Home Blog Page 1598

য়েমেনত ষ্টেম্পেডত ৮৫ জন লোকৰ মৃত্যু, ৩০০ৰো অধিক লোক আহত…

য়েমেনৰ ৰাজধানী ছানা চহৰৰ এখন বিদ্যালয়ত দাতব্য অনুষ্ঠানৰ সময়ত সংঘটিত হোৱা ভয়াবহ অভিযানত কমেও ৮৫ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়। প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতিৰে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি বিদ্যালয়খনত শ শ লোকে সমবেত হৈ ৫ হাজাৰ য়েমেন ৰিয়ালৰ অনুদান লাভ কৰিছিল, প্ৰায় ১৬৪২ টকাকৈ।

EDITORS NOTE: Graphic content / In this screengrab taken on April 20, 2023 from Al-Masirah TV video footage taken on April 19 via AFPTV, people react during a stampede at a charity distribution event in Yemen’s capital Sanaa. – More than 80 people were killed and hundreds injured in a crush at a charity distribution event in war-torn Yemen on April 20, Huthi officials said, one of the deadliest stampedes in a decade. (Photo by various sources / AFP) / —–EDITORS NOTE — RESTRICTED TO EDITORIAL USE – MANDATORY CREDIT “AFP PHOTO / AL-MASIRAH TV ” – NO MARKETING – NO ADVERTISING CAMPAIGNS – DISTRIBUTED AS A SERVICE TO CLIENTS (Photo by -/AL-MASIRAH TV/AFP via Getty Images)

খবৰ অনুসৰি পবিত্ৰ ৰমজান মাহৰ অন্তিম দিনত ব্যৱসায়ীসকলে দাতব্য অনুদান বিতৰণৰ সময়ত সংঘটিত হয় এই হুলস্থুল। প্ৰত্যক্ষদৰ্শীৰ মতে, ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে অস্ত্ৰধাৰী হাউথীয়ে বতাহত গুলীচালনা কৰে। অৱশ্যে এই গুলীবোৰে বিদ্যুতৰ তাঁৰত খুন্দা মৰাৰ ফলত বিস্ফোৰণ হোৱা বুলি জানিব পৰা গৈছে।

বিস্ফোৰণৰ পিছত আতংকই ৰাইজক আগুৰি ধৰিলে আৰু তেওঁলোকে ইফালে সিফালে দৌৰিবলৈ ধৰিলে যাৰ ফলত হুলস্থুলৰ সৃষ্টি হ’ল।

বাব আল-য়েমেনত হোৱা হুলস্থুলৰ পিছত কমেও “৮৫ জন নিহত আৰু ৩২২ জনতকৈ অধিক লোক আহত” বুলি এজন হাউথী বিষয়াই কয়।

নৰ্থইষ্ট ইউনাইটেড এফ চি ছেমিত প্ৰৱেশ

চাৰ্চিল ব্রাদাৰ্ছ এফ চিৰ বিৰুদ্ধে বিজয়ৰ পিছত হিৰো ছুপাৰ কাপ ছেমি ফাইনেলত স্থান নিশ্চিত কৰে নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে। বুধবাৰে কেৰালাৰ কোজিকোডৰ ইএমএছ কৰ্প’ৰেশ্যন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা গ্ৰুপ ডিৰ অন্তিমখন খেলত হাইলেণ্ডাৰছ দলে ৬-৩ গ’লত জয়লাভ কৰি উইলমাৰ জৰ্ডান গিলে চাৰিটা গ’ল দিয়াৰ বিপৰীতে গণি নিগাম আৰু জিথিন এমএছে এটাকৈ গ’ল দিয়ে।


নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে নিজৰ ব্লকৰ পৰা ওলাই আহি খেলৰ আৰম্ভণিৰে পৰাই চাৰ্চিল ব্ৰাদাৰ্ছ এফ চিক হেঁচাত পেলাইছিল। ২৭ মিনিটত ২৫ গজ আউটৰ পৰা শীৰ্ষ কৰ্ণাৰত এক আকৰ্ষণীয় ষ্ট্ৰাইকেৰে স্ক’ৰশ্বীটত নিজৰ নাম অন্তৰ্ভূক্ত কৰে এন ই ইউ এফ চি ষ্ট্ৰাইকাৰগৰাকীয়ে।

হাফ টাইমৰ বিৰতিৰ পূৰ্বে হাইলেণ্ডাৰছৰ দ্বিতীয়টো গ’ল দি গিলে ঘৰলৈ স্লট কৰি খালী নেটত সোমাই দিয়ে।
কলম্বিয়াৰ ফৰৱাৰ্ডগৰাকীয়ে ৫১ মিনিটত নিজৰ হেট্ৰিক সম্পূৰ্ণ কৰি নিয়াৰ পোষ্টত ভৰিখন টানি টণ্ডনবাৰ উৎকৃষ্ট ডেলিভাৰীক নেটত ঘূৰাই আনে।


তিনি মিনিটৰ পাছত চাৰ্চিল ব্ৰাদাৰ্ছ এফ চিয়ে কিংছলী ফাৰ্নাণ্ডেছৰ জৰিয়তে এটা পিছলৈ টানি আনে। পেনাল্টি বক্সৰ প্ৰান্তৰ পৰা এটা আচৰিত ফ্ৰী কিক দি গোৱাল দলৰ হৈ মাৰ্টিন চেভেছে ঘাটি আৰু অধিক হ্ৰাস কৰে।


গিলে নিশাৰ চতুৰ্থটো গ’ল দি হাইলেণ্ডাৰছৰ হৈ বাওঁ ভৰিৰে কম্পোজড ষ্ট্ৰাইকেৰে ৪-২ গ’লত অগ্ৰগতি লাভ কৰে। এন ই ইউ এফ চিয়ে নিজৰ অগ্ৰগতি আৰু অধিক বৃদ্ধি কৰে আৰু কেৰেলাৰ যুটি জিথিন এম এছ আৰু গণি নিগামে বিপক্ষৰ অন্তিম তৃতীয় স্থানৰ ভিতৰত ভালদৰে মিলি যায় আৰু পিছৰটোৱে ফিনিচিং টাচ প্ৰদান কৰে।


চাৰ্চিল ব্রাদার্ছ এফ চিয়ে নিশাৰ তৃতীয়টো গ’ল দিয়ে, এন ই ইউ এফ চিৰ ডিফেণ্ডাৰ মহম্মদ ইৰছাদে নিজৰ গ’লত হেড কৰে৷ কিন্তু ষ্টপেজ টাইমত হাইলেণ্ডাৰছৰ তিনিটা গ’লৰ অগ্ৰগতি পুনৰ ঘূৰাই অনা হয় যেতিয়া জিথিন এম এছে এটা ডাঙৰ ফিনিছিং কৰি নেটৰ পিছফাল বিচাৰি পায় আৰু নৰ্থইষ্ট ইউনাইটেড এফ চিয়ে হিৰো ছুপাৰ কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে।
এতিয়া শনিবাৰে হিৰো ছুপাৰ কাপৰ দ্বিতীয়খন ছেমি ফাইনেলত নৰ্থইষ্ট ইউনাইটেড এফ চি আৰু ওড়িশা এফ চিৰ বিৰুদ্ধে খেলিব।

হাতীগাঁৱৰ গোল্ডেন পথত মৃতদেহ উদ্ধাৰ…

  • হাতীগাঁৱৰ গোল্ডেন পথত মৃতদেহ উদ্ধাৰ।
  • বৃহস্পতিবাৰে উদ্ধাৰ হয় মৃতদেহটো

  • ৩ নম্বৰ উপ-পথত উদ্ধাৰ মৃতদেহটো
  • বৰ্তমান সময়লৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই

  • এয়া হত্যা নে আকস্মিক দুৰ্ঘটনা সেয়াও ৰহস্যৰ আৱৰ্তত।
  • ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ।

ওদালগুৰি সীমান্ত অঞ্চল কৌপাটি জামে মছজিদত ৰৌতাৰ উদ্যোগত ইফতাৰ মেহফিল…

পবিত্ৰ ৰমজান মাহ উপলক্ষে আজি দৰং ওদালগুৰি সীমান্ত অঞ্চল কৌপাটি জামে মছজিদত কৌপাটি প্ৰাইমাৰী UPPL ৰৌতাৰ উদ্যোগত দোৱা ও ইফতাৰ মেহফিল সম্পন্ন হয়। পবিত্ৰ ৰমজান মাহৰ ২৭ দিন অন্তত ৰোজা থাকি আজান দিয়াৰ লগে লগে জাতি ধৰ্ম নিৰ্বিশেষে সমূহীয়া বাবে ইফটাৰ গ্ৰহণ কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে দোৱা ও প্ৰাৰ্থনা কৰে।

এই দোৱা ও ইফতাৰ মেহফিলত হিন্দু ,বড়োকে আদি কৰি বৃহত্তৰ কৌপাটি অঞ্চলৰ দুই শতাধিক ৰাইজৰ লগতে UPPL দলৰ বিভিন্ন কাৰ্যকৰ্তা উপস্থিত থাকে।

উক্ত দোৱা ও ইফতাৰ মেহফিলত উপস্থিত থাকি BTR ৰ কাৰ্যবাহী সদস্য ড০ নিলুট স্বৰ্গিয়াৰী এ কয় যে এনেকোৱা অনুষ্ঠানে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ব ভাব গঢ়ি তোলাত সহায় কৰিব । বৰ্তমান BTR ত প্ৰমোদ বড়ো নেতৃত্বত শাসন কালত শান্তি সমৃদ্ধি গুৰি আহিছে।

আমি জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলা প্ৰীতিৰে থাকিব বিচাৰো। উদ্যোক্তাসকলৰ অক্লান্ত চেষ্টা আৰু কষ্টৰ ফলত আজিৰ এই সমূহীয়া ইফতাৰ সুকলমে অনুষ্ঠিত হৈ যায় ।

উক্ত ইফতাৰ মেহফিলটোৰ উদ্যোক্তাসকলে উপস্থিত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা…

ধুবুৰী-বঙাইগাঁও সীমান্তবৰ্তী তালগুৰীৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা

1109 মালবাহী ট্ৰাক আৰু মালবাহী কণ্টেনাৰৰ মাজত মুখামুখি সংঘৰ্ষ

ফলত 1109 মালবাহী ট্ৰাকখনৰ চালক কলিমুদ্দিন আহমেদ ঘৰ বৰপেটা জিলাৰ মন্দিয়াৰ বৈৰাৰপাম থিতাতে নিহত হয়

আৰু কণ্টেনাখনৰ চালক গুৰুত্বৰভাৱে আহত হয়

দুৰ্ঘটনাগ্ৰস্থ 1109 মালবাহী ট্ৰাকখনৰ নং AS01Q C 0723

আৰু কণ্টেনাখনৰ নং WB 11 F 2004

উল্লেখযোগ্য যে 1109 মালবাহী ট্ৰাকখন তৰ্মুজ ভৰ্তি লগতে গুৱাহাটী অভিমুখী আছিল

আৰু কণ্টেনাখন ধুবুৰী অভিমুখী আছিল

অত্যাধিক গৰমৰ বাবে কেইবাখনো ৰাজ্য‌ই সলনি কৰিলে বিদ্যালয়ৰ সময়…

গৰমৰ পৰিস্থিতিয়ে সাধাৰণ মানুহৰ দৈনন্দিন জীৱনত ক্ষতিসাধন কৰিছে। দেশৰ কেইবাখনো জিলাই ছাত্ৰ-ছাত্ৰীক সকাহ দিবলৈ শিক্ষানুষ্ঠানৰ সময় সলনি কৰাৰ নিৰ্দেশ দিছে।

ত্ৰিপুৰা, ওড়িশা আৰু পশ্চিম বংগে ৰাজ্যখনৰ বিদ্যালয়সমূহৰ বাবে গ্ৰীষ্মকালীন ছুটীৰ সময় নিৰ্ধাৰণ কৰাৰ বিপৰীতে পাটনা, প্ৰয়াগৰাজ আৰু লক্ষ্ণৌই শিক্ষানুষ্ঠানৰ সময় সলনি কৰিছে।
পাটনাত জিলা প্ৰশাসনে অহা ১৯ এপ্ৰিলৰ পৰা পৰৱৰ্তী জাননী পৰ্যন্ত প্ৰাক-বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰকে ধৰি সকলো শ্ৰেণীৰ বাবে নিশা ১২:৪৫ বজালৈ বিদ্যালয়সমূহ চলিবলৈ নিৰ্দেশ দিয়ে।

গৰমৰ তৰংগৰ পৰিপ্ৰেক্ষিতত লক্ষ্ণৌই ১ম শ্ৰেণীৰ পৰা পুৱা ৭:৩০ বজাৰ পৰা ১২:৩০ বজালৈ আৰু নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ বাবে পুৱা ৭:৩০ বজাৰ পৰা ১:৩০ বজালৈ সময় সলনি কৰে। ইফালে প্ৰয়াগৰাজে ১ম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিদ্যালয়ৰ সময় সলনি কৰি এতিয়া পুৱা ৭ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ বিদ্যালয়সমূহ চলিব।

ৰাতিপুৱাৰ খাদ্য, এক নিৰ্দিষ্ট সময়ত খোৱাৰ অভ্যাস কৰক…

আমি শৰীৰটো চলাই থাকিবলৈ আৰু ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰতিদিনে কিমান খাদ্য খাব লাগে সেই বিষয়ে সুষম আহাৰৰ বিষয়ে আলোচনা কৰোঁতে উল্লেখ কৰা হৈছে। সাধাৰণতে সময়মতে নিৰ্ধাৰিত পৰিমাণত খাদ্য খাই থাকিলে অসুখ হ’ব নালাগে। কিন্তু খোৱা-লোৱাৰ সময়ৰ যদি কোনো বিচাৰ নাথাকে, যেতিয়াই তেতিয়াই খাবলৈ লয়, তেতিয়াও কোনেও সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে।

পেটটো এটা ‘ওৱেষ্ট পেপাৰ বক্স’ৰ দৰে এটা বস্তু নহয় যে, যেতিয়াই তেতিয়াই যি ইচ্ছা কৰে তাকেই, যিমান মন যায় তাকেই ভৰাই দিব পাৰি। মানুহৰ শৰীৰটোৱে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ দুসাজহে খাই হজম কৰিব পাৰে। তেনে অভিপ্ৰায়ৰেহে সৃষ্ট মানৱ শৰীৰ। তাকো প্ৰাকৃতিক নিয়ম মতে এক নিৰ্দিষ্ট সময়ত খাব লাগে। সৌৰশক্তিৰ প্ৰভাৱতে মানুহৰ জন্ম আৰু শৰীৰৰ হজম কৰা প্ৰক্ৰিয়াৰ সৈতে সৌৰশক্তিৰ সম্বন্ধও আছে।

আহাৰ খোৱাৰ সময়

খাদ্য খোৱাৰ সময়টো বৰ চিন্তনীয় বিষয়। সূৰ্য উদয়ৰ প্ৰথম তিনি ঘণ্টাৰ ভিতৰত পেটলৈ কোনো গোটা আহাৰ যাব নালাগে। ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজালৈ এইখিনি গোটা আহাৰ খোৱাৰ বাবে উপযুক্ত সময়, সেই খাদ্য সম্পূৰ্ণৰূপে হজম হ’ব আৰু বস্তুবোৰ দৈহিক উপাদানৰ সৈতে মিলি যাব। দুপৰীয়া ১২ বজাৰ পাছত আহাৰ হিচাপে খোৱা খাদ্যই বায়ু উত্পন্ন কৰে আৰু হজম হোৱাত বাধা হয়। যদি ১২ বজাৰ পাছত আহাৰ খোৱাৰ নিয়ম কাৰোবাৰ থাকে ই আত্মঘাতী হোৱাৰহে নিয়ম। এই অভ্যাসৰ ফলত উচ্চ ৰক্তচাপ ৰোগ হয় আৰু থ্ৰম্ব’ছিছৰ দৰে ৰোগত মৃত্যু হ’ব পাৰে। দীৰ্ঘায়ু কোনেও আশা কৰিব নোৱাৰে। ৰাতিৰ সাঁজ আহাৰ সোনকালে খাব লাগে আৰু ৰাতি ১০ বজাৰ পাছত খাব নালাগে। এই দুসাঁজ আহাৰৰ মাজত আৰু কোনো গোটা খাদ্য খাব নালাগে।

যদি কোনোবাই ভোক লগা যেন পায় তথাপি খাব নালাগে। কোনো গোটা আহাৰ(ভাত, ৰুটি) খোৱাতকৈ ফল খাব পাৰে। সাধাৰণতে এই দুই সাঁজৰ মাজত, কাৰো ভোক নালাগে, যদি দুসাঁজ খোৱাৰ অভ্যাস কৰে। কিন্তু ইংৰাজীত এষাৰ কথা আছে ‘হ্যাবিট ইজ্ দ্যা ছেকেণ্ড নেচাৰ’ অৰ্থাত্ অভ্যাস কৰিলে স্বভাৱত পৰিণত হয়। সেয়েহে যদি কোনোবাই অমিতাচাৰ অভ্যাস কৰে ভোক লগা যেন লাগিবও পাৰে। কিন্তু সেয়া আচল ভোক নহয়। পানী খালেই সেই ভোক নোহোৱা হ’ব আৰু এই অসময়ৰ ভোকে শৰীৰৰ কোনো উপকাৰো নকৰে।

আয়ুৰ্বেদশাস্ত্ৰই ত্ৰিদোষ সময়ৰ কথা কৈছে। এই বিধিমতে ৰাতিপুৱা ৬ বজালৈ ‘কফ’ সময়। এই সময়ছোৱাত শৰীৰৰ নলীবোৰৰ শ্লেষ্মাবোৰ কাজুৱা হৈ উঠে। এই বিজলুৱা বস্তবোৰ শৰীৰৰ অপৱিত্ৰ আৰু অদৰকাৰী বস্তুবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া কামত লাগে। এই ‘কফ’ সময় ৰাতিপুৱা ৬ বজাত আৰম্ভ হয় আৰু ৰাতিপুৱা ৮ বজাত শীৰ্ষ পৰ্যায়লৈ উঠে আৰু ৰাতিপুৱা ১০ বজাত ‘কফ’ সময় শেষ হয়। ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ পিত্ত সময় অৰ্থাত্ হজম কৰাৰ সময়। এই সময়ত আগ্নেয়শক্তি কাজুৱা হৈ উঠে। এই সময় ৰাতিপুৱা ১০ বজাত আৰম্ভ হয় আৰু দুপৰীয়া ১২ বজাত উচ্চ শিখৰত উঠে আৰু আবেলি ২ বজাৰ পাছত নোহোৱা হয়। আহাৰ সেইবাবে ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া বাৰ বজাৰ ভিতৰত খাব লাগে। আবেলি ২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ ‘বায়ু’ সময়। ই আবেলি ২ বজাত আৰম্ভ হয়, আবেলি ৪ বজাত ‘পিকটাইম’ আৰু সন্ধ্যা ৬ বজাত শেষ হয়। ‘বায়ু’ সময়ত শৰীৰৰ ভিতৰৰ খালি ঠাইবোৰ আৰু নলীবোৰৰ ভিতৰত বায়ুৱে চাফাই কাম কৰে। তাত থকা যিকোনো প্ৰতিবন্ধক আঁতৰ কৰি দিয়ে। পাকস্থলীক খালি কৰি লোৱাৰ কাম কৰে।

এই সময়তে যদি আকৌ খাদ্য খোৱা হয় তেনেহ’লে শৰীৰৰ কৰ্ম সম্পাদনত খেলিমেলি লগাই দিয়া হয়। এইবোৰ হৈছে প্ৰকৃতিৰ নিয়ম আৰু এইবোৰ মহাশক্তিমান সূৰ্য্যই পৰিচালনা কৰে। সূৰ্য্যই হৈছে পৃথিৱীৰ সকলো শক্তিৰে উত্স। প্ৰকৃতিৰ এই নিয়মবোৰ উলংঘা কৰিলে আমি কষ্ট ভোগ কৰিব লাগিব। হজমশক্তি জাগ্ৰত সময়ৰ (পিত্ত সময়) আগতে বা পাছত খাদ্য খালে (প্ৰধান আহাৰ খালে) পাকস্থলীৰ ঘা, ডুঅ’ডেনামৰ ঘা, হাঁপানি, থ্ৰম্ব’ছিছ আৰু বহুমূত্ৰ আদি ৰোগ হোৱাৰ আশংকা উপজে। তেনেকৈ বায়ুৰ সময়ত খোৱা খাদ্যৰ ফলত অনিষ্টকৰ ফোঁহা বা টিউমাৰ আৰু অদৰকাৰী কোষ বৃদ্ধি আদি ৰোগ হয়। প্ৰকৃতিৰ নিয়ম অমান্য কৰি মানুহে অতীততো কষ্ট পাইছিল আৰু এতিয়াও কষ্ট পাই আছে। সেই কাৰণে উচিত সময়ত আৰু সদায় একে সময়তে খাদ্য খোৱাটো অতি আৱশ্যকীয় কথা আৰু প্ৰত্যেকজন লোকেই এই বিষয়ে সতৰ্ক হোৱা উচিত।

ব্যক্তিগত চিকিৎসালয়ৰ অতপালি; ভুল চিকিৎসাৰ বলি হৈ ৰোগী মৃত্যু হোৱাক লৈ উত্তপ্ত পৰিস্থিতি

যোৰহাটৰ এখন ব্যক্তিগত নাৰ্চিংহোমত চিকিৎসাৰ নামত চলিছে নেকি ভুল চিকিৎসা! অভিযোগ- অতিমাত্ৰা ধনৰ লোভৰ বাবেই একাংশ ব্যক্তিগত চিকিৎসালয়ৰ অতপালিয়ে চুড়ান্ত সীমা অতিক্ৰম কৰিছে।

এনে এখন চিকিৎসালয় হ’ল যোৰহাটৰ মাছৰহাটৰ ডা: অৰূপ কুমাৰ বৰুৱাৰ মালিকাধীন City Orthopadic Hospital। উক্ত চিকিৎসালয়খনত এগৰাকী ৰোগীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হ’ল এক অপ্ৰীতিকৰ পৰিৱেশ। অভিযোগ অনুসৰি 16 এপ্ৰিলত সামান্য ভৰিৰ অস্ত্ৰোপচাৰৰ বাবে পানীচকুৱা খঙিয়াৰ অনিমা বৰা নামৰ এগৰাকী মহিলাক City Orthopadic Hospital ভৰ্তি কৰোৱা হৈছিল।

দুৰ্ভাগ্যজনক ভাৱে ডাঃ অৰূপ বৰুৱাই কৰা অস্ত্ৰোপচাৰৰ অন্তত ঘৰৰ পৰাৰ সুস্থ অৱস্থাৰে চিকিৎসালয়লৈ অহা ৰোগী গৰাকীয়ে মৃত্যুক আকোৱালি ল’ব লগা হ’ল। ৰোগীৰ পৰিয়ালৰ মতে এয়া স্বাভাৱিক মৃত্যু নহয়।চিকিৎসকৰ ভুলৰ বাবে আৰু এনাচেচিয়া পৰিমাণ বেছি হোৱা বাবেই ৰোগীগৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ পৰিয়ালৰ।

আনহাতে ৰোগীৰ পৰিয়াল অভিযোগ সম্পূৰ্ণ ৰূপে অস্বীকাৰ কৰিছে চিকিৎসালয়খনৰ কৰ্তৃপক্ষই। উল্লেখযোগ্য যে City Orthopadic Hospital নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ বিৰুদ্ধে পূৰ্ৱেও এনে বহু অভিযোগ উত্থাপিত হৈ আহিছে। তাৰ পিছতো আজিকোপতি চিকিৎসালয়খনৰ কতৃপক্ষৰ স্বভাৱ সলনি ন’হল।

তাৎপর্যপূর্ণ যে সময় থাকোতেই যদি এনেবোৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰশাসন যন্ত্ৰ যদি কঠোৰ নহয় তেতিয়া হলে অনাগত সময়ত এইসমূহ অতপালি পুনৰ বৃদ্ধি পাব বুলি সচেতন লোক সকলে মত প্ৰকাশ কৰিছে।

এক বৃক্ষ দশ পুত্ৰৰ সমান: গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত এগৰাকী ব্যতিক্ৰমী বনকৰ্মী…

‘এক বৃক্ষ দশপুত্ৰৰ সমান’৷ এয়া ভাগৱতৰ বাণী ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কৰ্মৰাজি আৰু আদৰ্শই যুগে যুগে অসমবাসীক অনুপ্ৰাণিত কৰি আহিছে ৷ গুৰুজনাই দি থৈ যোৱা বাণীক সৰোগত কৰি এজন বনকৰ্মীয়ে প্ৰকৃতি প্ৰেমৰ নিদৰ্শন দাঙি ধৰি আহিছে ৷চহকী কৰাৰ চেষ্টা কৰিছে প্ৰাকৃতিক পৃথিৱীখনক ৷ আধ্যাত্মিক চিন্তা-চেতনাৰ মাজেৰে জীৱন জীয়াই থকা ত্ৰিগুণ তালুকদাৰ নামৰ বনকৰ্মীগৰাকীৰ জন্ম সূত্ৰে হোজাই যদি বৰ্তমান কলিয়াবৰ বাসিন্দা।কৰ্মসূত্ৰে সম্প্ৰতি তেওঁ বাস কৰি আছে বিশ্বনাথৰ বিহালী সমষ্টিৰ বৰগাঙত ৷মহাপুৰুষ গুৰুজনাই যিদৰে দক্ষিণপাৰৰ পৰা আহি উত্তৰ পাৰৰ গাংমৌ থানত প্ৰায় সাতটা বছৰ অতিবাহিত কৰিছিল, ঠিক সেইদৰে গুৰুজনাৰ আদৰ্শক প্ৰাধান্য দিয়া বনকৰ্মীগৰাকীয়েও গাংমৌ থানত সেৱা আগবঢ়োৱাৰ চেষ্টা কৰিছে ৷বিগত ডেৰটা বছৰে বনকৰ্মীগৰাকীয়ে গাংমৌ থানৰ লগতে বিহালী সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত গছপুলি ৰোপন কৰি আহিছে৷অৱসৰলৈ মাজত মাত্ৰ তিনিটা বছৰ থকা বনকৰ্মীগৰাকী সম্প্ৰতি বিভিন্ন ৰোগত আক্ৰান্ত হৈ পৰিছে ৷

যাৰ বাবে সমাজখনত কিবা এটা চিন ৰাখি যোৱাৰ মানসেৰে ৰোপন কৰি আহিছে বকুলকে ধৰি বিভিন্ন গছপুলি৷বনকৰ্মীগৰাকীয়ে ভাবে- সন্তানহীনসকলেও গছপুলিৰ মাজতেই সন্তানৰ সুখ লাভ কৰিব পাৰে ৷একোটা গছপুলি লালন-পালন কৰিয়েই দশপুত্ৰৰ গৌৰৱ লাভ কৰিব পাৰি ৷ লগতে তেওঁ কয় যে- যিসকল লোকে গছ কাটি তহিলং কৰে, তেওঁলোককো গছে ছাঁ দিয়ে । গতিকে গছপুলি ৰোপন কৰাৰ জৰিয়তে এখন সুন্দৰ পৃথিৱী কামনা কৰিছে জ্যেষ্ঠ বন কৰ্মীগৰাকীয়ে।ইয়াৰ ওপৰিও বন কৰ্মী গৰাকীয়ে বিভিন্ন ধৰ্মীয় অনুষ্ঠানত নিজা ব্যক্তি ধন প্ৰদান কৰি নাম নিৰ্মাণ কৰিও এক নিৰ্দেশ দাঙি ধৰিবলৈ সক্ষম হৈছে। বৰ্তমান বৰগাং বনাঞ্চলিক কাৰ্যালয়ত জ্যেষ্ঠ বন পালক এক কাৰ্যনিৰ্বাহ কৰি আই।

২০১৭ চনৰ পৰা উত্তৰ প্ৰদেশৰ এনকাউণ্টাৰত নিহত ১৮৩ জন অপৰাধী…

যোগী চৰকাৰৰ ছবছৰত উত্তৰ প্ৰদেশ আৰক্ষীৰ এনকাউণ্টাৰত নিহত ১৮৩ জন অপৰাধী। উত্তৰ প্ৰদেশ চৰকাৰে প্ৰকাশ কৰিলে এই তথ্য। ইউ পি আৰক্ষীৰ তথ্য অনুসৰি ২০১৭ চনৰ মাৰ্চ মাহৰ ১৮৩ জন অপৰাধী নিহত হৈছে।

পিটিআইক জনোৱা মতে, ২০১৭ চনৰ ২০ মাৰ্চৰ পৰা ৰাজ্যখনত আৰক্ষীৰ এনকাউণ্টাৰত ১৮৩ জন অপৰাধীক গুলীয়াই হত্যা কৰা হৈছে।কিন্তু চৰকাৰ আৰু বিৰোধীৰ সমতাসমূহৰ সমালোচকসকলে এই এনকাউণ্টাৰসমূহৰ বহুকেইটা “ভুৱা” বুলি অভিযোগ উত্থাপন কৰি তথ্যসমূহ উলিয়াই আনিবলৈ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ইউ পি চৰকাৰ আৰু আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰি কয় যে ২০১৭ চনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰে পৰা আইন-শৃংখলাৰ উন্নতি হৈছে৷