কাব্য সাহিত্য বিষয়গক পত্রিকা ‘আজিৰ কবিতা’ আৰু ‘মেজাঙ্কৰি প্ৰকাশন’ৰ উদ্যোগত, ডিমাকুছি শাখা সাহিত্য সভাৰ সহযোগত ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত বৰঙাজুলিস্থিত শ্ৰীমন্ত শংকৰদেৱ সত্ৰত ৰবিবাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পবিত্ৰ সোঁৱৰণত দিনজোৰা কাৰ্যসূচীৰে জনগোষ্ঠীয় কবি সমাৰোহ, গ্ৰন্থ উন্মোচন, বিশেষ বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়।
ডিমাকুছি শাখা সাহিত্য সভাৰ সম্পাদক জয়ন্ত ৰাজবংশী, আজিৰ কবিতাৰ সম্পাদক বিনয় চলিহাই যৌথভাৱে আঁত ধৰা আৰু আজিৰ কবিতা’ৰ মুখ্য সম্পাদক ডঃ ভৱেশ দাসে সঞ্চালনা কৰা এই অনুষ্ঠান টংলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ঘটেশ্বৰ বৰুৱাই উদ্বোধন কৰে।