মুক্তিৰ পূৰ্বে এই হাৰ্ডকোৰ স্কামবগ ধৰা জোৱানসকলক উৎসাহিত কৰিবলৈ এছ পিয়ে এই পৰামৰ্শ ঘোষণা কৰিছিল। কেৱল এয়াই নহয়, আৰক্ষীয়ে জেৰাত আন বহু ঘটনা উন্মোচন কৰাৰ সম্ভাৱনাও প্ৰকাশ কৰিছিল যদিও জেৰাৰ পূৰ্বেও অভিযুক্তই জামিন লাভ কৰিছিল।
যদিও আজিলৈকে নিজ গৃহ আহি নাপালে বৃদ্ধা গৰাকী পৰিয়ালৰ লোকে আত্মীয়ৰ লগতে বিভিন্ন স্থানত বিচাৰখোচাৰ কৰি কোনো সন্ধান নাপালে বৃদ্ধাগৰাকীৰ৷বৃদ্ধাগৰাকীৰ কোনো সন্ধান নোপোৱাত নিৰুপায় হৈ
বৃদ্ধাগৰাকীৰ সন্ধান বিছাৰি আজি পৰিয়ালৰ লোকে ঢেকীয়াজুলি আৰক্ষীথানাত জাননী দাখিল কৰাৰ লগতে সংবাদ মাধ্যমৰ কাষ চাপিছে৷যদি কোনো লোকে মহিলাগৰাকীৰ সন্দান পায় তেন্তে 8822460039 যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷
নাৰিকল তেল সাধাৰণতে চুলিৰ পৰিচৰ্যাৰ বাবেহে ব্যৱহাৰ কৰোঁ যদিও ভাৰতবৰ্ষত বহু অঞ্চলত ৰন্ধন কাৰ্যতো এই তেলৰ ব্যৱহাৰ হয়। নাৰিকল তেলৰ উপকাৰিতা সম্বন্ধে আমাৰ বহুতেই অৱগত নহয় যদিও চিকিৎসা বিজ্ঞানীসকলৰ মতে এই তেলে শৰীৰৰ বহু ধৰণৰ উপকাৰ কৰে।
গৱেষকসকলৰ মতে অন্যান্য তেলৰ দৰে নাৰিকল তেলে হৃদযন্ত্ৰ সুস্থ কৰি ৰখাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গৱেষকৰ শেহতীয়া এটি সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ৫০ বছৰৰ পৰা ৭৫ বছৰৰ মানুহৰ মাজত চলোৱা হৈছিল উক্ত সমীক্ষা। হৃদৰোগ আৰু ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলৰ মাজত চাৰি সপ্তাহ ধৰি প্ৰত্যেকদিনে বিভিন্ন ধৰণৰ তেল খাবলৈ দিয়া হৈছিল। গৱেষকসকলে এই সমীক্ষাৰ অন্তত ধৰা পেলাইছিল যে বিভিন্ন ধৰণৰ তেল খোৱাৰ ফলত লোকসকলৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰাৰ তফাৎ ভিন্ন ৰকমৰ হৈছে। যিসকল লোকে বাটাৰ খাইছিল তেওঁলোকৰ এল ডি এল কলেষ্টেৰল বা বেয়া কলেষ্টেৰলৰ মাত্ৰা ১০ শতাংশ বৃদ্ধি পাইছিল।
যিসকলে অলিভ অইল খাইছিল তেওঁলোকৰ এল ডি এল কলেষ্টেৰল বা বেয়া কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পাই এইচ ডি এল বা ভাল কলেষ্টেৰলৰ মাত্ৰা ৫ শতাংশ বৃদ্ধি পাইছিল। আশ্চৰ্যৰ বিষয় যে যিসকলে চাৰি সপ্তাহ ধৰি ৰন্ধন কাৰ্যত নাৰিকল তেল ব্যৱহাৰ কৰিছিল, তেওঁলোকৰ শৰীৰত এইচ ডি এল বা ভাল কলেষ্টেৰলৰ মাত্ৰা ১৫ শতাংশ বৃধি পাইছিল। সমীক্ষাৰ অন্তত গৱেষকসকলে সেয়ে মত পোষণ কৰে যে হৃদৰোগৰ শংকা হ্ৰাস কৰিবলৈ নাৰিকলৰ তেল খোৱাটো সুফলদায়ক।