Home Blog Page 1729

স্থৱিৰ হৈ পৰিল জাৰ্মানীৰ বিমানসেৱা; কিন্তু কিয়?

বিমান সেৱা কৰ্মচাৰীৰ কৰ্মবিৰতিত স্থৱিৰ হৈ পৰিছে জাৰ্মানীৰ বিমানসেৱা। ইতিমধ্যে ২,৩৪০ খন বিমানৰ উৰণ বাতিল কৰা হৈছে। আনন্দোলনৰ ফলত জাৰ্মানীৰ ৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা লুফথানছাও প্ৰভাৱান্বিত হৈছে। সংস্থাটোৰ ১৩০০ খন বিমান বাতিল কৰিব লগা হৈছে । এনেদৰে দুই সহস্ৰাধিক বিমান বাতিলৰ ফলত প্ৰায় ৩০০,০০০ যাত্ৰী প্ৰভাৱান্বিত হৈছে।


ৰাজহুৱা খণ্ডৰ শ্ৰমিক, গ্ৰাউণ্ড ক্ৰু আৰু সাতটা বিমানবন্দৰৰ কৰ্মচাৰীয়ে বিভিন্ন দাবীৰ সমৰ্থনত আহ্বান কৰা কৰ্ম বিৰতিৰ ফলত জাৰ্মানীৰ বিমান সেৱা বন্ধ হৈ পৰিছে। জাৰ্মান বিমানবন্দৰ সংস্থাই (এডিভি) ঘোষণা কৰিছে যে ২,৩৪০ খন বিমান বাতিল হোৱাৰ ফলত প্ৰায় ৩,০০,০০০ যাত্ৰী ক্ষতিগ্ৰস্ত হৈছে।

ফ্ৰেংকফুর্ট বা মিউনিখৰ পৰা কোনো বিমান আজি উৰা নাই। ট্ৰেড ইউনিয়ন ভেৰ্ডিৰ উপ-অধ্যক্ষা ক্ৰিষ্টিন বেহেলে বুধবাৰে ধৰ্মঘট ঘোষণা কৰাৰ সময়ত কৈছিল, “গ্ৰাউণ্ড হেণ্ডলিং শ্ৰমিকসকলৰ মাজত এতিয়াও শ্ৰমিকৰ অভাৱ আছে – যাত্ৰীসকলে স্পষ্টভাৱে সেই কথা অনুভৱ কৰি আহিছে। এই পৰিস্থিতি সলনি কৰিবলৈ, তেওঁলোকৰ আকৰ্ষণীয়ভাবে মজুৰি বৃদ্ধি কৰিব লাগিব।”

লিভ ইন নহয়, চাহিলৰ সৈতে নিকি যাদৱৰ বিয়া হৈছিল বহু বছৰ আগতেই

হত্যাকাৰী চাহিলৰ সৈতে ২৩ বছৰীয়া নিকি যাদৱে লিভ ইন কৰা নাছিল। চাহিলৰ সৈতে বহু বছৰ আগতেই নিকিৰ বিয়া হৈছিল। শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহিছে। আনকি নিকি-চাহিলৰ বিয়াৰ পুৰোহিতেও সেই কথা প্ৰকাশ কৰিছে। উল্লেখ্য ভেলেণ্টাইন ডেৰ দিনাই আৰক্ষীয়ে নিকিৰ মৃতদেহ এটা ফ্ৰীজাৰত উদ্ধাৰ কৰিছিল। চাহিল গেহলটৰ বিৰুদ্ধে নিকিক চাৰ্জিং কেবলেৰে শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ অভিযোগ উঠিছিল।

হত্যাৰ পিছত নিকিৰ শৰীৰটো ফ্ৰীজাৰত ভৰাই থোৱা হৈছিল। দিল্লী আৰক্ষীয়ে আজি কৈছে যে নিকিয়ে প্ৰকৃততে চাহিল গেহলটৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। “অভিযুক্ত চাহিল আৰু নিকিয়ে ২০২০ চনৰ অক্টোবৰত নয়ডাৰ এটা মন্দিৰত বিবাহপাশত আৱদ্ধ হৈছিল। চাহিলৰ পৰিয়াল তেওঁলোকৰ বিবাহত অসন্তুষ্ট আছিল। চাহিলৰ পৰিয়ালে ২০২২ চনৰ ডিচেম্বৰত আন ছোৱালীৰ সৈতে চাহিলৰ বিয়া ঠিক কৰিছিল আৰু সেই ছোৱালীজনীৰ পৰিয়ালৰ পৰা এই কথা লুকুৱাই ৰাখিছিল যে চাহিলে ইতিমধ্যে নিকিক বিয়া কৰাইছিল”।

ইফালে, নিকিৰ দেউতাক সুনীল যাদৱে কৈছে যে তেওঁৰ পৰিয়ালৰ বিয়াৰ বিষয়ে জ্ঞাত নাছিল।তেওঁ কয় “পৰিয়ালৰ কোনেও নিকি আৰু চাহিলৰ বিবাহৰ বিষয়ে একো নাজানিছিল। আমি এইটো বিশ্বাস নকৰোঁ।”


অপৰাধ শাখাই নিকিৰ হত্যাৰ সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰিছে, যাৰ ভিতৰত আছে চাহিলৰ পিতৃও। পুত্ৰক “ষড়যন্ত্ৰ”ত সহায় কৰাৰ অভিযোগত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। চাহিলৰ দেউতাক বীৰেন্দ্ৰ সিঙক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা চলাই আছে। তেওঁৰ বিৰুদ্ধে আইপিচিৰ ইউ/এছ ১২০বি (অপৰাধমূলক ষড়যন্ত্ৰ) গোচৰ ৰুজু কৰা হৈছে। বন্ধু, সম্পৰ্কীয় ভাই আৰু অভিযুক্ত চাহিল গেহলটৰ ভাতৃকে ধৰি আন ৪ জনকো গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য চাহিলে ২৩ বছৰীয়া নিকি যাদৱ নামৰ যুৱতীগৰাকীক ডাটা কেবলেৰে মেৰিয়াই শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।

ইতিমধ্যে, চাহিল গেহলটে প্ৰেমিকা নিকি যাদৱক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে লগতে কয় যে, চাহিলে আৰক্ষীক নিকিৰ মৃতদেহ য’ত ৰাখিছিল তালৈ লৈ গৈছিল। সূত্ৰ অনুসৰি, হত্যাৰ আগতে, জব্দ কৰা এখন গাড়ীৰ ভিতৰত দম্পতীহালৰ মাজত তীব্ৰ তৰ্ক হৈছিল। হত্যাৰ দিনা ধৃত চাহিলে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

পশ্চিম দিল্লীত ধাবা চলাই থকা ২৪ বছৰীয়া ফাৰ্মা স্নাতক চাহিলে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত ভয় খাই মৃতদেহটো ফ্ৰীজআৰৰ ভিতৰত ভৰাই ৰখাৰ সিদ্ধান্ত লৈছিল।

কোনো ৰাজ্যকে দিয়া নহয় বিশেষ ৰাজ্যৰ মৰ্যাদা- ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

ওৰিশা আৰু বিহাৰৰ দৰে ৰাজ্যসমূহে বিশেষ ৰাজ্যৰ মৰ্যাদা দা কৰি অহাৰ সময়তে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰই কোনো ৰাজ্যৰ বাবে “বিশেষ শ্ৰেণীৰ মৰ্যাদা”ৰ কথা নতুনকৈ বিবেচনা নকৰে। ফলত বিহাৰ, ওৰিশাৰ দৰে ৰাজ্যৰ দীৰ্ঘদিনীয়া দাবী একপ্ৰকাৰ অসাৰ হৈ পৰিল। কেন্দ্ৰই ওৰিশাৰ বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদাৰ বাবে কৰা প্ৰচেষ্টাৰ বিষয়ে বিবেচনা কৰিব নেকি বুলি সোধাত বিত্তমন্ত্ৰী সীতাৰমণে কয়, “চতুৰ্দশ বিত্ত আয়োগে স্পষ্টকৈ কৈছে যে কোনো ৰাজ্যকে বিশেষ মৰ্যাদা দিব নোৱাৰি৷”


বিভাজনৰ পিছত প্ৰাৰম্ভিক বছৰবোৰত বিশেষ শ্ৰেণীৰ মৰ্যাদা দিয়া অন্ধ্ৰ প্ৰদেশ আৰু তেলেংগানাৰ উদাহৰণক লৈ তেওঁ কয়, “কিন্তু বিত্ত আয়োগে স্পষ্টকৈ কৈছে যে নতুনকৈ আৰু বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়া নহ’ব।”


উল্লেখ্য ওৰিশা আৰু বিহাৰে কেন্দ্ৰই পৃষ্ঠপোষকতা কৰা আঁচনিসমূহত ৯০ শতাংশ পুঁজি লাভ কৰাৰ লক্ষ্যৰে বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদাৰ বাবে জোৰ দি আহিছে। বৰ্তমানৰ ৰাজ্য কেইখনে কেন্দ্ৰীয় পুঁজিৰ ৬০শতাংশ লাভ কৰি আহিছে।ওৰিশাই সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগৰ কথা মনত ৰাখি ইয়াক বিশেষ ৰাজ্যৰ মৰ্যাদা বিচাৰি আহিছে।


এই মাহৰ আৰম্ভণিতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত সংসদীয় বিতৰ্কত ভাগ লৈ বিজেপিৰ সাংসদ সম্বিত পাত্ৰই ৰাজ্যসভাত বিষয়টো উত্থাপন কৰিছিল। তেওঁ কৈছিল “যেতিয়াই ওৰিশাত ঘূৰ্ণীবতাহ আহে, ঘৰবোৰ ক্ষতিগ্ৰস্ত হয়। শস্য ধ্বংস হয়।

যেতিয়াই এনে দুৰ্যোগ হয়, কেন্দ্ৰই ওৰিশাক তিনি বছৰৰ বাবে হ’লেও এক বিশেষ কেন্দ্ৰীভূত ৰাজ্য হিচাপে গঢ়ি তোলাৰ কথা বিবেচনা কৰা উচিত আৰু ৯০:১০ অনুপাতত পুঁজি প্ৰদান কৰা উচিত”। ওৰিশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কেও যোৱা বছৰৰ আগষ্ট মাহত নীতি আয়োগ পৰিচালনা পৰিষদৰ বৈঠকত বিষয়টো উত্থাপন কৰিছিল।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেও তেওঁৰ ৰাজ্যৰ বাবে বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদাৰ বাবে হেঁচা দি আহিছে। যোৱা বছৰৰ নৱেম্বৰত নীতিশে বিহাৰ আৰু অন্যান্য পিছপৰা ৰাজ্যসমূহক বিশেষ শ্ৰেণীৰ ৰাজ্যৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবে কেন্দ্ৰক সমালোচনা কৰিছিল।

ইফালে আজি সীতাৰমণে এমজিএনআৰইজিএছৰ বাবে পুঁজি হ্ৰাস আৰু ধান ক্ৰয় হ্ৰাস সন্দৰ্ভত মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মন্তব্যক ভিত্তিহীন বুলি অভিহিত কৰে। তেওঁ কয় যে এমজিএনআৰইজিএছৰ বাবে পুঁজিৰ আৱণ্টন হ্ৰাস হোৱা নাই। ধান সংগ্ৰহ সন্দৰ্ভত তেওঁ কয়, “আমি ধান আৰু ঘেঁহুৰ ক্ৰয় মুঠেও হ্ৰাস কৰা নাই। ক্ৰয়ৰ পৰিমাণ বৃদ্ধিহে পাইছে। কৃষকসকলে এতিয়া অধিক ধন লাভ কৰিছে”।

চিকিৎসালয়লৈ নিয়াৰ পথত এম্বুলেন্সৰ ভিতৰতে তিনিটা সন্তান জন্ম দিলে মধ্য প্ৰদেশৰ মহিলাই

মধ্যপ্ৰদেশৰ ৰাইচেন জিলাৰ এখন চিকিৎসালয়লৈ নিয়াৰ সময়তে এগৰাকী ২৪বছৰীয়া মহিলাই এম্বুলেন্সত তিনিটা সন্তানৰ জন্ম দিয়ে। তিনিওটি সন্তান ল’ৰা সন্তান বুলি বুলি এগৰাকী স্বাস্থ্য বিষয়াই জানিবলৈ দিছে।

শুকুৰবাৰে সন্ধিয়া পেটৰ বিষৰ অনুভৱ কৰাৰ পিছতে পিপলিয়া গোলী গাঁৱৰ জ্যোতি বাইক প্ৰথমে গোহাৰগঞ্জ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হৈছিল। অৱশ্যে তেওঁৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক ১০৮ এম্বুলেন্সেৰে ভূপালৰ চৰকাৰী চুলতানিয়া চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। কিন্তু চিকিৎসালয় পোৱাৰ আগতেই এম্বুলেন্সতে মহিলাগৰাকীয়ে তিনিটাকৈ সন্তানৰ জন্ম দিয়ে।

এম্বুলেন্সত মহিলাগৰাকীৰ সৈতে যোৱা ড০ সন্দীপ মাৰাণে কয় যে তেওঁ যাত্ৰাৰ সময়ত প্ৰসৱ বেদনাত চটফটাই আছিল। ভূপালৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত মাণ্ডিদীপৰ ওচৰত তেওঁ সন্তান তিনিটা প্ৰসৱ কৰে।

মাৰাণে লগতে কয় যে মাতৃ আৰু তেওঁৰ তিনিওটা নৱজাতক সন্তানক চুলতানিয়া চিকিৎসালয়লৈ লৈ যোৱা হয়। মাতৃ আৰু সন্তান কেইটি বৰ্তমান সুস্থ অৱস্থাত থকা বুলিও তেওঁ জানিবলৈ দিয়ে।

ৰাজ্যিক চলচ্চিত্র বঁটা সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত গুৰুত্বপূৰ্ণ সভা


ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত তেওঁৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

প্ৰথম অসমীয়া চলচ্চিত্ৰ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জয়মতী মুক্তি লাভৰ দিনটোতে অৰ্থাৎ অহা ১০ মাৰ্চত শ্রী মন্ত শংকৰদেৱ কলা ক্ষেত্ৰত অনুষ্ঠিতব্য ৰাজ্যিক ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজনৰ সন্দৰ্ভত এই বৈঠকত বিষদভাৱে আলোচনা কৰা হয়।

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে সাংস্কৃতিক সঞ্চালকালয় আৰু অসম ৰাজ্যিক চলচ্চিত্র আৰু বিত্ত উন্নয়ন নিগমে যুটীয়াভাৱে আয়োজন কৰিব লগা এই চলচ্চিত্র বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্রৰ বিভিন্ন শিতানত বিভিন্ন ব্যক্তিৰ নামত প্ৰদান কৰিব লগা বঁটা, জুৰি সকলৰ ব্যবস্থাপনা, প্ৰচাৰ, আয়োজনৰ বিভিন্ন দিশকে ধৰি বাজেট সন্দৰ্ভতো আলোচনা কৰা হয়।

এই বৈঠকত সাংস্কৃতিক মন্ত্রী বড়াই বঁটা প্ৰদান অনুষ্ঠান যাতে গতানুগতিক নহৈ এক ব্যতিক্রমী অনুষ্ঠান হয় তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি এক নিখুত পৰিকল্পনা যুগুটাই উলিয়াবলৈ বিষয়া সকলক নিৰ্দেশ দিয়ে।

বৈঠকত অসম ৰাজ্যিক চলচ্চিত্র বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী,অতিৰিক্ত সচিব মণিদিপা বৰকটকী, সাংস্কৃতিক সঞ্চালক মীনাক্ষী দাস নাথ, যুটীয়া সচিবদ্বয় দিনমনি দাস আৰু বিজয় লক্ষ্মী বৰুৱাকে ধৰি কেবাগৰাকীও বিষয়া কৰ্মচাৰী উপস্থিত আছিল।

সৰভোগৰ শ্বহীদ ভৱনত শ্বহীদ দিৱস উদযাপন; দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য

শ্বহীদ অমিয় কুমাৰ নাথ আৰু শ্বহীদ হৰপতি তালুকদাৰৰ শ্বহীদ দিৱস উৎযাপন৷

অসম আন্দোলনৰ বীৰ শ্বহীদ অমিয় কুমাৰ নাথ আৰু বীৰ হৰপতি তালুকদাৰৰ সোঁৱৰণত বৰনগৰ আঞ্চলিক ছাত্ৰ-সন্থাৰ উদ্যোগত বৰনগৰ শ্বহীদ ভৱনত দিন যোৰা কাৰ্য্যসূচী অনুষ্ঠিত হয়।

পুৱা সভাপতি-সম্পাদক, ছাত্ৰ-সন্থাৰ সদস্য-সদস্যা, শ্বহীদ পৰিয়ালৰ লোকে মাল্যাৰ্পণ কৰে।

সৰভোগত শ্বহীদ দিৱস পালনৰ মাজতে দেখা গল এক ব্যতিক্ৰমী দৃশ্য। যি দৃশ্যই সকলোৰে মন চুই যায়।

শ্বহীদ দিৱস উপলক্ষে বৰনগৰ আঞ্চলিক ছাত্ৰ-সন্থাই আয়োজন কৰা সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানত দেখা গল এই দুৰ্লভ দৃশ্য৷

এফালে হিন্দু ধৰ্মৰ শাস্ত্ৰ পবিত্ৰ ‘ভাগৱত’ আৰু আনফালে মুছলমান ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ ‘কোৰাণ’ পাঠ কৰা দৃশ্যই সকলোৰে মন চুই যায়৷

তিনি পত্নীয়ে কৰে উপাৰ্জন ! ৰজাৰ দৰে বহি বহি খাই স্বামীয়ে…

তিনিগৰাকী মহিলাৰ এজন স্বামী, কোনো কাম নকৰে, পত্নীয়ে ঘৰ চলায়, ক’লে – ‘মই আৰামত জীয়াই আছো’।
দুটি সন্তানৰ পিতৃ নিক ডেভিছে কয় যে তেওঁৰ চাকৰি নাই কাৰণ ‘ৰজাই বেছি ইফালে সিফালে নাযায়’ আনহাতে ৰাণীসকলৰ হাতত সকলো ক্ষমতা আছে। এই পুৰুষ জনে নিজৰ বিবাহিত জীৱনক লৈ যথেষ্ট চৰ্চাত আহিছে। তেওঁৰ তিনিগৰাকী পত্নীৰ স্বামীয়ে কোনো কাম নকৰে, তেওঁৰ তিনিওগৰাকী পত্নীয়ে কাম কৰে।

নিকৰ তিনিওগৰাকী পত্নীৰ নাম – এপ্ৰিল, ডেনিয়েল আৰু জেনিফাৰ – তিনিওগৰাকী পেছাদাৰী।

নিক ক’লে, সঁচা কথা ক’বলৈ গ’লে মই কেতিয়াও ভবা নাছিলো যে মই ইমান সুখী হ’ব পাৰিম।

ভূঞাখাট ক্ৰীড়া সন্থাৰ ২দিনীয়া ভলীবল প্ৰতিয়োগিতাৰ প্ৰথম দিনটোতেই ক্ৰীড়া প্ৰেমীৰ ব্যাপক সমাদৰ

ওদালগুৰি জিলাৰ ভূঞাখাট ক্ৰীড়া সন্থাৰ উদ্যোগত ভূঞাখাট হাইস্কুল খেলপথাৰত ২দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰাইজমানি ভলীবল প্ৰতিয়োগিতা।


ফ্ৰেব্ৰুৱাৰী মাহত ১৮ আৰু ১৯ তাৰিখে অনুষ্ঠিত হোৱা ভলীবল প্ৰতিয়োগিতাৰ প্ৰথম দিনটোতেই ক্ৰীড়া প্ৰেমী ৰাইজৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈ সকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে। “কভিড”কালৰ বাবে প্ৰায় ২ বছৰৰ বিৰতিৰ অন্তত আকৌ আৰম্ভণি কৰা হৈছে ভূঞাখাট ক্ৰীড়া সন্থাৰ খেল সমুহ।

খেল খনৰ প্ৰথম পুৰস্কাৰ ৫০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৩০০০ টকা দিয়া হ’ব বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ বিষয়ববীয়া সকলে।

আনফালে ক্ৰীড়া প্ৰেমী ৰাইজ আৰু খেলুৱৈ সকলৰ উৎসাহ উদ্দীপনা দেখিবলৈ পাই আনন্দ অনুভৱ কৰাৰ লগতে সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে ভূঞাখাট ক্ৰীড়া সন্থাৰ সভাপতি যদুৰাম বড়ো, সাধাৰণ সম্পাদক পুষ্পৰাম বড়ো, ক্ৰীড়া সম্পাদক দ্বীপেন ডেকা, ভূঞাখাট ভিচিডিচিৰ সভাপতি তথা উদযাপন সমিতিৰ সভাপতি জোংচাৰ নাৰ্জাৰী, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দিম্বেশ্বৰ ডেকাই।

আৰ এছ এছৰ নিৰ্দেশত ৰাজ্যত সংখ্যালঘু লোকৰ বিৰুদ্ধে চলিছে এনকাউণ্টাৰ -কৰিম উদ্দিন বৰভূঞা

অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্টৰ নেতা কৰিম উদ্দিন বৰভূঞাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ নিৰ্দেশত সংখ্যালঘু লোকৰ বিৰুদ্ধে এনকাউণ্টাৰ চলোৱা বুলি অসমৰ ৰাজ্য চৰকাৰৰ লগতে আৰক্ষীকো তীব্ৰ সমালোচনা কৰে।

‘আৰএছএছৰ নিৰ্দেশত চৰকাৰে মুছলমানৰ বিৰুদ্ধে উচ্ছেদ অভিযান, এনকাউণ্টাৰ চলাই আছে। যদি মনত আছে, এইবাৰ এটা প্ৰশ্ন উত্থাপন হৈছিল যে চলি থকা বছৰটোত কিমান এনকাউণ্টাৰ হৈছিল, তেতিয়া চৰকাৰে উত্তৰ দিছিল যে এটাও এনকাউণ্টাৰ হোৱা নাছিল। ইয়াৰ আগতে তেওঁলোকে টিভিত ফ্লেছ কৰিছিল যে কেনেকৈ অপৰাধীসকল আৰক্ষীৰ জিম্মাত পলায়ন কৰিছিল আৰু কেনেকৈ এনকাউণ্টাৰ হৈছিল। কিন্তু এতিয়া, আপুনি এটাও গোচৰ তেনেকৈ দেখা নাপাব।’- এইদৰে কয় কৰিম উদ্দিন বৰভূঞাই।

বৰভূঞাই চৰকাৰক ক্ষোভ প্ৰকাশ কৰি কয় যে এই সকলোবোৰ এনকাউণ্টাৰ মুছলমান সম্প্ৰদায়ক লক্ষ্য কৰি লোৱা হৈছে আৰু শেহতীয়াকৈ উচ্ছেদ অভিযান চলোৱা হৈছে য’ত মুছলমান সংখ্যাগৰিষ্ঠ জনসংখ্যা আছে।

অসমত চলোৱা উচ্ছেদ অভিযান আৰু এনকাউণ্টাৰৰ সন্দৰ্ভত এআইইউডিএফৰ ফালৰ পৰা তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ইয়াৰ পূৰ্বেও এটা বিশেষ সম্প্ৰদায়ৰ বিৰুদ্ধে এনকাউণ্টাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰিছিল দলটোৱে।

ইয়াৰ পূৰ্বে বৰভূঞাই ছ’চিয়েল মিডিয়া প্লেটফৰ্মত গৈ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া অনুসৰি অসমৰ চাৰিখন জিলা বিলুপ্ত কৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰতিবাদ পঞ্জীয়ন কৰে। বৰভূঞাই চৰকাৰৰ এই সিদ্ধান্তক সংখ্যালঘুসকলক প্ৰশাসনিকভাৱে দুৰ্বল কৰা আৰু সীমা নিৰ্ধাৰণৰ দ্বাৰা সংখ্যালঘুৰ প্ৰতিনিধিত্ব হ্ৰাস কৰাৰ কৌশল বুলি অভিহিত কৰিছিল।

যোৰহাটৰ চ’ক বজাৰৰ বিধ্বংসী অগ্নিকাণ্ডৰ ক্ষয়-ক্ষতিৰ বুজ ল’লে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

যোৰহাটৰ চ’ক বজাৰত শেহতীয়াকৈ সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাটোৱে অত্যন্ত মৰ্মাহত কৰিছে। আজি ঘটনাস্থলীত উপস্থিত হৈ ক্ষতিগ্ৰস্ত ব্যৱসায়ী আৰু স্থানীয় লোকসকলৰ সৈতে বাৰ্তালাপ কৰি ক্ষয়-ক্ষতিৰ বুজ লই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘটনাটোৰ ফলত দুই শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ কথা জানিব পাৰি ব্যথিত হৈ পৰে মন্ত্ৰীগৰাকী।

এই অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত লোকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আৰু তেওঁলোকক যাৱতীয় সহায়-সহযোগিতা আগবঢ়াবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আন্তৰিক আহ্বান জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। এই সময়ত মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা আৰু সমাজসেৱক ৰুবুল নেওগ।