Home Blog Page 1776

‘ছা ৰে গা মা পা লি’ল চেম্পিয়নশ্বিপ ৯’ বিজয়ী ছিকিমৰ ৯ বছৰীয়া জেটচেন; লাভ কৰিলে ১০ লাখ টকা…



ছিকিমৰ ৯ বছৰীয়া ছোৱালী জেটচেন ডোহনা লামাই গানৰ ৰিয়েলিটি শ্ব’ ‘ছা ৰে গা মা পা লি’ল চেম্পিয়নশ্বিপ ছিজন ৯’ত জয়লাভ কৰিছে। ট্ৰফী আৰু নগদ ১০ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হয়।

অনুষ্ঠানটো কৌতুক অভিনেতা-এংকৰ ভাৰতী সিঙে পৰিচালনা কৰিছিল আৰু গায়ক শংকৰ মহাদেৱন, নীতি মোহন আৰু সংগীত ৰচয়িতা, সুৰকাৰ অনু মালিক বিচাৰক হিচাপে আছিল।গ্ৰেণ্ড ফিনালে দেওবাৰে জি টিভিত সম্প্ৰচাৰিত হৈছিল।

জেটছেন দোহনা লামা ন বছৰীয়া আৰু তিনি বছৰ বয়সৰ পৰাই গান গাবলৈ আৰম্ভ কৰিছিল। শংকৰ মহাদেৱনে তাইক অনুষ্ঠানটোত ‘মিনি সুনিধি চৌহান’ বুলি মাতিছিল।

তাইৰ জয় সন্দৰ্ভত জেটছেনে এক বিবৃতিত কয়, “এইটো মোৰ বাবে এটা সপোন! সঁচাকৈয়ে, প্ৰতিযোগিতাখন কঠিন আছিল কিয়নো ছিজনৰ সকলো প্ৰতিযোগী অতি প্ৰতিভাশালী আৰু মই সঁচাকৈয়ে কৃতজ্ঞ অনুভৱ কৰোঁ যে মই তেওঁলোকৰ সৈতে মঞ্চ ভাগ বতৰা কৰিবলৈ পাইছিলো। চা ৰে গা মা পা লি’ল চেম্পছ চিজন ৯ ত মোৰ যাত্ৰা মোৰ বাবে এক মহান শিকাৰ অভিজ্ঞতা আছিল আৰু মই মোৰ সকলো পৰামৰ্শদাতাৰ প্ৰতি অত্যন্ত কৃতজ্ঞ যিয়ে মোক নিৰন্তৰ সমৰ্থন কৰি আহিছে আৰু এজন গায়ক হিচাপে মোৰ সম্ভাৱনা বুজাত মোক সহায় কৰিছে। মই নিশ্চিতভাৱে মোৰ সৈতে স্মৃতিৰ এটা টুপুলা লৈ গৈছো আৰু মোৰ নতুন গানৰ যাত্ৰাৰ বাবে আগ্ৰহী।”

১০ লাখ টকাৰ পুৰস্কাৰৰ ধনেৰে কি কৰিব বিচাৰে সেই বিষয়ে সোধাত জেটচেনে পিংকভিলাক কয়, “মই এটা কুকুৰ পোৱালি কিনি ঘৰতে এটা চুইমিং পুল বনাব বিচাৰো।” মুম্বাইত থাকি ছবিত গান গাব বিচাৰে নেকি বুলি সোধাত জেটচেনে কয়, “প্ৰথমে মই ছিকিমলৈ যাম, মোৰ শিক্ষা সম্পূৰ্ণ কৰিম আৰু তাৰ পিছত মই উভতি আহিম আৰু গান গাই যাম।”

ইয়াৰ পূৰ্বে বক্সাৰ মেৰী কম আৰু ফুটবলাৰেও জেটচেনক চিঞৰিছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত মেৰী কমে জেটচেনৰ ছবি শ্বেয়াৰ কৰিছিল আৰু ইনষ্টাগ্ৰামত লিখিছিল, “You are so lovely#jetshenlama @jetshen_dohna keep going… your voice is extremely excellent.” ফুটবলাৰ ভাইচুং ভুটিয়াইও জেটচেনক ভোট দিবলৈ তেওঁৰ অনুৰাগীক আবেদন জনাইছিল।

ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া শ্বেট্টীৰ বিবাহ সম্পন্ন; কৰিলে ফটো শ্বেয়াৰ…

অৱশেষত ২৩ জানুৱাৰী সোমবাৰে সন্ধিয়া ৪ বজাত ক্ৰিকেটাৰ কে এল ৰাহুল আৰু অভিনেত্ৰী আথিয়া চেট্টীয়ে খাণ্ডালাত বিবাহ পাশত আৱদ্ধ হয়।

চুনিল শ্বেট্টীৰ খাণ্ডালা ফাৰ্মহাউচত বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে বহু বছৰ ধৰি এই দম্পতীহালে ডেটিং কৰিছিল।

বিবাহ উপলক্ষে তিনিদিনীয়াকৈ সংগীত অনুষ্ঠানৰ পৰা আৰম্ভ কৰি হালধী, মেহেন্দি আৰু বিয়া অনুষ্ঠানৰ আয়োজন কৰা হয়। কে এল ৰাহুল আৰু আথিয়া এতিয়া স্বামী-স্ত্ৰী।

ফেৰা শেষ হোৱাৰ লগে লগে চুনিল শ্বেট্টীৰ খাণ্ডালা বাংলোত অতিথিসকলে দম্পতীহালৰ বাবে হাত চাপৰি বজোৱা আৰু উল্লাস কৰা শুনা গ’ল।

ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰি দম্পতীহালে লিখিলে, “আজি আমাৰ আটাইতকৈ আপোনজনৰ সৈতে আমি সেই ঘৰখনত বিয়া হ’লোঁ যিয়ে আমাক অপৰিসীম আনন্দ আৰু নিশ্চিন্ততা দিছে৷ কৃতজ্ঞতা আৰু মৰমেৰে ভৰা হৃদয়েৰে আমি একেলগে এই যাত্ৰাত আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো“।



ধিঙত নেতাজীৰ ১২৬ সংখ্যক জন্ম জয়ন্তী উদযাপন

ৰাজ্যৰ আন ঠাইৰ লগতে সোমবাৰে ধিঙতো ব্যাপক উলহ মালহৰে উদযাপন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যাক জন্ম জয়ন্তী৷

ধিঙৰ নেতাজী ক্লাৱৰ উদ্যোগত আয়োজন কৰা নেতাজী দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ধিং ৰাজহ চক্ৰ বিষয়া বিলিভিয়া চৌধুৰী৷

পুৱা পতাকা উত্তোলন আৰু মাল্যপৰ্ণ কাৰ্যসূচীৰৰ পিছতেই এক বিশাল সাংস্কৃতিক শুভাযাত্ৰা উলিওৱা হয়৷ অনুষ্ঠানত অঞ্চলটোৰ ভালে কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনৰ সফল সামৰণি

দৰং জিলা সাহিত্য সভাৰ অন্যতম শাখা সভা ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ ৭ম দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশনখনি ২৩ জানুৱাৰীত দিনযোৰা কাৰ্যসূচীৰে ঐতিহাসিক বোৰা পুখুৰীপাৰত অনুষ্ঠিত হৈ যায়৷ কাৰ্যসূচী অনুসৰি পুৱা নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াই অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ 

বন্তি প্ৰজ্জ্বলন,ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন আৰু সাধাৰণ জ্ঞানৰ প্ৰতিযোগিতাৰ লগতে  কুঁহি,ৰামধেনু আৰু আকাশৰ অনুষ্ঠানৰ পিচতে  দিনৰ ১-০০ বজাত অনুষ্ঠিত হয় মুকলি সভা৷

ৰামগাওঁ নৱৰূপ শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ফটিক চন্দ্ৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ আজীৱন সভ্য ফটিক চন্দ্ৰ ডেকাই৷

ছিপাঝাৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° ৰামচন্দ্ৰ ডেকা নিৰ্দিষ্ট বক্তা আৰু দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শৈলেন্দ্ৰ কুমাৰ ৰাজবংশী বিশিষ্ট অতিথি  হিচাপে অংশগ্ৰহণ কৰা সভাত  পত্ৰিকা উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক সৎৰাম ডেকাই৷ 

সভাতৰামচন্দ্ৰ ডেকাৰ  কাব্য গ্ৰন্থ “ছবিখন অঁকা নহ’ল” উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথে৷

সমন্বিত যুৱতীৰ্থ, অসমৰ প্ৰথম পূৰ্ণাংগ ৰাজ্যিক অধিৱেশন সম্পন্ন

অসম সত্র মহাসভাৰ ভাতৃ সংগঠন সমন্বিত যুৱতীৰ্থ, অসমৰ প্ৰথম পূৰ্ণাংগ ৰাজ্যিক অধিৱেশনখনি ২০, ২১ আৰু ২২ জানুৱাৰীত তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলাৰ শ্ৰীমন্ত শংকৰদেৱ পুথিভঁৰাল কেন্দুগুৰি প্ৰাংগনত অনুষ্ঠিত হয়৷

প্ৰথম দিনাৰ কাৰ্য্যসূচী অনুসৰি তোৰণ উন্মোচন, উদযাপন সমিতিৰ পতাকা উত্তোলন আৰু অসম সত্র মহাসভাৰ পতাকা উত্তোলন কৰে ক্ৰমে শ্ৰী শ্ৰী অষ্টভূজদেৱৰ বৰভেটি সংৰক্ষণ উন্নয়ন সমিতিৰ সভাপতি, উদযাপন সমিতিৰ সভাপতি মনু বৰুৱা আৰু অসম সত্র মহাসভাৰ উপসভাপতি সত্ৰাধিকাৰ ভৱানন্দ গোস্বামীয়ে৷

গছপুলি ৰোপণ, প্ৰদৰ্শনী দ্বাৰ, গ্ৰন্থ বিপনীৰ দ্বাৰ, প্ৰতিনিধি বাহৰ দ্বাৰ, মঞ্চ উদ্বোধনৰ পিছতে বিয়লি ২.৩০ বজাত আলোচনা আৰু স্মৃতিগ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷

ড০ ৰাজশ্ৰী হাজৰিকাৰ সম্পাদনা তথা দিগন্ত কুমাৰ মহন্ত আৰু শংকুসিদ্ধ নাথৰ সহযোগী সম্পাদনাত সমন্বিত যুৱতীৰ্থ অসমৰ স্মৃতিগ্ৰন্থ ‘সতীৰ্থ’ৰ সফল উন্মোচনৰ পিছত ৩.৩০ বজাত দশাৱতাৰ নৃত্য প্ৰতিযোগিতা, সন্ধ্যা ৫.৩০ বজাত বন্তি প্ৰজ্বলন, ৬ বজাত স্থানীয় শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান আৰু সমন্বিত যুৱতীৰ্থৰ কেন্দ্ৰীয় সমিতিৰ বিশেষ বৈঠক অনুষ্ঠিত হয়৷ দ্বিতীয় দিনাৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৭ বজাত চাফাই, ১০ বজাত সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় সমিতিৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি ভদ্ৰেশ্বৰ ডেকাই৷ স্মৃতি তৰ্পণ কৰে সাধাৰণ সম্পাদক মৃণাল খনিকৰে৷

প্ৰতিনিধি পঞ্জীয়নৰ পিছতে দুপৰীয়া ১২ বজাত গায়ন বায়ন প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ বিয়লি ২ বজাত কেন্দ্ৰীয় সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ ডেকাৰ সভাপতিত্ব আৰু অসম সত্র মহাসভাৰ দ্বাৰা প্ৰেৰিত চাৰিগৰাকী পৰ্যবেক্ষকৰ পৰ্যবেক্ষণত অনুষ্ঠিত প্ৰতিনিধি সভাত পুৰণি সমিতিৰ পদত্যাগৰ পিছতে জানমণি মহন্তক সভাপতি, দীপাংকৰ মহন্তক কাৰ্যকৰী সভাপতি, মৃণাল খনিকৰক প্ৰধান সম্পাদক, মনোজ্যোতি ৰেগনক সহকাৰী সম্পাদক, কুশল ডেকা আৰু শংকুসিদ্ধ নাথক সাংস্কৃতিক সম্পাদক, সঞ্জীৱ ফুকনক সাংগঠনিক সম্পাদক হিচাপে লৈ ৬১ জনীয়া নতুন সমিতি গঠন কৰা হয়৷

সন্ধ্যা ৬ বজাত ‘সিন্ধু মুনিৰ পিতৃভক্তি, দশৰথ স্বৰ্গ উদ্ধাৰ’ ভাওনা উদ্বোধন কৰে মৰিয়ণী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে৷ তৃতীয় দিনা পুৱা ১০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ পিছতে ১ বজাৰ পৰা মুকলি সভা আৰু বটাঁ বিতৰণী সভা অনুষ্ঠিত হয়৷ সমন্বিত যুৱতীৰ্থ অসমৰ কেন্দ্ৰীয় সভাপতি ভদ্ৰেশ্বৰ ডেকাই সঞ্চালনা কৰা সভাখনৰ উদ্বোধন কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে৷

অসম সত্র মহাসভাৰ কাৰ্যকৰী সভাৰতৰ শ্ৰীশ্ৰী হৰিদেৱ গোস্বামী, কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অভিজিৎ মহন্ত, উপসভাপতি দীপাংকৰ মহন্ত, অসম সত্র মহাসভাৰ পূব মণ্ডলৰ সম্পাদক দীপক বৰুৱা, সমন্বিত যুৱতীৰ্থ যোৰহাট জিলাৰ সভাপতি ধ্ৰুৱজ্যোতি বৰদলৈ প্ৰমুখ্যে বহুসংখ্যক গণ্য মান্য ব্যক্তিয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰা অনুষ্ঠানত দিহানাম, বৰগীত, লোকগীত, দশাৱতাৰ নৃত্য আদি পৰিবেশন কৰে বিভিন্ন জিলাৰ পৰা অহা সাংস্কৃতিক দলসমূহে৷ সন্ধ্যা ৬ বজাত বটাঁ বিতৰণী আৰু সম্বৰ্ধনা অনুষ্ঠানত দিহানাম সম্ৰাটখ্যাত কমলা গগৈক গুৰু সাধনা বঁটা প্ৰদান কৰা হয়৷

সন্ধ্যা ৭ বজাত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে নেত্রকাই খ্যাত অসমৰ জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই৷ অসমৰ বহুসংখ্যক বিশিষ্ট শিল্পী-সাংস্কৃতিককৰ্মীয়ে পৰিবেশন কৰা বিভিন্ন সাংস্কৃতিক নৃত্য-গীতৰ অনুষ্ঠানে অধিৱেশনখনিক অনন্য মাত্রা প্ৰদান কৰে৷


খৈৰাবাৰী সাহিত্য সভাৰ চাৰিখনকৈ গ্ৰন্থ উন্মোচনেৰে অধিবেশন সম্পন্ন; সংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতি সৃষ্টি হ’ব নোৱাৰেঃ বেংক বিষয়া শৰৎ চন্দ্ৰ ডেকা

ওদালগুৰি জিলাৰ খৈৰাবাৰী বিশিষ্ট শাখা সাহিত্য সভাৰ ৩০ সংখ্যক দ্বি বাৰ্ষিক অধিবেশন খনি এদিনীয়াকৈ ২২ জানুৱাৰীত সাহিত্য সভাৰ কাৰ্যালয় প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ অধিবেশনৰ লগত সংগতিৰাখি পুৱা সাহিত্য সভাৰ পতাকা উত্তোলন কৰি সভাপতি ফজলুল হক চৌধুৰীয়ে,স্মৃতি তৰ্পন কৰে অৱসৰী প্ৰধান শিক্ষক ফটিক চন্দ্ৰ ডেকাই৷

বিষয় বাচনি সভা মুকলি কৰে খৈৰাবাৰী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উত্তম কলিতাই৷ মুকলি সভা উদ্বোধন কৰে উদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ড° পৱিত্ৰ শৰ্মাই৷ মুকলি সভাত খৈৰাবাৰী সাহিত্য সভাৰ পত্ৰিকা উন্মোচন কৰে খৈৰাবাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেন মহলীয়াই৷

বিশিষ্ট লেখক পুনুৰাম কলিতাৰ গ্ৰন্থ পুৰাণৰ ৰহঘৰা উন্মোচন কৰে নামখলাৰ দ্বীপেন চহৰীয়া কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই, ৰাম সৰস্বতী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীন চলিহাই “নিবন্ধ সৌৰভ’’ উন্মোচন কৰে৷ উপকাৰীক “অজগৰে খায়’’ নামৰ গ্ৰন্থ খন উন্মোচন কৰে খৈৰাবাৰী সাহিত্য সভাৰ সভাপতি ফজলুল হক চৌধুৰীয়ে৷ গ্ৰন্থ উন্মোচক অৱসৰী কৃতি অধ্যক্ষ সীতাৰাম ঠাকুৰীয়াই কয় যে বৰ্তমানেও গ্ৰন্থ পঢ়ুৱৈ আৰু গ্ৰন্থ লেখকৰ সংখ্যা কমা নাই৷ লগতে উন্মোচক ঠাকুৰীয়াই কয় যে খৈৰাবাৰী সাহিত্য সভাই নতুন নতুন লেখক লেখিকাৰ সৃষ্টি কৰিছে৷

নিজ প্ৰাক্তন ছাত্ৰ গ্ৰন্থকাৰ পুনুৰাম কলিতাৰ গ্ৰন্থ উন্মোচন কৰিবলৈ পাই অৱসৰী শিক্ষক ঠাকুৰীয়াই আনন্দিত হৈছে৷  সাংস্কৃতিক কৰ্মী তথা অৱসৰী বেংক বিষয়া শৰৎ চন্দ্ৰ ডেকাই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে থাকি কয় যে “সাহিত্যত সংঘাত হ’ব নালাগে৷ আনৰ সাহিত্যক বেয়া পোৱাটো উচিত নহয়৷ যেনেদৰে সংস্কৃতিৰ বিৰুদ্ধে সংস্কৃতি সৃষ্টি হ’ব নোৱাৰে৷ সংস্কৃতিৰ বিৰুদ্ধে সংঘাত হ’লে দুস্কৃতি হয় ৷’’

উল্লেখ্য যে, আগন্তুক ২০২৩ ২০২৫ বৰ্ষৰ বাবে জয়মতী ডেকাক সভাপতি, গজেন হাজৰিকাক উপসভাপতি, প্ৰনৱ শৰ্মাক সাধাৰণ সম্পাদক, সান্তো দাসক সহকাৰী সম্পাদক, অপূৰ্ব শৰ্মাক পত্ৰিকাসম্পাদক, পুৱাৰাম ডেকাক সাংস্কৃতিক সম্পাদক, জিলা প্ৰতিনিধি হিচাপে দিলীপ বৰুৱাকলৈ ১৭ জনীয়া  খৈৰাবাৰী সাহিত্য সভাৰ নতুন সমিতিখন গঠন কৰা হয়৷

মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰি গুৱাহাটীত আম্বানীৰ পুত্ৰ! মা কামাখ্যাৰ শ্ৰীচৰণত আগবঢ়ালে ২৯ যোৰ পাৰ আৰু ৫টা ছাগলী…

সোমবাৰে হঠাৎ গুৱাহাটীত উপস্থিত হ’ল দেশৰ অন্যতম ধনাঢ্যৰ পুত্ৰ অনন্ত আম্বানী।

শক্তিপীঠ মা কামাখ্যা ধাম দৰ্শনৰ বাবে গুৱাহাটীত উপস্থিত হয় অনন্ত আম্বানী।

আম্বানী পুত্ৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈ তাৰ পৰা পোনে পোনে যায় কামাখ্যা ধামলৈ।

মা কামাখ্যাৰ শ্ৰীচৰণত বিশেষ পূজা আগবঢ়ায় অনন্ত আম্বানীয়ে।

খবৰ অনুসৰি, আম্বানী পূত্ৰই মা কামাখ্যা ধামত ২৯ যোৰ পাৰ চৰাই আৰু ৫ টা ছাগলী দান দিয়ে।

উল্লেখ্য যে, যোৱা ১৯ জানুৱাৰীত সুন্দৰী ৰাধিকা মাৰ্চেণ্টৰ সৈতে সম্পন্ন হৈছিল অনন্ত আম্বানীৰ এংগেজমেণ্ট।

শীতকালত নিশা সঘনে প্ৰস্ৰাৱ কৰাৰ হেতু আপোনাৰ টোপনি বাধাগ্ৰস্ত হৈছে নেকি ? কিয় হৈছে জানক…

নিশা সঘনে প্ৰস্ৰাৱ কৰাৰ হেতু আপোনাৰ টোপনি বাধাগ্ৰস্ত হৈছে নেকি? যদি হৈছে, আপুনি কেতবোৰ পদক্ষেপ ল’ব লাগিব। অন্যথা সাধাৰণ স্বাস্থ্যৰ অৱনতি ঘটিব, ৰক্তচাপ বৃদ্ধি হ’ব, ডায়েবেতিছ ৰোগ হ’ব, বোধশক্তি হ্ৰাস পাব। পুৰুষৰ মদন গ্ৰন্থি, মহিলাৰ ইষ্ট্ৰ’জেনৰ মাত্ৰা হ্ৰাস, ডায়েবেটিছ আদিয়ে নিশা বাৰম্বাৰ প্ৰস্ৰাৱ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি কৰে। তেনেকুৱা হ’লে শুবলৈ যোৱাৰ আগতে দুঘন্টামান ভৰি দুখন ওপৰলৈ তুলি ৰাখিব। তেনে কৰিলে শোৱাৰ আগতে অধিক প্ৰস্ৰাৱ হ’ব আৰু নিশা বাৰম্বাৰ প্ৰস্ৰাৱ কৰিবলৈ যাবলগীয়া নহ’ব। অৱশ্যে নিশা বাৰম্বাৰ প্ৰস্ৰাৱ হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

আপোনাৰ শয্যাসংগীৰ যদি নিশা শ্বাসৰোধ(Steep Apnoea) হৈ নাকৰ ঘোৰঘোৰণি হয়, তেতিয়াও টোপনিত ব্যাঘাত জন্মে। এনেকুৱা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব। সম্প্ৰতি নাকৰ ঘোৰঘোৰণি বন্ধ কৰাৰ বাবে এবিধ যন্ত্ৰ উপলব্ধ হৈছে। চিকিৎসকৰ পৰামৰ্শ লৈ সেই যন্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। তদুপৰি ওপৰলৈ মুখ কৰি নুশুই, কাতি হৈ শুলেও নাকৰ ঘোৰঘোৰণিৰপৰা কিছু পৰিত্ৰাণ পাব পাৰি। যোগাভ্যাস আৰু ধ্যান কৰিলে ষ্ট্ৰেছ হ্ৰাস হয়, স্নায়ুৰন্ধ্ৰ প্ৰশমিত হয়, অন্তঃস্ৰায়ী হৰম’ন প্ৰক্ৰিয়া সন্তুলিত হয় আৰু নিশা গভীৰ টোপনি হয়। এইক্ষেত্ৰত অভিজ্ঞ যোগ শিক্ষকৰ সহায় ল’ব পাৰে।

দিনটো আৱেগিক সন্তুষ্টিৰ মাজেৰে পাৰ হৈছে নে নাই, তাৰ ওপৰতো গভীৰ নিদ্ৰা নিৰ্ভৰ কৰে। আপুনি যদি পৰিয়ালবৰ্গ আৰু বন্ধুবৰ্গৰপৰা অকলশৰীয়া অনুভৱ কৰে, তেতিয়াও টোপনিৰ মাত্ৰা কম হ’ব পাৰে। অস্থিৰতা অনুভৱ কৰিব পাৰে আৰু বিচনাত পৰি ইচাট-বিচাট কৰি থাকিব পাৰে। গতিকে পৰিয়ালবৰ্গৰ সৈতে, বন্ধুবৰ্গৰ সৈতে যোগমূত্ৰ ৰক্ষা কৰক, কায়িকভাৱে নহ’লেও ফোনযোগে যোগাযোগ স্থাপন কৰক। তৎসত্ত্বেও যদি আপুনি নিসংগ অনুভৱ কৰে, তেনেহ’লে মনোবিদৰ পৰামৰ্শ(counselling) লোৱাৰ প্ৰয়োজন হ’ব পাৰে।

খাদ্যয়ো টোপনিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। নিশা কম পৰিমাণে আহাৰ খাব। খাদ্যত ‘ট্ৰীপ্ট’কেন’যুক্ত প্ৰ’টিন অধিক পৰিমাণে থাকিব লাগে। কুকুৰাৰ মাংস, দৈ মাছ আদি খাদ্যত এনে প্ৰ’টিন যথেষ্ট পৰিমাণে থাকে। খাদ্যত পৰ্যাপ্ত কাৰ্ব’হাইড্ৰেট থাকিব লাগে। তাতো ‘ট্ৰীপ্ট’কেন’ থাকে, বিশেষকৈ ভাত, আলু(সিজোৱা) আদিত। এই দ্ৰব্যই বিশ্ৰামত সহায় কৰে। তদুপৰি আহাৰ একঘেঁহীয়া হ’ব নালাগে। প্ৰতিদিনে বিভিন্ন জুতিৰ আহাৰ খাব। লক্ষ্য কৰিব, আহাৰ যাতে সন্তুলিত হয়। নিশা অধিক মদ্যপান নকৰিব। মদ্যপানে পাকস্থলীৰ এচিডৰ মাত্ৰা বৃদ্ধি কৰাৰ উপৰি প্ৰস্ৰাৱৰ মাত্ৰা বৃদ্ধি কৰে। আহাৰ খোৱাৰ পিছত নিশা যদি ভোক লাগে, তেনেহ’লে জাঁইফল, আলমণ্ড, আখৰোট আদি ফল খাব পাৰে।

শোৱনি কোঠাৰ তাপমান নিয়ন্ত্ৰিত হ’ব লাগে। শুবৰ সময়ত কোঠাৰ তাপমান ১৮ ডিগ্ৰী চেন্টিগ্ৰেডৰপৰা ২০ ডিগ্ৰী চেন্টিগ্ৰেডৰ ভিতৰত হ’লে গভীৰ নিদ্ৰাত সহায়ক হয়। তদুপৰি শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীৰে স্নান কৰিলে ভাল টোপনি হয়।

নিশা গভীৰ নিদ্ৰা হোৱাৰ ব্যৱস্থা কৰক, স্বাস্থ্য ভালে ৰাখক।

গুগলে ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ কাৰণ কি…

গুগল কৰ্মচাৰীৰ দৰমহাঃ গুগল কোম্পানীত কৰ্মৰত ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইফালে ভাৰতীয় মূলৰ এজন কৰ্মচাৰীয়ে তেওঁৰ কাহিনী ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। গুগলৰ পৰা ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। ইয়াৰ বাবেই চাকৰিৰ পৰা বৰ্খাস্ত কৰা কৰ্মচাৰীসকলে নতুন চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিছে। ইফালে, গুগল কোম্পানীটোৰ এজন ভাৰতীয় মূলৰ কৰ্মচাৰীয়ে ইনছাইড ষ্ট’ৰীক জনাইছে। গুগলৰ কৰ্মচাৰীৰ চাকৰিৰ পৰা বৰ্খাস্ত হোৱাৰ ফলত প্ৰভাৱিত হৈ কুনাল কুমাৰ গুপ্তাই কয় যে তেওঁ গুগলত চাকৰিৰ বাবে ৬ মাহ অপেক্ষা কৰিছিল। কেলিফৰ্ণিয়াত থকা গুগলৰ টেকনিকেল প্ৰগ্ৰেম মেনেজাৰ কুনাল কুমাৰ গুপ্তাই ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে যে খবৰ অনুসৰি গুগল কোম্পানীয়ে ১২ হাজাৰ কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে। দুৰ্ভাগ্যৰ লগত ময়ো সেইবোৰৰ ভিতৰত আছো। গুগলত ৩ বছৰ ৬ মাহ কাম কৰিলোঁ। এতিয়া মই এটা ইমেইল পাইছো যে মোৰ সেৱা ফলপ্ৰসূভাৱে বন্ধ কৰা হৈছে।

৬ মাহ চাকৰিৰ বাবে অপেক্ষা কৰিছিল

গুগলৰ পৰা বৰ্খাস্ত হোৱা ভাৰতীয় মূলৰ কৰ্মচাৰী কুনাল কুমাৰ গুপ্তাই কয় যে তেওঁ কাৰ্নেগী মেলন ইউনিভাৰ্চিটি অৱ আমেৰিকাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ২০১৯ চনত গুগলত চাকৰি লাভ কৰিছিল। ইয়াৰ বাবে তেওঁ ৬ মাহ অপেক্ষা কৰিছিল। এই সময়ছোৱাত তেওঁ সহকাৰী শিক্ষক হিচাপেও কাম কৰিছিল।


গুগল কোম্পানীত কৰ্মচাৰীজনৰ সময় কেনেদৰে কটালে?

তেওঁ আৰু কয় যে তেওঁ গুগলৰ পৰা এটা ইমেইল পাইছে, য’ত কোৱা হৈছে যে তেওঁ এতিয়া ইয়াৰ অংশ নহয়। গুগল কোম্পানীত কৰা যাত্ৰাৰ কথা মনত পেলাই কুনাল কুমাৰ গুপ্তাই লিখিছে যে গুগল কোম্পানী মোৰ কেৰিয়াৰৰ শ্ৰেষ্ঠ পেছাদাৰী সময় আছিল। এই সময়ছোৱাত দলবোৰৰ কিছুমান ধুনীয়া আৰু চতুৰ মানুহক লগ পাইছিলো। মোৰ সৈতে কোম্পানীত কাম কৰাৰ আৰু তেওঁলোকৰ পৰা শিকিবলৈ এই সুযোগ দিয়াৰ বাবে মই তেওঁলোক সকলোকে ধন্যবাদ জনাইছো।

নতুন চাকৰি বিচাৰি থকা কৰ্মচাৰী

কুনাল কুমাৰ গুপ্তাইও তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত কয় যে মই অনতিপলমে কামটো কৰিবলৈ সাজু। নতুন ভূমিকা বিচাৰি উলিওৱাত মোক জৰুৰী সহায়ৰ প্ৰয়োজন। মই H-1B ভিছাত আছো যিয়ে মোক চাকৰি বিচাৰিবলৈ ৬০ দিনৰ সময় দিয়ে।

৫টা কাৰণত শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ অতি বিশেষ। এই কাৰণ কেইটা হ’ল…

পাথান এতিয়া নিৰ্বাসনৰ পৰা উভতি আহিছে আৰু এতিয়াৰ পৰা উভতি অহাটো যথেষ্ট বেং দেখা গৈছে। ৪ বছৰৰ পিছত ডাঙৰ পৰ্দাত কামবেক কৰিবলৈ ওলাইছে শ্বাহৰুখ খানে, গতিকে মুক্তিৰ পূৰ্বেও হুলস্থুলৰ সৃষ্টি হৈছে। কিন্তু পাঠানৰ বিশেষ কথাটো কি যিয়ে ইয়াক আকৰ্ষণীয় কৰি তুলিছে। জিৰ’ৰ পিছত এতিয়া শ্বাহৰুখ খান পাঠান হিচাপে পৰ্দাত আহি আছে। দেখাত ৪ বছৰৰ দীঘলীয়া বিৰতিৰ পিছত কিং খানে পুনৰ উভতি আহিছে, গতিকে তেওঁ কিছুমান বেংগাৰ লৈ আহিছে। সেইবাবেই হুলস্থুল। আচৰিত কথাটো হ’ল শ্বাহৰুখে ছবিখনৰ কোনো বিশেষ প্ৰচাৰো কৰা নাই, তাৰ পিছতো ছবিখনক লৈ সৃষ্টি হোৱা পৰিৱেশ প্ৰচণ্ড। শ্বাহৰুখৰ অনুৰাগীসকল যেতিয়া নিজাববীয়াকৈ তেওঁৰ ওচৰলৈ আহি আছে তেতিয়া তেওঁৰ অনুৰাগীৰ ওচৰলৈ যোৱাৰ কি প্ৰয়োজন। দেওবাৰে পাঠান মুক্তিৰ পূৰ্বে মন্নতৰ বাহিৰত দেখা গৈছিল শ্বাহৰুখৰ অনুৰাগী।

এতিয়া পাঠানক লৈ ইমান উন্মাদনাৰ আঁৰত পাঁচটা কাৰণ আছে, যাৰ বাবে ইয়াক আৰু বিশেষ কৰি তুলিছে। সেই পাঁচটা আমোদজনক কথা কওঁ যিবোৰে পাথানক মুক্তিৰ আগতেই ইউনিভাৰ্চেল হিট কৰি তুলিছে।

প্ৰথম কথা পাঠানৰ একচন দৃশ্যক লৈ বহুত চৰ্চা চলি আছে। কোৱা হৈছে যে ইয়াত এনে কাৰ্য দেখা যাব যিটো আগতে দেখা পোৱা নাছিল। বিশেষকৈ শ্বাহৰুখ-জনৰ মাজৰ যুঁজৰ দৃশ্যটো WWEৰ পৰা অনুপ্ৰাণিত বুলি কোৱা হয়। যদি খবৰ বিশ্বাস কৰিব লাগে তেন্তে শ্বাহৰুখ খানৰ কিকটো শ্বাউন মাইকেলছৰ “ছুইট চিন মিউজিক”ৰ পৰা লোৱা হৈছে, আনহাতে জন আব্ৰাহামৰ পাঞ্চটো ৰোমান ৰেন্সৰ “ছুপাৰমেন পাঞ্চ”ৰ পৰা অনুপ্ৰাণিত।
শেহতীয়াকৈ মুক্তি পোৱা টম ক্ৰুজৰ টপ গান: মেভেৰিক ছবিখনৰ ষ্টাণ্টবোৰ আপুনি নিশ্চয় দেখিছে, যাৰ দায়িত্ব কেছি অ’নিলৰ ওপৰত ন্যস্ত কৰা হৈছিল। পাঠানৰ ষ্টাণ্টৰ কামো তেওঁৰ ওপৰত ন্যস্ত কৰা হৈছিল। যাৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোক কিমান বিশেষ হ’বলৈ গৈ আছে।
এই ছবিখনত অভিনেত্ৰী দীপিকা পাডুকনে প্ৰথমবাৰৰ বাবে ষ্টাণ্ট আৰু একচন চিন কৰিবলৈ ওলাইছে। তেওঁৰ চৰিত্ৰ সন্দৰ্ভত বিশেষ একো প্ৰকাশ হোৱা নাই যদিও এইটো স্পষ্ট যে দীপিকাই কেতিয়াও এনে এটা ভূমিকা কৰিবলৈ সন্মত নহয়, য’ত কোনো কাম নাথাকে। এনে পৰিস্থিতিত তেওঁলোকৰ পৰা আচৰিত উপাদানটো আশা কৰা হৈছে।
শ্বাহৰুখ খানৰ এই লুকেও মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে, যিটো জন আব্ৰাহামৰ পূৰ্বৰ ষ্টাইলৰ পৰা অনুপ্ৰাণিত হোৱা যেন লাগে। খবৰ অনুসৰি এই ছবিখনৰ বাবে শ্বাহৰুখে মাহৰ পিছত মাহ ধৰি চুলি কটা নাছিল।
দেশত শ্বাহৰুখ-ছালমানৰ ফেন ফ’ল’ৱাৰ আন কোনো তাৰকাৰ নহয়। তেওঁৰ ছবিবোৰৰ বাবে মানুহৰ মাজত এক বেলেগ ধৰণৰ উন্মাদনা। এনে পৰিস্থিতিত যদি দুয়োকে একেলগে দেখা যায়, তেন্তে ঠিক কি ক’ব। পাঠানতো একেই হ’বলৈ গৈ আছে। খবৰ অনুসৰি ছলমানে পাঠানত টাইগাৰৰ চৰিত্ৰটো লৈ আহিছে।