ধৈৰ্য আৰু অধ্যৱসায়ে উন্নতিৰ শিখৰত আৰোহণ কৰিবলৈ শক্তি দিয়ে৷ সেই শক্তিৰেই সফলতা লাভ কৰিলে বেংগালুৰুৰ এজন যুৱকে৷ বাৰে-বাৰে বিফল হৈছিল তেওঁ । কিন্তু বেংগালুৰুৰ এডভিন ৰয় নেটোৱে চেষ্টা এৰি দিয়া নাছিল। সেই নেৰা-নেপেৰা চেষ্টাই সফলতাৰ ৰূপ পালে বাৰ বছৰৰ পিছত৷ আৰু তেওঁ নিযুক্তি লাভ কৰিলে ‘সপোনৰ কোম্পানী’ গুগলত৷ এডভিন পেছাত এজন ডিজিটেল ডিজাইনাৰ৷ এডভিনে ২০০৭ চনত এনিমেচন আৰু গ্ৰাফিক ডিজাইনিংত স্নাতক ডিগ্ৰী লাভ কৰিছিল। ২০০৮ চনৰ পৰা, তেওঁ এটা স্থানীয় কোম্পানীত ৱেব ডিজাইনাৰ হিচাপে কাম কৰা আৰম্ভ কৰে। তাত প্ৰায় ডেৰ বছৰৰ অভিজ্ঞতাৰ বাবে কাম কৰাৰ পিছত, তেওঁ গুগলত চাকৰিৰ বাবে আবেদন কৰিছিল। কিন্তু তেওঁৰ আবেদন নাকচ কৰা হৈছিল। এনেদৰে, ১০ বাৰ আবেদন কৰাৰ পিছত, অৱশেষত তেওঁলৈ ফোন আহিল গুগলৰ পৰা৷ গুগলত চাকৰি পোৱাতকৈ হয়তো বেছি প্ৰশংসা কৰিব লাগিব এডভিনৰ ধৈৰ্য আৰু অধ্যৱসায়ক৷ গুগলত চাকৰি পোৱাৰ ভাল খবৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ লগতে, এডভিনে তেওঁৰ সফলতাৰ মন্ত্ৰও ভাগ বতৰা কৰে। “প্ৰতি বছৰে, মই দেখিছিলো যে মোৰ আবেদন নাকচ কৰা হৈছে। কিন্তু মোৰ মনোবল নোহোৱাকৈ, মই ক’ত ভুল কৰি আছোঁ জানিবলৈ চেষ্টা কৰিছিলো। মই সেই ভুলবোৰ সংশোধন কৰিবলৈ চেষ্টা কৰি আছিলো। ” এনেদৰেই নিজৰ সফলতাৰ আঁৰৰ কথাবোৰ সকলোকে জনাইছিল এডভিনে৷
উল্লেখযোগ্য যে এই চাকৰিৰ বাবে এক লক্ষাধিক মানুহে আবেদন কৰিছিল৷ ইয়াৰে ১৪৪ জনকহে নিৰ্বাচিত কৰা হৈছিল৷ এই ১৪৪ জনৰ ভিতৰত এডভিনৰ নামো আছিল৷ ধৈৰ্যৰ ফল যে মিঠা সেইয়া এডভিনৰ ক্ষেত্ৰত পুনৰবাৰ প্ৰমাণ হ’ল৷
ধৈৰ্য্য আৰু একাগ্ৰতাৰ ফল। এবাৰ দুবাৰ নহয়, ১০বাৰ চেষ্টা কৰি গুগলত (Google) চাকৰি ল’লে বাংগালুৰুৰ এডভিন ৰয় নেটোৱে(Advin Roy Netto)।
META INDIAৰ উপাধক্ষ্য হিচাপে সন্ধ্যা দেৱনাথক নিৰ্বাচন কৰা হৈছে। আমাৰ দেশত মেটাৰ ব্যৱসায়ৰ নেতৃত্ব দিব সন্ধ্যাই।
বৃহস্পতিবাৰে (17 November)মেটা(META)ই ঘোষণা কৰে যে তেওঁলোকে সন্ধ্যা দেৱনাথনক তেওঁলোকৰ ইণ্ডিয়া ইউনিটৰ উপাধ্যক্ষ হিচাপে নিযুক্তি দিছে, যিটো পদত থাকি তেওঁ দেশত কোম্পানীটোৰ ব্যৱসায়ৰ নেতৃত্ব দিব।
মেটাই এক বিবৃতিত কয় যে দেৱনাথনৰ মেটা ইণ্ডিয়াৰ উপাধ্যক্ষ হিচাপে কাৰ্যকাল অহা ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব, আৰু তেওঁ সংস্থাটোৰ নেতৃত্ব দিবলৈ দেশখনলৈ স্থানান্তৰিত হ’ব (তেওঁৰ লিংকডইন প্ৰফাইলৰ মতে, তেওঁ বৰ্তমান ছিংগাপুৰত থাকে)। ৩ নৱেম্বৰত পদত্যাগ কৰা অজিত মোহনৰ পিছত দেৱনাথন; মেটা ইণ্ডিয়াৰ সঞ্চালক তথা অংশীদাৰিত্বৰ মুৰব্বী মনীষ চোপ্ৰাই অন্তৱৰ্তীকালীন ভিত্তিত মোহনৰ পদ গ্ৰহণ কৰিছে।
ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে এক অনন্য অভিলেখ গঢ়াৰ সুযোগ লাভ…
টি-২০ বিশ্বকাপৰ ব্যৰ্থতা পাহৰি আজিৰ পৰা তিনিখনীয়া মেচৰ টি-২০ শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ভাৰত। অধিনায়ক ৰোহিত শৰ্মাৰ লগতে কোহলী, ৰাহুলসহ কেইবাগৰাকীও জেষ্ঠ খেলুৱৈৰ অনুপস্থিতিত হাৰ্ডিক পাণ্ডিয়াৰ নেতৃত্বত ঘৰুৱা দলটোৰ বিৰুদ্ধে আজি ৱেলিংটনত অভিযান আৰম্ভ কৰিব ভাৰতে।

এই মেচখনৰ সময়তে ভাৰতীয় দলৰ অভিজ্ঞ পেচাৰ ভুৱনেশ্বৰ কুমাৰে ক্ৰিকেটৰ এই চুটি ফৰ্মেটটোত এক অনন্য অভিলেখ গঢ়াৰ সুযোগ লাভ কৰিছে। নিউজিলেণ্ডৰ বিৰুদ্ধে যদি শৃংখলাটোত আৰু চাৰিটা উইকেট দখল কৰে, তেন্তে ভুৱনেশ্বৰ এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হ’ব।

২০২২ চনত এতিয়ালৈকে তাৰকা পেচাৰগৰাকীয়ে ৩০খন মেচত ৩৬টা উইকেট দখল কৰিছে। বৰ্তমান এই অভিলেখ আছে আয়াৰলেণ্ডৰ পেচাৰ জছুৱা ব্রায়ান লিটলৰ হাতত। সদ্যসমাপ্ত টি-২০ বিশ্বকাপত আকৰ্ষণীয় বলিঙেৰে দৃষ্টি আকৰ্ষণ কৰা লিটলে ২০২২ চনত ৩৯টা উইকেট দখল কৰিছে।

উল্লেখ্য যে টি-২০ বিশ্বকাপৰ সময়ত ভুৱনেশ্বৰ টি-২০ ফৰ্মেটত ভাৰতৰ সৰ্বকালৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ হিচাপে পৰিগণিত হয়। সামগ্ৰিকভাৱে টি-২০ আন্ত:ৰাষ্ট্ৰীয় ফৰ্মেটত ভুৱনেশ্বৰে ৮৯টা উইকেট দখল কৰিছে।
Enforcement Directorate (ED)ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰাৰ কাৰ্যকাল বৃদ্ধি। তৃতীয়বাৰৰ বাবে বৃদ্ধি হ’ল মিশ্ৰাৰ কাৰ্যকাল।
Enforcement Directorate (ED)ৰ সঞ্চালক সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল কেন্দ্ৰীয় চৰকাৰে এবছৰলৈ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে ১৯৮৪ বেটচৰ আইআৰএছ(IRS) বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ চাকৰি কাল ১৮ নৱেম্বৰ, ২০২৩ লৈকে সম্প্ৰসাৰণ কৰা হৈছে।
২০১৮ চনৰ ১৯ নৱেম্বৰত মিশ্ৰক দুবছৰৰ বাবে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ED) সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। পৰৱৰ্তী সময়ত ২০২০ চনৰ ১৩ নৱেম্বৰত কেন্দ্ৰই জাৰি কৰা এক নিৰ্দেশনাত মিশ্ৰৰ দুবছৰীয়া কাৰ্যকাল তিনি বছৰলৈ বৃদ্ধি কৰিছিল।
যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা এক অধ্যাদেশত ইডি আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (CBI)ৰ সঞ্চালকসকলৰ কাৰ্যকাল দুবছৰৰ বাধ্যতামূলক ম্যাদৰ পিছত তিনি বছৰলৈ বৃদ্ধি কৰাৰ নিয়ম প্ৰৱৰ্তন হৈছিল। ইয়াকেলৈ সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল একেৰাহে তৃতীয়বাৰৰ বাবে বৃদ্ধি কৰা হৈছে।
বৃহস্পতিবাৰে চৰকাৰে জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে, “কেবিনেটৰ নিযুক্তি সমিতিয়ে প্ৰৱৰ্তন সঞ্চালকালয়ৰ সঞ্চালক হিচাপে আইআৰএছ বিষয়া সঞ্জয় কুমাৰ মিশ্ৰৰ কাৰ্যকাল এক বছৰৰ বাবে বৃদ্ধি কৰিছে।” উল্লেখ্য ইডিয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ অধীনত কাম কৰি আহিছে। দেশৰ বিত্তীয় অনিয়ম সমপকীয় গোচৰ সমূহৰ তদন্ত ইডিয়ে কৰি আহিছে।
Surprise gift : মাতৃৰ ডিঙিত সোনৰ চেইন পিন্ধাই পুত্ৰই দিলে ছাৰপ্ৰাইজ। চাওক আইৰ চকুৰ সেই সুখজেউতী।
সন্তানক ডাঙৰ-দীঘল কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট কৰে। সকলোৱে বিচাৰে নিজৰ সন্তানে নিজৰ ভৰিৰ ওপৰত থিয় হওক, সফল হওক। জীৱনৰ এটা অধ্যায় পাৰ হোৱাৰ পিছত সন্তানক কেন্দ্ৰ কৰিয়েই গঢ় লৈ উঠে পিতৃ-মাতৃৰ জগতখন। নিজৰ সকলো চখ বাদ দি পিতৃ-মাতৃয়ে সন্তানৰ চখ পূৰণ কৰে। সেই সন্তানে যেতিয়া ডাঙৰ হৈ পিতৃ-মাতৃৰ চখ পূৰণ কৰে, তাতকৈ ভাল মুহূৰ্ত আৰু একো হ’ব নোৱাৰে।
এগৰাকী মাতৃয়ে ঘৰৰ মজিয়াত বহি সকলোৰে বাবে খাদ্য যোগাৰ কৰি আছিল। পুত্ৰই পিছফালৰ পৰা মনে মনে আহি মাকৰ ডিঙিত সোণৰ চেইন এডাল পিন্ধাই দিলে। সন্তানৰ পৰা এনে উপহাৰ পাই মাক আচৰিত হৈ পৰে। মাতৃগৰাকীৰ চকুৱে-মুখে বিয়পি পৰে সুখৰ হাঁহি। শেহতীয়াকৈ এনে এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোৰ কেপচনত লিখা আছিল, “সৰু উপহাৰ এটা মাৰ বাবে।” সৰুৰে পৰা মাতৃগৰাকীয়ে কষ্ট কৰি পুত্ৰক ডাঙৰ-দীঘল কৰিছিল। নিজৰ বাবে একো চিন্তা কৰা নাছিল। সেই ল’ৰাটোৱে যেতিয়া স্বাধীন হৈ নিজৰ উপাৰ্জনেৰে উপহাৰ আনিছিল তেতিয়া মাতৃগৰাকীৰ হৃদয়ত এক স্বৰ্গীয় অনুভূতিয়ে আৱৰি ধৰিছিল। পুত্ৰই দিয়া ছাৰপ্ৰাইজত মাতৃ বাকৰুদ্ধ হৈ পৰিছে।
এতিয়াৰে পৰা প্ৰতিখন উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে দিনটোত ১০টা জামিন গোচৰ, ১০টা বদলিৰ আবেদন শুনানি গ্ৰহণ কৰিব…
ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে শুকুৰবাৰে কয় যে পৰিপূৰক তালিকাত গোচৰ হ্ৰাস কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ৰ প্ৰতিখন বিচাৰপীঠে দিনটোত ১০টা বদলি আৰু জামিন গোচৰৰ শুনানি গ্ৰহণ কৰিব।
শেহতীয়াকৈ অনুষ্ঠিত হোৱা সম্পূৰ্ণ আদালতৰ বৈঠকৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে বুলি চিজেআইয়ে প্ৰকাশ কৰে।

কাৰ্যকৰীভাৱে ১৩খন বিচাৰপীঠে প্ৰতিদিনে ১৩০টা আৰু প্ৰতি সপ্তাহত ৬৫০টা গোচৰৰ সিদ্ধান্ত ল’ব। বৰ্তমান উচ্চতম ন্যায়ালয়ত ১৩ হাজাৰৰো অধিক বদলিৰ গোচৰ বিচাৰাধীন হৈ আছে।
জামিন গোচৰতো অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও উল্লেখ কৰে চিজেআই চন্দ্ৰচুদে।

“সকলো ন্যায়াধীশে মোক পৰিপূৰক ব’ৰ্ড নিদিবলৈ অনুৰোধ জনাইছে কাৰণ ন্যায়াধীশসকলে পুৱা ১২ বজালৈকে আৰু পুৱালৈকে বিষয়সমূহ পঢ়ি আছে। আমাক জনোৱা হৈছে যে আৰু ১০টা গোচৰ আছে। সেইবাবেই মই পৰিপূৰক ব’ৰ্ড হ্ৰাস কৰাৰ চেষ্টা কৰিছো।”
তেওঁ স্পষ্ট কৰি দিয়ে যে সকলো বিচাৰপীঠে প্ৰতিদিনে ১০টা জামিন গোচৰ ল’ব।
“শিক্ষিত ছোৱালীবোৰে লিভ-ইন সম্পৰ্কলৈ যাব নালাগে। ” কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰৰ মন্তব্যত বিতৰ্ক ।
দেশত তুমুল জোকৰণিৰ সৃষ্টি কৰা শ্ৰদ্ধা হত্যাকাণ্ডক লৈ এতিয়া বহুতে বিভিন্ন ধৰণে মন্তব্য কৰা পৰিলক্ষিত হৈছে। এনে ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই প্ৰসংগতে কৰা মন্তব্যই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা দেখা গৈছে।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মতে, ছোৱালীবোৰে আফতাব-শ্ৰদ্ধাৰ ঘটনাৰ পৰা শিকিব লাগে। তেওঁৰ মতে ছোৱালীবোৰে কিয় লিভ-ইন সম্পৰ্কত লিপ্ত হ’ব লাগে? ইয়াৰ পৰিৱৰ্তে পিতৃ-মাতৃৰ ইচ্ছাক সন্মান জনাই ছোৱালীবোৰে সংসাৰ পাতিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে।যি সময়ত শ্ৰদ্ধা ৱালকাৰৰ হত্যাক লৈ সমগ্ৰ দেশতে হুলস্থূলৰ সৃষ্টি হৈছে তেনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰে লিভ-ইন সম্পৰ্কৰ বিষয়ত কৰা মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তেওঁ শ্ৰদ্ধা আৰু আফতাবৰ লিভ-ইন সম্পৰ্কক এক উদাহৰণ হিচাপে দাঙি ধৰি এনে সম্পৰ্কৰ পৰা শিক্ষা ল’বলৈও ছোৱালীবোৰক আহ্বান জনায়। সেই সন্দৰ্ভত তেওঁ কয় “শিক্ষিত ছোৱালীবোৰে লিভ-ইন সম্পৰ্কলৈ যাব নালাগে। “
সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে, “শিক্ষিত ছোৱালীবোৰে কিয় লিভ-ইন সম্পৰ্কৰ বাবে যায়? যদি সম্পৰ্ক স্থাপন কৰিব লাগে, তেনেহ’লে চাইচিতি দিয়া জনৰ সৈতে যোৱা ভাল। যদি পিতৃ-মাতৃয়ে ছোৱালী এজনীৰ সম্পৰ্কক ৰাজহুৱাভাৱে সমৰ্থন কৰিব নিবিচাৰে, তেন্তে আইনীভাৱে বিবাহ কৰক আৰু একেলগে থাকক!”
উল্লেখ্য আফতাব আৰু শ্ৰদ্ধাৰ লিভ-ইন সম্পৰ্ক আছিল।প্ৰায় আঢ়ৈ বছৰ ধৰি শ্ৰদ্ধাই আফতাবৰ সৈতে বাস কৰিছিল। তেওঁলোকৰ মাজত বিয়া হোৱা নাছিল।পৰিয়ালৰ বাধা স্বত্বেও শ্ৰদ্ধাই আফতবৰ সৈতে থাকিবলৈ ঘৰৰ পৰা ওলাই আহিছিল। কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰ।
ইপিনে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে শিৱসেনাৰ নেত্ৰী প্ৰিয়ংকা চতুৰ্বেদীয়ে । প্ৰিয়ংকাই প্ৰশ্ন কৰিছে যে কেনেকৈ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে মহিলাৰ বিষয়ে এনে মন্তব্য কৰিব পাৰে। টুইটাৰৰ জৰিয়তে শিৱসেনাৰ নেত্ৰীগৰাকীয়ে কয়, “ভাগ্য ভাল তেওঁ যে কোৱা এই দেশত এগৰাকী মহিলাৰ জন্ম হোৱাটো অন্যায়! মহিলাসকলেই সকলো বোৰৰ বাবে দায়ী, এনে ধৰণৰ মানসিকতা দিনক দিনে বাঢ়ি আহিছে। “যদিও প্ৰধানমন্ত্ৰীয়ে নাৰী শক্তিৰ কথা কয়, তেওঁৰ নিজৰ মন্ত্ৰীৰ মুখত মহিলাৰ বিষয়ে এনে মন্তব্য নিন্দনীয় বুলিও নেত্ৰীগৰাকীয়ে কয়। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তৎক্ষণাৎ বৰ্খাস্ত কৰাৰো দাবী জনায়।
ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট বিক্ৰম-এছ শ্ৰীহৰিকোটাৰ পৰা উৰণ…
ভাৰতত মহাকাশ খণ্ডই এক ইতিহাস ৰচি ইছৰ’ই আজি পুৱা ১১.৩০ বজাত শ্ৰীহৰিকোটাৰ পৰা ভাৰতৰ প্ৰথমটো ব্যক্তিগতভাৱে নিৰ্মিত ৰকেট উৎক্ষেপণ কৰে। এই ঐতিহাসিক উৎক্ষেপণৰ সাক্ষী হ’বলৈ কেন্দ্ৰীয় মহাকাশ মন্ত্ৰী জিতেন্দ্ৰ সিঙে উৎক্ষেপণ কেন্দ্ৰটো পৰিদৰ্শন কৰে। তেওঁ কয় যে এই ৰকেটে প্ৰৱেশৰ বাধাসমূহ বিঘ্নিত কৰি ব্যয়বহুল উপগ্ৰহ উৎক্ষেপণ সেৱাৰ বাবে এক সমতাপূৰ্ণ খেলপথাৰৰ সূচনা কৰিব।

ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনে (ইছৰো) এক টুইটত টুইটযোগে কয়, ‘মিছন প্ৰৰম্ভ সফলতাৰে সম্পন্ন হৈছে। অভিনন্দন @SkyrootA অভিনন্দন ভাৰত!”আন এটা পোষ্টত ইছৰ’ই শ্ৰীহৰিকোটাৰ পৰা স্কাইৰুটএৰ বিক্ৰম-এছ লঞ্চাৰৰ আৰোহণৰ আভাস শ্বেয়াৰ কৰিছে।দেশৰ মহাকাশ কাৰ্যসূচীৰ পিতৃ বিক্ৰম সাৰাভাইৰ নামেৰে ৬ মিটাৰ উচ্চতাৰ বাহন বিক্ৰম-এছৰ উৎক্ষেপণ।

বিক্ৰম-এছ ৰকেটে দুটা ভাৰতীয় আৰু এটা আন্তঃৰাষ্ট্ৰীয় উপগ্ৰহৰ পেলোড মহাকাশলৈ লৈ গৈ আছে।ৰকেটত পিগিবেক চলাই থকা তিনিটা উপগ্ৰহ চেন্নাইৰ ষ্টাৰ্ট-আপ স্পেচকিডজ, অন্ধ্ৰ প্ৰদেশৰ এন-স্পেচটেক আৰু আৰ্মেনিয়ান বাজুমকিউ স্পেচ ৰিচাৰ্চ লেবৰ।স্কাইৰুট এৰ’স্পেছে উৰণৰ ইউটিউব লিংক সংলগ্ন কৰি টুইট কৰি কয় যে, “৮৯.৫ কিলোমিটাৰ শীৰ্ষ উচ্চতা অৰ্জন কৰা হৈছে। বিক্ৰম-এছ ৰকেটে সকলো উৰণৰ পৰিমাপ পূৰণ কৰে। ভাৰতৰ বাবে ই ইতিহাস নিৰ্মাণৰ কাম। চাই থাকিব।”

বিক্ৰম-এছৰ বিষয়ে কিছু কথাঃ
স্কাইৰুট এৰ’স্পেচৰ মতে, বিক্ৰম-এছ কঠিন ইন্ধনযুক্ত প্ৰপালচন, অত্যাধুনিক এভিয়নিকছ আৰু সকলো কাৰ্বন ফাইবাৰ কোৰ গঠনৰ দ্বাৰা চালিত। ২০২০ চনৰ শেষৰ ফালে প্ৰায় ২০২০ চনৰ শেষৰ ফালে এই ৰকেটৰ ভেটি নিৰ্মাণ আৰম্ভ হৈছিল আৰু দুবছৰ সময়ৰ ভিতৰতে এই ৰকেট নিৰ্মাণ কৰা হৈছে।
স্কাইৰুট এৰ’স্পেছে কয় যে বিক্ৰম-এছে বিক্ৰম ছিৰিজৰ কক্ষপথীয় শ্ৰেণীৰ মহাকাশ উৎক্ষেপণ বাহনৰ গৰিষ্ঠসংখ্যক প্ৰযুক্তি পৰীক্ষা আৰু বৈধতা প্ৰদান কৰাত সহায় কৰিব, য’ত বহুতো উপ-ব্যৱস্থা আৰু প্ৰযুক্তিও আছে যিবোৰ প্ৰি-লিফ্ট অফ আৰু পোষ্ট- লঞ্চৰ পৰ্যায়সমূহ লিফ্ট অফ।

বিক্ৰম এছ প্ৰথম কেইখনমান অল-কম্পোজিট মহাকাশ উৎক্ষেপণ বাহনৰ ভিতৰত অন্যতম, যিখন স্পিন স্থিৰতাৰ বাবে থ্ৰীডি-প্ৰিণ্টেড কঠিন থ্ৰাষ্টাৰেৰে গঠিত।
স্কাইৰুট এৰ’স্পেছে জনোৱা মতে, ৫৪৫ কিলোগ্ৰাম শৰীৰৰ ভৰ, ৬ মিটাৰ দৈৰ্ঘ্য আৰু ০.৩৭৫ মিটাৰ ব্যাসৰ বিক্ৰম-এছ হৈছে মহাকাশলৈ আটাইতকৈ দ্ৰুত আৰু সুলভ মূল্যৰ যাত্ৰা।
স্পেইনত গাড়ী আকাৰৰ সাগৰীয় কচ্ছপৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছে গৱেষকসকলে…
স্পেইনত গাড়ী আকাৰৰ ডাইনোছৰ যুগৰ সাগৰীয় কচ্ছপৰ জীৱাশ্ম আৱিষ্কাৰ কৰিছে গৱেষকসকলে। Leviathanochelys aenigmatica নামৰ কচ্ছপটোৰ দীঘল আছিল প্ৰায় ১২ ফুট (৩.৭ মিটাৰ), ওজন দুটনৰ অলপ

কম আৰু ক্ৰিটেচিয়াছ যুগত বাস কৰিছিল। লেভিয়াথান’চেলিছ ৰেকৰ্ডৰ আটাইতকৈ ডাঙৰ কচ্ছপটোৰ সৈতে প্ৰায় মিল খাইছিল – আৰ্চেলন, যিটো প্ৰায় ৭ কোটি বছৰ আগতে জীয়াই আছিল আৰু প্ৰায় ১৫ ফুট দীঘল আছিল।
জোনাইত ভয়াৱহ অগ্নিকাণ্ডত জাহ গ’ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি…
জোনাইত ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল দহ লক্ষাধিকৰো অধিক সা-সম্পত্তি।
শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ পৰিয়ালৰ।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ ২ নং চিকাৰী গাঁৱত আজি এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়।
জানিব পৰা মতে আজি প্ৰায় দুপৰীয়া ১২.৩০ বজাত ২নং চিকাৰী গাঁৱৰ নিবাসী পদ্মনাথ মিলিৰ
বাসগৃহত ঘৰৰ কোনো লোক নথকা অৱস্থাত জুইৰ সূত্ৰপাত হৈ পাকঘৰ আৰু ধানৰ ভৰাঁলৰ লগতে মূল ঘৰটো নিমিষতে সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ সকলো প্ৰয়োজনীয় নথি-পত্ৰ, সমস্ত সা-সম্পত্তি জ্বলি ছাই হৈ যায়। গাঁৱৰ ৰাইজে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলাই যদিও সক্ষম ন’হল জুই নুমাবলৈ। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ স্থানীয় ৰাইজৰ৷

অগ্নিকাণ্ডত দহ লক্ষ্যধিকৰো অধিক সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়। খবৰ ভিত্তিত অগ্নিকাণ্ড সংঘটিত হোৱা সন্দৰ্ভত জোনাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনা স্থলীত উপস্থিত হয় যদিও ইতিমধ্যে অগ্নিকাণ্ডত সকলো সা-সম্পত্তি ভস্মীভূত হৈ যায়।









