Home Blog Page 1529

মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ধঁপাত বিৰোধি সজাগতা সভা অনুষ্ঠান…

মৰিগাঁৱত মৰিগাঁও জিলা প্ৰশাসন আৰু মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগ এক ধপাত মুক্ত সজাগতা অনুষ্ঠান আয়োজন কৰে।মৰিগাঁও জিলাত ধপাত মুক্ত কৰা উদেশ্যৰে পুৱা মৰিগাঁৱত এক বাইক ৰেলি আয়োজন কৰে।মৰিগাঁও সদৰ পৰা আৰম্ভ কৰি মৰিগাঁও পবিতৰাত সমাপ্ত কৰা এই বাইক ৰেলিত অংশ গ্ৰহণ কৰে মৰিগাঁও জিলা উপায়ুক্ত দেবাশিষ শৰ্মাৰ লগতে জিলা আৰক্ষী অধিক্ষক হেমন্ত কুমাৰ দাস,জিলা ধপাত নিমন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ জয়া বড়োৰ লগতে প্ৰায় শতাধীক লোক।এই বাইক ৰেলিটি উদ্বোধন কৰে মৰিগাঁও জিলা সত্ৰ ন্যায়ধিশ এন.এছ. বৰুৱাই।পুৱা মৰিগাঁৱৰ পৰা আৰম্ভ কৰা এই বাইক ৰেলি দুপৰিয়া মৰিগাঁও পবিতৰাত সমাপ্ত কৰি এক সজগতা সভাৰে এই বাইক ৰেলি সমাপ্ত কৰে।

পৰবৰ্ত্তী সময়ত মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিমন্ত্ৰণ কোষৰ দ্বাৰা জিলা খনৰ লাহৰিঘাট,মৈৰাবাৰি,ভূৰবন্ধা আদি বিভিন্ন অঞ্চলত এই সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰা লগতে মৰিগাঁও জিলা মৈৰাবাৰিস্থিত দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন বিশেষ সজগতা সভা আয়োজন কৰে।এই সভাত জিলা উপায়ুক্ত দেৱাশিৰ্ষ শৰ্মা,মৰিগাঁও জিলা অতিৰিক্ত উপায়ুক্ত দুৰ্তিভা বৰা,জিলা উপ আৰক্ষী অধিক্ষক মৌচুমি দাস,জিলা ধপাত নিমন্ত্ৰণ কোষৰ মুখ্য বিষয়া ডাঃ জয়া বড়ো,মৈৰাবাৰি আৰক্ষী থানা ভাৰপ্ৰাপ্ত বিষয়া পংকজ দাসৰ লগতে মৈৰাবাৰি দলৈ গাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমুহ শিক্ষক কৰ্মচাৰী লগতে ছাত্ৰ-ছাত্ৰী সকল।
আনফালে আজি এই অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি মৰিগাঁও জিলাত ধপাত বিষৰ্জন উদশ্যৰে এক ধপাত বিসৰ্জন যাত্ৰা আৰম্ভ কৰা লগতে জিলা খনৰ বিভিন্ন স্থানত ধপাত মুক্ত কৰা উদেশ্যৰে এলানি বাটৰ নাটো প্ৰদৰ্শন কৰে।

তেলেংগানাত নিৰ্মাণ কৰা হৈছে বিশ্বৰ প্ৰথমটো থ্ৰীডি প্ৰিণ্টেড হিন্দু মন্দিৰ…

তেলেংগানাত নিৰ্মাণ কৰা হৈছে বিশ্বৰ প্ৰথমটো থ্ৰীডি প্ৰিণ্টেড হিন্দু মন্দিৰ। ৩,৮০০ বৰ্গফুট এলেকাত তিনিটা ভাগত নিৰ্মাণ হ’ব থ্ৰীডি প্ৰিণ্টেড মন্দিৰ। 3D প্ৰিন্টেড মন্দিৰটো হৈছে চহৰ ভিত্তিক Apsuja Infratech দ্বাৰা ৩,৮০০ বৰ্গফুটৰ এলেকাত নিৰ্মাণ কৰা তিনিটা অংশৰ গঠন। এই প্ৰকল্পৰ বাবে আপছুজা ইনফ্ৰাটেকে থ্ৰীডি প্ৰিণ্টেড নিৰ্মাণ কোম্পানী চিম্পলিফৰ্জ ক্ৰিয়েচনছৰ সৈতে যোগাযোগ স্থাপন কৰিছে।

গাঁথনিৰ ভিতৰত থকা তিনিটা ভাগে ভগৱান গণেশক, ভগৱান শিৱৰ শিৱলয় আৰু দেৱী পাৰ্বতীৰ বাবে পদুম আকৃতিৰ ঘৰক প্ৰতিনিধিত্ব কৰিব।মাৰ্চ মাহত ছিম্পলিফৰ্জ ক্ৰিয়েচনে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, হায়দৰাবাদৰ সৈতে মিলি দুঘণ্টাৰ ভিতৰতে ভাৰতৰ প্ৰথমখন প্ৰ’ট’টাইপ দলং নিৰ্মাণ কৰিছিল।

‘২০২৪ চনত বিৰোধীয়ে বিজেপিক পৰাস্ত কৰিব, ফলাফলে মানুহক আচৰিত কৰিব’ আমেৰিকাত এই মন্তব্য ৰাহুল গান্ধীৰ…

আমেৰিকা ভ্ৰমণৰ তৃতীয় দিনা ৱাশ্বিংটন ডি চিৰ প্ৰেছ ক্লাবত ৰাহুল গান্ধীয়ে মোডী চৰকাৰক কথাৰে তীব্ৰ কটাক্ষ কৰে। ২০২৪ চনৰ নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিব বুলি ৰাহুল গান্ধী। ৱাশ্বিংটনৰ নেশ্যনেল প্ৰেছ ক্লাবত কেইবাটাও প্ৰশ্নৰ উত্তৰ দি ৰাহুল গান্ধীয়ে অহা বছৰ লোকসভা নিৰ্বাচনত বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বিৰোধীয়ে একত্ৰিত হোৱাৰ ওপৰত আস্থা প্ৰকাশ কৰে। ৰাহুল গান্ধীয়ে কয় যে ‘মই ভাবো ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলে বহুত ভাল কাম কৰিব আৰু মানুহক আচৰিত কৰিব। বিৰোধীয়ে নিজাববীয়াকৈ একত্ৰিত হৈ বিজেপিক পৰাস্ত কৰিব।

ভাৰত জোডো যাত্ৰাৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে বিৰোধীয়ে সংগ্ৰাম কৰি আছে। আমি এখন গণতান্ত্ৰিক যুদ্ধ কৰি আছো। সেইবাবেই কেইমাহমানৰ আগতে আমি সমগ্ৰ ভাৰত ভ্ৰমণ কৰাৰ কথা ভাবিছিলো। আনহাতে, নিজৰ ওপৰত থকা মানহানিৰ গোচৰৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়, ‘মই কেতিয়াও ভবা নাছিলো যে মানহানিৰ গোচৰত আটাইতকৈ ডাঙৰ শাস্তি পোৱা আৰু লোকসভাৰ সদস্যপদ হেৰুৱাব পৰা প্ৰথমজন ব্যক্তি মই হ’ম। কিন্তু ৰাজনৈতিকভাৱে ই মোক আৰু ডাঙৰ সুযোগ দিছে।

ওজন কমাব বিচাৰে নেকি? দৈনিক পাস্তা খোৱাৰ আৰম্ভ কৰক…

পাস্তা সঠিকভাৱে বনালে আপোনাৰ ওজন নিয়ন্ত্ৰণৰ বাবে উপকাৰী হ’ব পাৰে।পাস্তাৰ দৰে খাদ্য স্বাস্থ্যকৰ আৰু ওজন হ্ৰাসৰ বাবে ফলপ্ৰসূ কৰি তোলাৰ টিপছৰ বিষয়ে জানক- আচলতে পাস্তাক জাংক ফুডৰ শ্ৰেণীত ৰখা হয় আৰু ইয়াত পোৱা কাৰ্বহাইড্ৰেটৰ বহু সংখ্যকৰ বাবে ই ওজন হ্ৰাসৰ বাবে বেয়া বুলি কোৱা হয়। ইয়াৰ পনিৰ আৰু প্ৰচেছড মছলাৰ বাবে সহজভাৱে তৈয়াৰী পাস্তাই ওজন বৃদ্ধিৰ কাৰণ হৈ পৰে। কিন্তু যদি পাস্তা সঠিকভাৱে তৈয়াৰ কৰা হয়, তেন্তে এই পাস্তা ওজন নিয়ন্ত্ৰণৰ বাবে উপকাৰী হ’ব পাৰে। পাস্তাৰ দৰে খাদ্যক ওজন হ্ৰাসৰ বাবে স্বাস্থ্যকৰ আৰু ফলপ্ৰসূ কৰি তোলাৰ টিপছৰ বিষয়ে জানক-

যেতিয়াই পাস্তা খাবলৈ মন যায় তেতিয়াই গোটা শস্যৰ পাস্তা বাছি লওক। সাধাৰণ পাস্তাৰ তুলনাত গোটা ঘেঁহু অৰ্থাৎ গোটা শস্যৰ পাস্তাত আঁহ বেছি থাকে। এনে পাস্তাই আপোনাৰ ওজন নিয়ন্ত্ৰণত বহুত সহায় কৰিব।

যদি আপুনি ওজন কমাবলৈ পাস্তা বনাইছে, তেন্তে পনিৰ আৰু মাখন নিদিব। পনিৰ আৰু মাখনত প্ৰচুৰ পৰিমাণে কেলৰি থাকে, যাৰ ফলত ওজন বৃদ্ধি হ’ব পাৰে। পনীৰ দিব বিচাৰিলে ওপৰত অলপ ছটিয়াই দিব। ইয়াৰ ফলত সোৱাদও আহিব আৰু আপোনাৰ ওজন বৃদ্ধি নহ’ব।

পাস্তাক স্বাস্থ্যকৰ কৰি তুলিবলৈ ইয়াত বহুতো প্ৰিয় শাক-পাচলি দিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ স্বাস্থ্য উপকৃত হ’ব। আপোনাৰ ওজনো নিয়ন্ত্ৰণো হ’ব আু স্বাস্থ্যৰ উন্নতি সাধনো হ’ব। কৰিব কাৰণ শাক-পাচলি সকলো দিশতে স্বাস্থ্যৰ বাবে উপকাৰী।

পাস্তা বনাওঁতে তাত ব্যৱহৃত তেলৰ প্ৰতি লক্ষ্য ৰাখিব। যদি আপুনি অলিভ অইল ব্যৱহাৰ কৰিছে তেন্তে ইয়াক অতি কম আৰু সুষম পৰিমাণত দিব। ইয়াৰ পৰিৱৰ্তে যদি আপুনি মিঠাতেল ব্যৱহাৰ কৰে তেন্তে অতি লাভৱান হ’ব। ইয়াৰ ফলত আপোনাৰ পাস্তা সহজে হজম হ’ব।

যদি আপুনি পাস্তা বনাইছে তেন্তে প্ৰটিনৰো প্ৰয়োজন। ইয়াৰ বাবে বীন, ছালমন মাছৰ দৰে সতেজ মাছ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ ফলত আপুনি প্ৰচুৰ পৰিমাণে প্ৰটিন পাব।

ব্ৰিটেইনৰ হাউছ অৱ লৰ্ডছত অসমৰ কবিৰ কবিতা পাঠ

বিশ্ব সাংস্কৃতিক বৈচিত্ৰতা দিৱসৰে সংগতি ৰাখি ভাৰতত ভাষাগত বৈচিত্ৰতা শীৰ্ষক এক অনুষ্ঠান অলপতে ব্ৰিটিছ সংসদৰ হাউছ অৱ লৰ্ডছত অনুষ্ঠিত হয়।


অল পাৰ্লিয়ামেন্টেৰী গ্ৰুপ অন মৰ্ডাণ লেংগুৱেজেছৰ সহযোগত সাংস্ক্ৰতি চেণ্টাৰ ফ’ৰ কালচাৰেল এক্সিলেঞ্চ শীৰ্ষক সংস্হাটোৱেআয়োজন কৰাএই অনুষ্ঠান লণ্ডণ স্থিত ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ আতিথ্যত আয়োজিত হয়।


ভাৰতৰ ১৮টাকৈ ভাষাৰ কবিয়ে অংশগ্রহণ কৰা এই সন্মানীয় অনুষ্ঠানত অসমৰ গীতা কক্ ছে স্বৰচিত কবিতা পাঠ কৰে।


চাৰটাৰ্ড ইনষ্টিটিউট অৱ লিংগুইষ্ট শীৰ্ষক সংস্থাটো অন্যতম সহযোগী হিচাপে থকা এই অনুষ্ঠানত অসমীয়া ভাষাৰ উপৰি সংস্কৃত, ওড়িয়া, মাৰাঠী, পঞ্জাৱী, বাংলা,ডোগ্ৰী, সিন্ধ্ৰী, হিন্দী, কানাড়া, কাশ্মীৰী, কোংকনী, মৈথেলী,মালায়ালম, তেলেগু আৰু নেপালী ভাষাৰ কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

অনুষ্ঠানত সংস্ক্ৰতি চেন্টাৰৰ প্ৰতিষ্ঠাপক ৰাগাসুধা বিঞ্জামুৰীয়ে অৰুণাচল প্ৰদেশৰ টাই খামতি ভাষাৰ বিষয়ে বক্তব্য আগবঢ়ায়। এই অনুষ্ঠানতে মণিপুৰী কবি লেইনা মৈৰাংথেমে প্ৰস্তুত কৰা এখনি পুস্তিকাও উন্মোচন কৰা হয়।


অনুষ্ঠানৰ শেষত লণ্ডনৰ ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ বিষয়া ড° নন্দিতা ছাহুৱে সামৰণি মন্তব্য আৰু বক্তব্য প্ৰদান কৰে।

প্ৰকৃততে কি হৈছে অভিনেতা ৰবি শৰ্মাৰ ‘শ্ৰী ৰঘুপতি’ৰ?

২জুনত মুক্তি নাপায় বুলি ন্যায়ালয়ৰ বাধাৰ পাছত অভিনেতা ৰবি শৰ্মাৰ বহু প্ৰতীক্ষিত কথাছবি ” শ্ৰী ৰঘুপতি” ৰ মুক্তি ২জুনতেই হ’ব বুলি সংবাদ মেলত সদৰি কৰে ৰবি শৰ্মাৰ লগতে প্ৰযোজক শৈলেন শৰ্মাই।

ধৃতিমান শৰ্মাৰ অভিযোগ অনুসৰি, ছবিখনৰ স্বত্ব ৰবি শৰ্মাই ২০১৯ বৰ্ষত বিক্ৰি কৰিছিল ধৃতিমান শৰ্মাক। তেওঁলোকে ছবিখনৰ শ্বুটিং আৰম্ভ কৰি যথেষ্ট খিনি আগবঢ়াই নিয়াৰ সময়তেই মহামাৰী কৰোনাৰ বাবে দৃশ্য গ্ৰহন বন্ধ ৰখা হয়।

আশ্চৰ্যজনক ভাবে ৰবি শৰ্মাই ৰঘুপতি ছবিখনৰ স্বত্ব পুনৰ বিক্ৰি কৰে শৈলেন শৰ্মাক। ধৃতিমান শৰ্মাই অভিযোগ কৰামতে এই বিষয়ে ঘুনাক্ষৰেও জনোৱা নাছিল ধৃতিমান শৰ্মাক।

তেওঁৰ ছবিখনৰ সংগীত মুক্তি দিয়াৰ পিছত অবগত হৈ শৈলেন শৰ্মাৰ সৈতে যোগাযোগ কৰে যদিও তেওঁ অভব্য আচৰণ কৰে বুলি ধৃতিমান শৰ্মাই জানিবলৈ দিয়ে।

আনহাতে ৰবি শৰ্মাৰ সৈতে যোগাযোগ কৰে যদিও ৰবি শৰ্মাই ৰহস্যজনক ভাবে নিৰাপদ দুৰত্বত অবস্হান গ্ৰহন কৰে বুলি ধৃতিমান শৰ্মাই জানিবলৈ দিয়ে।

ৰবি শৰ্মাই একেখন ছবি কি কাৰণত দুগৰাকী ব্যক্তিক বিক্ৰি কৰিবলগীয়া হ’ল সেয়া ৰহস্যজনক। অবশেষত ধৃতিমান শৰ্মাই কামৰূপ মহানগৰৰ অতিৰিক্ত জিলা ন্যায়াধীশ আদালতৰ দ্বাৰস্থ হোৱাত আদালতে ছবিখনৰ মুক্তিত নিষেধাজ্ঞা জাৰি কৰে।

দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ উদ্যোগত সপ্তাহযোৰা বৃক্ষৰোপণ কাৰ্যসূচী…

বিশ্ব ধৰিএী দিৱসৰ সৈতে সংগতি ৰাখি সদৌ অসম দুৰ্নীতি নিবাৰক প্ৰকৃতি সুৰক্ষা সমিতিৰ উদ্যোগত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট জিলা বিভিন্ন স্থানত সপ্তাহযোৰা বৃক্ষৰোপণ কাৰ্যসূচী হাতত লৈছে।আজি প্ৰথমটো দিনত সংগঠনটোৰ যোৰহাট জিলা সভাপতি ৰাজীৱ শৰ্মা,সমাজকৰ্মী মানস প্ৰতীম বৰুৱা,বিশিষ্ট ব্যৱসায়ী পংকজ শৰ্মাৰ লগতে আঞ্চলিকৰ বিষয়ববীয়া সকলৰ উপস্থিতিত দেৰগাঁও শান্তিপুৰৰ পৰা হাঁহছোৱা সংযোগী পথত সংগঠনটোৱে গ্ৰহণ কৰিছে বৃক্ষৰোপণৰ কাৰ্যসূচী।

১ জুনৰ পৰা ৭জুনলৈকে সপ্তাহযোৰা বৃক্ষৰোপণৰ কাৰ্যসূচীত বিভিন্ন ধৰণৰ মূল্যৱান গছপুলি জিলাখনৰ বিভিন্ন স্থানত বৃক্ষৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে।

বিবাহৰ পূৰ্বে ভাল খবৰ ! পিতৃ-মাতৃ হোৱাৰ দিশে অৰ্জুন-মালাইকা! মুখ খুলিলে অভিনেতা অৰ্জুন কাপুৰে…

বলিউদৰ চৰ্চিত যুটি অৰ্জুন-মালাইকা। প্ৰায়ে দুয়ো সংবাদমাধ্যৰ শিৰোনামাত থাকে। কিছুদিন পূৰ্বে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ সন্তানৰ উৰাবাতৰি খবৰ প্ৰায়ে চৰ্চাত আছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত অভিনেতা অৰ্জুন কাপুৰ মালাইকা অৰোৰা পিতৃ-মাতৃ হ’বলৈ ওলাইছে বুলি এক ভুৱা বাতৰি ওলাইছিল। অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ‘ভুৱা’ বাতৰিক গৰিহণা দিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অৰ্জুনক এই বিষয়ে সোধা হৈছিল। তেতিয়া অভিনেতাজনে ক’লে ইয়াৰ বাবে দুখী সংবাদ মাধ্যম, ভুৱা প্ৰচাৰ। লগতে অৰ্জুন কাপুৰে মন্তব্য কৰে যে ‘মানুহে পাহৰি যায় যে চেলিব্ৰিটিও মানুহ’।


সামাজিক মাধ্যমত মানুহে ভাল কথা লিখিব লাগে যাতে কিবা শিকিব পাৰি। এইদৰে মন্তব্য কৰে অভিনেতা অৰ্জুন কাপুৰে।

বৰপেটাৰ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত অচিনাক্ত দুষ্কৃতিকাৰীৰ গুলীচালনা

বেংক ডকাইতিৰ এক চাঞ্চল্যকৰ কাণ্ড৷ বৃহস্পতিবাৰে বৰপেটাৰ শক্তি নগৰত ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত দুজনীয়া ডকাইতৰ দলে লুটপাতৰ চেষ্টা চলাই।

সূত্ৰ অনুসৰি দুই অচিনাক্ত দুষ্কৃতিকাৰীয়ে ধন উলিয়াবলৈ এছ বি আইৰ গ্ৰাহক সেৱা কেন্দ্ৰত প্ৰৱেশ কৰিছিল যদিও ধন লুট কৰাৰ চেষ্টাত কেন্দ্ৰটোত গুলীচালনা কৰে।

সতৰ্ক স্থানীয় লোকে দুষ্কৃতিকাৰীক আক্ৰমণ কৰিবলৈ সক্ষম হয় আৰু এজনক ধৰিলে, আনহাতে আনজন পলায়ন কৰে। এই আক্ৰমণত গুৰুতৰভাৱে আহত দুষ্কৃতিকাৰীৰ এজনক ফজল আলী বুলি চিনাক্ত কৰা হৈছে।

এই গুলীচালনাৰ ঘটনাই সমগ্ৰ বৰপেটা ৰোডত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

কাষ্টমাৰ কেয়াৰ চেণ্টাৰৰ মালিক শ্বাহ আলম। শ্বাহ আলমে আন এজন সহযোগীৰ সৈতে কেন্দ্ৰটো বন্ধ কৰি থকাৰ সময়তে দুষ্কৃতিকাৰীয়ে প্ৰায় ৩ লাখ টকা লুটপাত কৰাৰ চেষ্টা চলায়।

অৱশ্যে শ্বাহ আলম আৰু তেওঁৰ সংগীয়ে সাহসেৰে ফজল আলী নামৰ দুষ্কৃতিকাৰীক ধৰিবলৈ সক্ষম হয়।
সহযোগীজনক গ্ৰেপ্তাৰ কৰাৰ কিছু সময়ৰ পাছতে আন এজন দুষ্কৃতিকাৰীয়ে গুলীচালনা কৰি পালছাৰ বাইকত উঠি পলায়ন কৰে।
ইফালে বৰপেটা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ধৃত দুষ্কৃতিকাৰীৰ এজনক প্ৰথমে বৰপেটা ৰোড এফ আৰ ইউত ভৰ্তি কৰোৱা হৈছে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

বৰ্তমান বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে দুৰ্বৃত্তজন।

মৰাণত ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতাত সোণ-ৰূপৰ পদকেৰে গৌৰৱ কঢ়িয়ালে তিনি খেলুৱৈয়ে। মালয়েচিয়াত অনুষ্ঠিত বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপ লৈ যোগ্যতা অৰ্জন…

বাংগালুৰুত অনুষ্ঠিত তৃতীয় ৰাষ্ট্ৰীয় পাঞ্জা প্ৰতিযোগিতা ২০২৩ ত ২ টা সোণ আৰু ২ টা ৰূপৰ পদকেৰে মৰাণলৈ গৌৰৱ কঢ়িয়ালে তিনিগৰাকী খেলুৱৈয়ে। প্ৰতিযোগিতাখনত মৰাণ বটামৰাৰ মাইনা গগৈয়ে বাওঁহাতৰ খেলত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। প্ৰতিযোগিতাখনিত মাইনাই ৭৮ কেজি শাখাত অংশ লৈছিল। আনহাতে মৰাণ কুশল নগৰৰ ৰক্তিম গগৈয়ে ৭০ কেজি অনুৰ্দ্ধ শাখাত অংশ লৈ বাওঁহাতৰ খেলত সোণৰ পদক আৰু সোঁহাতৰ খেলত ৰূপৰ পদক লাভ কৰে। আন এগৰাকী খেলুৱৈ কাকুশ্ৰী বৰুৱাই ৭৪ কেজি শাখাত অংশগ্ৰহন কৰি ৰূপৰ পদক লাভ কৰে। তিনিওগৰাকী খেলুৱৈয়ে প্ৰশিক্ষক পাৰ্থপ্ৰতীম বৰাৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহন কৰিছিল।

এই পদকৰ জৰিয়তে তিনিওগৰাকী খেলুৱৈয়ে অহা চেপ্টেম্বৰ মাহত মালয়েচিয়াত অনুষ্ঠিত হ’বলগীয়া বিশ্ব পাঞ্জা চেম্পিয়নশ্বিপত অংশগ্ৰহনৰ বাবে সুযোগ লাভ কৰিছে। কিন্তু আৰ্থিক দিশত কিছু পিছপৰি ৰোৱা খেলুৱৈকেইগৰাকীয়ে এই প্ৰতিযোগিতাৰ বাবে ৰাজ্যবাসীৰ পৰা সহায় সহযোগিতা কামনা কৰিছে।