Home Blog Page 2004

বেবেজীয়াত মুমূৰ্ষু অৱস্থাত উদ্ধাৰ এজনক, চিকিৎসালয়ত মৃত্যু

আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই।

বেবেজীয়াৰ বাথাংই গাঁওত সোমবাৰে দীপাৱালীৰ সন্ধিয়া বেবেজীয়া আৰক্ষীয়ে মুমূৰ্ষু অৱস্থাত  উদ্ধাৰ কৰিলে এজন ব্যক্তিক। আৰক্ষী সূত্ৰে জানিব পৰা মতে, সোমবাৰে সন্ধিয়া বাংথাই গাঁৱৰ পথৰ কাষত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত ব্যক্তিজনক পৰি থকা দেখা পাই স্থানীয় ৰাইজে বেবেজীয়া আৰক্ষীক খবৰ দিয়ে।

বেবেজীয়া আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ মুমূৰ্ষু অৱস্থাত ব্যক্তিজনক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায় যদিও চিকিৎসালয়তে ব্যক্তিজনৰ মৃত্যু হয়।

স্থানীয় লোকে ব্যক্তিজনৰ নাম বাবুল বুলি আৰক্ষীক জানিবলৈ দিছে। আৰক্ষীয়ে ব্যক্তিজনৰ আচল পৰিচয়, ঘৰৰ ঠিকনা আৰু পৰিয়ালৰ লোকক বিচাৰি নোপোৱাত মৃতদেহটো চমজাই দিব পৰা নাই। বৰ্তমান নগাঁও চিকিৎসালয়ৰ মৰ্গত আছে ব্যক্তিজনৰ মৃতদেহ।ইপিনে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ভালুকপুঙৰ পৰা বমডিলালৈ যোৱা পথত ভূমিস্খলন; ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ !

ভূমিস্খলনৰ ফলত ভালুকপুঙৰ পৰা বমদিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ।

প্ৰৱল‌ বৃষ্টিপাতৰ ফলত অৰুণাচল প্ৰদেশৰ ৱেষ্ট কামেং জিলাত ভয়ংকৰ ভুমিস্খলন ঘটিছে । ভূমিস্খলনৰ ফলত ভালুকপুঙৰ পৰা বমদিলালৈ যোৱা ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাগ মন্দিৰ আৰু টেঙাৰ মাজৰ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে । ৰাষ্ট্ৰীয় ঘাইপথটোৰ একাংশ ভূমিস্খলনৰ ফলত খহি গৈছে । জানিব পৰামতে অৰুণাচলত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত  মঙ্গলবাৰে পুৱাৰে পৰা শ শ যান-বাহন ৰাজপথত আৱদ্ধ হৈ পৰিছে ।

জেহাদীৰে যোগসূত্ৰ আছে মিঞা পৰিষদৰ দুই নেতাৰ লগতে তানু ধাদুমিয়াৰ-নলবাৰী আৰক্ষী অধীক্ষকে

সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে।

মিঞা মিউজিয়াম স্থাপনক লৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনিজন লোকক। ইতিমধ্যে গোৱালপাৰাৰ লক্ষীপুৰত মিঞা মিউজিয়াম স্থাপন কৰা অসম মিঞা পৰিষদৰ কেন্দ্ৰীয় সভাপতি মহৰ আলী আৰু উপ–সভাপতি আব্দুল বাতেনক গোৱালপাৰাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত নিশাই দুয়োকে নলবাৰী সদৰ আৰক্ষী থানালৈ লৈ অহা হয়।

আনহাতে, এই মিঞা মিউজিয়ামৰ উদ্বোধক তানু ধাদুমিয়াকো গ্ৰেপ্তাৰ কৰি লৈ অনা হৈছে নলবাৰীলৈ। সম্প্ৰতি তিনিওজনকে পৃথকে পৃথকে জেৰা অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীয়ে। ইফালে নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকে তিনিওজনৰে কিছুদিন পূৰ্বে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জেহাদীৰে যোগসূত্ৰ পোৱা বুলি জনাইছে সংবাদ মাধ্যমক।

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ।

মিঞা পৰিষদৰ উপ–সভাপতি আব্দুল বাতেন শ্বেখৰ গ্ৰেপ্তাৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ গোন্ধ পালে মিঞা পৰিষদে, কি ক’লে পৰিয়ালে?

মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায় বিচাৰো।’

মিঞা পৰিষদৰ উপ-সভাপতি আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ পৰিয়ালৰ লোকৰ। ধুবুৰী লোকসভা সমষ্টিৰ পৰা ২০২৪ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰিকল্পনা কৰা আব্দুল বাতেন শ্বেখ ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হোৱাৰ সন্দেহ কৰিছে বাতেনৰ জ্যেষ্ঠ ভাতৃ আব্দুল কাদেৰ আনচাৰীয়ে।

ইফালে, আব্দুল বাতেন শ্বেখক গ্ৰেপ্তাৰ সন্দৰ্ভত মিঞা পৰিষদৰ আব্দুল মতলেব চৌধুৰীয়েও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। আব্দুল বাতেনক গ্ৰেপ্তাৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য। তেওঁ কয়, ‘‘মিঞা মিউজিয়াম স্থাপন কৰিছিল গোৱালপাৰাৰ লক্ষীপুৰত, যদি তেওঁলোকে কিবা অন্যায় কৰিছে গোচৰ হ’ব লাগিছিল গোৱালপাৰা জিলাত। কিন্তু আব্দুল বাতেনক গ্ৰেপ্তাৰৰ পিছত লৈ যোৱা হ’ল নলবাৰীলৈ। আৰু গোচৰ লোৱা হ’ল ১৬২/২২ নম্বৰত ঘগ্ৰাপাৰ আৰক্ষী থানাত।’’

মিঞা পৰিষদৰ নেতাৰ স্পষ্ট মন্তব্য, ‘অসমৰ মুখ্যমন্ত্ৰী যথেষ্ট শিক্ষিত মানুহ, আৰু আমাৰ তেওঁৰ ওপৰত আস্থা আছে, আমি ন্যায় বিচাৰো।’

কাকপথাৰৰ যুৱকক অৰুণাচলী লোকে গুলীয়াই হত্যা কৰাৰ সন্দেহ সৰ্তীথৰ। 

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এজন যুৱক চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হৈ থকা ঘটানাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজনক অৰুণাচলী লোকে গুলীয়াই হত্যা কৰাৰ সন্দেহ সৰ্তীথৰ। জানিব পৰা মতে, কাকপথাৰ বৰালি উভতা গাঁৱত লেহুক মৰাণ(টকলা) নামৰ যুৱকজনক ইটানগৰৰ হেজালিত হত্যা কৰাৰ সন্দেহ। কাকপথাৰ টকৌ পথাৰৰ মনোজ ফুকনৰ নেতৃত্বত অৰুণাচলত কামত ব্যৱহাৰ হৈ থকা হাতী উভতাই আনিবলৈ মাউত হিচাবে সতীৰ্থ সম্বন্ধীয় ইন্দ্ৰেশ্বৰ মৰাণ (কটীয়া)ৰ সৈতে যোৱা লেহুক মৰাণ ১৭ অক্টোবৰ পৰা নিৰুদ্দেশ হৈ আছিল।

ইন্দ্ৰেশ্বৰ মৰাণে সন্দেহ কৰা মতে অৰুণাচলী লোকে লেহুক মৰাণক গুলিয়াই হত্যা কৰিছে। মুঠ চাৰিটাকৈ হাতী উভতাই আনিবলৈ গৈ অৰুণাচলী লোকৰ কৱলৰ পৰা লেহুকৰ সৈতে তেওঁ পলাই আহোতেই লেহুক মৰাণ নিৰুদ্দেশ হয়। পলোৱাৰ সময় বন্দুকৰ গুলীৰ শব্দ শুনাৰ কথা জানিবলৈ দিয়ে কটীয়া ওৰফে ইন্দ্ৰেশ্বৰ মৰাণে। ঘটনা সন্দৰ্ভত কাকপথাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে দুখনকৈ এজাহাৰ দাখিল কৰিছে। নিৰুদ্দিষ্ট লেহুক মৰাণৰ সন্ধান উলিয়াই দিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

‘‘মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিয়ে মিঞা জাতিটোক কেতিয়াও ভৱিষ্যতৰ দিনত প্ৰশ্ৰয় নিদিয়ে।” -দিগন্ত কলিতা

মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে -দিগন্ত কলিতা

মিঞা বুলি কোনো জাতি নাই। বৰ অসম কোনোবাই জুই লগালে, এই জুই আমি লাগিব নিদিওঁ। এই জুই নুমাবল চেষ্টা কৰিম আমি। মিঞা শব্দটো নাইকীয়া কৰিবৰ বাবে মিঞা মিউজিয়াম বন্ধ কৰি অসম চৰকাৰে সঠিক সিদ্ধান্ত লৈছে। এই মন্তব্য বিধায়ক দিগন্ত কলিতাৰ।

কমলপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে আৰু বিজেপিয়ে মিয়া জাতিটোক কেতিয়াও ভৱিষ্যতৰ দিনত প্ৰশ্ৰয় নিদিয়ে। অনাগত দিনত এনে নকৰিবলৈ সকীয়াই দিয়া হৈছে। অসমত থকা একাংশ বিধায়ক অসমীয়া নে মিঞা। তেওঁলোক অসমীয়া হ’লে মাত মাতিলেহেঁতেন। ভোট বেংকৰ ৰাজনীতিত কংগ্ৰেছে সদায় মিঞাসকলক তোষামোদ কৰি আহিছে। মিঞা সমৰ্থন কৰা কংগ্ৰেছীসকলে বাংলাদেশলৈ যাওক, তাতে মিঞা পৰিষদ গঠন কৰক আমাৰ আপত্তি নাই।’’ AQIS/ABTৰে লিংক থকা কথাটো কোৱা হৈছে, তাৰ বাবে চৰকাৰে বা গৃহ বিভাগে কঠোৰ ব্যৱস্থা ল’ব লাগে বুলিও কয় কলিতাই।

বগীবিল দলঙত ভয়ংকৰ পথ দুৰ্ঘটনা; দুখন ৪ চকীয়া বাহন আৰু এখন বাইকৰ মাজত প্ৰচণ্ড খুন্দা; বাইক আৰোহীজনৰ থিতাতে মৃত্যু

এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)

এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয় বগীবিল দলঙত (Bogibeel Bridge)। দুখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত হোৱা সংঘৰ্ষত এজন লোক নিহত (Bike Rider Died) হোৱাৰ লগতে আহত তিনিজন লোক (2 four Wheeler Car And Bike Collided)

বগিবিল দলঙৰ ওপৰত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। মুখামুখি সংঘৰ্ষৰৰ ফলত এখন চাৰিচকীয়া বাহন দলঙৰ ওপৰতে বাগৰি পৰে।

প্ৰাপ্ত খবৰ অনুসৰি মঙলবাৰে পুৱা ৮:৩০ বজাতে চিলাপথাৰ দিশৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AR01H/1975 নম্বৰ বগা ৰঙৰ পিজাৰিঅ স্পৰ্টছ বাহন আৰু চিলাপথাৰ দিশৰ পৰা যোৱা AR01J/9465 নম্বৰৰ বগা হোন্দা ক্ৰেটা বাহন দুখনৰ মাজত মুখামুখি সংঘৰ্ষৰৰ ফলত বগীবিল দলঙৰ ২৯ নম্বৰ খুঁটাৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

ইপিনে হোন্দা ক্ৰেটা বাহনখনৰ পিছে পিছে ডিব্ৰুগড়ৰ অভিমুখে মাছ কঢ়িয়াই নিয়া এজন মাছ ব্যৱসায়ী নিজ AS-22 E- 3120 নম্বৰযুক্ত বাইকখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি যোৱা বাহনখনৰ ওপৰত প্ৰচণ্ডভাবে খুন্দিয়াই বহু দূৰলৈকে চিটিকি পৰে আৰু গুৰুতৰভাবে আহত হয়। দুৰ্ঘটনাটোত সম্পূৰ্ণৰূপে চূৰ্ণ-বিচূৰ্ণ হয় গাড়ী দুখন আৰু বাইকখন।

মৃত বাইক আৰোহীজন তিনিঘৰীয়াৰ বাবা মিলি বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাৰ ফলত বহু সময় ধৰি বগীবিল দলঙৰ (Bogibeel Bridge) দুয়োকাষে শ শ যান বাহন আবদ্ধ হৈ পৰে।

চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপুৰ্তি আৰু বটা প্ৰদান অনুষ্ঠান সম্পন্ন…

সাংবাদিকে বিচাৰকৰ ভূমিকা লোৱাতো যুক্তি সংগত নহয় -জিতু শৰ্মা ৰাজখোৱা:

বিশেষ প্ৰতিবেদক চৰাইদেউ :সাম্প্রতিক সময়ত সংবাদ পত্রলৈ প্ৰত্যহবান আহিছে। সংবাদ পত্রৰ প্ৰতি সাধাৰণ জনতাৰ ‘বিশ্বাস যোগ্যতা’ পৰ্য্যায় ক্রমে হ্রাস পোৱাৰ কাৰণ হৈছে একাংশ সাংবাদিকৰ বিচাৰকৰ ভূমিকা গ্রহণ কৰাৰ ফলত। সাংবাদিক কেতিয়াও বিচাৰক ভূমিকা ল’ব নেলাগে।

সাংবাদিক জনতাৰ অতন্দ্র প্ৰহৰীহে বিচাৰক নহয়। সাহিত্য সভাৰ সভাপতি কোন হ’ব লাগে, কাক বিধায়ক ৰূপে জয়ী কৰাব লাগে এনে বোৰ বিষয়ত বিচাৰকৰ ভূমিকা লোৱা তো জানো যুক্তি সংগত হৈছে। এনে বোৰ কাৰকলৈ ৰাজ্যৰ জেষ্ঠ সাংবাদিক সকল ‘ মূখ বন্ধ’কৰি দূৰৈৰ পৰা বৰ্তমানৰ সাংবাদিকৰ আচৰণ প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰিছে। সংবাদ মাধ্যমৰ প্ৰতি দায়বদ্ধতা খিনি বহু সাংবাদিকে জলাঞ্জলি দি স্বাৰ্থান্ধ মনোবৃত্তিৰে আগবাঢ়ি যোৱাত সংবাদ পত্রলৈ প্ৰবল প্ৰত্যাহ্বান অহা বুলি ধাৰণা কৰিব পাৰি।

চৰাইদেউ জিলা ৰ পৰা প্ৰকাশিত পেষকীয়া চৰাইদেউ বাতৰিৰ দ্বাদশ বৰ্ষপুৰ্তি আৰু বটা প্ৰদান অনুষ্ঠানৰ লগত সংগতি ৰাখি ২৩ অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত সাম্প্রতিক সময়ৰ বাতৰি কাকতৰ ভবিষ্যত আৰু সাংবাদিকৰ দায়বদ্ধতা শীর্ষক বক্তৃতা অনুষ্ঠানত মূখ্য বক্তা ৰূপে অংশ গ্রহন কৰি অসম ৰাজ্যিক সাংবাদিক সন্হাৰ সভাপতি তথা জেষ্ঠ সাংবাদিক জিতু শৰ্মা ৰাজখোৱাই এনেদৰে কয়। সাংবাদিক গৰাকী য়ে লগতে কয় যে ডাঙৰ কাকততকৈ ক্ষুদ্র ক্ষুদ্র কাকত সমূহ লৈ প্ৰবল প্ৰত্যাহ্বান নামি আহিছে।

পৰিৱেশ আৰু পৰিস্থিতিৰ তিষ্ঠা থাকিব নোৱাৰি বহু ক্ষুদ্র কাকত বন্ধ হৈ গৈছে। তেনে সময় চোৱাত ‘চৰাইদেউ বাতৰি’কাকত খনে সাহসিকতা ৰে প্ৰকাশ কৰি সুষ্ঠ সাংবাদিকতা প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। প্ৰাক্তন উপায়ুক্ত তথা বিশিষ্ট লেখক বিবেকানন্দ ফুকনে সঞ্চালনা কৰা অনুষ্ঠানত উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই চৰাইদেউ বাতৰিৰ মূখ্য উপদেষ্টা ধৰ্মেশৰ কোৱৰে এনে দৰে কয় কাকত খনে সম্পূর্ণ এন. জি. অৰ আৰ্হিৰে নতুন প্রজন্মৰ মানসিক আৰু বৌদ্ধিক উত্তৰনৰ নিমিত্তে কাম কৰি আহিছে। আৰু ভবিষ্যতেও কৰি যোৱাৰ সংকল্পৰ বিষয়ে ব্যাখ্যাত উপদেষ্টা গৰাকী য়ে উল্লেখ কৰে।

কাকত খনত মূখ্য সম্পাদক মৃদুল কুমাৰ চাহুয়ে বন্তি প্ৰজ্বলনৰে আৰম্ভ হোৱা বটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে নগালেণ্ড বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচার্য ডঃ বলীন কোঁৱৰ, সদৌ অসম যুৱ পৰিষদৰ সভাপতি ৰমেন চৌধুৰী, অসম তথ্য ও জনসংযোগ কর্মচাৰী সন্হাৰ কেন্দ্রীয় সম্পাদক নীলমণি দাস, ইতিয়ান এক্সপ্রেস কাকত গোষ্ঠীৰ প্ৰৱন্ধক বিপুল কলিতা, আৰ্টফেদৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা, অসম ৰাজ্যিক সাংবাদিক সন্হাৰ প্ৰধান সম্পাদক তথা সাংবাদিক পেঞ্চনাৰ ৰাতুল বৰা, ডঃ দীপক তাচা , ৰামনাথ ভূমিজকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখন তেই ৰাজ্য চৰকাৰৰ জলসম্পদ, তথা জনসংযোগ মন্ত্রী শ্রীযুত পীয়ুষ হাজৰিকা’ক কৰ্ম ভূষন -২০২২ ,

কৰ্মদক্ষতা বঁটা, শিক্ষয়িত্রী ভানু ভৰালী শোঁৱৰনী যুৱ সাংবাদিকতা ২০২২ বঁটা জনপ্রিয় নিউজ চেনেল এন. ডি ২৪ ৰ মূখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক, সমাজ কৰ্মী সুফল তাচা সোৱঁৰনী শিক্ষা ৰত্ন ২০২২ বঁটা ইউ এচ টি এমৰ আচার্য্য মাননীয় সহববুল হক’ক নগালেণ্ড বিশ্ব বিদ্যালয়ৰ প্ৰাক্তন উপাচার্য্য ডঃ বলীন কোঁৱৰক প্ৰজ্ঞাৰ সাধক -২০২২ বৰ্ষ বঁটা আৰু নাৰীবাদী নেত্রী বীনাৰানী ভূমিজ সোঁৱৰণী সমাজ সেৱা বঁটা সমাজ কৰ্মী ডঃ ৰাজীৱ কুমাৰ মহত্বক প্ৰদান কৰা হয়। কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালীয়ে আতধৰা উক্ত অনুষ্ঠানতেই বিশেষ ভাবে সম্বৰ্দ্ধনা জনোৱা হয় দৈনন্দিন বাৰ্তা’ৰ কাৰ্য্যবাহী সম্পাদক ডিম্পুল চুতীয়া, অসম ৰাজ্যিক সাংবাদিক সন্হাৰ প্ৰধান সম্পাদক তথা সাহিত্যিক পেঞ্চনাৰ ৰাতুল বৰা, তথ্য ও জনসংযোগ বিভাগৰ চৰাইদেউ জিলা কাৰ্য্য লয়ৰ কৰ্মচাৰী ভাস্কৰ বৰদলৈ,

অসম আদিত্য কাকতৰ সহ সম্পাদক হৰেন সোণোৱাল, যুৱ সংগঠন, টাই আহোম যুথ ফৰামৰ সভাপতি বিশ্বজিৎ গগৈ, এছিয়া বুক অফ ৰেকৰ্ডছ ত অন্তর্ভুক্তি শিশু লেখক শ্রীমান আয়ুস্মান কলিতা, আন্ত ৰাষ্ট্ৰীয় লন বল খেলুৱৈ বীমা বড়া আৰু অন্যান্য শইকীয়া কো বিশেষ ভাবে সম্বৰ্ধনা জনোৱা সভাখনত এটি সুন্দৰ পাৰ্বতি সংগীত পৰিবেশ কৰি পৰিবেশ সৌৱষ্ঠ বৃদ্ধি কৰে পূবালী শৰ্মা বৰদলৈয়ে। উল্লেখ্য যে চৰাইদেউ জিলা ৰ পৰা অধ্যয়ন তথা চাকৰি সংক্রান্তত গুৱাহাটীত থকা ছাত্র ছাত্রী সকল উক্ত অনুষ্ঠানত পূর্ণ সহযোগিতা আগবঢ়াই। টাই আহোম য়ুথ ফৰামৰ সহযোগত অনুষ্ঠিত বৰ্ষপূতি আৰু বঁটা প্ৰদান অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই কাকতৰ মূখ্য সম্পাদক মৃদুল কুমাৰ চাহুয়ে ।

দীপান্বিতাৰ আনন্দ উল্লাসৰ মাজতে জ্বলি ভস্মীভূত হ’ল গোহালীৰ গৰু, গড়ালৰ গাহৰি আৰু হাঁ‌হ কুকুৰা…

পোহৰৰ উৎসৱ দিপাৱলীৰ আনন্দ উল্লাসৰ মাজতে হঠাতে কাল ধুমুহা নামি আহে এটি চহা গাঁৱলীয়া পৰিয়াললৈ । চৰাইদেউ জিলা অসম-অৰুণাচল সীমান্তৰ স্পৰ্ষকাতৰ অঞ্চল চৰাইপুং ডাবলুহাবি গাঁ‌ৱৰ নন্দ গোঁহাইৰ বাসগৃহত সংঘটিত হৈছে এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ দিপাৱলীৰ অমানিশা সন্ধিয়াটোত দিনৰেপৰা দি থকা নেৰানেপেৰা কিন-কিনিয়া বৰষুণ আৰু পাতলীয়া বৰষুণজাকৰ মাজতে গোহালীত মহ-দাঁ‌হ খেদিবলৈ দিয়া ধোঁ‌ৱাৰ জুইয়ে ললে কালৰূপ।

বিধ্বংসী জুইকুৰাৰ সৰ্বনাশী কালৰূপে নিমিষতে ভস্মীভূত কৰিলে গৰু, গড়ালৰ গাহৰি আৰু হাঁ‌হ-কুকুৰাকে আদি কৰি লক্ষাধিক টকাৰ সা-সম্পত্তি । প্ৰাপ্ত তথ্য অনুসৰি জটিল ৰোগত আক্ৰান্ত নন্দ গোঁহাইৰ পত্নী বহুদিন ধৰি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । তেওঁলোকৰ একমাত্ৰ পুত্ৰ ভীম গোঁ‌হাইয়ো মাকৰ আল পৈচান ধৰি চিকিৎসালয়তে আছিল। ঘৰখনৰ একমাত্ৰ মুৰব্বী নন্দ গোঁ‌হাইয়ে গোহালীৰ গৰুকেইটাৰ মহ মাখি খেদোৱা জুইকুৰাই যে অঘটন ঘটালে সেই কথা ধাৰাষাৰ বৰষুণজাকৰ বাবে ঘৰৰ মুৰব্বী নন্দ গোঁ‌হাই তথা প্ৰতিবেশী কোনো এঘৰ মানুহেই গম নাপালে ৷ যেতিয়া গম পাইছে তেতিয়া বহু পলম হৈ গ’ল৷

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই জনতা ভৱনত “লাচিত বৰফুকন এপ আৰু শীৰ্ষক এটা প’ৰ্টেল ” মুকলি কৰে…

আই অসমীৰ সৰ্বকালৰ অন্যতম মহান পুত্ৰ মহাবীৰ লাচিত বৰফুকনৰ আগন্তুক ৪০০সংখ্যক জন্মবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি জনতা ভৱনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌‌ই lachitbarphukan.assam.gov.in শীৰ্ষক এটা প’ৰ্টেল আৰু Lachit Barphukan নামেৰে এটা এপ মুকলি কৰি নথৈ আনন্দিত হয়।

এই প’ৰ্টেল আৰু এপৰ যোগেদি অসমৰ জনতা আৰু দেশে-বিদেশৰ বিভিন্ন ভাষা-ভাষীৰ লোকে মহান বীৰগৰাকীক স্মৰণেৰে নিজৰ মনৰ ভাব ব্যক্ত কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰিব।


এই এপ আৰু প’ৰ্টেলে লাচিত বৰফুকনৰ দেশপ্ৰেম আৰু মাতৃভূমিৰ প্ৰতি থকা আনুগত্যৰ বিষয়ে নিজৰ মতামত প্ৰকাশৰ বাবে ৰাইজক এখন মঞ্চ প্ৰদান কৰিব।

মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ প্ৰতিগৰাকী বাসিন্দা আৰু অসমৰ বাহিৰত বাস কৰা প্ৰতিগৰাকী অসমীয়ালৈ আহ্বান জনাই যে যাতে বীৰগৰাকীৰ ৪০০সংখ্যক জয়ন্তী উদযাপনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি ইয়াক এক গণ আন্দোলনলৈ ৰূপান্তৰিত কৰাত আগভাগ লয়।


এই উপলক্ষত কেবিনেট সতীৰ্থ ডাঃ ৰণোজ পেগু, শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী, শ্ৰীপীযুষ হাজৰীকা, শ্ৰীজয়ন্ত মল্লবৰুৱা, শ্ৰীঅতুল বৰা, শ্ৰীনন্দিতা গাৰ্লোছা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীতুলিৰাম ৰংহাং আৰু অসম চৰকাৰৰৰ মুখ্য সচিব শ্ৰীপৱন কুমাৰ বৰঠাকুৰৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।