বিশ্ব মেলেৰিয়া দিৱস ২০২৩: বহু গুৰুতৰ ৰোগতকৈও অধিক বিপজ্জনক মেলেৰিয়াৰ বাবে প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হৈছে!২৫ এপ্ৰিলত বিশ্বত মেলেৰিয়া দিৱস পালন কৰা হয়। ডব্লিউ এইচ অ’ই দেশসমূহক মেলেৰিয়াক শিপাৰ পৰাই নিৰ্মূল কৰিবলৈ আহ্বান জনাইছে। ভাৰততো মেলেৰিয়া নিৰ্মূল কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এসময়ত বিশ্বত মেলেৰিয়া মহামাৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল। বিশ্বৰ বহু দেশত চিকিৎসাৰ অভাৱৰ বাবে আজিও মেলেৰিয়াৰ বাবে মানুহৰ মৃত্যু হৈছে। প্ৰতি বছৰে ২৫ এপ্ৰিলত মেলেৰিয়া দিৱস পালন কৰা হয়। এই দিৱসৰ উদ্দেশ্য হৈছে মেলেৰিয়াৰ লক্ষণ আৰু প্ৰতিৰোধৰ বিষয়ে মানুহক সজাগ কৰা। মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থা অতি গুৰুত্বপূৰ্ণ । এইবাৰ বিশ্ব মেলেৰিয়া দিৱসৰ সন্দৰ্ভত WHO এ কৈছে এই কথা…
মেলেৰিয়াৰ সৈতে মোকাবিলা কৰিবলৈ সকলো দেশ একত্ৰিত হয়- ২০২৩ চনৰ বিশ্ব মেলেৰিয়া দিৱসত মেলেৰিয়াত আক্ৰান্ত সকলো দেশকে মেলেৰিয়াৰ সৈতে মোকাবিলা কৰিবলৈ একত্ৰিত হ’বলৈ আহ্বান জনাইছে ডব্লিউ এইচ অ’ই। মেলেৰিয়া প্ৰতিৰোধ, নিদান আৰু চিকিৎসাৰ বাবে উচ্চ প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰক। মেলেৰিয়াৰ বিপদৰ প্ৰতি সকলোৱে সচেতন হ’ব লাগিব।বিশ্বৰ পৰিসংখ্যা অনুসৰি ২০২০ চনত বিশ্বত মেলেৰিয়াত ৬,২৫,০০০ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২১ চনত এই সংখ্যা আছিল ৬,১৯,০০০। একেদৰে বছৰৰ পিছত বছৰ ধৰি মেলেৰিয়াৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাও হ্ৰাস পোৱা গৈছে। কৰ’না হোৱাৰ পাছতো মালদ্বীপ আৰু শ্ৰীলংকা মেলেৰিয়ামুক্ত দেশ হৈয়ে আছে।
২০৩০ চনৰ ভিতৰত মেলেৰিয়া শেষ কৰাৰ লক্ষ্য ভাৰতে- ডব্লিউ এইচ অ’ৰ বিশ্ব মেলেৰিয়া ৰিপ’ৰ্ট ২০২১ অনুসৰি বিশ্বজুৰি মেলেৰিয়া ৰোগীৰ ১.৭ শতাংশ আৰু মৃত্যুৰ ১.২ শতাংশ ভাৰতে অৰিহণা যোগাইছে। ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূল কৰাৰ লক্ষ্য ভাৰতে। একে সময়তে বিশ্ব স্বাস্থ্য সংস্থাইও আগন্তুক সময়ত বিশ্বত মেলেৰিয়াৰ নিৰ্মূল কৰিছে।
মহিলাসকলে মাহেকীয়াৰ সময়ত এই ভুল সমূহ নকৰিব…।মাহেকীয়াৰ সময়ত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে গুৰুত্ব দিব লাগে। কাৰণ এই সময়ত আপুনি শৰীৰটো সুস্থ কৰি ৰাখিব লাগে। অন্যথা আপোনাৰ বহুতো সমস্যা হ’ব পাৰে। মাহেকীয়াৰ সময়ত আপুনি কি কি ক্ষেত্ৰত গুৰুত্ব দিব লাগে জানক-
আপুনি নিশ্চয় জানিব যে পিৰিয়ডৰ সময়ত পেড ব্যৱহাৰ কৰা হয়। কিন্তু পেড কেতিয়া সলনি কৰিব লাগে জানিব লাগে।এই বিষয়ে যদি আপুনি নাজানে, তেন্তে আপোনাৰ এটা গুৰুতৰ সমস্যা হ’ব পাৰে।সেয়েহে সঠিক সময়ত পেড সলনি কৰিব লাগে। একেটা পেড ৪ ঘন্টাতকৈ বেছি সময় লগাব নালাগে।কাৰণ পেডটো বেছি সময় লগালে ই তেজ শোষণ নকৰে। সেইবাবেই দিনটোত ৩ বাৰ পেড সলনি কৰক।
বৃহত্তৰ উত্তৰ গুৱাহাটীৰ এখন বহু পুৰণি তথা উল্লেখযোগ্য এই বিহুৰ বাবে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৰাইজে অপেক্ষাত থাকে। প্ৰথম দিনৰ কাৰ্যসূচীত বিহু কমিটীৰ সকলো সভ্যই অভয়পুৰ গাঁওৰ লগতে বিহু তলিত উপস্থিত থকা জ্যেষ্ঠ সকলক আঠুকাঢ়ি সেৱা জনাই আশীৰ্বাদ লোৱাৰ দৃশ্য অতি ভাললগা। তাৰ পিছতেই প্ৰতিজন জেষ্ঠ্যক হেপাহৰ এখনি ফুলাম গামোচাৰে সম্ভাষন জনোৱা হয়।
সম্বৰ্দ্ধনা জনোৱা ৬০বছৰৰ উৰ্ধৰ জ্যেষ্ঠ সকলৰ মাজত বেগাই খোজকাঢ়া প্ৰতিযোগীতাৰে খেল-ধেমালিৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। উত্তৰাঞ্চল ৰঙালী বিহুৰ খেল ধেমালিৰ কাৰ্যসূচী সমূহত ডেকাৰ পৰা বুঢ়ালৈ সকলোয়ে অংশগ্ৰহন কৰাত আকৰ্ষণীয় হৈ পৰে আভয়পুৰৰ বিহুতলি। প্ৰথম চাৰিদিন বিভিন্ন খেল-ধেমালিৰে ৰঙালী বিহু পালন কৰে। ২১,২২আৰু২৩ এপ্ৰিলত তিনি দিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰিত অতিথি শিল্পীৰ লগতে স্থানীয় শিল্পী সকলৰ দ্বাৰা ৰঙালীল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।
২১ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মুহূৰ্তত বৃহত্তৰ অভয়পুৰ অঞ্চলত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বিগত বছৰটোত মৃত্যু হোৱা ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ উপদেষ্টা তথা উত্তৰাঞ্চল ৰঙালী বিহুৰ উপদেষ্টা পবেন পাঠক, জনপ্ৰিয় ব্যক্তি নৃপেন তামুলী, ৰঙালি বিহুকে আদি কৰি অভয়পুৰৰ প্ৰতিটো অনুষ্ঠানত জড়িত স্বভাৱসুলভ অমায়িক যুৱক পবিত্ৰ ডেকাৰ অকাল মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমৰ সুকন্ঠি গায়িকা সকলোৰে মৰমৰ ভিতালি দাসলৈও এই অনুষ্ঠানতেই উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন কমিটিৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন কমিটিৰ এই কাৰ্যসূচী সচাকৈয়ে এক শলাগ ল’ব লগিয়া অনুষ্ঠান অনুষ্ঠিত কৰে।
এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিচত ৰঙালী বিহুৰ স্বৰ্গীয় পবেন পাঠক সোঁৱৰণী মঞ্চ মুকলি কৰে তেখেতৰ সহধৰ্মিণীয়ে। তাৰ পিছতেই সদৌ অসম ভিত্তিত বিহু হুচৰী, দলীয় বিহু আৰু বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়।২০২৩ বৰ্ষ বৰবিহুৱতী প্ৰথন অনন্য ফুকন (লক্ষ্মীমপুৰ) , দ্বিতীয় মুনুকন গগৈ(ধেমাজি), তৃতীয় নিমিশা দিহিঙীয়া(মৰান)।সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম নৃত্যাংগনা গগৈ(শদিয়া), দ্বিতীয় তনয়া বৰ্মন(গুৱাহাটী নাৰেংগী), তৃতীয় দিপীকা বড়ো (পাঞ্জাবাৰী, গুৱাহাটী)।
বিহু হুচৰীৰ প্ৰথম শ্ৰেষ্ঠ দ’ল চেউ চাপৰী বিহু হুচৰী দল (ডিব্ৰুগড়), দ্বিতীয় সৰুজমুখী চেৰেকা পাৰা বিহু হুচৰী দল (শিৱসাগৰ ), তৃতীয় দিক্ৰা বিহু হুচৰী দল (লক্ষ্মীমপুৰ)। দলীয় বিহু প্ৰতিযোগিতাৰ প্ৰথম বৰ্ণিল বিহু হুচৰী দল ( বংশৰ), দ্বিতীয় মঘাই বিহু হুচৰী দল(গুৱাহাটী), তৃতীয় গোমচেং বিহু হুচৰী দল (গুৱাহাটী)। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে তিনিদিনীয়াকৈ আয়োজন কৰা এই বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত স্থানীয় মহিলা সকলে সমবেত সংগীত পৰিবেশন কৰি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰে।
প্ৰথম দিনৰ কাৰ্যসূচীত আমন্ত্ৰিত কন্ঠ শিল্পী বাপুজি কোঁৱৰৰ সংগীত পৰিবেশনে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। দ্বিতীয় দিনাৰ কাৰ্যসূচীত স্থানীয় শিল্পী সকলৰ উপৰিও আমন্ত্ৰিত সু-কন্ঠী গায়িকা সুবাসনা দত্তৰ গীতে উপস্থিত ৰাইজক তেখেতৰ গীতে মোহিত কৰি ৰাখে। তৃতীয় তথা শেষৰ দিনৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত অসম ভিত্তিত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰে।একোখনকৈ মানপত্ৰ একোটাকৈ ট্ৰফি আৰু নগদ ধনেৰে।
উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীলৈ আন্তৰিক সহযোগ তথা দিহা পৰামৰ্শ দিয়া বিশিষ্ট ব্যক্তি সকলক একোখনকৈ ফুলাম গামোচাৰে উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বিহু মঞ্চত সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বিহুক গ্ৰিনিজ ৱৰ্ল্ড বুকুত স্থান পোৱাত বিহু নৃত্যৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিহুৱতী আৰু ঢুলিয়া সকলকো উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ বিহু মঞ্চত একোখনকৈ মানপত্ৰ আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।
বিশিষ্ট সমাজসেৱক তথা ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি শ্ৰী ৰঞ্জিত ভট্টাচাৰ্য্যৰ লগত শিল্পী কল্লোল বৰঠাকুৰ উপস্থিত হৈ ৰঙালীৰ মঞ্চত দুয়োজনে বহু কেইটা গীত পৰিৱেশন কৰি ৰাইজক আনন্দৰ খোৰাক দিয়াৰ উপৰিও ৰাইজলৈ নৱবৰ্ষৰ ওলগ জনাই বক্তব্য প্ৰদান কৰে। দুয়োজনকে উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা অসমৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে গভীৰ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।
তাৰ পাছতেই সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰন কৰি অনা যুৱতীৰ এটি বিহু দলে আকৰ্ষণীয় বিহু প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। ইয়াৰ পিছতেই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ ভাৱে আমন্ত্ৰিত কন্ঠ শিল্পী নীল আকাশৰ সংগীত পৰিবেশনে উপস্থিত ৰাইজক মনোমুগ্ধ কৰি তোলে। নীল আকাশে তেখেতৰ জনপ্ৰিয় গীত সমূহ এটাৰ পিছত এটাকৈ পৰিবেশন কৰি ৰাইজক নচোৱাই বিহু তলিত এক আনন্দৰ জোৱাৰ তোলে।