Home Blog Page 1505

প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ ৰাভা দিৱস উদযাপন

উত্তৰ গুৱাহাটীৰ ঐতিহ্য মণ্ডিত‌ প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ উদ্যোগত আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সহযোগত মঙলবাৰে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে ৰাভা দিৱস উদযাপন কৰা হয়।


পুৱা ৯ বজাত প্ৰাগজ্যোতিষপুৰ কলা পৰিষদৰ কাৰ্যকৰী সদস্য আৰু সভ্যসকলৰ লগতে ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ সমূহ বিষয় ববীয়া সকলৰ উপস্থিতিত সভাপতি পাৰ্থ প্ৰতিম বৰকাকতিয়ে বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে।

সন্ধিয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীত আৰু নৃত্যৰ আধাৰত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অনাতাঁৰ শিল্পী কেশৱ তালুকদাৰ,ড° বন্তি বড়া দত্ত , বিশিষ্ট কণ্ঠশিল্পী চন্দ্ৰ কান্ত দাস ধীৰেশ্বৰ বড়ো, ত্ৰৈলোক্য দাস, গকুল কান্ত বড়া, পুতুল দাস পাঠক, নাট্যাভিনেতা,মণ্টুকমল বৰুৱা আৰু যুৱ শিল্পী ৰুক্মজিৎ বৰুৱা আৰু অৰুণাভ হাজৰিকাক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিতে ৰাগশ্ৰী সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণি চৌধুৰীয়ে পৰিচালনা কৰা আৰু ৭০গৰাকী শিল্পীয়ে সমবেত সংগীত পৰিবেশন কৰে । অনুষ্ঠানত ২০ গৰাকী শিশু শিল্পীৰ গীত মাতৰ লগতে উত্তৰ গুৱাহাটীৰ অনাথ আশ্ৰম, শিশুগ্ৰামৰ শিশুসকলে প্ৰদৰ্শন কৰা নৃত্যই দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয়।

অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ সাহিত্য সভাৰ স্বৰ্ণ শাখাৰ সম্পাদক কমল বৰাই কলাগুৰুৰ এটি কবিতা আবৃত্তি কৰি মহান শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে। কলা পৰিষদৰ সম্পাদক চন্দন বৰুৱাই আদৰণি ভাষণৰ লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাজশ্ৰী সঙ্গীত মহাবিদ্যালয়ৰ অধ্যক্ষা পিংকু মণিচৌধুৰীৰ পৰিচালনাত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ আতঁ ধৰে নীপামণি বৰদলৈয়ে।

সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তি

লখিমপুৰ চকুলীভৰীয়াৰ ধৰ্মপ্ৰাণ ব্যক্তি, সমাজ সংগঠক সৰ্বেশ্বৰ চুতীয়াৰ ৭৮ বছৰ বয়সত বৃহস্পতিবাৰে পুৱা ৭ বজাত পৰলোক প্ৰাপ্তি হয়৷ দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ থকা চুতীয়া শেহতীয়াকৈ স্থানীয় ড° দাস হাস্পতালত চিকিৎসাধীন হৈ আছিল৷

অসম কো অপাৰেটিভ এপেক্স বেংকৰ অৱসৰ প্ৰাপ্ত বিষয়া চুতীয়া লখিমপুৰৰ এগৰাকী বিশিষ্ট সমাজ সংগঠক হোৱাৰ লগতে উত্তৰ অসম তথা অৰুণাচল প্ৰদেশত “কৃষ্ণগুৰু” এক নাম ধৰ্মৰ প্ৰসাৰত অৰিহনা যোগাইছিল৷ চকুলীভৰীয়াত “কৃষ্ণগুৰু” শাখা সেৱাশ্ৰম প্ৰতিস্হা কৰাত প্ৰয়াত চুতীয়াৰ উল্লেখযোগ্য অৰিহণা আছিল৷

সৰ্বেশ্বৰ চুতীয়াৰ পৰলোক প্ৰাপ্তিত “কৃষ্ণগুৰু ” আধ্যাত্মিক সমাজৰ ভকত-বৈষ্ণৱ সকলৰ মাজত উত্তৰ অসমত গভীৰ শোকৰ ছাঁ পৰে৷

উল্লেখযোগ্য যে যুৱ অৱস্থাত ফুটবল খেলুৱৈ হিচাপে বিশেষ নাম কৰা, চুতীয়াৰ গায়ন বায়নৰ শিল্পী হিচাপেও এক বিশেষ চিনাকি আছিল।

লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ে চুতীয়াৰ মৃত্যুত শোক প্ৰকাশ কৰি তেখেতক এসময়ৰ বিশিষ্ট ফুটবল খেলুৱৈ তথা গায়ন-বায়ন শিল্পী হিচাপে সুৱৰি দুখ প্ৰকাশ কৰে।

মৃত্যুৰ সময়ত সৰ্বেশ্বৰ চুতীয়াই, পত্নী, জী-জোঁৱাই, দুই পুত্ৰ, বোৱাৰী, দুগৰাকী ভাতৃৰ লগতে সহস্ৰ গুণমুগ্ধ ইহসংহাৰত এৰি থৈ যায়। সৰ্বেশ্বৰ চুতীয়াৰ মৃত্যুত লখিমপুৰত গভীৰ শোকৰ ছাঁ পৰে।

তেখেতৰ শেষকৃত শুকুৰবাৰে পুৱা ৭ বজাত চকুলীভৰীয়াত সম্পন্ন কৰা হব।

সাহসিকতা, মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা উত্তৰ গুৱাহাটীৰ জিতু পাঠকক কামৰূপৰ উপায়ুক্তৰ সম্বৰ্দ্ধনা

সাহসিকতা তথা মানৱতাৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰি সমাজলৈ ইতিবাচক বাৰ্তা প্ৰেৰণ কৰা উত্তৰ গুৱাহাটীৰ অভয়পুৰ নিৱাসী, আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ অস্থায়ী কৰ্মচাৰী জিতু পাঠকক বৃহস্পতিবাৰে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে তেওঁৰ কাৰ্যালয়ৰ কক্ষত বিশেষভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে।

উল্লেখ্য যে যোৱা ১৯ জুনত মধ্যমখণ্ড ঘাটত জিতু পাঠকে এগৰাকী মহিলাক ভৰা ব্ৰহ্মপুত্ৰৰ পৰা নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি জীৱন্তে উদ্ধাৰ কৰি এক বিৰল সাহসিকতা তথা মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে।

সেয়েহে উপায়ুক্ত কীৰ্তি জল্লীয়ে আজি তেখেতৰ এই মানৱ দৰদী কৰ্মক প্ৰশংসা কৰি জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধনা জ্ঞাপন কৰে। সম্বৰ্দ্ধনা জ্ঞাপন কৰি উপায়ুক্ত গৰাকীয়ে জিতু পাঠকৰ সাহসিকতা তথা মানৱ দৰদী কৰ্মই হেজাৰ জনক বিপদাপন্ন তথা আৰ্তজনক সহায় কৰাৰ দিশত আগবাঢ়ি আহিবলৈ প্ৰেৰণা যোগাব বুলি কয়। জিলা উপায়ুক্তই লগতে জিতু পাঠকৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰাৰ লগতে ভৱিষ্যতেও তেখেতে সমাজ তথা দহৰ হিতৰ হকে কাম কৰি যাব বুলি আশা প্ৰকাশ কৰে।

সম্বৰ্দ্ধনা জ্ঞাপনৰ সময়ত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত ক্ৰমে সুজাতা গগৈ, প্ৰাণজিৎ কুমাৰ দেৱ, কামৰূপ জিলাৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰধিকৰণৰ জিলা প্ৰকল্প বিষয়া ৰাজীৱ দত্ত চৌধুৰী, কামৰূপ জিলাৰ জেষ্ঠ সাংবাদিক ক্ৰমে দিগন্ত বৰদলৈ, ৰূপক ডেকা, দ্বীপেন বায়ন আৰু উৎপল তামুলীও উপস্থিত থাকে।

আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনক ৭.৫ কেৰেটৰ গ্ৰীণ ডাইমণ্ড উপহাৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু জিল বাইডেনে হোয়াইট হাউছত প্ৰধানমন্ত্ৰী মোদীক ৰাতিৰ আহাৰৰ বাবে নিমন্ত্ৰণ জনাই। এই সময়ছোৱাত তেওঁ বহু বিষয়ত কথা পাতিছিল। ৩ দিনীয়া আমেৰিকা ভ্ৰমণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি জো বাইডেন আৰু তেওঁৰ পত্নী জিল বাইডেনক সাক্ষাৎ কৰে। ইয়াৰ মাজতে উপহাৰৰ আদান-প্ৰদানও কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰৰ অতি ধুনীয়া পেপাৰমেচেৰে নিৰ্মিত সৰু বাকচত আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনক উপহাৰ দিলে ৭.৫ কেৰেটৰ সেউজীয়া হীৰা। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন আৰু জিল বাইডেনে হোয়াইট হাউছত প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। এই সময়ছোৱাত তেওঁলোকে বহু বিষয়ত কথা পাতিছিল। উপহাৰ বিনিময় কৰি তেওঁলোকে ভাৰতৰ বিভিন্ন অঞ্চলৰ সংগীত উপভোগ কৰে।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে টুইটযোগে কয়, ‘ভাৰতৰ হীৰা। প্ৰধানমন্ত্ৰী মোদীয়ে কাশ্মীৰৰ পৰা বিলাসী পেপাৰমেচ বাকচত ৰখা এই সুন্দৰ অনুকূল পৰিৱেশৰ সেউজীয়া হীৰা আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেনক উপহাৰ দিলে। এই হীৰা অনুকূল পৰিৱেশৰ কাৰণ ইয়াক নিৰ্মাণ কৰিবলৈ সৌৰ আৰু বায়ু শক্তিৰ দৰে সম্পদ ব্যৱহাৰ কৰা হৈছে। অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি নিখুঁত আৰু যত্নৰে গ্ৰীণ ডাইমণ্ড নিৰ্মাণ কৰা হয়। ই প্ৰতি কেৰেটত মাত্ৰ ০.০২৮ গ্ৰাম কাৰ্বন নিৰ্গত কৰে আৰু ই জেম’লজিকেল লেব, আই জি আই (ইণ্টাৰনেচনেল জেম’লজিকেল ইনষ্টিটিউট) প্ৰমাণিত। ভাৰতে দেশত লেবত উৎপাদিত হীৰা (এল জি ডি) উৎপাদনক প্ৰসাৰিত কৰিছে আৰু ইয়াৰ বাবে চৰকাৰে যোৱা সাধাৰণ বাজেটতো কিছু পদক্ষেপ ঘোষণা কৰিছিল। চৰকাৰে এল জি ডি বীজৰ কাষ্টম ড্যুটি ৫ শতাংশৰ পৰা আঁতৰোৱাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ উপৰিও এল জি ডি যন্ত্ৰপাতি, বীজ আৰু প্ৰস্তুতিৰ থলুৱা উৎপাদন প্ৰসাৰিত কৰাৰ বাবে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজলৈ পাঁচ বছৰীয়া গৱেষণা অনুদানৰ অনুমোদনও প্ৰদান কৰা হয়।

৫ বছৰৰ ভিতৰত ২৪২.৯৬ কোটি টকাৰ আনুমানিক ব্যয়ৰে আই আই টি মাদ্ৰাজত ইণ্ডিয়া চেণ্টাৰ ফৰ লেব-গ্ৰ’ন ডাইমণ্ড (ইঞ্চেণ্ট-এল জি ডি) স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। লেবত নিৰ্মিত হীৰা নিৰ্মাণৰ কাম দুটা প্ৰযুক্তিৰে কৰা হয়। ইয়াৰ ভিতৰত উচ্চ চাপ, উচ্চ উষ্ণতা (HPHT) আৰু ৰাসায়নিক বাষ্প নিক্ষেপ (CVD) অন্তৰ্ভুক্ত। চিভিডি প্ৰযুক্তি ব্যৱহাৰ কৰি এই হীৰা প্ৰস্তুত কৰা অন্যতম গুৰুত্বপূৰ্ণ উৎপাদক ভাৰত।

শুকান ছালে মুখৰ সৌন্দৰ্য্য নষ্ট কৰে? এই ৫ টা প্ৰাকৃতিক ফেচ পেকৰ সৈতে বন্ধুত্ব গঢ়ি তোলক…

সকলোৱে শুকান ছালৰ পৰা মুক্তি পাব বিচাৰে, এনে পৰিস্থিতিত কিছুমান ঘৰতে বনোৱা ফেচ পেকে সকাহ দিব। শুকান ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ যিমান পাৰি পানী খাব লাগে। লগতে এনে সামগ্ৰী আপোনাৰ ছালৰ যত্নৰ ৰুটিনত অন্তৰ্ভুক্ত কৰক, যিবোৰ অধিক হাইড্ৰেটিং। ইয়াৰ উপৰিও শুকান ছালৰ সৈতে মোকাবিলা কৰিবলৈ ঘৰতে বনোৱা ফেচ পেকও ব্যৱহাৰ কৰিব পাৰে। এইবোৰে আপোনাৰ ছালখনক গ্লোয়িং আৰু মইশ্ব’ৰাইজ কৰি তোলাত সহায় কৰিব। বহুতো প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি এই ফেচ পেক বনাব পাৰে।

এই ফেচ পেকসমূহৰ ভিতৰত ওট, মৌ, দৈ, বেচন, অমিতা আৰু কমলাৰ ৰস ইত্যাদি। শুই উঠাৰ আগতে বা দিনৰ যিকোনো সময়তে এইবোৰ ব্যৱহাৰ কৰিব পাৰে।

১/ বেচন আৰু দৈ ফেচ পেক-

এটা বাটিত বেচন আৰু এচামুচ দৈ লৈ লওক।
ভালদৰে মিহলাই পেষ্ট বনাওক।
এই পেষ্টটো গোটেই মুখমণ্ডল আৰু ডিঙিত লগাওক।
পেষ্টটো সম্পূৰ্ণ শুকাবলৈ দিব।
ইয়াৰ পিছত ছালখন নিজেই মালিচ কৰিব।
ইয়াৰ পিছত মুখখন কুহুমীয়া পানীৰে ধুব।

২/ ওটছ আৰু মৌ ফেচ পেক

মিক্সাৰ বাটি এটাত এচামুচ পিহি লোৱা ওটছ লওক
এতিয়া তাত আধা চামুচ মৌ দিব।
তাৰ পিছত ভালদৰে মিহলাই লওক।

  • আপোনাৰ মুখ আৰু ডিঙিত লগাওক এই মিশ্ৰণ।
    ২০ মিনিট মান ৰাখিব।
    তাৰ পিছত ধুই পেলাব।
    সপ্তাহত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

৩/ কমলাৰ ৰস আৰু ওটছৰ ফেচ পেক
এটা বাটিত আধা কাপ সতেজ কমলাৰ ৰস লওক।
তাৰ পিছত তাত দুচামুচ ওটছ দিব।
এতিয়া অলপ সময় ৰসত তিয়াই থওক।
ইয়াৰ পিছত এই মিশ্ৰণটো গোটেই মুখমণ্ডল আৰু ডিঙিত লগাব।
২০ মিনিটমান ৰাখিব।
ইয়াৰ পিছত সাধাৰণ পানীৰে ধুই আপোনাৰ প্ৰিয় মইশ্ব’ৰাইজাৰ লগাওক।

৪) এলোভেৰা আৰু তিয়হৰ ফেচ পেক

এচামুচ এলোভেৰা জেল এটা বাটিত লওক।
তাত কুটি লোৱা তিয়হৰ দিব।
তাৰ পিছত গোটেই মুখ আৰু ডিঙিত লগাব।
এতিয়া ৩০ মিনিট বহিবলৈ দিব।
ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব।

৫/ অমিতা ফেচ পেক
পকা অমিতা কাটি লওক।
এটা বাটিতলৈ লওক।
এতিয়া ভালদৰে গুড়ি কৰি লওক।
তাৰ পিছত তাত ১ চামুচ মৌ দিব।
এই অমিতাৰ পেষ্টটো গোটেই মুখমণ্ডল আৰু ডিঙিত লগাওক।
২০ মিনিট ছালত থৈ দিব।
ইয়াৰ পিছত পৰিষ্কাৰ কৰক।

১৮ বছৰতে অনুজ্ঞাপত্ৰ লাভ কৰা কনিষ্ঠতম ভাৰতীয় ছোৱালী পাইলট গৰাকীৰ বিষয়ে জানেনে?

সাক্ষী কোছাৰ ‘ভাৰতৰ কনিষ্ঠতম বাণিজ্যিক পাইলট৷ যি ভাৰতৰ আন এগৰাকী মহিলা পাইলট মৈত্ৰী পেটেলৰ পূৰ্বৰ অভিলেখ ভংগ কৰিছে৷ মৈত্ৰী পেটেলে 19 বছৰ বয়সত এই অভিলেখ গঢ়িছিল। ২০০৫ চনৰ ৩০ মে’ত হিমাচল প্ৰদেশৰ গেটৱে পাৰৱানু নামৰ এখন সৰু চহৰত জন্মগ্ৰহণ কৰা সাক্ষী ১৮ বছৰ বয়সৰ আটাইতকৈ কম বয়সীয়া পাইলট হৈ পৰিছে। আমোদজনক ভাৱে, দুয়োকে পাইলট প্ৰশিক্ষক ড. এ.ডি. মানেকৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছিল।

তেওঁ চাৰে সাত মাহৰ ভিতৰত তেওঁৰ উৰণসময়ৰ লক্ষ্য প্ৰাপ্ত কৰিছিল, যিটো 30 মে, 2023 তাৰিখে তেওঁৰ 18 তম জন্মদিনৰ সৈতে মিলিছিল, যেতিয়া তেওঁ তেওঁৰ বাণিজ্যিক পাইলট অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু ভাৰতৰ আটাইতকৈ কম বয়সীয়া বাণিজ্যিক পাইলট হৈছিল।

জোতা আৰু পোছাকৰ নিজা ব্যৱসায়িক ব্যৱসায় থকা এটা সৰু ব্যৱসায়িক পৰিয়ালত জন্ম গ্ৰহণ কৰা আৰু ডাঙৰ দীঘল হোৱা সাক্ষীয়ে পাৰৱানুত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে।জানিব পৰা মতে, তেওঁ হিমাচল প্ৰদেশত দশম শ্ৰেণী সম্পূৰ্ণ কৰিছিল আৰু তেতিয়াৰ পৰা বিমান উৰোৱাৰ প্ৰতি আগ্ৰহ পোষণ কৰিছিল। যিহেতু তেওঁ পাইলট হ’বলৈ আগ্ৰহী আছিল, তেওঁ তেওঁৰ দ্বাদশ শ্ৰেণীত পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ৰ সৈতে বিজ্ঞান বাছনি কৰিছিল।

সাক্ষীয়ে মুহূৰ্তৰ বাবে নৃত্য শিকাৰ আগ্ৰহ এৰি দিছিল য’ত তেওঁক ৰাজ্যিক পৰ্যায়ত নৃত্য প্ৰতিযোগিতাত প্ৰথম ৰানাৰ-আপ ঘোষণা কৰা হৈছিল। তেওঁ চণ্ডিগড়ৰ চৰকাৰী মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেওঁৰ উচ্চ মাধ্যমিক শিক্ষাৰ (দ্বাদশ শ্ৰেণী) বাবে অধ্যয়ন কৰিবলৈ বাছনি কৰিছিল।

দ্বাদশ শ্ৰেনীৰ পিছত, সাক্ষীয়ে তেওঁৰ লক্ষ্য প্ৰাপ্ত কৰিবলৈ অনুসৰণ কৰে যাৰ বাবে তেওঁ তেওঁৰ বাণিজ্যিক পাইলট লাইচেঞ্চ (চিপিএল) প্ৰশিক্ষণৰ বাবে মুম্বাইৰ স্কাইলাইন এভিয়েচন ক্লাবত যোগদান কৰে। চাৰি মাহৰ প্ৰাৰম্ভিক তত্ত্ব প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ পিছত, এভিয়েচন ক্লাবে তেওঁক আমেৰিকা যুক্তৰাষ্ট্ৰত তেওঁলোকৰ নিৰ্ধাৰিত প্ৰশিক্ষণ কেন্দ্ৰৰ সৈতে উন্নত বিমান প্ৰশিক্ষণৰ বাবে নিযুক্তি দিছিল। সাক্ষীয়ে পাইলট হোৱাৰ প্ৰশিক্ষণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ 8,500 মাইল ভ্ৰমণ কৰিছিল।

আমেৰিকা যুক্তৰাষ্ট্ৰত চিপিএল পোৱাটো এটা ব্যয়বহুল কাম কিন্তু তাইৰ পৰিয়ালে তাইক সম্পূৰ্ণ সমৰ্থন কৰিছিল আৰু এতিয়া তাই এগৰাকী চিপিএল ধাৰক আৰু উৰা মাৰিব। সাক্ষীৰ মতে, তাই তাইৰ চিপিএল পাবলৈ প্ৰায় 70 লাখ টকা খৰচ কৰিছিল আৰু তাই তাইৰ মাক-দেউতাকক টকা ঘূৰাই দিয়াৰ লক্ষ্য ৰাখিছে। সাক্ষীয়ে কয়, “মই বহুত ভাগ্যৱান যে মই মোৰ ককা-আইতা, পিতৃ-মাতৃ আৰু এজন ডাঙৰ ভাইটিক লৈ গঠিত এটা মৰমৰ পৰিয়ালত ডাঙৰ দীঘল হৈছিলোঁ যিয়ে মোৰ সপোন বোৰ প্ৰাপ্ত কৰিবলৈ মোক সদায় উৎসাহিত কৰিছিল।”

“বিমান চলাচল এক অতি ব্যয়বহুল ব্যৱসায় আৰু মই চিপিএল পাবলৈ প্ৰায় 70 লাখ খৰচ কৰিছিলো। চাকৰিটো পোৱাৰ পিছত মই মোৰ মা-দেউতাক টকা ঘূৰাই দিম,” তাই কয়। সাক্ষীয়ে কৈছিল যে তাই তাইৰ মাক দেউতাকক গৌৰৱান্বিত কৰিব বিচাৰে। 10 বছৰ বয়সৰ পৰাই, সাক্ষী বিমান উদ্যোগৰ দ্বাৰা আকৰ্ষিত হৈছিল যিয়ে তাইৰ পাইলট হোৱাৰ এক আগ্ৰহ গঢ়ি তুলিছিল আৰু জীৱনত কিবা ডাঙৰ কৰাৰ আকাংক্ষা কৰিছিল।

যোগীঘোপাত মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলন…

যোগীঘোপাত মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলন।

যোগীঘোপা ঔডুবী – চাপৰ সংযোগী পথত ভূমিস্খলন।

বন্ধ হৈ পৰিছে যোগীঘোপা ঔডুবী -চাপৰ সংযোগী পথ।

গড়কাপ্তানি পথত আবদ্ধ হৈ পৰিছে কেইবাখন যান-বাহন।

পাহাৰৰ পৰা মাটি আৰু প্ৰকাণ্ড প্ৰকাণ্ড শিল খহি বন্ধ হৈ পৰিছে পথছোৱা৷
গড়কপ্তানী বিভাগৰ লোকে চেষ্টা কৰিও আতৰাব পৰা নাই পথত জমা হোৱা মাটি আৰু শিল।
ফলত সম্পূৰ্ণ ৰূপে বন্ধ পথ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী উভতি যাবলগীয়া হৈছে।

যোগীঘোপাৰ পৰা জাহিৰুল ইছলামৰ ৰিৰ্পোট

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু

তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্রৰ ৰহস্যজনক মৃত্যু।হোষ্টেলত শুই থকা অৱস্থাতে মৃত্যু হয় ছাত্রজনৰ। বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয় ছাত্ৰগৰাকীৰ মৃতদেহ।

মৃত ছাত্রজনৰ নাম নীলোৎপল গগৈ বুলি জানিব পৰা গৈছে। পৰিৱেশ বিজ্ঞান বিভাগৰ স্নাতকোত্তৰৰ ৪ৰ্থ ষান্মাসিকৰ ছাত্র আছিল নীলোৎপল। নীলোৎপলৰ ঘৰ তিনিচুকীয়াৰ ডুমডুমাত। চি ভি ৰমন ছাত্রাবাসৰ আৱাসী আছিল নীলোৎপল।

ঘটনা সম্পৰ্কে অৱগত হোৱাৰ পাছতেই আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৱশ্যে কি কাৰণে মৃত্যু হ’ল ছাত্ৰ গৰাকীৰ এয়া মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত আৰম্ভ।

বানপানীৰ বাবে কামৰূপ জিলাৰ কেইবাঠাইত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে…

🛑বানপানীৰ বাবে কামৰূপ জিলাৰ কেবাঠাইত 144 ধাৰা জাৰি কৰিছে প্ৰশাসনে ।

🛑চটমা বাথান,চমুখা বজাৰ,মধুকুচি ,বৰলেচাকোনা আৰু খোপনিকুচি গাঁওত জাৰি কৰা হৈছে 144 ধাৰা ।

🛑অত্যাধিক বৰষুণৰ ফলত এই ঠাই কেইখনত পুঠিমাৰী,নোনা আৰু বৰলীয়া নদীৰ মথাউৰী ভাঙি যি কোনো মুহূৰ্তত হব পাৰে বিপদ ।

🛑এইকেইটা মথাউৰীৰ ওপৰত আৰু ইয়াৰ ওচৰে পাজৰে সাধাৰণ মানুহৰ চলা ফুৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ৰাষ্ট্ৰসংঘত প্ৰধানমন্ত্ৰী মোদী নেতৃত্বাধীন যোগাসন অনুষ্ঠানৰ গিনিজ বিশ্ব অভিলেখ

এক ঐতিহাসিক মুহূৰ্ত! বুধবাৰে নিউয়ৰ্কস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ জৰিয়তে যোগ অধিবেশনত অধিকাংশ দেশৰ লোকে অংশগ্ৰহণ কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়ি তুলিছে।

এই যোগ অধিবেশনত ১৩৫খন দেশৰ লোকে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

এই কৃতিত্ব সন্দৰ্ভত ভাষণ দি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয়, ‘২০১৪ চনৰ ডিচেম্বৰ মাহত পি এম মোদীৰ নেতৃত্ব আৰু নিৰ্দেশনাতেই ২১ জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে লিপিবদ্ধ কৰা হৈছিল। গতিকে, প্ৰধানমন্ত্ৰীয়ে আমাক যোগাসন কৰাত নেতৃত্ব দিয়াটো আমাৰ আৰু ৰাষ্ট্ৰসংঘৰ বাবে গভীৰ সন্মানৰ বিষয় আছিল। এটা অভিলেখো স্থাপন কৰা হ’ল এটা ঠাইত সৰ্বাধিক যোগ অংশগ্ৰহণকাৰীৰ সংখ্যাৰে ।”

ৰাষ্ট্রসংঘৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা যোগ দিৱসৰ কাৰ্যসূচীত অভিলেখ সংখ্যক দেশে অংশগ্রহণ কৰে। নিউয়ৰ্কত হোৱা এই কাৰ্যসূচীত একেলগে ১৩৫খন দেশে ভাগ লয়। যাৰ বাবে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হ’ল এই অভিলেখ। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰদান কৰা হয় গীনিজ ৱাৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ-পত্ৰ।