Home Blog Page 1937

নাজিৰাৰ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি- বাৰ্ষিক অধিৱেশনৰ সামৰণি…

নিজম পৰিল নাজিৰাৰ মেকিপুৰ গণেশ চন্দ্ৰ কুৰ্মী সমন্বয় ক্ষেত্ৰ / অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি- বাৰ্ষিক অধিৱেশন সামৰণি নাজিৰাৰ মেকিপুৰ চাহ বাগিচা খেল পথাৰৰ প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মী সমন্বয় ক্ষেত্ৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি – বাৰ্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। শেষৰ দিনাৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা,প্ৰতিনিধি সভা,মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়।

চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভানেত্ৰী মনুমতি কুৰ্মিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ,প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, শিৱসাগৰৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদব, প্ৰহ্লাদ গোৱালা, শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

উক্ত সভাতে  জ্ঞান গঙ্গা নামেৰে এখনি স্মৃতি গ্ৰন্থ  আৰু এখনি পত্ৰিকা উন্মোচন কৰে ক্ৰমে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে।  লগতে ২০২২ বৰ্ষৰ চতুৰ্থ দি বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত  সঞ্জয় কুমাৰ তাঁতীক সভাপতি আৰু সঞ্জীৱ কৈৰীক প্ৰধান সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া কমিটি নিৰ্বাচিত কৰা হয়।  নিশাৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ পাছতে সামৰণি পৰে অধিৱেশনৰ কাৰ্যসূচী।নাজিৰাৰ পৰা দিলীপ হাজৰিকা

বিধায়ক অতুল বৰাৰ পুত্ৰৰ আগমন ৰাজনীতিত…

লোকসভাৰ নিৰ্বাচনত এইবাৰ বিজেপিৰ টিকট লৈ নিৰ্বাচনৰ ৰণত নামিব অমিতাভ বৰা। ৰাজনীতিত একেবাৰে নতুন হলেও ঘৰত আছে এটা ৰাজনৈতিক পৰিবেশ হয়। অমিতাভ বৰাৰ পিতৃ দিছপুৰৰ বিধায়ক অতুল বৰা। হাতীগড়ত এক সংবাদমেলৰ আয়োজন কৰি অমিতাভ বৰাই আগন্তক লোকসভাৰ নিৰ্বাচনত এপাক যুঁজ দিয়াৰ মন মেলিছে।

পিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই গুজৰাটৰ নিৰ্বাচনত বিধায়ক মন্ত্ৰীৰ আত্মীয়ক প্ৰদান কৰা নাই টিকট। এই নীতি অসমতো বাহাল কৰিলে অমিতাভ বৰাৰ সপোন পূৰণ হোৱাত বাধা আহি পৰা নিশ্চিত। অগপৰ পৰা বিজেপিলৈ আগমন হোৱা অতুল বৰাইও এই পৰ্যন্ত পোৱা নাই মন্ত্ৰীৰ সোৱাদ।

এতিয়া মাথো অপেক্ষা। সময়ত পুত্ৰক কেনেদৰে ৰাজনৈতিক জগতখনত পুত্ৰক প্ৰক্ষেপ কৰে সেয়া সময়ত পোহৰলৈ আহিব।

কাৰ্টুনিষ্ট নুৰুল ইছলামলৈ ত্ৰৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা” প্ৰদান

অসমৰ কাৰ্টুন জগতৰ বাটকটীয়া প্ৰখ্যাত কাৰ্টুনিষ্ট ত্রৈলোক্য দত্ত সোঁৱৰণী “চিত্ৰশিল্পী বঁটা ২০২২” কাৰ্টুনিষ্ট, ব্যংগ লেখক তথা সাংবাদিক নুৰুল ইছলাম’ক এক গাম্ভিৰ্যপূৰ্ণ পৰিবেশত প্ৰদান কৰা হয়। আজি গুৱাহাটীৰ চান্দমাৰীস্থিত পেঞ্চনাৰ ভৱনত আয়োজন কৰা বিশিষ্ট কাৰ্টুনিষ্ট দত্তৰ পৰিয়ালৰ ফালৰ পৰা উক্ত বঁটাটি আগবঢ়োৱা হয়।

অনুষ্ঠানত সোণপৰুৱাৰ হাঁহিৰ প্ৰথম বাৰ্ষিক অধিৱেশনৰ গাম্ভীৰ্যপূৰ্ণ পৰিবেশত কাঁহুদীৰ স্ৰষ্টা ত্ৰৈলোক্য দত্তৰ পৰিয়ালৰ ফালৰ পৰা আগবঢ়োৱা উক্ত বঁটাটি প্ৰদান কৰে প্ৰয়াত শিল্পী গৰাকীৰ ভতিজী বিশিষ্ট লেখিকা ড° নঞ্জু দত্তই। অনুষ্ঠানটিত সোণপৰুৱাৰ হাঁহিৰ সভাপতি শুক্লেশ্বৰ নাথ তথা সম্পাদক ঊষামণি শ‍ইকীয়াকে ধৰি ভালেকেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে‌।

সাহিত্য অকাদেমিৰ দ্বি-ভাষিক কবি সন্মিলনত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ডিমৌৰ পৰা প্ৰথমবাৰৰ বাবে কবিতা পাঠ কৰিব অভিজিত গগৈয়ে…

সাহিত্য অকাদেমিৰ অসমীয়া, তামিল দ্বি-ভাষিক কবি সন্মিলনত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ডিমৌৰ পৰা প্ৰথমবাৰৰ বাবে কবিতা পাঠ কৰিব ডিমৌৰ উদীয়মান তথা নৱ প্ৰজন্মৰ কবি অভিজিত গগৈয়ে। অহা ২৯ নবেম্বৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া কবি সন্মিলনত ‘ঝুম মিটৰ জড়িয়তে’ ভাগ লব। এই অনুষ্ঠানতে অসমৰ ড৹ বিজয় শংকৰ বৰ্মন, অভিজিত গগৈ,তামিলনাড়ুৰ চি চেথুপাৰ্ঠি, না মুথু নিলাভানে কবিতা পাঠ কৰিব।

উল্লেখ্য যে ডিমৌৰ অভিজিত গগৈয়ে গৰীয়সী, যাত্ৰা,গদ্য-পদ্য,স্পন্দন জীৱনৰ, অন্যযুগ, বিভিন্ন দৈনিক কাকতত আদিত কবিতা প্ৰকাশ পোৱাৰ উপৰিও সাতসৰী, প্ৰান্তিক আৰু সাপ্তাহিক কাকতত প্ৰবন্ধ প্ৰকাশ পাই আহিছে।
যুৱ প্ৰজন্মৰ এইগৰাকী কবিৰ আকাশবাণী গুৱাহাটীৰ “সাহিত্য চ’ৰা” আৰু আকাশবাণী যোৰহাটৰ “সাহিত্য দৰ্পণ” অনুষ্ঠানত কবিতা সম্প্ৰচাৰ হৈছে।

প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক ড৹ আনন্দ বৰমুদৈয়ে এইগৰাকী কবিৰ অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। অভিজিতৰ এই খবৰে ডিমৌৰ সচেতন মহলৰ লগতে সাহিত্য চৰ্চাত জড়িত সকলেসন্তুষ্টি প্রকাশ কৰিছে।

ৰেডিচন ব্লুৰ স্বত্বাধিকাৰীৰ চৰম সিদ্ধান্ত…

লাহ- বিলাহৰ এটা জীৱন। অভাব নাছিল ধন সম্পত্তিৰ। ৰেডিচন ব্লুৰ দৰে পঞ্চতাৰকাযুক্ত হোটেলৰ স্বত্বাধিকাৰ আছিল তেওঁ। পিছে এই গৰাকী ধনাঢ্য ব্যক্তিৰ নাছিল মানসিক শান্তি। গাজিয়াবাদস্হিত ৰেডিচন ব্লুৰ স্বত্বাধিকাৰ অমিত জৈন। বয়স মাথো ৪৭ বছৰ।

সম্মুখত দীঘলীয়া পথ। দোপতদোপে উন্নতিৰ জখলাত বগোৱা অমিত জৈনৰ মানসিক অশান্তিৰ কথা পৰিয়ালৰ কোনো সদস্যই জনা নাছিল। জানিবনো কেনেকৈ। মন গ’লেই পৰিয়াল সহ উৰা মাৰিছিল বিদেশলৈ। কালি পৰিয়ালৰ সকলোৰে লগত পূৰ্বৰ দৰে হাঁহি- মাটি নিশা আহাৰ গ্ৰহন কৰি অমিত জৈন গৈছিল নিজৰ কোঠালৈ। মানসিক ভাবে ভাৰাক্ৰান্ত অমিত জৈনে লৈছিল কঠোৰ সিদ্ধান্ত। নিজকে গোপনে শেষ কৰি বাচি লৈছিল আত্মহত্যাৰ পথ।

ইতিমধ্য ঘটনাস্হলীত আৰক্ষী উপস্হিত হৈ মৃতদেহ উদ্ধাৰ কৰিছে জৈনৰ। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে সদৰি কৰা মতে জৈনে ৩০০ কোটি টকাৰ ধাৰত ডুব গৈছিল। সন্দেহ কৰামতে কোটি কোটি টকাৰ ধাৰত ডুব যোৱা ব্যৱসায়ী গৰাকী ভুগিছিল মানসিক দুচিন্তাত। অবশ্যে আৰক্ষীৰ সম্পূৰ্ণ তদন্তৰ অন্ততহে জৈনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।

আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ, জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিলে যমজ সন্তান, ককাক হ’ল মুকেশ আম্বানী…

আম্বানী পৰিয়ালৰ বাবে আহিছে সুখবৰ। ককাক হ’ল মুকেশ আম্বানী । আম্বানীৰ  জীয়ৰী ঈশা আম্বানীয়ে জন্ম দিছে  যমজ সন্তানৰ । আম্বানী পৰিয়ালে প্ৰকাশ কৰা  অনুসৰি ঈশা আম্বানীয়ে শেহতীয়াকৈ   যমজ সন্তান জন্ম দিছে, দুয়োটা সন্তান স্বাস্থ্যৱান আৰু বৰ্তমানে সুস্থ হৈ আছে। 


ঈশা আম্বানীয়ে এটি ল’ৰা আৰু এটি কন্যা সন্তানৰ  জন্ম দিছে। আম্বানীৰ পৰিয়ালে লগতে এই কথাও প্ৰকাশ কৰিছে যে কন্যা সন্তানৰ নাম আদিয়া ৰখা হৈছে, আনহাতে পুত্ৰ সন্তানৰ নাম কৃষ্ণ ৰখা হৈছে। উল্লেখ্য ঈশা আম্বানীয়ে পিৰামল গ্ৰুপৰ আনন্দ পিৰামলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহৰ পিছত তেওঁলোক দুয়ো এতিয়া যমজ সন্তানৰ পিতৃ-মাতৃ হৈছে।


মাৰ্কেট কেপ অনুসৰি দেশৰ সৰ্ববৃহৎ কোম্পানী ৰিলায়েন্সৰ অধ্যক্ষ মুকেশ আম্বানীয়ে নতুন প্ৰজন্মক ব্যৱসায়িক দায়িত্ব অৰ্পণ কৰাৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। ৰিলায়েন্স জিঅ’ৰ ব্যৱসায়িক দায়িত্ব পুত্ৰ আকাশ আম্বানীক অৰ্পণ কৰাৰ পিছত এতিয়া কন্যা ঈশা আম্বানীক দিয়া হৈছে ৰিলায়েন্স ৰিটেইলৰ দায়িত্ব। ঈশাক ৰিলায়েন্সৰ খুচুৰা ইউনিটৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব বুলি জানিব পৰা গৈছে। বৰ্তমান ঈশা ৰিলায়েন্স ৰিটেইল ভেঞ্চাৰছ লিমিটেডৰ সঞ্চালিকা।

ভূটানৰ সংবাদ মাধ্যমত খলকনিৰ সৃষ্টি এখন অসমীয়া উপন্যাসৰ…

সাম্প্ৰতিক সময়ত অসমীয়া সাহিত্যৰ পাঠকৰ মাজত সাহিত্য অভিযন্তা হিচাপে জনপ্ৰিয়তা লাভ কৰা উত্তৰ প্ৰদেশৰ নয়ডাৰ অস্থায়ী বসিন্দা উপন্যাসিক চুমিন্দ্ৰ চৌধুৰীৰ
মণিকূট প্ৰকাশনে এইবছৰ প্ৰকাশ কৰিবলৈ সাজু কৰি তোলা “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি” নামৰ বহুলভাৱে চৰ্চিত উপন্যাসখনে ভূটানৰ সংবাদ মাধ্যমত খলকনি তুলিবলৈ সক্ষম হৈছে ।


চুবুৰীয়া দেশ ভূটানৰ সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় পৰম্পৰাৰ ভেটিত ৰচিত উপন্যাসখন প্ৰকাশ হোৱাৰ আগতেই সেই দেশৰ প্ৰচাৰ মাধ্যমত ইতিমধ্যে যথেষ্ট চৰ্চিত হৈছিল। শেহতীয়াকৈ আজি ভূটানৰ সৰ্বাধিক প্ৰচাৰিত বাতৰিকাকত ‘ভূটান টাইমচ্’ৰ সম্পাদকীয় বাতৰি শিতানত সম্পূৰ্ণ এটা পৃষ্ঠাত কিতাপখন সম্পৰ্কে বিস্তাৰিতভাৱে গুৰুত্বপূৰ্ণ ৰূপত বাতৰিটো প্ৰকাশ হৈছে। ভূটানৰ প্ৰচাৰ মাধ্যমৰ এই সহাৰিয়ে অকল আমাকেই উৎসাহিত কৰা নাই , ভাৰত আৰু ভূটানৰ মাজত থকা আত্মিক সম্পৰ্কক পুনৰবাৰ ই স্পষ্ট কৰিলে। উল্লেখযোগ্য যে আগন্তুক গুৱাহাটী গ্ৰন্থ মেলাৰ সময়ত কিতাপখন আনুষ্ঠানিকভাৱে উন্মোচন কৰিবলৈ ভূটান চৰকাৰৰ কনচুলেট জেনেৰেলে ইতিমধ্যে সন্মতি প্ৰদান কৰিছে। উপন্যাসখনৰ ইংৰাজী সংস্কৰণটো অহাবছৰৰ ফেব্ৰুৱাৰী মাহত ভূটানৰ ৰাজধানী থিম্পুত উন্মোচন কৰা হ’ব।

দ্ৰুক য়ুল, বজ্ৰায়ণ বৌদ্ধধৰ্মৰ অলৌকিক তন্ত্র-মন্ত্রৰ লগতে ভুত, প্ৰেত, দৈত্য দানৱ, পিশাচ, ডাকিনী আৰু যোগিনীৰ ৰূপ কথাৰে সমৃদ্ধ এখন মায়াবী দেশ, যি এতিয়া মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা দেশ ‘ভূটান’ নামেৰে পৰিচিত। এই কিম্বদন্তীৰ দেশ খনতে এদিনাখন কৰ্মসূত্ৰে গুৱাহাটীৰ পৰি আহি উপস্থিত হৈছিল এটা প্ৰখ্যাত কৰ্পোৰেট প্ৰতিষ্ঠানত কৰ্মৰত যান্ত্ৰিক অভিযন্তা অভিনন্দন চৌধুৰী । এই ভ্ৰমণ কালতে অভিযন্তা অভিনন্দন চৌধুৰীৰ সংযোগ ঘটিছিল পুনাখাৰ দ্ৰুকনন্দিনী অচাৰাৰ সৈতে। ঘাত-প্ৰতিঘাত আৰু ত‍্যাগৰ মাজেৰে উদ্ভাসিত হৈ উঠা তেওঁলোকৰ প্ৰেম কাহিনীৰ ভেটিতেই ৰচিত, লেখক চুমিন্দ্ৰ চৌধুৰীৰ শেহতীয়া উপন্যাস “ছাংগ্ৰি-লাত প্ৰজ্ঞা বিচাৰি”।

উপন্যাসখন অতি শীঘ্ৰেই আপোনালোকৰ হাতত গ্ৰন্থৰ আকাৰত তুলি দিব অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান মনিকূটে।

প্ৰয়াত সিদ্ধাৰ্থ শুক্লালৈ উৎসৰ্গা ফিল্মফেয়াৰৰ ‘ৰাইজিং ষ্টাৰ অফ বলীউড’ বটাঁ; শ্বেহনাজ গীলৰ ভাষণে অনুৰাগীক আৱেগিক কৰি তুলিছে…

বিগ বছ ১৩ৰ ফেম খ্যাত তাৰকা শ্বেহনাজ গিলে তেওঁৰ উৎকৃষ্ট দক্ষতা, অনবদ্য ফেশ্বন সংবেদন আৰু নম্ৰ ব্যক্তিত্বৰ বাবে নিজকে দেশৰ প্ৰিয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ডুবাইত অনুষ্ঠিত ২০২২ চনৰ ফিল্মফেয়াৰ মিডল ইষ্ট এচিভছ নাইট এৱাৰ্ডত বঁটা লাভ কৰি অভিনেত্ৰী-গায়িকাগৰাকীয়ে নিজৰ প্ৰতিভাৰ কথা পুনৰ প্ৰমাণ কৰে।উল্লেখ্য যে, এই বঁটা লাভৰ পাছতেই শ্বেহনাজৰ এটা বিশেষ কাৰ্যই সকলোৰে হৃদয় চুই গ’ল। নিজৰ এই বঁটা প্ৰয়াত অভিনেতা তথা তেওঁৰ বন্ধু সিদ্ধাৰ্থ শুক্লাক উৎসৰ্গা কৰাৰ পিছত সকলোকে আৱেগিক কৰি তুলিছিল।

নূন্যতম গহনা থকা ক’লা গাউনত আকৰ্ষণীয় দেখাত শ্বেহনাজে অনুষ্ঠানটোত ‘ৰাইজিং ষ্টাৰ অফ বলীউড’ৰ ট্ৰফী ঘৰলৈ লৈ বিগ বছ ১৩ৰ তাৰকাগৰাকীয়ে তেওঁৰ মিঠা আৰু সৰল গ্ৰহণযোগ্য ভাষণেৰে হৃদয় জয় কৰিছিল।

বটাঁটো গ্ৰহণ কৰি শ্বেহনাজে কয়, ” মই মোৰ পৰিয়াল, মোৰ বন্ধু আৰু মোৰ দলক একেবাৰে উৎসৰ্গা নকৰো কাৰণ এইয়া মোৰ পৰিশ্ৰম হয় আৰু তই মোৰেই হয় মোৰ হৈয়েই থাকিবি।” তেওঁ লগতে কয়,” মই এজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো, ধন্যবাদ মোৰ জীৱনলৈ অহাৰ বাবে, মোৰ ওপৰত ইমান বিনিয়োগ কৰিলে যে মই ইয়াত আহি উপনীত হ’লো। সিদ্ধাৰ্থ শুক্লা, এইয়া তোমাৰ বাবে।”

মন কৰিবলগীয়া যে, শেহনাজ আৰু সিদ্ধাৰ্থে বিগ বছত একেলগে তেওঁলোকৰ সময়ত ডেটিং আৰম্ভ কৰিছিল আৰু সোনকালেই সকলোৰে প্ৰিয় হৈ পৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ প্ৰিয় অভিনেতাজনৰ যোৱা বছৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল যাৰ ফলত অনুৰাগী, বন্ধুবৰ্গ আৰু পৰিয়াল হতবাক হৈ পৰিছিল।

দুয়োজন অভিনেতাৰ অনুৰাগীসকলক শ্বেহনাজৰ ভাষণে সম্পূৰ্ণৰূপে স্পৰ্শ কৰিছিল। “আপুনি এনেদৰে আপোনাৰ লোকসকলক জীয়াই ৰাখিব আৰু সন্মান কৰিব। সিদ্ধাৰ্থ আৰু শ্বেহনাজ দুয়োকে অভিনন্দন জনাইছো,” এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে।
আন এজন টুইটাৰ ব্যৱহাৰকাৰীয়েও অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰি টুইট কৰে, “মই কান্দোন বন্ধ কৰিব নোৱাৰিছো। যদি সিদ ভাই ইয়াত থাকিলেহেঁতেন! এক প্ৰকাৰে তেওঁ শ্বেহনাজ গিলৰ ওপৰত নিজৰ পোহৰ জ্বলাই ৰাখিছে আৰু মই নিশ্চিত যে তেওঁ শ্বেহনাজক লৈ আমাতকৈও আৰু অধিক গৌৰৱান্বিত। পুৰস্কাৰৰ বাবে অভিনন্দন! আপুনি আটাইতকৈ শক্তিশালী বিশুদ্ধ আত্মা।”

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৪০০ টা পৰিয়ালক গছপুলি বিতৰণ…

বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৪০০ টা পৰিয়ালক গছপুলি বিতৰণ

জিলাখনৰ বিভিন্ন কাৰ্যালয়, ৰাজহুৱা স্থানত ব্যাপক চাফাই অভিযান- বাটৰ নাট

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত বীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তী উদযাপনৰ তৃতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি জিলাখনৰ অন্তৰ্গত বিভিন্ন চৰকাৰী কাৰ্যালয় আৰু ৰাজহুৱা স্থানত চাফাই অভিযান, বৃক্ষৰোপণ আৰু ৰক্তদান কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীত সকলো চৰকাৰী কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে অংশ লয়। তদুপৰি আজি জিলা প্ৰশাসনৰ উদ্যোগত উত্তৰ গুৱাহাটীৰ ৰংমহলস্থিত লক্ষ্যধৰ চৌধুৰী প্ৰেক্ষাগৃহত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীৰ লগত সংগতি ৰাখি ৪০০টা পৰিয়ালক ২ জোপাকৈ গছপুলি ৰোপণৰ বাবে আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়।

এই অনুষ্ঠানতে উক্ত চৌহদত এক বৃক্ষৰোপণৰ কাৰ্যসূচীৰ লগতে চাফাই অভিযানো অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি অনুষ্ঠানৰ অংশ হিচাপে জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে দুখন স্বচ্ছতা ভানৰো ফ্ৰেগ অফ কৰি যাত্ৰাৰ শুভাৰম্ভ কৰে। কামৰূপ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা প্ৰদান কৰা এই ভান দুখনে জিলাখনৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি স্বচ্ছতাৰ ওপৰত জন সচেতনতাৰ সৃষ্টি কৰিব। এই উপলক্ষে উক্ত অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতিফলনেৰে এক সাংস্কৃতিক অনুষ্ঠানো আয়োজন কৰা হয়। তদুপৰি বীৰ লাচিত বৰফুকনৰ বীৰত্বৰ অজেয় গাথা প্ৰতিফলনেৰে এখন বাটৰ নাটো মঞ্চস্থ কৰা হয়।

এই উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ প্ৰদান কৰি অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে বীৰ লাচিত বৰফুকনৰ বীৰত্ব, সাহস আৰু দেশপ্ৰেমৰ বিশেষভাৱে আলোকপাত কৰে। অনুষ্ঠানত বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ ড০ বিচিত্ৰ নাৰায়ণ দাসেও বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, নিৰ্বাচনী বিষয়া মানসজ্যোতি বৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বংকিম চন্দ্ৰ ভাগৱতী, মুখ্যমন্ত্ৰীৰ বক্তিগত সহায়ক প্ৰাণজিত ডেকা, কামৰূপ জিলা পৰিষদৰ সদস্য নয়ন বৰাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

জুবিন গাৰ্গলৈ ‘চুকাফা সাংস্কৃতিক সমন্বয় বঁটা’…

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলৈ লোৱা চুকাফা সাংস্কৃতিক সমন্বয় বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে জীৱনৰ ৫০ টা সোণাৱালী বছৰ অতিক্ৰম কৰা শিল্পী ‘হাৰ্টথ্ৰব’ জুবনি গাৰ্গক।

উল্লেখ্য যে, এ জে ৱাই চি পিয়ে প্ৰতিবছৰে ২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় ভাৱে চুকাফা দিৱস উদযাপন কৰি আহিছে। সংগঠনটোৱে ২০২১ ত প্ৰতিবছৰে অসমৰ সমাজ, সংস্কৃতি, শৈক্ষিক আদি দিশলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে একোজনকৈ ব্যক্তিক চুকাফা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

সেই অনুসৰিয়েই সংগঠনটোৱে প্ৰথমবাৰৰ বাবে এই বঁটা জুবিন গাৰ্গলৈ আগবঢ়াইছে। অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হ’বলগীয়া চুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত শিল্পী জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা হব। এই বঁটাৰ লগত আছে মান পত্ৰ, স্মাৰক আৰু ১ লাখ টকা।