উচ্ছেদিত পৰিয়ালৰ শিশুসকল খাদ্য ও পানীৰ অভাৱত ভোকে-পিয়াহে হাহাকাৰ কৰিবলগীয়া হৈছে।অসম চৰকাৰৰ প্ৰশাসন বিভাগে উচ্ছেদিত পৰিয়ালৰ শিশুসকল লৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।কাৰ কুটিল ৰাজনীতিত বলি হৈছে এই নিষ্পাপ শিশু সকল।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদিত হোৱা লোকসকলক পুনৰ সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈ উচ্ছেদিত সকল ক’লৈ যাব সেই কথা নিশ্চিত নোহোৱাত চৰম অনিশ্চিয়তা বিৰাজ কৰে উচ্ছেদিত লোকসকলৰ মাজত।
উল্লেখযোগ্য যে ১৯৫০ চনৰ ব্ৰক্ষ্মপুত্ৰ নিৰ্ধাৰণ কৰি উচ্ছেদ কাৰ্য চলালে বহু পৰিয়ালৰ ঘৰ দোৱাৰ উচ্ছেদৰ ৰক্ষা পৰিলে হয়।
কিন্তু তাৰ সলনি ওৰাং ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষই নিজৰ পচন্দ মতে মাপ- জোখ কৰি অবিভক্ত নগাঁও তথা বৰ্তমান মৰিগাঁও জিলাৰ বহু হেক্টৰ মাটি দৰং জিলা তথা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ছামিল কৰা পৰিলক্ষিত হৈছে।