Home Blog Page 2195

মহানগৰীত ৫৪ফুট বহল পতাকাই দৃষ্টি আকৰ্ষণ কৰিছে পথচাৰীৰ …

মহানগৰীৰ মাজমজিয়াত উৰিছে এইখন ত্ৰিৰংগা। ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে এই বৃহৎ পতাকাখন নিৰ্মাণ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত এইদৰে আঁৰি থৈছে মহানগৰীৰ আঠগাঁৱৰ ব্যৱসায়ী নাজাকাট আলী চৌধুৰীয়ে।

এখন বৃহৎ ত্ৰিৰংগা। মহানগৰীৰ মাজমজিয়াত উৰিছে এইখন ত্ৰিৰংগা। ৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ অমৃত মহোৎসৱ উপলক্ষে এই বৃহৎ পতাকাখন নিৰ্মাণ কৰি নিজৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত এইদৰে আঁৰি থৈছে মহানগৰীৰ আঠগাঁৱৰ ব্যৱসায়ী নাজাকাট আলী চৌধুৰীয়ে।

এইবাৰ দেশে স্বাধীনতা লাভ কৰাৰ ৭৬ বছৰত ভৰি দিয়া উপলক্ষে ৫৪ ফুট বহল আৰু ২২ ফুট দীঘল হিচাপত পতাকাখন নিৰ্মাণ কৰা হৈছে। প্ৰতিষ্ঠানখনৰ সন্মুখেৰে পাৰ হৈ যোৱা সকলো লোকেই এতিয়া এবাৰ হ’লেও চকু ফুৰাই গৈছে বৃহৎ পতাকাখনৰ ফালে।

দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বান অনুসৰি এতিয়া ৰঙীন হৈ পৰিছে সকলোৰে ঘৰ, বাহন, ব্যৱসায় প্ৰতিষ্ঠান। দেশপ্ৰেমৰ ভাবেৰে উদ্বুদ্ধ হৈ তিনিদিনীয়া অমৃত মহোৎসৱ পালনত অংশ লোৱা দেখা গৈছে সকলো স্তৰৰ লোককে।

স্বাধীনতা দিৱসৰ পূৰ্বে মহাকাশচাৰী সামান্থা ক্ৰিষ্টোফৰেটিয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ (আইএছএছ) পৰা শুভেচ্ছা প্ৰেৰণ …

১৫ আগষ্টত ভাৰতৰ স্বাধীনতা দিৱসৰ পূৰ্বে মহাকাশচাৰী সামান্থা ক্ৰিষ্টোফৰেটিয়ে আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ (আইএছএছ) পৰা শুভেচ্ছা প্ৰেৰণ কৰে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ দ্বাৰা শ্বেয়াৰ কৰা এটা ভিডিঅ’ত মহাকাশচাৰীগৰাকীয়ে কয়, “স্বাধীনতাৰ ৭৫ বছৰৰ বাবে ভাৰতক অভিনন্দন জনোৱাটো আনন্দৰ বিষয়।” তাই আন্তৰ্জাতিক এজেনৰ কথাও উল্লেখ কৰিছিল ।

আই এছ এছ মহাকাশচাৰীসকলে স্বাধীনতা দিৱসৰ পূৰ্বে বিক্ৰম চাৰাভাইৰ জন্ম জয়ন্তীত ভাৰতক শুভেচ্ছা জনাইছে
আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰটোৱেও নাছা আৰু সকলো আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ হৈ ভাৰতলৈ শুভেচ্ছা জ্ঞাপন কৰি আগবাঢ়ি আহিছে।

যিহেতু ভাৰতে ইয়াৰ ৭৫ তম স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে, সমগ্ৰ বিশ্বৰ পৰা শুভকামনা ৰৈ গৈছে। শেহতীয়াকৈ, আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰইও নাছা আৰু সকলো আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ হৈ ভাৰতলৈ শুভেচ্ছা জ্ঞাপন কৰি আগবাঢ়ি আহিছে।

টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ত ইটালীৰ মহাকাশচাৰী সামান্থা ক্ৰিষ্টোফৰেট্টিক দেশৰ মহাকাশ সংস্থা ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ক ‘গগনযান’ কাৰ্যসূচীৰ শুভেচ্ছা জনোৱা আৰু স্বাধীনতাৰ ৭৫ বছৰৰ বাবে ভাৰতক অধিক অভিনন্দন জনোৱা দেখা গৈছে।

“আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা শুভেচ্ছা। স্বাধীনতাৰ ৭৫ বছৰৰ বাবে ভাৰতক অভিনন্দন জনোৱাটো আনন্দৰ বিষয়”, তেওঁ কয়।

Tভিডিঅ’টো ইছৰোৱে নাছা, ইউৰোপীয় মহাকাশ সংস্থা (ইএছএ) আৰু আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰক আজাদী কা অমৃত মহোৎসৱত তেওঁলোকৰ শুভেচ্ছাৰ বাবে ধন্যবাদ জনাই পুনৰ শ্বেয়াৰ কৰিছিল।

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰই ‘গগনযান’ কাৰ্যসূচীৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে
মহাকাশচাৰীগৰাকীয়ে ১ মিনিট ১৩ ছেকেণ্ড দীঘল ভিডিঅ’টোত বক্তব্য ৰাখি ইছৰো আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহৰ মাজত কেইবাটাও মহাকাশ আৰু বিজ্ঞান অভিযানৰ ওপৰত এক দশকৰ সহযোগিতাৰ কথা উল্লেখ কৰে আৰু কয় যে “ইছৰোৱে আগন্তুক নাছা পৃথিৱী বিজ্ঞান মিছনৰ বিকাশৰ ওপৰত কাম কৰি থকাৰ বাবে এই সহযোগিতা আজিও অব্যাহত আছে।

“ইএছএ, নাছা আৰু সকলো আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ হৈ, মই ইছৰোৰ বাবে শুভকামনা জনাইছো কিয়নো ই গগনযান কাৰ্যসূচীত কাম কৰে আৰু মানুহক মহাকাশলৈ প্ৰেৰণ কৰিবলৈ সাজু হয়। ইছৰোৰ সৈতে আমাৰ অংশীদাৰীত্ব সম্প্ৰসাৰিত কৰা আৰু বিশ্বব্ৰহ্মাণ্ডক একেলগে অন্বেষণ কৰাটো ভৱিষ্যতৰ মহাকাশ অন্বেষণৰ বাবে আমাৰ সকলোৰে বাবে এক লক্ষ্য”, তেওঁ লগতে কয়।

লক্ষণীয়ভাৱে, ভিডিঅ’টো আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সান্ধুৱে তেওঁৰ টুইটাৰ হেণ্ডেলত শ্বেয়াৰ কৰিছিল। তেওঁ লিখিছিল, “আকাশ সীমা নহয়! #space আইএছএছৰ পৰা শুভকামনা যিহেতু #India উষ্ম বাৰ্তাৰ বাবে মহাকাশচাৰী সামান্থাক প্ৰশংসা #75YearsofIndependence উদযাপন কৰে। নাছা, ইছৰো আৰু ইএছএ-ৰ মাজত এক প্ৰকৃত অংশীদাৰীত্ব।”

 

ওদালগুৰিত জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা …

ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উদ্যোগত আজি ওদালগুৰি টাউন কমিটিৰ সভা গৃহত জিলা ভিত্তিক যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয় যায়।ওদালগুৰি জিলা যোগাসন ক্ৰীড়া সন্থাৰ উপদেষ্টা দেৱৰাজ সাপকোটাই জাতীয় পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে ।

যোগাসন ক্ৰীড়া প্ৰতিযোগিতা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা আয়ুক্ত নিলাক্ষী বৈশ্য,
জিলা যোগাসন ক্ৰীড়া সন্থাৰ সভাপতি বিশ্বনাথ কছাৰী, সম্পাদক মিতু শইকীয়া, সমাজ কৰ্মী বিকণ চন্দ্ৰ ডেকাই, আনহাতে প্ৰতিযোগিতা আৰম্ভণিতে ওদালগুৰি জিলা পৌৰসভাৰ সভাপতি ৰাকেশ বড়োয়ে ছাত্র ছাত্ৰী উদ্দেশ্য আনুষ্ঠানিক শিক্ষাৰ লগতে আনুসংগিক দিশত আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰে ফাৰহান নাজিন, যিতু মহন্ত, জিতুমণি ডেকাৰ লগতে ষ্টাফ ৰেফাৰী অৰূপ ডেকাই।অনুষ্ঠান খনত সহযোগ কৰে উত্তম উপাধ্যয়, সন্ধ্যা দেৱীয়ে।আজিৰ প্ৰতিযোগিতা ফলাফল অনুসৰি ৯ বছৰ অনুৰ্ধৰত প্ৰথম স্থান পাই খুচি প্ৰিয়া ডেকাই, দ্বিতীয় স্থান পাই বিশাল ডেকাই,তৃতীয় স্থান পাই গায়ত্ৰী ডেকাই, চাব জুনিয়ৰ লৰা শাখাৰ ৯-১৪ বছৰ অনুৰ্ধৰত প্ৰথম স্থান লাভ কৰে গৌতম ডেকাই, দ্বিতীয় স্থান লাভ কৰে ।

পবন গৌড়ে,তৃতীয় স্থান লাভ কৰে অনুৰাগ শিৱম ডেকাই, ১৮ বছৰ উৰ্ধৰ জ্যেষ্ঠ শাখাত প্ৰথম স্থান লাভ কৰে নিৰ্মালি দাস,চাব জুনিয়ৰ ছোৱালী শাখাৰ ৯-১৪ বছৰ অনুৰ্ধৰ প্ৰথম স্থান লাভ কৰে দীক্ষীতা ডেকা, দ্বিতীয় স্থান লাভ কৰে মুন্নী ডেকা, তৃতীয় স্থান লাভ কৰে চেলিনা তিৰকীয়ে আনহাতে জুনিয়ৰ ১৪-১৮ বছৰঅনুৰ্ধৰ শাখাৰ প্ৰথম স্থান লাভ কৰে সঙ্গীতা তিৰকী,দ্বিতীয় স্থান লাভ কৰে মানসি কুজুৰে আৰু তৃতীয় স্থান লাভ কৰে ছুমাটি এক্কায়ে।

চচলৰ ধৰ্নাস্হলীত চুতীয়া স্বায়ত্ত্ব শাসিত পৰিষদৰ সহযোগত চুতীয়া যুৱ সন্মিলনৰ অভিনৱ প্ৰতিবাদ…

ছয় জনগোষ্ঠী জনজাতি কৰনৰ দাবীত দীঘলীয়া সংগ্ৰাম চলাই অহা ছয় জনগোষ্ঠী ঐক্যমঞ্চৰ অন্যতম অংশীদাৰী সংগঠন চুতীয়া যুৱ সন্মিলন অসমে আজি জনগোজনগোষ্ঠীটোৰ দাবীত অকলশৰে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যই সৰ্বত্ৰে চৰ্চা লাভ কৰিছে৷ উল্লেখ্য, আজি চচলৰ ধৰ্নাস্হলীত সংগঠনটোৰ উদ্যোগত আৰু চুতীয়া স্বায়ত্ত্বশাসিত পৰিষদ দাবী সমিতিৰ সহযোগত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জনজাতি কৰনৰ দাবীত পুনৰ ধাৰাধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে৷

‘আমাক জনজাতি লাগিবই’, ‘জনজাতিকৰন চুতীয়াসকলৰ জন্মস্বত্ব অধিকাৰ’, ‘আলোচনাৰ নামত আৰু প্ৰৱঞ্চনা সহ্য কৰা নহব’, মন্ত্ৰীগোটৰ অধ্যক্ষ মূখ্যমন্ত্ৰী ড° শৰ্মাৰ সুমতি ঘুৰি আহক, কেন্দ্ৰক শীঘ্ৰে প্ৰতিবেদন দাখিল কৰক আদি ভিন্ন শ্ল’গানেৰে খোল- তাল- নাগাৰা লৈ নাম প্ৰসংগৰ জৰিয়তে সাব্যস্ত কৰা উত্তাল প্ৰতিবাদৰ মাজেৰে সংগঠনটোৱে জনজাতি কৰনৰ প্ৰসংগত চৰকাৰৰ সদিচ্ছা আৰু স্হিতি শীঘ্ৰে স্পষ্ট কৰিবলৈ দাবী উত্থাপন কৰে৷ অন্যথা উলংগ হৈ চৰম প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ হুংকাৰ প্ৰদান কৰে৷

প্ৰতিবাদত অংশগ্ৰহণ কৰা চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি মোহন চন্দ্ৰ শইকীয়া, কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ, সম্পাদক কৌস্তুভ কিশোৰ চুতীয়াই চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি কেৱল আলোচনা অনুস্হিত কৰিয়েই চৰকাৰে সমগ্ৰ বিষয়টো পৰা আতৰি থকা বুলি অভিযোগ উত্থাপন কৰে৷ সম্পাদক চুতীয়াই কয় যে ১৮৫১ৰ পৰা ১৯৭১লৈকে দেশৰ লোকপিয়লৰ টোকাত চুতীয়া সকলক অনুসূচিত জনজাতি বুলি চিহ্নিত কৰা হৈছিল৷

আদিম ভূমিপুত্ৰ জনগোষ্ঠীটোৰ জনজাতি কৰনৰ বাবে প্ৰয়োজনীয় সকলো বৈশিষ্ট্য আছে যদিও একমাত্ৰ ৰাজনৈতিকগত কাৰনত এই মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত বঞ্চনা কৰি অহা হৈছে বুলি তেওঁ উল্লেখ কৰি আগন্তুক লোকসভা নিৰ্বাচনৰ আগত জনজাতি কৰনৰ মৰ্যাদা প্ৰদান নকৰিলে শাসকীয় চৰকাৰে ভয়াৱহ প্ৰত্যাহ্বানৰ সম্মূখীন হব বুলি হুংকাৰ প্ৰদান কৰে৷ ইফালে ছয় জনগোষ্ঠীৰ জনজাতি কৰনৰ দাবীত কোচ ৰাজবংশী ছাত্ৰ সন্হা, তাই আহোম ছাত্ৰ সন্হা, চাহ জনজাতি ছাত্ৰ সন্হা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্হা আৰু চুতীয়া যুৱ সন্মিলন অসমৰ নেতৃত্বত গঠন হোৱা ছয় জনগোষ্ঠী ঐক্য মঞ্চৰ বিপৰীতে আজি চুতীয়া যুৱ সন্মিলনে পৃথকে প্ৰতিবাদ সাব্যস্ত কৰা কাৰ্যই ব্যাপক চৰ্চা লাভ কৰিছে৷

সমান্তৰালভাৱে বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ব্যাপক আন্দোলন গঢ়ি তুলি ছয় জনগোষ্ঠীৰ ঐক্য মঞ্চৰ কেইবাজনো নেতাই শাসকীয় দলত যোগদান আৰু বিভিন্ন পদবী লাভ কৰাৰ পাছত সম্প্ৰতি পুনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জনজাতি কৰনৰ আন্দোলনে পুনৰ এক তীব্ৰ ৰূপ ধাৰন কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে৷

২৩ বছৰে শিক্ষকতা কৰিও দৰমহা নোপোৱা এজন শিক্ষকে অৱসৰৰ পিছতো অব্যাহত ৰাখিছে পাঠদান …

শিক্ষকসকল মমৰ দৰে, যি নিজে জ্বলি আনক পোহৰ দিয়ে।’ – এই কথাষাৰি নগাঁৱৰ এগৰাকী শিক্ষকৰ ক্ষেত্ৰত শুদ্ধ ৰূপত প্ৰতিফলিত হৈছে। তেওঁৰ নাম হৈছে ৰাজীৱ বৰুৱা । প্ৰায় ২৩ বছৰীয়া শিক্ষকতাৰ কাৰ্যকালত এই শিক্ষকজন বিনা পাৰিশ্ৰমিকৰে শিক্ষাদানৰ দৰে মহান কাৰ্যত ব্ৰতী হৈ থাকিল। ১৯৯৯ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ নগাঁৱৰ আৰবান বেচিক স্কুলত শিক্ষকৰ পদত যোগদান কৰিছিল। তেতিয়াৰে পৰা প্ৰায় ২৩ বছৰ নিৰন্তৰভাবে শিক্ষাদানত ব্ৰতী হৈ থকা শিক্ষকজনে চলিত বৰ্ষৰ মাৰ্চ মাহত এই বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন অগপ চৰকাৰৰ দিনতে অ’ বি বি শিক্ষক হিচাপে অন্য বহু কেইজনৰ লগতে ৰাজীৱ বৰুৱাইও নিযুক্তি পাইছিল। তেওঁৰ লগৰ অন্য সকলে চাকৰি লাভ কৰি নিয়মীয়া দৰ্মহা লাভ কৰে যদিও ৰাজীৱ বৰুৱা মাহিলী দৰমহাৰ পৰা পিছে বঞ্চিত হৈ ৰ’ল।

কিন্তু আৰ্থিক অভাৱ-অনাটনৰ মাজেৰেই তেওঁ শিক্ষাদান কৰি থাকিল ৷ চলিত বৰ্ষৰ মাৰ্চ মাহত বিনা বেতনে তেওঁ অৱসৰগ্ৰহণ কৰে ৷ অৱসৰৰ পাছতো বিদ্যালয়খনৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষক বৰুৱা বৰ্তমানেও শিক্ষা দানত ব্ৰতী হৈ আছে। নগাঁও আৰবান বেচিক স্কুলৰ পৰিচালনা সমিতিয়েও তেওঁক পাঠদানৰ কামত নিয়োজিত কৰি ৰাখিছে ৷ বৰুৱাই মানব সম্পদ গঢ় দিয়াৰ প্ৰচেষ্টাতে নিজকে নিয়োজিত কৰিবলৈ পাই সুখী। চাকৰিত দৰ্মহা লাভ নকৰাৰ বাবে আদালতৰো দ্বাৰস্থ হৈছিল শিক্ষকজন। কিন্তু তেওঁ কোনো সুফল নাপালে ৷

ধনৰ অভাৱৰ বাবেই অতি মেধাবী হোৱাৰ পাছতো নিজ পুত্ৰই বিচৰা ধৰণে শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিব নোৱাৰিলে বৰুৱাই ৷ বৰুৱাই তেওঁৰ সুদীৰ্ঘ শিক্ষকতাৰ কালত বহুতৰে শৈক্ষিক জীৱন শিক্ষাৰ আলোকেৰে আলোকিত কৰিলে । শিক্ষকতাৰ ২৩ বছৰত মাহিলী দৰমহা নাপালেও অৱসৰকালীন পেঞ্চনৰ ব্যৱস্থা কৰি দিবৰ বাবে ৰাজীৱ বৰুৱাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

যাতে জীৱনৰ বাকীচোৱা সময় জীয়াই থকাৰ ক্ষেত্ৰত তেওঁ কিছু সকাহ লাভ কৰে ৷ বৰ্তমানৰ চৰকাৰখনে শিক্ষক ৰাজীৱ বৰুৱাৰ এই আহ্বান শুনিবনে ? সমগ্ৰ কাৰ্যকাল দৰ্মহাৰ পৰা বঞ্চিত ৰাজীৱ বৰুবাই পেঞ্চন লাভ কৰিবনে ? অন্যহাতেদি কাৰ হেমাহিৰ বাবে ৰাজীৱ বৰুৱাৰ দৰে এজন নিষ্ঠাবান শিক্ষক দৰ্মহাৰ পৰা বঞ্চিত হৈ ৰ’ল সিও এক ডাঙৰ প্ৰশ্ন ৷

‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌…

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম মৰাণ সভাৰ সহযোগত ‘মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী’ শীৰ্ষক গ্ৰন্থৰ উন্মোচনী অনুষ্ঠানত আজি উপস্থিত থাকে ড° হিমন্ত বিশ্ব শৰ্মা‌ । অসমৰ ইতিহাসৰ লগত সংপৃক্ত হৈ আছে বিভিন্ন নৃ-গোষ্ঠীয় লোকৰ ভাষা, সংস্কৃতি আৰু লোকজীৱনৰ ধাৰা

এই বিৰাট ভূ-ভাগত মানৱ বসতি আৰম্ভ হোৱাৰ সমসাময়িক স্তৰৰ পৰাই মৰাণসকলৰ সমাজ-সভ্যতাৰ জীৱনযাত্ৰা, অংকুৰণ আৰু উত্তৰণমুখী গতিধাৰা সকলো যুগ বিৱৰ্তনৰ সহচৰ হৈ আহিছে৷ মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী প্ৰণয়নৰ লগত জড়িত থকা সম্পাদনা সমিতি, লেখকসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা‌ই ।

অনুষ্ঠানত উপস্থিত থাকে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, বিধায়কত্ৰয় বলিন চেতিয়া, দুৰ্লভ গোহাঁই, সুৰেন ফুকন, অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণ, গ্ৰন্থখনৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চ্যু-কা-ফা আসনৰ প্ৰাধ্যাপক ড° নিৰোদ বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড° চন্দন কুমাৰ শৰ্মা, অসম মৰাণ সভাৰ উপদেষ্টা দুলাল মৰাণ, থূলেশ্বৰ চেতিয়া, হেমন্ত মৰাণ, সুখীধৰ দহোটীয়া, দীপা শইকীয়া বড়া, অৰুণজ্যোতি মৰাণ,তৰুণ বৰুৱা, লংকেশ্বৰ মৰাণ, বিৰিঞ্চি নেওগ, শ্ৰীধৰ্মেন্দ্ৰ নেওগ, মীনাক্ষী দাস নাথ প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল৷

বঙাইগাঁৱত ভূমিকেন্দ্ৰিক মাৰপিটত এজন গুৰুত্বৰ ভাবে আহত…

বঙাইগাঁৱৰ গোলাপাৰা ১ম খণ্ডত ভূমিকেন্দ্ৰীক মাৰপিটত এজন গুৰুত্বৰ ভাবে আহত। ৩ অভিযুক্তৰ বিৰুদ্ধে এজাহাৰ দাখিল।
ঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ১ম খণ্ডত ভূমিকেন্দ্ৰীক মাৰপিটত এজন লোক গুৰুতৰ ভাৱে আহত হয়।

গোলাপাৰা প্ৰথম খণ্ডৰ ওমৰ আলী নামৰ খেতিয়কজনে নিজ মাটিত ভূই ৰুই থকা অৱস্থাত কমেদ আলী নেতৃত্বত এটা দলে আক্ৰমন কৰাত গুৰুতৰ বাবে আহত হয়। কমেদ আলীৰ নেতৃত্বত ভুমৰ আলী আৰু ৰফিকুল ইছলামে লাঠি, জেং ৰে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তিনি অভিযুক্তৰ আক্ৰমনত ওমৰ আলীৰ সো ভৰি ভাঙি গুৰুত্বৰ ভাবে আহত হয়।

আহত ওমৰ আলীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয়। ঘটনা সংক্ৰান্তত ভুক্তভোগী কোকিলা আৰক্ষী নিৰীক্ষণ চকীত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ লগত জড়িত আটাইকেইজন অভিযুক্তক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ ভুক্তভোগীয়ে দাবী জনাইছে।

মানিকপুৰৰ পৰা মফিদুল ইছলাম

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা” সফল কৰাৰ উদ্দেশ্যে সজাগতামূলক বৃহৎ ত্ৰিৰংগা যাত্ৰা…

ভাৰতীয় যুৱ মৰ্চাৰ উদ্যোগত “হৰ ঘৰ ত্ৰিৰংগা” সফল কৰাৰ উদ্দেশ্যে সজাগতামূলক বৃহৎ ত্ৰিৰংগা যাত্ৰা । আজাদী কি অমৃত মহোৎসৱৰ অংশ হিচাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “হৰ ঘৰ ত্ৰিৰংগা ” কাৰ্যসূচী সফল কৰাৰ উদ্দেশ্যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কামৰূপ জিলাৰ বেজেৰা পৰা আমিনগাঁৱৰ উপায়ুক্ত কাৰ্যলয়লৈ এক সজাগতামূলক বাইক ৰেলী উলিওৱা হয় ৷

ভাৰতীয় যুৱ মৰ্চাৰ নেতৃত্বত কেইবা শতাধিক যুৱকে প্ৰতিখন দুচকীয়া বাহনতে ত্ৰিৰংগা লৈ অংশগ্ৰহণ কৰে এই বিশাল যাত্ৰাত ৷ উক্ত বাইকৰেলি মুকলি কৰে বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাই ৷ ৰেলিৰ মুকলিৰ পূৰ্বে এক সম্বৰ্ধনা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিজেপি বেজেৰা মণ্ডলৰ সম্পাদক দ্বয় ৰুবুল দাস ভাস্কৰ জ্যোতি কলিতা ,ভাৰতীয় জনতা যুৱ মৰ্চা বেজেৰা মণ্ডলৰ সভাপতি নৃপেন থাথ সাধৰণ সম্পাদক মানৱেন্দ্ৰ ডেকা,প্ৰাক্তন ছাত্ৰ নেতা পংকজ বৰুৱা স্থানীয় গাঁওপ্ৰধান দণ্ডধৰ ভূঞা প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি ৷

দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মা লৈ সমাজ সৌৰভ বঁটা…

গুৱাহাটীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ ড.বাণিকান্ত কাকতি প্ৰেক্ষাগৃহত অসমৰ ডিজিটেল মিডিয়া চেনেল নৰ্থ ইষ্টৰ উদ‍্যোগত নৰ্থ ইষ্ট আইকন বঁটা প্ৰদান অনুষ্ঠানত North East 2022 ৰ সমাজ সৌৰভ বঁটা লাভ কৰে নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ চতমা গাওঁৰ বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী তথা ১১নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাই।

শৰ্মাই এগৰাকী পঞ্চায়ত জনপ্ৰতিনিধি হৈ থকাৰ পিছতো সমাজৰ আৰ্তজনক সহায় কৰাৰ উপৰিও ব‍্যৱসায়ত পৰোক্ষ-প্ৰত‍্যক্ষভাৱে প্ৰায় শতাধিক অসমীয়া যুৱক-যূৱতীক কৰ্মসংস্থাপন দি অহাৰ পৰিপ্ৰেক্ষিতত এই বঁটা পাবলৈ সক্ষম হয়।উল্লেখ‍্য যে প্ৰতিবছৰে চেনেল নৰ্থ ইষ্টে অসমৰ সমাজ জীৱনত বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা ব‍্যক্তিসকলক এই বঁটা প্ৰদান কৰি আহিছে।ইফালে দেহাৰকুছি গাঁও পঞ্চায়তৰ সভাপতি তথা বিশিষ্ট ব‍্যৱসায়ী যোগেশ্বৰ শৰ্মাই কালি এই বঁটা লাভ কৰাৰ পিছত অঞ্চলটোৰ বিভিন্ন দল-সংগঠনসহ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হয়।

মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ বিধায়ক ৰূপেশ গোৱালাৰ জাতীয় পতাকা প্ৰদান…

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে আজাদি কা অমৃত মহোৎসৱ কাৰ্যসূচী লগত সংগতি ৰাখি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ আহ্বানমৰ্মে ‘হৰ ঘৰ তিৰংগা” কাৰ্যসূচীৰ অংশ হিচাপে আজি ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা উপস্থিত হয় তিনিচুকীয়া জিলাৰ একমাত্ৰ মুক্তিযুদ্ধা সত্যলতা গগৈৰ গৃহত উপস্থিত হৈ জাতীয় পতাকা প্রদান কৰে।

বিধায়ক গৰাকীয়ে মুক্তিযুদ্ধা গৃহলৈ গৈ জাতীয় পতাকা প্রদান কৰাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই তেওঁৰ সৈতে বাৰ্তালাপ কৰে আৰু তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

জাতীয় পতাকা প্রদান কৰা সময়ত বিধায়কক লগ দিয়ে গাভৰুভেটি গাঁও পঞ্চায়তৰ সভাপতি কিৰণ চাৰিঙ্গীয়া ফুকন,বিজেপি কাকপথাৰ মণ্ডল সভাপতি অৰূপ মৰাণ,ন-বিজেপি মাঙ্গিৰাম আগৰৱালা,বিজেপি দলৰ কৰ্মকৰ্তা বিজুৱেল গগৈ আৰু প্ৰদীপ উপাধ্যায়ে।

উক্ত সময়তেই বিধায়ক গোৱালাই মুক্তিযুদ্ধা সত্যলতা গগৈৰ বাসগৃহলৈ যোৱা ২ কিলোমিটাৰ জৰাজীৰ্ণ পথ অতি সোনকালে নিৰ্মাণ কৰাৰ লগতে মুক্তিযুদ্ধা সত্যলতা গগৈয়ে যোৱা স্থানীয় নামঘৰটোৰ উন্নয়নৰ‌ বাবে ৫ লাখ টকা অনুদান দিয়া হব বুলি ঘোষণা কৰে