Home Blog Page 1755

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ A to Z; সকলোৰে বাবে গুৰুত্বপূৰ্ণ …

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰিলে ২০২৩–২৪ বৰ্ষৰ সাধাৰণ বাজেট। ১১ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে আৰম্ভ কৰে বাজেট ভাষণ। বাজেটত বহু গুৰুত্বপূৰ্ণ ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। কি আছে নিৰ্মলা সীতাৰমনৰ বাজেটত?

সঠিক পথত দেশৰ অৰ্থনীতি
বিত্তমন্ত্ৰী সীতাৰমনে কয়, বিশ্বই ভাৰতৰ অৰ্থনীতিক স্বীকৃতি দিছে। উজ্জ্বল জ্যোতিষ্ক হিচাপে স্বীকৃতি দিছে ভাৰতক। মহিলা, যুৱশক্তি, কৃষক, OBC, SCক অগ্ৰাধিকাৰ দিয়া হৈছে। সঠিক পথত আগবাঢ়িছে দেশৰ অৰ্থনীতি।

কোভিডৰ সময়ত ৮০ কোটি লোকক বিনামূলীয়া অন্ন যোগান ধৰা হৈছিল। G-20ৰ সভাপতিত্ব দেশৰ বাবে অনন্য সুযোগ বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে বাজেট ভাষণত। দেশত ১১.৭৪ কোটিটা শৌচালয় নিৰ্মাণ কৰা হৈছে। ৯ বছৰত ভাৰত বিশ্বৰ ৫ম বৃহৎ অৰ্থনীতি হিচাপে পৰিগণিত হৈছে।


জনমূৰি আয় ১.৯৭ লাখ টকালৈ বৃদ্ধি
বিত্তমন্ত্ৰীগৰাকীয়ে ভাষণত উল্লেখ কৰে যে জনমূৰি আয় ১.৯৭ লাখ টকালৈ বৃদ্ধি হৈছে। দেশত বিনিয়োগৰ বাবে ভাল পৰিৱেশ আহিছে। প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা কৌশল বিকাশ আঁচনি ঘোষণা বাজেটত। শিল্পী আৰু যুৱ সমাজৰ দক্ষতা বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে এই বাজেটত।

সপ্তনীতিৰ বাজেট
নিৰ্মলা সীতাৰমনে কয়, ‘‘৭টা নীতিৰ ওপৰত যুগুতোৱা হৈছে এই বাজেট। সপ্তনীতিয়ে ‘গাইড’ কৰিছে বাজেটক। সেই সাতটা নীতি হ’ল সামগ্ৰিক উন্নয়ন, শেষ বিন্দুত উপনীত হোৱা, আন্তঃগাঁথনি আৰু বিনিয়োগ, সম্ভাৱনাৰ বিকাশ কৰা, সেউজ উন্নয়ন, যুৱ শক্তিৰ বিকাশ আৰু বিত্তীয় খণ্ডৰ উন্নয়ন।

চাকৰি সৃষ্টিত চৰকাৰৰ বিশেষ গুৰুত্ব
বিত্তমন্ত্ৰীয়ে কয়, ডিজিটেল লেনদেনত অভিলেখ গঢ়িছে ভাৰতে। চাকৰি সৃষ্টিত চৰকাৰ প্ৰদান কৰিছে বিশেষ গুৰুত্ব। জম্মু–কাশ্মীৰ আৰু উত্তৰ–পূবত বহনক্ষম উন্নয়নত গুৰুত্ব প্ৰদান। ভাৰতৰ মিলেটৰ গ্লোবেল হাব গঢ়াৰ চেষ্টা। আত্মনিৰ্ভৰ ক্লীন কাৰ্যসূচী আৰম্ভ হ’ব বুলিও নিৰ্মলা সীতাৰমনে উল্লেখ কৰে বাজেট ভাষণত।

সীতাৰমনে কয়, ২০১৪ চনৰ পিছত প্ৰতিজন ব্যক্তিৰ আয় দুগুণ হৈছে। ১৫৭খন নতুন নাৰ্ছিং কলেজ হ’ব দেশত। কৰ্মচাৰীৰ ভৱিষ্য নিধিৰ সংখ্যা দুগুণলৈ বৃদ্ধিৰ প্ৰস্তাৱ লোৱা হৈছে। শিশু–কিশোৰৰ বাবে নেচনেল ডিজিটেল লাইব্ৰেৰীৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত।

ৰে’লখণ্ডলৈ ২.৪ লাখ কোটি
কেন্দ্ৰীয় বাজেটত ৰে’ল খণ্ডলৈ ২.৪ লাখ কোটি টকা ঘোষণা কৰা হৈছে। নগৰ উন্নয়নৰ বাবে ৰাজ্যক উৎসাহিত কৰা হ’ব বুলিও উল্লেখ কৰে সীতাৰমনে। ৫০টা বিমান বন্দৰ, হেলিপেড পুনৰ উজ্জীৱিত কৰা হ’ব। ৫০টা অতিৰিক্ত আঞ্চলিক বিমানবন্দৰৰ প্ৰস্তাৱ বাজেটত। এয়া ৰে’লৰ সৰ্বকালৰ সৰ্ববৃহৎ বাজেট।

কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰ
বাজেটত কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে চেণ্টাৰ ফৰ এক্সিলেঞ্চৰ প্ৰস্তাৱ। কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে ৩টা কেন্দ্ৰৰ প্ৰস্তাৱ। ডিজিটেল ইণ্ডিয়া অনুসৰি KYCৰ উন্নীতকৰণৰ প্ৰস্তাৱ। সকলো ডিজিটেল কামত PAN হ’ব পৰিচয় পত্ৰ। KYC ব্যৱস্থা সৰলীকৰণ কৰা হ’ব। MSMEৰ সকলো বিবাদ মীমাংসা কৰা হ’ব বুলিও বাজেটত প্ৰস্তাৱ।

যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব
যোগাযোগ ব্যৱস্থাত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে এইবাৰৰ বাজেটত। 5G এপৰ বাবে ১০০টা লেবৰ প্ৰস্তাৱ দিছে বাজেটত। ডিজি লকাৰৰ তথ্যও হ’ব পৰিচয় পত্ৰ। ই-ক’ৰ্টৰ বাবে ৭,০০০ কোটি টকা ধাৰ্য বাজেটত। ২০৭০ৰ ভিতৰত ০ কাৰ্বন নীতিৰ লক্ষ্য। গ্ৰীণ গ্ৰোথৰ বাবে ১৯,৭০০ কোটি টকা ঘোষণা। ০ কাৰ্বন নীতিৰ বাবে ৩৫ হাজাৰ কোটি টকা বাজেটত।

প্ৰধানমন্ত্ৰীৰ প্ৰণাম কাৰ্যসূচী
ধৰিত্ৰী আইৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰণাম কাৰ্যসূচীৰ কথা বাজেটত ঘোষণা কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ। বায়’ গেছ উৎপাদন আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰা হৈছে। লাডাখত নবীকৰণযোগ্য শক্তিৰ ব্যৱস্থাৰ কথা ঘোষণা বিত্তমন্ত্ৰীৰ। ইয়াৰ বাবে ২০,৭০০ কোটি টকাৰ প্ৰস্তাৱ। আনহাতে, বিকল্প সাৰ উৎপাদনৰ লক্ষ্য লোৱা হৈছে। জৈৱ বৈচিত্ৰৰ বাবে হ’যব অমৃত আঁচনি।

ইয়াৰ উপৰি প্ৰদূষণ সৃষ্টিকাৰী পুৰণি বাহন ত্যাগৰ নীতি লোৱা হৈছে বাজেটত। ৩ বছৰত লক্ষাধিক যুৱকক প্ৰশিক্ষণ প্ৰদান কৰাৰ লক্ষ্য। ৩০টা স্কীল ইণ্ডিয়া কেন্দ্ৰ গঠন হ’ব দেশত।

পৰ্যটনৰ বিকাশত সৰ্বাধিক গুৰুত্ব
পৰ্যটনৰ বিকাশত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হৈছে বাজেটত। প্ৰতিখন ৰাজ্যত ইউনিটী মল গঠনৰ প্ৰস্তাৱ। MSMEৰ বাবে ৯,০০০ কোটি টকাৰ কৰপাছ ফাণ্ড। মিছন মোডত গঠন হ’ব ৫০টা পৰ্যটন ক্ষেত্ৰ। সীমান্ত গাঁৱত পৰ্যটন কেন্দ্ৰ গঠনৰ লক্ষ্য চৰকাৰৰ।

লগতে বেংকিং প্ৰশাসন উন্নীতকৰণ কৰাৰ লক্ষ্য চৰকাৰৰ। বেংকিং ৰেগুলেচন এক্ট সংশোধন কৰা হ’ব। মহিলা সন্মান ছেভিং চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ’ব। দুবছৰীয়া হ’ব মহিলা সন্মান ছেভিং চাৰ্টিফিকেট। অমৃত মহোত্‍সৱৰ সৈতে সংগতি ৰাখি এই চাৰ্টিফিকেটৰ ব্যৱস্থা কৰা হ’ব। ২০২৫লৈ মহিলা সন্মান ছেভিংছ চাৰ্টিফিকেট।

জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধিৰ প্ৰস্তাৱ
জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধি জ্যেষ্ঠ নাগৰিকৰ সৰ্বোচ্চ জমাধন বৃদ্ধিৰ প্ৰস্তাৱ ৰখা হৈছে বাজেটত। ১৫ লাখৰ পৰা ৩০ লাখলৈ বৃদ্ধি জমাধনৰ সীমা। ২০২২–২৩ত ৬.৪ শতাংশ বিত্তীয় ঘাটিৰ অনুমান কৰা হৈছে আৰু ২০২৩–২৪ত বিত্তীয় ঘাটি GDPৰ ৫.৯%ৰ লক্ষ্য বান্ধি লৈছে চৰকাৰে।

কি সামগ্ৰীৰ দাম কমিব, কিহৰ বাঢ়িব?
এই বস্তুবোৰৰ মূল্য বৃদ্ধি হ’ব-
১. আমদানি কৰা ৰূপৰ সামগ্ৰী
২. বিদেশী পাকঘৰৰ চিমনি
৩. এক্স-ৰে মেচিন
৪. প্লেটিনাম
৫. চিগাৰেট
৬. সুৰা
৭. ছাতি
৮. সোণ
৯. হীৰা

দাম কমিব
১. মোবাইল ফোনৰ পাৰ্টছ
২. টিভিৰ পাৰ্টছ
৩. কেমেৰা লেন্স
৪. ক্ৰুড গ্লিছাৰিন
৫. চাইকেল, খেলা সামগ্ৰী

আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি
বাজেটত আয়কৰক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়কৰ ৰেহাইৰ সীমা ৫ৰ পৰা ৭ লাখলৈ বৃদ্ধি কৰা হৈছে। ৬টা ইনকাম শ্লেবৰ ব্যৱস্থা বাজেটত। ৩ লাখ টকালৈ আয়কৰ ৰেহাই। ৩ৰ পৰা ৬ লাখ টকালৈ আয়কৰ ৫%, ৬ৰ পৰা ৯ লাখলৈ আয়কৰ ১০ শতাংশ, ৯ৰ পৰা ১২ লাখ টকাৰ আয়কৰ ১৫ শতাংশ, ১২ৰ পৰা ১৫লাখ টকালৈ আয়কৰ ২০% আৰু ১৫ লাখৰ ওপৰত ৩০ শতাংশ আয়কৰ।

গুৱাহাটীত ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা ‘তৃতীয় নিৱাস’ পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰিকাৰ; বিভাগক ‘তৃতীয় নিৱাস’ৰ নামত আবণ্টিত পুঁজি শীঘ্ৰে মুকলি কৰি দিবলৈ নিৰ্দেশ…

অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই বুধবাৰে গুৱাহাটীস্থিত অসম চৰকাৰৰ অধীনৰ “তৃতীয় নিৱাস” শীৰ্ষক ট্ৰান্সজেণ্ডাৰসকলৰ এটি আশ্ৰয়গৃহ পৰিদৰ্শন কৰি নিৱাসটোত থকা সুবিধাসমূহৰ বুজ লয়৷

বিধায়ক জিতু গোস্বামী আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ সঞ্চালক কিশোৰ ঠাকুৰীয়াৰ সৈতে আশ্ৰয়গৃহটি পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে ট্ৰান্সজেণ্ডাৰসকলৰ বাবে থকা বিভিন্ন সুবিধাসমূহৰ প্ৰত্যক্ষ বুজ লয়৷

আশ্ৰয়গৃহটিৰ পৰিচালনাৰ সৈতে জড়িত ব্যক্তিসকলৰ সৈতে নিৱাসটোৰ পৰিচালনাৰ বিষয়ে আলোচনা কৰাৰ লগতে মন্ত্ৰী হাজৰীকাই আৱাসীসকলৰ সৈতেও মত বিনিময় কৰে৷

পৰিদৰ্শনকালত আশ্ৰয়গৃহটিয়ে পাব লগা চৰকাৰী পুঁজি শীঘ্ৰে মুকলি কৰি দিব পৰাকৈ প্ৰয়োজনীয় বিভাগীয় পদক্ষেপ হাতত লবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশনা প্ৰদান কৰে৷



উল্লেখযোগ্য যে শেহতীয়াকৈ ট্ৰান্সজেণ্ডাৰ ৱেলফেৱাৰ ব’ৰ্ডৰ সভাত মন্ত্ৰী হাজৰীকাই এই “তৃতীয় নিৱাস”টি সোনকালে পৰিদৰ্শন কৰাৰ কথা ঘোষণা কৰিছিল৷

আনহাতে পোনপ্ৰথমবাৰৰ বাবে এগৰাকী মন্ত্ৰীয়ে আজি ট্ৰান্সজেণ্ডাৰসকলৰ আশ্ৰয়গৃহ, “তৃতীয় নিৱাস” পৰিদৰ্শন কৰাত আৱাসীসকলে নিজৰ সন্তোষ্টি প্ৰকাশ কৰাৰ লগতে মন্ত্ৰীগৰাকীৰ এনে পদক্ষেপে সমাজত ট্ৰান্সজেণ্ডাৰসকলৰ অধিকাৰ সম্পৰ্কে সাধাৰণ ৰাইজৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে৷

অবিভক্ত দৰংজিলা কলিতা জনগোষ্ঠীৰ সন্মিলন খটৰা শাখাৰ ডেকাপাৰা অধিবেশনৰ সামৰণি

অবিভক্ত দৰংজিলা কলিতা জনগোষ্ঠী সন্মিলন,খটৰা শাখাৰ ১০৪ সংখ্যক ডেকাপাৰা অধিবেশন দুদিনীয়া কাৰ্যসূচীৰে ১৫০বছৰীয়া শ্ৰীশ্ৰীবাসুদেৱ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয়।বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা ভিন্নকাৰ্যসূচীৰ অন্যতম মুকলি সভাৰ শুভউদ্বোধন কৰে ৰঙিয়া উন্নয়ণ খণ্ডৰ কনিষ্ঠ অভিযন্ত্ৰা বীৰেন কলিতাই।

অবিভক্ত কলিতা জনগোষ্ঠী সন্মিলন,খটৰা শাখাৰ সভাপতি আদিত চন্দ্ৰ বৰুৱাই সভাপতিত্ব কৰে৷ লোকেলোকাৰণ্য হৈ পৰা মুকলি সভাত গুৱাহাটি বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° ধ্ৰুৱজ্যোতি চহৰীয়া,অসম চৰকাৰৰ প্ৰাক্তন ৰাজহ মন্ত্ৰী ড° জয়নাথ শৰ্মা,ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশী,অবিভক্ত দৰংজিলা কলিতা জনগোষ্ঠী সন্মিলনৰ সভাপতি লোহিত চন্দ্ৰ কলিতা, সম্পাদক অজিত কুমাৰ ডেকা,অগপ,দৰংজিলা সমিতিৰ সভাপতি কমলেশ্বৰ বৰুৱাসহ ভালেমান বিশিষ্টব্যক্তিয়ে অংশগ্ৰহন কৰে।

তপন ডেকাই আঁতধৰা বাপাৰাম কলিতা সোৱৰণী ক্ষেত্ৰত অনুষ্ঠিত মুকলি সভাত ভালেসংখ্যক বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়ালৈ গীত,মাত বাৰেৰহনীয়া সাংষ্কৃতিক সন্ধিয়া আৰু বিশিষ্ট শিল্পী বৰ্ণালী কলিতাৰ গীতৰ শৰাইৰে অধিবেশনৰ সামৰণি পৰিব।

বজাৰত মাত্ৰ ৬০ কিলোগ্ৰাম ওজনৰ গ্ৰেট ইলেক্ট্ৰিক বাইক, একাধিক বৈশিষ্ট্যৰ সৈতে যিয়ে আপোনাক আচৰিত কৰিব


বছৰৰ শেষত মহিন্দ্ৰা আৰু মহিন্দ্ৰাই বৰদিনৰ বাবে এটা ছাৰপ্ৰাইজ দিলে। গাড়ী কোম্পানীটোৱে বজাৰলৈ আনিছে বিভিন্ন বৈশিষ্ট্যৰে ইলেক্ট্ৰিক বাইক। এই বাইকখন পিনিনফাৰিনা কোম্পানীৰ। যিটোৱে ইতিমধ্যে সাধাৰণ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে।

কাৰণ বৰ্তমান সময়ত বৈদ্যুতিক বাহনৰ প্ৰতি মানুহৰ বিশেষ আকৰ্ষণ। কিন্তু ইয়াৰ মূল কাৰণ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি। এতিয়া মূল্যবৃদ্ধিৰ বাবে ব্যয় বাঢ়িছে। গতিকে সেই কথা মনত ৰাখি গাড়ী নিৰ্মাতাসকলেও বৈদ্যুতিক বাহন নিৰ্মাণৰ প্ৰতি বিশেষ আগ্ৰহ প্ৰকাশ কৰিছে।

কিন্তু নতুন ইলেক্ট্ৰিক বাইকবোৰৰ এটা ভাল কথা হ’ল এইবোৰ পৰিৱেশ অনুকূল। সেইবাবেই পৰিৱেশ প্ৰদূষণ ৰোধৰ বাবে ইভি কিনাৰ প্ৰতি মানুহৰ প্ৰৱণতা বেছি। আহক জানো মহিন্দ্ৰা আৰু মহিন্দ্ৰা পিনিনফাৰিনা কোম্পানীৰ এই ইলেক্ট্ৰিক বাইকখনৰ স্পেচিফিকেশন কি? এই বাইকখন মূলতঃ দেখাত আশীৰ দশকৰ বাইকৰ দৰে যদিও ইয়াৰ বৈশিষ্ট্যসমূহ অতি উন্নত। এই বাইকখনৰ নাম Ising PF 40।

বাইকখনত এল ই ডি হেডলাইট আৰু উলম্ব ৰিবুট টায়াৰ আছে। এবাৰ সম্পূৰ্ণ চাৰ্জ হ’বলৈ ৮ ঘণ্টা সময় লাগে। কিন্তু ফাষ্ট চাৰ্জাৰেৰে চাৰ্জ কৰিলে ৪ ঘণ্টাত সম্পূৰ্ণ চাৰ্জ কৰিব পাৰিব। বাইকখনৰ ওজন মাত্ৰ ৬০ কেজি যদিও এই বাইকে সহজেই ১১০ কেজি ওজন কঢ়িয়াব পাৰে। এই ইলেক্ট্ৰিক বাইক চলাবলৈ ইউৰোপীয় দেশসমূহত অনুজ্ঞাপত্ৰৰ প্ৰয়োজন নাই। অনুজ্ঞাপত্ৰ অবিহনে চলাবলৈ অতি সহজ।

এই বাইকৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ৪৫ কিলোমিটাৰ। এই ইলেক্ট্ৰিক বাইক ইতিমধ্যে ইউৰোপৰ বিভিন্ন দেশত মুকলি কৰা হৈছে। মূল্য ৭০৭০ ইউৰোৰ পৰা ১৩৭৮০ ইউৰোৰ ভিতৰত ৰখা হৈছে। যিটো ভাৰতীয় মুদ্ৰাত ১২ লাখ টকা কিন্তু এতিয়ালৈকে চুবুৰীয়া ভাৰতত এই ইলেক্ট্ৰিক বাইকখন কেতিয়া মুকলি কৰা হ’ব সেই সম্পৰ্কে কোনো সঠিক জাননী দিয়া হোৱা নাই। কিন্তু আশা কৰা হৈছে যে নতুন বছৰৰ ভিতৰতে আমি এই ভাল খবৰটো পাব পাৰো।

‘মানুহে মোৰ ওপৰত টকা নিক্ষেপ কৰিছিল, মোক আঁতৰি থাকিবলৈ কৈছিল’: আব্দু

‘বিগ বছ ১৬’ত অভিনয় কৰি খ্যাতি লাভ কৰা তাজিকিস্তানী গায়ক আব্দু ৰ’জিকেৰ পূৰ্বৰ দিনবোৰ সহজ নাছিল। শেহতীয়াকৈ তেওঁ শ্বেয়াৰ কৰিছে যে তেওঁৰ উচ্চতা কম হোৱাৰ বাবে তেওঁক গুণ্ডাগিৰি কৰা হৈছিল আৰু পেলাই দিয়া হৈছিল।

মনীশ পলৰ সৈতে প’ডকাষ্টৰ সময়ত আব্দুৱে প্ৰকাশ কৰে যে মানুহে তেওঁৰ ওপৰত টকা নিক্ষেপ কৰিছিল আৰু তেওঁক আঁতৰি থাকিবলৈ কয়।

তেওঁ লগতে কয় যে তেওঁক সদায় ঠাট্টা কৰা হোৱাৰ বাবে তেওঁ স্কুললৈ গৈ শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে।

তেওঁ শ্বেয়াৰ কৰিছিল যে তাজিকিস্তানত থকা দিনবোৰত যেতিয়া তেওঁ স্থানীয় বজাৰত গান গাইছিল, তেতিয়া মানুহে তেওঁক সেই ঠাইৰ পৰা আঁতৰাই নিছিল আৰু তেওঁৰ উচ্চতাৰ বাবে তেওঁলোকৰ পৰা আঁতৰি থাকিবলৈ কয়।

আব্দুৱে আৰু শ্বেয়াৰ কৰি কয় যে তেওঁৰ উচ্চতাৰ বাবে বহিষ্কাৰ কৰা হৈছিল আৰু আনসকলে তেওঁক ঘৰলৈ ল’বলৈ অস্বীকাৰ কৰাৰ বাবে তেওঁ স্কুললৈও যাব পৰা নাছিল।

তেওঁ লগতে মনত পেলাইছিল যে কেনেকৈ আগতে যেতিয়া তেওঁৰ তাজিকিস্তানৰ গাঁৱত বৰফ পৰিছিল, তেতিয়া তেওঁ ডিঙিৰ গভীৰতাত বৰফত পৰিছিল আৰু লৰচৰ কৰিব নোৱাৰিছিল।

কিছুমান মানুহ ডাঙৰ, কিন্তু তেওঁলোকৰ মন ডাঙৰ নহয়।’

‘বিগ বছ ১৬’ত আব্দুৰ যাত্ৰা

আব্দুই ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰাৰ দিনৰে পৰা ৰিয়েলিটি শ্ব’ ‘বিগ বছ’ৰ ইতিহাসৰ অন্যতম প্ৰিয় প্ৰতিযোগী হিচাপে পৰিগণিত হয়। ঘৰৰ ভিতৰত “একমাত্ৰ প্ৰকৃত প্ৰতিযোগী” বুলি আয়োজক ছলমান খানে তেওঁক বাৰে বাৰে প্ৰশংসা কৰিছিল।

আব্দুক শ্ব’টোৰ আটাইতকৈ মৰমলগা প্ৰতিযোগী বুলিও অভিহিত কৰা হৈছিল আৰু তেওঁ ঘৰৰ ভিতৰৰ প্ৰায় সকলোৰে সৈতে বন্ধুত্ব কৰিছিল, যিটো ‘বিগ বছ’ত সাধাৰণ দৃশ্য নহয়।

মৰমেৰে ‘ছোটা ভাইজান’ নামেৰে পৰিচিত কণ্ঠশিল্পীগৰাকীয়ে চলিত বৰ্ষত ছলমান খানৰ আগন্তুক ছবি ‘কিছি কি ভাই কিছি জান’ৰ জৰিয়তে বলীউডত অভিষেক ঘটাবলৈ সাজু হৈছে।


যোৰহাটৰ চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰ দাবীত সৰ্বাত্মক ক’লা দিৱস পালন

সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু এন পি এচ কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাটো আজি কৰ্মচাৰী সকলে সৰ্বাত্মক ক’লা দিৱস কৰে৷

চৰকাৰী কৰ্মচাৰীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ প্ৰবৰ্তনৰে নতুন পেঞ্চন নীতি বাতিলৰ দাবী জনাই যোৰহাটৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে দক্ষিণ যোৰহাট অঞ্চলৰ শতায়ু গৰকা উচ্চ শিক্ষানুষ্ঠান চিনামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ক’লা বেজ পৰিধান কৰি সৰ্বাত্মকৰূপত ক’লা দিৱস কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীসকলে৷

কৌস্তভ বৰা, লেখা দত্ত, ৰাজলক্ষ্মী গগৈ, অৰ্ণালী দত্ত, চিন্ময়ী দাস, শিল্পী ভৌমিক, শংকুসিদ্ধ নাথ, অনাদ্ৰিতা হাজৰিকা, নাজমিনা চাৰমিনা, প্ৰশান্ত খনিকৰ, দীপিকা দত্ত, প্ৰশান্ত হাজৰিকা, ৰঞ্জিৎ দত্ত, টানজিমা আলি উল্লা, ৰঞ্জু বৰা, নয়নজ্যোতি দেৱশৰ্মা, ধ্ৰুৱজ্যোতি হাজৰিকা, ৰিকীমণী বৰদলৈ, মলয়া বৰঠাকুৰ,

উৰ্মিমালা বৰা, পৰাগজ্যোতি গগৈ, নিতুমণি বৰা প্ৰমুখ্যে শিক্ষক-কৰ্মচাৰীসকলে ২০০৫ চনৰ পূৰ্বৰ পেঞ্চন নীতি পশ্চিমবংগ, ৰাজস্থান, চত্তিশগড়ৰ দৰে অসমতো প্ৰবৰ্তন কৰি অসমৰ কৰ্মচাৰী সমাজৰ আৰ্থিক সুৰক্ষা প্ৰদান কৰিবলৈ প্ৰতিবাদৰ ভাষাৰে চৰকাৰক আহ্বান জনায়৷

বিদ্যুতৰ মাচুল বৃদ্ধিৰ বিৰুদ্ধে ডবকাত আছুৰ প্ৰতিবাদ


ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ আজি  ডবকাতো বিদ্যুত মাছুল বৃদ্ধিৰ বিৰুদ্ধে আছুৱে প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে৷

দুপৰিয়াৰ ভাগত ডবকাৰ পুলিছ পইন্টতত চৰকাৰ বিৰুধী বিভন্ন শ্লগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে হোজাই জিলা ছাত্ৰ সন্থাই৷ 

কোনো কাৰণতে বিদ্যুত মাছুল বৃদ্ধিৰ সিদ্ধান্ত মানি লোৱা নহব বুলি  হুংকাৰ আছু কৰ্মীৰ ৷

চৰকাৰে গ্ৰহন কৰা সিদ্ধান্ত অতি শীঘ্ৰে বাতিলৰো দাবী আছুৰ হোজাই জিলা নেতৃত্বৰ ৷ 

১১ ফেব্ৰুৱাৰীত নগাঁৱত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী তথা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ নিৰ্দেশত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত অহা ১১ ফেব্ৰুৱাৰীৰ পুৱা ১০ বজাৰ পৰা নগাঁও ন্যায়িক আদালত ভৱনত ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। ফৌজদাৰী,দেৱানী,পাৰিবাৰিক,ৰাজহ সংক্ৰান্তীয় গোচৰৰ লগতে পথ দুৰ্ঘটনা,বিভিন্ন বেংকৰ ঋণ আদি বিভিন্ন গোচৰ ব্যয়হীন ভাৱে,খৰতকীয়াকৈ নিস্পত্তিৰ ব্যৱস্থা কৰা হব উক্ত লোক আদালতত। তদুপৰি বেংকৰ লেন-দেন (ঋণ), টেলিফোন বিল,বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদ সমূহ নিস্পত্তিৰ ব্যৱস্থা কৰা হব এই ৰাষ্ট্ৰীয় লোক আদালতৰ জড়িয়তে ৷

ৰাইজৰ সুবিধাৰ্থে এই গোচৰ সমূহৰ আগতীয়া শুনানিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সম্পৰ্কত নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিবে নগাঁও ন্যায়িক আদালত ভৱনৰ চতুৰ্থ মহলাৰ ৬৩ নং কক্ষৰ লগত যোগাযোগ কৰিবলৈ সংশ্লিষ্ট সকলোক প্ৰক্ষকে নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ তৰফৰ পৰা সচিব মনিকা মিশ্ৰঙে আহ্বান জনাইছে ৷

বিবাহ অভ্যৰ্থনাৰ মাজতে ৰাহুল-আথিয়াৰ এটা আচৰিত ভিডিঅ’! চকু মুদি দিলে অতিথিয়ে

২০২৩ চনৰ ২৩ জানুৱাৰীত আথিয়া শ্বেট্টী আৰু কে এল ৰাহুলৰ বিবাহ হৈ যায় আৰু এতিয়া দম্পতীহালে লাহে লাহে বিয়াৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে। KL Rahul আৰু Athiya Shetty এগৰাকী অতি ব্যক্তিগত ব্যক্তি আৰু তেওঁলোকৰ সম্পৰ্কৰ পৰা বিবাহলৈকে দুয়োজনে সকলো অতি ব্যক্তিগতভাৱে ৰাখিছে; কাকো খবৰ দিয়া নাছিল। কিন্তু এতিয়া হঠাৎ বিয়াৰ পিছত এই নতুন দম্পতীৰ ইমান সাহস আচৰিত! বিয়াৰ লগে লগে আঠিয়া-কে এলৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত ক্ৰিকেটাৰগৰাকীয়ে পত্নীক চুমা খাইছে যদিও তেওঁ ইয়াতেই থমকি ৰোৱা নাই। চুমা খোৱাৰ পিছত কেমেৰাৰ সন্মুখত সেই ভিডিঅ’টোত কি ঘটিছিল সেয়া দেখি আপুনি লাজত ৰঙা হৈ পৰিব। এই ভিডিঅ’টোত চাওক কে এল ৰাহুলে পত্নী আথিয়া শ্বেট্টীৰ সৈতে কি কৰিছে…

আপোনালোকক জনাওঁ যে আঠিয়া শ্বেট্টী আৰু কে এল ৰাহুলৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই ভিডিঅ’টো দুয়োৰে বিয়াৰ পিছৰ কাৰণ ইয়াত অথিয়াই মংগলসূত্ৰ পিন্ধিছে। অনুগ্ৰহ কৰি জনাব যে এই ভিডিঅ’টো কে এল ৰাহুলে নিজেই ইনষ্টাগ্ৰামত ৰিলৰ দৰে শ্বেয়াৰ কৰিছে আৰু ই এটা ফাষ্ট ফৰৱাৰ্ড ভিডিঅ’।

ভিডিঅ’টো আপোনাৰ সন্মুখত! বিয়াৰ পিছত এই মানুহবোৰে কেনেকৈ সাহস পালে আপুনি দেখিছে। কে এল আৰু আথিয়াৰ এই ব্যক্তিগত ভিডিঅ’টোত প্ৰথমে ক্ৰিকেটাৰজনে নিজৰ অভিনেত্ৰী পত্নীক চুমা খায়, বিনিময়ত অভিনেত্ৰীগৰাকীয়েও স্বামীক চুমা খাবলৈ আৰম্ভ কৰে। ভিডিঅ’টোত আৰু বহু কথাও ঘটি আছে, কোনবোৰ মানুহ লাজত ৰঙা হৈ পৰিছে সেয়া দেখি। অনুগ্ৰহ কৰি জনাব যে এই ভিডিঅ’টোত এই দম্পতীৰ বিয়াৰ পিছৰ উদযাপন অৰ্থাৎ বিয়াৰ আফটাৰ পাৰ্টিৰ বিষয়ে কোৱা হৈছে। এই পোষ্টটো KL য়ে কোনো কেপচন নোহোৱাকৈ পোষ্ট কৰিছে আৰু আথিয়াই story ত share কৰিছে।

ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ “নামফাকে সাহিত্য সন্মান-২০২৩”। ২ফেব্ৰুৱাৰীত প্ৰশান্তি বন্ধনৰ কাৰ্যসূচীত আগবঢ়োৱা হ’ব এই সন্মান

ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ “নামফাকে সাহিত্য সন্মান-২০২৩”।২ফেব্ৰুৱাৰীত প্ৰশান্তি বন্ধনৰ কাৰ্যসূচীত আগবঢ়োৱা হ’ব এই সন্মান।ঐতিহাসিক নামফাকে বৌদ্ধবিহাৰত ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিহাৰাধ্যক্ষ মৎ জ্ঞানপাল মহাথেৰ’ৰ জন্মদিনৰ কাৰ্যসূচী “প্ৰশান্তি বন্ধন”ত এইবাৰ বলিষ্ঠ ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ আগবঢ়োৱা হ’ব “নামফাকে সাহিত্য সন্মান ” ৷ উল্লেখ্যে যে বিগত ১২ বছৰ ধৰি আয়োজিত হৈ অহা প্ৰশান্তি বন্ধনৰ মঞ্চত প্ৰতিবছৰে সাহিত্য ,পৰ্যটন, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা সকলক সন্মান/ বঁটা আদিৰে স্বীকৃতি জনাই অহা হৈছে।

সাহিত্যত প্ৰান্তীয় মানুহৰ দুখ-যাতনা আৰু সংগ্ৰামক বলিষ্ঠৰূপত প্ৰকাশ কৰা আৰু জাতীয় তথা মানৱিক সংকটত সততে সৰৱ হৈ থকা লেখিকাগৰাকীৰ অতুলনীয় সাহিত্যকৰ্মৰ বাবেই এইবাৰ আয়োজক মণ্ডলীয়ে জুৰী বৰা বৰগোহাঞিক সন্মান যঁচাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বিয়লি তিনি বজাৰ পৰা অনুষ্ঠিতব্য অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু আৰু সংগীত শিল্পী অনুপম শইকীয়াকো বিশেষভাৱে সম্বৰ্ধনা যঁচা হ’ব ৷ গীত-কবিতাৰে মুখৰিত হ’বলগীয়া প্ৰশান্তি বন্ধনত অংশ ল’বলৈ সাহিত্য সংস্কৃতিপ্ৰেমী প্ৰতিজনলোককে আয়োজক সমিতিয়ে আহ্বান জনাইছে।