Home Blog Page 1602

পুত্ৰৰ সাফ্যলত গৌৰাৱান্ৱিত পিতৃ। অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদান্তই লাভ কৰে ৫টা স্বৰ্ণ পদক…

পুত্ৰৰ সাফ্যলত গৌৰাৱান্ৱিত পিতৃ। অভিনেতা আৰ মাধৱনৰ পুত্ৰ বেদান্তই লাভ কৰে ৫টা স্বৰ্ণ পদক…। সাঁতোৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ৫টাকৈ স্বৰ্ণ পদক লাভ কৰে আৰ মাধৱনৰ পুত্ৰ বেদান্তই। অভিনেতা গৰাকীৰ পুত্ৰৰ বিজয়ৰ পিছতে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে। দক্ষিণৰ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ আৰ মাধৱনে অভিনয়েৰে বলীউডত বিশেষ স্থান দখল কৰিছে। মাধৱন কেৱল এজন অভিনেতাই নহয়, এজন ভাল পৰিয়ালৰ ব্যক্তি আৰু এজন পিতৃও। তেওঁ পুত্ৰ বেদান্তক সদায় সমৰ্থন কৰি আহিছে। তেওঁৰ পুত্ৰই চলচ্চিত্ৰ জগতৰ পৰা আঁতৰি ক্ৰীড়াৰ দক্ষতাৰে দেশৰ নাম আলোকিত কৰিছে। বেদান্ত সাঁতোৰত নিপুণ আৰু পিতৃৰ লগতে দেশকো গৌৰৱান্বিত কৰিছে বেদান্তই।

সাঁতোৰ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ৫টাকৈ স্বৰ্ণ পদক লাভ কৰিছে বেদান্তই। এই কৃতিত্বৰ বাবে পুত্ৰক অভিনন্দন জনাই ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে আৰ মাধৱনে। বেদান্তই শেহতীয়াকৈ মালয়েছিয়া ইনভিটেচনেল এজ গ্ৰুপ ছুইমিং চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিছিল য’ত তেওঁ জয়লাভ কৰিছিল। পিতৃ আৰ মাধৱনে শ্বেয়াৰ কৰা ছবিসমূহত বেদান্তই ভাৰতৰ জাতীয় পতাকা আৰু পাঁচটা স্বৰ্ণ পদক লৈ পোজ দিয়া দেখা গৈছে। আনহাতে, দ্বিতীয়খন ফটোত তেওঁক মাতৃ সৰিতা বীৰজেৰ সৈতে দেখা গৈছে।

আৰ মাধৱনে এই ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে, ‘ভগৱানৰ কৃপা আৰু আপোনালোক সকলোলৈ শুভেচ্ছাৰে ভাৰতৰ বাবে পাঁচটা সোণৰ সৈতে বেদান্তই (৫০ মিটাৰ, ১০০ মিটাৰ, ২০০ মিটাৰ, ৪০০ মিটাৰ আৰু ১৫০০ মিটাৰত) দুটা পি বি পাইছিল।

এই সফলতাৰ বাবে অনুৰাগীসকলে আৰ মাধৱনৰ পুত্ৰক অভিনন্দন জনাইছে।

কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৫০ খনতকৈও অধিক আসনত জয়ৰ নিশ্চিত কংগ্ৰেছৰ…

কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত কংগ্ৰেছ নেতা ৰাহুল গান্ধী। ১৫০ খনতকৈও অধিক আসনত জয় সুনিশ্চিত কৰিবলৈ ৰাহুল গান্ধীয়ে দলৰ নেতাসকলক আহ্বান জনায়। কৰ্ণাটক নিৰ্বাচনলৈ এমাহ বাকী আছে। কংগ্ৰেছে ৰাজ্যত প্ৰচাৰ চলাবলৈ আৰু ৰাইজৰ আস্থা লাভ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে। দেওবাৰৰ পৰা দুদিনীয়া কৰ্ণাটক ভ্ৰমণত আছে দলৰ নেতা ৰাহুল গান্ধী।

দেওবাৰে কোলাৰত ৰাহুল গান্ধীয়ে এখন সভাত ভাষণ দিয়াৰ বিপৰীতে আজি বিদাৰ জিলাৰ ভালকী আৰু হুমনাবাদত দুখনকৈ ৰাজহুৱা সভাত ভাষণ দিব৷ দেওবাৰে দিয়া ভাষণত ৰাহুলে আস্থা প্ৰকাশ কৰে যে ১০ মে’ত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত কৰ্ণাটকত কংগ্ৰেছ ক্ষমতালৈ আহিব। এই সময়ত তেওঁ দলৰ নেতা সকলক ১৫০ খনতকৈও অধিক আসনত জয় সুনিশ্চিত কৰিবলৈ আহ্বান জনায়।

ৰাহুল গান্ধীয়ে কয়, “আমি ১৫০খন আসনত নিৰ্বাচনত জয়ী হ’ব লাগিব।” ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি উদ্যোগপতি গৌতম আদানীক আক্ৰমণ কৰি উদ্যোগপতিজনক “দুৰ্নীতিৰ প্ৰতীক” বুলি অভিহিত কৰে। আনহাতে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত খোলা কোলাৰত ৰাহুল গান্ধীয়ে ‘মোডী’ উপাধি সন্দৰ্ভত বিতৰ্কিত বক্তব্য দিছিল। এই বক্তব্যৰ বাবে তেওঁক অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত কৰা হৈছিল আৰু যোৱা মাহত তেওঁ সংসদৰ সদস্যপদ হেৰুৱাইছিল।

গ্ৰীষ্মকালত এই ৫ টা সোৱাদযুক্ত ফলৰ চালাডৰ দ্বাৰা শৰীৰক ঠাণ্ডা কৰি ৰাখক…

এই ৫ টা সোৱাদযুক্ত ফলৰ চালাডে গৰমৰ পৰা আপোনাক ৰক্ষা কৰিব। গ্ৰীষ্মকালত শৰীৰক ভালেৰখাটো অতি প্ৰয়োজনীয়। গতিকে গ্ৰীষ্মকালত পানীৰ অভাৱ পূৰণ কৰিবলৈ কি চালাড খাব লাগে জানেনে।গৰমৰ বতৰত ফলৰ ৰজা হৈছে আম। গৰমৰ বতৰত ফলৰ চালাড খালে শৰাৰটো ভালে থাকে।

গ্ৰীষ্মকালীন ফলৰ ভিতৰত বগৰী আটাইতকৈ জনপ্ৰিয়। ইয়াৰ বাবে নেমুৰ ৰসৰ সৈতে এটা মিঠা আৰু টেঙা চালাড বনাওক, ইয়াত ক’লা নিমখ সংযোগ কৰিব পাৰে।

আনহাতে ছাইট্ৰাছ চালাড সতেজ আঙুৰ, কমলাৰ টুকুৰা আৰু ৰসাল মিঠা আনাৰসৰে তৈয়াৰ কৰা হয়। আপুনি নিজৰ পছন্দ অনুসৰি আৰু ছাইট্ৰাছ ফল দিব পাৰে। আলমণ্ডৰ টুকুৰা আৰু কিছু নিমখ দি সজাই লওক। এই চালাড অতি উপকাৰী গৰমৰ দিনত।

গৰমৰ বতৰত জামুক খোৱাৰ আৰম্ভ কৰক। ছালখন ভালে ৰাখিবলৈ ষ্ট্ৰবেৰী আৰু ব্লেকবেৰীৰ আৰু মৌ একেলগে সংযোগ কৰি খাব পাৰে। এই মিঠা আৰু সুস্বাদু চালাড পদিনা পাত আৰু নেমুৰ ৰসৰ লগত মিহলাই তৈয়াৰ কৰিব পাৰি।

নাৰেংগী সেনা ছাউনীত উদযাপিত ৰঙালী বিহুত ভাগ ল’লে ইষ্টাৰ্ণ কমাণ্ডৰ জি অ চি-ইন-চি ৰাণা প্ৰতাপ কলিতাই

ভাৰতীয় সেনাৰ দ্বিতীয় সৰ্বোচ্চ পদবীত তথা কলকাতাস্থিত ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং – ইন – চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই সেনাৰ পোছাকৰ দায়িত্ব, ব্যস্ততাৰ মাজতো পাহৰা নাই অসমীয়া জাতিৰ হেপাহৰ বহাগ বা ৰঙালী বিহুটোক।

যাৰ বাবে ব্যস্ততাৰ মাজতো ১৪ এপ্ৰিল গৰু বিহুৰ দিনাখন নাৰেংগী সেনা ছাউনীৰ অফিচাৰ ইনষ্টিটিউটত উদযাপন কৰা বিহুৰ কাৰ্যসূচীত উপস্থিত থাকি বিহুৰ স্মৃতি ৰোমন্থন কৰে ইষ্টাৰ্ণ কমাণ্ডৰ মুৰব্বী ৰাণা প্ৰতাপ কলিতাই।

অনুষ্ঠানটোত কলিতাই উপস্থিত সকলোকে বহাগ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিহু উদযাপনৰ তাৎপৰ্য দাঙি ধৰে। অনুষ্ঠানত সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ মহিলা কল্যাণ সংস্থাৰ সভানেত্ৰী নিশা কলিতা, সেনাৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাকে ধৰি কেবাজনো অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত অসমীয়া সেনা বিষয়া আৰু তেওঁলোকৰ পৰিয়ালৰ লোক উপস্থিত থাকে।

আনহাতে অনুষ্ঠানত বিহু নৃত্য পৰিৱেশন কৰাৰ বাবে সকলোকে অসমীয়া পিঠা – পনাৰে চাহ আপ্যায়ন কৰা হয়। উল্লেখযোগ্য যে বিহু উদযাপন উপলক্ষে নাৰেংগী সেনা ছাউনী চৌহদত অসমীয়া সেনা বিষয়া আৰু জোৱানৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকৰ মাজত বিশেষ উৎসাহ – উদ্দীপনা পৰিলক্ষিত হয়।

শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠান

পহিলা ব’হাগৰ দিনটোত শোণিতপুৰ জিলা কবি সন্মিলনৰ সৌজন্যত তেজপুৰৰ সাহিত্য সভা ভৱনত “বহাগী বৰণ” শীৰ্ষক অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায়।

শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি স্বপন মৈত্ৰৰ সভাপতিত্বত আদৰণি ভাষণ প্ৰদান কৰে জিলা কবি সন্মিলনৰ সম্পাদিকা সংগীতা ৰাজখোৱাই। অনুষ্ঠানত তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথীৰাজ ৰাভা, সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলিমা চেতিয়া বসুমতাৰী, প্ৰাক্তন উপ-সভাপতি প্ৰদীপ কুমাৰ গাভৰুপৰীয়া, নতুন কবিতাৰ সম্পাদক মৃদুল কুমাৰ চহৰীয়া উপস্থিত থাকি বক্তব্য আগবঢ়াই।

সভাত প্ৰবীণ সাহিত্যিক মহীপতি নিৰলা, লেখক উপেন সূত,সমাজকৰ্মী অনিল চন্দ্ৰ গোস্বামী,বিশিষ্ট কবি বসন্ত কাকতি, দিপালী মহন্ত গোস্বামী, প্ৰবীন শিল্পী সচিদানন্দ বৰা,সমাজ কৰ্মী শেখৰ বৰুৱা,অৱসৰ প্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ কেওঁট, সমাজকৰ্মী নগেন কলিতা,অভিনেত্ৰী জাহানাৰা বেগম, বিশিষ্ট কবি খগেন হাজৰিকা,কবি ৰুণুমী বৰা, সাংস্কৃতিক কৰ্মী অনুৰূপা বৰা, কৃৰ্তি শিক্ষক গুণ বৰুৱা, বিশিষ্ট সাহিত্যিক স্বাধীনতা মহন্ত, চাৰু চহৰীয়া নাথ,সমাজ কৰ্মী‌ কৃষ্ণ তালুকদাৰ, প্ৰবীণ প্ৰতিষ্ঠিত সাহিত্যিক,প্ৰবীন লেখক ধৰ্মকান্ত শইকীয়া, সমাজকৰ্মী তথা এমন্ত্ৰণৰ উপাধ্যক্ষ ঋতু বৰণ শৰ্মাক শোণিতপুৰ জিলা কবি সন্মিলনৰ বহাগী বৰণ অনুষ্ঠানত বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

অনুষ্ঠানত সম্পাদক সংগীতা ৰাজখোৱাই শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে সহ সম্পাদকদ্বয় মীনা মহন্ত, দিব্যজ্যোতি দাস, কল্পনা লহকৰ,ৰাণী দাস, গীতা শইকীয়া, নিৰুপমা লহকৰক ধন্যবাদ জ্ঞাপন কৰে।

নাৰেংগী সেনা ছাউনীত ৭৫ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন

ৰাষ্ট্ৰীয় পতাকাখনৰ স্বাভিমান যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে নাৰেংগী সেনা ছাউনীৰ সৈনিক পাৰ্কত সেনাৰ ৫১ চাব এৰিয়াৰ তদাৰকতাত আৰু অনা চৰকাৰী সংস্থা ‘ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়া’ ৰ পৃষ্ঠপোষকতাত ৭৫ ফুট উচ্চতাত স্থাপন কৰা হৈছে এখন ৰাষ্ট্ৰীয় পতাকা।

১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচৰ কমাণ্ডিং – ইন – চিফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।

জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উপস্থিত ৩০০ৰো অধিক বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোক, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট আৰু অসামৰিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

অনুষ্ঠানত ভাৰতীয় সেনাৰ শ্বিলংস্থিত ১০১ এৰিয়াৰ ভাৰপ্ৰাপ্ত জি অ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা, ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ মূখ্য কাৰ্যবাহী বিষয়া মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অসীম কোহলি, সভাপতি নবীন জিন্দালকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

গুৱাহাটী মহানগৰ জিলাৰ আৰক্ষীলৈ বিহুৰ শুভেচ্ছা জনালে বিশ্ব হিন্দু পৰিষদ মহানগৰ জিলাই

গোসাঁই বিহুৰ পবিত্ৰ দিনটোতে গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদৰ তৰফৰ পৰা গুৱাহাটী মহানগৰ জিলাৰ বিভিন্ন আৰক্ষী থানাত কৰ্মৰত হৈ থকা আৰক্ষী বিষয়া কৰ্মচাৰীসকলক বিহুৱানেৰে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।

গুৱাহাটী মহানগৰ জিলা বিশ্ব হিন্দু পৰিষদৰ সম্পাদক চন্দন ৰাভা, উপ সভাপতি বিনয় ঠাকুৰীয়া , শেখৰ চক্ৰবৰ্তী , ধৰ্মাচার্য্য প্রমুখ শৈলধৰ কলি়তা, সহ সম্পাদক সুশীল শৰ্মা, নাৰেংগী প্ৰখণ্ডৰ সম্পাদক উপকুল দাস আৰু লালগনেশ প্রখণ্ডৰ সম্পাদক দেবাশীষ ভট্টাচার্য প্ৰমুখ্যে অন্যান্য বিষয়া সকলে গুৱাহাটী মহানগৰৰ প্ৰতিখন থানাতে উপস্থিত হৈ বিহুৱানেৰে বিহুৰ উষ্ম ওলগ জনায়।

প্ৰচাৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ আনন্দ উল্লাসৰ মাজতো পৰিয়ালৰ পৰা দূৰৈত থাকি আৰক্ষী বিষয়া, জোৱানসকলে গুৱাহাটী মহানগৰ জিলাত দায়িত্ব পালন কৰি সমাজত শান্তি শৃংখলা সুচাৰুৰূপে ৰক্ষা কৰি ৰাইজক আনন্দ-উৎসৱৰ মাজত ৰঙালীৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ, জীৱন সম্পত্তিৰ নিৰাপত্তা প্ৰদান কৰি আহিছে।

আজি বিশ্ব হিন্দু পৰিষদে বিহুৱানেৰে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাত আৰক্ষী বিষয়া আৰু কৰ্মচাৰীসকলে উৎফুল্লিত হোৱা লগতে সন্তোষ প্ৰকাশ কৰিছে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চিবিআই ৰ চমন; মহানগৰীৰৰ ৰাজপথত কেজৰিৱালৰ সমৰ্থনত প্ৰতিবাদ

দেওবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজিৰৱালক সুৰা নীতি কেলেংকাৰী সন্দৰ্ভত চিবিআইৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ প্রদান কৰাকলৈ ক্ষোভিত হৈছে দলটোৰ নেতা-কৰ্মী।

এই লৈ আজি দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো কেজৰিৱালৰ সমৰ্থনত আৰু প্রধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে দিশপুৰৰ জনতা ভৱনৰ সন্মুখত ‘নৰেন্দ্ৰ মোদী হুচিয়াৰ’, ‘বিজেপি গ’ বেক’, ‘অৰবিন্দ কেজৰিৱাল জিন্দাবাদ’ আদি শ্ল’গানেৰে প্রতিবাদস্থলী উত্তাল কৰি তোলে।

প্রতিবাদস্থলীত উপস্থিত থাকি আপৰ পাৰিষদ মাচুমা বেগমে সংবাদ মাধ্যমৰ আগত কয় যে ‘কোনো চিবিআই, ইডি ৰ জেৰাই আমাৰ নেতা অৰবিন্দ কেজৰিৱালক ভয় খোৱাব নোৱাৰে। আম আদমি পাৰ্টীয়ে ভাৰতবৰ্ষক বিশ্বৰ এক নম্বৰ ৰাষ্ট্ৰ কৰাৰ সংকল্প হৈছে। এই যাত্ৰাত দেশক ভাল নোপোৱা বহুতো মানুহে বাধা দিব।

আপৰ নেতা সকলক কাৰাগাৰাত থৈ বিজেপি দলে আগন্তুক নির্বাচন খেলিবলৈ আগবাঢ়িব বিচাৰিছে। আজি যুঁজি দি যাম।’ দেশৰ আইনক ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰি বিজেপি চৰকাৰে বিৰোধী নেতাৰ কথা কোৱাৰ বাক্‌ স্বাধীনতা নোহোৱা কৰি পেলাইছে বুলি দলটোৱে উল্লেখ কৰে।

প্ৰতিবাদকাৰী সকলক দিশপুৰ আৰক্ষীয়ে আতক কৰি চচলত সন্ধিয়া পৰ্যন্ত আৱদ্ধ কৰি ৰাখে। আজি দিল্লীত শান্তিপূর্ণ প্রতিবাদ কৰি থকা অৱস্থাত আপৰ দিল্লী চৰকাৰৰ সম্পূৰ্ণ কেবিনেট, পঞ্জাৱৰ চাৰিজন মন্ত্ৰী আৰু আপৰ সাংসদ সকলক প্ৰধানমন্ত্ৰীৰ গৃহবিভাগে কোনো কাৰণ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা কাৰ্যক আপৰ অসম ৰাজ্যিক সমিতিয়ে ধিক্কাৰ জনায়।

ৰঙালীৰ উৎসাহ উদ্দীপনাৰ মাজত আমিনগাঁৱত কৰুণ ঘটনা, দুই কিশোৰ এগৰাকী কিশোৰীৰ লুইতৰ সলিল সমাধি

শনিবাৰে ৰঙালী বিহু উৎসাহ উদ্দীপনাৰ মাজত উত্তৰ গুৱাহাটীৰ আমিনগাঁওস্থিত মেদিপাৰা অঞ্চলত এক কৰুণ ঘটনা সংঘটিত হয়। স্থানীয় দুজন কিশোৰ আৰু এজনী কিশোৰীয়ে লুইতৰ পানীত গা ধুবলৈ গৈছিল।

তাৰ কিছু মূহুৰ্তৰ পিছত তিনি কিশোৰী লুইতৰ পানীত সম্পূৰ্ণ ডুব গৈ অন্তৰ্ধান হৈ পৰে। লগে লগে তৎপৰতাত তিনি কিশোৰীক লুইতৰ পৰা উদ্ধাৰ কৰে। লগে লগে ৰাইজৰ সহযোগত তিনি কিশোৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও মৰ্মান্তিক ভাৱে চিকিৎসালয়ত তিনি কিশোৰীৰ মৃত্যুক সাৱতি ল’ব লগা হয়।

ৰাইজৰ অভিযোগ মতে জে চি বি বোৰে অবৈধ ভাবে নিজ খেয়ালসূচী মতে য’তে ত’তে নৈৰ বালি খন্দন কৰাৰ ফলত সেই গাতত সোমাই গৈ তিনি কিশোৰীৰ মৰ্মান্তিক ভাবে মৃত্যু হ’ব লগা হৈছে।

এই তিনি কিশোৰীৰ মৰ্মান্তিক মৃত্যুত উত্তৰ গুৱাহাটীৰ লগতে সমগ্ৰ আমিনগাঁৱত শোকৰ ছাঁ পৰে। উল্লেখযোগ্য কিশোৰ দুজন আমিনগাঁও বেংগলী স্কুলৰ ছাত্ৰ অন্ন হালদাৰ আৰু জিতু দাস। কিশোৰী গৰাকী উত্তৰ গুৱাহাটী ছেন্ট এন্থনী স্কুলৰ অষ্টম শ্ৰেণীৰ অম্বিকা সৰকাৰ বুলি জানিব পৰা গৈছে।

প্ৰবীন বিহুৱতী আভা চমুৱাৰ আকস্মিক বিয়োগত তেজপুৰত শোক

ৰঙালীৰ উলাহৰ মাজতে তেজপুৰৰ এগৰাকী প্ৰবীন বিহুৱতী আভা চমুৱা(৫৬)ৰ বিয়োগে তেজপুৰত শোকৰ ছাঁ পেলাইছে৷ উল্লেখযোগ্য যে,এসময়ত তেজপুৰ তথা শোণিতপুৰৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত অনুষ্ঠিত মুকলি বিহু প্ৰতিযোগিতাত বিহুকুঁৱৰীৰ খিতাপ অৰ্জন কৰিছিল সৰবৰহী আভা চমুৱাই৷

তেজপুৰৰ বাঁহবাৰী গণক চুবুৰীত প্ৰয়াত উপেন শইকীয়া আৰু প্ৰয়াত স্বৰ্ণপ্ৰভা শইকীয়াৰ কন্যা তথা জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ শইকীয়াৰ জ্যেষ্ঠ ভগ্নী প্ৰয়াত চমুৱা বহুমুখী প্ৰতিভাৰ গৰাকী আছিল৷ অঞ্চলটোৰ এই সংস্কৃতিবান পৰিয়ালত ১৯৬৭ৰ পহিলা অক্টোবৰত জন্ম গ্ৰহণ কৰা চমুৱাই বিহগুৰি কন্যা উচ্ছ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত দৰং মহাবিদ্যালয়ত অধ্যয়ন কৰে৷

অসমীয়া বিষয়ত সন্মান সহ স্নাতক পাঠ্যক্ৰম সমাপ্ত কৰা চমুৱাই ১৯৮০ত বাঁহবাৰীত একাংশ যুৱকৰ প্ৰচেষ্টাত গঠন হোৱা আৰু সেই সময়ত বিশেষ সুনাম অৰ্জন কৰা আই অসমী বিহুদলৰ প্ৰথমগৰাকী নাচনী হিচাপে অংশ লয়৷ ইয়াৰ পাছতে তেজপুৰৰ লগতে শোণিতপুৰ তথা ৰাজ্যৰ আন প্ৰান্তৰতো দলৰ স’তে মুকলিবিহু প্ৰতিযোগিতা তথা বিহুকুঁৱৰী প্ৰতিযোগিতাত অংশলৈ ভালেসংখ্যকবাৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়৷বাঁহবাৰীৰ শতবৰ্ষ গৰকা ঐতিহ্যমণ্ডিত বাঁহবাৰী ঊষা নাট্য সমাজৰ স’তেও ওতপ্ৰোতভাবে জড়িত হোৱা চমুৱাৰ অভিনয় দক্ষতাও যথেষ্ট আছিল আৰু ইয়াতে বহুকেখন নাটকত বলিষ্ঠ অভিনয় কৰিছিল৷

পাছত প্ৰদীপ চমুৱাৰ স’তে বিবাহপাশত আৱদ্ধ হৈ পটীয়াচুবুৰীৰ চৰ্দাৰ বাহাদুৰ উপপথৰ নিজা বাসগৃহত বাসকৰা এইগৰাকী প্ৰবীন শিল্পীৰ শৰীৰত আকস্মিক ভাবে এক জটিল ৰোগ ধৰা পৰে আৰু যোৱা প্ৰায় এমাহ তেওঁ বাংগালোৰস্থিত এক ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত ১৪এপ্ৰিলৰ পুৱা ৫-১৫বজাত তেওঁৰ বিয়োগ ঘটে৷ শনিবাৰে বিয়লি এইগৰাকী বিহুৱতীৰ নশ্বৰ দেহ তেজপুৰৰ নিজা বাসভৱন আহি পোৱাৰ পূৰ্বৰে পৰাই বহুসংখ্যক গুণমুগ্ধই অপেক্ষা কৰি আছিল আৰু নশ্বৰদেহ আহি পোৱাৰ পাছতে ইয়াতে বহুসংখ্যক ব্যক্তি তথা অনুষ্ঠানৰ প্ৰতিনিধিয়ে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে৷

পাছত বহুসংখ্যক লোকৰ উপস্থিতিত তেজপুৰৰ পৰোৱাস্থিত ৰাজহুৱা শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়৷ অতি সৰবৰহী এইগৰাকী শিল্পীৰ আকস্মিক বিয়োগে তেওঁৰ গুণমুগ্ধ সকলক শোকস্তব্ধ কৰি তুলিছে৷ তেওঁৰ বিয়োগত তেজপুৰৰ বহুসংখ্যক বিশিষ্ট ব্যক্তি তথা বাঁহবাৰী ঊষা নাট্য সমাজকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ স্বামী প্ৰদীপ চমুৱা আৰু এক মাত্ৰ পুত্ৰ শুদীপ্ত চমুৱাৰ লগতে ভালেসংখ্যক আত্মীয় তথা গুণমুগ্ধক এৰি গৈছে।