Home Blog Page 1680

কমেডী ছবি চাই ভাল নাপাওঁ, ছিৰিয়াছ ছবি ভাল পাওঁ: কপিল শৰ্মা

কমেডী অভিনেতা কপিল শৰ্মাই কয় যে তেওঁ কমেডী ছবি চাই ভাল নাপায়।

তেওঁ লগতে কয়, “সকলোৱে ভাবে… যিহেতু মই মানুহক হাঁহিবলৈ বাধ্য কৰোঁ, মই বাস্তৱ জীৱনতো এইটোৱেই কৰোঁ। কিন্তু মই গুৰুত্বপূৰ্ণ চিনেমা চাবলৈ ভাল পাওঁ৷”

পৰৱৰ্তী সময়ত নন্দিতা দাসৰ পৰিচালিত ‘জুইগাটো’ত দেখা পাব লগা কপিলে কয় যে, ‘মই সেইবোৰ (কমেডী ছবি) তেতিয়াহে চাওঁ যেতিয়া মই সেইবোৰৰ বিষয়ে অতি ভাল সমালোচনা দেখিবলৈ পাওঁ।

প্ৰথমবাৰৰ বাবে আয়োজন কৰা মহিলা প্ৰিমিয়াৰ লীগৰ ফৰ্মেট কি?

প্ৰথমবাৰৰ বাবে মহিলা প্ৰিমিয়াৰ লীগ ৰাউণ্ড ৰবিন ফৰ্মেটত অনুষ্ঠিত হ’ব।

প্ৰতিটো দলে আনটোৰ বিৰুদ্ধে দুবাৰকৈ খেলিব আৰু মুঠ ২০খন লীগ মেচ অনুষ্ঠিত হ’ব।

শীৰ্ষ স্থানৰ দলটোৱে পোনপটীয়াকৈ ফাইনেললৈ যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে দ্বিতীয় আৰু তৃতীয় স্থানৰ দলটোৱে এলিমিনেটৰৰ বিৰুদ্ধে খেলিব।

এলিমিনেটৰত জয়ী হোৱা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব।

আৰু বেছি দূৰ নাই, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত চৰাইদেউ মৈদাম

ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ দিশে আহোম স্বৰ্গদেউসকলৰ ৬০০ বছৰীয়া ঐতিহাসিক চৰাইদেউ মৈদাম।

শুকুৰবাৰে মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমৰযোগে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত ইউনেস্কৰ কাৰিকৰী অৰ্হতা অৰ্জন কৰা বুলি সদৰি কৰাৰ পাছতেই শনিবাৰে চৰাইদেউৰ স্থানীয় দ’ল সংগঠন তথা ব্যক্তি বিশেষে উৎফুল্লিত হৈ পৰিছে৷

উল্লেখযোগ্য যে আহোম জনগোষ্ঠীয় বিভিন্ন দল সংগঠন ব্যক্তি বিশেষৰ লগতে ৰাজ্যৰ বিভিন্ন মহলে কেইবাদশক কাল ধৰি  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্যথলী হিচাপে ইউনেস্কৰ দ্বাৰা চিনাক্ত কৰোৱাৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি অহাৰ পাছত ২০১৪ ত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰাৰম্ভিক তালিকাত নাম সন্নিৱিষ্ট হৈছিল চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ নাম।

শেহতীয়াকৈ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ বাবে  বিশেষভাৱে  উদ্যোগ লৈ কেন্দ্ৰীয় চৰকাৰ সহযোগত  ইউনেস্কলৈ ভাৰতৰ পৰা একমাত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ মনোনয়ন প্ৰেৰণ কৰা হৈছে। 

অসমৰ ফেশ্বনৰ যাদুকৰী সংযুক্তা দত্ত জিলিকিল পেৰিছ ফেশ্বন উইকত…

বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম পেৰিছ ফেশ্বন উইক, ২০২৩ ত ব্যাপক সমাদৰ লাভ ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব’ “চিকি-মিকি”ৰ ৷ ৩ মাৰ্চ, শুকুৰবাৰৰ সন্ধিয়াটিৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ’ইৰছৰ ৰেম্পত সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে ।

পেৰিচত প্ৰদৰ্শিত এই ‘চিকি-মিকি’ ফেশ্বন শ্ব’ত পাট-মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত ইতিমধ্যে সমাদৃত ডিজাইনাৰ সংযুক্তা দত্তই ৷ কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্ৰণ তুলি ধৰিছে ডিজাইনাৰ সংযুক্তা দত্তই ৷

পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতি যোৰ পোচাকেই সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷ মনকৰিবলগীয়া দিশটো হ’ল- হস্ত কৌশলেৰে প্ৰস্তুত এনে এযোৰ পোছাক সাজু কৰি তুলিবলৈ ফেশ্বন ডিজাইনাৰ গৰাকীক ২৫ দিন সময়ৰ প্ৰয়োজন হৈছিল ৷

মমতা বেনাৰ্জীৰ বিৰুদ্ধে মন্তব্যৰ বাবে পশ্চিমবংগ কংগ্ৰেছৰ মুখপাত্ৰ কৌস্তৱ বাগসীক গ্ৰেপ্তাৰ

পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে শনিবাৰে পুৱা পশ্চিমবংগ কংগ্ৰেছৰ মুখপাত্ৰ কৌস্তৱ বাগসীক গ্ৰেপ্তাৰ কৰা হয়।

পশ্চিম বংগৰ উত্তৰ ২৪ পৰগনা জিলাৰ বাৰাকপুৰত থকা বাগসীৰ বাসগৃহত পুৱা প্ৰায় ৩.৩০ বজাত মহানগৰ বুৰটোলা আৰক্ষী থানাৰ এটা বিশাল দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে।

শুকুৰবাৰে বাগসীৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিৰুদ্ধে কৰা মন্তব্যৰ অভিযোগত বুর্ট’লা থানাত এজাহাৰ দাখিল কৰা হয়৷

বিষয়াগৰাকীয়ে জনোৱা মতে, “আমি কৌস্তভ বাগসীক তেওঁৰ বাৰাকপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছো। আমি এই বিষয়ে বেছি কথা পাতিব নোৱাৰো। আমাৰ বিষয়াসকলে তেওঁৰ সৈতে কথা পাতি আছে।”

বাগসী নামৰ এগৰাকী অধিবক্তাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাগৰদিঘী উপ-নিৰ্বাচনত কংগ্ৰেছে জয়লাভ কৰাৰ পিছত পশ্চিম বংগ প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি অধীৰ ৰঞ্জন চৌধুৰীৰ ওপৰত কৰা “ব্যক্তিগত আক্ৰমণ”ৰ বাবে মুখ্যমন্ত্ৰী আৰু তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক সমালোচনা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

গ্ৰেপ্তাৰৰ পিছত বাগসীক বুৰ্টোলা থানালৈ অনা হয় আনকি দলীয় কৰ্মীয়ে থানাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে৷

বাগসীৰ বিৰুদ্ধে আইপিচিৰ ১২০(বি) (অপৰাধমূলক ষড়যন্ত্ৰ), ৫০৪ (শান্তি ভংগ কৰাৰ উদ্দেশ্যেৰে ইচ্ছাকৃতভাৱে অপমান), ৫০৬ (অপৰাধমূলক ভয় দেখুৱাই) আৰু অন্যান্য ধাৰাত গোচৰ ৰুজু কৰা হৈছে বুলিও তেওঁ লগতে কয়।

শিৱসাগৰত ১৯ বছৰীয়া যুৱতীক নিৰ্যাতন; আৰক্ষীৰ গাফিলতিৰ অভিযোগ পৰিয়ালৰ

শিৱসাগৰৰ নামতিত এগৰাকী ১৯ বছৰীয়া কিশোৰীক যৌন আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছে।

সূত্ৰ অনুসৰি বাবুল আলী নামৰ অভিযুক্তজন নামতি চাৰিআলিৰ ব্যৱসায়ী।

পৰিয়ালৰ লোকে নাজিৰা আৰু নামতি থানাত এজাহাৰ দাখিল কৰিছে।

আলীয়ে কিশোৰীগৰাকীক মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোকে।

আৰক্ষীয়ে প্ৰয়োজনীয় ব্যৱস্থা আৰু গোচৰটো গুৰুত্বসহকাৰে লোৱা নাই বুলি জানিব পৰা গৈছে।

পৰিয়ালৰ লোকে অপৰাধীজনক সুৰক্ষা দিয়াৰ অভিযোগ উত্থাপন কৰিছে আৰক্ষীৰ বিৰুদ্ধে।

কম্বোডিয়াৰ বিৰোধী নেতা কেম চোখাক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ২৭ বছৰৰ কাৰাদণ্ড…

কম্বোডিয়াৰ বিৰোধী নেতা কেম চোখাক ২৭ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ বাবে দোষী সাব্যস্ত কৰি এই শাস্তি বিহা হৈছে। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰই এই ৰায়ক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি গৰিহণা দিছে।

কেম চোখাক কম্বোডিয়াৰ অপৰাধ সংহিতাৰ অনুচ্ছেদ ৪৪৩ ৰ অধীনত বিদেশী শক্তিৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে।

চোখা বৰ্তমান নিষিদ্ধ কম্বোডিয়ান নেচনেল ৰেচকিউ পাৰ্টি (চিএনআৰপি)ৰ প্ৰাক্তন সভাপতি। তেওঁক ২০১৭ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

মহিলা প্ৰিমিয়াৰ লীগত গুৱাহাটীৰ ৰজনী বসনেত কলিতাক ৰেফাৰী হিচাপে নিযুক্তি

গুৱাহাটীৰ ৰজনী বসনেত কলিতাক প্ৰথম মহিলা প্ৰিমিয়াৰ লীগ (WPL)ৰ অন্যতম মেচ ৰেফাৰী হিচাপে নিযুক্তি দিয়া হৈছে। মুম্বাইত অনুষ্ঠিত হ’ব WPLৰ মেচ। কলিতাৰ ঘৰ গুৱাহাটীৰ বৰাগাঁৱত।

ডব্লিউ পি এলৰ উদ্বোধনী ছিজনৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰা হৈছে, মহিলাসকলে বিনামূলীয়াকৈ প্ৰৱেশ লাভ কৰিছে।

৪ মাৰ্চৰ পৰা (শনিবাৰে) আৰম্ভ হ’ব লীগ। নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত গুজৰাট জায়েন্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব প্ৰথমখন খেল। ২২খন খেল অনুষ্ঠিত হ’বলগীয়া এই ছিজনৰ এই ইভেণ্ট মহিলা তথা ছোৱালীৰ বাবে বিনামূলীয়া। BookMyShow এপৰ মতে পুৰুষ আৰু ল’ৰাৰ টিকটৰ গড় মূল্য ১০০ আৰু ৪০০টকা।

টাটা ডব্লিউ পি এল ২০২৩ৰ মুকলি অনুষ্ঠানত বলীউডৰ অভিনেতা কৃতি ছানন আৰু কিয়াৰা আদৱানীৰ লগতে সংগীতৰ চেন্সেশন এ পি ধিলনৰ অভিনয় থাকিব। বিনামূলীয়াকৈ জিঅ’ চিনেমা এপত লাইভ ষ্ট্ৰীমিং কৰা হ’ব এই প্ৰতিযোগিতা। টিভি দৰ্শকে Sports18 Network ত সকলো একচন ধৰিব পাৰিব।

সু-স্বাস্থ্যৰ বাবে ৰাতিপুৱা‌ই অমিতা খোৱাৰ অভ্যাস কৰক…

অমিতাত ভালেকেইবিধ ভিটামিন থাকে। একেৰাহে ১৫ দিন ধৰি পকা অমিতা খাই থাকিলে আপোনাৰ চকুৰ কমি যোৱা দৃষ্টিশক্তি পুনৰ শক্তিশালী হৈ উঠে। চকু দুটাও পৰিষ্কাৰ হৈ উঠে।

আপোনাৰ যদি কোষ্ঠকাঠিন্য বা বদহজমৰ দোষ আছে, তেনেহ’লে প্ৰতিদিনে পাচলি ৰূপে কেঁচা অমিতা বা ফলস্বৰূপে পকা অমিতা খাবলৈ লওক।

অমিতাত কেবাপ্ৰকাৰৰো এনজাইম আৰু খাদ্য আঁহ থাকে। এইবিলাকে আপোনাৰ পাচন শক্তি বৃদ্ধি কৰিব আৰু পুৰণি কোষ্ঠবদ্ধতাও নিৰ্মূল কৰিব।

১৫ দিন একেৰাহে অমিতা খোৱাৰ পিছত আপোনাৰ পাচন তন্ত্ৰ পূৰ্বৰ দৰে শক্তিশালী হৈ উঠিব আৰু ভালদৰে কাম কৰিবলৈ ধৰিব।

যদি ঋতু পৰিৱৰ্তনৰ লগে লগে আপোনাৰ কিবা কিবি সৰু-সুৰা বেমাৰ হৈ থাকে, তেনেহ’লে আপুনি অমিতা খাবলৈ আৰম্ভ কৰক। কাৰণ অমিতাই আপোনাৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব।

ফলত শৰীৰটো ভালেমান ৰোগৰ সংক্ৰমণৰ পৰা বাচি থাকিব। এতিয়া অমিতাৰ বতৰ আৰম্ভ হৈছে।

বজাৰত এতিয়া সতেজ কেঁচা আৰু পকা অমিতা বিচাৰিলেই পোৱা যায়। এতিয়া আপুনি ইচ্ছা কৰিলে প্ৰতিদিনে অমিতাৰ পাচলি আৰু পকা অমিতাও খাব পাৰে। বিজ্ঞানীসকলে অমিতাৰ ওপৰত অধ্যয়ন চলাই মুঠ ৭ টা উপকাৰ আৱিষ্কাৰ কৰিছে।

পুষ্টিকৰ উপাদান জাতিলাউ স্বাস্থ্যৰ বাবে কিমান উপকাৰী জানক…

বজাৰত জাতিলাউ দেখিলেই এনেকুৱা ভাব নহয়নে যে সৰু মাছ অলপ ল’ব পাৰিলে ভাল আছিল। আনকি ৰাস্তাৰে কোনোবাই জাতিলাউ কিনি ওলমাই লৈ গ’লে আপোনাৰো বাৰু মন নাযায়নে জাতিলাউৰে এখন সুন্দৰকৈ তৰকাৰী খাবলৈ।

এনেকুৱা ভাব অহাৰ কাৰণো নথকা নহয়। জাতিলাউ মাথোঁ সুস্বাদুৱে নহয়, ই স্বাস্থ্যৰ বাবেও পৰম উপকাৰী। যিকোনো অৱস্থাতে জাতিলাউ খাব পাৰি।

জাতিলাউৰ আদি নিবাস হ’ল আফ্ৰিকা। অৱশ্যে প্ৰায় একে সময়তে ভাৰততো ইয়াৰ উৎপাদন আৰম্ভ হয়।

ভাৰত, বাংলাদেশ, শ্ৰীলংকা, ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, চীন, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাত প্ৰচুৰ পৰিমাণে জাতিলাউ উৎপাদন হয়। সেমেকা জলবায়ু আৰু সাৰুৱা মাটিত জাতিলাউৰ খেতি ভাল হয়।

জাতিলাউৰ বৈজ্ঞানিক নাম হ’ল । ইয়াত থকা পুষ্টিকৰ উপাদানবোৰৰ পৰিমাণ তলত দিয়া ধৰণৰ-

আৰ্দ্ৰতা: ৮.১%

প্ৰ’টিন: ০.২%

চৰ্বি: ০.১%

খনিজ পদাৰ্থ: ০.৫%

আঁহজাতীয় পদাৰ্থ: ০.৬%

কাৰ্বোহাইড্ৰেট: ২.০%

কেলছিয়াম: ২০ মিলিগ্ৰাম

লৌহ পদাৰ্থ: ০.৭ মিলিগ্ৰাম

ফছফৰাছ: ১০ মিলিগ্ৰাম

ভিটামিন-বি কমপ্লেক্স: কম পৰিমাণে।

গতিকে অকল সোৱাদযুক্তই নহয়, জাতিলাউ পুষ্টিদায়কো। ই হ’ল এবিধ শীতলকাৰক, মূত্ৰ বৃদ্ধিকাৰক, কষ্টনিবাৰক আৰু বিভিন্ন ৰোগ উপশমকাৰী পাচলি।

মূত্ৰস্থলী আৰু প্ৰস্ৰাৱজনিত যিকোনো বেমাৰত ই যথেষ্ট উপকাৰী। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে জাতিলাউৰ ৰসৰ লগত এচামুচ নেমুপানী মিহলাই খালে আৰাম পোৱা যায়।

তদুপৰি ডায়েৰিয়া, ডায়েবেটিছ, পেটৰ বিভিন্ন সমস্যা, যেনে- এচিডিটি, বদহজম আৰু পেটৰ ঘা, কোষ্ঠকাঠিন্য আদিতো জাতিলাউ খুব উৰকাৰী।

আনকি অনিদ্ৰা আৰু বাতুলতা, এপিলেপসী আৰু আন কিছুমান স্নায়ুজনিত ৰোগৰ ক্ষেত্ৰতো ইয়াৰ উপকাৰ পৰীক্ষিত।

ৰঙালাউৰ আগৰ দৰে জাতিলাউৰো আগ ভাজি খাব পাৰি। ইয়াৰ দীঘল ঠাৰিৰে সৈতে ওলোৱা কুমলীয়া ফুলেৰে পুঠি-খলিহনা, মোৱা-ডঁৰিকনা আদি চানা মাছৰ চৰ্চৰি জিভাত লাগি থকাকৈ সোৱাদ।

জাতিলাউৰ বাকলি মিহিকৈ ৰুকি ভাজি খাব পাৰি। শ’ল, বৰালি, কাৱৈ, গৰৈ, শিঙি, মাগুৰ আদি মাছেৰে জাতিলাউৰ ব্যঞ্জন কোনেনো ভাল নাপায়।