Home Blog Page 1591

অভয়পুৰ উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ ৰঙালী বিহু উদযাপন সম্পন্ন; অনুষ্ঠানত নৃত্য গীতৰ বাৰেৰহনীয়া সংস্কৃতিৰ সমাহাৰ

বিগত বছৰবোৰৰ দৰে এইবাৰো উত্তৰ গুৱাহাটী ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত ৬৮তম উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে ৭দিনিয়াকৈ ৩০চ’ত,১,২,৩ আৰু৭,৮,৯ লৈ আয়োজন কৰা হেঁপাহৰ ৰঙালী বিহুৰ কাৰ্যসূচীৰ ইতিমধ্যে বিভিন্ন খেল ধেমালিৰ প্ৰতিযোগিতা সমূহ সমাপ্ত হৈছে। প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি বৰগছৰ তলত প্ৰথম বন্তি প্ৰজ্বলন কৰি সকলোৰে মংগল কামনাৰে বিহুৰ কাৰ্যসূচী আৰম্ভ কৰা হয়।

তাৰপিছত পতাকা উত্তোলন আৰু আৰু শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰা হয়। ৬৮ তম ৰঙালী বিহুৰ পতাকা উত্তোলন কৰে ৰঙালী বিহু সন্মিলনীৰ সভাপতি জ্যোতিপ্ৰসাদ তামুলীয়ে। শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ সভাপতি জয়ন্ত কুমাৰ নাথে ।শ্বহীদ বেদীত মাল্যাৰ্পন কৰে ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ প্ৰাক্তন সভাপতি ৰঞ্জিত তামুলীয়ে।

বৃহত্তৰ উত্তৰ গুৱাহাটীৰ এখন বহু পুৰণি তথা উল্লেখযোগ্য এই বিহুৰ বাবে বৃহত্তৰ উত্তৰ গুৱাহাটীৰ ৰাইজে অপেক্ষাত থাকে। প্ৰথম দিনৰ কাৰ্যসূচীত বিহু কমিটীৰ সকলো সভ্যই অভয়পুৰ গাঁওৰ লগতে বিহু তলিত উপস্থিত থকা জ্যেষ্ঠ সকলক আঠুকাঢ়ি সেৱা জনাই আশীৰ্বাদ লোৱাৰ দৃশ্য অতি ভাললগা। তাৰ পিছতেই প্ৰতিজন জেষ্ঠ্যক হেপাহৰ এখনি ফুলাম গামোচাৰে সম্ভাষন জনোৱা হয়।

সম্বৰ্দ্ধনা জনোৱা ৬০বছৰৰ উৰ্ধৰ জ্যেষ্ঠ সকলৰ মাজত বেগাই খোজকাঢ়া প্ৰতিযোগীতাৰে খেল-ধেমালিৰ কাৰ্যসূচী আৰম্ভ কৰা হয়। উত্তৰাঞ্চল ৰঙালী বিহুৰ খেল ধেমালিৰ কাৰ্যসূচী সমূহত ডেকাৰ পৰা বুঢ়ালৈ সকলোয়ে অংশগ্ৰহন কৰাত আকৰ্ষণীয় হৈ পৰে আভয়পুৰৰ বিহুতলি। প্ৰথম চাৰিদিন বিভিন্ন খেল-ধেমালিৰে ৰঙালী বিহু পালন কৰে। ২১,২২আৰু২৩ এপ্ৰিলত তিনি দিনীয়া কাৰ্যসূচীৰে আমন্ত্ৰিত অতিথি শিল্পীৰ লগতে স্থানীয় শিল্পী সকলৰ দ্বাৰা ৰঙালীল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰে।

২১ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা সাংস্কৃতিক সন্ধিয়াৰ প্ৰাক মুহূৰ্তত বৃহত্তৰ অভয়পুৰ অঞ্চলত মৃত্যু হোৱা প্ৰতিজন ব্যক্তিলৈ শ্ৰদ্ধা জনোৱাৰ লগতে বিগত বছৰটোত মৃত্যু হোৱা ৰ’দালি সংঘ আৰু পুথিভঁৰালৰ উপদেষ্টা তথা উত্তৰাঞ্চল ৰঙালী বিহুৰ উপদেষ্টা পবেন পাঠক, জনপ্ৰিয় ব্যক্তি নৃপেন তামুলী, ৰঙালি বিহুকে আদি কৰি অভয়পুৰৰ প্ৰতিটো অনুষ্ঠানত জড়িত স্বভাৱসুলভ অমায়িক যুৱক পবিত্ৰ ডেকাৰ অকাল মৃত্যুত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে অসমৰ সুকন্ঠি গায়িকা সকলোৰে মৰমৰ ভিতালি দাসলৈও এই অনুষ্ঠানতেই উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন কমিটিৰ সমূহ কৰ্মকৰ্তাই গভীৰ শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে। উত্তৰাঞ্চল ৰঙালী বিহু উদযাপন কমিটিৰ এই কাৰ্যসূচী সচাকৈয়ে এক শলাগ ল’ব লগিয়া অনুষ্ঠান অনুষ্ঠিত কৰে।

এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিচত ৰঙালী বিহুৰ স্বৰ্গীয় পবেন পাঠক সোঁৱৰণী মঞ্চ মুকলি কৰে তেখেতৰ সহধৰ্মিণীয়ে। তাৰ পিছতেই সদৌ অসম ভিত্তিত বিহু হুচৰী, দলীয় বিহু আৰু বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতা অনুষ্ঠিত হয়।২০২৩ বৰ্ষ বৰবিহুৱতী প্ৰথন অনন্য ফুকন (লক্ষ্মীমপুৰ) , দ্বিতীয় মুনুকন গগৈ(ধেমাজি), তৃতীয় নিমিশা দিহিঙীয়া(মৰান)।সৰু বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম নৃত্যাংগনা গগৈ(শদিয়া), দ্বিতীয় তনয়া বৰ্মন(গুৱাহাটী নাৰেংগী), তৃতীয় দিপীকা বড়ো (পাঞ্জাবাৰী, গুৱাহাটী)।

বিহু হুচৰীৰ প্ৰথম শ্ৰেষ্ঠ দ’ল চেউ চাপৰী বিহু হুচৰী দল (ডিব্ৰুগড়), দ্বিতীয় সৰুজমুখী চেৰেকা পাৰা বিহু হুচৰী দল (শিৱসাগৰ ), তৃতীয় দিক্ৰা বিহু হুচৰী দল (লক্ষ্মীমপুৰ)। দলীয় বিহু প্ৰতিযোগিতাৰ প্ৰথম বৰ্ণিল বিহু হুচৰী দল ( বংশৰ), দ্বিতীয় মঘাই বিহু হুচৰী দল(গুৱাহাটী), তৃতীয় গোমচেং বিহু হুচৰী দল (গুৱাহাটী)। উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীয়ে তিনিদিনীয়াকৈ আয়োজন কৰা এই বাৰেৰহনীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্য্যসূচীত স্থানীয় মহিলা সকলে সমবেত সংগীত পৰিবেশন কৰি সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ উদ্ধোধন কৰে।

প্ৰথম দিনৰ কাৰ্যসূচীত আমন্ত্ৰিত কন্ঠ শিল্পী বাপুজি কোঁৱৰৰ সংগীত পৰিবেশনে ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে। দ্বিতীয় দিনাৰ কাৰ্যসূচীত স্থানীয় শিল্পী সকলৰ উপৰিও আমন্ত্ৰিত সু-কন্ঠী গায়িকা সুবাসনা দত্তৰ গীতে উপস্থিত ৰাইজক তেখেতৰ গীতে মোহিত কৰি ৰাখে। তৃতীয় তথা শেষৰ দিনৰ সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত অসম ভিত্তিত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বঁটা সমূহ বিতৰণ কৰে।একোখনকৈ মানপত্ৰ একোটাকৈ ট্ৰফি আৰু নগদ ধনেৰে।

উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীলৈ আন্তৰিক সহযোগ তথা দিহা পৰামৰ্শ দিয়া বিশিষ্ট ব্যক্তি সকলক একোখনকৈ ফুলাম গামোচাৰে উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা বিহু মঞ্চত সম্বৰ্দ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে বিহুক গ্ৰিনিজ ৱৰ্ল্ড বুকুত স্থান পোৱাত বিহু নৃত্যৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰা বৃহত্তৰ উত্তৰ গুৱাহাটীৰ বিহুৱতী আৰু ঢুলিয়া সকলকো উত্তৰ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ বিহু মঞ্চত একোখনকৈ মানপত্ৰ আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

বিশিষ্ট সমাজসেৱক তথা ৰাজ্যিক কিষান মৰ্চাৰ সভাপতি শ্ৰী ৰঞ্জিত ভট্টাচাৰ্য্যৰ লগত শিল্পী কল্লোল বৰঠাকুৰ উপস্থিত হৈ ৰঙালীৰ মঞ্চত দুয়োজনে বহু কেইটা গীত পৰিৱেশন কৰি ৰাইজক আনন্দৰ খোৰাক দিয়াৰ উপৰিও ৰাইজলৈ নৱবৰ্ষৰ ওলগ জনাই বক্তব্য প্ৰদান কৰে। দুয়োজনকে উত্তৰাঞ্চল ৰঙালী বিহু সন্মিলনীৰ তৰফৰ পৰা অসমৰ স্বাভিমান একোখনকৈ ফুলাম গামোচাৰে গভীৰ ভাবে সম্বৰ্দ্ধনা জনোৱা হয়।

তাৰ পাছতেই সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰন কৰি অনা যুৱতীৰ এটি বিহু দলে আকৰ্ষণীয় বিহু প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক আপ্লুত কৰি তোলে। ইয়াৰ পিছতেই সাংস্কৃতিক সন্ধিয়াৰ বিশেষ ভাৱে আমন্ত্ৰিত কন্ঠ শিল্পী নীল আকাশৰ সংগীত পৰিবেশনে উপস্থিত ৰাইজক মনোমুগ্ধ কৰি তোলে। নীল আকাশে তেখেতৰ জনপ্ৰিয় গীত সমূহ এটাৰ পিছত এটাকৈ পৰিবেশন কৰি ৰাইজক নচোৱাই বিহু তলিত এক আনন্দৰ জোৱাৰ তোলে।

দুদিনীয়া কেৰালা ভ্ৰমণৰ উদ্দেশ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী কোচিৰ নৌসেনাৰ বিমানবন্দৰত উপস্থিত

পৰম্পৰাগত মুণ্ডু (ধোঠী) পৰিধান কৰা প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰত বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰালীধৰণ, ৰাজ্যিক মন্ত্ৰী পি ৰাজীৱ, বিজেপিৰ ৰাজ্যিক সভাপতি কে সুৰেন্দ্ৰন প্ৰমুখ্যে দলীয় নেতাই আদৰণি জনায়।


পিছত ৰোডশ্ব’ আৰম্ভ হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে নিজৰ বাহনৰ পৰা নামি কিছু দূৰ পথৰ কাষেৰে খোজ কাঢ়িছিল, কিয়নো দুয়োফালে শাৰী পাতি থকা হাজাৰ হাজাৰ লোকে হাত জোকাৰি, শ্লোগান চিঞৰি আৰু পাহিৰ বৰষুণ দি উৎসাহেৰে তেওঁক আদৰণি জনাইছিল।


তেওঁ অলপতে থেভাৰাৰ ছেক্ৰেড হাৰ্ট কলেজ খেলপথাৰত যুৱ সন্মিলন যুৱ সন্মিলন ২০২৩ত ভাষণ দিয়াৰ কথা, য’ত বিভিন্ন শ্ৰেণীৰ হাজাৰ হাজাৰ যুৱকে অংশগ্ৰহণ কৰিছে। চহৰখনত নিশা কটাই প্ৰধানমন্ত্ৰী মোডীয়ে কাইলৈ পুৱা ৰাজ্যখনৰ ৰাজধানী তিৰুৱনন্তপুৰমলৈ ৰাওনা হ’ব।

মায়ঙৰ বৰবড়ী মেৰৰ হাবি নদীৰ পাৰত বিশাল পাগলা মেলাৰ আয়োজন

মৰিগাঁও জিলা মায়ঙৰ মেৰৰ হাবিত প্ৰত্যেক বছৰৰ দৰে এইবাৰো ৬ষ্টম বাৰ্ষিক পাগলা মেলাৰ প্ৰস্তুতি সম্পূৰ্ণ হয়।২৫,২৬ আৰু ২৭ এপ্ৰিল তাৰিখে হবলগীয়া এই পাগলা মেলালৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যথেষ্ট মানুহৰ সমাগম পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে প্ৰয়াত পীৰ মতলেব মাষ্টাৰ ওৰফে নাক্কা ডাক্তৰৰ সোঁৱৰণীত এই মেলা অনুষ্ঠিত কৰা হয়।

ইয়াত ওৱাজ মেহফিল, জিকিৰ গজল,মুশীদি গান আৰু বিভিন্ন ধৰণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা দেখা যায়। পাগলা মেলালৈ ৰাইজৰ সহায় সহযোগিতা আৰু ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মেলা পৰিচালনা কমিটীৰ বিষয়-ববীয়াই।

মায়ঙৰ পৰা আবজল উদ্দিন আহমেদৰ প্ৰতিবেদন

শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত গৰু দান কৰি বিস্কুট বিতৰণ কৰে এজন ইছলাম ধৰ্মালম্বী লোকে…

ঈদৰ এটা দিন অতিবাহিত হোৱাৰ পাছতে ঐতিহাসিক শিৱদৌলত ইছলাম ধৰ্মালম্বী লোকে বিস্কুটক আগবঢ়াই দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন। উজনি অসমত এতিয়াও ম্লান পৰা নাই সম্প্ৰীতিৰ নিদৰ্শন | শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মালম্বী লোক | হিন্দু নতুবা মুছলমান অথবা জাতিগত ভেদ ভাৱেৰে কোনো লোকৰে পৰিচয় নাই এইখন শিৱসাগৰত | ঈদৰ এটা দিন অতিবাহিত হোৱাৰ পাছতে ঐতিহাসিক শিৱদৌলত এজন ইছলাম ধৰ্মালম্বী লোকে বিস্কুট আগবঢ়াই দাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন |

নাম তেওঁৰ খলিলুল ৰহমান হাজৰিকা | লোক জনে শিৱদৌলত দান কৰিলে নিজা পোহনীয়া গৰু | পুনৰ উজনি অসমৰ এই খন শিৱসাগৰ আৰু ঐতিহাসিক শিৱদৌলত খলিলুল ৰহমান হাজৰিকা নামৰ লোক জনে ডাঙি ধৰিলে সম্প্ৰীতিৰ নিদৰ্শন | খলিলুল ৰহমান হাজৰিকাৰ মহানুভৱতাক লৈ শিৱদৌলৰ পূজাৰী গৰাকীও তেখেতক জনালে কৃতজ্ঞতা । এতিয়া এই গৰাকী লোক সকলোৰে চৰ্চাত, তেওঁৰ কৰ্ম হৈ পৰক সকলোৰে আদৰ্শ ।

অমিতাভ বচ্চনৰ অনুপস্থিতিত ৰেখাক ঘৰলৈ মাতিলে জয়াই। তাৰ পিছতে সলনি সকলো…

অমিতাভ বচ্চনৰ অনুপস্থিতিত ৰেখাক ঘৰলৈ মাতিলে জয়াই। তাৰ পিছতে সলনি সকলো…! অমিতাভ বচ্চন আৰু ৰেখাৰ নাম দীৰ্ঘদিন ধৰি একেলগে জড়িত হৈ আছিল। মনোৰঞ্জনৰ বাতৰিৰ মতে, এবাৰ জয়াই অমিতাভ বচ্চনৰ অনুপস্থিতিত ঘৰত ৰেখাক ফোন কৰিছিল, তাৰ পিছত সকলো সলনি হৈ গ’ল। এসময়ত অমিতাভ বচ্চন আৰু ৰেখাৰ সম্পৰ্কই শিৰোনাম দখল কৰিছিল। তাৰ পিছত অমিতাভ বচ্চন আৰু ৰেখাৰ মাজত আহিল দূৰত্ব…!

মনোৰঞ্জনৰ বাতৰি অনুসৰি, যেতিয়া অমিতাভ বচ্চনে এখন ছবিৰ শ্বুটিংৰ বাবে মুম্বাইৰ বাহিৰত গৈছিল। তেতিয়া জয়া বচ্চনে ৰেখাক ৰাতিৰ আহাৰ খাবলৈ নিজৰ ঘৰলৈ মাতিলে।তেতিয়া ৰেখাই নিজেই জয়া বচ্চনৰ সৈতে হোৱা এই সাক্ষাৎকাৰৰ কথা এটা সাক্ষাৎকাৰত কৈছিল। ৰেখাই বচ্চনে তেওঁক ৰাতিৰ আহাৰ খাবলৈ মাতিছিল আৰু ৰেখাই তৰ্ক হ’ব বুলি ভাবি সাজু হৈছিল যদিও তেনেকুৱা একো নহ’ল।

ৰেখাই ষ্টাৰডাষ্টক দিয়া এক সাক্ষাৎকাৰত কৈছিল যে জয়াই যেতিয়ালৈকে স্বামীক প্ৰেমত পৰিছে বুলি ভাবিছিল তেতিয়ালৈকে সম্পৰ্কটোত কোনো সমস্যা নাছিল, কিন্তু যেতিয়া তেওঁ গম পালে যে তেওঁ আৱেগিকভাৱে সংলগ্ন হৈ আছে, তেতিয়া তেওঁক স্বামীৰ পৰা আঁতৰাবলৈ আৰম্ভ কৰিলে। ৰেখাই কৈছিল যে এদিন সন্ধিয়া জয়ায়ে ৰেখাক ঘৰলৈ নিমন্ত্ৰণ দিছিল, তাৰ পিছত সকলো কথা পাতিছিল। ৰেখাই ক’লে, বিদায়ৰ সময়ত জয়াই ৰেখাক ক’লে, ‘যি হওক, মই কেতিয়াও অমিতাভক এৰি নাযাওঁ…’ অমিতাভ বচ্চনে আজিলৈকে ৰেখাৰ লগত সম্পৰ্কৰ কথা ক’তো কোৱা নাই। আনহাতে ৰেখাই কেতিয়াও অস্বীকাৰ কৰা নাছিল।

চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ সফলতা। এটা মাহত নগাঁও আৰক্ষীয়ে জব্দ কৰিলে ৪৩৮টা চোৰাং গৰু জব্দ

চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ সফলতা। এটা মাহত নগাওঁ আৰক্ষীয়ে জব্দ কৰিলে ৪৩৮টা চোৰাং গৰু জব্দ। নগাঁও জিলাৰ আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে।এমাহৰ ভিতৰত আৰক্ষীয়ে এই ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰে যে ২১মাৰ্চৰ পৰা ২২ এপ্ৰিল পৰ্যন্ত জিলাখনৰ বিভিন্ন স্থানৰ পৰা ৪৩৮ টা চোৰাং গৰু জব্দ কৰিবলৈ সক্ষম হৈছে।এই সন্দৰ্ভত আৰক্ষীয়ে ৫৫ জন চোৰাং গৰু সৰবৰাকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছে।

চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অদিথ বড়ো,জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পবন কলিতা,বাগৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজিত সোনোৱাল,বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমণী কান্ত দাস,ৰূপহীহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়,আমবাগান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত কলিতা,পুৰণিগুদাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সীমন্ত ৰয়,কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পি কে নাথ,বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া চিৰঞ্জীৱ লাহন মিছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমচন্দ্ৰ মহন্ত,কচুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধি ,চালনা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ সৰকাৰ, কঠিয়াতলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল বৈশ্য,মোৱামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰিমা পেগু,ধিং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজা ইৰছাদ আৰু বটদ্ৰবা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অসীম বৰাৰ নেতৃত্বত আৰক্ষীয়ে নগাঁও জিলাৰ বিভিন্ন স্থানত চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।

আধাৰ কাৰ্ডৰ সৈতে জড়িত জালিয়াতিৰ পৰা হাত সাৰিবলৈ সহজ উপায়

আধাৰ কাৰ্ড সকলোৰে বাবে বাধ্যতামূলক। আধাৰ কাৰ্ড অবিহনে বহু চৰকাৰী কাম সম্ভৱ নহয়। বেংকিঙৰ সকলো কামো আধাৰ কাৰ্ডেৰে কৰা হৈছে আৰু আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বেংক একাউণ্টৰ পৰা ধন উলিওৱা হয়। আধাৰ কাৰ্ডৰ প্ৰয়োজনীয়তা আৰু আধাৰ কাৰ্ডৰ সুবিধাও বহুত বাঢ়িছে। এনে পৰিস্থিতিত প্ৰৱঞ্চক লোকে মূৰ্খ কৰি একাউণ্টৰ পৰা ধন উলিওৱাৰ পৰা, অন্য ধৰণৰ জালিয়াতিৰ গোচৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। আৰক্ষীৰ ওচৰত এনে গোচৰৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে।

দেখা যায় যে বহু সময়ত বেংকসমূহেও তেওঁলোকৰ লগত কৰা প্ৰৱঞ্চনাৰ বাবে গ্ৰাহকক স্পষ্টভাৱে জগৰীয়া কৰে। গ্ৰাহকৰ একমাত্ৰ সমস্যাটো হ’ল প্ৰৱঞ্চকসকলে সৃষ্টি কৰা ফান্দত পৰি শেষত লোকচান হয়। এই ধৰণৰ প্ৰৱঞ্চনাৰ পৰা সজাগতা আৰু তথ্যই একমাত্ৰ সুৰক্ষাৰ মাধ্যম।

আধাৰ কাৰ্ডৰ ৰেকৰ্ড বনোৱা আৰু ৰখা সংস্থা UIDAI (UIDAI) য়ে এতিয়া ৰাইজক এটা বিকল্প দিছে। এই বিকল্পৰ জৰিয়তে অন্ততঃ মানুহে সিদ্ধান্ত ল’ব পাৰে যে তেওঁলোকৰ আধাৰ কাৰ্ডৰ সম্পূৰ্ণ তথ্য কাৰো ওচৰলৈ যাব নালাগে। বহু ঠাইত আধাৰ কাৰ্ড বাধ্যতামূলক আৰু আধাৰ কাৰ্ডৰ কপি দিব লগা হয়। এতিয়া ইয়াৰ বাবে মাস্কেড আধাৰ কাৰ্ডৰ বিকল্প ইউআইডিএআইৰ পৰা উপলব্ধ।

Masked Aadhaar কি: ইয়াক কেনেকৈ ব্যৱহাৰ আৰু ডাউনলোড কৰিব… চাওঁ আহক…
বৰ্তমান ইউআইডিএআইয়ে দুবিধ আধাৰ কাৰ্ডৰ সুবিধা প্ৰদান কৰিছে। এটা সাধাৰণ আধাৰ কাৰ্ড আছে যিটো আমি ব্যৱহাৰ কৰি আহিছো। দ্বিতীয়খন হ’ল মাস্কেড আধাৰ কাৰ্ড।

মাস্কেড আধাৰ কাৰ্ড কি?
মাস্কেড আধাৰৰ এটা পাছৱৰ্ড সুৰক্ষিত ইলেক্ট্ৰনিক কপি তৈয়াৰ কৰিছে UIDAI য়ে। এইখন (UIDAI) হৈছে UIDAIৰ ডিজিটেল স্বাক্ষৰিত কাৰ্ড। চৰকাৰ আৰু ইউআইডিএআইৰ আধাৰ আইন অনুসৰি ই-আধাৰ সকলো উদ্দেশ্যৰ বাবে আধাৰৰ ভৌতিক প্ৰতিলিপি হিচাপে সমানে বৈধ। যিবোৰ ঠাইত আধাৰ নম্বৰৰ ভাগ-বতৰা কৰাটো প্ৰয়োজনীয় নহয়, সেইবোৰ ঠাইত ই-কেৱাইচিৰ বাবে মাস্কেড আধাৰ ব্যৱহাৰ কৰিব পাৰি।

ইউআইডিএআইৰ এই সুবিধাৰ সহায়ত ব্যৱহাৰকাৰীয়ে কোনো সংকোচ নোহোৱাকৈ নিজৰ ই-আধাৰ শ্বেয়াৰ কৰিব পাৰিব। ইয়াত ব্যৱহাৰকাৰীৰ সমগ্ৰ আধাৰ নম্বৰ প্ৰকাশ কৰা হোৱা নাই। ইয়াত আধাৰ সংখ্যাৰ প্ৰথম আঠটা অংক প্ৰকাশ কৰা হোৱা নাই। ইয়াৰ বাবে সম্পূৰ্ণ আধাৰ কাৰ্ড আৰু যিকোনো ব্যৱহাৰকাৰীৰ সবিশেষ কাৰো হাতলৈ নাযায়।

এইদৰে কাৰ্ডধাৰীয়ে আধাৰ কাৰ্ডৰ জৰিয়তে সংঘটিত হোৱা বহু প্ৰৱঞ্চনাৰ পৰা ৰক্ষা পৰিব।

Masked Aadhaar কেনেকৈ ডাউনলোড কৰিব

মাস্কেড আধাৰ কাৰ্ডে পৰিচয় পত্ৰ হিচাপে কাম কৰে। ইয়াত গ্ৰাহকৰ পৰিচয় কোৱা হয় আৰু কাৰ্ডধাৰীয়ে যিকোনো ঠাইতে নিজৰ পৰিচয় হিচাপে উপস্থাপন কৰিব পাৰে। এই ধৰণৰ মুখা পিন্ধা আধাৰ কাৰ্ডৰ সুবিধাত আধাৰ কাৰ্ডৰ শেষৰ ৪টা অংকহে দেখা যায়। মাস্কেড আধাৰ কাৰ্ড ইণ্টাৰনেটৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব আৰু ইয়াক আপোনাৰ মোবাইলত ৰখাতো সুবিধাজনক।
আমি দেখাৰ দৰে মুখা পিন্ধা আধাৰ কাৰ্ডৰ কিমান লাভ হয়। মাস্ক কৰা বেচ ব্যৱহাৰ কৰাটোও সহজ। মাস্কেড আধাৰ ডাউনলোড কৰিবলৈ এই পদক্ষেপসমূহ অনুসৰণ কৰক:-

১/ প্ৰথমে ব্যৱহাৰকাৰীয়ে নিজৰ সহজ আধাৰটো ডাউনলোড কৰিবলৈ uidai.gov.in ৱেবছাইটলৈ যাব লাগিব।

২/ ইয়ালৈ গৈ “download aadhar” ৰ বিকল্পটো নিৰ্বাচন কৰিব লাগিব।

৩/ এই পৃষ্ঠাত ব্যৱহাৰকাৰীয়ে দিয়া স্থানত অনুৰোধ কৰা তথ্য পূৰণ কৰিব লাগিব। ইয়াৰ ভিতৰত আধাৰ নম্বৰ, নাম আৰু পিনকোড অন্তৰ্ভুক্ত।

৪/ ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে ২টা বিকল্প পাব। এখন সাধাৰণ আধাৰ কাৰ্ড আৰু আন এখন মুখা পিন্ধা আধাৰ কাৰ্ড।

৫) যদি প্ৰথম বিকল্পটো বাছনি কৰা হয় তেন্তে সাধাৰণ আধাৰৰ কপি লাভ কৰা হ’ব। এই কপিত আধাৰৰ ১২টা নম্বৰ উপস্থিত থাকিব, যিবোৰক ইউআইডি নম্বৰ বুলিও কোৱা হয়।

৬) যদি দ্বিতীয় বিকল্প বাছনি কৰা হয় তেন্তে আধাৰৰ কপি লাভ কৰিব য’ত আধাৰৰ প্ৰথম ৮ টা নম্বৰ দেখুওৱা নহয় আৰু ব্যৱহাৰকাৰীক তেওঁৰ ব্যক্তিগত তথ্য লুকুৱাই ৰখাত সহায় কৰা হ’ব।

৭) প্ৰদত্ত প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত “send OTP” ৰ বিকল্পটো নিৰ্বাচন কৰিব লাগিব।

৮) ইয়াৰ পিছত আধাৰ ব্যৱস্থাৰ জৰিয়তে ব্যৱহাৰকাৰীক দিয়া মোবাইল নম্বৰলৈ এটা ক’ড প্ৰেৰণ কৰা হয়। সেই ক’ডটো দিয়া স্থানত পূৰণ কৰাৰ পিছত ব্যৱহাৰকাৰীয়ে প্ৰক্ৰিয়াটো পৰীক্ষা কৰে। ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে “download aadhar” ৰ বিকল্প বাছি লৈ আধাৰ ডাউনলোড কৰিব পাৰে।

যিকোনো ব্যৱহাৰকাৰীয়ে বাৰে বাৰে এই মুখা পিন্ধা আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে আৰু বহু গুণ্ডাৰ পৰিকল্পনা নষ্ট কৰিব পাৰে।

ভাৰতৰ জনসংখ্যাক বৃদ্ধিকলৈ জাৰ্মান আলোচনী ‘ডেৰ স্পিগেল’ৰ বিতৰ্কিত কাৰ্টুনকলৈ প্ৰতিক্ৰিয়া

জনসংখ্যাৰ ক্ষেত্ৰত ভাৰতে চীনক অতিক্ৰম কৰিবলৈ সাজু হোৱাৰ সময়তে জাৰ্মান আলোচনী ‘ডেৰ স্পিগেল’-এ ভাৰতৰ জনগাঁথনিগত পৰিৱৰ্তনকলৈ এক বিৰ্কিত কাৰ্টুন প্ৰকাশ কৰাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰকাশিত ‘বৰ্ণবাদী’ কাৰ্টুনে ভাৰতীয়সকলক বিৰক্ত কৰি তুলিছে। কাৰ্টুনখনত এখন মানুহেৰে ভৰি থকা ৰেল দেখুওৱা হৈছে। ৰে’ল খনত মানুহে ইয়াৰ ত্ৰিৰংগা উৰুৱাই থকা দেখা গৈছে। আনহাতে কাষেৰে গৈ আছে এখন চীনা বুলেট ট্ৰেইন । কাৰ্টুনটোৱে চীনৰ প্ৰযুক্তিগত উন্নতিৰ সৈতে আৰু ভাৰতক জনসংখ্যাৰ ভৰক দেখুৱাব বিচাৰিছে বুলি বহুতে মন্তব্য কৰিছে। কাৰ্টুনখনক লৈ ভাৰতীয়সকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰা বুলি বহুতে সমালোচনা কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ উপদেষ্টা কাঞ্চন গুপ্তাই কয়, “হাই জাৰ্মানী, এয়া অত্যাধিক বৰ্ণবাদী।’’

কাৰ্টুনখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি বৈজয়ন্ত জয় পাণ্ডাই কয়, “জাৰ্মান ভাষাত প্ৰভাৱশালী আলোচনী ডেৰ স্পিগেলৰ নামৰ অৰ্থ হৈছে দ্য মিৰ’ৰ। কিন্তু এই অপমানজনক, বৰ্ণবাদী কাৰ্টুনৰ দ্বাৰা, ই ইয়াৰ নাম বৰ্ণবাদী কৰা উচিত।” উল্লেখ্য চীনক চেৰ পেলাই ভাৰতে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশত পৰিণত হৈছে।

খেল পথাৰৰ পৰা চুমা! ৫ বছৰৰ পাছতো অনুষ্কাৰ ৰং একে…

অনুষ্কা শৰ্মাই বিৰাট কোহলীৰ খেল চাই আৰু যেতিয়াই বিৰতি পায় তেতিয়াই স্থানীয় ধোছা, আইচক্ৰীম আদিৰ সোৱাদ লয়। পৰিয়ালৰ লগতে বিৰাটৰ সৈতে অনুষ্কাৰ জীৱনৰ কেইবাখনো ছবি ইতিমধ্যে ভাইৰেল হৈ পৰিছে, কিন্তু ইয়াতেই শেষ নহয়। বিৰাটে দেখুৱাই দিলে যে খেলপথাৰৰ পৰা গেলেৰীলৈকে প্ৰেমৰ ডাঠ দলং নিৰ্মাণ কৰা হয়।

সমগ্ৰ দেশতে চলি আছে আই পি এল। ২৩ এপ্ৰিলত কলকাতাত কেকেআৰৰ মেচ হোৱাৰ দৰেই বাংগালুৰুতো বিৰাটৰ দল ৰয়েল চেলেঞ্জাৰছ ৰোলত আছিল। ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে খেলৰ সময়ত বিৰাটে এটা কেচ লয়। অনুষ্কাই গেলেৰীত থিয় হৈ হাত চাপৰি বজাই আছিল। পথাৰৰ মাজত থিয় হৈ বিৰাটে ঘৈণীয়েকলৈ উৰন্ত চুমা এটা দিলে। অনুষ্কাইও প্ৰেম প্ৰকাশ কৰে। অভিনেত্ৰীগৰাকীক লাজতে ৰঙা পৰা দেখা গৈছিল। সেই মুহূৰ্তৰ ছবিখন ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে।

বৰ্তমানৰ অধিনায়ক ফাফ ডু প্লেছিছৰ আঘাতৰ বাবে বিৰাট আৰচিবিৰ অধিনায়ক হয়। দেওবাৰে বেংগালুৰুত বিৰাটৰ দলটোৱে ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে।

অনুষ্কাৰ জীৱনটো ব্যস্ত, কিন্তু বিৰাটৰ খেল চোৱাৰ সুযোগ কেতিয়াও এৰি নাযায়। ২০১৮ চনতো বিৰাটৰ সংগ দিবলৈ ইংলেণ্ডলৈ গৈছিল অভিনেত্ৰীগৰাকী। সেইবাৰ বিৰাটে ২৩ শতক অৰ্জন কৰি খেলপথাৰত থিয় হৈ গেলেৰীৰ ফালে ঘূৰি পত্নীলৈ উৰণীয়া চুমা এটা পঠিয়ালে। ৫ বছৰৰ পাছতো সেই দৃশ্যটোৱে ছেদ কৰা নাছিল।

অনুষ্কাক শেষবাৰৰ বাবে নেটফ্লিক্সৰ ‘কালা’ত অতিথি চৰিত্ৰত দেখা গৈছিল। য’ত তেওঁ এটা গীতত উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে বিৰাটৰ অর্ধাঙ্গিনীয়ে শ্বাহৰুখ খান আৰু কেটৰিনা কাইফৰ সৈতে ‘জিৰ’ত অভিনয় কৰিছিল। ইয়াৰ পিছত অনুষ্কাক দেখা যাব ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ বায়’পিক ‘চকদহ এক্সপ্ৰেছ’ত।

ইনষ্টাগ্ৰামত ৰিলচ্ বনাবলৈ শিকিছে বিৰাট কোহলীয়ে। বিৰাট-অনুষ্কাৰ নৃত্য চাওক…

ইনষ্টাগ্ৰামত ৰিলচ্ বনাবলৈ শিকিছে বিৰাট কোহলীয়ে। বিৰাট-অনুষ্কাৰ নৃত্য চাওক…! ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামত ক্ৰমাৎ ভাইৰেল হৈ পৰিছে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ এটা মৰমলগা ভিডিঅ’। এই ভিডিঅ’টোত ৰোমান্টিক দম্পতীয়ে একেলগে নৃত্য কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মাই তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ভিডিঅ’টো চাওক…

এই ভিডিঅ’টোত আপোনালোকে দেখিব বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই ইজনে সিজনৰ সংগ কি দৰে উপভোগ কৰে। বিৰাট কোহলী আৰু অনুষ্কাৰ ফটোৱে প্ৰায়ে ছ’চিয়েল মিডিয়াত মানুহৰ হৃদয় জয় কৰে। অৱশ্যে এই বলীউডৰ দম্পতীয়ে আগতে এনে নৃত্যৰ ৰিল শ্বেয়াৰ কৰা নাছিল।