”অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহি আছে যে এনে অবৈধ কাৰ্য্যৰ বিৰুদ্ধে আমাৰ অভিযানৰ পিছত কেইবাটাও পৰিয়ালে কম বয়সীয়া সন্তানৰ মাজত পূৰ্ব নিৰ্ধাৰিত বিবাহ বাতিল কৰিছে। বাল্যবিবাহৰ বিৰুদ্ধে আমাৰ দুসপ্তাহজোৰা দমনৰ ই নিশ্চিতভাৱে ইতিবাচক প্ৰভাৱ।’-এইদৰে টুইট কৰে শৰ্মাই।
উল্লেখযোগ্য যে ৰাজ্যত এই পৰ্যন্ত বাল্যবিবাহৰ দমনত ৩ হাজাৰৰো অধিক লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সামাজিক অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ সম্ভাৱনা আছে।
”বাল্য বিবাহৰ বিৰুদ্ধে আমাৰ দমন কাৰ্য্যই দ্বিতীয় সপ্তাহত ভৰি দিছে আৰু এতিয়ালৈকে ৩০১৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই সামাজিক অপৰাধৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব। ইতিবাচক দিশটো হ’ল এতিয়া মানুহে ওলাই আহি আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰিছে।’-এইদৰে টুইট কৰে শৰ্মাই।
Reports are coming from various parts of Assam that several families have cancelled pre-scheduled marriages between unde age children after our drive against such illegal practices. This is definitely a positive impact of our two-week long crackdown against child marriage.
উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ দাৰ্মা উপত্যকাত প্ৰথমবাৰৰ বাবে এটা বৰফত বাস কৰা নাহৰফুটুকী বাঘ দেখা গৈছে। এই কথাই আনন্দিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক। পিথোৰাগড়ৰ ডিএফঅ’ মোহন দাগাৰে বৃহস্পতিবাৰে কয় যে হিমালয়ৰ অতি ওখ ঠাইত প্ৰাণীৰ সন্ধানত অন্বেষণকাৰীৰ এটা দলে ৬ ফেব্ৰুৱাৰীত দাৰ গাঁৱৰ ওপৰৰ বৰফৰ ভূখণ্ডত এই বাঘৰ প্ৰজাতিটোএটা দেখিবলৈ পায়। অন্বেষণকাৰীসকলে প্ৰায় ২০ মিটাৰ দূৰত্বৰ পৰা কেমেৰাত বৰফত বাস কৰা নাহৰফুটুকী বাঘটোৰ ছবি বন্দী কৰিবলৈ সক্ষম হয় ৷