নগাঁৱৰ উৰিয়াগাঁও বাইপাচত (Nagaon Uria Gaon) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হৈছে । নগাঁৱৰ (Nagaon) ফ’ৰলেনযুক্ত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰিয়া গাৱঁৰ সমীপত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।পথ দুৰ্ঘটনাটোত জিঅ’ কোম্পানীৰ কৰ্মচাৰীৰ মৃত্যু (Jio Company Employee Died)।
দুৰ্ঘটনাটোত থিতাতে প্ৰাণ হেৰুৱালে মৰিকলং বৰঘাটৰ মানস বৰা (২৮) (Manash Bora) নামৰ এজন যুৱকে। নিশা প্ৰায় ১ বাজি ৩০ মিনিটত সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ এখন হোণ্ডাই i10 গাড়ীয়ে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতে শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় ৷
হোণ্ডাই গাড়ীখনে প্ৰচণ্ড জোৰত ট্ৰাকৰ পিছত খুন্দা মৰাৰ ফলত গাড়ীখনৰ সন্মুখৰ (Hundai Car Collided With Truck) অংশ সম্পূৰ্ণভাবে বিধ্বস্ত হৈ চালকৰ আসনত থকা মানস বৰাক হেচা মাৰি ধৰে ৷
Assam: Kaziranga National Park launches onlice ticketing process Guwahati: The online ticket booking process opened for tourists in Kaziranga National Park from today, official said on Saturday.
Tourists can enter the national park by booking tickets themselves for kaziranga national park safari. Taking to Twitter, the official account of Kaziranga National Park wrote, “Kaziranga National Park has now gone online with its entry ticket booking. Now book your tickets from anywhere and enjoy seamless and cashless safari experience.”
At Mihimukh in Kaziranga, DFO Ramesh Kumar Gogoi of Kaziranga National Park officially launched the online ticket ordering system.Divisional Forest Officer (DFO) Ramesh Kumar Gogoi officially inaugurated the online ticket booking process at Mihimukh in Kaziranga.
“Local and foreign tourists will be able to do safari by booking tickets in advance through www.kazirangasafari.in website”, official said
হাওঁফাওঁ আৰু হৃৎপিণ্ড:জাৰকালি বায়ু অত্যধিক শীতল আৰু শুকান হৈ পৰাত বহু লোক শ্বাস-প্ৰশ্বাসৰ ৰোগত ভোগা দেখা যায়।হাপানী বা এজমা ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।বহু লোকক অক্সিজেন দিব লগা হয় আৰু হাপানীৰ চিকিৎসা দিব লগা হয়।তেনেদৰে শীতকালি হৃৎপিণ্ডৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুমুখত পৰা ৰোগীৰ সংখ্যাও অধিক হোৱা দেখা যায়।শীতৰ প্ৰভাৱত ৰক্ত চলাচল কৰা প্ৰক্ৰিয়াত ব্যাঘাত জন্মে বাবে এনেবোৰ ৰোগ বৃদ্ধি হয়।সেয়েহে শীতকালি শৰীৰ গৰম কৰি ৰাখিবলৈ পোছাক-পৰিচ্ছদ উপযুক্তভাৱে পৰিধান কৰিব লাগে।থকা স্থান গৰম কৰি ৰাখিবলৈ হিটাৰ বা হট ব্লোৱাৰ (Hot Air Blower)ব্যৱহাৰ কৰিলে ভাল।শীতকালি ভাইৰাছৰ আক্ৰমণো অধিক হোৱা দেখা যায়।ফলত ফ্লু,ইনফ্লুৱেঞ্জা আদি ৰোগ অধিক পৰিমাণে হোৱা দেখা যায়।
পেটৰ ৰোগ:শীতকালি বহু লোক পেটৰ অসুখত ভোগা দেখা যায়।হজম শক্তি কমি যায়।ভোক নলগা হয়।অতিসাৰ বা হাগনি ৰোগত ভোগা দেখা যায়।বিশেষকৈ শিশুৰ ক্ষেত্ৰত ভাইৰাছজনিত ডায়েৰীয়া বা হাগনি ৰোগ হোৱা দেখা যায়।শীতকালি শৰীৰৰ আৰ্দ্ৰতা বজাই ৰাখিবলৈ যথেষ্ট পৰিমাণে কুহুমীয়া গৰম পানী পান কৰিব লাগে।শীতল পানীয় বা চাহ-কফি সৰহকৈ পান কৰিব নালাগে।কাৰণ কেফিন থকা পানীয়বোৰে শৰীৰৰ আৰ্দ্ৰতাৰ হানি কৰিব পাৰে (Dehydration)।তেনেদৰে সুৰা পান কৰিলেও শৰীৰত আৰ্দ্ৰতা কমি যায়।শীতকালি বয়সিয়াল লোকসকলে কেনে পানীয় পান কৰে সেই বিষয়ে সচেতন হ’ব লাগে।
*মানসিক ৰোগ:শীতকালি বিষজাতীয় ৰোগসমুহ অধিক হোৱা দেখা যায়।গাঁথিৰ বিষ,হাত-ভৰিৰ বিষ,কঁকালৰ বিষ,মুৰৰ বিষ আদি অধিক পৰিমাণে হোৱা দেখা যায়।গতিকে শীতকালি শাৰীৰিক সতেজ কৰি ৰাখিবলৈ খোজ কঢ়া,দৌৰা,খেল-ধুলা কৰা,যোগাভ্যাস,প্ৰাণায়াম কৰা আদি বিভিন্ন অভ্যাসৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰিব লাগে।শীতকালি মানসিক ৰোগৰ প্ৰতিও সজাগ হৈ থাকিব লাগে।শীতকালি মানসিক বিষণ্ণতা বা Depression ৰোগ অধিক হোৱা দেখা যায়।
গতিকে বন্ধু-বান্ধৱ,পৰিয়ালৰ পৰা আঁতৰি অকলশৰীয়াকৈ অধিক সময় পাৰ কৰিব নালাগে।খেলা-ধুলা,খোজ-কঢ়া,ক্লাব,চিনেমা-থিয়েটাৰ আদি উপভোগ কৰি মানুহৰ সংস্পৰ্শত থাকিবলৈ চেষ্টা কৰিব লাগে।পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ সৈতে মিলি ৰ্ং-ধেমালি কৰি মনটো সতেজ কৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে।বিষণ্ণতাই মনটো ছানি ধৰিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।এইক্ষেত্ৰত পৰিয়ালবৰ্গ আৰু বন্ধু-বান্ধৱৰ ভুমিকা অতি গুৰুত্বপুৰ্ণ।