Home Blog Page 1724

নলবাৰী মুগকুছিত দিবা নৈশ ক্ৰিকেটৰ সামৰণি…

নলবাৰী মুগকুছিৰ অমৰ জ্যোতি স্পোৰ্টচ্ ক্লাবৰ উদ্যোগত চতুৰ্থ বাৰ্ষিক দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ যোৱা দেওবাৰে নিশা সামৰণি পৰে।

কেইবাটাও দলৰ অংশগ্রহণেৰে প্ৰতিযোগিতাখন আকৰ্ষণীয় হৈ পৰে।

প্ৰতিযোগিতাৰ ফাইনেল খেলত মুখামুখী হৈছিল বাইহাটাৰ ডেকা ব্ৰাদাৰ্ছ আৰু কালাকুছি শুভগামী দলৰ মাজত। বিজয়ী হয় ডেকা ব্ৰাদাৰ্ছ দল।

প্ৰতিযোগিতাৰ অন্তত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে প্ৰতিযোগিতাৰ সভাপতি ফুকন চন্দ্ৰ হালৈ, সম্পাদকদয় হীৰক জ্যোতি হালৈ আৰু জিতু ডেকা, উপ সভাপতি নিপুল হালৈ। লগতে বঁটা প্ৰদান কৰে বিশিষ্ট সমাজকৰ্মী বাপুকণ কলিতা, নিকুঞ্জ ডেকা আৰু বিদ্যুৎ হালৈয়ে।

ঐতিহাসিক কাহিনীচিত্ৰ “কইনাকন্দা শিল” ৰ দৃশ্যগ্ৰহণ

মৰিগাঁও জিলাৰ বঘৰাত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কইনকন্দা শিল। এই কইনাকন্দা শিল প্ৰাচীন সময়ৰ তথা অবিভক্ত নগাঁও জিলাৰ অন্তৰ্গত ৰাজকীয় প্ৰথাৰ দ্বাৰা শাসিত চুবুৰীয়া বঘৰা ৰাজ্যৰ ৰাজকুমাৰৰ এক সঁচা ৰাজকীয় প্ৰেম কাহিনীৰ জীৱন্ত সাক্ষী।

প্ৰকৃতি নিয়মৰ নিৰ্দেশত সলনি হৈছে ফল-ফুল, গছ-বন, লতা। পৰিৱৰ্তন হৈছে মানুহৰ মন, মৰম, ভালপোৱা আৰু জীৱনধাৰা। কিন্তু পৰিৱৰ্তন হোৱা নাই বঘৰা ৰাজকুমাৰী আৰু মায়ং কোঁৱৰৰ সঁচা প্ৰেমেৰে বিবাহ বন্ধনত বান্ধ খোৱা আৰু অতি যন্ত্ৰণাকাতৰ তথা বিষাদেৰে ভৰা পৰিসমাপ্তিৰ স্বাক্ষৰ বহন কৰি অহা এই কইনাকন্দা শিল।

সেয়েহে, নিশা হ’লেই এই বঘৰা পাহাৰত বজি উঠে বিভিন্ন ধৰণৰ ঢোল আৰু কালিয়া শব্দৰ ৰাগিনী আৰু শিলৰ চেপৰ পৰা বঘৰা ৰাজকুমাৰীয়ে কান্দি কান্দি চিঞৰি উঠে – “ ৰাজকুমাৰ, মোক বচা, মই শিলৰ চেপত বহুত দুখ পাইছো, মোক বচা ৰাজকুমাৰ”।

এনে এক ঐতিহাসিক তথা জীয়া কাহিনীকে মূল আধাৰ হিচাপে লৈ গুৱাহাটীৰ ইক্ভেলী চিনে প্ৰডাকচনৰ প্ৰযোজনাৰে নিৰ্মাণ হৈ আছে অসমীয়া আৰু তিৱা ভাষাত (দ্বি-ভাষিক) কাহিনীচিত্ৰ – “কইনাকন্দা শিল”।

এই কাহিনী চিত্ৰনাট্যখনৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা – ৰমেন বৰা (কামপুৰ), মুখ্য সহকাৰী পৰিচালক – ড° অলকানন্দা কাকতি, সংগীত ব্যৱস্থাপনা – বিজয় ভূঞাঁ, সংগীত পৰিচালনা – ড° মাইনু দেৱী, কণ্ঠশিল্পী – দেৱাশীষ শৰ্মা৷ শিশু শিল্পী চিত্ৰানী কাশ্যপ।ঐতিহাসিক “কইনাকন্দা শিল” কাহিনীচিত্ৰৰ দৃশ্যগ্ৰহণ মৰিগাঁও জিলাৰ বঘৰাত অৱস্থিত ইতিহাস প্ৰসিদ্ধ কইনাকন্দা শিল।

এই কইনাকন্দা শিল প্ৰাচীন সময়ৰ তথা অবিভক্ত নগাঁও জিলাৰ অন্তৰ্গত ৰাজকীয় প্ৰথাৰ দ্বাৰা শাসিত চুবুৰীয়া বঘৰা ৰাজ্যৰ ৰাজকুমাৰৰ এক সঁচা ৰাজকীয় প্ৰেম কাহিনীৰ জীৱন্ত সাক্ষী।

প্ৰকৃতি নিয়মৰ নিৰ্দেশত সলনি হৈছে ফল-ফুল, গছ-বন, লতা। পৰিৱৰ্তন হৈছে মানুহৰ মন, মৰম, ভালপোৱা আৰু জীৱনধাৰা। কিন্তু পৰিৱৰ্তন হোৱা নাই বঘৰা ৰাজকুমাৰী আৰু মায়ং কোঁৱৰৰ সঁচা প্ৰেমেৰে বিবাহ বন্ধনত বান্ধ খোৱা আৰু অতি যন্ত্ৰণাকাতৰ তথা বিষাদেৰে ভৰা পৰিসমাপ্তিৰ স্বাক্ষৰ বহন কৰি অহা এই কইনাকন্দা শিল। সেয়েহে, নিশা হ’লেই এই বঘৰা পাহাৰত বজি উঠে বিভিন্ন ধৰণৰ ঢোল আৰু কালি শব্দৰ ৰাগিনী আৰু শিলৰ চেপৰ পৰা বঘৰা ৰাজকুমাৰীয়ে কান্দি কান্দি চিঞৰি উঠে- “ ৰাজকুমাৰ, মোক বচোৱা, মই শিলৰ চেপত বহুত দুখ পাইছো, মোক বচোৱা ৰাজকুমাৰ”।

এনে এক ঐতিহাসিক তথা জীয়া কাহিনীকে মূল আধাৰ হিচাপে লৈ গুৱাহাটীৰ ইক্ভেলী চিনে প্ৰডাকচনৰ প্ৰযোজনাৰে নিৰ্মাণ হৈ আছে অসমীয়া আৰু তিৱা ভাষাত (দ্বি-ভাষিক) কাহিনীচিত্ৰ – “কইনাকন্দা শিল”।

এই কাহিনী চিত্ৰনাট্যখনৰ চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা – ৰমেন বৰা (কামপুৰ), মুখ্য সহকাৰী পৰিচালক – ড° অলকানন্দা কাকতি, সংগীত ব্যৱস্থাপনা – বিজয় ভূঞাঁ, সংগীত পৰিচালনা – ড° মাইনু দেৱী, কণ্ঠশিল্পী – দেৱাশীষ শৰ্মা (বৰ্তমানৰ উপায়ুক্ত, মৰিগাঁও জিলা) আৰু ড° মাইনু দেৱী, চিত্ৰগ্ৰহণ – বীৰেন দাস, সম্পাদনা- ৰাজু গগৈ, আৱহ সংগীত – ৰমেন বৰা (কামপুৰ), সহঃপৰিচালক – কুশল নাথ আৰু অভিনয়ত আছে ক্ৰমে উপকূল বৰদলৈ, বিমলজ্যোতি বৰদলৈ, মিহিৰ বৰদলৈ, হীৰক কোঁৱৰ, গগন ডেকা, দিগন্ত শৰ্মা, ৰাজীৱ নাথ, তন্দ্ৰালী মূৰ্চ্ছনা, ডৰিথী বৰদলৈ, ড° মাইনু দেৱী আৰু বহু স্থানীয় শিল্পীয়ে। অতিথি শিশু শিল্পী চিত্ৰানী কাশ্যপ।

মানৱ জীৱনত কিতাপে হৈছে শ্ৰেষ্ঠ প্ৰকৃত বন্ধু”…

মানৱজীৱনৰ অপৰিহাৰ্য অংগ হৈছে কিতাপ।কিতাপত যুগ-যুগান্তৰৰ জ্ঞান অভিজ্ঞতাৰে পৰিপূৰ্ণ থাকে।এজন ব্যক্তিক সংগ দি সম্পূৰ্ণ সলনি কৰি দিয়াৰো শক্তি আছে কিতাপৰ।সুখৰ দিনত বন্ধুৰ অভাৱ নাই।কিন্তু দুখৰ দিনত বন্ধুৰ মাত এষাৰ পাবলৈ নাই।বিপদত হাতত হাত থৈ আগুৱাই দিয়া জনহে প্ৰকৃত শ্ৰেষ্ঠ বন্ধু।

ঠিক সেইদৰে কিতাপক যদি আমি হৃদয়ত স্থান দিব পাৰোঁ,হয়তো কিতাপে কেতিয়াও লগ নেৰিব।বগা কাগজত কলা চিয়াঁহীৰে আৱৰা মূল কথাখিনি কেতিয়াও সলনি নহয়।মানৱজাতিৰ মনবোৰ প্ৰতিটো খোজত সলনি হয়।সেইবাবে কিতাপক বিশ্বাস কৰিব পাৰি,কিন্তু মানুহক বিশ্বাস কৰিব নোৱাৰি।কিতাপে হৈছে হৰ্ষ-বিষাদৰ সংগী।কিতাপে এটা দুখী জীৱন সুখী কৰিব পাৰি।শতাধিক দুখ-কষ্ট,সংগ্ৰাম পৰিহাৰ কৰি জীৱনটোক নকৈ জীয়াবলৈ শিকাই এখন ভাল কিতাপে আৰু প্ৰেৰণা যোগায়।উন্নত মানদণ্ডৰ কিতাপ দৈনিক প্ৰকাশ পায়ে থাকে।সকলো পঢ়িবলৈ এই জীৱনত কাৰোৱেই সময় নাই আৰু পঢ়া সম্ভৱ নহয়।

কিন্তু জীৱনটো সুন্দৰভাৱে পৰিচালিত কৰিব পৰাকৈ নিজক শক্তিশালী কৰি তুলিবলৈ উপযোগী হোৱাকৈ কিছু গ্ৰন্থ পঢ়াৰ দৰকাৰী।যিটো জ্ঞান আমি এখন গ্ৰন্থ পঢ়ি সহজে আহৰণ কৰিব পাৰোঁ,সেই গ্ৰন্থখনৰ লেখকে গ্ৰন্থখন সম্পূৰ্ণ কৰি পাঠক সমাজলৈ আগবঢ়াই দিবৰ বাবে বহু অধ্যয়ন আৰু অভিজ্ঞতাৰ প্ৰয়োজন হয়।সেই অভিজ্ঞতা,জ্ঞান,সত্যানুসন্ধান সকলোবোৰ কিতাপৰ পাতত থূপ খাই থাকে।সেইবাবে কিতাপ সকলোৰে বাবে শ্ৰদ্ধেয়।আৰু কিতাপে হৈছে প্ৰকৃত শ্ৰেষ্ঠ বন্ধু।কিতাপ সত্যৰ পথ বিলোৱা কেতিয়াও নুনুমোৱা এগছি বন্তি।কিতাপে আমাৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে।মানুহৰ অন্তৰাত্মা পবিত্ৰ কৰে।কিতাপৰ লগত অন্তৰংগ বন্ধুত্ব গঢ়ি উঠাৰ পাছত কেতিয়াও থমকি ৰ’ব লগা নহয়।কেৱল এই বন্ধুত্ব গভীৰৰ পৰা গভীৰত্বলৈ গৈ থাকে।যি ব্যক্তিয়ে এবাৰ কিতাপ-আলোচনীৰ প্ৰেমত পৰে সেই ব্যক্তিয়ে বহু ব্যস্ততাৰ মাজতো ওচৰত গ্ৰন্হমেলা হ’লে তালৈ ঢাপলি মেলে ভাল লগা কিতাপবোৰ ক্ৰয় কৰিবৰ বাবে।ৰাস্তাৰে গৈ থাকোতে হঠাৎ কিতাপৰ দোকান দেখা পালে ৰৈ চকু ফুৰাই কিজানিবা দৰকাৰী কিতাপখন আছে।এয়াই হৈছে কিতাপ প্ৰেমী সকলৰ কিতাপৰ লগত এৰাব নোৱাৰা এক নিবিড় সম্বন্ধ।

কিতাপৰ আকৰ্ষণৰ শক্তি বহু বেগী বাবেই দূৰৰ পৰাই কিতাপ প্ৰেমী সকলক আকৰ্ষিত কৰে।বিশ্বায়নৰ যুগটোৱে মানৱজাতিক সৰ্বস্ব ধন-সম্পত্তি,বিলাসিতা দিছে।মানুহৰ প্ৰতি মৰম,দয়া,আন্তৰিকতা নাইকিয়া হৈ গৈছে।আমি অলপ সময় উলিয়াই বাকীবোৰ বস্তুৰ সলনি কম পৰিমাণে হ’লেও সকলোৱে কিতাপ কিনি পঢ়াৰ অভ্যাস গঢ়ি তোলো তেতিয়া হয়তো সকলোবোৰ ঘূৰি আহিব লগতে এখন সৰ্বাংগসুন্দৰ সমাজ গঢ়ি উঠিব।কিতাপ পঢ়া মানেই নিজৰে লাভ।কিতাপ পঢ়ি যিমানেই বিদ্যাৰ অনুশীলন হ’ব,সিমানেই কিতাপৰ সমাদৰ বাঢ়িব।ৰাইজ জ্ঞানী হ’লে কোনো দিশতে কেৰোণ নালাগে,ৰাইজৰ ওপৰত মহাভাৰ নপৰে।কিতাপক সন্মান জনাই শ্ৰেষ্ঠ বন্ধু হিচাপে হৃদয়ত স্থান দি আগুৱাই যোৱাটোৱেই আমাৰ কৰ্তব্য।

✍️ৰশ্মি ৰেখা দুৱৰা।
ডিব্ৰুগড়
ফোন-৬০০০৬৮২১৮৩

মাষ্টাৰ্ছ এথলেটিকত বৰঝাৰ বিমানবন্দৰৰ অণিমা সোণোৱালৰ চাৰিটা সোণৰ পদক লাভ

কলকাতাৰ ছল্টলেক স্টেডিয়ামত ১৫ ৰ পৰা ১৯ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত সৰ্বভাৰতীয় মাষ্টাৰ্ছ এথলেটিকছ প্রতিযোগিতাত অসমৰ খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়।

প্রায় চাৰি হেজাৰ খেলুৱৈয়ে অংশগ্রহণ কৰা প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈৰ সংখ্যা আছিল ৩৩৮ গৰাকী। অসমৰ খেলুৱৈয়ে ৬০ টা সোণ, ৫৮ টা ৰূপ আৰু ৪৯ টা ব্ৰঞ্জসহ মুঠ ১৬৭ টা পদক লাভ কৰে।

ইয়াৰ ভিতৰত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ চৌহদৰ আবাসী তথা ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বিষয়া সন্দেশ্বৰ সোণোৱালৰ সহধৰ্মিনী , প্ৰবীণ ক্ৰীড়াবিদ অণিমা সোণোৱালে সৰ্বাধিক চাৰিটা সোণৰ পদক লাভ কৰি বিৰল গৌৰৱ কঢ়িয়াই আনিছে।

অণিমা সোণোৱালে হাই জাম্প, ত্রিপল জাম্প, পলভল্ট আৰু ৪ x ১০০ মিটাৰ ৰীলেত প্রথম স্থান দখল কৰি অভিলেখ ৰচনা কৰিছে।

ইতিমধ্যে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকৰ কাৰ্যালয়ে পূৰ্বৰ ধাৰা অব্যাহত ৰাখি পুনৰ অণিমা সোণোৱালে চাৰিটা পদক অৰ্জনৰে প্ৰাধিকৰণলৈ গৌৰৱ কঢ়িয়াই অনা বাবে ধন্যবাদ জ্ঞাপন কৰি উজ্বল ক্ৰীড়া প্ৰতিভা যাতে অব্যাহত থাকে তাৰ কামনা কৰিছে।

তুৰস্কৰ ছিৰিয়াৰত পুনৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (ই এম এছ চি)ৰ তথ্য অনুসৰি আজি তুৰস্ক-চিৰিয়া সীমান্ত অঞ্চলত ৬.৩ ৰিখটাৰ স্কেলৰ ভূমিকম্প সংঘটিত হয়।

ভূমিকম্পৰ ফলত হোৱা কম্পন ইজৰাইলতো অনুভৱ কৰা হৈছিল।

৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পৰ পিছত কেইবাটাও কম্পন হৈছিল। সেই ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যাই ৪৭ হাজাৰ অতিক্ৰম কৰিছে।

নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে…

Raw Organic Bunch of Bananas Ready to Eat
  • জুই বা আন গৰম বস্তুৱে পুৰিলে পকা কল পিটিকি পোৰা অংশত লগাই বান্ধি থব লাগে। জ্বলা-পোৰা কমি অহাৰ লগতে জোলাও নাবান্ধে।
  • ২৫০ মি:লি: গাখীৰ আৰু এচামুচ বিশুদ্ধ মৌ মিহলাই নিয়মীয়াকৈ এসপ্তাহ খালে কাম শক্তি বৃদ্ধি পায়।
  • নিয়মীয়াকৈ কল খালে শৰীৰত তেজ আৰু চৰ্বি বৃদ্ধি পায়। হিম’গ্লোবিনো বৃদ্ধি পায়।

  • নাকেৰে তেজ ওলালে আৰু এঁৱা ভাগিলে পকা কলৰ লগত চেনি আৰু গাখীৰ মিহলাই ফেটি লৈ একেৰাহে কেইবাদিনো খালে এই ৰোগ ভাল হয়।
  • নিয়মীয়াকৈ পকা কল খালে ৰক্তস্ৰাৱী অৰ্শ ৰোগ নিয়ন্ত্ৰণত থাকে।
  • শৰীৰে পৰ্য্যাপ্ত প্ৰ’টিন আৰু শক্তি লাভ কৰিবলৈ হ’লে গাখীৰৰ লগত কল খাব লাগে।
  • পেট চিকুট মাৰি ধৰি সঘনাই পাতল পায়খানা হ’লে গাখীৰৰ লগত কল খাব লাগে।

  • কলে চকুৰ ৰোগ হোৱাত বাধা দিয়ে।
  • কলে অন্ত্ৰত কৃমি মাৰে।
  • কল খালে শৰীৰৰ গাঁঠিৰ বিষো নিয়ন্ত্ৰণত থাকে।
  • পকা কলৰ লগত জিৰা গুড়ি মিহলাই খালে পুৰণি গ্ৰহণী ৰোগ ভাল হয়।
  • থেতেলা খাই বা বিষ হৈ উখহি থকা অংশত পকা কল, আটা পানীৰ লগত মিহলাই পিটিকি জুইৰ ওপৰত গৰম কৰা লেপ বান্ধিব লাগে।
  • পেটত কৃমি বেছি হ’লে কাঁচ কল খাব লাগে।
  • কল গছৰ ভিতৰত কোমল অংশৰ ৰস আধা কাপ উলিয়াই নিয়মীয়াকৈ ৰাতিপুৱা খালী পেটত খাব লাগে।

লেখিকা: সুমিত্ৰা গোস্বামী।

মংগলবাৰৰ পৰা উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত অনুষ্ঠিত হ’ব ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন

কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাই অংশগ্ৰহণ কৰিবলগীয়া উক্ত সন্মিলন কাইলৈ উদ্বোধন কৰিব উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই। উদ্বোধনী অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কুইন ওজাইও কৰিব অংশগ্ৰহণ।জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশক ত্বৰান্বিত কৰাৰ বাবে কাইলৈৰ পৰা অহা ২৫ ফেব্ৰুৱাৰীলৈ কামৰূপ, কামৰূপ (মহানগৰ), নলবাৰী আৰু গোৱালপাৰা জিলাৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই, বেংকিং খণ্ডৰ বিভিন্ন প্ৰতিষ্ঠানৰ অংশগ্ৰহণেৰে উত্তৰ গুৱাহাটী মহাবিদ্যালয় খেল পথাৰত ‘উদ্যম-২০২৩’ শীৰ্ষক এম.এছ.এম.ই ব্যৱসায় আৰু বাণিজ্য সন্মিলন অনুষ্ঠিত হ’ব। সৰ্বমুঠ ১০০টা এম.এছ.এম.ই ষ্টল, ১২টা ফুড ষ্টলৰ সমাহাৰেৰে অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনখন কাইলৈ আনুষ্ঠানিকভাৱে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়াই কৃষি মন্ত্ৰী অতুল বৰা আৰু সাংসদ কুইন ওজাৰ উপস্থিতিত উদ্বোধন কৰিব। ৫ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনৰ যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। উক্ত সন্মিলনত কামৰূপ জিলাৰ কৃষি, ৰেচম, হস্ততাঁত আৰু বস্ত্ৰ, জিলা গ্ৰামীণ অভিকৰণৰ বিপণীৰ লগতে ভাৰত চৰকাৰৰ এম.এছ.এম.ই তথা বিভিন্ন বেংকিং প্ৰতিষ্ঠানৰ বিপণী থাকিব।

উক্ত সন্মিলনৰ আটাইকেইটা দিনতে ব্যৱসায়ৰ সম্ভাৱনীয়তা, উপযুক্ত প্ৰকল্প নিৰ্বাচন, ব্যৱসায়ৰ উন্নয়ন, পঞ্জীয়ন, ঋণৰ উপলব্ধতা, বাঁহ-বেতৰ পৰা আটক ধূনীয়া সামগ্ৰী নিৰ্মাণ, হস্ততাঁত আৰু বস্ত্ৰ শিল্পৰ আধুনিকীকৰণৰ গুৰুত্ব, ক্ৰেতা-বিক্ৰেতা সন্মিলন, কাঠফুলাৰ (Mushroom) মূল্য সংযোজন, সামগ্ৰীৰ ব্ৰেণ্ডিং, পেকেজিং, বজাৰ সংযোগ (Market Linkage), ৰপ্তানিৰ সজাগতা ইত্যাদিৰ প্ৰশিক্ষণ তথা আলোচনা চক্ৰ অনুষ্ঠিত হোৱাৰ উপৰি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ৰচনা লিখা তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে চিত্ৰাংকণ প্ৰতিযোগিতাও অনুষ্ঠিত হ’ব।

তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি জিলা উপায়ুক্তই আধাৰশিলা স্থাপন কৰিলে হাস্পতালখনৰ মূল প্ৰৱেশ তোৰণৰ

আজি আমিনগাঁওস্থিত তোলাৰাম বাফনা কামৰূপ অসামৰিক চিকিৎসালয়ৰ ১৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীয়ে চিকিৎসালয়খনৰ মূল প্ৰৱেশ তোৰণ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। উপায়ু্ক্ত গৰাকীয়ে লগতে এই দিৱসৰ লগত সংগতি ৰাখি এক ৰক্তদান শিৱিৰৰো আনুষ্ঠানিকভাৱে মুকলি কৰে। তেওঁ লগতে হাস্পতালখনৰ ই.এন.টি. আৰু খাৰসূত্ৰ অস্ত্ৰোপচাৰ কক্ষও আনুষ্ঠানিকভাৱে মুকলি কৰি ৰাইজৰ সেৱাত উৎসৰ্গিত কৰাৰ লগতে চিকিৎসালয়খনৰ জিলা জনস্বাস্থ্য পৰীক্ষাগাৰত এফ.এন.এ.চি. পৰীক্ষা কেন্দ্ৰও মুকলি কৰে। উল্লেখ্য যে আজি মুকলি কৰা ই.এন.টি. আৰু খাৰসূত্ৰ অস্ত্ৰোপচাৰ কক্ষৰ পৰা ৰোগীয়ে এনে ধৰণৰ অস্ত্ৰোপচাৰৰ সুবিধা হাস্পতালখনতে লাভ কৰাৰ উপৰি এফ.এন.এ.চি. পৰীক্ষা কেন্দ্ৰৰ জৰিয়তে এই বিশেষ পৰীক্ষা জনসাধাৰণে হাস্পতালখনতে কৰিব পাৰিব।ইয়াৰ পিছতে উপায়ুক্ত গৰাকীয়ে চিকিৎসালয়খনৰ পৰিচালনা সমিতিৰ এক বৈঠকতো অংশগ্ৰহণ কৰি চিকিৎসালয়খনৰ সমূহ চিকিৎসক তথা কৰ্মচাৰী সকলক জনসাধাৰণৰ হকে নিঃস্বাৰ্থভাৱে তথা উৎসৰ্গিত মনোভাৱেৰে কাম কৰাৰ বাবে আহ্বান জনায়।

উক্ত বৈঠকত লোক নিৰ্মাণ বিভাগক তোলৰাম বাফনা চিকিৎসালয়খনৰ প্ৰৱেশ দ্বাৰ নিৰ্মাণৰ আনুমানিক ব্যয় নিৰ্ধাৰণ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ উপৰি তোলৰাম বাফনা আৰু নাৰায়না হৃদয়ালয়াৰ মাজত এখন বুজা-বুজিৰ চুক্তি স্বাক্ষৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় যাতে জটিল বিষয় সমূহৰ ক্ষেত্ৰত অসামৰিক চিকিৎসালয়খনলৈ অহা ৰোগী সকলক নাৰায়না হৃদয়ালয়ত বিনামূলীয়াকৈ প্ৰাথমিক চিকিৎসা আগবঢ়াব পৰা যায়।আজিৰ এই প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত তোলাৰাম বাফনা অসামৰিক চিকিৎসালয়ৰ অধীক্ষকৰ উপৰি তোলাৰাম বাফনাৰ বংশধৰ সুৰেন্দ্ৰ কুমাৰ জৈনৰ লগতে হাস্পতালখনৰ চিকিৎসক নাৰ্চ তথা কৰ্মচাৰী সকল উপস্থিত থাকে।

গুৱাহাটীত যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰৰ শুভ উদ্বোধন…

গুৱাহাটীত যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰৰ শুভ উদ্বোধন। চুইডেন চৰকাৰৰ পৰিৱেশবিদ মি. কাৰ্ল এৰিস্কনৰ দ্বাৰা যোগ কেন্দ্ৰৰ শুভাৰম্ভ।গুৱাহটী মহানগৰৰ ৰাজগড় ৰোডত যোগা প্লাছ জয়ফোল লিভিং নামৰ এক যোগ প্ৰশিক্ষণ আৰু যোগ চিকিৎসা কেন্দ্ৰ আনুষ্ঠানিকভাৱে আৰম্ভ হয়। অনুষ্ঠানটি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে চুইডেন চৰকাৰৰ পৰিৱেশবিদ মি. কাৰ্ল এৰিস্কন ৷ উদ্বোধনী ভাসনত এৰিস্কনে কয় যে ভাৰতীয় যোগ সংস্কৃতি বিশ্বৰ প্ৰতিখন দেশৰ বাবে এক আদৰ্শ স্বৰূপ ৷ এই যোগ আদৰি লৈ গোটেই বিশ্ববাসীয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক উৎকৰ্ষ সাধনৰ লগতে বিভিন্ন মাৰাত্মক বেমাৰৰ পৰা আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোগ সম্পৰ্কে এক মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপক ড° নিপেণ শইকীয়াই।

গুৱাহাটী পৌৰ নিগমৰ ২৮নং ৱাৰ্ডৰ পাৰিষদ স্নিগ্ধা দৈমাৰী , ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক অধ্যক্ষ যোগাচাৰ্য্য শুভাশিষ কৌৰ , যোগ প্ৰশিক্ষীকা অৰ্চনা দাস , যোগ থেৰাপিষ্ট তথা পূৰ্বাঞ্চল মহিলা যোগ সংঘৰ সভানেত্ৰী সিক্তা দেৱ কৰ উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে ৷ এই প্ৰশিক্ষণ কেন্দ্ৰত ধ্যান , মাছাজ , নেছাৰ’পেথী , যোগ, সৎকৰ্ম আৰু প্ৰশিক্ষীকাৰ প্ৰশিক্ষণৰ ব্যৱস্থা থাকিব বুলি যোগবিদ সিক্তা দেৱ কৰে জানিবলৈ দিয়ে ।

মেঘালয়ত ভয়াৱহ পথ দুৰ্ঘটনা ! নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু ৫জনৰ…

মেঘালয়ত ভয়াৱহ পথ দুৰ্ঘটনা ! নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰিবলৈ গৈ মৃত্যু ৫জনৰ। খবৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১১ বজাত পূৱ গাৰো পাহাৰৰ বোলমেডাং গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা। ইষ্ট গাৰো পাহাৰত কমেও পাঁচগৰাকী মহিলাৰ মৃত্যু হয়, তেওঁলোকে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈছিল। এখন পাহাৰৰ কাষত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা হয়।

খবৰ অনুসৰি, পাঁচগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে একেখন বাহনত থকা ২৪ জন লোক আহত হয়। আহত একাংশৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।বাহনখনত থকা লোকসকলে টিএমচিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল, য’ত মুকুল চাংমা উপস্থিত হ’বলগীয়া আছিল।আৰক্ষীৰ সূত্ৰ অনুসৰি সোমবাৰে পুৱা প্ৰায় ১১ বজাত পূৱ গাৰো পাহাৰৰ বোলমেডাং গাঁৱৰ সমীপত সংঘটিত হয় এই ঘটনা।

স্থানীয় ৰাইজে নিহত কেইজনক মেৰিনা চাংমা, ছাবিনা মৰাক, কুকিলা মমিন, তেছা চাংমা বুলি চিনাক্ত কৰিছে। এগৰাকী নিহত মহিলাৰ চিনাক্তকৰণ এতিয়াও হোৱা নাই।ঘটনাৰ খবৰ পোৱাৰ লগে লগে চিকিৎসা বিভাগৰ কৰ্মীসহ আৰক্ষীৰ এটা দলে আহতসকলক চোৱাচিতা কৰিবলৈ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। আহতসকলৰ অধিকাংশকে খাৰকুটা পি এইচ চিলৈ লৈ যোৱাৰ বিপৰীতে সংকটজনক অৱস্থাত থকা আন কিছুমানক চিকিৎসাৰ বাবে অসমৰ গোৱালপাৰালৈ প্ৰেৰণ কৰা হয় আনহাতে অসমৰ উপাধ্যক্ষ ড০ নুমল মমিনেও ঘটনাস্থলী পৰিদৰ্শন কৰে, লগতে মৃত্যুক শোক প্ৰকাশ কৰে।