সমগ্ৰ বিশ্বৰ লগতে ধেমাজি জিলাৰ গোগামুখৰ বিভিন্ন স্থানত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত গোগামুখ নাহৰবাৰীস্থিত ৰৗগৃ ৰৗগাম বহুমুখী কৃষি প্ৰকল্পত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদ্যাপন কৰা হয়৷ উক্ত স্থানত মুঠ দুই হেজাৰ জোপা গছপুলি ৰোপন কৰা হয় ৷
গছপুলি ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে ৷ শুভাৰম্ভ কৰি তেওঁ কয়, “গছ থাকিলেহ বায়ুমণ্ডলৰ শক্তি বৃদ্ধি পাব আৰু জীৱজগতৰ বাবে ই অতি সুখদায়ক হ’ব ৷ সকলোৱে গছপুলি ৰোপন কৰি জীৱজগতৰ আয়ুস বৃদ্ধি কৰিব লাগিব নহ’লে সমগ্ৰ পৃথিৱী তথা জীৱজগতৰ আয়ুস টুটি আহিব ৷ ইয়াৰ সমান্তৰালভাৱে আমি প্লাষ্টিক মুক্ত পৰিৱেশ গঢ়ি তুলিব লাগিব“ ৷ প্লাষ্টিক মুক্ত এখন পৰিৱেশ গঢ় দিবলৈ আমাৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীবোৰৰ পৰা আৰম্ভ কৰি সকলো কামতে মাটিৰ লগত সহজে বিলীন হ’ব পৰা সামগ্ৰীবোৰ ব্যৱহাৰ কৰিব লাগিব বুলিও তেওঁ দোহাৰে ৷
অনুষ্ঠানত তেওঁক সহযোগ কৰে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগুৱে ৷ অনুষ্ঠানত উপস্থিত থাকে মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ইন্দিৰা চিন্তে আৰু টি এম পি কে, এম এম কে, টি এম এম কেৰ কৰ্মী-সদস্যসকলে৷ একেদৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখস্থিত মুখ্য কাৰ্যালয়তো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিষদৰ চৌপাশ চাফাই অভিযান চলোৱা হয় ৷
পৰিষদৰ গাণনিক লক্ষীধৰ দলে আৰু উচ্চ বৰ্গৰ সহায়ক বিপিন গামৰ নেতৃত্বত চলা এই অভিযানত পৰিষদৰ সকলো বিষয়া-কৰ্মচাৰীয়ে সহযোগ কৰে ৷
গোগামুখ মহাবিদ্যালয়তো দিনজোৰা কাৰ্যসূচীৰে পৰিৱেশ দিৱস পালন কৰা হয়৷ পৰিৱেশ দিৱসত মহাবিদ্যালয়ৰ চৌহদত নানা তৰহৰ গছপুলি ৰোপন কৰাৰ লগতে এখনি পৰিৱেশ সজাগতা সভা অনুষ্ঠিত কৰা হয়৷ পৰিৱেশ সজাগতা সভাত উপস্থিত থাকি ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ প্ৰধান বিজ্ঞানী ড° এ কে শ্ৰীবাস্তৱে কয়, “আমাৰ মাটি, পানী আৰু বায়ুমণ্ডলত থকা অনুজীৱবোৰে আমাৰ পৃথিৱীক সেউজীয়া কৰি ৰখাত সহায় কৰাৰ লগতে আমাৰ পৃথিৱীক খাদ্যৰ যোগান ধৰি আহিছে” ৷
ভৱিষ্যতে এই অনুজীৱবোৰ যাতে কোনো বাধা-বিঘিনীৰ সন্মুখীন নোহোৱাকৈ পৃথিৱীক জীয়াই ৰাখিব পাৰে তাৰ দাযিত্বও মানুহেই ল’ব লাগিব বুলি প্ৰধান বিজ্ঞানী জনে মন্তব্য আগবঢ়ায়৷ সভাত আইকাৰৰ আন এগৰাকী জেষ্ঠ বিজ্ঞানী ড° অৰ্পণ ভৌমিকে প্লাষ্টিক মুক্ত পৰিৱেশৰ ওপৰত বক্তব্য আগবঢ়ায় আৰু ব্যৱহাৰ্য সামগ্ৰী পুনৰ ব্যৱহাৰ কৰি কিদৰে প্লাষ্টিক মুক্ত পৰিৱেশ গঢ় দিব পাৰে তাৰ বিৱৰণ দিয়ে৷
সভাখনৰ আঁত ধৰে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝাই ৷ সভাৰ শেষত মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপক গোট, এন এছ গোট আৰু গ্ৰীণ ক্লাবৰ এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখন আঁত ধৰে আভ্যন্তৰীণ মান নিৰূপক গোটৰ সহ সমন্বয়ক কাঞ্চন শৰ্মাই ৷ মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত আৰু মিচিং জাতীয় সংগঠন সমূহৰ উদ্যোগত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ গোগামুখস্থিত চৌহদৰ লগতে গোগামুখৰ দিৰপাই প্ৰাথমিক বিদ্যালয় আৰু দিৰপাই গাঁৱতো বিশ্ব পৰিবেশ দিৱস পালন কৰা হয় ৷
আইকাৰৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ উপস্থিত থাকে টি এম পি কেৰ কেন্দ্ৰীয় সম্পাদক ছান কুমাৰ পাংগিং, সদস্য সঞ্জীৱ মিলি, মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰভাত বাসুমতাৰী, সাধাৰণ সদস্য বাণীকান্ত দলে টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি ৰুহিত নৰহ, সম্পাদক সনাতন দলে আদিয়ে ৷ উচ্চতৰ মাধ্যমিক বিদ্যালয়, গোগামুুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আদিতো বিস্ব পৰিৱেশ দিৱস উদ্যাপন কৰা হয় ৷
বিশ্বজুৰি পৰিৱেশ প্ৰদূষণ গোলকীয় উষ্ণতা বৃদ্ধি আদিৰ কুফল মানৱ জাতিয়ে ভুগি থকাৰ পৰিপ্ৰেক্ষিতত মানৱ জাতিক পৰিৱেশ সুৰক্ষাৰ প্ৰতি সজাগতা কৰাৰ উদ্দেশ্যে আম আদমি পার্টী কামৰূপ মহানগৰ জিলা সমিতিয়ে সর্বসাধাৰণ ৰাইজৰ সৈতে বিশ্ব পৰিৱেশ দিৱস পালন কৰে।
দলটোৰ প্রায় শতাধিক কর্মকর্তাই প্লাষ্টিক মুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে মহানগৰীৰ বিভিন্ন ঠাইত চাফাই অভিযান কাৰ্যসূচী ৰূপায়ন কৰে। লগতে জলবায়ু পৰিৱৰ্তনে নমাই অনা শংকা আঁতৰাবলৈ মহানগৰীৰৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰে।
কাৰ্যসূচীত উপস্থিত থাকি আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে সকলোকে বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনায় আৰু প্ৰকৃতি ৰক্ষাৰ বাবে জন আন্দোলন প্রয়োজন আছে বুলি উল্লেখ কৰে।
শিক্ষা ব্যৱস্থাক সুশৃংখল কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনত মেট্ৰিক পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে। এই সিদ্ধান্তটো ৰাজ্যৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনইপি) অনুসৰণৰ অংশ হিচাপে আহিছে আৰু ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক দশম শ্ৰেণীৰ পৰা উচ্চ শিক্ষালৈ এক নিৰ্বিঘ্ন ৰূপান্তৰ প্ৰদান কৰা।
নতুন নিৰ্দেশনাৱলীৰ অধীনত, অসমত কোনো পৃথক মেট্ৰিক পৰীক্ষা নহ’ব। ইয়াৰ পৰিৱৰ্তে, দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শ্ৰেণী একক পৰীক্ষাকে ধৰি মূল্যাঙ্কন কৰাৰ বাবে বিদ্যালয় প্ৰশাসন দায়বদ্ধ হ’ব। এই পৰিৱৰ্তনৰ ফলত শিক্ষাৰ্থীসকলে দশম শ্ৰেণীৰ পৰীক্ষা সম্পূৰ্ণ কৰাৰ পিছত পৃথক ব’ৰ্ড পৰীক্ষাৰ বোজা অবিহনে তৎক্ষণাৎ একাদশ আৰু দ্বাদশ শ্ৰেণীলৈ যাব পাৰিব।
সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এতিয়াৰ পৰা মেট্ৰিক বা মেট্ৰিক পৰীক্ষা নামৰ এনে কোনো পৰীক্ষা নহ’ব। বিদ্যালয়ৰ ভিতৰতে এটা পাছ বা ফেইল প্ৰণালীৰ ওপৰত গুৰুত্ব দিয়া হ’ব। দশম শ্ৰেণী সম্পূৰ্ণ কৰাৰ ঠিক পিছতে শিক্ষাৰ্থীসকলে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ বাবে অধ্যয়ন আৰম্ভ কৰিব পৰাটো নিশ্চিত কৰিবলৈ এই সিদ্ধান্ত লোৱা হৈছে।”
এই শৈক্ষিক সংস্কাৰৰ সুবিধাৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ (এএইচএছইচি) আৰু মাধ্যমিক শিক্ষা পৰিষদ অসম (ছেবা) একত্ৰিত হৈ একক সংগঠন গঠন কৰিব। এই একত্ৰীকৰণৰ উদ্দেশ্য হৈছে প্ৰশাসনিক প্ৰক্ৰিয়াবোৰ সুশৃংখল কৰা আৰু মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়ত শিক্ষাৰ প্ৰতি এক সংহত দৃষ্টিভংগী নিশ্চিত কৰা।
বিশ্বৰ খেলুৱৈসকলৰ বিভিন্ন হেঁচা আৰু আদানী-হিণ্ডেনবাৰ্গৰ বিফলতাৰ মাজতো ভাৰতীয় শ্বেয়াৰ বজাৰত উল্লেখযোগ্য পুনৰুত্থানৰ পিছত ভাৰতীয় শ্বেয়াৰ বজাৰ ৩.৩১ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পাই ভাৰতে বিশ্বৰ পঞ্চম বৃহত্তম শ্বেয়াৰ বজাৰ হিচাপে নিজৰ স্থান পুনৰ দখল কৰিবলৈ সক্ষম হয়।