Home Blog Page 1671

আদানী সন্দৰ্ভত মন্তব্য প্ৰদান দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ…

অৱশেষত আদানী সন্দৰ্ভত মন্তব্য প্ৰদান কৰে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । আদানী-হিণ্ডেনবাৰ্গ কাণ্ডই সমগ্ৰ দেশকে জোকাৰি যোৱাৰ পাছত প্ৰাৰম্ভিক পৰ্যায়ত নীৰৱে ৰৈছিল কেন্দ্ৰীয় মন্ত্ৰ্যালয় ।

কিন্তু শেহতীয়াকৈ আদানীৰ বিৰুদ্ধে উত্থাপিত গোচৰৰ প্ৰাবল্য বাঢ়ি যোৱাত উচ্চতম ন্যায়ালয়ে অৱসৰপ্ৰাপ্ত ন্যায়াধীশসকলৰ জৰিয়তে এখন বিচাৰপীঠ তৈয়াৰ কৰিছিল এই গোচৰসমূহৰ সত্যতা বিচাৰ কৰিবলৈ ।

এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰে যে, দেশবাসীক আদানীৰ বিৰুদ্ধে থকা প্ৰমাণ সমূহ দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে । সেই সমূহৰ ভিত্তিত অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰা হ’ব দোষীৰ বিৰুদ্ধে । ভাৰতত কোনো দোষীয়েই সাৰি নাযায় ন্যায়লয়ৰ দৃষ্টিৰ পৰা ।

মেট্ৰিকৰ ভূগোল বিষয়ৰ প্ৰশ্নকাকত ফাদিল…

ছেবাই জ্বলাইছে ৰাজ্য

এইবাৰ ফাদিল ভূগোল বিষয়ৰ প্ৰশ্নকাকত

হোৱাটপ‌এপত বিয়পিল মেট্ৰিকৰ ভূগোলৰ প্ৰশ্নকাকত

২০ মাৰ্চত অনুষ্ঠিত হ’ব লগা আছিল ভূগোল বিষয়ৰ পৰীক্ষা

জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন; পাণ্ডিয়াৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ভাৰতীয় ক্ৰিকেট দলৰ। অতিথি দল অষ্ট্ৰেলিয়াৰ বিপক্ষে ভাৰতে সদ্যসমাপ্ত ব’ৰ্ডাৰ-গাভাস্কাৰ টেষ্ট ট্ৰফী জয় কৰাৰ পাছত আজি অনুষ্ঠিত হোৱা শৃংখলাৰ প্ৰথমখন এদিনীয়াত ভাৰতৰ জয়লাভ।

চলিত বৰ্ষৰ আৰম্ভণীৰ পৰাই ভাৰতে নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ নেতৃত্বত এদিনীয়া শৃংখলাত জয়ৰ ধাৰা অব্যাহত ৰাখিছে। অষ্ট্ৰেলিয়াৰ বিপক্ষে আজি ৱাংখাড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈছে এদিনীয়া শৃংখলাৰ প্ৰথমখন মেচ।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত দলক নেতৃত্ব প্ৰদান কৰাৰ সুযোগ লাভ কৰে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই।

টছত জয়ী হৈ ভাৰতে বলিং কৰাৰ সিদ্ধান্ত লয়। সেই অনুসৰি অষ্ট্ৰেলিয়াই প্ৰথমে বেট ধৰি ভাৰতৰ নিয়ন্ত্ৰিত বলিংৰ সন্মুখত তিষ্ঠিব নোৱাৰি ৩৫.৪ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৮৮ ৰান সংগ্ৰহ কৰে।

প্ৰত্যুত্তৰত জয়ৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে ৩৯.৫ অভাৰত ৫ টা উইকেইট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়।

ভাৰতৰ হৈ উইকেট ৰক্ষক বেটাৰ কে এল ৰাহুলে ৭৫ ৰান কৰে আৰু এই বিজয়ত ৰবীন্দ্ৰ জাডেজাই ৪৫ ৰানৰ উল্লেখযোগ্য বৰঙণি আগবঢ়ায়।

অষ্ট্ৰেলিয়াৰ উইকেইট পতনৰ মূলতে বেগী বলাৰ মহম্মদ ছামী আৰু ছিৰাজৰ নিয়ন্ত্ৰিত বলিং। দুয়ো ৩ টাকৈ উইকেইট দখল কৰে।

মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত জয়ৰে অভিযান ছয় ভাৰতীয়ৰ

চলিত মহিন্দ্রা আই বি এ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ভাৰতৰ জয়যাত্রা আজি দ্বিতীয় দিনাও অব্যাহত আছে। উল্লেখ্য যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সত চলি থকা প্ৰতিযোগিতাখনৰ আজি দ্বিতীয় ছেচনত ভাৰতৰ হৈ প্ৰথমে ৰিঙত নামে জয়ছমিন লেম্বোৰিয়া।

৬০ কিলোগ্রাম শাখাত খেলা জয়ছমিনে প্ৰথম ৰাউণ্ডৰ মেচতে বিপক্ষ বক্সাৰক বিধ্বস্ত কৰি প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত হেলাৰঙে প্রবেশ কৰে। উল্লেখ্য যে প্ৰথম ৰাউণ্ডত জয়ছমিনৰ প্ৰতিদ্বন্দ্বী আছিল তানজানিয়াৰ নিয়ামবেগা বেচি আরোচ। ৰিঙত প্ৰৱেশ কৰিয়ে বিপক্ষক ধৰাশায়ী কৰা জয়ছমিনে খেল সমাপ্ত হোৱাৰ পূৰ্বেই ৰেফাৰীৰ পৰা বিজয় ঘোষণাৰ সফলতা লাভ কৰে।

স্মৰ্তব্য যে তানজানিয়াৰ বক্সাৰগৰাকীৰ অসহায় অৱস্থা দেখি ৰেফাৰীয়ে মাজতে মেচ বন্ধ কৰে আৰু ভাৰতীয় বক্সাৰ জয়ছমিনক বিজয়ী ঘোষণা কৰে। জয়ছমিনৰ সফলতাৰ পাছতে ৰিঙত প্ৰৱেশ কৰে আন এগৰাকী ভাৰতীয় বক্সাৰ শশী চোপ্ৰা। ৬৩ কিলোগ্রাম শাখাত দেশক প্রতিনিধিত্ব কৰা শশীয়েও জয়ৰে বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অভিযান আৰম্ভ কৰে।

এখন একপক্ষীয় মেচত শশীয়ে কেনিয়াৰ মৱাংগি টেৰেশিহক ৫-০ ৰ ব্যৱধানত পৰাস্ত কৰি হেলাৰঙে প্ৰতিযোগিতাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। কিন্তু ভাৰতৰ ক্ৰমাগত ছয় গৰাকী বক্সাৰে প্ৰথম মেচত জয়লাভ কৰাৰ পাছত আজি ৭০ কিলোগ্রাম শাখাত দেশক প্রতিনিধিত্ব কৰা শ্ৰুতি যাদৱে প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈ প্ৰতিযোগিতাৰ পৰা বিদায় লয়।

চীনৰ ঝউ পানৰ বিৰুদ্ধে ০-৫ ৰ ব্যৱধানত পৰাস্ত হয় শ্রুতি। উল্লেখ্য যে এই শাখাত পূৰ্বে ভাৰতৰ হৈ খেলাৰ কথা আছিল মনিপুৰৰ সনামাচা চানুৱে।

কিন্তু আঘাতৰ বাবে তেওঁ প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় আৰু দ্বিতীয় স্থানৰ শ্ৰুতিক দলত স্থান দিয়া হৈছিল। উল্লেখ্য যে এম চি মেৰী কম একাডেমীৰ বক্সাৰ চানুই প্ৰথমবাৰৰ বাবে বিশ্ব বক্সিং চেম্পিয়নশ্বিপ খেলাৰ গৌৰৱময় সুযোগ লাভ কৰিছিল যদিও ভাগ্যই সহায় নকৰিলে।

ইফালে, যোৱানিশাৰ এখন মেচত ভাৰতৰ প্ৰীতিয়ে ৫৪ কিলোগ্রাম শাখাৰ খেলত হাংগেৰীৰ হানা লাকোতাৰক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। উল্লেখ্য যে নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্রীড়া কমপ্লেক্সত আৰম্ভ হোৱা প্ৰতিযোগিতাখনৰ প্ৰথম দিনা প্রীতিসহ ভাৰতৰ চাৰিগৰাকী বক্সাৰে ৰিঙত নামি জয়ৰে চমকপ্ৰদ আভিযান আৰম্ভ কৰিছিল।

৫০ কিলোগ্রাম শাখাত খেলা বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখাত জাৰিনে প্ৰথম ৰাউণ্ডৰ মেচত আজাৰবাইজানৰ আনাখানিম ইছমাইলোভাক পৰাস্ত কৰাৰ বিপৰীতে নুপুৰ ছেৰণে (৮১ কেজি ঊর্ধ্ব) ৫-০ ৰ ব্যৱধানত গুয়ানাৰ আবিওলা জেকমানক সহজে পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত তথা সাক্ষী চৌধুৰীয়ে (৫২ কেজি) কলম্বিয়াৰ মার্টিনেজ মাৰিয়া জোচেৰ বিৰুদ্ধে হেলাৰঙে ৫-০ ৰ ব্যৱধানত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰলৈ যোগ্যতা অর্জন কৰে।

ভেৰগাঁ‌ৱত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল; অৰ্ধ সহস্রাধিক লোকৰ সমাবেশেৰে উত্তাল ভেৰগাঁ‌ও চাৰিআলী

ভূমিপুত্ৰ ৰাভা সকলৰ দীৰ্ঘদিনীয়া দাবী ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰা আৰু ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভা সকলৰ বাবে ৰাভা উন্নয়ণ পৰিষদ গঠনৰ দাবীত নিখিল ৰাভা ছাত্ৰ সন্থাই ইতিমধ্যে অসমৰ ভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

সমান্তৰালকৈ আজি ওদালগুৰি জিলা ভেৰগাও আঞ্চলিক নিখিল ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদৰ উদ্যোগত ৰাভা ৰাইজৰ সহযোগত সন্ধিয়া ভেৰগাঁ‌ও চহৰ চাৰিআলীত অৰ্ধ সহস্রাধিক লোকৰ অংশগ্ৰহণৰে, প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।


ন ছিক্স চিডিউল নো ৰেষ্ট, আৰছু লং লিভ, আমাৰ দাবী ন্যাৰ্য দাবী ইত্যাদি শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱেশ।

বিগত আৰু বৰ্তমান সময়ৰ চৰকাৰৰ ভূমিকাক লৈ অসন্তুষ্ট ৰাভা ৰাইজ। ৰাভা সকলৰ দীৰ্ঘদিনিয়া দাবী কোনো এখন চৰকাৰে পূৰণ কৰাৰ সদিচ্ছা কৰা নাই।আগন্তুক লোকসভা নিৰ্বাচনত ৰাভা ৰাইজে প্ৰত্যুত্তৰ দিব বুলি ব্যক্ত কৰে প্ৰতিবাদকাৰী সকলে।

আজি ঘোষণা হ’ব এছিয়ান খো খো চেম্পিয়নশ্বিপৰ ভাৰতীয় দল; ভাগ্য নির্ণয় হ’ব তীৰ্থ ডেকা-ৰঞ্জনা শইকীয়াৰ…

অহা ২০-২৩ মাৰ্চলৈ অসমত অনুষ্ঠিত হ’ব লগা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত অংশ লোৱাৰ বাবে আজি আহি গুৱাহাটীত উপস্থিত হৈছে দুই বিদেশী ৰাষ্ট্ৰ ভূটান আৰু নেপালৰ পুৰুষ-মহিলাৰ দল। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত অসমীয়া পৰম্পৰাৰে উভয় বিদেশী ৰাষ্ট্ৰৰ দলক আদৰণি জনাই হোটেললৈ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে লৈ অনা হয়।

ইফালে, কাইলৈও মহানগৰীত দুখনকৈ বিদেশী ৰাষ্ট্ৰৰ খেলুৱৈ উপস্থিত হ’ব। আজি অসম খো খো সন্থাৰ সভাপতি তথা এছিয়ান খো খো চেম্পিয়নশ্বিপৰ আয়োজক কমিটীৰ সম্পাদক ৰাজীৱ প্ৰকাশ বৰুৱাই জনোৱা অনুসৰি কাইলৈ গুৱাহাটীত অৱতৰণ কৰিব দক্ষিণ কোৰিয়া আৰু ছিংগাপুৰৰ দল।

উল্লেখ্য যে চাৰিদিনীয়া প্রতিযোগিতাখনত ১২ খন দেশৰ প্ৰায় আঠশ খেলুৱৈ আৰু বিষয়াই অংশগ্ৰহণ কৰিব ৷ আয়োজক ভাৰতসহ ইতিমধ্যে অংশগ্রহণ নিশ্চিত কৰিছে বাংলাদেশ, ভূটান, ইণ্ডোনেছিয়া, ইৰাণ, ইৰাক, মালয়েছিয়া, নেপাল, পাকিস্তান, ছিংগাপুৰ, দক্ষিণ কোৰিয়া আৰু শ্রীলংকাই।

ইফালে, কাইলৈ আসন্ন এছিয়ান খো খো চেম্পিয়নশ্বিপত খেলিব লগা ভাৰতীয় দল দুটা বাচনি কৰা হ’ব। উল্লেখ্য যে যোৱা ১৩ মাৰ্চৰ পৰাই সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰবলৈ ইনড’ৰ ষ্টেডিয়ামত ভাৰতীয় পুৰুষ-মহিলা খো খো দলৰ প্ৰস্তুতি পূর্ণগতিত চলি আছে।

শিবিৰত আছে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ৭০ গৰাকী খেলুৱৈ। উল্লেখ্য যে ৩৫ জনীয়া পুৰুষ দলত আছে অসমৰ তীৰ্থ ডেকা। আনহাতে, ৩৫ জনীয়া মহিলা দলত আছে অসমৰ ৰঞ্জনা শ‍ইকীয়া। উভয় খেলুৱৈয়ে ভাৰতীয় দলত স্থান লাভৰ আশা কৰিছে অসম খো খো সন্থাই।

জনতাই জনার্দন, নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপিঃ ভৱেশ কলিতা

অসমৰ জাতি- জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়নৰ তথা ৰাইজৰ আশা-আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে অসম বিধানসভাৰ সদনৰ মজিয়াত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৩-২৪ বৰ্ষৰ ৰাজ্য চৰকাৰে বাজেট দাখিল কৰে। উক্ত বাজেটক সমর্থন জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে।

সংবাদমেলত কলিতাই বাজেটক আদৰণি জনাই কয়, “ জনতাই জনার্দন, নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি- এই মূল মন্ত্ৰৰে ২০২৩-২৪ বৰ্ষৰ জনমুখী বাজেটে সমাজৰ সকলো স্তৰৰ ৰাইজৰ আশা-আকাংক্ষাক সামৰি লৈছে। অনাগত দিনত ৰাজ্যৰ ৩ কোটি ৪৫ লাখ ব্যক্তিৰ আশা-আকাংক্ষাক সফলভাৱে বাস্তৱৰূপ প্ৰদান কৰিবলৈ এই বাজেটে এক শক্তিশালী- গতিশীল ভূমিকা গ্ৰহণ কৰিব। বাজেটত গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি, মুখ্যমন্ত্ৰী লঘু উদ্যোগ আঁচনি, মুখ্যমন্ত্রী এম এছ এম ই ঋণ ৰেহাই আঁচনি, প্ৰতিখন নগৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নীতকৰণৰ বাবে ৩০০০ কিলোমিটাৰ নতুন পথ নির্মাণ, স্বাস্থ্য সেৱা দ্ৰুত উন্নয়ন, মহিলা সৱলীকৰণৰ বাবে পদক্ষেপ, প্ৰজ্ঞান ভাৰতী আঁচনি, চাহ জনজাতিৰ কল্যাণৰ বাবে লোৱা পদক্ষেপ সমূহে নিশ্চিতভাৱে ৰাজ্যৰ সকলো জনসাধাৰণক উপকৃত কৰিব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে যি মহান উদ্দেশ্য আগত লৈ নিৰন্তৰে কৰ্মৰাজি চলাই আহিছে তাৰেই এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত হৈছে”।

ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটখনে অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান প্ৰদান কৰিব বুলি দৃঢ়বিশ্বাসী।


অসমবাসীক এখন সর্বাংগসুন্দৰ বাজেট উপহাৰ দিয়াৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে আজি সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্রী অজন্তা নেওগক ধন্যবাদ জনায়। বাজেটখনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্য অনাগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সকলে নিজ নিজ সমষ্টিত সংবাদ মেল সম্বোধন কৰিব। আনহাতে ৰাজ্যিক মুখপাত্র, পেনেলিষ্ট সকলে ৩৯ সাংগঠনিক জিলাতে জিলা সভাপতিৰ উপস্থিতিত মণ্ডল আৰু বুথ পৰ্যায়ত বাজেট সন্দৰ্ভত দলীয় কার্যকর্তা সকলৰ সৈতে চৰ্চা কৰিব বুলি ভৱেশ কলিতাই লগতে মন্তব্য প্রকাশ কৰে।

ৰাজ্যিক বিজেপিৰ অনাগত কাৰ্যসূচীৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শ্ৰী কলিতাই কয় যে অহা ৬ এপ্ৰিলত সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰা হ’ব। তদুপলক্ষে দলৰ বুথ সভাপতিৰ পৰা আৰম্ভ কৰি শক্তিকেন্দ্ৰ আহ্বায়ক, মণ্ডল, জিলা তথা ৰাজ্যিকৰ সমূহ বিষয়ববীয়া, কার্যনির্বাহক সদস্য তথা মৰ্চাৰ বিষয়-ববীয়াসকলে নিজ নিজ বাসগৃহত দলীয় পতাকা উত্তোলন কৰিব।

আনহাতে দলৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰতিটো বুথৰ বিভিন্ন স্থানত সৰ্বমুঠ ৪৪ জোপা গছপুলি ৰোপণ কৰিব। একেদৰে অহা ৩০ এপ্রিলত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাতে’ ১০০ টা খণ্ড সম্পূৰ্ণ কৰিব। দলৰ প্ৰতিটো বুথতে উক্ত অনুষ্ঠান আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হ’ব।

আজিৰ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্র পংকজ বৰবৰাৰ লগতে সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল।

ওদালগুৰিত প্ৰাক্তন বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিশাল ৰেলী আৰু বিশাল জনসভাৰে বজালে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণডংকা

‘প্ৰমোদ বড়োৱে এবছু কাৰ্যালয়ৰ পৰা চলাইছে বিটিআৰ। পৰিৱৰ্তনৰ নামত কেৱল প্ৰমোদ বড়োৰ পকেটৰ পৰিৱৰ্তন হৈছে- ৰাইজৰ একো পৰিৱৰ্তন হোৱা নাই। আমি উচ্ছেদৰ বিৰোধিতা কৰোঁ, বিটিচিৰ কোনো লোকক উচ্ছেদ কৰিব নালাগে৷’ এই মন্তব্য প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ।

আজি ওদালগুৰি চহৰৰ বিষ্ণু ৰাভা কৃষ্টি সংঘ প্ৰাঙ্গণত অনুষ্ঠিত এখন সভাত ভাষন দি মহিলাৰীয়ে লগতে কয়-দীৰ্ঘ দিন ধৰি বিটিআৰত বসবাস কৰি থকা সকলো জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিব লাগে বিটিচি চুক্তি অনুসৰি ২০০২ চনৰ ১০ ফেব্ৰুৱাৰীৰ আগৰ পৰা বিটিচিত বসবাস কৰা সকলোলোকে নিজ নিজ ঠাইত থাকিব পাৰিব।

কোনেও এই ঠাই এৰি যাব নালাগে। প্ৰমোদ বড়োৱে উদ্ছেদৰ নামৰ বিটিচিবাসীৰ ঘৰ ভাঙি দিলে বুলিয়েই কোনেও সেই ঠাই এৰি যাব নালাগে। এক বিশাল জনসভাৰ আয়োজন কৰি প্ৰাক্তন বিটিচি প্ৰধান তথা বিপিএফৰ মুৰব্বী গৰাকীয়ে ২০২৪ৰ লোক সভা নিৰ্বাচনৰ ৰণডংকা বজাই প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

প্ৰমোদ বড়োৱে এবছু কাৰ্যালয়ৰ পৰাই বিটিআৰ চলোৱাৰ অভিযোগ উত্থাপনৰ লগতে পৰিৱৰ্তনৰ শ্লোগান দি শাসনত অহা প্ৰমোদ বড়োৱে পৰিৱৰ্তনৰ নামত কেৱল নিজৰ পকেটৰ পৰিৱৰ্তন কৰিছে, ৰাইজৰ একো পৰিৱৰ্তন হোৱা নাই বুলিও কটাক্ষ কৰে।


ইয়াৰ পূৰ্বে তেওঁ ওদালগুৰিৰ গোল্মাগাওঁৰ পৰা সহস্ৰাধিক দলীয় কৰ্মী, সমৰ্থকসকলক লগত লৈ এক পদযাত্ৰা কৰি ওদালগুৰিৰ বিষ্ণু ৰাভা কৃষ্টি সংঘলৈ গৈ সভাত অংশগ্ৰহণ কৰে।

সভাত ওদালগুৰি জিলা বিপিএফৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী ৰিহন দৈমাৰী, মাজবাট বিধান সভা সষ্টিৰ বিধায়ক চৰণ বড়ো, ধনশ্ৰী পৰিষদীয় সমষ্টিৰ এমচিএলএ ফ্ৰেছ মোছাহাৰীৰ লগতে কেবাজনো জ্যেষ্ঠ বিপিএফ নেতা উপস্থিত আছিল।

‘অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ ছেবাৰ কৰ্মকাণ্ডক লৈ নিমাত’- তৃণমূল কংগ্ৰেছ। ‘ছেবাক ক্ৰমাণ্বয়ে এজেঞ্চীৰ হাতত অৰ্পন কৰাৰ ষড়যন্ত্ৰ চলিছে’- বনদ্বীপ দত্ত…

অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অকৰ্ণমন্যতাক লৈ সৰৱ হৈ উঠিছে অসম তৃণমূল কংগ্ৰেছ দলটো। ইতিপূৰ্বে বিজ্ঞানৰ প্ৰশ্নকাত ফাদিল তথা পৰীক্ষা বাতিল কৰি পুনঃ নতুন তাৰিখ, অসমীয়াৰো প্ৰশ্ন কাকত লীক হোৱা আদি কাৰ্যৰ প্ৰতিবাদত দলটোৱে ছেবা কাৰ্যালয়ৰ সম্মুখত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা তথা ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনৰ পদত্যাগ দাবী কৰাৰ পাছত শুক্ৰবাৰে দিশপুৰ প্ৰেছ ক্লাৱত এখন সংবাদ মেলৰ আয়োজন কৰে। এই সংবাদমেল সম্বোধন কৰি অসম যুৱ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি বনদ্বীপ দত্তই ছেবাৰ চৰম গাফিলতিক সমালোচনা কৰাৰ লগতে শাসকীয় বিজেপি দলৰ অন্য এক যুৱ শাখা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ মৌনতাক প্ৰত্যাহ্বান জনায়। বাৰে বাৰে পৰীক্ষা প্ৰশ্নকাকত ফাদিল হোৱা তথা এই ক্ষেত্ৰত শিক্ষাৰ্থীৰ জীৱনৰ সৈতে হেতালি খেলি থকা এই প্ৰক্ৰিয়াৰ জৰিয়তে অসম মাধ্যমিক শিক্ষা পৰিষদক কোনো ব্যক্তিগত এজেঞ্চীৰ ওচৰত অৰ্পন কৰাৰ ষড়যন্ত্ৰ চলিছে বুলি যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতিজনে অভিযোগ আনিছে।

লগতে তেওঁ শিক্ষাৰ্থীসকলৰ সৈতে জড়িত থকা সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ কি কাৰণত ছেবাৰ ক্ৰমাগত গাফিলতি বিষয়টোত মাত মতা নাই সেই সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰে। দত্তই লগতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সভাপতি প্ৰফেছাৰ ৰবীন কাকতিক আক্ৰমণৰ লক্ষ্য কৰি প্ৰশ্ন কৰে যে “এখন চৰকাৰী মহাবিদ্যালয়ৰ শিক্ষক হৈ অধ্যাপক ৰবীন কাকতি কেনেকৈ এটা ৰাজনৈতিক ছাত্ৰ সংগঠনৰ সভাপতি হ’বলৈ পালে?এই বিষয়টো মাননীয় মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীয়ে চকু দিয়া উচিত।” আনহাতে, এই সংবাদমেলত অসম যুৱ তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ অংকুৰ বৰুৱাকো আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু কয় যে বিজেপি দলৰ যুৱ মৰ্চাৰ সভাপতিৰ দৰে গুৰুত্বপূৰ্ণ পদ দখল কৰি থকাৰ পাছতো তেওঁ কিয় অসমীয়া শিক্ষাৰ্থী সমাজৰ হৈ মাত মতা নাই। ছেবাই অসমৰ শিক্ষাৰ্থী সমাজৰ শিক্ষা জীৱনৰ সৈতে হেতালি খেলি থকাৰ সময়ত এবিভিপি তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতিদ্বয়ক শীঘ্ৰে এই ক্ষেত্ৰত তিনিদিনৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ বাবে দাবী জনায় অন্যথা অসম তৃণমূল কংগ্ৰেছে জংগী আন্দোলন সমগ্ৰ ৰাজ্যজুৰি চলাই নিব বুলি হুংকাৰ দিয়ে।

‘মাষ্টাৰচেফ ইণ্ডিয়া’ৰ চেফ প্ৰতীক সাধুয়ে মুম্বাইৰ ডাব্বাৱালাক বিশেষ খাদ্য প্ৰদান কৰে…

‘মাষ্টাৰচেফ ইণ্ডিয়া’ঃ চেফ প্ৰতীক সাধুই মুম্বাইৰ ডাব্বাৱালাক বিশেষ খাদ্য প্ৰদান কৰে দ্বাৰা। মুম্বাইত কিছুমান বিশেষ বিশেষত্ব আছে আৰু তাৰ ভিতৰত এক হৈছে ডাব্বাৱালা আৰু চেফ প্ৰতীক সাধুই তেওঁলোকৰ বাবে ৰন্ধন ভিত্তিক ৰিয়েলিটি শ্ব’ ‘মাষ্টাৰচেফ ইণ্ডিয়া’ত বিশেষ মহাৰাষ্ট্ৰীয় থালি প্ৰস্তুত কৰি সৌভাগ্য অনুভৱ কৰিছিল। শ্ব’টোত অতিথি হিচাপে উপস্থিত থকাৰ সময়তে তেওঁ এই প্ৰত্যাহ্বানৰ বিষয়ে কয় য’ত প্ৰতিযোগীসকলে এই মুম্বাই ডাব্বাৱালাসকলৰ বাবে খাদ্য প্ৰস্তুত কৰিব লাগে আৰু মুম্বাইৰ বহু ঘৰত টিফিন সেৱা আগবঢ়োৱাসকলক খাদ্য পৰিবেশন কৰিব লাগে।তেওঁ কয়: “আজিৰ খণ্ডটো মোৰ বাবে ব্যক্তিগতভাৱে।” ‘আমি মুম্বাইৰ হৃদস্পন্দন হোৱা লোকসকলক খুৱাব পাৰিলোঁ।’

এইদৰে, ‘মাষ্টাৰচেফ ইণ্ডিয়া’ত মোৰ এটা সুন্দৰ সময় আছিল” বুলি মন্তব্য কৰে। এই প্ৰত্যাহ্বানৰ সময়ত মহাৰাষ্ট্ৰৰ হোম চেফ বা প্ৰতিযোগী সুৱৰ্ণা বাগুলে তেওঁৰ দলৰ সদস্যৰ সৈতে এক বিশেষ মহাৰাষ্ট্ৰীয় থালি প্ৰস্তুত কৰে। সমগ্ৰ প্ৰত্যাহ্বানটো বিশেষ আছিল বুলিও কয় ছানীয়ে, কাৰণ তেওঁক নিজৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছিল। “এই প্ৰত্যাহ্বান মোৰ বাবে অত্যন্ত বিশেষ কাৰণ মই প্ৰথমবাৰৰ বাবে ‘মাষ্টাৰচেফ কিচ্চেন’ত অধিনায়ক হৈছো আৰু মুম্বাইৰ ডাব্বাৱালা দাদাসকলক সেৱা আগবঢ়াবলৈ সক্ষম হৈছিলো। সঁচা কথা ক’বলৈ গ’লে, যি মুহূৰ্তত তেওঁলোকে পাকঘৰৰ ভিতৰত খোজ দিছিলোঁ মোৰ বহুত ভাল লাগিছিল।” আজি মই তেওঁলোকক ৰান্ধি খুৱাই বহু আনন্দিত হৈ পৰিলোঁ।