Home Blog Page 1826

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে দলগাঁৱৰ Wildlife ফটোগ্ৰাফাৰ নেজিব আহমেদ…

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে দলগাঁৱৰ Wildlife ফটোগ্ৰাফাৰ নেজিব আহমেদ।

বাংগালুৰুত অনুষ্ঠিত Nature in Focus নামৰ অনুষ্ঠানটোৱে আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয়

পৰ্যায়ৰ ফটো প্ৰতিযোগিতাত বিজয়ী হ’বলৈ সক্ষম হৈছে নেজিব আহমেদ।

বিশ্বৰ সৰ্ববৃহৎ সক্ৰিয় আগ্নেয়গিৰি হাৱাইৰ মাউনা ল’য়াৰ প্ৰায় ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে বিস্ফোৰণ ঘটিছে…

বিশ্বৰ সৰ্ববৃহৎ সক্ৰিয় আগ্নেয়গিৰি হাৱাইৰ মাউনা ল’য়াৰ প্ৰায় ৪০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে বিস্ফোৰণ ঘটিছে।লাভাৰ প্ৰবাহ বেছিভাগেই শিখৰৰ ভিতৰতে নিয়ন্ত্ৰণ কৰা হৈছে যদিও বাসিন্দাসকলক সতৰ্ক কৰি ৰখা হৈছে আৰু পূৰ্বে ছাই পৰাৰ আশংকাৰ বিষয়ে সতৰ্ক কৰি দিয়া হৈছে।

পৰিস্থিতি দ্ৰুতগতিত সলনি হ’ব পাৰে বুলি উল্লেখ কৰিছে আমেৰিকাৰ ভূতাত্ত্বিক সেৱাই। আগ্নেয়গিৰিটোৰ সতৰ্কতাৰ স্তৰো “পৰামৰ্শমূলক”ৰ পৰা “সতৰ্কবাণী”লৈ উন্নীত কৰা হৈছে – যিটো সৰ্বোচ্চ শ্ৰেণীবিভাজন।

কোনো ধৰণৰ খালী কৰাৰ নিৰ্দেশ জাৰি কৰা হোৱা নাই আৰু এই পৰ্যায়ত জনবসতিপূৰ্ণ অঞ্চলসমূহত ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই বুলি জৰুৰীকালীন বিষয়াসকলে জনায়।

হাৱাই আগ্নেয়গিৰি ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অৱস্থিত মাউনা ল’য়াই আমেৰিকাৰ ৰাজ্যখনৰ বিগ আইলেণ্ডৰ আধা অংশ সামৰি লৈছে। সমুদ্ৰপৃষ্ঠৰ পৰা ১৩,৬৭৯ফুট (৪,১৬৯ মিটাৰ) উচ্চতাত অৱস্থিত এই আগ্নেয়গিৰিটোৰ আয়তন ২০০০ বৰ্গমাইলতকৈও অধিক (৫,১৭৯ বৰ্গ কিলোমিটাৰ)।

দেওবাৰে (সোমবাৰে ০৯:৩০ জিএমটি) স্থানীয় সময় অনুসৰি ২৩:৩০ বজাত আগ্নেয়গিৰিটোৰ শিখৰ কেলডেৰা মকু’আৱেওৱে’ত বিস্ফোৰণ ঘটে। কেলডেৰা হৈছে বিস্ফোৰণৰ শেষত শিখৰৰ তলত গঠন হোৱা ফুটা।

দেওবাৰে এক ডজনতকৈও অধিক ভূমিকম্পৰ খবৰ পোৱাকে ধৰি অঞ্চলটোত শেহতীয়াকৈ সংঘটিত হোৱা ভূমিকম্পৰ ধাৰাবাহিকতাৰ পিছত বিস্ফোৰণ সম্ভৱ বুলি ধাৰাবাহিকভাৱে সতৰ্কবাণী দিয়াৰ পিছত।

বাক্সাৰ আংগাৰধোৱত মেধাবী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক সঁজুলি প্ৰদান নীতি আয়োগৰ…

বাক্সা জিলাৰ আংগাৰধোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ জৰিয়তে নীতি আয়োগে মেধাবী ছাত্ৰ-ছাত্ৰীক আগবঢ়োৱা শৈক্ষিক সঁজুলি বিতৰণ কৰা হয় ।

বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে আদৰণী বক্তব্য প্ৰদান কৰা অনুষ্ঠানটোত বাক্সা জিলাৰ উপায়ুক্ত মাছন্দা মেগদালিন পেৰ্টিনে মুখ্য অতিথি আৰু বি টি চি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োৱে অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ জৰিয়তে নিজৰ লক্ষ্যত উপনীত হ’বলৈ পৰামৰ্শ আগবঢ়ায় ।

বাক্সা জিলাৰ ১৫ আৰু ৯ নম্বৰ গোটৰ মুঠ ১৩৫ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীক শৈক্ষিক দিশত সহায়ক হোৱাকৈ নীতি আয়োগে বিভিন্ন সা-সঁজুলি প্ৰদান কৰা অনুষ্ঠানটোত বাক্সা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভৱেন দেউৰীয়ে গোটে দুটাৰ অন্তৰ্গত ১৬ খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিদৰে উন্নত ফলাফল প্ৰদৰ্শন কৰিব পাৰি সেই সম্পৰ্কে বিভিন্ন কৌশল আৰু পৰামৰ্শ আগবঢ়ায় ।

৯ নম্বৰ গোটৰ সম্পাদক ৰঞ্জিত ভাণ্ডাৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বিদ্যালয় প্ৰধানসকলৰ লগতে সাত শতাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত থাকে ৷

উল্লেখ যে বাক্সা জিলাৰ শৈক্ষিক উন্নয়নৰ বাবে কাম কৰি থকা নীতি আয়োগে নৱম শ্ৰেণীৰ পৰা ষাঠি শতাংশ নম্বৰ লাভ কৰি দশম শ্ৰেণীলৈ উত্তীৰ্ণ জিলাখনৰ প্ৰায় চাৰি হেজাৰ ছাত্ৰ -ছাত্ৰীক এনেদৰে শৈক্ষিক সঁজুলি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে ।

-পিংকু ৰায় চৌধুৰী

এইবাৰ ৰেগিং কাণ্ডৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই…

ৰাজ্যৰ উচ্চশিক্ষাৰ অন্যতম প্ৰতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘৃণনীয় ৰেগিং কাণ্ডই ৰাজ্যজুৰি সৃষ্টি কৰা চাঞ্চল্যৰ ঢৌ মাৰ নাযাওঁতেই এইবাৰ পোহৰলৈ আহিছে আন এক ৰেগিং কাণ্ড। এইবাৰ এই ৰেগিং কাণ্ডৰ অভিযোগ উত্থাপন কৰিছে যোৰহাট জিলাৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত এগৰাকী ছাত্ৰই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰই দেওবাৰে বিশ্ববিদ্যালয়ৰ কেম্পাছৰ হোষ্টেলৰ দুমহলীয়া অট্টালিকাৰ পৰা জপিয়াই পৰাৰ এদিন পিছতে হোষ্টেল আবাসী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা চৰম মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে জে বি কলেজৰ শিক্ষাৰ্থীগৰাকীয়ে।

ছাত্ৰজনে লগতে কয় যে ৰেগিঙৰ পৰা ৰেহাই নোপোৱাৰ বাবেই তেওঁ হোষ্টেলৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছিল। ইফালে মহাবিদ্যালয় হোষ্টেল ত্যাগ কৰি বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে এতিয়া ছাত্ৰগৰাকীৰ প্ৰয়োজনীয় খৰচ বহন কৰাটো তেওঁৰ পৰিয়ালৰ বাবে কঠিন হৈ পৰিছে বুলি প্ৰণৱ চুতীয়া নামৰ ছাত্ৰগৰাকীয়ে দুখ প্ৰকাশ কৰিছে।

ছাত্ৰগৰাকীৰ এই অভিযোগৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ উৎপল জ্যোতি মহন্তৰ সৈতে যোগাযোগ কৰা হয় যদিও তেওঁ এই বিষয়ত কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

আজি অনিমেষ হত্যাকাণ্ডৰ এবছৰ পূৰ্ণ হ’ল , ন্যায়ৰ অপেক্ষাত নীৰৱে চকুলো টুকিছে মাতৃয়ে…

আজি অভিশপ্ত সেই ২৯ নৱেম্বৰ। অনিমেষ ভূঞা হত্যাকাণ্ডই পাৰ কৰিলে এটা বছৰ।২০২১ বৰ্ষৰ আজিৰ দিনটোতেই যোৰহাটৰ মাজমজিয়াত একাংশ মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই। ৰজাঘৰীয়াই ন্যায়ৰ আশ্বাস দিছিল যদিওঁ কিন্তু অসাৰ হ’ল আশ্বাস-প্ৰতিশ্ৰুতি।

আজিও ন্যায়ৰ আশাত নীৰৱে চকুলো টুকিছে অনিমেষৰ দুৰ্ভগীয়া মাতৃয়ে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল।আজিও অনিমেষৰ মাতৃৰ বুকুত জ্বলা জুইকুৰা আজিও নুনুমাল।

নীৰৱে পুত্ৰৰ শোকত চকুলো টুকিছে মাতৃয়ে।অনিমেষৰ মাতৃয়ে কয়, ‘ৰজাঘৰীয়াই তেতিয়া কোৱা ধৰণে একোৱেই নহল’। অনিমেষৰ ভাতৃৰ সংস্থাপনৰ বিষয় তল পৰিল। পৰিয়ালটো কেনেদৰে চলিছে তাক চাবলৈ কাৰোৰে আহৰি নাই।আনহাতে অনিমেষৰ ভাতৃয়েকয়, আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে।

এবছৰৰ ভিতৰতে ন্যায়ৰ মিছা আশ্বাস দি বাহঃ বাহঃ লোৱা চৰকাৰৰ মতে আজিও সম্পূৰ্ণ হোৱা নাই এটা বছৰ। কেতিয়াকৈ ন্যায় পাব দূৰ্ভগীয়া পৰিয়ালটোয়ে সেয়া যেন আজিও অবুজ সাঁথৰ।

চৌদি আৰৱৰ বিখ্যাত ক্লাবলৈ ক্রিষ্টিয়ানো ৰোনাল্ডো? এটা বিশাল প্ৰতিশ্ৰুতি…

ফিফা বিশ্বকাপৰ ঠিক আগতে খাটৱাৰে ছুপাৰষ্টাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোক লৈ মানচেষ্টাৰ ইউনাইটেডৰ পৰা বিচ্ছেদ ঘটাইছিল৷ ইয়াৰ পিছতে ছৌদি আৰৱৰ এটা বিখ্যাত ক্লাব আল নাছেৰে এতিয়া ৰোনাল্ডোক তেওঁলোকৰ ক্লাবত যোগদান কৰিবলৈ বৃহৎ পৰিমাণৰ ধনৰ প্ৰস্তাৱ দিছে।


এবিএছ স্প’ৰ্টছ ৰিপ’ৰ্টৰ তথ্য অনুসৰি বিশ্বকাপৰ পিছত আল নাছেৰে ক্রিষ্টিয়ানো ৰোনাল্ডোক ২২৫ মিলিয়ন ডলাৰ অৰ্থাৎ বছৰি ৭৫ মিলিয়ন ডলাৰৰ তিনি বছৰৰ বাবে চুক্তিবদ্ধ হোৱাৰ প্ৰস্তাৱ দিছে। এছিয়াৰ অন্যতম শ্ৰেষ্ঠ আৰু সফল ফুটবল ক্লাব আল নাছেৰ এফ চি। এই পৰ্যন্ত ক্লাবটোৱে ৯টা লীগ খিতাপ দখল কৰিছে।

এই বিশ্বকাপ প্ৰতিযোগিতাত ঘানাৰ বিৰুদ্ধে খেলখনত পৰ্তুগাল দলৰ হৈ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে এটা গ’ল দিয়ে৷ এই গ’লৰ জৰিয়তে তেওঁ ফিফা বিশ্বকাপৰ পাঁচটা ছিজনত গ’ল দিয়া প্ৰথমজন ফুটবলাৰ হিচাপে পৰিগণিত হয়। উৰুগুৱেৰ বিৰুদ্ধে খেলখনতো ৰোনাল্ডোৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। তদুপৰি আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ সৰ্বাধিক গ’লদাতা ক্ৰিষ্টিয়ানো ৰোনাল্ডো।

আফতাবক আক্ৰমণ কৰা ২ অভিযুক্তক তিহাৰলৈ প্ৰেৰণ, পলাতক সহযোগীক বিচাৰি আৰক্ষীৰ অভিযান…

আফতাবক আক্ৰমণ কৰা নিগম গুৰ্জাৰৰ কোনো ৰাজনৈতিক দলৰ সৈতে কোনো সম্পৰ্ক নাই। নিগম গাৰ্জুৰ পেছাত ট্ৰাক চালক, আনহাতে কুলদীপ যাদৱে পুৰণি বাহনৰ বিক্ৰী-ক্ৰয়ৰ কাম কৰে।

শ্ৰদ্ধা হত্যাকাণ্ডৰ অভিযুক্ত আফতাব পুনাৱালাক কঢ়িয়াই অনা আৰক্ষীৰ ভ্যানত আক্ৰমণ চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। অভিযুক্ত নিগম গুৰ্জাৰ আৰু কুলদীপ যাদৱ দুয়োকে তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। দিল্লী আৰক্ষীয়ে নিশা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দুয়ো অভিযুক্তক ৰোহিনী আদালতত হাজিৰ কৰে। ইয়াৰ পিছত তেওঁক তিহাৰ জেললৈ প্ৰেৰণ কৰা হৈছে।

আফতাব কঢ়িয়াই অনা আৰক্ষীৰ ভ্যানত আক্ৰমণ কৰা সকলে নিজকে হিন্দু সেনাৰ কৰ্মী বুলি অভিহিত কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা কৰে। দিল্লী আৰক্ষীৰ সূত্ৰই দাবী কৰিছে যে আক্ৰমণকাৰীয়ে আফতাবক হত্যা কৰিব বিচাৰিছিল। এই আটাইকেইজন অভিযুক্ত গুৰুগ্ৰামৰ পৰা আহিছিল। মুঠ আক্ৰমণকাৰীৰ সংখ্যা ১৫ জন বুলি জানিব পৰা গৈছে। আটকাধীন আক্ৰমণকাৰীৰ এজনক নিগম গুৰজাৰ আৰু আনজন কুলদীপ যাদৱ বুলি চিনাক্ত কৰা হৈছে। আৰক্ষী বিষয়াৰ মতে, ধৃত নিগম গুৰজাৰৰ কোনো ৰাজনৈতিক দলৰ সৈতে কোনো সম্পৰ্ক নাই। নিগম গাৰ্জুৰ পেছাত ট্ৰাক চালক, আনহাতে কুলদীপ যাদৱে পুৰণি বাহনৰ বিক্ৰী-ক্ৰয়ৰ কাম কৰে।

বলীউডৰ বহু চৰ্চিত চলচ্চিত্ৰ ‘দ্য কাশ্মীৰ ফাইলছ’ নিম্ন ৰুচিৰ আৰু প্ৰপাগাণ্ডামূলক চলচ্চিত্ৰ আখ্যা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ জুৰীৰ…

চলিত বৰ্ষৰ আৰম্ভণিৰ ফালে মুক্তি লাভ কৰা বিবেক অগ্নিহোত্ৰী পৰিচালিত বলীউডৰ বহু চৰ্চিত চলচ্চিত্ৰ ‘দ্য কাশ্মীৰ ফাইলছ’ক প্ৰপাগাণ্ডামূলক আৰু নিম্ন ৰুচিৰ চলচ্চিত্ৰ বুলি অভিহিত কৰিছে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (আই আই এফ আই) ২০২২ৰ জুৰী মুৰব্বী নাদৱ লাপিদে।

ইজৰাইলী চলচ্চিত্ৰ নিৰ্মাতা নাদৱ লাপিডে লগতে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ দৰে এক সন্মানীয় চলচ্চিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতামূলক শিতানত ছবিখন দেখি তেওঁ হতভম্ব হৈ পৰিছে বুলিও মন্তব্য কৰে।

লাপিদে কয়, “আমি সকলোৱে বিচলিত হৈছো। আমাৰ মনত এনে এখন প্ৰতিষ্ঠিত প্ৰতিযোগিতাৰ এটা কলাত্মক প্ৰতিযোগিতামূলক শাখাৰ বাবে এয়া প্ৰপাগাণ্ডামূলক আৰু নিম্ন ৰুচিৰ অনুপযুক্ত চিনেমাৰ অন্তৰ্ভুক্তি যেন লাগিল।”

যিহেতু উৎসৱৰ মনোভাৱে সঁচা অৰ্থত সমালোচনাত্মক আলোচনাক গ্ৰহণ কৰে আৰু ই শিল্প আৰু জীৱনৰ বাবে অপৰিহাৰ্য, সেয়ে মোৰ এই অনুভৱ মঞ্চত মুকলিকৈ ভাগ-বতৰা কৰি মই সম্পূৰ্ণ আৰাম অনুভৱ কৰিছো।”- গোৱাৰ পানাজীত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ দ্বিতীয় দিনটোত এইদৰে কয় নাদৱ লাপিদে।

২০২২ চনৰ বাবে ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ইণ্ডিয়ান পেনোৰামা ছেগমেণ্টৰ লাইন আপত ‘কাশ্মীৰ ফাইলছ’ক তালিকাভুক্ত কৰা হৈছিল।

যোৱা ২৩ নৱেম্বৰত কাশ্মীৰ ফাইলছৰ মুখ্য অভিনেতা অনুপম খেৰে চিনেমাখনৰ দ্বাৰা সমগ্ৰ বিশ্বৰ মানুহক নব্বৈৰ দশকত কাশ্মীৰী পণ্ডিত সম্প্ৰদায়ৰ ওপৰত ঘটা ট্ৰেজিক কাণ্ডৰ বিষয়ে সচেতন হোৱাত সহায় কৰা হৈছিল বুলি মন্তব্য কৰিছিল।

পিছে অনুপম খেৰৰ মন্তব্যৰ বিপৰীতে নদৱ লাপিদৰ মন্তব্যৰ ভিডিঅ’টো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হয়। টুইটাৰত ভিডিঅ’টো শ্বেয়াৰ কৰি শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে কয়, “কাশ্মীৰী পণ্ডিতসকলৰ ন্যায়ৰ এক স্পৰ্শকাতৰ বিষয় অপপ্ৰচাৰৰ বেদীত বলিদান দিয়া হ’ল।”

স্মৰ্তব্য যে দ্য কাশ্মীৰ ফাইলছৰ মুক্তিৰ পাছতে আশ্চৰ্যজনকভাৱে ছবিখনৰ প্ৰচাৰত নামি পৰিছিল কেন্দ্ৰত শাসনাধিষ্ঠ বিজেপি দলৰ নেতা-কৰ্মীসকল। বিজেপি শাসিত কেইবাখনো ৰাজ্যত চিনেমাখন কৰমুক্ত ঘোষণা কৰাৰ লগতে চিনেমাখন চোৱাৰ বাবে চৰকাৰী কৰ্মচাৰীক ছুটী পৰ্যন্ত দিয়া হৈছিল।

বিবেক অগ্নিহোত্ৰীৰ পৰিচালিত ছবিখনত মিথুন চক্ৰৱৰ্তী, অনুপম খেৰ, দৰ্শন কুমাৰ, পল্লৱ যোশী, ভাষা সুম্বলী, চিন্ময় মাণ্ডলেকাৰসহ কেইবাগৰাকীও কলা-কুশলীয়ে অভিনয় কৰিছিল।

ভুল স্বীকাৰ কৰিলে নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই…

নগাঁও আৰক্ষীৰ গুলীত ভুলবশতঃ গুলীবিদ্ধ হ’ল ৰাজিবুল হক নামৰ শালপাৰাৰ এজন যুৱক। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই জনোৱা অনুসৰি, ৰূপহীহাট আৰক্ষীৰ দুটা দলে সোমবাৰে নিশা দুই দুৰ্ধৰ্ষ ডকাইতৰ সন্ধানত অভিযান চলাইছিল। ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰায়ৰ নেতৃত্বত এটা দলে গুণাবাৰীত অভিযান চলাই পিষ্টল আৰু দুজাই সজীৱ গুলী সহ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন এটা অভিযানকাৰী দলে শিঙিমাৰীত জহিৰুল ইছলাম নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰিছিল।

পিছে জহিৰুলক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দলটোক দেখি ৰাজিবুল ইছলাম নামৰ শালপাৰাৰ এজন যুৱকে মটৰ চাইকেল লৈ পলায়ন কৰাৰ চেষ্টা কৰে। আৰক্ষীয়ে ৰাজিবুলৰ মটৰ চাইকেলৰ চকালৈ গুলী কৰিছিল যদিও তেওঁৰ ভৰিত আৰক্ষীৰ গুলীয়ে আঘাত কৰে।

গুলীবিদ্ধ ৰাজিবুলক নগাঁও আৰক্ষীয়ে প্ৰথমে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰে। নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই জনোৱা অনুসৰি, ৰাজিবুলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেঁওৰ চিকিৎসাৰ দায়িত্ব নগাঁও আৰক্ষীয়ে লৈছে।

উল্লেখযোগ্য যে, পূৰ্বেও নগাঁও আৰক্ষীৰ গুলীত কীৰ্তিকমল বৰা নামৰ এজন নিৰীহ যুৱক আহত হৈছিল যাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।

অমিতাৰ কি কি উপকাৰিতা আছে জানোঁ আহক…

অমিতাৰ আৰু কি কি উপকাৰি গুন আছে জানোঁ আহক-
• হজমশক্তি বঢ়োৱাত সহায় কৰে৷
• কৌষ্ঠ-কাঠিন্য আতৰায় ৷
• কৃমিৰোগৰ বাবে অমিতা হ’ল মহৌষধ ৷


• হৃদযন্ত্ৰৰ বাবে উপকাৰী – বিটা-কেৰটিন,লাইকোপেন, ভিটামিন-এ, ভিটামিন-চি আৰু ভিটামিন-ইৰ উপস্থিতিৰ বাবে ডায়েবেটিক হাৰ্ট ডিজিজ আৰু এথেৰস্কেৰচিচৰ পৰা অমিতাই সুৰক্ষা দিয়ে৷ ষ্ট্ৰ’ক আৰু আন হৃদৰোগ কাষ চাপিব নিদিয়ে ৷
• অপকাৰী ক’লেষ্টৰল হ্ৰাস কৰে ৷
• উচ্চ ৰক্তচাপ কমোৱাত সহায়ক ৷
• ডায়েবেটিজ নিয়ন্ত্ৰণত ভূমিকা – টাইপ -১ আৰু টাইপ-২ দুয়ো ধৰণৰ ডায়েবেটিজতে অমিতা উপকাৰী বুলি প্ৰমাণিত হৈছে ৷ অমিতাৰ ফাইবাৰে তেজৰ চুগাৰ আৰু চৰ্বি হ্ৰাস কৰে ৷ দেহৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায় ৷


• দৃষ্টিশক্তিৰ উন্নয়ণ আৰু চকুৰ সুৰক্ষা -কেটেৰেক্ট, গ্ল’কমা আৰু মেকুলাৰ ডিজেনেৰেচনৰ পৰা অমিতাত থকা এন্টিঅক্সিডেন্ট আৰু ভিটামিনে সুৰক্ষা প্ৰদান কৰে৷
• শৰীৰৰ ইমিউনিটি বঢ়ায় ৷
• ওজন কমোৱাত সহায়ক ৷
• মহিলাৰ ঋতুস্ৰাৱ নিয়মিতকৰণ কৰে৷
• সংক্ৰমণ ৰোধ কৰে ৷


• কৰ্কট ৰোগৰ পৰা সুৰক্ষা – ফ্লৰিডা ইউনিভাৰ্চিটিৰ কৰা অধ্যয়ণত জনা গৈছে যে অমিতা হ’ল কেঞ্চাৰ প্ৰতিৰোধক গুণযুক্ত ৷ আন আন বিজ্ঞানীৰ মতেও ই বক্ষৰ, পেনক্ৰিয়াজৰ,ক’লনৰ, প্ৰষ্টেট আদিৰ কৰ্কট ৰোধ প্ৰতিৰোধ কৰে ৷
• ছাল সুস্থ্য কৰি ৰাখে আৰু সৌন্ধৰ্য্য বৃদ্ধি কৰে৷
• ছুলিৰ বাবে উপকাৰী৷
• বাত বিষ কমোৱাত সহায় কৰে৷
• দাঁতৰ বিষ কমায় ৷
• দেহত বয়সৰ ছাপ কমোৱাত লোৱা ভূমিকা –ভিটমিন-চি , ভিটমিন-ই আৰু এন্টিঅক্সিডেন্ট বাবে এয়া সম্ভৱ ৷
• জুয়ে পোৰাৰ দাগ অমিতা গছৰ পৰা ওলোৱা বগা ৰস (Latex) লগালে আতৰ হোৱাত সহায়ক হয় ৷
• যিসকল মাতৃৰ স্তনত দুগ্ধৰ উৎপাদন কম, তেনে মহিলাই পকা বা কেঁচা অমিতা খালে উপকৃত হয় ৷
• ডেংগুৰ চিকিৎসাত অমিতা পাতৰ উপকাৰিতা প্ৰমাণিত হৈছে ৷
অমিতাৰ ক্ষেত্ৰত লবলগীয়া সতৰ্কতা :
• গৰ্ভ অৱস্থাত অমিতা খালে গৰ্ভপাত হোৱাৰ সম্ভৱনা থাকে৷
• লেটেক্স এলাৰ্জি – অমিতা গছৰ পৰা ওলোৱা বগা ৰসক (Latex ) অসমীয়াত তৰুক্ষীৰ বুলে ৷ কিছুমান মানুহৰ এই লেটেক্সৰ এলাৰ্জি হব পাৰে ৷
• অত্যাধিক পৰিমানে খালে পেটৰ বেমাৰ, এলাৰ্জি হ’ব পাৰে সেয়েহ সপ্তাহত ৪-৫ দিনহে অমিতা খাব লাগে