সাহিত্য অকাদেমিৰ অসমীয়া, তামিল দ্বি-ভাষিক কবি সন্মিলনত অসমীয়া ভাষাক প্ৰতিনিধিত্ব কৰি ডিমৌৰ পৰা প্ৰথমবাৰৰ বাবে কবিতা পাঠ কৰিব ডিমৌৰ উদীয়মান তথা নৱ প্ৰজন্মৰ কবি অভিজিত গগৈয়ে। অহা ২৯ নবেম্বৰত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া কবি সন্মিলনত ‘ঝুম মিটৰ জড়িয়তে’ ভাগ লব। এই অনুষ্ঠানতে অসমৰ ড৹ বিজয় শংকৰ বৰ্মন, অভিজিত গগৈ,তামিলনাড়ুৰ চি চেথুপাৰ্ঠি, না মুথু নিলাভানে কবিতা পাঠ কৰিব।
উল্লেখ্য যে ডিমৌৰ অভিজিত গগৈয়ে গৰীয়সী, যাত্ৰা,গদ্য-পদ্য,স্পন্দন জীৱনৰ, অন্যযুগ, বিভিন্ন দৈনিক কাকতত আদিত কবিতা প্ৰকাশ পোৱাৰ উপৰিও সাতসৰী, প্ৰান্তিক আৰু সাপ্তাহিক কাকতত প্ৰবন্ধ প্ৰকাশ পাই আহিছে। যুৱ প্ৰজন্মৰ এইগৰাকী কবিৰ আকাশবাণী গুৱাহাটীৰ “সাহিত্য চ’ৰা” আৰু আকাশবাণী যোৰহাটৰ “সাহিত্য দৰ্পণ” অনুষ্ঠানত কবিতা সম্প্ৰচাৰ হৈছে।
প্ৰথমবাৰৰ বাবে বিশিষ্ট সাহিত্যিক ড৹ আনন্দ বৰমুদৈয়ে এইগৰাকী কবিৰ অসমীয়া কবিতা ইংৰাজীলৈ অনুবাদ কৰিছে। অভিজিতৰ এই খবৰে ডিমৌৰ সচেতন মহলৰ লগতে সাহিত্য চৰ্চাত জড়িত সকলেসন্তুষ্টি প্রকাশ কৰিছে।
উল্লেখ্য যে, এ জে ৱাই চি পিয়ে প্ৰতিবছৰে ২ ডিচেম্বৰ তাৰিখে কেন্দ্ৰীয় ভাৱে চুকাফা দিৱস উদযাপন কৰি আহিছে। সংগঠনটোৱে ২০২১ ত প্ৰতিবছৰে অসমৰ সমাজ, সংস্কৃতি, শৈক্ষিক আদি দিশলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে একোজনকৈ ব্যক্তিক চুকাফা সাংস্কৃতিক সমন্বয় বঁটা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
সেই অনুসৰিয়েই সংগঠনটোৱে প্ৰথমবাৰৰ বাবে এই বঁটা জুবিন গাৰ্গলৈ আগবঢ়াইছে। অহা ২ ডিচেম্বৰত চৰাইদেউ জিলাৰ সোণাৰিত অনুষ্ঠিত হ’বলগীয়া চুকাফা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত শিল্পী জুবিন গাৰ্গলৈ এই বঁটা আগবঢ়োৱা হব। এই বঁটাৰ লগত আছে মান পত্ৰ, স্মাৰক আৰু ১ লাখ টকা।
আজিৰ পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত দুদিনীয়াকৈ ব্ৰজাৱলী ভাষা সম্পৰ্কে এখন কৰ্মশালা আৰম্ভ হৈছে । ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু পৰম্পৰা প্ৰৱাহৰ যৌথ উদ্যোগত আয়োজিত কৰ্মশালাখন উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই । তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱক বুজি পাবৰ বাবে ব্ৰজাৱলীৰ জ্ঞান অপৰিহাৰ্য। তেওঁ ব্ৰজাৱলী ভাষাত ৰচিত অঙ্কীয়া নাট সমুহৰ জনপ্ৰিয়তা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিয়ে ।
কৰ্মশালাৰ উদ্বোধনী পৰ্বটোৰ আঁত ধৰে পৰম্পৰা প্ৰৱাহৰ সঞ্চালিকা তথা ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ উপ সভাপতি ড° মল্লিকা কন্দলীয়ে । ছ’চাইটি ফৰ শ্ৰীমন্ত শঙ্কৰদেৱৰ সম্পাদক মৃদু মৌচম বৰাই উদ্দেশ্য ব্যাখ্যা কৰে। সম্বন্বয়ক প্ৰদীপ হাজৰিকাও সভাত উপস্থিত থাকে। আন এগৰাকী উপ সভাপতি ড° মধুচন্দা চলিহা ভূঞাই শলাগৰ শৰাই আগবঢ়ায়।
ছ’চাইটিৰ সভাপতি ড° সঞ্জীৱ কুমাৰ বৰকাকতিয়ে কয় যে ব্ৰজাৱলী এটা কৃত্রিম ভাষা নহয়। তেওঁ কয় যে আধুনিক হিন্দী ভাষাটো শ্ৰীমন্ত শঙ্কৰদেৱৰ অঙ্কীয়া নাটৰ ব্ৰজাৱলী ভাষাৰ পৰা ওলাইছে। পৰম্পৰা প্ৰৱাহৰ সভাপতি উৎপল বৰুৱায়ো দুআষাৰ কয়।
অসম সাহিত্য সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ড° বসন্ত কুমাৰ গোস্বামীয়ে কৰ্মশালাৰ মূল সমল ব্যক্তিৰূপে অংশ গ্রহণ কৰে। তেওঁ ব্ৰজাৱলী ভাষাৰ ইতিহাস ব্যাখ্যা কৰি কিদৰে মাগধী অৱহটঠৰ পৰা এই ভাষাটো ওলাইছে সেইটো দেখুৱায়। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱে সেই সময়ৰ প্রচলিত কথিত ভাষা এটা মান্য ভাষাৰ ৰূপ দিয়ে।
আন এজন সমল ব্যক্তি কনকলাল দাসেও অংশ গ্রহণ কৰে। উল্লেখযোগ্য যে শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্র সমাজ আৰু আন্তঃৰাষ্ট্ৰীয় স্মৃতি সৌধ আৰু স্থান পৰিষদো এই কৰ্মশালাৰ সৈতে সহযোগী হিচাপে আছে।