Home Blog Page 1552

চিআইডিৰ মুখ্য কাৰ্যালয়ত প্ৰনৱ দাস। জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী…

আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ সংঘটিত পথ দুৰ্ঘটনাৰ প্ৰত্যক্ষদৰ্শী বুলি দাবী কৰা প্ৰনব দাসক অনা হৈছে চিআইডিৰ মুখ্য কাৰ্যালয়লৈ। উল্লেখযোগ্য যে এই গৰাকী ব্যক্তিয়ে উক্ত নিশা খানাপাৰাৰ পৰা বোকাখাট অভিমুখে গৈ থকা অবস্থাত দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰা বুলি দাবী কৰি সংবাদমাধ্যমত বিস্ফোৰক ভাষ্য প্ৰদান কৰিছিল। প্ৰনব দাসে বোকাখাট অভিমুখে গৈ থকা সময়ত জখলাবন্ধাত সংঘটিত দুৰ্ঘটনাথলীত এখন বাহন ৰৈ থকা প্ৰত্যক্ষ কৰিছিল। প্ৰনবৰ টোপনি অহা বাবে নিজৰ বাহন ৰখাই মুখ ধোৱা বুলি উল্লেখ কৰি সেই সময়ত দুজন ব্যক্তি গাড়ীখনৰ পৰা অহা যোৱা প্ৰত্যক্ষ কৰা বুলিও সদৰি কৰিছিল।

প্ৰনব দাসৰ ভাষ্যমতে এখন ট্ৰাকে বাহনখনক প্ৰচণ্ড জোৰে খুন্দা মৰাৰ লগতে এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰিছিল। মুখমণ্ডল তেজেৰে লুতুৰি পুতুৰি হৈ থকা বুলি সদৰি কৰা প্ৰনব দাসক জেৰাৰ বাবে অনা হৈছে গুৱাহাটীৰ উলুবাৰীস্হিত চিআইডিৰ মুখ্য কাৰ্যালয়লৈ। উল্লেখযোগ্য যে প্ৰনব দাসে দুৰ্ঘটনাত পতিত মহিলা গৰাকীৰ মুখমণ্ডল তেজেৰে লুতুৰি পুতুৰি হৈ থকা বুলি উল্লেখ কৰাৰ বিপৰীতে জখলাবন্ধাৰ চিকিৎসকে মাত্ৰ কানেৰে তেজ নিগৰি থকা বুলি সদৰি কৰি জোনমনি ৰাভাৰ আভ্যন্তৰীণ আঘাত হোৱাৰ সন্দেহ কৰিছিল। উল্লেখযোগ্য যে জোনমনি ৰাভাৰ দুৰ্ঘটনাৰ পিছত বিভিন্ন জনে একাধিক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। সমগ্ৰ ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ ইতিমধ্যে চিআইডিক দায়িত্ব অৰ্পণ কৰা হৈছে। চিআইডিৰ দলে ইতিমধ্যে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াই নিছে।

উপায়ুক্ত অতিৰিক্ত উপায়ুক্তই ব্যৱহাৰ নকৰে ক্ষমতা। ক্ষমতাৰ অপব্যৱহাৰ নকৰিবলৈ আহ্বান মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ…

এগৰাকী জিলা উপায়ুক্ত অথবা অতিৰিক্ত উপায়ুক্তৰ ক্ষমতা যথেষ্ট। কিন্তু তেওঁলোকে ক্ষমতা ব্যৱহাৰ কৰাৰ সলনি চৰকাৰৰ মুখলৈ চাই থাকে। এই গুৰুত্বপূৰ্ণ মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ। মন্ত্ৰী বৰুৱাৰ স্পষ্ট কথা যে উপায়ুক্ত অতিৰিক্ত উপায়ুক্ত সকলে বিদ্যালয় পৰিদৰ্শন কৰিব লাগে। শিক্ষক শিক্ষয়ত্ৰীৰ সৈতে মত বিনিময় কৰিব লাগে । কৰ্তব্যত গাফিলতি কৰা কৰ্মচাৰী বিষয়াক সেই স্থানতেই নিলম্বিত কৰিব লাগে বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই। মন্ত্ৰী গৰাকীয়ে ক্ষমতা থাকিওঁ ডিচি বা এডিচি সকলে চৰকাৰৰ মুখলৈ চাই থাকে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

এনে কাৰ্যৰ বাবে চৰকাৰৰ পৰা বা শিক্ষা মন্ত্ৰীৰ পৰা অনুমতি লব নালাগে বুলি মত প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই ডিচি বা এডিচি সকলে ক্ষমতাৰ অপব্যৱহাৰ কৰিলে চৰকাৰে ব্যৱস্হা গ্ৰহন কৰিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে অপ্ৰিয় হ’লেও সত্য যে জিলা এখনৰ প্ৰশাসনিক মুৰব্বী হিচাপে উপায়ুক্ত গৰাকীৰ হাতত থাকে অধিক ক্ষমতা। কিন্তু অধিকাংশ উপায়ুক্তই জিলাখনৰ চৰকাৰী কাৰ্যালয় আকস্মিক পৰিদৰ্শন কৰাৰ উদাহৰণ নাই বুলি কব পাৰি। এনে বহু উপায়ুক্তই আনকি চিকিৎসালয় পৰিদৰ্শন কৰাৰো নজিৰ কম। স্বয়ং মহানগৰ গুৱাহাটীৰ মাজমজিয়াত ভুৱা ফাৰ্মাচীকে ধৰি অবৈধ সুদ ব্যৱসায়ীৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ সমান্তৰালকৈ পাহাৰৰ মাটি, বালি আদিৰ অবৈধ খনন মুকলিকৈ চলি থকাৰ পিছতো উপায়ুক্তই কঠোৰ ব্যৱস্হা গ্ৰহন কৰা পৰিলক্ষিত হোৱা নাই।

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত চুনামীৰ সতৰ্কবাণী জাৰি…

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ৭.৭ প্ৰাবল্যৰ বিশাল ভূমিকম্পৰ ফলত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে।
ফ্ৰান্সৰ ভূখণ্ড নিউ কেলেডোনিয়াৰ ল’য়ালিটি দ্বীপপুঞ্জৰ দক্ষিণ-পূব দিশত ৭.৭ ৰিখটাৰ স্কেলৰ বিশাল ভূমিকম্পৰ ফলত শুকুৰবাৰে দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দেশসমূহক চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

ভানুআটু, ফিজি আৰু নিউ কেলেডোনিয়াৰ বাবে সম্ভাৱ্য চুনামী ভাবুকি জাৰি কৰা হৈছিল। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে জনোৱা মতে, প্ৰায় ৩৮ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ সৃষ্টি হৈছে।

‘মনো ডায়েট’ ওজন কমাবলৈ সৰ্বোত্তম উপায় নেকি? ইয়াৰ সুবিধা আৰু অসুবিধাৰ বিষয়ে জানি লওক…

মানুহে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰে। ইয়াৰে এটা কৌশল হৈছে ‘Mono Diet’, যিটো আজিকালি বহু সংখ্যক লোকে ব্যৱহাৰ কৰে। ওজন কমোৱাটো এটা কঠিন কাম। কিছুমান গৱেষণাত ওজন বৃদ্ধি আৰু মেদবহুলতাৰ সৈতে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, কলেষ্টেৰল, হৃদৰোগ আনকি কেন্সাৰৰ দৰে জীৱন সংকটজনক ৰোগৰ সম্পৰ্ক থকা দেখা গৈছে। অতিৰিক্ত ওজনৰ ফলত স্বাস্থ্যৰ ওপৰত বহু বেয়া প্ৰভাৱ পৰে। এই কাৰণেই ইয়াক নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয়।মানুহে ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ বিভিন্ন প্ৰকাৰে চেষ্টা কৰে। ইয়াৰে এটা কৌশল হ’ল ‘মনো ডায়েট’।‘মনো ডায়েট’ শৰীৰৰ বাবে উপকাৰী নে অপকাৰী এই বিষয়ে জানি লওক…

মনো ডায়েট বা মনোট্ৰফিক ডায়েট কি?
মনোট্ৰফিক ডায়েট বা মনো ডায়েটত একে ধৰণৰ খাদ্য কেইবাদিন আৰু সপ্তাহ ধৰি খোৱা হয়। এই ধৰণৰ খাদ্যত কোনো নিয়ম-নীতি নাই। ইচ্ছা কৰিলে কলক মনো ডায়েটৰ অংশ কৰি ল’ব পাৰে বা এই ডায়েটত কণী অন্তৰ্ভুক্ত কৰিব পাৰে। যিহেতু মনো ডায়েট একক খাদ্যৰ খাদ্য, গতিকে ইয়াত মাত্ৰ এটা প্ৰকাৰৰ খাদ্যহে অন্তৰ্ভুক্ত কৰা হয়। যদি আপুনি মনো ডায়েটৰ বাবে কল বাছি লৈছে তেন্তে সকলো সময়তে কেৱল কল খাওক। অৱশ্যে আপোনালোকক কওঁ যে এই সমূহ কথা বিজ্ঞানে সমৰ্থন কৰা নাই। বহুতো কাৰণ আছে, যাৰ বাবে আপুনি এই খাদ্য গ্ৰহণৰ পৰা বিৰত থাকিব লাগে।

মনো ডায়েটৰ সুবিধাসমূহ
১) মনো ডায়েট সমৰ্থন কৰাসকলে কয় যে এই ডায়েটে আপোনাৰ ওজন দ্ৰুত আৰু সহজে হ্ৰাস কৰিব পাৰে।

২) মনো ডায়েট পালন কৰাটো অতি সহজ, কাৰণ এই ডায়েটত মাত্ৰ এটা ধৰণৰ ডায়েটৰ প্ৰয়োজন।

৩) মনো ডায়েটত কম কেলৰি সেৱন কৰিলে ওজন সোনকালে হ্ৰাস কৰাত সহায়ক হয়। এই খাদ্যৰ সৈতে ব্যায়াম কৰাটোও আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব।

মনো ডায়েটৰ সৈতে জড়িত বিপদসমূহ
১) যদি আপুনি ওজন কমা প্ৰক্ৰিয়াত দিনটোত মাত্ৰ এবাৰহে খাদ্য গ্ৰহণ কৰে, তেন্তে ই শৰীৰত কেলৰিৰ পৰিমাণ হ্ৰাস কৰিব পাৰে, যিটো চিন্তাৰ বিষয়। এনে কৰিলে শৰীৰত ফুলাৰ সমস্যাই নহয়, পেশীৰ ক্ষতিও হ’ব পাৰে।

২) এই খাদ্যই বিভিন্ন খাদ্য সামগ্ৰী খোৱাৰ হেঁপাহৰ সৃষ্টি কৰে। কাৰণ ইয়াত আপুনি মাত্ৰ এটা প্ৰকাৰৰ খাদ্যহে খাই আছে।

৩) বেছি খৰকৈ ওজন কমাবলৈ চেষ্টা কৰিলে ইলেক্ট্ৰলাইটৰ ভাৰসাম্যহীনতা, পিত্তৰ পাথৰ, খিংখিঙীয়া, মূৰৰ বিষ, কোষ্ঠকাঠিন্য, অনিয়মিত মাহেকীয়া, চুলি সৰা আৰু পানীলগা আদিও হ’ব পাৰে। একক খাদ্যই পুষ্টিহীনতা, ভাগৰুৱা আৰু পেশী হেৰুৱাৰ দৰে অৱস্থাও সৃষ্টি কৰিব পাৰে।

আপুনি মনো ডায়েট চেষ্টা কৰিব লাগেনে?
একক খাদ্য বহনক্ষম নহয়। কাৰণ ইয়াত আপুনি মাত্ৰ এটা প্ৰকাৰৰ খাদ্যহে খায়। আনহাতে শৰীৰে বিভিন্ন পুষ্টিকৰ উপাদান লাভ কৰিবলৈ বিভিন্ন খাদ্যৰ প্ৰয়োজন হয়। মাত্ৰ এটা খাদ্যৰ পৰাই সকলো পুষ্টিকৰ উপাদান পাব নোৱাৰি। এই কাৰণেই স্বাস্থ্যৰ বাবে মনো ডায়েট ইমান উপকাৰী নহয়। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে আপোনাৰ খাদ্য খাদ্য তালিকাত সকলো ধৰণৰ পুষ্টিকৰ খাদ্য সামগ্ৰী অন্তৰ্ভুক্ত কৰক আৰু অস্বাস্থ্যকৰ বস্তুৰ পৰা আঁতৰি থাকক।


জীৱ শ্ৰেষ্ঠৰ নিকৃষ্ট কৰ্ম! জুইত পুৰি ছাই হ’ল আঠটা ছাগলী, ষাঠি টা হাঁহ কুকুৰা…

ধুবুৰী জিলাৰ বিলাসী পাৰা মহকুমাৰ লক্ষীগঞ্জ গাওঁ পঞ্চায়তৰ অন্তৰ্গত শুকলাৰটাৰী গাঁৱত হয় এক নিকৃষ্ট কাণ্ড।

বুধবাৰে মাজনিশা প্ৰায় এক মান বজাত দুৰ্বৃত্তই আলাদ্দি সেখ তথা আলেমা বিবিৰ বাসগৃহৰ এটা গোহালিত অগ্নি সংযোগ কৰাত গোহালিটো সম্পূৰ্ণৰূপে ভস্মিভূত হয়, যাৰ ফলত মৃত্যুমুখত পৰে আঠটা উন্নত মানৰ ছাগলী, প্ৰায় ষাঠিটাৰো অধিক হাঁহ কুকুৰাৰ লগতে গোহালিটোৰ ভিতৰত থকা লক্ষাধিক টকাৰ সা-সামগ্ৰী।

স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমোৱাবলৈ সক্ষম হোৱাত ৰক্ষা পৰে ওচৰৰ ঘৰ দুৱাৰ।

সাংবাদিকৰ সাক্ষাৎকাৰত ঘৰৰ গৰাকীয়ে এই নিকৃষ্ট কাণ্ড সংঘটিত কৰা মুল কালপ্ৰিট জন জুই দাউ দাউ কৈ জ্বলি উঠা সময়ত ঘৰৰ কাষেদি দৌৰি যোৱা নিজ চকুৰে প্ৰত্যক্ষ কৰিছে বুলি জানিবলৈ দিয়ে, এই ক্ষেত্ৰত সমগ্ৰ ঘটনাৰ ন্যায় বিচাৰি দুৰ্ভগীয়া পৰিয়ালটোৱে প্ৰশাসনৰ কাষ চাপিছে।

আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হে হ’ব লক্ষ্যনীয়।

মণিপুৰ সংকটক লৈ মৌনতা অৱলম্বন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ

৩ মে’ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত ভয়াৱহ ৰূপ ধাৰণ কৰা মণিপুৰ সংকটৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মৌনতা অৱলম্বন কৰাৰ বাবে ১৮ মে’ত কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে তীব্ৰ সমালোচনা কৰে।

এক টুইটযোগে কংগ্ৰেছ নেতাগৰাকীয়ে দৃঢ়তাৰে কয় যে মণিপুৰত ভয়ংকৰ হিংসাৰ সূত্ৰপাত হোৱাৰ ১৫ দিন আৰু পুনৰ ৫ দিনৰ বাবে ইণ্টাৰনেট নিষিদ্ধ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যত শান্তিৰ আহ্বান জনোৱা কোনো বাৰ্তা প্ৰেৰণ কৰাত ব্যৰ্থ হৈছে।

“শান্তিৰ বাবে আবেদন জনাই প্ৰধানমন্ত্ৰীয়ে এটাও শব্দ জাৰি কৰা নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী বা আন কোনো কেবিনেট মন্ত্ৰীয়ে ৰাজ্যলৈ এবাৰো ভ্ৰমণ কৰা নাই” জয়ৰাম ৰমেশে টুইট কৰে।

ইফালে, পথ অৱৰোধ আৰু পৰিবহণকাৰীসকলৰ মাজত সৃষ্টি হোৱা ভয়ৰ বাবে ইম্ফল উপত্যকালৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগানো বন্ধ হৈ পৰে।

লাহে লাহে ৰাজ্যলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে৷ ৰাজ্যখন জটিল স্তৰলৈ গতি কৰাৰ উপক্ৰম হোৱাৰ সময়তে যান-বাহনৰ চলাচল পুনৰ ঘূৰি আহিছে।

ইম্ফললৈ অহা-যোৱা কৰা অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই অনা যান-বাহনৰ সুৰক্ষাৰ বাবে সেনা আৰু অসম ৰাইফলছৰ কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা।

চি আৰ পি এফ আৰু মণিপুৰ আৰক্ষীৰ এস্কৰ্টত যোৱা ১৫ মে’ত ট্ৰাক, ইন্ধন টেংকাৰ, জে চি বি আদিকে ধৰি ২৮খন বাহনৰ কনভয় ন’নীৰ পৰা ইম্ফললৈ যাত্ৰা কৰিছিল।

বিয়লিৰ ভিতৰত নিৰাপদে ইম্ফলত উপস্থিত হোৱা কনভয়ৰ নিৰাপদ যাতায়ত সুনিশ্চিত কৰিবলৈ অসম ৰাইফলছে অঞ্চলটোৰ প্ৰতিৰোধমূলক আধিপত্য প্ৰদান কৰে। ইয়াৰ উপৰিও মানৱবিহীন বিমানৰ জৰিয়তেও একেদৰেই পৰীক্ষাৰ নিশ্চয়তা দিয়া হৈছিল।

মৰাণৰ মছজিদত তিনিটা দানপাত্ৰ ভাঙি চোৰৰ চাফাই অভিযান

প্ৰতিকুল বতৰৰ মাজতে চোৰৰ চকু ধৰ্মীয় অনুষ্ঠানত৷ ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি৷ মৰাণ নগৰৰ মাজ মজিয়াত চোৰে মছজিদত চলালে চাফাই অভিযান৷

খবৰেই নাপালে নগৰত থকা মৰাণ আৰু মৰাণহাট দুয়োখন আৰক্ষী থানাই৷ নিশা তহলৰ নামত কি কৰে তহলদাৰী আৰক্ষীয়ে ?

চোৰৰ অতপালিত এতিয়া নিদ্ৰাহীন মৰাণৰ ৰাইজ। মন্দিৰ, মছজিদ, নামঘৰ একোৱেই সাৰি যোৱা নাই চোৰৰ হাতৰ পৰা৷ এইবাৰ চোৰৰ হাতুৰীৰ কোব পৰিল মছজিদত৷

নিশা মৰাণৰ জামে মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰকৈ টকা৷ তিনিটা কৈ দানপাত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰে৷ যাৰ বাবে ৰাইজ হতচকিত হৈ কাষ চাপিছে আৰক্ষীৰ৷

মৰাণ নগৰৰ নিচেই কাষতে থকা মছজিদটোত এনেদৰে চোৰে লুটপাট চলোৱাত আৰক্ষীয়ে দিয়া নিৰাপত্তাক লৈও প্ৰশ্ন তুলিছে ৰাইজে৷

ইয়াৰ পূৰ্বেও মৰাণ নগৰৰ নিচেই কাষতে থকা কেইবাটাও নামঘৰ আৰু মন্দিৰত চোৰে চাফাই অভিযান চলাই বহু মূল্যবান সামগ্ৰী লুট কৰি নিছিল বুলি জানিব পৰা গৈছে৷

কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰিমিয়াৰত প্ৰদৰ্শিত জনি ডেপৰ ছবি জেনি ডু বেৰী…

জনি ডেপৰ ছবি জেনি ডু বেৰী ২০২৩ চনৰ কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰিমিয়াৰত প্ৰদৰ্শিত হৈছিল। ছবিখন মাইৱেনে পৰিচালনা কৰিছে। চলচ্চিত্ৰখনত অভিনেতাজনক ফ্ৰান্সৰ ৰজা ষোড়শ লুইৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে। যোৱা বছৰ অভিনেতাজনৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নী এম্বাৰ হাৰ্ডে মানহানিৰ গোচৰ ৰুজু কৰিছিল। তাৰ পিছত এই বছৰ জনিয়ে এই ছবিখনৰ দ্বাৰা এক ভয়ংকৰ প্ৰত্যাৱৰ্তন কৰিছিল। ভেৰাইটিৰ মতে, পৰীক্ষণৰ পিছৰ পৰা অভিনেতাজনক ৰাজহুৱাভাৱে দেখা পোৱা হোৱা নাই। অৱশ্যে, কান চলচ্চিত্ৰ মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত তেওঁক সাত মিনিটৰ বাবে দৰ্শকৰ পৰা মৰম আৰু সন্মানৰ বৰষুণ দিয়া হৈছিল। সকলোৱে তেওঁক থিয় হৈ প্ৰশংসা কৰিছিল। আৰু অভিনেতাজন গোটেই বিষয়টোৰ বিষয়ে বহুত আৱেগিক হৈ পৰিছিল। দৰ্শকে তেওঁক ৰজা লুই ষোড়শৰ চৰিত্ৰটোৰ বাবে মৰমেৰে উপচাই দিছিল।

গোটেই হলটো হাততালিৰে ভৰি পৰিছিল। মঞ্চত উঠোৱাৰ লগে লগে মাৱেনে কান্দিছিল। ‘মই আজি এই মুহূৰ্তটো মোৰ প্ৰেম, প্ৰযোজক লে চুক্তিৰ সৈতে ভাগ বতৰা কৰিছো। এই ছবিখন প্ৰযোজনা কৰাটো বহুত কঠিন আছিল। মই এই মুহূৰ্তটো মোৰ চলচ্চিত্ৰখনৰ সকলো সদস্যৰ সৈতে ভাগ বতৰা কৰি আছো। চলচ্চিত্ৰখনে এজন অষ্টাদশ শতিকাৰ ৰজাৰ কাহিনী কয় যি এজন যৌন কৰ্মীৰ প্ৰেমত পৰিছিল। ছবিখনত জনি ডেপৰ সংলাপবোৰ তেওঁৰ আমেৰিকান শৈলীৰ উচ্চাৰণ লুকুৱাবলৈ অতি চুটি ৰখা হৈছে। কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ কঢ়াৰ আগতে অনুৰাগীসকলে তেওঁক মৰমেৰে উপচাই দিছিল। তেওঁলোকে তেওঁৰ বাবে প্লেকাৰ্ড তৈয়াৰ কৰিছিল। এই সময়ত বহুলোকে তেওঁৰ সৈতে কথা পাতে।

মাজবাট আৰক্ষীৰ বৃহৎ সফলতা। ৭৯৫ কিলোগ্রাম গাঞ্জা জব্দ চিকাৰীডাংগাত…

ওদালগুৰি জিলাৰ মাজবাটৰ লালপানী আৰক্ষীৰ চকীৰ অসম অৰুণাচল সীমান্ত এলেকাৰ চিকাৰীডাংগাৰ পৰা বৃহৎ পৰিমানৰ ভাং জব্দ কৰে আৰক্ষীয়ে। যোৱা নিশা ওদালগুৰি জিলা আৰক্ষীৰ গোপন খবৰৰ ভিত্তিত মাজবাট আৰক্ষী থানাৰ এছ আই কুশল চন্দ্র নাথ আৰু লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাৰ যৌথ অভিযানত ওৰাং ৰূপা পথৰ চিকাৰীডাংগাৰ ঘন অৰন্যত তালাচী চলাই লুকুৱাই থোৱা অৱস্থাৰ পৰা ৭৯৫ কিলোগ্রাম ভাং জব্দ কৰি কৰি মাজবাট আৰক্ষী থানালৈ লৈ আনে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।

লালপানী আৰক্ষী চকীৰ বিষয়া প্ৰনৱ বৰুৱাই সাংবাদিকক কয় যে জব্দ কৰা ভাং খিনি অৰুণাচল প্ৰদেশৰ পৰা আনি চিকাৰীডাংগাৰ ঘন অৰন্যত লুকুৱাই ৰাখিছিল। জব্দ কৰা ভাং খিনিৰ বজাৰ মুল্য প্ৰায় ৫০ লাখ টকা হ’ব বুলি ধাৰণা কৰা হৈছে। আৰক্ষীয়ে এই সংক্ৰান্তত ৪৯/২৩ নম্বৰত এটা কেচ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

মাজবাটৰ পৰা যতীন নাথৰ প্ৰতিবেদন

মৰাণৰ মছজিদত দানপাত্ৰ ভাঙি চোৰৰ চাফাই অভিযান…

প্ৰতিকুল বতৰৰ মাজতে চোৰৰ চকু ধৰ্মীয় অনুষ্ঠানত । ৰাজ্যত আইন শৃংখলাৰ ব্যাপক অৱনতি । মৰাণৰ মাজ মজিয়াত চোৰে মছজিদত চলালে চাফাই অভিযান | খবৰে নাপালে মৰাণ আৰু মৰাণহাট দুখন কৈ আৰক্ষী থানাই। চোৰৰ অতপালি বাঢ়িছে দিনক দিনে।মন্দিৰ, মছজিদ, নামঘৰ একোৱেই সাৰি যোৱা নাই চোৰৰ হাতৰ পৰা | এইবাৰ চোৰৰ হাতুৰীৰ কোব পৰিল মছজিদত । নিশা মৰাণৰ জামে মছজিদৰ দানপাত্ৰ ভাঙি চোৰে লুটি নিলে প্ৰায় ৫০ হাজাৰকৈ টকা।

তিনিটাকৈ দানপাত্ৰ ভাঙি লণ্ডভণ্ড কৰিলে চোৰে । যাৰ বাবে ৰাইজ হতচকিত হৈ কাষ চাপিছে আৰক্ষীৰ । মৰাণ নগৰৰ কাষতে থকা মছজিদটোত চোৰে লুটপাট চলোৱাত আৰক্ষীৰ নিৰাপত্তাক লৈও প্ৰশ্ন তুলিছে ৰাইজে । ইয়াৰ পূৰ্বেও মৰাণ নগৰৰ কাষতে থকা কেইবাটাও নামঘৰ আৰু মন্দিৰত চোৰে চাফাই অভিযান চলাই বহু মূল্যৱান সামগ্ৰী লুটি নিছিল।