Home Blog Page 1599

প্ৰথম বাৰৰ বাবে নিজতকৈ ২৫ বছৰ সৰু অভিনেত্ৰীৰ সৈতে ৰোমাঞ্চ ছলমান খানৰ…

‘কিছি কা ভাই কিছি জান’ ছবিখনে অতি সোনকালে মুক্তি লাভ কৰিব। পূজা হেগড়েৰ সৈতে ছলমান খানৰ ৰোমান্টিক কেমিষ্ট্ৰী এই ছবিখনত দেখা যাব।পূজা হেগড়ে প্ৰথম লগ পাওঁতে ছলমান খানক ভাই বুলি সম্বোধন কৰিছিল।

পূজাই কয় যে ‘প্ৰথম অৱস্থাত ছলমান খানক লগ পাওঁতে ভাই বুলি মাতিছিলো কাৰণ সকলোৱে তেওঁক তেনেকৈ মাতিছিল। সকলোৰে তেওঁক ভাইজান বুলি মাতিছিল সেয়ে মইও তেওঁক ভাই বুলি মাতিছিলোঁ। আনকি শ্বুটিঙৰ সময়তো বহু সময়ত ভাই বুলি মোৰ মুখৰ পৰা ওলাই আহিছিল, এই কথাটো লৈ সকলোৰে শ্বুটিং স্থলীত হাঁহিছিল।‘কিছি কা ভাই কিছি জানত ছলমানৰ সৈতে ৰোমাঞ্চ কৰা দেখা গৈছে পূজা হেগড়েক’।

‘কিছি কা ভাই কিছি কি জান’ ছবিৰ ট্ৰেইলাৰ ৰাইজে ভাল পাইছে লগতে ছলমান খান আৰু পূজা হেগড়েৰ কেমিষ্ট্ৰীকো ভাল পাইছিল। দুয়োৰে অনুৰাগীয়ে প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখাৰ বাবে আগ্ৰহী। এই ছবিখন ২১ এপ্ৰিলত ঈদ উপলক্ষে মুক্তি পাব।

ভাৰতৰ আটাইতকৈ সুখী ৰাজ্য খনৰ নাম কি? সুখৰ মূল উৎস কি…

ভাৰতৰ আটাইতকৈ সুখী ৰাজ্য খনৰ নাম কি? এক অধ্যয়নত প্ৰকাশ পাইছে এই তথ্য। এই প্ৰতিবেদনত কোৱা হৈছে যে মিজোৰামৰ সামাজিক গাঁথনিয়ে যুৱক-যুৱতীসকলৰ সুখত অৰিহণা যোগায়। মিজোৰামৰ যুৱক-যুৱতীৰ মাজত কোনো বৈষম্য নাই, কোনো কাৰো ওপৰত নিৰ্ভৰশীলও নহয়। এক অধ্যয়নৰ মতে মিজোৰামক আটাইতকৈ সুখী ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। এই অধ্যয়ন গুৰুগ্ৰামৰ মেনেজমেণ্ট ডেভেলপমেণ্ট ইনষ্টিটিউটৰ কৌশলৰ অধ্যাপক ৰাজেশ কে পিলানিয়াই কৰিছে। এই প্ৰতিবেদনত ৬টা পৰিমাপৰ ভিত্তিত মিজোৰামক সুখী ৰাজ্য হিচাপে ঘোষণা কৰা হৈছে। ইয়াৰ ভিতৰত পাৰিবাৰিক সম্পৰ্ক, কৰ্ম-সম্পৰ্কীয় বিষয়, সামাজিক বিষয়, ধৰ্ম, সুখৰ ওপৰত ক’ভিড-১৯ৰ প্ৰভাৱ, শাৰীৰিক আৰু মানসিক স্বাস্থ্য আদি।

এই প্ৰতিবেদনত কোৱা হৈছে যে মিজোৰাম ভাৰতৰ দ্বিতীয়খন ৰাজ্য য’ত সাক্ষৰতাৰ হাৰ ১০০ শতাংশ। অধ্যাপক ৰাজেশ কে পিলানিয়াৰ প্ৰতিবেদনত লিখা আছে যে মিজোৰামৰ সামাজিক গাঁথনি এনেকুৱা যে ই যুৱক-যুৱতীসকলৰ সুখত অৰিহণা যোগায়। ব্যক্তিগত বিদ্যালয় এবেন-আজাৰ বৰ্ডিং স্কুলৰ শিক্ষয়িত্ৰী ভগ্নী লালৰিণমাৱী খিয়াংটে কয়, ‘ইয়াত পঢ়াৰ বাবে পৰিয়ালৰ হেঁচা খুব কম। ল’ৰা-ছোৱালীৰ মাজত কোনো বৈষম্য নাই, কোনো কাৰো ওপৰত নিৰ্ভৰশীল নহয়।

আজি বিশ্ব যকৃত দিৱস। যকৃতৰ ভালে ৰাখিবলৈ ৫টা যোগ আসন আৰু ধ্যান কৌশলৰ বিষয়ে জানক…

প্ৰতি বছৰে ১৯ এপ্ৰিল দিনটো বিশ্ব যকৃত দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য যকৃতৰ লগত জড়িত ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি আৰু যকৃত ভালে ৰখা। যকৃত ভালে ৰাখিবলৈ আসন আৰু ধ্যান কৌশল অনুসৰণ কৰিব লাগে।

তলত কিছুমান আসন আৰু ধ্যান কৌশলৰ ফটো চাওক-

১) মাণ্ডুকাচন
ভংগীমাৰ গঠন:


২) অধো মুখ স্বনাসন
ভংগীমাৰ গঠন:

৩) শলাবাসনা (ফৰিঙৰ ভংগীমা)
ভংগীমাৰ গঠন:

৪) কপাল ভাটি (প্ৰানায়াম কৌশল)
সংস্কৃতত ‘কপাল’ মানে ‘মূৰ খুলি’ আৰু ‘ভাটি’ৰ অৰ্থ হৈছে ‘জিলিকি থকা’ বা ‘আলোকিত কৰা’। মূৰৰ খুলি জিলিকি থকা শ্বাস-প্ৰশ্বাস পদ্ধতি এই কপালভাটি প্ৰাণায়ামৰ আন এটা নাম।

এইদৰে যোগাসন কৰি যকৃত ভালে ৰাখিব পাৰি।

চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে চিহ্নিত ভাৰত…

২০২৩ চনৰ মাজভাগলৈকে ভাৰতে চীনক অতিক্ৰম কৰি বিশ্বৰ সৰ্বাধিক জনবহুল দেশ হিচাপে পৰিগণিত হ’ব, জনসংখ্যা ১.৪২ বিলিয়ন হ’ব।ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনবহুল দেশ।বিশেষজ্ঞসকলে কয় যে গ্ৰাহক-চালিত অৰ্থনীতিত ভাৰতৰ যুৱ জনসংখ্যাই দেশৰ উন্নয়নৰ ক্ষেত্ৰত এক প্ৰধান কাৰক হ’ব।
ৰাষ্ট্ৰসংঘৰ জনসংখ্যা পুঁজি (UNFPA)ৰ শেহতীয়া তথ্য অনুসৰি চীনতকৈ ২৯ লাখ জনসংখ্যা বেছি থকা ভাৰত বৰ্তমান বিশ্বৰ সৰ্বাধিক জনবহুল দেশ।

বুধবাৰে প্ৰকাশিত ‘৮ বিলিয়ন লাইভছ, ইনফিনিট পচিবিলিটিজ: দ্য কেছ ফৰ ৰাইটছ এণ্ড চয়ছ’ শীৰ্ষক ইউএনএফপিএৰ ‘দ্য ষ্টেট অৱ ৱৰ্ল্ড পপুলেচন ৰিপ’ৰ্ট, ২০২৩’ত কোৱা হৈছে যে ভাৰতৰ জনসংখ্যা ১৪২৮.৬ মিলিয়ন হোৱাৰ বিপৰীতে চীনৰ জনসংখ্যা ১৪২৫.৭ মিলিয়ন।

১৯৫০ চনত ৰাষ্ট্ৰসংঘই জনসংখ্যাৰ তথ্য সংগ্ৰহ আৰু প্ৰকাশ কৰিবলৈ আৰম্ভ কৰাৰ পিছত ভাৰতৰ জনসংখ্যাই চীনক প্ৰথমবাৰৰ বাবে অতিক্ৰম কৰে।

বিবাহৰ পূৰ্বে মাতৃ হ’ব অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ! ইলিয়ানাৰ কঁকালক লৈ কি মন্তব্য কৰিলে ৰণবীৰ কাপুৰে…

অভিনেত্ৰী ইলিয়ানা ডি ক্ৰুজ মাতৃ হ’বলৈ ওলাইছে। এই খবৰটো চৰ্চালৈ অহাৰ লগে লগে সকলো আচৰিত হৈ পৰিল। বিয়া নোহোৱাকৈ সন্তান জন্ম দিবলৈ ওলোৱা সেই চেলিব্ৰিটিসকলৰ ভিতৰত এই অভিনেত্ৰীগৰাকী গৰাকীৰ নামো অন্তভুক্ত। অৱশ্যে ভৱিষ্যতে কি হ’ব কোনে জানে। কিন্তু অভিনেত্ৰীগৰাকীয়ে সন্তানৰ পিতৃ কথা গোপনে ৰাখিছে। কেইবছৰমান আগলৈকে ইলিয়ানাৰ সম্পৰ্ক আছিল অষ্ট্ৰেলিয়াৰ প্ৰেমিক এণ্ড্ৰু নিবনৰ সৈতে। অভিনেত্ৰীগৰাকীয়ে তেওঁক কেইবাবাৰো ‘স্বামী’ বুলিও অভিহিত কৰে। কিন্তু ২০১৯ চনত ইলিয়ানা আৰু এণ্ড্ৰুৰ সম্পৰ্ক বিচ্ছিন্ন হয়। তেতিয়াৰ পৰাই ইলিয়ানাই নিজৰ প্ৰেম জীৱনক লৈ মৌনতা অৱলম্বন কৰি আছে।

শেহতীয়াকৈ কেটৰিনা কাইফৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেলৰ সৈতে তেওঁৰ সম্পৰ্ক কথা ওলাইছিল। অৱশ্যে পৃথকে পৃথকে বাস কৰা এই দম্পতীয়েও বহুবাৰ একেলগে বন্ধৰ দিন উদযাপন কৰা দেখা গৈছে। শেহতীয়াকৈ কেটৰিনা কাইফৰ জন্মদিনত পৰিয়ালৰ সৈতে মালদ্বীপ ভ্ৰমণৰ বহু ছবি দেখা গ’ল। ইলিয়ানাক তাত কেটৰিনাৰ ভাতৃ চেবাষ্টিয়ান, ভগ্নী ইছাবেল কাইফৰ সৈতেও দেখা গৈছিল। কেটৰিনাৰ পৰিয়ালৰ সৈতে ইলিয়ানাৰ উপস্থিতিয়ে সম্পৰ্কক লৈ চৰ্চা চলিছে।

ইলিয়ানা বলীউডৰ চিনাকি মুখ। ‘বৰফী’, ‘ৰুষ্টম’, ‘ৰেইড’ আদি ছবিত কাম কৰিছিল। ৰণবীৰ কাপুৰ, অক্ষয় কুমাৰ, অজয় ​​দেৱগনৰ দৰে শীৰ্ষ অভিনেতাৰ সৈতে তেওঁৰ কামে দৰ্শক আৰু অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অৱশ্যে এইবাৰ নতুন ছবিৰ ঘোষণা নহয়, বৰঞ্চ অভিনেত্ৰীগৰাকীয়ে ব্যক্তিগত জীৱনৰ এক নতুন অধ্যায়ৰ কথা ঘোষণা কৰিছে।

এন চি পিৰ নেতাৰ সৈতে গোপন বৈঠক অজিত পাৱাৰৰ! বিজেপিত যোগদান কৰাৰ সম্ভাৱনা…

হোটেলত এন চি পিৰ নেতাৰ সৈতে অজিত পাৱাৰৰ গোপন বৈঠক! মহাৰাষ্ট্ৰত অজিত পাৱাৰে এনচিপি এৰি বিজেপিত যোগদান কৰাৰ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে। কিন্তু, তেওঁ এই খবৰৰ অস্বীকাৰ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত এই মুহূৰ্তৰ পৰিবেশ অতি উত্তপ্ত। এন চি পিৰ বিধায়কৰ পৰা বিচ্ছিন্ন হৈ অজিত পাৱাৰে বিজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনাৰ হৈ আছে। এতিয়া এই সকলোবোৰৰ মাজতে আন এক ডাঙৰ খবৰ আহিছে যে মঙলবাৰে অজিত পাৱাৰ, প্ৰফুল্ল পেটেল, দিলীপ ৱালছে পাটিল আৰু ছগন ভুজবালৰ সাক্ষাৎ মুম্বাইৰ কোলাবা অঞ্চলৰ এখন ফাইভ ষ্টাৰ হোটেলত।

এই নেতাসকলৰ মাজত কি বিষয়ত আলোচনা হৈছিল সেই সন্দৰ্ভত তথ্য পোৱা নগ’ল যদিও এই নেতাসকলকো অজিত পাৱাৰৰ সৈতে থিয় হৈ থকা দেখা গ’ল। এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰেও এই বিধায়কসকলৰ সৈতে ফোনযোগে কথা পাতিছিল বুলিও খবৰ পোহৰলৈ আহিছে। অৱশ্যে বিজেপিত যোগদানৰ খবৰ অস্বীকাৰ কৰি অজি পাৱাৰে আগদিনা কৈছিল যে মই এন চি পিত আছো আৰু কেৱল এন চি পিত থাকিম। এই সকলোবোৰ খবৰক তেওঁ উৰাবাতৰি বুলি অভিহিত কৰে।

এই সকলোবোৰৰ পাছতো অজিত পাৱাৰৰ এই বৈঠকে ৰাজনৈতিক কৰিড’ৰত তেওঁৰ দল ত্যাগক লৈ জল্পনা-কল্পনা বাঢ়িছে৷ লগতে অজিতে বিচাৰিছে যে সমগ্ৰ এন চি পি দল বিজেপিৰ লগত লগ হওক যাতে ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত দলটোৱে লাভৱান হ’ব পাৰে।

মঙলবাৰে অজিত পাৱাৰে নিজৰ টুইটাৰ আৰু ফেচবুক একাউণ্টৰ পৰা দলৰ চিম্বল থকা ফটোখন আঁতৰাই পেলায়। ইয়াৰ পিছত তেওঁ কয় যে তেওঁ জীয়াই থকালৈকে নিজৰ দলৰ বাবে কাম কৰি যাব। একে সময়তে মঙলবাৰে সন্ধিয়া মুম্বাইৰ ইছলাম জিমখানাতো এন চি পিৰ ইফতাৰ পাৰ্টি অনুষ্ঠিত হয়। দলৰ মুৰব্বী শাৰদ পাৱাৰৰ সৈতে অজিত পাৱাৰে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

‘গৌৰৱৰ মুহূৰ্ত’! ভাৰতীয় মহিলাই শাৰী পিন্ধি ৪২.৫ কিলোমিটাৰ মাৰাথনত কৰিলে অংশগ্ৰহণ…

‘গৌৰৱৰ মুহূৰ্ত’! ভাৰতীয় মহিলাই শাৰী পিন্ধি ৪২.৫ কিলোমিটাৰ মাৰাথনত কৰিলে অংশগ্ৰহণ…।‘ফ্ৰেণ্ডছ অৱ ইণ্ডিয়া ছ’চাইটি ইনটল ইউ কে’-এ টুইটাৰত মাৰাথনৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’টোত এগৰাকী মহিলাই শাৰী পিন্ধি দৌৰি থকা দেখা গৈছে, যাৰ বাবে বহুতে প্ৰশংসা কৰিছে। ব্ৰিটেইনৰ এইগৰাকী ভাৰতীয় মহিলাই শাৰী পিন্ধি ৪২.৫ কিলোমিটাৰ মাৰাথন দৌৰত দৌৰিছিল। দৌৰৰ ছবিবোৰ যেতিয়া চৰ্চালৈ আহিল, তেতিয়া মানুহে প্ৰশংসাৰেৰে ওপচাই পেলালে। এইদৰে শাৰী পিন্ধি ৪ ঘন্টা ৫০ মিনিট সময় মাৰাথন দৌৰত দৌৰিছিল।

ব্ৰিটেইনৰ মানচেষ্টাৰত বাস কৰা ভাৰতীয় মধুস্মিতা জেনাই ২০২৩ চনৰ মাৰাথনত নিজৰ ভাৰতীয় ঐতিহ্যক গৌৰৱেৰে প্ৰদৰ্শন কৰি এখন সুন্দৰ সম্বলপুৰী শাৰী পিন্ধি আৰামত দৌৰিছে। তেওঁ নিজৰ ভাৰতীয় ঐতিহ্যৰ প্ৰদৰ্শন কৰে।ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে প্ৰশংসা কৰে।


মধুস্মিতাই বিশ্বজুৰি বহুতো মাৰাথন আৰু আল্ট্ৰা মাৰাথন দৌৰত দৌৰিছে। এতিয়া মধুস্মিতাই শাৰী পিন্ধি দৌৰি ব্ৰিটেইনত ভাৰতক গৌৰৱান্বিত কৰিছে। তেওঁৰ অনন্য শৈলীৰ বাবে সকলোৱে প্ৰশংসা কৰিছে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘ভাৰতীয় জনসাধাৰণৰ এক গৌৰৱৰ মুহূৰ্ত।’

দিল্লীৰ বাঙালী বজাৰ পৰিদৰ্শন কৰি পানীপুৰি আৰু তৰমুজৰ সোৱাদ ল’লে ৰাহুল গান্ধীয়ে

দিল্লীৰ বাঙালী বজাৰ পৰিদৰ্শন কৰি পানীপুৰি আৰু তৰমুজৰ সোৱাদ ল’লে ৰাহুল গান্ধীয়ে…। গান্ধীয়ে মাটিয়া মহল অঞ্চলৰ এজন বিখ্যাত ‘জ্যুচ’ বিক্ৰেতাৰ ওচৰলৈ গৈ তৰমুজ জ্যুচ আৰু নাথু মিঠাইত ‘পানীপুৰি’ৰ সোৱাদ লয়
প্ৰাক্তন কংগ্ৰেছ প্ৰধান ৰাহুল গান্ধীয়ে।

নিৰ্বাচনমুখী কৰ্ণাটকত দুদিনীয়া প্ৰচাৰৰ অন্তত ৰাজধানীলৈ উভতি অহা কংগ্ৰেছ নেতাগৰাকীয়ে দিল্লীৰ চান্দনী চ’ক ভ্ৰমণ কৰে।

লগতে বঙালী বজাৰত নাথু মিঠাইত “পানীপুৰি”ৰ সোৱাদ লয়।

পুৰণি দিল্লীত কংগ্ৰেছ নেতা গৰাকীৰ চাৰিওফালে বৃহৎ জনসমাগম।

মুম্বাইত ৪০০ মিটাৰ দৌৰত ৰূপৰ পদক লাভ অভিনেতা আংগদ বেদীৰ…

মুম্বাইত ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি শেহতীয়াকৈ ক্ৰীড়া প্ৰতিযোগিতাত প্ৰথমটো ৰূপৰ পদক লাভ কৰিছে অভিনেতা আংগদ বেদী।প্ৰথমখন স্প্ৰিণ্টিং প্ৰতিযোগিতাত ৰূপৰ পদক লাভ কৰে আংগদ বেদীয়ে। মুম্বাইত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত আংগদে ৩১-৪০ বছৰ শাখাত ৪০০ মিটাৰ দৌৰত অংশগ্ৰহণ কৰি এই পদক লাভ কৰে।


প্ৰশিক্ষক ব্রিনষ্টন মিৰাণ্ডাৰ নেতৃত্বত আংগদে প্রতিযোগিতাখনৰ বাবে প্রস্তুতি চলাইছিল৷ আংগদে এক প্ৰেছ বিবৃতিত কয়, “মই সদায় ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত হৈ আহিছো, এই ক্ষেত্ৰত কিমান দূৰ আগবাঢ়িব পাৰিম নাজানোঁ।”

অভিনেতাগৰাকীয়ে ছবি আৰু এটা ভিডিঅ’ও শ্বেয়াৰ কৰি ইনষ্টাগ্ৰামত লিখিছে, “মই ৪০০ মিটাৰ দৌৰ দৌৰিলোঁ। মোৰ গুৰু আৰু প্ৰশিক্ষক মিৰাণ্ডাৰ চাৰৰ নিৰ্দেশনাত। প্ৰায় এবছৰ ধৰি এই দিনটোৰ বাবে প্ৰশিক্ষণ লৈছো।”

গৰমে দহিছে মহাৰাষ্ট্ৰক, ১৪ জন লোকৰ মৃত্যু। জাৰি কৰিছে গাইডলাইন…

গৰমে দহিছে মহাৰাষ্ট্ৰক, ১৪ জন লোকৰ মৃত্যু। জাৰি কৰিছে গাইডলাইন…। এই পৰ্যন্ত মহাৰাষ্ট্ৰত হিট ষ্ট্ৰ’কৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে, বিএমচিয়ে জাৰি কৰিছে গাইডলাইন। এপ্ৰিল মাহত দেশত বাঢ়িছে গৰমৰ প্ৰকোপ। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৩৬ ডিগ্ৰী অতিক্ৰম কৰিছে, যাৰ বাবে মানুহে তীব্ৰ গৰমৰ সন্মুখীন হৈছে।

এই পৰ্যন্ত মহাৰাষ্ট্ৰত হিট ষ্ট্ৰ’কৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে। এনে পৰিস্থিতিত বৃহনমুম্বাই পৌৰ নিগমে গৰম বৃদ্ধিৰ পৰা হাত সাৰিবলৈ জাৰি কৰিছে গাইডলাইন।

পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।পাতল ৰঙৰ, ঢিলা আৰু কপাহী কাপোৰ পিন্ধক। ৰ’দত ওলাই যোৱাৰ সময়ত সুৰক্ষামূলক চশমা, ছাতি/টুপী, জোতা বা চেণ্ডেল ব্যৱহাৰ কৰিব লাগে।

যাত্ৰাৰ সময়ত পানী লগত ৰাখিব। মদ, চাহ, কফি আৰু কাৰ্বনেটেড শীতল পানীয় পৰিহাৰ কৰিব লাগে।


প্ৰটিনযুক্ত খাদ্য পৰিহাৰ কৰক। যদি আপুনি বাহিৰত কাম কৰি আছে তেন্তে টুপী বা ছাতি ব্যৱহাৰ কৰক। পাৰিলে কপাহী কাপোৰেৰে মূৰ আৰু মুখখন ঢাকি ল’ব।


মূৰ, ডিঙি, মুখত ভিজা কাপোৰ ব্যৱহাৰ কৰিব লাগে। ৰখাই থোৱা বাহনত শিশু বা পোহনীয়া জন্তু এৰি নাযাব।
যদি আপুনি দুৰ্বল বা অসুস্থ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ ওচৰলৈ যাওক।


ঘৰতে বনোৱা পানীয় যেনে নেমু পানী, মাখন, নাৰিকল পানী নিয়মিতভাৱে খাব লাগে। ই শৰীৰক ঠাণ্ডা কৰি ৰখাত সহায় কৰে।ঘৰখন ঠাণ্ডা কৰি ৰাখক, পৰ্দা, চাটাৰ বা ছানশ্বেড ব্যৱহাৰ কৰক আৰু ৰাতি খিৰিকী খোলা ৰাখক।