Home Blog Page 1908

অৰুণাচল প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ডত দপদপকৈ জ্বলি উঠিল দৈনিক বজাৰ

অৰুণাচল প্ৰদেশত ভয়ংকৰ অগ্নিকাণ্ড।জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান।জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান।দপদপকৈ জ্বলি উঠিল এখন দৈনিক বজাৰ।অগ্নিকাণ্ডত ভস্মীভূত হয় বহু দোকান।জুয়ে গ্ৰাস কৰিলে ইখনৰ পিছত সিখন দোকান।অগ্নিকাণ্ডত প্ৰকৃত ক্ষয়–ক্ষতিৰ পৰিমাণ জানিব পৰা হোৱা নাই।

এক হৈ পৰিব নেকি হিন্দু, মুছলমান, খ্ৰীষ্টান, পাৰ্চীকে ধৰি বহু ধৰ্মৰ বিবাহ আইন? ৩ মাহৰ পাছতেই কমিটীয়ে দাখিল কৰিব প্ৰতিবেদন

ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰে ‘বাল্য বিবাহ নিষেধাজ্ঞা সংশোধনী বিধেয়ক ২০২১’ বিচাৰ কৰি থকা সংসদীয় স্থায়ী সমিতিৰ কাৰ্যকাল ২৪ অক্টোবৰৰ পৰা তিনি মাহলৈ বৃদ্ধিত অনুমোদন জনাইছে।

তাৎপৰ্যপূৰ্ণ যে যোৱা বছৰ সংসদৰ শীতকালীন অধিবেশনৰ সময়ত বাল্য বিবাহ নিষেধাজ্ঞা সংশোধনী বিধেয়ক ২০২১ উত্থাপন কৰা হৈছিল। বহু বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰি বিধেয়কখন স্থায়ী সমিতিলৈ প্ৰেৰণ কৰিবলৈ দাবী জনায়, তাৰ পিছত বিবেচনাৰ বাবে সংসদৰ স্থায়ী সমিতিলৈ প্ৰেৰণ কৰা হয়। বিধেয়কখনে মহিলাৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাৰ চেষ্টা কৰিছে, যাতে এই বয়স পুৰুষৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়। বৰ্তমান ছোৱালীৰ বিবাহৰ ন্যূনতম বয়স ১৮ বছৰ নিৰ্ধাৰণ কৰা হৈছে।

সেই অনুসৰি এই ক্ষেত্ৰত সাতখন ব্যক্তিগত আইন সংশোধন কৰা হৈছে বুলি কোৱা হৈছে। ইয়াৰ ভিতৰত আছে ভাৰতীয় খ্ৰীষ্টান বিবাহ আইন ১৮৭২, বিশেষ বিবাহ আইন ১৯৫৪, পাৰ্চী বিবাহ আৰু বিবাহ বিচ্ছেদ আইন ১৯৩৬, মুছলমান (ব্যক্তিগত) আইন প্ৰয়োগৰ অধিনিয়ম ১৯৩৭, বিবাহ বিচ্ছেদ অধিনিয়ম ১৯৫৪, হিন্দু বিবাহ আইন ১৯৫৫ আৰু বিদেশী বিবাহ আইন ১৯৬৯।

বিধেয়কখনত উল্লেখ কৰা হৈছে যে সংবিধানে মৌলিক অধিকাৰৰ অংশ হিচাপে লিংগ সমতাৰ নিশ্চয়তা প্ৰদান কৰিছে আৰু লিংগ ভিত্তিত বৈষম্য নিষিদ্ধ কৰাৰ নিশ্চয়তা প্ৰদান কৰিছে। গতিকে বৰ্তমানৰ আইনসমূহে পুৰুষ আৰু মহিলাৰ মাজত বিবাহযোগ্য বয়সে লিংগ সমতাৰ সাংবিধানিক আদেশ পৰ্যাপ্তভাৱে নিশ্চিত নকৰে ৷

ইয়াত লগতে কোৱা হৈছে যে উচ্চ শিক্ষা, বৃত্তিমূলক শিক্ষা, মানসিক পৰিপক্কতা লাভৰ ক্ষেত্ৰত মহিলাসকল প্ৰায়ে প্ৰতিকূল অৱস্থাত থাকে আৰু এনে পৰিস্থিতিয়ে মহিলাসকলক পুৰুষৰ ওপৰত নিৰ্ভৰশীল কৰি তোলে। বিধেয়কখনৰ মতে, স্বাস্থ্য কল্যাণ আৰু মহিলাৰ সৱলীকৰণ আৰু কল্যাণৰ দৃষ্টিকোণৰ পৰা পুৰুষক সমান সুযোগ সুনিশ্চিত কৰাটো প্ৰয়োজনীয়।

মকোকচুঙে মঙলবাৰে সকলো বিদ্যালয় আৰু শিক্ষাখণ্ড সম্পদ কেন্দ্ৰ (ইবিআৰচি) অনিৰ্দিষ্ট কালৰ বাবে তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে বন্ধ কৰি দিয়ে…

Tzürangkong কাকেতশিৰ মুংদাঙে বিদ্যালয় আৰু ইবিআৰচি বন্ধ কৰে
10 অক্টোবৰ, 2022 তাৰিখে বিদ্যালয় শিক্ষা বিভাগত প্ৰদান কৰা 15 দিনৰ আল্টিমেটামৰ ম্যাদ উকলি যোৱাৰ পিছত, মাংকোলেম্বা উপ-বিভাগৰ অধীনৰ Tzürangkong কাকেৎশিৰ মুংদাং (টিকেএম), মকোকচুঙে মঙলবাৰে সকলো বিদ্যালয় আৰু শিক্ষাখণ্ড সম্পদ কেন্দ্ৰ (ইবিআৰচি) অনিৰ্দিষ্ট কালৰ বাবে বা তেওঁলোকৰ দাবী পূৰণ নোহোৱালৈকে বন্ধ কৰি দিয়ে।


এক প্ৰেছ বিজ্ঞপ্তিত টিকেএমৰ সভাপতি ইমলিচুনেপে জনায় যে বিভাগটোৱে তেওঁলোকৰ পৰিসৰৰ অধীনৰ বিদ্যালয়সমূহত

উপযুক্ত সংখ্যক শিক্ষক নিয়োগৰ বাবে সংঘৰ দাবীৰ প্ৰতি সঁহাৰি দিয়াত ব্যৰ্থ হোৱাৰ পিছত বন্ধৰ সিদ্ধান্ত লোৱা হৈছিল।


টিকেএমে সতৰ্ক কৰি দিছে যে যদি বিভাগটোৱে কোনো ইতিবাচক সঁহাৰি দিয়া নহয় তেন্তে প্ৰতিবাদৰ পদ্ধতি “সলনি” কৰিব পাৰি।

‘চিত্ৰাঙ’ৰ বাবে মেঘালয়ত ‘হাই এলাৰ্ট’; ৪ খন জিলাত বিদ্যালয় বন্ধ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে মেঘালয়ৰ বহু ঠাইত নিৰন্তৰ বৰষুণৰ লগতে আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব।

মেঘালয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা উচ্চ সতৰ্কতা অৱলম্বন কৰা হৈছে, কাৰণ ঘূৰ্ণীবতাহ চিত্ৰাঙে ৰাজ্যৰ বহু ঠাইত প্ৰচণ্ড বৰষুণ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে বুলি দেওবাৰেই কৰ্তৃপক্ষই প্ৰকাশ কৰে। বাংলাদেশৰ সীমান্তৱৰ্তী কমেও চাৰিখন জিলাত প্ৰশাসনে চিত্ৰাঙৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে সকলো শিক্ষানুষ্ঠান বন্ধ কৰি ৰাখিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে।

জিলা কেইখন হৈছে পূব আৰু পশ্চিম জয়ন্তীয়া পাহাৰ, পূব খাচী পাহাৰ, আৰু দক্ষিণ পশ্চিম খাচী পাহাৰ। আন জিলাসমূহক সকলো ক্ষেত্ৰ বিষয়াক সকলো সময়তে সতৰ্ক কৰি ৰাখিবলৈ, পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ আৰু জৰুৰীকালীন অৱস্থাত প্ৰতিবেদন দিবলৈ নিৰ্দেশ দিয়া হৈছিল বুলি বিষয়াসকলে জনায়।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূৰ্বাভাস অনুসৰি মঙলবাৰে মেঘালয়ৰ বহু ঠাইত নিৰন্তৰ বৰষুণৰ লগতে আকাশ সাধাৰণতে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যৰ যিকোনো প্ৰান্তত যিকোনো জৰুৰীকালীন প্ৰয়োজনীয়তাৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিজৰ জনশক্তি আৰু মেচিন সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ এগৰাকী উচ্চপদস্থ বিষয়াই জানিবলৈ দিয়ে।

সমগ্ৰ উত্তৰ-পূবাঞ্চলত গোটেই সোমবাৰে লঘুৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ ফলত বিদ্যুৎ যোগানত সামান্য ব্যাঘাত জন্মে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে, টিংকোনা দ্বীপ আৰু বৰিশালৰ সমীপৰ ছেণ্ডৱিপৰ মাজত বাংলাদেশৰ উপকূল পাৰ হোৱাৰ সম্ভাৱনা আছে এই ঘূৰ্ণীবতাহ।

মনিপুৰৰ লোকটাক হ্ৰদত উচ্ছেদ ; ১৪টা হোমষ্টে’ উৎখাত

মনিপুৰৰ থাংগা কাৰাং আৰু থাংগা চিংখাত এলডিএ (লোকটাক উন্নয়ন কৰ্তৃপক্ষ) আৰু কেইবুল লামজাৱ আৰক্ষীৰ যুটীয়া অভিযানত এক উচ্ছেদ অভিযান চলে। এই অভিযানত মঠ ১৪ টা ‘হোমষ্টে’ক উৎখাত কৰা হয় যিসকলে অবৈধভাৱে লোকটাক হ্ৰদত বাস কৰি আছিল।

সূত্ৰ অনুসৰি, এই অভিযানটো যুটীয়াভাৱে লোকটাক উন্নয়ন কৰ্তৃপক্ষ আৰু কেইবুল লামজাৱ আৰক্ষীয়ে থাঙগা কাৰাং আৰু থাঙগা চিঙখাত বিগত সপ্তাহত চলাইছিল।

মন কৰিবলগীয়া যে, লোকটাক উন্নয়ন কৰ্তৃপক্ষই পূৰ্বতে ‘হোমষ্টে’ অধিকাৰীসকললৈ এক অধিসূচনা জাৰী কৰিছিল য’ত তেওঁলোকৰ অবৈধভাৱে তৈয়াৰী ঘৰবোৰ উৎখাত কৰা হ’ব বুলি জনোৱা হৈছিল। ইয়াৰ বাবে হ্ৰদৰ প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট কৰিছে বুলিও অধিসূচনাত উল্লেখ কৰা হৈছিল।

উল্লেখযোগ্য যে, এই অধিসূচনাৰ পাছতেই কেইজনমান ‘হোমষ্টে’ অধিকাৰীয়ে নিজৰ ঘৰবোৰ নিজেই উৎখাত কৰিছিল।

হ্ৰদটোৰ বিভিন্ন অঞ্চলত অবৈধভাৱে স্থাপন কৰা কিছুমান হোমষ্টেৰ কাৰ্যকলাপৰ তথ্যৰ ওপৰত ভিত্তি কৰি, এলডিএৰ যুটীয়া দল আৰু আৰক্ষীয়ে উচ্ছেদ অভিযান চলাইছিল। দলটোৱে এলডিএৰ পানী যন্ত্ৰ ব্যৱহাৰ কৰি হোমষ্টেবোৰ ধ্বংস কৰিছিল।
জানিব পৰা মতে, অভিযানটো প্ৰত্যক্ষ কৰাৰ পিছত, হোমষ্টেৰ কেইজনমান অধিকাৰীয়ে তেওঁলোকৰ হোমষ্টেবোৰৰ তললৈ লৈ গৈছিল আৰু আন কেইজনমানে ওপঙি থকা জোপোহাৰ মাজত তেওঁলোকৰ ঘৰ লুকুৱাই ৰাখিছিল। এই অভিযানটো আগলৈও অব্যাহত ৰখা হ’ব বুলিও এক সূত্ৰৰ দ্বাৰা জানিব পৰা গৈছে।

প্ৰমাণ অবিহনে স্বামীক ‘মদাহী আৰু চৰিত্ৰহীন’ বুলি কোৱাটো নিষ্ঠুৰতা – আদালত

ফেমিলী ক’ৰ্টত মহিলাগৰাকীৰ অভিযোগ আছিল, তেওঁৰ স্বামী চৰিত্ৰহীন, আন নাৰীৰ প্ৰতি আসক্ত আৰু নিয়মিত সুৰাপান কৰে, ফলত তেওঁৰ দাম্পত্যৰ অধিকাৰ খৰ্ব হৈছে।

স্বামীৰ সন্মানহানি, কোনো প্ৰমাণ অবিহনে স্বামীক ‘চৰিত্ৰহীন আৰু মদাহী’ আখ্যা দিয়াটো এক নিষ্ঠুৰতা। এই ৰায় দিলে বম্বে উচ্চ ন্যায়ালয়ে। পুনেৰ এহাল দম্পতীৰ বিবাহ বিচ্ছেদৰ গোচৰ সন্দৰ্ভত পুনেৰ ফেমিলী ক’ৰ্টৰ ৰায় বাহাল ৰাখিলে বম্বে হাই ক’ৰ্টে। ৰায়দান কৰি ন্যায়াদীশ নীতিন জামদাৰ আৰু শৰ্মিলা দেশমুখৰ বিচাৰপীঠে খাৰিজ কৰে পত্নীৰ আবেদন।

জানিব পৰা মতে, পুনেৰ বাসিন্দা ৫০ বছৰীয়া এগৰাকী মহিলাই চলিত বছৰৰ ১২ অক্টোবৰত বম্বে হাইক’ৰ্টত ২০০৫ চনত ফেমিলী ক’ৰ্টে প্ৰদান কৰা ৰায়ৰ বিৰোধিতা কৰে। মহিলাগৰাকীৰ স্বামী আছিল প্ৰাক্তন সেনা। ফেমিলী ক’ৰ্টত মহিলাগৰাকীৰ অভিযোগ আছিল, তেওঁৰ স্বামী চৰিত্ৰহীন, আন নাৰীৰ প্ৰতি আসক্ত আৰু নিয়মিত সুৰাপান কৰে, ফলত তেওঁৰ দাম্পত্যৰ অধিকাৰ খৰ্ব হৈছে। ২০০৫ চনত ফেমিলী ক’ৰ্টে সেই অভিযোগ খাৰিজ কৰে। ইয়াৰ পিছতে বম্বে হাই ক’ৰ্টৰ দ্বাৰস্থ হয় মহিলাগৰাকী।

হাই ক’ৰ্টত গোচৰৰ শুনানী চলাৰ সময়তে মৃত্যু হয় লোকজনৰ। ২০০৫ৰ অক্টোবৰত ফেমিলী ক’ৰ্টে বিবাহ বিচ্ছেদৰ নিৰ্দেশ দি যি নিৰ্দেশনা জাৰি কৰিছিল সেয়া বাহাল ৰাখি ডিভিজন বেঞ্চে মৃতকৰ প্ৰকৃত উত্তৰাধিকাৰী চিহ্নিত কৰিবলৈ কৈছে। সম্প্ৰতি এই গোচৰৰ ৰায়দানত হাইক’ৰ্টে জনায়, ‘‘কোনো প্ৰমাণ অবিহনে স্বামীৰ চৰিত্ৰক লৈ অভিযোগ অনা, স্বামীৰ ভাৱমূৰ্তিত কালিমা সনাটো এক নিষ্ঠুৰতা। ইয়াৰ ফলত এজন লোকৰ সমাজত সন্মানহানি হয়।’’ আদালতে আৰু জনায়, নিজৰ যুক্তিৰ সপক্ষত মহিলাগৰাকীয়ে কোনো প্ৰমাণ দাখিল কৰিব পৰা নাই।

GMCৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক আদালতত হাজিৰ

এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে আটাইকে আদালতত হাজিৰ কৰোৱা হয়৷

গুৱাহাটী পৌৰ নিগমৰ বোকা নিষ্কাশন কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক চি এম ভিজিলেঞ্চৰ জিম্মাৰ অন্ত পৰাত আজি হাজিৰ কৰোৱা হয় আদালতত। আজি অন্ত পৰে ৫ দিনৰ চিএম ভিজিলেঞ্চৰ জিম্মাৰ। এই কেলেংকাৰীত নাম সাঙোৰ খোৱাত গ্ৰেপ্তাৰ হৈছিল বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দীনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্ত। বুধবাৰে আটাইকে আদালতত হাজিৰ কৰোৱা হয়৷

এই গোচৰতে গ্ৰেপ্তাৰ হৈ বৰ্তমান জে’লত থকা চাৰ্টাৰ্ড একাউণ্টেণ্ট অভিমন্যু মেধিকো হাজিৰ কৰোৱা হয় আদালতত। এই ৮ বিষয়াক চিএম ভিজিলেন্সে পুনৰ বিচৰা নাই জিম্মাত।

অসম লোকসেৱা আয়োগত গোগামুখৰ যুৱকৰ সাফল্যঃ বিভন্ন দল-সংগঠনৰ সম্বৰ্ধনা…

ধেমাজি জিলাৰ গোগামুখৰ এক অন্যতম বৃহত্তম গাঁও হৈছে গোগামুখ কাৰপুনপুলি গাঁও খন ৷ চঞ্চলা-লাস্যময়ী বাণিজ্যিক নগৰ গোগামুখ নগৰৰ  পৰা এক কিলোমিটাৰ নিলগত অৱস্থিত এই কাৰপুনপুলি গাঁওখন ৷ বহুকেইজন স্বনামধন্য ব্যক্তিৰ প্ৰচেষ্টাত গাঁওখনৰ প্ৰতিষ্ঠা হৈছিল ১৯৮৩ চনত মূলতঃ নিজ নিজ সন্তানক মানৱ সম্পদৰূপে গঢ়ি তোলা আৰু শৃংখলাবদ্ধ এখন সমাজ প্ৰতিষ্ঠাৰ লক্ষ্যৰে ৷ প্ৰতিষ্ঠা লগ্নৰ পৰা উভতি চালে বৰ্তমানলৈ   কাৰপুনপুলি গাঁওখনৰ অতি বেছি পুৰণি নহয় ৷ কিন্তু আৱাসীকভাৱে অতি উপযোগী হোৱাৰ বাবে গোগামুখৰ ভিতৰতে এখন বৃহৎ  গাঁও হিচাপে পৰিচিত হৈছে ৷

কাৰপুনপুলি গাঁওখন এতিয়া শিক্ষা- সাহিত্য-সংস্কৃতি আৰু ৰাজনীতিৰ আদিৰ  ক্ষেত্ৰত দ্ৰুত গতিত আগবাঢ়ি গৈছে আৰু জনসংখ্যাৰ মাত্ৰাও বৃদ্ধি পাইছে  ৷  ১০০ শতাংশ  শিক্ষিত লোকৰ এই গাঁওখনৰ প্ৰায়বোৰ পৰিয়ালে চৰকাৰী বিষয়া-কৰ্মচাৰী আৰু আটাইবোৰ পৰিয়াল হৈছে আত্মনিৰ্ভৰশীল তথা স্বাৱলম্বী ৷  এই কাৰপুনপুলি গাঁৱৰে নিৱাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক দেৱৰাম টায়ুং আৰু জীৱলতা দলে টায়ুঙৰ সন্তান বিদ্যুৎ বিকাশ টায়ুঙে   সদ্যঘোষিত অসম লোক সেৱা আয়োগৰ সংযুক্ত পৰীক্ষাৰ ফলাফলত উৰ্ত্তীণ হৈ লাভ কৰিছে অসম আৰক্ষী সেৱা পদ চমুকৈ এ পি এছ কেডাৰ ৷  বিদ্যুতৰ এই জয়যাত্ৰাত কাৰপুনপুলি গাঁওবাসী অতিকৈ উৎফুলিত হৈ পৰিছে ৷ প্ৰাথমিক স্কুল পৰ্য়ায়ৰ পৰাই মেধা, শান্ত-অমাযিক ল’ৰা তথা ছাত্ৰ হিচাপে কাৰপুনপুলি গাঁওবাসীৰ মাজত পৰিচিত বিদ্যুৎ সকলোৰে প্ৰিয়ভাজন ৷ এনে এগৰাকী অমায়িক, শান্ত আৰু মেধাসম্পন্ন চৰকাৰী বিষয়া পাই কাৰপুনপুলি গাঁওবাসী আনকি বাৰুকৈয়ে গৌৰৱত বুকু ফুলি উঠিছে ৷  আজি  কাৰপুনপুলি দঃলুং কৗবাঙৰ উদ্যোগত কাৰপুনপুলি মুৰং ঘৰত কাৰপুনপুলি দঃলুং কৗবাং বা গাঁও সমিতি, গোগামুখ আঞ্চলিক টি এম পি কে, এম এম কে আৰু কাৰপুনপুলি গাঁৱৰ বহুকেইজন ব্যক্তিয়ে বিদ্যুৎ বিকাশক বিপুলভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সম্বৰ্ধনা গ্ৰহণ কৰি বিদ্যুতে কাৰপুনপুলি গাঁৱৰ শিক্ষাৰ পৰিৱেশক ভূয়সী প্ৰশংসা কৰে আৰু হূলস্থূলীয়া, হাইকাজিয়াৰ পৰিৱেশ নথকাৰ বাবে গাঁওখনৰ ল’ৰা-ছোৱালীৰ শিক্ষা, চাকৰি বা অন্যধৰণে সংস্থাপনৰ দিশটোত বহুদূৰ আগুৱাই যোৱা বুলি দোহাৰে ৷ বিদ্যুতে কয়- কাৰপুনপুলি গাঁৱৰ সামাজিক বাতাবৰণে মোক সদায় আপ্লুত কৰি অনুপ্ৰেৰণা যোগাই আহিছে আৰু ইয়াৰ শিক্ষাৰ নিৰৱ আন্দোলনে  ছাত্ৰ-ছাত্ৰীসকলক আগুৱাই যোৱাত সহায় কৰিছে ৷ মই সৰুৰে পৰা এইখন গাঁৱত খেলা-ধূলা কৰি ডাঙৰ-দীঘল হৈছো ৷ এই গাঁওখন মোৰ অতি আপোন ৷  ইয়াৰ সকলোবোৰ মানুহক মই ভালদৰে চিনি পাওঁ আৰু তেওঁলোকে মোক বিভিন্ন ধৰণে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পৰামৰ্শ আগবঢ়াই নি মোৰ সপোনবোৰ সাকাৰ ৰূপ দিয়াত সহযোগিতা কৰিছে  ৷

আপোনালোকৰ সকলোৰে আশীৰ্বাদ মই অতি আনন্দিত আৰু আপোনালোকৰ এনে আশীৰ্বাদ আৰু সন্মানে মোক কাম কৰাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব  বুলি বিদ্যুৎ বিকাশে মন্তব্য দিয়ে ৷  মা-দেউতাৰ আশীৰ্বাদ-অনুপ্ৰেৰণা আৰু  গাঁৱৰ ডাঙৰ সকলৰ মৰম আৰু পৰামৰ্শই মোক এক সন্মাজনক স্থানলৈ এখোজ আগুৱাই নিছে আৰু ইয়াৰ বাবে মই সকলোকে নমস্কাৰ জনাইছো ৷ আগন্তুক দিনত মই এগৰাকী চৰকাৰী দায়বদ্ধশীল বিষয়া হিচাপে ৰাইজক সেৱা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম আৰু ইযাৰ বাবেও মোক লাগিব ৰাইজৰে মৰম আৰু আশীৰ্বাদ বুলি বিদ্যুৎ বিকাশে মতপ্ৰকাশ কৰে ৷ সম্বৰ্ধনা অনুষ্ঠানত সভাপতিত্ব কৰে কাৰপুনপুলি দঃলুুং কৗবাঙৰ সভাপতি ব্ৰজেন চিন্তেই ৷ আঁত ধৰে দঃলুং কৗবাঙৰ সম্পাদক খগেন মিলিয়ে ৷ অনুষ্ঠানত উপস্থিত থাকে কাৰপুনপুলি দঃলুং কৗবাঙৰ গাম দেবিৰাম চুংক্ৰাং, মিচিং আগম কৗবাঙৰ প্ৰাক্তন সচিব কালিনাথ পাংগিং, অৱসৰপ্ৰাপ্ত এ পি এছ বিষয়া পুন্যেশ্বৰ দলে, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ প্ৰাক্তন সভাপতি হৰিচন্দ্ৰ কমান, লেখক দুষ্যন্ত নৰহ, টি এম পি কেৰ গোগামুখ আঞ্চলিক সমিতিৰ সভাপতি সদানন্দ দলে, সম্পাদক মনেশ্বৰ কমান, এম এম কেৰ সম্পাদক তুুুলন পাংগিং আদিয়ে ৷

গ্ৰাম্যাঞ্চলত মোবাইলে ধ্বংস কৰিছে ক্ৰীড়া পৰিৱেশ, অভিভাৱক সচেতন নহলে বিষম ফল প্ৰসৱ কৰাৰ সম্ভৱনা…

গ্ৰাম্যাঞ্চলত মোবাইলে ধংস কৰিছে ক্ৰীড়া পৰিবেশঅভিভাৱক সচেতন নহলে বিষম ফল প্ৰসৱ কৰাৰ সম্ভৱনা*

আজি কিছুদিনৰ আগলৈ গ্ৰাম্যাঞ্চলত ক্ৰীড়াৰ এক পৰিবেশ আছিল। অইন নহলেও আবেলি সময়ত ল’ৰাবোৰৰ খেলপথাৰলৈ যোৱাৰ অভ্যাস গঢ় লৈ উঠিছিল। ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ, কাবাডী, হেণ্ডবল, খো খো ইত্যাদি খেল খেলি জিৰণী সময়ৰ সৎ ব্যাৱহাৰ কৰিছিল। গ্ৰাম্যাঞ্চলত এনে এজন ল’ৰা নাই যিজনে এবাৰলৈ হলেও ফুটবলটো লথিয়াই পোৱা নাই বা ভলীবলটো এবাৰলৈ হলেও হাতেৰে চুই পোৱা নাই।

ক্ৰিকেটৰ সামগ্ৰীৰ অভাৱেও তেওঁলোকক চুব পৰা নাছিল। নিজে তৈয়াৰ কৰি লোৱা কাঠৰ বেট আৰু টেনিচ বলেৰে অখৰা-মখৰা খেলপথাৰত ক্ৰিকেট খেলি বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীলৈ বল মাৰি পঠিওৱাটো গাওঁৰ খেলুৱৈৰ বাবে তেনেই সহজ কথা। প্ৰায় প্ৰতিখন গাওঁতে ভলীবল, ফুটবলৰ খেলপথাৰ আছিল। ইখন গাওঁৰ লগত সিখন গাওঁৰ বন্ধুত্বসূলভ প্ৰতিযোগিতা চলিছিল। ইয়াৰ দ্বাৰাই ওঁচৰ চুবুৰীয়া গাওঁ সমূহৰ মাজত গঢ়ি উঠিছিল আত্মিকসম্বন্ধ, ভাতৃত্ববোধ, ঐক্য, সংহতি, সম্প্ৰীতি ইত্যাদি। সকলোৱে খেলুৱৈ হ’ম বুলি খেলা নাছিল যদিও নিজৰ দেহটোৰ বাবেই খেলিছিল এই সকল ল’ৰাই। দৈনন্দিন এনে কাৰ্য্যৰ পৰা তেওঁলোকে নভৱাকৈয়ে নিজকে সুস্থ-সবল কৰি ৰাখিব পাৰিছিল। তাৰে মাজতে অৱশ্যে দুই এজনে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলুৱৈ হোৱাৰ তাগিদাত অনুশীলন অব্যাহত ৰাখিছে। কিন্তু সেই সকলোৰো অৱস্থা তথৈবচ। অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ জড়িয়তে বিজ্ঞান সন্মত দীৰ্ঘকালীন প্ৰশিক্ষণৰ অভাৱ স্পষ্ট হৈ ৰৈছে।

আৰ্থিক দৈন্যতাৰ বাবে যোগাৰ কৰি ল’ব পৰা নাই সাজ-পোছাক, উপযুক্ত খেলৰ সামগ্ৰী। ইয়াৰ মাজতে যি সকল খেলুৱৈয়ে যথেষ্ট কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি খেলুৱৈ হিচাপে নিজক প্ৰতিস্থা কৰিব পাৰিছে তেওঁলোক ধন্যবাদৰ পাত্ৰ। এইখিনিলৈকে ঠিকেই আছিল কিন্তু যেতিয়াৰ পৰাই ল’ৰা-ছোৱালীৰ হাতলৈ মোবাইল আহিল তেতিয়াৰ পৰাই যেন খেলুৱৈ সকলৰ ক্ৰীড়াৰ প্ৰতি ধাউটি কমি আহিল। খেলপথাৰলৈ আহিবলৈ এই সকলৰ সময় নোহোৱা হ’ল। বৰ্তমান ক্ৰীড়াৰ নিচাহতকৈ যেন মোবাইলৰ নিচাহে বহুত বেছি হৈ পৰিছে। মোবাইলত ফ্ৰি ফাইৰ, পাৱজি আদিৰ দৰে গেমখেলি তেওঁলোকে পাৰ কৰি আছে বহুত অমূল্য সময়। আনকি পাৱজিৰ নিচাহে ইতিমধ্যে বহুতৰে প্ৰাণ লোৱা খবৰো পোৱা গৈছে। তথাপিও কিন্তু বহুতৰ এতিয়াও গা লৰা নাই।

যিটো সময়ত নিজক গঢ়াৰ সময়, সেই সময়ত পাৱজিৰ ব্যাধিয়ে আমাক তিলে তিলে নিশেষ কৰি পেলাইছে। ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় উদ্ভাৱন কৰি কেনেকৈনো এই সকলক ক্ৰীড়াৰ পিনে ধাৱবান কৰিব পাৰি তেনে আঁচনি প্ৰস্তুত কৰাটো নিত্যান্তই প্ৰয়োজনীয় হৈ পৰিছে। অৱশ্যে সকলো ল’ৰাই যে খেল খেলিব, তেনে কথাও নহয়। কিন্তু তাৰে মাজতে লুকাই আছে প্ৰচুৰ সম্ভাৱনা। যি ধৰণে তেওঁলোকে পাৱজি বা ফ্ৰি ফাইৰ আদি নিখুত ভাৱে খেলাৰ আগ্ৰহ প্ৰকাশ কৰে ঠিক তেনে আগ্ৰহ ক্ৰীড়াত মনোনিবেশ কৰিলে সফলতা আহিব বুলি আমাৰ মনে ধৰে। এই সকলক ক্ৰীড়ালৈ আনিবলৈ হ’লে ক্ৰীড়াৰ দ্বাৰা খেলুৱৈৰ ভবিয্যত সূনিশ্চিত কৰিব লাগিব। মোবাইল খেলতকৈ, ক্ৰীড়াক অধিক জনপ্ৰিয় কৰি গঢ়ি তুলিব লাগিব, এই সকলৰ মাজত। মোবাইল খেলত কোনোধৰণৰ শাৰীৰিক চৰ্চা নাথাকে কিন্তু যিকোনো খেলতে শাৰীৰিক চৰ্চা লাভ কৰিব পাৰি। আজিকালি প্ৰতিজন ৰোগীকে ডাক্টৰৰ পৰামৰ্শই হৈছে ক্ৰীড়া। গতিকে ক্ৰীড়াৰ মহত্ব এতিয়া সৰ্বজন বিদিত। সকলো ফালৰ পৰা ক্ৰীড়া মহৌষধত পৰিণত হৈছে। অভিভাৱক সকল সচেতন নহলে মোবাইলৰ পৰা ল’ৰা-ছোৱালী সকলক আতৰাই অনাটো সম্ভৱ ন’হব। মোবাইলৰ প্ৰয়োজনীয়তা নিশ্চিত ভাৱে আছে কিন্তু ইয়াৰ ব্যাৱহাৰৰ ক্ষেত্ৰত সজাগ হোৱাটো নিত্যান্তই দৰকাৰী। ক’ৰোনা মহামাৰীৰ উপদ্ৰপৰ পৰা ৰক্ষা পোৱাৰ হেতু বিদ্যালয় সমূহ বন্ধ কৰি দিয়া হৈছে আৰু ছাত্ৰ-ছাত্ৰীৰ যাতে পঢ়াত ক্ষতি নহয় তাৰবাবে অন-লাইন ক্লাছৰ ব্যাৱস্থা কৰা হৈছে। এই পঢ়া কিমানদূৰ সফল হৈছে সেয়া বিচাৰ্যৰ বিষয়। কিন্তু এই ক্লাছৰ বাবে মোবাইল নথকা ছাত্ৰ-ছাত্ৰীও মোবাইল লবলৈ বাধ্য হৈছে। অৱশ্যে অন-লাইন ক্লাছৰ বাহিৰে অন্য উপায়ো নোহোৱা হৈছে। গতিকে মোবাইল গেম সক্ৰিয় হৈ উঠাটো একো অস্বাভাৱিক কথা নহয়। কিন্তু ইয়াৰ সদ ব্যাৱহাৰৰ বাবে সচেতন নহলে অনাগত দিনত যথেষ্ট ক্ষতি হোৱাৰ কথা নুই কৰিব নোৱাৰি।

Group of poor rural children using Smart Phone in Haryana/India.

ইয়াৰ বাবে অভিভাৱক সকলৰো দায়িত্ব আছে। ল’ৰা-ছোৱালীক দৰকাৰত মোবাইল কিনি দিয়ক লগতে ফুটবল, ভলীবল, ক্ৰিকেট, এথলেটিকছ বা অন্যন্য ক্ৰীড়াটো মনোনিবেশ কৰাওঁক। খেলুৱৈ গঢ়িব নোৱাৰিলেওঁ অন্তত সুস্থ সবল সমাজ গঢ়াত সহায়ক হ’ব। অসম কন্যা লাভলিনাই দেশলৈ মান সন্মান কঢ়িয়াই আনিছে, বিশ্বত দেশ তথা ৰাজ্যৰ নাম জিলিকাই তুলি আহিছে। বহুতৰ দৰে তেওঁৱো গ্ৰাম্যাঞ্চলৰ ক্ৰীড়াক অধিক গুৰুত্ব দিয়াৰ বাবে আহ্বান জনাইছে। গ্ৰাম্যাঞ্চলত লুকাই থকা সুপ্ত প্ৰতিভা বিলাক বিচাৰি আনি ক্ৰীড়াত মনোনিবেশ কৰিবলৈ অনুৰোধ জনাইছে। ক্ৰীড়াৰে কেৰিয়াৰ গঢ়াৰ বাবে অভিভাৱক সকলক তেওঁলোকৰ ল’ৰা-ছোৱালীক আগবঢ়াই দিবলৈ কৈছে। তেওঁ প্ৰতিঘৰ পৰিয়ালৰ ল’ৰা-ছোৱালীয়ে খেলা-ধুলা কৰাটো বিচাৰিছে। ক্ৰীড়া এক সাধনা, ক্ৰীড়া এক তপস্যা। সমাজ জীৱনত ক্ৰীড়াৰ ভূমিকা নিসন্দেহে গুৰুত্বপূৰ্ণ। এখন দেশ তথা ৰাজ্যই ক্ৰীড়াৰ জড়িয়তেই চহকী হৈ উঠিব পাৰে। হিমা দাস, লাভলিনা বৰগোঁহাই ইয়াৰ উৎকৃষ্ট উদাহৰণ। সেয়েহে অসমক ক্ৰীড়াৰ ৰাজধানী কৰিব বিছৰা চৰকাৰ খনে আজি এতিয়াৰ পৰাই ক্ৰীড়াৰ দীৰ্ঘম্যাদি পৰিকল্পনা হাতত লৈ কাম কৰা উচিত। আমি প্ৰৱল আত্মবিশ্বাসী সূপৰিকল্পিত ভাৱে কৰা আচঁনিৰ জড়িয়তে অসমৰ বুকুৰ পৰা আৰু বহুতো লাভলিনা, হিমা ওলাই আহিব। অৱশ্যে ইয়াৰ বাবে চৰকাৰৰ লগতে আটায়েৰে সহযোগ একান্তই বাঞ্চনীয়।

লেখক – দীপক কুমাৰ দাস ( নলবাৰী )

বোকাখাটৰ নাহৰজান বাগিচাত স্বামীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক

বোকাখাতৰ নাহৰজান চাহ বাগিচাত চাঞ্চল্যকৰ ঘটনা৷ বাগিচাৰ কামলৈ লগৰ মহিলাৰ সৈতে গৈ থকা অৱস্থাত স্বামীয়ে পথৰ ওপৰতে পেট্ৰ’ল ঢালি জ্বলাই দিলে পত্নীক৷ পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ৷

বাগিচাখনৰ ৩নং লাইনৰ স্বামী মেঘাৰাম নায়কে পত্নী মধু নায়ক কৰ্মকাৰক পেট্ৰ’ল ঢালি জ্বলাই দিয়ে৷ শৰীৰৰ আধা অংশ জ্বলি যোৱা মধু কৰ্মকাৰক স্থানীয় লোকৰ সহযোগত বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়৷ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে মধু কৰ্মকাৰক JMCHলৈ প্ৰেৰণ কৰে৷

ইফালে, একাংশ ক্ষুব্ধ স্থানীয় লোকে এই ঘটনাৰ পিছতে উত্তম–মধ্যম শোধায় স্বামী মেঘাৰাম নায়কক৷ বোকাখাত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মেঘাৰাম নায়কক বোকাখাত চিকিৎসালয়ত ভৰ্তি কৰে৷