কে কে খ্য়াত সিদ্ধাৰ্থ শৰ্মা গুৰুতৰ ভাৱে অসুস্থ। অভিনেতাগৰাকী উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হেলথ্ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে, ICUত চিকিৎসাধীন হৈ আছে অভিনেতা গৰাকী।

কে কে খ্য়াত সিদ্ধাৰ্থ শৰ্মা গুৰুতৰ ভাৱে অসুস্থ। অভিনেতাগৰাকী উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ হেলথ্ চিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে, ICUত চিকিৎসাধীন হৈ আছে অভিনেতা গৰাকী।

৮০ আৰু ৯০ দশকৰ জনপ্ৰিয় অভিনেত্ৰী জুহী চাওলাই নিজৰ কেৰিয়াৰত এখনতকৈও অধিক মহান ছবি আগবঢ়াইছে। এটা সময়ত শীৰ্ষ নায়িকাৰ তালিকাত জুহিৰ নাম অন্তৰ্ভুক্ত হৈছিল। ১৯৮৮ চনত মুক্তি পোৱা কায়ামত ছে কায়ামত টক ছবিখনৰ পাছতে অভিনেত্ৰীগৰাকীয়ে স্বীকৃতি লাভ কৰিছিল আৰু আজিও তেওঁৰ বহু অনুৰাগী আছে।

বহু লোকে এতিয়াও তেওঁক ডাঙৰ পৰ্দাত চাব বিচাৰে। কিন্তু বিভিন্ন সময়ত অভিনেত্ৰীগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱন আৰু বিবাহ সন্দৰ্ভত মানুহৰ ঠাট্টা-মস্কৰা শুনিবলগীয়া হৈছিল, তথাপিও তেওঁ ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিলে অভিনেত্ৰীগৰাকীয়ে । আজি অভিনেত্ৰীগৰাকীয়ে ৫৫ সংখ্যক জন্মদিন পালন কৰিছে। এই বিশেষ উপলক্ষে তেওঁৰ বিষয়ে কিছুমান অকথিত কাহিনীৰ বিষয়ে জানো আহক।

প্ৰথমখন ছবিৰ পৰাই জুহি চাওলাৰ অভিনয় দৰ্শকে অতিশয় ভাল পাইছিল। দীৱানা মস্তানা, ইছক, হম হায় ৰাহি প্যাৰ কে আদি বহু ছবিত তেওঁৰ শ্ৰেষ্ঠ অভিনয় কৰিছিল। এই সময়ত প্ৰতিজন প্ৰযোজক-পৰিচালকে জুহিক নিজৰ ছবিত ল’ব বিচাৰিছিল। এটা সময় আহিল যেতিয়া জুহি চাওলাৰ ব্যক্তিগত জীৱনৰ আলোচনাৰ মাজলৈ আহিল। নিজতকৈ ৫ বছৰ ডাঙৰ ব্যৱসায়ী জে মেহতাক গোপনে বিয়া কৰাই বহু অনুৰাগীৰ হৃদয় ভাঙি পেলালে। সেই সময়ছোৱাত তেওঁলোকৰ বিবাহৰ খবৰে সমগ্ৰ চলচ্চিত্ৰ জগতখনক আচৰিত কৰি তুলিছিল।
জুহি আৰু জয়ৰ প্ৰেমৰ কথাবোৰ বিয়াৰ আগতে কেতিয়াও প্ৰকাশ হোৱা নাছিল। এই বিবাহ সন্দৰ্ভত জুহীয়ে বহু কথা শুনিবলগীয়া হৈছিল। মানুহে দুয়োকে ঠাট্টা কৰিছিল আৰু লগতে অশ্লীল মন্তব্যও কৰিছিল। মানুহে অভিনেত্ৰীগৰাকীৰ স্বামীক বুঢ়া বুলি অভিহিত কৰিছিল আৰু আনকি টকাৰ বাবে বিয়া কৰাইছে বুলিও উল্লেখ কৰিছিল।
*শুকান ছালৰ বাবে উপকাৰী:
সৰিয়হৰ তেল সেৱনে আপোনাৰ স্বাস্থ্য ভালে ৰখাৰ লগতে আপোনাৰ ছালখনো মসৃণ কৰি ৰখাত সহায় কৰে। সৰিয়হৰ তেলত ভিটামিন ‘ই’ পৰ্যাপ্ত মাত্ৰাত পোৱা যায়। শীতকালত বহু লোকৰ ছাল শুকাই যায় আৰু ছালখন দেখাত ফপৰীয়া খৈ পৰে। এনে অৱস্থা হ’লে বজাৰত কিনিবলৈ পোৱা যিকোনো দামী ছালৰ ক্ৰীম সানি শুকান ছাল মালিচ কৰা দেখা যায়। কিন্তু এনেধৰণৰ ক্ৰীম ব্যৱহাৰ কৰাতকৈ যদি নিয়মীয়াকৈ ছালখন খাঁটি সৰিয়হৰ তেলেৰে মালিচ কৰে আৰু যদি মিঠাতেল খাই থাকে, তেনেহ’লে আপোনাৰ ছালে পৰ্যাপ্ত পুষ্টি দ্ৰব্য লাভ কৰিব আৰু শীত কালতো ছালখন মসৃণ আৰু পূৰঠ হৈ পৰিব। সৰিয়হৰ তেলৰ নিয়মীয়া ব্যৱহাৰে আপোনাৰ ছালৰ সৌন্দৰ্য চিৰদিন অটুট ৰখাত সহায় কৰে।

*পানীলগা জ্বৰ আদিও নিৰাময় কৰে:
যদি শীত কাল আৰম্ভ হোৱাৰ লগে লগে আপোনাৰ পানী লাগে বা পানীলগা জ্বৰ বা কাহ আদি হয়, তেনেহ’লে সৰিয়হ তেলৰ ব্যৱহাৰে আপোনাক যথেষ্ট সকাহ দিব। অলপ ঠাণ্ডা লাগিলেই পানীলগাৰ দৰে সমস্যাই দেখা দিলে আপুনি এচামুচ সৰিয়হৰ তেলত দুই-তিনি ফোটা থেতালি লোৱা নহৰু দি উতলাই লওক। অলপ ঠাণ্ডা হ’লে ৰাতি শোৱাৰ আগতে নাকৰ দুয়োটা ফুটাত দুটোপালকৈ দিয়ক। এই ব্যৱস্থা ল’লে আপোনাৰ নাক বন্ধ হোৱাৰ সমস্যা দূৰ হ’ব আৰু পিছদিনা পুৱা পানীলগা আমনিৰ পৰা মুক্তি পাব। এই ব্যৱস্থা একেৰাহে দুই-তিনি দিন ল’লে আগৰে পৰা হৈ থকা পুৰণি পানীলগা অসুখো নিৰাময় হ’ব।
*শৰীৰৰ ওজন কমোৱাত মিঠাতেল:
সৰিয়হৰ তেলত থিয়ামাইন, ফ’লেট আৰু নিয়াচিন পোৱা যায়। এই তিনিওবিধ উপাদানে শৰীৰৰ বিপাক ক্ৰিয়া(জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া) বৃদ্ধি কৰাত সহায় কৰে। এই তিনিওবিধ উপাদান মিঠাতেল সেৱনৰ জৰিয়তে শৰীৰত প্ৰৱেশ কৰিলে শৰীৰৰ বৰ্ধিত ওজনো হ্ৰাস কৰে।
*বিষ-যন্ত্ৰণা নাশক:
যদি কোনো লোকৰ শৰীৰৰ অস্থিসন্ধিত(হাড়ৰ গাঁঠি) বিষ থাকে, তেনেহ’লে সৰিয়হৰ তেলেৰে মালিচ কৰি থাকিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়। আঁঠু, কিলাকুটি বা কঁকালৰ বিষত ভাল মিঠাতেল গৰম কৰি অকণমান ঠাণ্ডা হোৱাৰ পিছত সেই তেলেৰে মালিচ কৰিলে বিষ-যন্ত্ৰণা কিছু কমি যায় আৰু ৰোগীয়ে আৰাম পায়। লগে লগে সৰিয়হৰ তেলেৰে প্ৰস্তুত কৰা খাদ্য খুৱাই থাকিলে ৰোগীয়ে শৰীৰৰ আভ্যন্তৰীণ বিষ-যন্ত্ৰণা কমকৈ অনুভৱ কৰে।

*ভোক বৃদ্ধি কৰে:
আপোনাৰ যদি প্ৰায়ে ভোক নলগা হোৱা সমস্যা আছে, তেনেহ’লে আপুনি কিছুদিনৰ ভিতৰতে শৰীৰৰ দুৰ্বলতা অনুভৱ কৰিব। এনে অৱস্থাত আপুনি সৰিয়হৰ তেল খোৱাৰ প্ৰতি মনোযোগ দিয়ক। খাদ্যৰ লগত সৰিয়হৰ তেল খাই থাকিলে ই মানুহৰ ভোক বৃদ্ধি কৰিব আৰু ভোক নলগাৰ কাৰকবোৰ নষ্ট কৰি খাদ্যৰ প্ৰতি ৰুচি বঢ়াব। খাদ্য খাবলৈ মন গ’লেই শৰীৰৰ দুৰ্বলতা নাইকিয়া হ’ব। শিশুসকলৰ এনেকুৱা অৱস্থা হ’লে ভাল গুনগত মানদণ্ডৰ মিঠাতেল আহাৰৰ লগত মিহলাই দিলে খাবলৈ মন যাব আৰু স্বাস্থ্যও ভাল হৈ উঠিব।
*হাঁপানি নিৰাময় কৰিব:
শীত কালত সাধাৰণতে হাঁপানি ৰোগীৰ ৰোগ যন্ত্ৰণা তীব্ৰতৰ হোৱা দেখা যায়। শৰীৰত ঠাণ্ডা লাগিলে হাঁপানি ৰোগীৰ উশাহ-নিশাহ লোৱাত কষ্ট বেছি হয়। এনে অৱস্থাত ৰোগীক সৰিয়হৰ তেল ব্যৱহাৰ কৰিবলৈ দিব লাগে। সৰিয়হৰ তেলত পৰ্যাপ্ত মাত্ৰাত মেগনেচিয়াম পোৱা যায়। মেগনেচিয়ামযুক্ত মিঠাতেল সেৱন কৰিলে বা মিঠাতেলত ভজা খাদ্য ব্যৱহাৰ কৰিলে হাঁপানি ৰোগীৰ ৰোগৰ প্ৰকোপ কম হয়ি। শ্বাস-প্ৰশ্বাসৰ ৰোগত মিঠাতেল ব্যৱহাৰ কৰিলে ৰোগীয়ে যথেষ্ট আৰাম পায়।
*দাঁতৰ বিষত মিঠাতেলৰ ব্যৱহাৰ:
যদি আপোনাৰ দাঁতত ‘কেভিটি’(গাঁত) বা দাঁতৰ আলুত পায়োৰিয়া হৈছে, তেনেহ’লে যিকোনো সময়তে দাঁতৰ বিষ হ’ব পাৰে। এনে অৱস্থা হ’লে মিঠাতেল ব্যৱহাৰ কৰিলে আপুনি বিষ-যন্ত্ৰণাৰ পৰা উপশম পাব পাৰে। এচামুচ নিমখত কেইটোপালমান মিঠাতেল দি সেই নিমখেৰে বিষাই থকা দাঁতৰ গুৰিৰ আলু পাতলকৈ মালিচ কৰি থাকিব লাগে। মালিচ কৰাৰ দহ মিনিটমান পিছত পানীৰে কুলকুলি কৰি মুখ ধুই পেলাব। বিষ নাইকিয়া হ’ব আৰু দাঁতো মজবুত হ’ব।

*ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াওক:
সৰিয়হৰ তেলে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাম কৰে। শৰীৰৰ আভ্যন্তৰীণ দুৰ্বলতা দূৰ কৰাৰ কাৰণে নিয়মীয়াকৈ সৰিয়হৰ তেল সেৱন কৰাৰ ব্যৱস্থা কৰক। মাজে সময়ে শৰীৰটো মিঠাতেলেৰে মালিচ কৰাটোও শৰীৰৰ বাবে উপকাৰী হ’ব পাৰে। বিশেষভাৱে শীতকালত পুৱাৰ ভাগতে মিঠাতেলেৰে গাটো মালিচ কৰি পুৱাৰ ৰ’দ লগালে শৰীৰ ভিটামিন ‘ডি’ উৎপাদন কৰি ল’ব পাৰে। বিশেষভাৱে শৈশৱ কালত মিঠাতেলৰ মালিচে শিশুক স্বাস্থ্যবান কৰি তুলিব পাৰে।
লেখিকা: দীপিকা ৰাজখোৱা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আম আদমী পাৰ্টিক উপহাস কৰি কৈছিল যে দলটো এটা বিফল ষ্টাৰ্টআপ। বিশ্বই প্ৰতিবেদনৰ সৈতে কথা পাতি কৈছিল যে দলটোৱে আগবাঢ়ি যোৱা নাই কিয়নো ই কোনো প্ৰমাণ অবিহনে ১০ বছৰধৰি একেটা সামগ্ৰী বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে।

এএনআই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপ কৰি কয়, “আপ হৈছে এক বিফল ৰাজনৈতিক ষ্টাৰ্ট-আপ। আনকি 10 বছৰৰ পাছতো, তেওঁলোকে এম.এছ.এম.ই. হ’বলৈ আগবাঢ়ি যোৱা নাই। 10 বছৰ ধৰি তেওঁলোকে কোনো প্ৰমাণ অবিহনে একেটা সামগ্ৰী বিক্ৰী কৰিবলৈ চেষ্টা কৰি আছে।

“২০২২ চনৰ গুজৰাট হিমাচল বিধানসভা নিৰ্বাচন আৰু দিল্লী এমচিডি নিৰ্বাচনৰ পূৰ্বে শৰ্মাৰ তীব্ৰ মন্তব্য আহিছে য’ত আপে দুৰ্নীতিমুক্ত ব্যৱস্থাৰ প্ৰতিশ্ৰুতি দিছে। আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱাল আৰু অসমৰ মুখ্যমন্ত্ৰী শৰ্মাৰ মাজত হোৱা বিভ্ৰক্ষা নতুন কথা নহয়।

ইয়াৰ পূৰ্বে আগষ্টমাহত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে বিদ্যালয় আৰু শিক্ষা ব্যৱস্থাক লৈ টুইটাৰ যুদ্ধত লিপ্ত হৈছিল যেতিয়া কেজৰিৱালে অসমৰ বিদ্যালয় সমূহ বন্ধ ৰখাৰ এক প্ৰতিবেদনৰ উদ্ধৃতি দি টুইট কৰিছিল যে বিদ্যালয় সমূহ বন্ধ কৰাটো কোনো সমাধান নহয় আৰু সমগ্ৰ দেশতে অধিক বিদ্যালয় খোলাৰ প্ৰয়োজন আছে।

কেজৰিৱালৰ টুইটৰ উত্তৰত শৰ্মাই মন্তব্য দিয়াৰ আগতে আম আদমী পাৰ্টিৰ মুৰব্বীক তেওঁৰ “হোমৱৰ্ক” কৰিবলৈ কৈছিল। তেওঁ দাবী কৰে যে ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয়সমূহ চৰকাৰী গোটত প্ৰাদেশিকীকৰণ কৰিছে বা অধিগ্ৰহণ কৰিছে আৰু ইয়াৰ ভিতৰত আছে ৬,৮০২ খন প্ৰাথমিক আৰু ১,৫৮৯ খন মাধ্যমিক বিদ্যালয়, ৮১ খন কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, তিনিখন নেতাজী সুভাষ চন্দ্ৰ বসু অৱশিক বিদ্যালয় আৰু ৯৭ খন চাহ বাগিচা আৰ্হিবিদ্যালয়।
মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত ড্ৰাগছ সৰবৰাহকাৰীৰ দুটা দলৰ মাজত প্ৰচণ্ড গুলীচালনা। গুলীচালনাত চাৰিগৰাকী মহিলাকে ধৰি কমেও ৯জন লোক নিহত হয়। লগতে গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। বৰ্তমানে সংকটজনক অবস্থাত চিকিৎসাধীন হৈ আছে আহত লোককেইজন। এই আক্ৰমণৰ লগত জড়িত লোকৰ পৰিচয় অথবা কোনোধৰণৰ তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই।

উল্লেখ্য যে, বিগত কেইবছৰমানৰ পৰা মেক্সিকোৰ গুয়ানাজুয়াটো চহৰত সক্ৰিয় হৈ আছে ড্ৰাগছ সৰবৰাহকাৰী। যাৰ ফলত বিগত এমাহতো দুটাকৈ আক্ৰমণত কমেও ২২ জন লোক নিহত হৈছিল।

মেক্সিকোৰ Mexicoগুয়ানাজুয়াটো চহৰত ড্ৰাগছ Drugsসৰবৰাহকাৰীৰ দুটা দলৰ মাজত হোৱা গুলীচালনাত চাৰিগৰাকী মহিলাকে ধৰি কমেও ৯জন লোক নিহত হয়। আহত দুজন লোক। যাৰ অৱস্থা সংকটজনক। বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত স্থানীয় বাৰ এখনত প্ৰৱেশ কৰি বন্দুকধাৰীয়ে Gun men আক্ৰমণ সংঘটিত কৰে।
নেপালত অনুষ্ঠিত ৫তম ইণ্ডো-নেপাল ৰিয়েল গল্ড ৰ’লাৰ স্কেটিং চেম্পিয়নশ্বিপত ৮ বছৰ অনুৰ্ধৰ ২০০ মিটাৰ আৰু ৫০০ মিটাৰ ৰ’লাৰ স্কেটিঙত স্বৰ্ণ পদক লাভ কৰে আইমী বৰুৱাৰ পুত্ৰ বীৰে। কাঠমাণ্ডুৰ দশৰথ ৰংশালা ষ্টেডিয়ামত নেপাল ৰ’লাৰ স্কেটিং এছ’চিয়েচনে আয়োজন কৰে এই বন্ধুত্বপূৰ্ণ খেলখন। ভাৰতক প্ৰতিনিধিত্ব কৰি বিভিন্ন ৰাজ্যৰ ৪৮ জনে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।

চাৰে তিনি বছৰ বয়সৰ পৰাই ৰ’লাৰ স্কেটিং খেলা বীৰক ভাৰতক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সক্ষম কৰি তোলাৰ বাবে দিছপুৰ ৰ’লাৰ স্কেটিং একাডেমীৰ সকলোকে অশেষ ধন্যবাদ জনাই আইমী বৰুৱাই । সন্তানৰ সফলতাত পথ পদৰ্শক তথা গুৰুৰ যি অনবদ্য ভূমিকা সঁচাই অনন্য।

বীৰৰ প্ৰশিক্ষক ৰামু বৰদলৈৰ লগতে খেলখনৰ সকলো প্ৰশিক্ষকৰ ওচৰত মই চিৰ কৃতজ্ঞ ।
আইমী বৰুৱাই সামাজিক মাধ্যমত লিখি যে আপোনালোকৰ আশীৰ্বাদৰ বাবেই কণমানি বীৰৰ সপোনবোৰে পোখা মেলিছে। আপোনালোকে এই সাহস আৰু মৰম দি যাব যাতে দেশৰ হৈ খেলিব পৰাকৈ আমাৰ বীৰ আৰু আগুৱাই যায়
চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত ডোমৰদলঙত পুৱতি নিশা সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।

জানিব পৰা মতে ডোমৰদলঙৰ প্ৰশান্ত চুতীয়া নামৰ ব্যক্তিজনৰ বিপণী কেইখনত সংঘটিত হয় এই অগ্নিকাণ্ড । বিপণীখনৰ একেলগে থকা গেলামালৰ দোকান, চাইকেল মেৰামতি কৰা দোকান আৰু এটা মিল জুইত সম্পূৰ্ণৰূপে জাহ যায় ।

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে ৰাইজে । অগ্নিকাণ্ডৰ ফলত ব্যক্তিজনৰ কেইবা লাখ টকাৰ সম্পত্তি নষ্ট হোৱাৰ অনুমান কৰা হৈছে ।
২০২২–ঘৰৰ ওচৰতে থকা পাৰ্কখন বা কাষতে বহা মেলাখনলৈ কোনো যুৱতী মহিলা নোযোৱাকৈ থাকিব পাৰেনে? কিন্তু এতিয়াৰে পৰা পাৰ্ক বা মেলালৈ যাব নোৱাৰিব কোনো যুৱতী মহিলা।ইয়াকে লৈ এতিয়া ভীষণ অসন্তুষ্ট হৈছে মহিলা যুৱতী সকল। যুৱতী–মহিলাসকল পাৰ্ক বা মেলালৈ যোৱাত শেহতীয়াকৈ জাৰি কৰা হৈছে নিষেধাজ্ঞা।

নিষেধাজ্ঞা জাৰিৰ পাছতে গুজৰিগুমৰি উঠিছে মহিলা যুৱতীসকল। ঘটনা তালিবান শাসিত আফগানিস্তানৰ।যুৱতী মহিলা পাৰ্ক বা মেলালৈ যোৱাত এইবাৰ ফতোৱা জাৰি কৰিলে তালিবানী চৰকাৰে। আফগানিস্তানত সৰ্বত্ৰ হিজাব পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ পাছত আকৌ এই ফতোৱাই যেন ৰুদ্ধ কৰি পেলাইছে দেশখনৰ যুৱতী মহিলাসকলৰ জীৱন। ইয়াৰোপৰি দেশখনৰ মধ্য পৰ্যায়ৰ বিদ্যালয়সমূহ বন্ধ কৰি দিছে তালিবানে।

দেশখনৰ ৰাজধানী চহৰ কাবুলত যুৱতী মহিলা পাৰ্ক বা মেলালৈ যোৱাত নিষেধাজ্ঞাৰে ইতিমধ্যে ফতোৱা জাৰি কৰি দিছে তালিবান চৰকাৰে। আফগানিস্থানত কিশোৰী–যুৱতী যাতে ৰাস্তাত অকলে ঘূৰা পকা নকৰে তাৰ বাবে পূৰ্বতে নিষেধাজ্ঞা জাৰি কৰিছিল তালিবানে।পুৰুষ সংগী লগত থাকিলেও ইচ্ছা কৰিলেও যুৱতী মহিলা পাৰ্ক বা মেলাত সোমাব নোৱাৰিব । কাবুলৰ পাৰ্কসমূহত ইয়াক লৈ জাননী আঁৰিছে তালিবান চৰকাৰে।
তালিবান চৰকাৰৰ মুখপাত্ৰ মহম্মদ আকিফ চাদেক মহাজিৰে এই সম্পৰ্কত মন্তব্য কৰি কৈছে যে বিগত ১৫ মাহ ধৰি আফগানিস্তানত তালিবান চৰকাৰে শ্বৰিয়ৎ নিয়ম কানুন বলৱৎ কৰিছে।তথাপিও একাংশ অঞ্চলত তালিবানী শাসক গোষ্ঠীয়ে বলৱৎ কৰা নীতি নিয়মক ভংগ কৰিছে জনতাই। কোনো কোনোৱে মানিব বিচৰা নাই শ্বৰিয়ৎ নীতি নিয়ম।যুৱতী মহিলাই হিজাব পৰিধান নকৰি ভংগ কৰিছে শ্বৰিয়ৎ নীতি। সেয়ে হেনো তালিবান চৰকাৰ বাধ্য হৈ পাৰ্ক বা মেলাত পুৰুষ সংগী থাকিলেও মহিলা যুৱতীৰ প্ৰৱেশত বাধা আৰোপ কৰিছে।

তালিবান শাসিত আফগানিস্তানত মহিলাৰ বাবে সকলো প্ৰান্ততে হিজাব বা বোৰ্খা পিন্ধাতো বাধ্যতামূলক কৰিছে তালিবানে। তালিবান চৰকাৰৰ ফতোৱাকলৈ ভীষণ অসন্তুষ্টি প্ৰকাশ কৰি দেশখনৰ মহিলা নাগৰিকসকলে হতাশা প্ৰকাশ কৰিছে। এফালে বিদ্যালয় বন্ধ আনফালে ইটোৰ পাছত সিটো নিষেধাজ্ঞাক লৈ আফগান মহিলা সকলে আনন্দ উপভোগ কৰাত বঞ্চিত কৰা বুলি মন্তব্য কৰিছে। নিজৰ দেশতেই আমি পৰাধীন বুলি মন্তব্য আফগানিস্তানৰ মহিলা যুৱতীৰ। আফগানিস্তানত আৰু থকাৰ কোনো পৰিৱেশ নাই বুলিও বিষোদগাৰ মহিলা যুৱতী সকলৰ। ইতিমধ্যে আন্তৰ্জাতিক মহলত এই ফটোৱাক লৈ সমালোচিত হৈছে আফগানিস্তানৰ তালিবান চৰকাৰ।
টুইটাৰৰ পৰিশোধকৰা নীলা প্ৰমাণীকৰণ সেৱাৰ বাবে এটা ডাঙৰ ফাৰ্মাচী কোম্পানীয়ে কোটি কোটি টকা হেৰুৱাইছে। আপুনি ইয়াত এই কোম্পানীটোৰ নাম জানিব পাৰে আৰু আপুনি ইয়াৰ সৈতে পৰিচিত হ’ব পাৰে।ইলন মাস্কৰ টুইটাৰ অধিগ্ৰহণৰ পিছৰে পৰা, এই ছ’চিয়েল মিডিয়া প্লেটফৰ্মটো নিৰন্তৰ শিৰোনামত আছে।

প্ৰথমতে, মাস্কে কোম্পানীটোৰ বহুতো কৰ্মচাৰীক বৰ্খাস্ত কৰিছিল। ইয়াৰ পিছত, 44 বিলিয়ন ডলাৰ পুনৰুদ্ধাৰ কৰিবলৈ, তেওঁ টুইটাৰৰ ব্লু টিক একাউণ্টৰ পৰা প্ৰতি মাহে 8 ডলাৰ মাচুল লোৱাৰ সিদ্ধান্ত লৈছে। ইলন মাস্কে শেহতীয়াকৈ ঘোষণা কৰিছিল যে টুইটাৰৰ প্ৰমাণীকৃত একাউণ্টবোৰে এতিয়া প্ৰতি মাহে 8 ডলাৰ পৰিশোধ কৰিব লাগিব।

ইয়াৰ বাহিৰেও, এতিয়া যিকোনো ব্যক্তিয়ে তেওঁৰ একাউণ্ট8 ডলাৰত প্ৰমাণিত কৰিব পাৰে, কিন্তু মাস্কৰ সিদ্ধান্ত এটা কোম্পানীৰ বাবে অতি গধুৰ হৈ পৰিছে।টুইটাৰৰ পৰিশোধকৰা নীলা প্ৰমাণীকৰণৰ বাবে, এই ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানীটোৱে সম্পূৰ্ণ 1.20 লাখ কোটি টকা হেৰুৱাইছে।

পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সুবিধা আৰম্ভ কৰাৰ পিছত, বহুতো টুইটাৰ ব্যৱহাৰকাৰী আছে যিয়ে এটা ভুৱা একাউণ্ট সৃষ্টি কৰি ইয়াক সহজে পৰীক্ষা কৰি আছে। ইয়াৰ জৰিয়তে, তেওঁলোকে ভুৱা বাতৰি প্ৰচাৰ কৰি আছে। শেহতীয়াকৈ, এনে এটা আচৰিত ঘটনা পোহৰলৈ আহিছে।বিশ্বৰ আগশাৰীৰ ফাৰ্মাচী কোম্পানী এলি লিলি (এলআই)ৰ নামত এটা ভুৱা একাউণ্ট সৃষ্টি কৰা হৈছিল আৰু ইয়াক মাত্ৰ $8 পৰিশোধ কৰি প্ৰমাণিত কৰা হৈছিল।
ইয়াৰ পিছত, তেওঁ এই ভুৱা একাউণ্টৰ পৰা টুইট কৰিছিল, ‘ইনচুলিন এতিয়া বিনামূলীয়া’। এই টুইটটো বৃহস্পতিবাৰে ভুৱা একাউণ্টৰ পৰা কৰা হৈছিল। ইয়াৰ পিছত, কিছুমান বিনিয়োগকাৰীয়ে এই টুইটটো লক্ষ্য কৰে আৰু তেওঁলোকে এই টুইটটো সঁচা বুলি বিবেচনা কৰে। ইয়াৰ পিছত, কোম্পানীটোৰ শ্বেয়াৰ এদিনত 4.37 শতাংশ হ্ৰাস পায়।

এনে পৰিস্থিতিত, কোম্পানীটোৱে প্ৰায় 1.20 লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল। ইয়াৰ পিছত, কোম্পানীটোৱে ইয়াৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰি খৰখেদাকৈ এই বাতৰিটো অস্বীকাৰ কৰে আৰু কয় যে কোম্পানীটোৱে এনে কোনো সিদ্ধান্ত লোৱা নাই। মানিকণ্ট্ৰোলৰ প্ৰতিবেদন অনুসৰি, এই বাতৰিটো আহিছে।টুইটাৰে ইয়াৰ পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সেৱা বৰ্তমানৰ বাবে স্থগিত ৰাখিছে।

পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সেৱা আৰম্ভ হোৱাৰ পৰা, ভুৱা একাউণ্টৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হৈ আহিছে। বিশ্বজুৰি ডাঙৰ ব্ৰেণ্ড, কোম্পানী আৰু মানুহৰ নামত ভুৱা একাউণ্টৰ সংখ্যা (টুইটাৰ ফেক একাউণ্ট) নিৰন্তৰ বৃদ্ধি হৈ আছে।

এনে পৰিস্থিতিত, কোম্পানীয়ে এই পৰিশোধ কৰা নীলা প্ৰমাণীকৰণ সেৱাত কিছু গুৰুত্বপূৰ্ণ পৰিৱৰ্তন কৰাৰ পিছত ইয়াক পুনৰাৰম্ভ কৰিব পাৰে। এই সন্দৰ্ভত তথ্য প্ৰদান কৰি ইলন মাস্কে কৈছে যে এই সুবিধাটো অহা সপ্তাহৰ শেষৰ ফালে পুনৰ আৰম্ভ কৰিব পাৰি।
অৱশেষত অভিনেত্ৰী বিপাশা বসু মাক হোৱাৰ ভাল খবৰটো আহিল। অভিনেতা কৰণ সিং গ্ৰোভাৰৰ সৈতে বিবাহৰ ছয় বছৰৰ পিছত বিপাশা মাতৃ হৈছে। তেওঁলোকৰ অনুৰাগীসকলে স্বাভাৱিকতে এই বাতৰিটো শুনি উৎসাহিত হৈছে। অভিনেত্ৰীগৰাকীয়ে শনিবাৰে এটি কন্যা সন্তান জন্ম দিছে।

উল্লেখ্য অভিনেত্ৰীগৰাকীয়ে তেওঁৰ গৰ্ভধাৰণৰ খবৰ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। তেতিয়াৰে পৰা বিপাশা আৰু কৰণে অনুৰাগীসকলৰ মাজত বিভিন্ন ফটো শ্বেয়াৰ কৰি আহিছে। কিছুদিন আগতে বিপাশাৰ এটা বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈছিল। সেই অনুষ্ঠানত অভিনেত্ৰীগৰাকীয়ে মাকৰ সৈতে বঙালী কইনাৰ সাজত সকলোৰে সন্মুখত দেখা দিছিল।
অনুষ্ঠানটোৰ টেগলাইনত লিখা আছিল, “এটা সৰু বান্দৰ আহি আছে। আমি তেওঁৰ বাবে অপেক্ষা কৰি আছো।” অনুষ্ঠানটোত অতিথি হিচাপে আমন্ত্ৰণ জনোৱা সকলৰ বাবে এটা বিশেষ ড্ৰেছ কোড নিৰ্ধাৰণ কৰা হৈছিল। বিপাশা আৰু কৰণে কেইবা বছৰ ডেটিং কৰাৰ পিছত ২০১৬ চনৰ ৩০ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল।

এই বছৰৰ আগষ্ট মাহত বিপাশাই গৰ্ভৱতী হোৱাৰ খবৰ তেওঁৰ অনুৰাগীসকলক জনাইছিল । তেওঁৰ গৰ্ভৱতী অৱস্থাৰ ফটোশ্বুটে বিশেষ আলোড়োণৰ সৃষ্টি কৰিছিল। উল্লেখ্য কিছুদিন পূৰ্বে বলীউডৰ অভিনেত্ৰী আলিয়া ভাটো মাক হৈছিল। মুঠৰ ওপৰত বলীউডত এতিয়া ভালৰ উপৰি ভাল খবৰ আহিয়েই আছে।