আপোনাৰ কণমানি শিশুটিৰ গাত জনছন এণ্ড জনছনৰ বেবী পাউদাৰ ব্যৱহাৰ কৰে নেকি? যদি ব্যৱহাৰ কৰে, এতিয়াৰে পৰা সাৱধান ! কিয়নো আকৌ এবাৰ নমুনা সংগ্ৰহ কৰা হ’ব জনছন বেবী পাউদাৰৰ। বম্বে উচ্চ ন্যায়ালয়ে জনছন এণ্ড জনছনৰ বেবী পাউদাৰৰ নমুনা পুনৰ পৰীক্ষা কৰিবলৈ মহাৰাষ্ট্ৰ চৰকাৰক ইতিমধ্যে নিৰ্দেশ দিছে।
বুধবাৰে ন্যায়াধীশ এছ ভি গংগাপুৰৱালা আৰু এছ জি ডাইজৰ বিচাৰপীঠে ৰাজ্য চৰকাৰৰ খাদ্য আৰু ঔষধ প্ৰশাসনক তিনিদিনৰ ভিতৰত কোম্পানীটোৰ কাৰখানাৰ পৰা সতেজ নমুনা সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ বাবে আদালতে পুনৰ নমুনা লৈ দুটা চৰকাৰী আৰু এটা ব্যক্তিগত লেবলৈ প্ৰেৰণ কৰিব।নমুনা লাভ কৰাৰ এসপ্তাহৰ ভিতৰত লেবসমূহক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দি বিচাৰপীঠে কয় যে, নমুনাসমূহ পৰীক্ষাৰ বাবে চেণ্ট্ৰেল ড্ৰাগ টেষ্টিং লেবৰেটৰী, ৱেষ্ট জ’ন, এফ ডি এ লেব আৰু ইন্টাৰটেক লেবৰেটৰীলৈ প্ৰেৰণ কৰা হ’ব।
আদালতত পৰৱৰ্তী শুনানি হ’ব ৩০ নৱেম্বৰত। এই সময়ছোৱাত কোম্পানীটোৱে পাউদাৰ উৎপাদন কৰিব পাৰিব যদিও বিক্ৰী আৰু বিতৰণত নিষেধাজ্ঞা আৰোপ কৰা হ’ব।জনছন এণ্ড জনছনে মহাৰাষ্ট্ৰ চৰকাৰৰ দুটা আদেশক প্ৰত্যাহ্বান জনাই আবেদন দাখিল কৰিছিল। ৰাজ্যখনৰ এফ ডি এৰ যুটীয়া আয়ুক্ত আৰু অনুজ্ঞাপত্ৰ কৰ্তৃপক্ষই এই নিৰ্দেশ গৃহীত কৰে।
কণমানি সন্তানটোৰ গাত ব্যৱহাৰ নকৰিব জনছন এণ্ড জনছনৰ বেবী পাউদাৰ। অঘটন ঘটিব পাৰে।
LPG চিলিণ্ডাৰক লৈ ডাঙৰ সিদ্ধান্ত মোদী চৰকাৰৰ! উপকৃত হ’ব লাখ লাখ গ্ৰাহক
যদি আপোনাৰ ৰন্ধন গেছৰ সংযোগ থাকে, তেন্তে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ ফালৰ পৰা এক বিবৃতিত জনোৱৈ হৈছে কিউ আৰ কোড বেছড চিলিণ্ডাৰ মুকলি কৰা হৈছে। ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱে জনাইছে যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰো থাকিব কিউ আৰ কোড। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে ৰন্ধন গেছৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিব। তেওঁ আৰু জনাইছে যে কিউ আৰ কোডৰ জৰিয়তে গ্ৰাহকসকলে সকলো ধৰণৰ তথ্য লাভ কৰিব পাৰিব। চিলিণ্ডাৰৰ সুৰক্ষা, ৰিফিলিং সংক্ৰান্তীয় বিভিন্ন ধৰণৰ তথ্য পোৱা যায়। বৰ্তমান চিলিণ্ডাৰৰ সৈতে QR কোড সংলগ্ন থাকিব। নতুন চিলিণ্ডাৰতো থাকিব।ইউনিট কোড বেছড ট্ৰেকৰ অন্তৰ্গত কিউ আৰ কোডৰ এম্বেড ২০ হাজাৰ এলপিজি চিলিণ্ডাৰত কাৰ্যকৰী হ’ব। এয়া এক প্ৰকাৰৰ বাৰকোড যিয়ে ডিজিটেল ডিভাইচৰ মাধ্যমত ৰিড কৰা হ’ব।পেট্ৰ’লিয়াম মন্ত্ৰীয়ে আগন্তুক তিনি মাহত সকলো ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰত কিউ আৰ কোড লাগিব বুলি জনাইছে। তেওঁ জনাইছে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা মুকলি হোৱাৰ পূৰ্বে স্বচ্ছভাৱে ৰন্ধা–বঢ়া কৰাটো অত্যন্ত প্ৰত্যাহ্বান আছিল। কেন্দ্ৰীয় আঁচনিৰ ফলত গ্ৰামীণ মহিলাসকল অত্যন্ত উপকৃত হৈছে। ফলত ৰন্ধনৰ ক্ষেত্ৰত বহু সমস্যাৰ সমাধান হৈছে।
UPSC CSE Prelims 2023 ৰ আবেদন পত্ৰ জমা দিয়াৰ সূচী আৰু তাৰিখঃ
ইতিমধ্যে কেন্দ্ৰীয় লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ বাৰ্ষিক পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰিছে। ২০২৩ চনৰ ২১ ফেব্ৰুৱাৰীৰ ভিতৰত ইউ পি এছ চি চি এছ ই প্ৰিলিমছৰ আবেদন পত্ৰ জমা দিব লাগিব।প্ৰাৰ্থীয়ে সংস্থাটোৰ অফিচিয়েল ৱেবছাইট upsc.gov.in লৈ গৈ ইউ পি এছ চিৰ বাৰ্ষিক পৰীক্ষাৰ সময়সূচী লাভ কৰিব পাৰিব।


পৰিস্থিতিৰ সলনি হ’লে পৰীক্ষাৰ তাৰিখ অৱশ্যে সলনি হ’ব পাৰে। ২০২৩ চনৰ ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া অসামৰিক সেৱা (মূল) পৰীক্ষা, ৫ দিন চলিব। ২০২৩ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় বন সেৱাৰ (মূল) পৰীক্ষা ২০২৩ আৰম্ভ হোৱাৰ লগতে ১০ দিনৰ বাবে অনুষ্ঠিত হোৱাৰ পৰিকল্পনা কৰা হৈছে।

ইউ পি এছ চি চি এছ ই ২০২৩: গুৰুত্বপূৰ্ণ তাৰিখ
অধিসূচনাৰ তাৰিখ: ০১ ফেব্ৰুৱাৰী, ২০২৩
আবেদন গ্ৰহণৰ শেষ তাৰিখ: ২১ ফেব্ৰুৱাৰী, ২০২৩
পৰীক্ষা আৰম্ভ হোৱাৰ তাৰিখঃ ২৮ মে’, ২০২৩ (দেওবাৰ)
পৰীক্ষাৰ সময়সীমা: ১ দিন
UPSC CSE 2023 কেলেণ্ডাৰ: ইয়াত কেনেকৈ ডাউনলোড কৰিব পাৰি
UPSC ৰ অফিচিয়েল ৱেবছাইট upsc.gov.in লৈ যাওক।
হোমপেজত ‘পৰীক্ষা’ বিকল্পত ক্লিক কৰক।
‘Calendar’ বিকল্পত ক্লিক কৰক। আপুনি এটা নতুন ৱেবপেজলৈ নিৰ্দেশিত হ’ব।
‘বাৰ্ষিক কেলেণ্ডাৰ ২০২৩“ বুলি লিখা লিংকটোত ক্লিক কৰক।
এটা নতুন PDF খোল খাব। বিভিন্ন পৰীক্ষাৰ পৰীক্ষাৰ তাৰিখ পৰীক্ষা কৰিবলৈ PDF টো তললৈ স্ক্ৰল কৰক।
pdf টো সংৰক্ষণ কৰক আৰু ভৱিষ্যতে ব্যৱহাৰৰ বাবে ডাউনলোড কৰক।
এজন প্ৰাৰ্থীৰ বাবে প্ৰাৰম্ভিক পদক্ষেপ হ’ল ইউ পি এছ চি প্ৰিলিমছ ২০২২ পৰীক্ষা। প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীয়ে মূল পৰীক্ষা দিব।
বোকাখাত একে ৰাতিতে এখন গাঁও বনাই পেলালে কংগনা ৰাণাৱতে। কাৰণ ‘ইমাৰজেঞ্চী’
কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম।
বোকাখাতত বলীউদৰ অভিনেত্ৰী কংগনা ৰানাৱতৰ ‘ইমাৰজেঞ্চী’ ছবিৰ শ্বুটিং। দেওবাৰে অতি সংগোপনে কাজিৰঙাত বাহৰ পতা বলীউদ কুইন কংগনাই বোকাখাতৰ নিকৰিঘাটত চলাইছে ‘ইমাৰজেঞ্চী’ৰ শ্বুটিং।

ইতিমধ্যে, কাৰ্বি আংলঙৰ ভিতৰুৱা এখন গাঁৱত চিত্ৰগ্ৰহণ সামৰি বোকাখাতত ছেট নিৰ্মাণত ব্যস্ত কংগনাৰ টীম। বোকাখাতৰ নিকৰিঘাটত আহি পাইছে কংগনা আৰু অন্যান্য কলাকুশলীৰ ভেনিটি ভেন। সম্পূৰ্ণ গ্ৰাম্য পৰিৱেশ ৰচনাৰে ছেট নিৰ্মাণ কৰা হৈছে ‘ইমাৰজেঞ্চী’ৰ।
ভাৰতৰ এখন গাঁৱত ১৮ বছৰৰ তলৰ শিশুৰ বাবে মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ….
অত্যাধিক নিচাৰ কাৰণে মহাৰাষ্ট্ৰৰ যৱতমল জিলাৰ বংসী গাঁৱত ১৮ বছৰৰ তলৰ শিশু আৰু কিশোৰ-কিশোৰীৰ বাবে মোবাইল ফোন ব্যৱহাৰ নিষিদ্ধ কৰিছে। ১১ নৱেম্বৰত সৰ্বসন্মতভাৱে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত। এই প্ৰস্তাৱ উলংঘা কৰি ধৰা পৰিলে ২০০ টকীয়া শাস্তি প্ৰদান কৰা হ’ব। গজানন টেলেৰ মতে, বংসী গ্ৰাম পঞ্চায়তৰ সৰ্পঞ্চ, কোভিড-১৯ৰ সময়ত অত্যধিক আৰু অসংযত স্ক্ৰীণ টাইমৰ বাবে যুৱক-যুৱতীসকলে ফোন ব্যৱহাৰ কৰি গেম খেলিবলৈ বা বয়সৰ অনুচিত বুলি বিবেচিত ৱেবছাইট ব্ৰাউজ কৰাত আসক্ত হৈ পৰিছিল।

‘এই সিদ্ধান্ত কাৰ্যকৰী কৰাটো প্ৰত্যাহ্বানজনক হ’ব, কিন্তু আমি প্ৰথমে পৰামৰ্শৰ জৰিয়তে অসুবিধাসমূহৰ সমাধান কৰিম’ বুলি গজানন টেলে মন্তব্য কৰে। মোবাইল ডিভাইচ ব্যৱহাৰ কৰা যিকোনো যুৱকক ২০০ টকা জৰিমনা বিহা হ’ব। যদিও ল’ৰা-ছোৱালীৰ কোনো জড়িত আছিল নে নাই সেয়া স্পষ্ট নহয়, বিষয়াসকলে ইংগিত দিছিল যে তেওঁলোকে এই নিষেধাজ্ঞাত অনুমোদন জনাইছে।

যুৱ ছাত্ৰ আশীষ দেশমুখে কয় যে ছাত্ৰ-ছাত্ৰীৰ মাজত ইতিবাচক আচৰণৰ সৃষ্টি কৰাটো এক সুন্দৰ আৰম্ভণি। এই পৰিকল্পনাই অভিভাৱকসকলৰ পৰাও সমৰ্থন লাভ কৰিছিল কাৰণ ইয়াৰ দ্বাৰা তেওঁলোকে নিজৰ সন্তানক চোৱাচিতা কৰিব পাৰিব। প্ৰাপ্তবয়স্কসকলক সামাজিক যোগাযোগ বা পঢ়াৰ দৰে বৌদ্ধিক কাৰ্য্যকলাপত জড়িত হ’বলৈ প্ৰেৰণা যোগাবলৈ মহাৰাষ্ট্ৰৰ সাংলি জিলাৰ এখন চহৰে চলিত বৰ্ষৰ আৰম্ভণিতে দৈনিক “ডিজিটেল ডিটক্স”ৰ ব্যৱস্থা কৰিছিল। মহিত্যঞ্চে বদগাঁৱত প্ৰতি নিশা ৭ বজাত ১.৫ ঘণ্টাৰ ডিটক্স আৰম্ভ হোৱাৰ সংকেত চাইৰেনে দিয়ে, এই সময়ছোৱাত বাসিন্দাসকলে নিজৰ ইলেক্ট্ৰনিকছ আঁতৰাই ৰাখে।

গাঁওখনৰ মুৰব্বী বিজয় মোহিতে এই ধাৰণাটো এককালীন পৰীক্ষা হিচাপে লৈ আহিছিল বুলি দাবী কৰিছিল যদিও আশাৰ কৰ্মচাৰী, সমাজকৰ্মী, আৰু অন্যান্য গাঁৱৰ মানুহে ইয়াৰ চাৰিওফালে গোট খোৱাৰ লগে লগে ই সঘনাই পৰ্যবেক্ষণ কৰা প্ৰথালৈ পৰিণত হ’ল। মোহিতে জনাইছে, “মানুহে ৭ৰ পৰা ৮.৩০ বজাৰ ভিতৰত পঢ়া, পঢ়া-শুনা, লিখা, আৰু কথা পতাত গুৰুত্ব দিয়ে। তেওঁলোকে নিজৰ মোবাইল ফোন থৈ টেলিভিছন বন্ধ কৰে। ৱাৰ্ড-বাই-ৱাৰ্ড ভিত্তিত এখন কমিটি গঠন কৰা হৈছে।” এই পদক্ষেপত চকু ৰাখিবলৈ তেওঁ মন্তব্য দিয়ে।
পশ্চিম বংগত এগৰাকী সাংসদৰ গাড়ীৰ খুন্দাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি চাৰি বছৰীয়া শিশুৱে…
পশ্চিম বংগত এগৰাকী সাংসদৰ গাড়ীৰ খুন্দাৰ ফলত প্ৰাণ হেৰুৱাইছে এটি চাৰি বছৰীয়া শিশুৱে। ৰাজ্যখনৰ মুৰ্ছিদাবাদত আজি এই দুৰ্ঘটনা সংঘটিত হৈছে। মুৰ্ছিদাবাদৰ সাংসদ তথা তৃণমূল কংগ্ৰেছৰ নেতা আবু তাহেৰ খানৰ গাড়ীৰ খুন্দাত শিশুটিৰ মৃত্যু হয়।

পথৰ কাষত খেলি থকা শিশুটিয়ে অভিভাৱকৰ অলক্ষিতে খেল এৰি পথৰ মাজলৈ আহে আৰু সাংসদগৰাকীৰ গাড়ীৰ সমুখত অতৰ্কিতে আহি পৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব জানিব পৰা গৈছে।
অৱশ্যে শিশুটিক খুন্দা মৰাৰ পিছতে সাংসদ আবু তাহেৰ খানে তাৎক্ষণিকভাৱে নিজৰ গাড়ীতে কাষৰ এখন চিকিৎসালয়লৈ লৈ যায়।
চিকিৎসালয়ৰ বাহিৰত সাংবাদিকৰ আগত ঘটনা সন্দৰ্ভত সাংসদ খানে কয়, “শিশুটি হঠাতে আমাৰ বাহনখনৰ সন্মুখলৈ আহি পৰিছিল। আমি তেওঁক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ গৈছিলো। এই শোকাৱহ ঘটনা মোৰ সন্মুখতে ঘটিছিল। হয়তো তেওঁৰ মগজুত আঘাত লাগিছিল।”
Murshidabad, WB | Child dies after being hit by TMC leader Abu Taher Khan's car, confirms Amiya Kumar Bera, Medical Superintendent, Murshidabad Hospital
— ANI (@ANI) November 16, 2022
The child's mother didn't keep watch& the child was running across the road when accident happened: TMC leader Abu Taher Khan pic.twitter.com/f6BC3u2rNp
ইফালে এই শোকাৱহ ঘটনাৰ পাছতে শোকত ভাগি পৰে নিহত শিশুটিৰ পিতৃ-মাতৃ। সাংসদ আবু তাহেৰ খানে এই ঘটনাত শোক প্ৰকাশ কৰি পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিব বুলি প্ৰতিশ্ৰুতি দিয়ে।
মহানগৰীত মৰিয়াই মৰিয়াই হত্যা সুনীল শৰ্মাক…
গুৱাহাটী মহানগৰীত বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ আদাগুদামত সংঘটিত গণ প্ৰহাৰৰ ঘটনা। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছত সুনীল শৰ্মা নামৰ যুৱকজনক পুৱাৰ ভাগত ফটাশিল আৰক্ষীয়ে উদ্ধাৰ কৰি আনিছিল থানালৈ।

ৰক্তাক্ত অৱস্থাত যুৱকজনক থানাৰ পৰা GMCHলৈ লৈ গৈছিল আৰু GMCHত মৃত ঘোষণা কৰিছিল সুনীলক। সুনীলৰ মৃতদেহ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। গণপ্রহাৰ ফলত মৃত্যু যুৱকজনৰ।

জানিব পৰা মতে নিশা কাৰোবাৰ ঘৰৰ চুৰি কৰাৰ অভিযোগত সুনীলক প্ৰহাৰ কৰা হৈছিল। তাৰ পাছতেই একাংশ লোকৰ প্ৰহাৰত মৃত্যুক আকোৱালি লয় যুৱকজনে। এই পৰ্যন্ত ঘটনাৰ লগত জড়িত কোনো অভিযুক্তকে আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
৫০ বছৰীয়া হ’ব হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ। জন্মস্থান যোৰহাটত অনুৰাগীয়ে আয়োজন কৰিছে জন্মদিনৰ বৰ্ণাঢ্য কাৰ্যসূচী।
কাইলৈ ১৮ নৱেম্বৰ । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ওপজা দিন। প্ৰতিবছৰেই জুবিনৰ অসংখ্য গুণমুগ্ধই তেওঁৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰি আহিছে৷ এইবাৰো অনুৰাগীসকলে তেওঁৰ এই বিশেষ দিনটোক উদযাপন কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, জুবিন ফেন ক্লাবে যোৰহাটত জুবিনৰ জন্মদিনৰ বৃহৎ আয়োজন কৰিছে। অল আছাম জুবিন গাৰ্গ ফেন ক্লাবে ১৮ নৱেম্বৰ তাৰিখে যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন কৰিব।

জন্মদিন উপলক্ষে জুবিন ফেন ক্লাবে আয়োজন কৰা এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব। তেওঁ মঙলবাৰে অৰ্থাৎ ১৫ তাৰিখে যোৰহাটলৈ যায় আৰু ইতিমধ্যে যোৰহাটতেই আছে।

ফেন ক্লাবে জুবিনৰ ৫০তম জন্মদিনক তেওঁৰ সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা জন্মদিনৰ কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে কাটিব ৫০ পাউণ্ডৰ কেকটো।
ইয়াৰোপৰি, জন্মদিনৰ দিনা জুবিন গাৰ্গৰ নতুন গীত ‘জিলিকি জিলিকা’ মুক্তি পাব। আগন্তুক ড০ বেজবৰুৱা ২ ছবিৰ এই গীতটিত কন্ঠদান কৰিছে জুবিন গাৰ্গে। নিজৰ জন্মদিনত এই নতুন গীতেৰে অনুৰাগীসকলক আগবঢ়াব এক উপহাৰ।
হৃত্বিক ৰোছনৰ পিছে পিছে অনিল কাপুৰ আৰু দীপিকা পাডুকোন। তেজপুৰত ‘ফাইটাৰ’ৰ শ্বুটিং।
‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত

আজি তেজপুৰ আহি উপস্থিত হ’ব বলীউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰ আৰু মোহময়ী অভিনেত্ৰী দীপিকা পাডুকন। তেওঁলোকৰ সৈতে আহিব ১২০ জনীয়া এটা টিম৷ ইতিমধ্যে চাৰিদিন ধৰি নতুন ছবি ‘ফাইটাৰ’ৰ মূল নায়ক ঋত্বিক ৰোশনে তেজপুৰ এয়াৰপৰ্টতে বাহৰ পাতি আছে। ১৬ নৱেম্বৰৰ দিনা অনিল কাপুৰ আৰু দীপিকা পাডুকনৰ ভেনিটি ভেন তেজপুৰত উপস্থিত হোৱাৰ পিছত আজি পুৱা অভিনেতা ঋত্বিক ৰোশন আৰু ফাইটাৰ’ ছবিৰ পৰিচালক সিদ্ধাৰ্থ আনন্দৰ বাবে দুখন ভেনিটি ভেন আহি তেজপুৰত উপস্থিত হৈছে।

কাইলৈৰ পৰা ‘ফাইটাৰ’ৰ বিশেষ দৃশ্যগ্ৰহণ আৰম্ভ হ’ব তেজপুৰ এয়াৰপৰ্টকে ধৰি বিভিন্ন লোকেচনত।
কাটাৰত ফুটবলৰ মহাৰণ-ফিফা বিশ্বকাপ ২০২২। মৰুৰ দেশ কাটাৰ পৰিণত হৈছে ৰণাংগনলৈ…
অহা ২০ নৱেম্বৰ ২০২২ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ কাটাৰত অনুষ্ঠিত হব বিশ্বৰ আটাইতকৈ জনপ্ৰিয় ফুটবলৰ প্ৰতিযোগিতা ফিফা বিশ্বকাপ। বিশ্বৰ সমাজ, সংস্কৃতি, শিক্ষা ৰাজনীতি, অৰ্থনীতি সৰ্বদিশত বিৰূপ পেলোৱা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ মাজতেই আন এখন যুদ্ধৰ বাবে সাজু হৈছে সমগ্ৰ বিশ্ব। কাটাৰত লাহে লাহে ভিৰ কৰিছেহি ফুটবলৰ মহাযুদ্ধাসকলে। উল্লেখযোগ্য যে ইয়াৰ আগতে কেতিয়াও আৰৱত ফিফা বিশ্বকাপ অনুষ্ঠিত হোৱা নাছিল আৰু গোটেই এছিয়া মহাদেশতো কেৱল এবাৰেই ২০০২ চনত জাপান আৰু দক্ষিণ কোৰিয়াত অনুষ্ঠিত হৈছিল।

বিশ্বৰ মুঠ ৩২ খন দেশে এই মহা আয়োজনত অংশগ্ৰহণ কৰিব। মুঠ ৮টা গ্ৰুপত বিভক্ত প্ৰথম খেলখন অহা ২০নম্বেবৰত নিশা ৯ বজাৰ পৰা আৰম্ভ হ’ব আয়োজিত দেশ কাটাৰ আৰু ইকোৱেদৰ মাজত। উল্লেখযোগ্য যে বিশ্বৰ আটাইতকৈ দামী ট্ৰফী ফিফা বিশ্বকাপৰ ধনৰ মূল্য হৈছে ৩৪৪কোটি; কিন্তু বেয়া লগা কথাতো হ’ল আমাৰ দেশে আজিলৈকে এই মহাৰণৰত অংশীদাৰ হব পৰা নাই । সকলোৰে আশা-অতি সোনকালে ভাৰতবৰ্ষই এই খেলত অংশগ্ৰহণ কৰিব।

২০ নৱেম্বৰ (দেওবাৰ) কাটাৰত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ ২০২২ৰ উদ্যোগত ৩২টা দলে ফুটবলৰ আটাইতকৈ সন্মানীয় ট্ৰফী লাভৰ বাবে নিজৰ সকলোখিনি দিবলৈ সাজু হৈছে। বৃহত্তম ফুটবল প্ৰতিযোগিতাখনত ২০২২ চনৰ নৱেম্বৰ আৰু ডিচেম্বৰ মাহত কিছুমান ডাঙৰ তাৰকাই অংশগ্ৰহণ কৰিব।অৱশ্যে ক্রিষ্টিয়ানো ৰোনাল্ডো (পৰ্তুগাল), নেইমাৰ (ব্ৰাজিল), কাইলিয়ান এমবাপে (ফ্ৰান্স), ৰবাৰ্ট লেৱাণ্ডোস্কি (পোলেণ্ড) আৰু কেভিন ডিৰ দৰে ডাঙৰ নামৰ বাহিৰেও ব্ৰুইন (বেলজিয়াম), আৰু অধিক বিখ্যাত মুখ আছে যিয়ে এই বিশাল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে কাটাৰ বিশ্বকাপত। কিয়নো এইবাৰ কাটাৰ বিশ্বকাপত দেখা নাযাব ৰাছিয়াৰ ফুটবল দল। কিয়নো পুটিনৰ নিৰ্দেশত ৰাছিয়ান সেনাই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছতে এই আক্ৰমণ তথা যুদ্ধৰ বিৰোধিতাৰে ফিফাই গ্ৰহণ কৰিছে এক সিদ্ধান্ত। ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ বন্ধ নকৰিলে ফিফাত নিষিদ্ধ ৰাছিয়ান ফুটবল। সেই সিদ্ধান্ত অনুসৰিয়েই ৰাছিয়ান ফুটবল দলটো ফিফা বিশ্বকাপত অংশগ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হৈছে। ফিফাই এক বিবৃতিৰ জৰিয়তে উল্লেখ কৰিছিল- “আমি ইউক্ৰেইনত ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে একত্ৰিত হৈছো আৰু আমি তেওঁলোকৰ সৈতে আছো। আমি আশা কৰোঁ যে, ইউক্ৰেইনৰ পৰিস্থিতি সোনকালেই উন্নত হ’ব আৰু ফুটবলে আকৌ এবাৰ জনসাধাৰণৰ মাজত শান্তি আৰু সংহতিৰ সৃষ্টি কৰিব।”ফিফাৰ উপৰিও, ইউৰোপীয় ফুটবল সংস্থা চমুকৈ উৱেফায়ো ৰাছিয়াকো নিষিদ্ধ কৰিছে। ৰাছিয়াৰ ফুটবল ক্লাবসমূহক বিশ্বৰ প্ৰতিটো প্ৰতিযোগিতা আৰু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ নিষিদ্ধ কৰা হৈছে। একে সময়তে, ৰাছিয়ান ক্লাব স্পৰ্টছ মস্কো ইউৰোপীয় লীগৰ পৰা বাদ পৰিছে।

উল্লেখ্য যে কাটাৰ বিশ্বকাপ ২০২২ৰগ্ৰুপ ‘এ’ত আছে- কাটাৰ, ইকুৱেডৰ, ছেনেগাল, নেডাৰলেণ্ড। গ্ৰুপ ‘বি’ত আছে- গ্ৰুপ বি: ইংলেণ্ড, ইৰাণ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৱেলচ। একেদৰে গ্ৰুপ ‘চি’ত আছে- আৰ্জেণ্টিনা, চৌদি আৰৱ, মেক্সিকো, পোলেণ্ড।গ্ৰুপ ‘ডি’ত- ফ্ৰান্স, অষ্ট্ৰেলিয়া, ডেনমাৰ্ক, টিউনিচিয়া। গ্ৰুপ ‘ই’ত- স্পেইন, কোষ্টা ৰিকা, জাৰ্মানী, জাপান। গ্ৰুপ ‘এফ’- বেলজিয়াম, কানাডা, মৰক্কো, ক্ৰোৱেছিয়া। গ্ৰুপ ‘জি’ত- ব্ৰাজিল, ছাৰ্বিয়া, চুইজাৰলেণ্ড, কেমেৰুন আৰু গ্ৰুপ ‘এইচ’ত আছে পৰ্তুগাল, ঘানা, উৰুগুৱে, কোৰিয়া।











