Home Blog Page 1715

ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই

ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই ! বিমানৰ জৰুৰী অৱতৰণৰ বাবে বহু যাত্ৰী এতিয়া আবদ্ধ হৈ পৰিছে ষ্টকহোমত। ষ্টকহোমত আৱদ্ধ যাত্ৰীক ভাৰতলৈ ওভতাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰিলে এয়াৰ ইণ্ডিয়াই। এয়াৰ ইণ্ডিয়াই দিল্লী-নেৱাৰ্ক বিমানযাত্ৰীসকলক ষ্টকহোমত আৱদ্ধ কৰি ঘূৰাই আনিবলৈ খালী বিমান প্ৰেৰণ কৰাৰ কথা আজি ঘোষণা কৰিছে। উল্লেখ্য ২২ ফেব্ৰুৱাৰীত এয়াৰ ইণ্ডিয়াৰ নেৱাৰ্কৰ পৰা দিল্লীলৈ অহা এখন বিমান চুইডেনৰ ষ্টকহোমলৈ নিয়া হৈছিল। বোয়িং ৭৭৭-৩০০ইআৰ বিমান খনৰ তেল লিক হোৱাৰ পিছতে ষ্টহোমত বিমান খনৰ জৰুৰী অৱতৰণ কৰো হৈছিল। ডিজিচিএৰ শীৰ্ষ বিষয়াৰ মতে, ইঞ্জিন ফ্লাইট এএআই১০৬ -ত ২৮৪ গৰাকী যাত্ৰী আৰু আঠজন ক্ৰু সদস্য আছিল।

জৰুৰী অৱতৰণৰ পিছত তেওঁলোক এতিয়াও ষ্টকহোমতে আবদ্ধ হৈ আছে। এয়াৰ ইণ্ডিয়াই মুম্বাইৰ পৰা চুইডেনলৈ এখন খালী বিমান প্ৰেৰণ কৰি আৱদ্ধ যাত্ৰীসকলক ঘূৰাই আনিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া ২ বজাত মুম্বাইৰ পৰা ষ্টকহোমলৈ বি ৭৭৭ বিমান খনে উৰা মাৰে আৰু নিশা ১১ বজাত ষ্টকহোমত উপস্থিত হয়। বিমান যাত্ৰীসকলে শুক্ৰবাৰে পুৱতি নিশা ১ বজাত ষ্টহোমৰ পৰা ভাৰতলৈ উৰা মৰাৰ কথা । পৰিকল্পনা অনুসৰি পুৱা ৮ বজাত যাত্ৰীসকলে দিল্লীত উপস্থিত হ’ব। এয়াৰ ইণ্ডিয়াই সকলো যাত্ৰীৰ বাবে হোটেলত থকাৰ ব্যৱস্থা কৰি দিছে।

গুৱাহাটীত প্ৰসিদ্ধ কাৱালী গায়ক ৱাৰচি ব্ৰাডাৰ্চৰ সংগীতানুষ্ঠান।অসম ডাউন টাউন বিশ্ববিদ্যালয় আৰু স্পিক-মেকেৰ যৌথ আয়োজন

ভাৰতৰ সংগীত বৈভবৰ অন্যতম অংগ কাৱালীৰ প্ৰসিদ্ধ শিল্পী ৱাৰচি ব্ৰাডাৰ্চে আজি ১৭ ফেব্ৰুৱাৰিৰ আবেলি চাৰে চাৰি বজাত গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে স্পিক-মেকেৰ সহযোগত আয়োজন কৰা ‘শ্ৰুতি-অম্ৰুত ‘ শীৰ্ষক অনুষ্ঠানত সংগীত পৰিবেশন কৰে৷ বিশ্ববিদ্যালয়ৰ এম্পি থিয়েটাৰত অনুষ্ঠিত এই সংগীতসভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰেও বাহিৰৰ ভালেমান দৰ্শকে অংশগ্ৰহন কৰে৷ এই সংগীতানুষ্ঠানৰ আন এটা আকৰ্ষণ আছিল চিকিমৰ শিল্পীয়ে পৰিবেশন কৰা লোকনৃত্য চিংঘি চাম৷ বিভিন্ন জন্তুৰ মুখা আৰু অবয়ব প্ৰকাশ কৰা পোচাক পিন্ধি কৰা এই নৃত্যই সকলোকে মুগ্ধ কৰে৷ ৱাৰচী ব্ৰাডাৰ্চে বিশ্ববিদ্যালয়খনিৰ পৰিবেশ, আতিথ্য আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াত আনন্দ প্ৰকাশ কৰে আৰু পুণৰ আহিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷


বিশ্ববিদ্যালয়-সংগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপাচাৰ্য ডঃ নাৰায়ণ তালুকদাৰ, প্ৰ’ভিচি ডঃ প্ৰণবীৰ সিং আৰু ডীন অব ষ্টাডিজ বন্দনা দত্তই ৷ বিশ্ববিদ্যালয়ৰ প্ৰো ভাইচ চেন্সেলৰ প্ৰফেচৰ প্ৰণবীৰ সিঙে আদৰণি ভাষণত শিল্পী আৰু দৰ্শকক আদৰণি জনাই আৰু এনে সংগীতসভাৰ শৈক্ষিক প্ৰয়োজনীয়তাৰ কথা চমুকৈ উল্লেখ কৰে৷ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য আৰু উত্তৰপূব ভাৰতৰ বিভিন্ন লোকনৃত্যৰ সংমিশ্ৰণেৰে কৰা নৃত্য এটি পৰিবেশন কৰে ৷‘শ্ৰুতি অম্ৰূত’ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ অনুষ্ঠান হ’ব মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত৷ এই অনুষ্ঠানত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়াই বাঁহী আৰু ওষ্টাড ছহীদ পাৰভেজ খানে চেতাৰ বাদন পৰিবেশন কৰিব ৷

পঞ্জাৱত হিন্দী চিনেমাৰ কায়দাত হাতত তৰোৱাল-বন্দুকলৈ আৰক্ষী থানাত আক্ৰমণ ধৰ্মীয় গুৰুৰ

পঞ্জাৱৰ অমৃতসৰৰ আজনালাত ৱাৰিছ পাঞ্জাৱ দেৰ সভাপতি তথা স্বঘোষিত ধৰ্মীয় নেতা অমৃতপাল সিঙৰ সৈতে আৰক্ষীৰ এখন খণ্ডযুদ্ধ লগাৰ কথাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱাৰ ভাগত অমৃতপালৰ সমৰ্থকসকলে আজনালাত একত্ৰিত হৈ অমৃতপাল আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাৱস্ত্য কৰে। আৰক্ষীয়ে অমৃতপাল আৰু তেওঁৰ সমৰ্থকসকলক আজনালা আৰক্ষী থানাত প্ৰৱেশ কৰাত বাধা দিবলৈ কঠোৰ নিৰাপত্তা আৰু বেৰিকেড স্থাপন কৰিছিল। যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ আজনালাত পাঁচখন জিলাৰ আৰক্ষী মোতায়েন কৰা হৈছিল।

অমৃতপালে আজনালাত এখন ৰেলী আহ্বান কৰিব বুলি ঘোষণা কৰিছিল। চৰকাৰে তেওঁৰ লগতে তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে এজাহাৰ প্ৰত্যাহাৰ নকৰিলে পৰিস্থি ভয়াৱহ হ’ব বুলিও ধৰ্মীয় গুৰুজনে সকিয়াই দিছিল। ‘ৱাৰিছ পাঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ সমৰ্থকসকলে অমৃতসৰৰ আজনালা আৰক্ষী থানাৰ বাহিৰত হাতত তৰোৱাল আৰু বন্দুকলৈ আৰক্ষীৰ বেৰিকেড ভাঙি পেলায়। তেওঁলোকে অমৃতপাল সিঙৰ ঘনিষ্ঠ সহযোগী লাভপ্ৰীত টুফানক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদতথানাৰ বাহিৰত সমবেত হৈছিল। উল্লেখ্য ধৰ্মীয় গুৰু জনৰ বিৰুদ্ধে অপহৰণৰ অভিযোগ উত্থাপন হৈছে। তাৰ পিছতে তেওঁৰ লগতে তেওঁৰ কেইবাজনো অনুগামীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰা হৈছে।

দিল্লীত বিশ্ব গ্ৰন্থমেলা ২০২৩ :গ্ৰন্থৰ সুবাসেৰে আমোলমলাব দেশৰ ৰাজধানী চহৰ

গ্ৰন্থপ্ৰেমীসকলৰ বাবে ভাল খবৰ । বহু প্ৰতীক্ষিত বিশ্ব গ্ৰন্থমেলা ২০২৩ অৱশেষত নতুন দিল্লীত অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। ভাৰতৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নতুন দিল্লীত বিশ্ব গ্ৰন্থমেলা উদ্বোধন কৰিব ২৫ ফেব্ৰুৱাৰীত। নতুন দিল্লীৰ প্ৰগতি ময়দানত আবেলি ৩ বজাত গ্ৰন্থমেলা উদ্বোধন কৰা হ’ব। এইবেলি বিশ্ব গ্ৰন্থ মেলাৰ আৰু অতিথি ৰাষ্ট্ৰ হ’ব ফ্ৰান্স। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২৫ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ ৰাতিপুৱা ১১ বজাৰ পৰা সন্ধিয়া ৮ বজালৈ খোলা থাকিব। ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়তে এই বছৰ নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বিষয়বস্তু হ’ব ‘আজাদী কা অমৃত মহোৎসৱ’। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা কেৱল কিতাপতে সীমাবদ্ধ নাথাকিব, কিন্তু লগতে আন বহু কিবাকিবিও থাকিব। গ্ৰন্থমেলাত সাংস্কৃতিক কাৰ্যসূচী, সেনা আৰু পুলিচ বেণ্ডৰ প্ৰদৰ্শন, টক শ্ব’ আৰু লোক সাংস্কৃতিক প্ৰদৰ্শন আদিও থাকিব। এন.আই.ডি. আহমেদাবাদৰ দ্বাৰা বিশেষভাৱে ডিজাইন কৰা পেভিলিয়নত ভাৰতৰ ডিজিটেল প্ৰদৰ্শনীত ১০০ৰো অধিক প্ৰকাশকৰ সৈতে সকলো মুখ্য ভাৰতীয় ভাষা আৰু ইংৰাজীত ভাষাত স্বাধীনতা সংগ্ৰামী, ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিষয়ত ৭৫০ ৰো অধিক বিষয়ৰ এক বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হ’ব।

গ্ৰন্থমেলাত ফৰাচী প্ৰতিনিধিদলৰ সৈতে দৰ্শকে বাৰ্তালাপ কৰাৰ এক অনন্য সুযোগ লাভ কৰিব। ইয়াত লেখক, প্ৰকাশক, সাহিত্যিক এজেণ্ট, সাংস্কৃতিক প্ৰতিনিধিৰ বাৰ্তালাপৰ লগতে বিদেশী পেভিলিয়নত অসংখ্য কাৰ্যসূচী অন্তৰ্ভুক্ত থাকিব। ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ দ্বাৰা ১০০০ বৰ্গ মিটাৰ জুৰি এক বিশেষ এনইপি ২০২০ পেভিলিয়ন ডিজাইন কৰা হৈছে, য’ত এড-টেক জোন, এটা ইভেণ্ট জোন, আৰু এটা প্ৰেজেণ্টেচন এলেকা থাকিব। শিশু সাহিত্যৰ প্ৰচাৰৰ বাবে স্কিট, নাটক, বাটৰ নাট, কাহিনী কোৱা , কৰ্মশালা আৰু পেনেল আলোচনা এই পেভিলিয়নত আয়োজন কৰা হ’ব। নতুন দিল্লী বিশ্ব গ্ৰন্থমেলা ২০২৩-ৰ বাবে প্ৰৱেশ মাচুল বিদ্যালয়ৰ শিক্ষাৰ্থী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাবে সক্ষম সকলৰ বাবে ‘বিনামূলীয়া’ হ’ব। অৱশ্যে, নতুন দিল্লী বিশ্ব গ্ৰন্থমেলাৰ টিকটৰ মূল্য ১০ টকা (শিশুৰ বাবে) আৰু প্ৰাপ্তবয়স্কসকলৰ বাবে ২০ টকা।

‘কানাডাৰ নাগৰিকত্ব’ বিতৰ্কক লৈ মৌনতা ভংগ অক্ষয় কুমাৰৰ ! ক’লে “ভাৰত মোৰ বাবে সকলো”…

শেহতীয়াকৈ অক্ষয় কুমাৰে তেওঁৰ ‘বিতৰ্কিত’ কানাডাৰ নাগৰিকত্বৰ মৰ্যাদাৰ বিষয়ে বহলভাৱে কয়। বলীউডৰ অন্যতম প্ৰিয় অভিনেতা হোৱাৰ পিছতো অক্ষয় কুমাৰ প্ৰায়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। বহু বছৰ ধৰি ভাৰতীয় চিনেমাত সেৱা আগবঢ়োৱাৰ পিছত অভিনেতাগৰাকীয়ে নিজৰ কেৰিয়াৰত উচ্চ-নীচৰ অংশ দেখিবলৈ পাইছে। বৰ্তমান অক্ষয়ে তেওঁৰ আগন্তুক ছবি চেলফিৰ প্ৰচাৰৰ বাবে ব্যস্ত হৈ পৰিছে য’ত তেওঁক ইমৰাণ হাছমীৰ সৈতে দেখা যাব। গুড নিউজৰ পৰিচালক ৰাজ মেহতাৰ নেতৃত্বত নিৰ্মিত ছবিখনে আজি মুক্তি লাভ কৰে।অভিনেতাগৰাকীয়ে প্ৰচাৰমূলক সাক্ষাৎকাৰৰ বাবে বিবিন্ন ঠাইলৈ যোৱাৰ সময়ত তেওঁক কানাডাৰ নাগৰিকত্বৰ বিষয়ে সোধা হৈছিল যিটো অনুৰাগীকে ধৰি বহুতৰে বাবে প্ৰায়ে আলোচনাৰ বিষয় হৈ পৰিছে।

এক সাক্ষাৎকাৰত তেওঁক একেটা কথা সোধাত তেওঁ ভাৰতৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ভাৰত তেওঁৰ বাবে সকলো। অৱশ্যে তেওঁ প্ৰকাশ কয় যে তেওঁ এতিয়া কানাডা নাৰিকত্ব এৰিবলৈ সাজু হৈছে।অক্ষয় কুমাৰে কয়, ‘ভাৰত মোৰ বাবে সকলো… মই যি উপাৰ্জন কৰিছো, যি লাভ কৰিছো এইখন দেশৰ পৰাই লাভ কৰিছোঁ।” যেতিয়া তেওঁক ৯০ৰ দশকত বক্স অফিচত তেওঁৰ ১৫খনতকৈও অধিক বলীউড চিনেমা বিফল হোৱাৰ বিষয়ে সোধা হয়।তেতীয়া অক্ষয় কুমাৰে কয়, ‘মই ভাবিছিলো যে , মোৰ ছবিবোৰে কাম কৰা নাই আৰু এজনে কাম কৰিব লাগিব’। কামৰ কাৰণে কানাডালৈ গৈছিলো। মোৰ বন্ধু কানাডাত আছিল আৰু তেওঁ কৈছিল, ‘ইয়ালৈ আহক’। মোৰ মুক্তিৰ বাবে মাত্ৰ দুখন ছবি বাকী আছিল আৰু দুয়োখন ছুপাৰহিট হোৱাটো মাত্ৰ ভাগ্যৰ কথা। মোৰ বন্ধুৱে ক’লে, ‘উভটি যাওক, আকৌ কাম আৰম্ভ কৰক’। সেয়েহে এতিয়া মই কানাডা নাগৰিকত্ব ত্য়াগ কৰাৰ সিদ্ধান্ত লৈছোঁ।

ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ প্ৰথম বৰ্ষপূৰ্তিত চীনৰ প্ৰৱেশ! ছি জিনপিঙৰ নতুন পৰিকল্পনা…

আজি এবছৰ সম্পূৰ্ণ হ’ল ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ। ২০২২ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। যুদ্ধৰ কোনো সিদ্ধান্তত উপনীত হোৱা নাই। এতিয়া অনুমান কৰা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে যুদ্ধৰ অন্ত পেলোৱাৰ পৰিকল্পনা কৰিছে। ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজৰ যুদ্ধ আজি এবছৰ সম্পূৰ্ণ হৈছে। এই এবছৰত ইউক্ৰেইন ইমানেই ক্ষতিগ্ৰস্ত হৈছিল যে বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ইউক্ৰেইনক পুনৰ সংস্থাপন কৰিবলৈ ৫০ লাখ কোটি টকাৰ প্ৰয়োজন হ’ব। ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধ কেতিয়া বন্ধ হ’ব কোনেও নাজানে। কিন্তু ইয়াৰ মাজতে এই যুদ্ধ বন্ধ কৰিবলৈ যেন এক নতুন পৰিকল্পনা কৰিছে

ৰাছিয়া ইউক্ৰেইন যুদ্ধ বন্ধ কৰিব চীনে!

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক মস্কোত সাক্ষাৎ কৰিছে চীনৰ কমিউনিষ্ট পাৰ্টিৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ আটাইতকৈ জ্যেষ্ঠ বিষয়া ৱাং য়ীয়ে। ৱাং য়িৰ এই ভ্ৰমণকো গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে কাৰণ ইয়াক ৰাছিয়া আৰু ইউক্ৰেইন যুদ্ধৰ মাজত চীনৰ শান্তি পৰিকল্পনা হিচাপে গণ্য কৰা হৈছে। দৰাচলতে বিশ্ব পৰ্যায়ত চলি থকা উত্তেজনাপূৰ্ণ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি পুটিনে কৈছে যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাছিয়া আৰু চীনৰ মাজত সহযোগিতা অতি গুৰুত্বপূৰ্ণ যাতে বিশ্বৰ পৰিস্থিতি সুস্থিৰ হ’ব পাৰে। ৰাছিয়া-ইউক্ৰেইন যুদ্ধক এতিয়াও গৰিহণা দিয়া নাই চীন। কিন্তু এতিয়া কোৱা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং অতি সোনকালে মস্কো ভ্ৰমণ কৰিব পাৰে।

চীনে ৰাছিয়াৰ মনৰ কথা ক’লে

মিউনিখৰ নিৰাপত্তা সন্মিলনত চীনৰ নেতা ৱাং য়িয়েও ভূখণ্ডৰ অখণ্ডতাক সন্মান জনোৱা উচিত বুলি কৈছিল। প্ৰশ্ন হয় চীনৰ ৰাষ্ট্ৰপতিয়ে ইউক্ৰেইন যুদ্ধত শান্তিৰ প্ৰস্তাৱ আনি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ডাঙৰ খেলুৱৈ হ’ব বিচাৰিছে নেকি? এবছৰত ইউক্ৰেইন আৰু ৰাছিয়া দুয়োখন দেশৰ বহু ক্ষতি হৈছে। কিন্তু এই যুদ্ধত ছবিখন এতিয়া লাহে লাহে সলনি হৈ আহিছে। যুদ্ধৰ বাবে ইউক্ৰেইন এৰি বিভিন্ন দেশলৈ যোৱা লোকসকলক এতিয়া উভতি আহিছে নিজৰ দেশলৈ। সেয়ে আশা কৰা হৈছে যুদ্ধ সোনকালে শেষ হ’ব।


উৰ্ফিৰ নতুন শৈলী দেখি অনুৰাগীয়ে এলিয়েনৰ লগত তুলনা কৰিলে ! ক’লে এইদৰে…

শেহতীয়াকৈ উৰ্ফি জাভেদে কাপোৰৰ সৈতে নহয় মেক-আপৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰিছিল, যিটো দেখি মানুহ আচৰিত ! চাওক উৰ্ফিৰ নতুন ৰূপ। হয়তো এই পৃথিৱীৰ কোনোৱেই উৰ্ফিৰ ফেশ্বন চেন্সৰ সৈতে প্ৰতিযোগিতা কৰিব নোৱাৰিব ! কাপোৰৰ পৰা আৰম্ভ কৰি ছেফটি পিনলৈকে ড্ৰেছ নিৰ্মাণ কৰি পিন্ধা প্ৰথমগৰাকী ফেশ্বনিষ্ট হ’ব উৰ্ফি।
উৰ্ফিৰ নতুন ৰূপ চাওক-

আচলতে উৰ্ফি জাভেদে শেহতীয়াকৈ ‘ডাৰ্টি মেগাজিন’ৰ বাবে এটা শেহতীয়া ফটোশ্বুট কৰিছিল। ফটোশ্বুটত ষ্ট্ৰেপলেছ লং ক’লা-বগা গাউন পিন্ধি দেখা গৈছিল য’ত ‘ডাৰ্টি’ লিখা আছিল। সদায় ৰিভিলিং ড্ৰেছত দেখা পোৱা উৰ্ফি জাভেদক সম্পূৰ্ণ কাপোৰ পিন্ধা দেখি মানুহে আনন্দিত হৈছিল যদিও মেকআপ দেখি অনুৰাগীৰ আচৰিত হ’ল। উৰ্ফীয়ে এইবাৰ মেক-আপেৰে মানুহক আচৰিত কৰি তুলিলে।

উৰ্ফী জাভেদে ফটোশ্বুটৰ বাবে চুলিত গোলাপী ৰং কৰিছিল। তাইৰ লুকটোত আটাইতকৈ মনোযোগ আকৰ্ষণ কৰা বস্তুটো আছিল চেলাউৰি, ক’লা সাহসী চকু আৰু নগ্ন ওঁঠেৰে মেকআপ সম্পূৰ্ণ কৰিলে অভিনেত্ৰীগৰাকীয়ে। উৰ্ফীয়েও নিজৰ ছবিখন নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰিছে, ফটোখনত বহুতে বহু মন্তব্য কৰিছে।

গুৱাহাটীত প্ৰসিদ্ধ কাৱালী গায়ক ৱাৰচি ব্ৰাডাৰ্চৰ সংগীতানুষ্ঠান…

ভাৰতৰ সংগীত বৈভবৰ অন্যতম অংগ কাৱালীৰ প্ৰসিদ্ধ শিল্পী ৱাৰচি ব্ৰাডাৰ্চে আজি ১৭ ফেব্ৰুৱাৰিৰ আবেলি চাৰে চাৰি বজাত গুৱাহাটীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ে স্পিক-মেকেৰ সহযোগত আয়োজন কৰা ‘শ্ৰুতি-অম্ৰুত ‘ শীৰ্ষক অনুষ্ঠানত সংগীত পৰিবেশন কৰে ৷

বিশ্ববিদ্যালয়ৰ এম্পি থিয়েটাৰত অনুষ্ঠিত এই সংগীতসভাত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাহিৰেও বাহিৰৰ ভালেমান দৰ্শকে অংশগ্ৰহন কৰে৷ এই সংগীতানুষ্ঠানৰ আন এটা আকৰ্ষণ আছিল চিকিমৰ শিল্পীয়ে পৰিবেশন কৰা লোকনৃত্য চিংঘি চাম৷ বিভিন্ন জন্তুৰ মুখা আৰু অবয়ব প্ৰকাশ কৰা পোচাক পিন্ধি কৰা এই নৃত্যই সকলোকে মুগ্ধ কৰে৷ ৱাৰচী ব্ৰাডাৰ্চে বিশ্ববিদ্যালয়খনিৰ পৰিবেশ, আতিথ্য আৰু দৰ্শকৰ প্ৰতিক্ৰিয়াত আনন্দ প্ৰকাশ কৰে আৰু পুণৰ আহিবলৈ ইচ্ছা প্ৰকাশ কৰে ৷


বিশ্ববিদ্যালয়-সংগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে উপাচাৰ্য ডঃ নাৰায়ণ তালুকদাৰ, প্ৰ’ভিচি ডঃ প্ৰণবীৰ সিং আৰু ডীন অব ষ্টাডিজ বন্দনা দত্তই ৷ বিশ্ববিদ্যালয়ৰ প্ৰো ভাইচ চেন্সেলৰ প্ৰফেচৰ প্ৰণবীৰ সিঙে আদৰণি ভাষণত শিল্পী আৰু দৰ্শকক আদৰণি জনাই আৰু এনে সংগীতসভাৰ শৈক্ষিক প্ৰয়োজনীয়তাৰ কথা চমুকৈ উল্লেখ কৰে৷ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে বিহু নৃত্য আৰু উত্তৰপূব ভাৰতৰ বিভিন্ন লোকনৃত্যৰ সংমিশ্ৰণেৰে কৰা নৃত্য এটি পৰিবেশন কৰে ৷


‘শ্ৰুতি অম্ৰূত’ অনুষ্ঠানৰ দ্বিতীয় দিনাৰ অনুষ্ঠান হ’ব মাছখোৱাৰ প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত৷ এই অনুষ্ঠানত পণ্ডিত হৰি প্ৰসাদ চৌৰাচিয়াই বাঁহী আৰু ওষ্টাড ছহীদ পাৰভেজ খানে চেতাৰ বাদন পৰিবেশন কৰিব ৷

পুনৰ ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়া ! কেইবাৰ খিতাপ অৰ্জন কৰিছে অষ্ট্ৰেলিয়াই…

২০২৩ চনৰ মহিলা টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াই ছেমি ফাইনেলত ভাৰতক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। সপ্তম বাৰৰ বাবে অষ্ট্ৰেলিয়া ফাইনেলত প্ৰৱেশ কৰে। অষ্ট্ৰেলিয়াৰ দৰে মহিলা টি-২০ বিশ্বকাপ ২০২৩ৰ প্ৰথমটো ফাইনেলিষ্ট দলৰ সিদ্ধান্ত। বৃহস্পতিবাৰে ছেমি ফাইনেলত ভাৰতক ৫ ৰানত পৰাস্ত কৰি অষ্ট্ৰেলিয়াই ফাইনেললৈ গতি কৰে। একে সময়তে আজি (২৪ ফেব্ৰুৱাৰী, শুকুৰবাৰ) ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখনৰ দ্বিতীয়খন ছেমি ফাইনেল। ২০০৯ চনত মহিলা টি-২০ বিশ্বৰ প্ৰথম সংস্কৰণ অনুষ্ঠিত হৈছিল, য’ত ইংলেণ্ড বিজয়ী হৈছিল, তেতিয়াৰ পৰাই মুঠ ৭টা বিশ্বকাপ খেলিছে আৰু অষ্টমখন খেল চলি আছে।

অষ্ট্ৰেলিয়াৰ আধিপত্য অব্যাহত

অষ্টম সংস্কৰণত অষ্ট্ৰেলিয়াৰ দলটোৱে সপ্তমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। একে সময়তে দলটোৱে পাঁচবাৰকৈ খিতাপ দখল কৰিছে। ২০১০, ২০১২, ২০১৪, ২০১৮ আৰু ২০২০ চনত অষ্ট্ৰেলিয়াই বিজয়ী হয়। ইয়াৰ উপৰিও ২০১৬ চনত দলটোৱে ৰানাৰ্ছ আপ আছিল। আৰু এইবাৰ আকৌ অষ্ট্ৰেলিয়াই ফাইনেলত প্ৰৱেশ কৰাত সফল হৈছে।

মহিলাৰ টি-২০ বিশ্বকাপ বিজয়ী দলসমূহ এতিয়ালৈকে

২০০৯ চনত ইংলেণ্ড মহিলাই ৫ উইকেটত জয়লাভ কৰে।
২০১০ চনত অষ্ট্ৰেলিয়া মহিলাই ৩ ৰাণত জয়লাভ কৰে।
২০১২ চনত অষ্ট্ৰেলিয়া মহিলাই ৪ ৰাণত জয়লাভ কৰে।
২০১৪ চনত অষ্ট্ৰেলিয়া মহিলাই ৬ উইকেটত জয়লাভ কৰে।
২০১৬ – ৱেষ্ট ইণ্ডিজ মহিলাই ৮ উইকেটত জয়লাভ কৰে।
২০১৮ – অষ্ট্ৰেলিয়া মহিলাই ৮ উইকেটত জয়লাভ কৰে।
২০২০- অষ্ট্ৰেলিয়া মহিলাৰ ৮৫ ৰানত জয়।
অষ্ট্ৰেলিয়াই জয়ৰ হেট্ৰিক কৰিব পাৰে

যোৱা দুটা সংস্কৰণত একেৰাহে জয়লাভ কৰিছে অষ্ট্ৰেলিয়াই। এনে পৰিস্থিতিত পুনৰ জয় পঞ্জীয়ন কৰি অষ্ট্ৰেলিয়াই মহিলা টি-২০ বিশ্বকাপত জয়ৰ হেট্ৰিক অৰ্জন কৰিব পাৰে। মহিলা টি-২০ বিশ্বকাপৰ এই পৰ্যন্ত সফল দল হিচাপে অষ্ট্ৰেলিয়া হৈছে।

মহিলা টি-২০ বিশ্বকাপত অষ্ট্ৰেলিয়াৰ প্ৰদৰ্শন দৰ্শনীয়। লীগ মেচখনৰ পিছত এতিয়ালৈকে দলটোৱে এখনো মেচত পৰাস্ত হোৱা নাই। এই বিশ্বকাপত ছেমি ফাইনেলত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক ৯৭ ৰান, বাংলাদেশক ৮ উইকেট, শ্ৰীলংকাক ১০ উইকেট, দক্ষিণ আফ্ৰিকাক ৬ উইকেট আৰু ভাৰতক ৫ উইকেটত পৰাস্ত কৰে।

গৰ্ভাৱস্থাত মূৰৰ বিষক আওকাণ নকৰিব, মাতৃ আৰু সন্তানৰ বাবে সমস্য়া হোৱাৰ সম্ভাৱনা…

সাধাৰণতে গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত প্ৰিক্লেম্পচিয়া হয় আৰু ই মাতৃ আৰু ভ্ৰুণ উভয়ৰে বাবে ভাবুকি কঢ়িয়াই আনে এই সময়ত গৰ্ভৱতী মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অতি সাৱধান হোৱা প্ৰয়োজন। গৰ্ভৱতী মহিলাক প্ৰভাৱিত কৰিব পৰা বহু বস্তুৰ ভিতৰত প্ৰিক্লেম্পচিয়া নামৰ এক গুৰুতৰ ৰক্তচাপৰ অৱস্থা। “প্ৰিক্লেম্পচিয়া ৰোগত আক্ৰান্ত গৰ্ভৱতী মাতৃৰ উচ্চ ৰক্তচাপ আৰু প্ৰস্ৰাৱত প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি পায়, যাক প্ৰটিন ইউৰিয়া বুলি কোৱা হয়। সাধাৰণতে গৰ্ভাৱস্থাৰ ২০ সপ্তাহৰ পিছত এই ৰোগ হয় আৰু ই মাতৃ আৰু ভ্ৰুণ উভয়ৰে বাবে বিপদৰ সৃষ্টি কৰে। যিসকলৰ প্ৰস্ৰাৱত প্ৰ’টিনৰ মাত্ৰা অধিক বিপজ্জনক।”

প্ৰিক্লেম্পচিয়া কিমান সাধাৰণ?
বিশ্বৰ প্ৰায় ১০ শতাংশ মহিলাৰ গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপৰ সমস্যা হয়। ইয়াৰে তিনিৰ পৰা পাঁচশতাংশই প্ৰিক্লেম্পচিয়া ৰোগত আক্ৰান্ত।এটা গৱেষণাৰ মতে ভাৰতৰ ৭.৮ শতাংশ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপৰ ৰোগী ধৰা পৰিছে, ইয়াৰে ৫.৪ শতাংশ প্ৰিক্লেম্পচিয়া ৰোগত আক্ৰান্ত।

একাধিক সন্তানৰ আশা কৰা
প্ৰিক্লেম্পচিয়াৰ পাৰিবাৰিক ইতিহাস
উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বা বৃক্কৰ ৰোগৰ ইতিহাস
মেদবহুলতা
হৰম’নৰ বিকাৰ
প্ৰিক্লেম্পচিয়া হ’লে এই লক্ষণসমূহ দেখা দিয়ে
দৃষ্টিশক্তি অস্পষ্ট
দৃষ্টিশক্তিত ক’লা দাগ
সোঁফালৰ পেটৰ বিষ
মূৰৰ বিষ
হাত আৰু মুখ ফুলা
উশাহ লোৱাত কষ্ট পোৱা


প্ৰিক্লেম্পচিয়াৰ সমস্যা কিয় হয়?
প্ৰিক্লেম্পচিয়াৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই যদিও ই প্লেচেণ্টাৰ স্বাস্থ্যৰ লগত জড়িত বুলি ধাৰণা কৰা হৈছে।প্ৰিক্লেম্পচিয়াৰ সময়ত প্লেচেণ্টাৰ তেজৰ মাত্ৰা কমি যাব পাৰে, যাৰ ফলত মাতৃ আৰু ভ্ৰুণ উভয়ৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ ফলত অকাল প্ৰসৱও হ’ব পাৰে, যাৰ ফলত শ্বাস-প্ৰশ্বাসজনিত সমস্যা আৰু জন্মৰ সময়ত ওজন কম হোৱাৰ দৰে স্বাস্থ্যজনিত জটিলতা হ’ব পাৰে

প্ৰিক্লেম্পচিয়া হোৱাৰ সম্ভাৱনা কাৰ বেছি?
প্ৰথম গৰ্ভাৱস্থাত এই সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা বেছি।
যদি কোনো গৰ্ভৱতী মহিলাৰ ইতিমধ্যে উচ্চ ৰক্তচাপ আছে।
গৰ্ভৱতী মহিলাৰ মাতৃ বা ভগ্নীৰ প্ৰিক্লেম্পচিয়া হৈছে।
যিসকল মহিলা মেদবহুল বা যাৰ বিএমআই ৩০তকৈ অধিক।
গৰ্ভাৱস্থাৰ পূৰ্বে বৃক্কৰ সমস্যা হোৱা মহিলা।
২০ বছৰৰ তলৰ আৰু ৪০ বছৰৰ ওপৰৰ গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই আশংকা বেছি।