অসমৰ চলচ্চিত্র জগতৰ সৈতে জড়িত শিল্পী-কলাকুশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান আয়োজন কৰি আহিছে। বিগত দুটা বছৰত কভিডৰ বাবে এই মহোৎসৱ আয়োজন কৰাত বিঘ্নিত হয়।
এইবছৰ সাংস্কৃতিক পৰিক্রমা বিভাগৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে অসম ৰাজ্যিক চলচ্চিত্র (বিত্ত আৰু উন্নয়ন) নিগমৰ সহযোগত অহা ১৩ মাৰ্চত ২০২৩ তাৰিখে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰিছে। উক্ত অনুষ্ঠানৰ সংগতি ৰাখি আজি গুৱাহাটীত এক সংবাদ মেল সম্বোধন কৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই।
উল্লেখযোগ্য যে ২০১৮ চনৰ বাবে মুঠ ১২ খন চলচ্চিত্র,৮খন চুটি ছবি, ৫খন তথ্যচিত্র তথা ২০১৯ চনৰ বাবে মুঠ ১৮ খন চলচ্চিত্র, ৩ খন চুটি ছবি আৰু ৩ খন তথ্যচিত্ৰৰ বাবে আৱেদন লাভ কৰা হৈছিল। আনহাতে, পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটাৰ বাবে ২০১৮ চনত ৭ গৰাকী (প্ৰৱন্ধৰ বাবে) আৰু ২০১৯ চনত ৩ গৰাকী (গ্রন্থৰ বাবে) তথা ৫ গৰাকীয়ে (প্রবন্ধব বাবে) আৱেদন দাখিল কৰিছিল। ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰা প্ৰত্যেক গৰাকী সন্মানীয় শিল্পী-কলাকুশলীক আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতৰ দিনটো অসমীয়া চলচ্চিত্ৰ জগতৰ উত্তৰণৰ ক্ষেত্ৰত সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় মন্ত্ৰী বিমল বৰাই ।
১৯৩৫ চনৰ ১০ মার্চ অর্থাৎ আজিৰ এই দিনটোত কলিকতাৰ ৰৌণক থিয়েটাৰত মুক্তি দিয়া প্ৰথম অসমীয়া চিনেমা জয়মতীৰ ৮৫ বছৰীয়া ইতিহাস তথা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰচেষ্টাক সোঁৱৰে।
উক্ত অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ সৈতে অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মীনাক্ষি দাস নাথ,অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ সঞ্চালিকা মণিদীপা বৰকটকীৰ লগতে উচ্চপদস্থ বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।