ পৰিপাটীকৈ ৰাখি সুখৰ হৰম’ন মুকলি কৰে। তেওঁৰ মতে খাদ্যবস্তুবোৰৰ ৰাসায়নিক ধৰ্মবোৰৰ বুজ লৈ সেইবোৰে আমাৰ আৱেগৰ ওপৰত কেনেধৰণৰ কাম কৰে, তাক বুজি ল’ব লাগে।

ডাঃ ব্ৰিৱেৰে কোৱা মতে, খাদ্যই নিঃসন্দেহে মেজাজৰ ওপৰত মুখ্য প্ৰভাৱ বিস্তাৰ কৰে। উদাহৰণস্বৰূপে মাছত থকা ওমেগা-৩ স্নেহ অম্লই মানসিক অৱস্থাৰ অৱনতি অৱনতি ঘটাৰ ফলত মনত উদ্ভৱ হোৱা বিষণ্ণতাই কৰিব পৰা ক্ষতিৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। আনহাতে, উচ্চ চৰ্বিযুক্ত খাদ্যৰপৰা নিম্ন চৰ্বিযুক্ত খাদ্যলৈ পৰিৱৰ্তন সাধন কৰিলে লোকৰ মানসিক চাপৰ অনুভূতি বৃদ্ধি পাব পাৰে। খাদ্যৰ এনে ধৰণৰ পৰিৱৰ্তন ঘটিলে মানুহৰ খঙৰ অনুভূতি বৃদ্ধি পায় আনকি বৈৰীতাৰ অনুভৱো বাঢ়ি যাব পাৰে। খাদ্যত থকা কেতবোৰ উপাদানে সেই খাদ্য ভক্ষণ কৰা লোকৰ মেজাজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। কেতবোৰ খাদ্যই ছে’টনিন নামৰ ৰাসায়নিক উৎপাদন কৰে যিবোৰে মগজুৰ ক্ৰিয়া নিয়ন্ত্ৰণ কৰি সুখানুভূতিৰ সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰে।