Home Blog Page 2197

মাজুলীৰ আগশাৰীৰ শিক্ষানুষ্ঠান উজনি মাজুলীৰ খেৰকটীয়া মহাবিদ্যালয়ত সোণালী জয়ন্তী বৰ্ষৰ প্ৰস্তুতি তুংগত

শনিবাৰে উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ত সোণালী জয়ন্তী উদযাপনৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় যায়৷ মাজুলীৰ বিধায়ক ভুৱন গাম উপস্থিত হৈ গছপুলি ৰোপণ কাৰ্যসূচীৰে সভাৰ শুভাৰম্ভ কৰে৷ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ফণীধৰ টাহুদেৱৰ সভাপতিত্ত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আঁতধৰি বৰ্তমানৰ অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই কয় যেতিয়ালৈকে এখন মহাবিদ্যালয়ে প্ৰতিযোগিতাত ভাগ নলয় তেতিয়ালৈকে এখন মহাবিদ্যালয় বা কোনো এখন প্ৰতিষ্ঠানে আগুৱাই যাব নোৱাৰে৷ কিন্তু এই প্ৰতিযোগিতা গঠনমূলক প্ৰতিযোগিতা হ’ব লাগে৷ উল্লেখ্য যে, আগন্তুক সোণালী জয়ন্তী বৰ্ষযোৰা উদযাপন হ’ব লগীয়া বিভিন্ন কাৰ্যসূচীৰ এক বিৱৰণ আগবঢ়াই অধ্যক্ষা ড° জাহ্নৱী লহকৰ বৰুৱাই৷

সোণালী জয়ন্তীবৰ্ষত উদযাপন হ’ব লগা প্ৰায় পঞ্চাশটাতকৈ অধিক কাৰ্যসূচীসমূহৰ ভিতৰত উল্লেখনীয় সংযোজন যেনে ক্ৰীড়া ক্ষেত্ৰত আন্তঃজিলা “পেনচাক চিলেট” প্ৰতিযোগিতা, ড° ভূপেন হাজৰিকাৰ জীৱনমূলক বক্তৃতা প্ৰতিযোগিতা, প্ৰাচীৰ পত্ৰিকাৰ প্ৰতিযোগিতা, আন্তঃমহাবিদ্যালয় সৌন্দৰ্য প্ৰতিযোগিতা, স্বাস্থ্য সচেতনাৰ সংগতি ৰাখি বিনামূলীয়া স্বাস্থ্যপৰীক্ষা কৰা আদি কাৰ্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ প্ৰায় ১২ টা উপসমিতিৰে সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি তুংগত কৰাৰ কথা প্ৰকাশ কৰে৷ উক্ত অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যক্ষ কালিৰাম কুলি, ভকতিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সুভেদ ঘোষ, দুৰ্গেশ্বৰ শইকীয়া, ৰতনপুৰ মিৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডা° নিবাৰণ দলে, অধ্যাপক ৰমেন চুতীয়া, জোনাকী ছমহীয়া আটী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক গিৰিধৰ কলিতা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডিম্বেশ্বৰ খনিকৰ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জিতেন্দ্ৰ দলে , ৰামগোবিন দলে, মহান কুলি, অনন্ত বৈৰাগী, প্ৰাঞ্জল গাৰে, হৰেশ্বৰ পেগু, মিচিং স্বায়ত্ত্বশাসিত পৰিসদৰ সদস্য নীলকান্ত দলে, লুইতপৰীয়া গাঁওপঞ্চায়তৰ কাউন্সিলৰ প্ৰবিন মিলি, সভানেত্ৰী মৃণালিনী গাম,লুইতপৰীয়া আঞ্চলিক টিএমপিকেৰ সভাপতি অৰূপজ্যোতি টায়ে আদি উপস্থিত থাকে৷

সভাৰ শেষত সভাত অংশগ্ৰহণ কৰা সমূহ ৰাইজৰ উপস্থিতিৰ শলাগৰ ভাষণ প্ৰদান কৰে মহাবিদ্যালয়ৰ অধ্যাপক ড° উপেন বৰাই৷

স্বাধীনতাৰ অমৃত মহোৎসৱ; বঙাইগাঁও জিলা প্ৰশাসনে মুকলি কৰা গীতৰ ভিডিঅকলৈ প্ৰতিক্ৰিয়া।কংগ্ৰেছৰ সংবাদ মেলঃ ৰাজনীতিকৰণ কৰাৰ অভিযোগ

দেশৰ স্বাধীনতাৰ অমৃত মহোৎসৱ তথা হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলা প্ৰশাসনে মুকলি কৰা এটা ভিডিঅ’ক লৈ বিভিন্ন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে বঙাইগাঁও জিলা প্রশাসনে মুকলি কৰা ভিডিঅটোত কেতবোৰ স্থিৰচিত্ৰ সংগ্ৰহ কৰি এটা গীতত সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সমন্বয়ৰ বাৰ্তা বিলোৱাৰ প্ৰয়াস কৰিছিল ৷ কিন্তু গীতৰ ভিডিঅটোত বঙাইগাঁও জিলাৰ বিভিন্ন সম্প্ৰদায়ৰ লোকক উপস্থাপন কৰাৰ বিপৰীতে দুটামান সম্প্ৰদায়ৰ বাহিৰে খিলঞ্জীয়া কোচ ৰাজবংশী, বড়ো, ৰাভা, কলিতা, নাথযোগীকে ধৰি আন আন জাতি-জনগোষ্ঠীসমূহক সম্পূৰ্ণৰূপে উপেক্ষা কৰাৰ অভিযোগ উঠিছে ৷ সেইদৰে বঙাইগাঁও জিলাৰ কীৰ্তিচিহ্ন, ঐতিহাসিক সমল আদিও ভিডিঅ’টোত দাঙি ধৰিবলৈ সক্ষম নহ’ল ৷ তাৰোপৰি এই অঞ্চলটো কোচ সাম্ৰাজ্যৰ অধীন আছিল যদিও গীতৰ ভিডিঅটোত ৰজা নৰনাৰায়ণ অথবা মহাবীৰ চিলাৰায়ৰ নাম তথা ফটো এখনো সংযোজন কৰা নহ’ল ৷ ইয়াৰ বিপৰীতে দৃষ্টিকটুভাৱে ভিডিঅটোত সংযোগ কৰা হৈছে ৰাজনৈতিক নেতাৰ ফটোহে ৷ এইলৈও সৃষ্টি হৈছে বিতৰ্কৰ ৷ কাৰণ বঙাইগাঁও জিলাৰ তিনিটা বিধান সভা সমষ্টিত তিনিগৰাকী বিধায়ক থকাৰ পিচতো জিলা প্ৰশাসনৰ এই ভিডিঅটোত কেৱল মাত্ৰ বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়কগৰাকীৰহে ফটো কিয় সংযোজন কৰা হ’ল বুলি বিভিন্ন মহলত উত্থাপিত হৈছে প্ৰশ্নৰ ৷ লগতে ইয়াটো ৰাজনীতিকৰণ কৰা হ’ল বুলিহে অভিযোগ উঠিছে৷

ইতিমধ্যে বৃহস্পতিবাৰে উন্মোচন কৰা গীতৰ ভিডিঅটো জিলা উপায়ুক্ত কাৰ্যালয়ৰ নামত থকা সামাজিক মাধ্যমৰ পেজত আপলোড কৰাৰ পিচৰে পৰা বিভিন্নজনে ভিডিঅটোকলৈ সমালোচনামূলক মন্তব্য কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে শুকুৰবাৰে বিয়লি বঙাইগাঁও জিলা কংগ্ৰেছৰ তৰফৰ পৰাও গীতৰ ভিডিঅটোকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ এখন সংবাদ মেল আয়োজন কৰি কংগ্ৰেছৰ তৰফৰ পৰা গীতৰ ভিডিঅ প্ৰস্তুতকলৈ ৰাজনীতিকৰণ কৰা হৈছে বুলিও অভিযোগ কৰে ৷ সংবাদ মেলত উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰে কয় যে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ যিটো উৎসৱ আমি সকলোৱে দল -মত ,জাতি – জনগোষ্ঠী নিৰ্বিশেষে পালন কৰি আছো সেয়ে এই সময়ত আনক সমালোচনা কৰিবলৈ যদিও ভাল নালাগে তথাপিতো ক’বলগীয়া হৈছে ৷ আমাৰ বঙাইগাঁও জিলাখন মূলত দুটা থলুৱা জগোষ্ঠীৰ প্ৰতিনিধিত্ব আছে ৷ এনে ভালে কেইটা আছে যদিও মূলত কোচ ৰাজবংশী সম্প্ৰদায়ৰ আৰু দেশী সম্প্ৰদায়ৰ লোক আছে ৷ কিন্তু জিলা প্ৰশাসনৰ পৰা যিটো ভিডিঅ মুকলি কৰা হৈছে সেই ভিডিঅটোত কোচ ৰাজবংশী জনগোষ্ঠী আৰু দেশী জনগোষ্ঠীৰ কলা – সংস্কৃতি কোনো ধৰণে প্ৰতিফলিত হোৱা নাই ৷ বীৰ চিলাৰায়য়েই হওক আথবা দেশী জনগোষ্ঠীৰ নায়কেই হওক কোনো নায়কৰ নাম উল্লেখ কৰা হোৱা নাই ৷ ইয়াৰ বিপৰীতে দেখা যায় যে এজন বিধায়ককহে নায়ক হিচাপে প্ৰতিফলিত কৰা হৈছে ৷ গতিকে এই কথাটো আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেয়ে আমি উৰ্ধতম কৰ্তৃপক্ষ চৰকাৰকক অৱগত কৰিব বিচাৰিছো যে স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱাৰ যিটো উৎসৱ তাতে যাতে ৰাজনীতিকৰণটো বন্ধ কৰা হয় ৷ লগতে ইয়াৰ বাবে যাতে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় তাৰ বাবে অনুৰোধ জনায় ৷ আনহাতে দক্ষিণ অভয়াপুৰী বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ সৰকাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বঙাইগাঁও জিলাত কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোক বেছি যদিও ভিডিঅটোত কিন্তু জনগোষ্ঠীটোক কোনো গুৰুত্ব দিয়া হোৱা নাই ৷ প্ৰশাসন নিৰপেক্ষ হ’ব লাগে ৷কিন্তু আমাৰ দৃষ্টিত প্ৰশাসনে নিৰপেক্ষতা দৃষ্টিভংগী গ্ৰহণ কৰা নাই ৷ বৰং ৰাজনীতি কৰাটোৱে ওলাই আহিছে ৷ কোনোবাই ভাবিব পাৰে যে আমাৰ ফটো দেখুৱা নাই বাবে কথাখিনি কৈছো ৷ সেইটো আচলতে নহয় ৷ কাৰণ আমি হলো জনপ্ৰতিনিধি ৷ কোনে কোন দলৰ পৰা বিজয়ী হৈ আহিছে সেইটো বেলেগ কথা ৷ আমি সৰ্বসাধাৰণ ৰাইজৰ ভোট পাইয়ে বিজয়ী হৈ আহিছো ৷ কিন্তু কথা হ’ল স্বাধীনতা দিৱস উপলক্ষে ভিডিঅটোত যিসকলক দেখুৱাব লাগিছিল সেইসকলক বাদ দি নায়ক হিচাপে বঙাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰীকহে বনোৱা হৈছে ৷ সেয়ে মই ভাবো এইটো ৰাজনীতি হৈছে ৷ এইক্ষেত্ৰত আমি অসম চৰকাৰ আৰু বঙাইগাঁও জিলা প্ৰশাসনক অনুৰোধ জনাইছো যাতে ভিডিঅটো চাই সংশোধনৰ কৰে ৷ আজাদী কা অমৃত মহোৎসৱ এইটো কোনো দলৰ নহয়, বৰং ভাৰতবৰ্ষৰ প্ৰতিজন সৰ্বসাধাৰণ ৰাইজৰ ৷ সেয়ে ভিডিঅটো নিৰপেক্ষভাৱে বনাব লাগে আৰু সকলোকে সম মৰ্যদা দিব লাগে বুলি কয় ৷ ইপিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শংকৰ প্ৰসাদ ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বঙাইগাঁও জিলা প্ৰশাসনেও স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তি উদযাপনাৰ্থে আন জিলাৰ দৰে গীতৰ ভিডিঅ মুকলি কৰিছে ৷

এই ভিডিঅত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰীৰ ফটোখন কেৱল দেখুৱা হৈছে ৷ কিন্তু তেওঁৱে অকল বঙাইগাঁৱক প্ৰতিনিধিত্ব কৰে নেকি? ফনীভূষণ চৌধুৰীয়ে অকল ৰাইজৰ ভোট পাইছে নেকি? জিলাখনৰ উত্তৰ বিধান সভা সমষ্টিৰ বিধায়ক আব্দুল বাতেন খণ্ডকাৰ আছে, দক্ষিণ বিধান সভা সমষ্টিত বিধায়ক প্ৰদীপ সৰকাৰ আছে ৷ গতিকে তেওঁলোকতো ৰাইজৰ ভোট পাই বিধায়ক হৈছে ৷ সেয়ে আমি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছো যে এয়াই তেওঁলোকপ গণতন্ত্ৰ নেকি? গণতন্ত্ৰত সকলোকে সমানভাৱে অধিকাৰ দিব লাগে ৷ মুখ্যমন্ত্ৰীয়েও সকলোকে সমান চকুৰে চাম বুলি কৈ আছে ৷ কিন্তু আমি বঙাইগাঁৱতো দেখা নাই ? আমি লাচিতৰ দেশৰ মানুহ হয়, কিন্তু তাৰ লগে লগে এটা সময়ত এই অঞ্চলটো চিলাৰায়ৰ দেশ আছিল ৷ চিলাৰায়ৰ নাম কিয় উল্লেখ নাই? গতিকে আমি এইবোৰ বিষয়ত আমাৰ আপত্তি আছে আৰু সেয়ে শুধৰণি কৰি পুনৰ প্ৰচাৰৰ বাবে আহ্বান জনায় ৷ উল্লেখ্য যে জিলা প্ৰশাসনে যিসকলক এই ভিডিঅটো প্ৰস্তুত কৰাৰ বাবে দায়িত্ব দিছিল সেইসকল কিমান দুৰ্দৰ্শী তাকলৈও প্ৰশ্ন উত্থাপন কৰিছে বিভিন্নজনে ৷

বীৰছিং তিমুঙক লাংহিন ভি ডি চি’ৰ বাবে নতুনকৈ অধ্যক্ষ হিচাপে নিযুক্তি প্ৰদান

কাৰ্বি আংলং জিলাৰ ১৩ নং লাংহিন পৰিষদীয় সমষ্টিৰ লাংহিন ভি ডি চি’ ভংগ কৰি পুনৰ লাংহিন ভি ডি চি’ৰ বাবে বীৰছিং তিমুঙক নতুনকৈ অধ্যক্ষ হিচাপে আজি লাংহিনস্থিত ভি ডি চি’ৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। লাংহিন ভি ডি চি’ৰ নতুন অধ্যক্ষ হিচাপে বীৰছিং তিমুঙক এই নিযুক্তি পত্ৰ প্ৰদান কৰে কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে।

আনহাতে ঋতুৰাজ বৰুৱা, লেবেন্দ্ৰ বসুমতাৰী আৰু হাৰজেন দৈমাৰীকো লাংহিন ভি ডি চি’ৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়। অনুষ্ঠানত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, লাংহিন ভি ডি চি’ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণ বসুমতাৰী, ঋতুৰাজ বৰুৱা, নতুন অধ্যক্ষ বীৰছিং তিমুঙৰ লগতে অঞ্চলটোৰ বহু পুৰুষ আৰু মহিলা উপস্থিত থাকে।

বঙাইগাঁৱত ৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে কুইজ আৰু সাংস্কৃতিক অনুষ্ঠান

বঙাইগাঁও জিলাত স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ তিনিদিয়াকৈ স্বাধীনতা দিৱস উদযাপন কৰি থকা হৈছে। শনিবাৰে এই উপলক্ষ্যে স্থানীয় বীৰঝৰা পাব্লিক লাইব্ৰেৰীত বিয়লি ২ বজাৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।জিলাখনৰ বিভিন্ন বিদ্যালয়ত অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে পঢ়ি থকা ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠ ৬ টা দলে কুইজ প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰে। কুইজ মাষ্টাৰ আছিল ডা:সমুজ্জ্বল ভৰদ্বাজ। কুইজ প্ৰতিযোগিতাত বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ে (ইংৰাজী মাধ্যম) প্ৰথম আৰু তৃতীয় পুৰস্কাৰ লাভ কৰাৰ বিপৰীতে বঙাইগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতন দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷

ইয়াৰ পিছতে অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান। তিনিটা সাংস্কৃতিক দল ক্ৰমে বীৰঝৰা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে দেশপ্ৰেমমূলক নৃত্য, সমন্বয় সংগীত -কলা একাডেমীৰ ছাত্ৰ-ছাত্ৰীয়ে ভোৰতাল নৃত্য আৰু বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী মাধ্যম) ৰ ছাত্ৰ-ছাত্ৰীয়ে ভিন্ন সংস্কৃতিমূলক নৃত্য প্ৰদৰ্শন কৰে। ইয়াৰ পিছতে এখনি নাট প্ৰদৰ্শন কৰে মাণিকপুৰৰ আকাশ গোষ্ঠীয়ে। সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে অতিৰিক্ত উপায়ুক্ত শ্যামল ক্ষেত্ৰ গগৈয়ে। সাংস্কৃতিক অনুষ্ঠানসমূহ অতিৰিক্ত উপায়ুক্ত মগেন নৰহ, বঙাইগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰুণাভ ৰামচিয়াৰী, মাণিকপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰীতিমণি দাস আৰু বঙাইগাঁও জিলা চক্ৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক জ্যোৎস্না ৰাণী বৰ্মণৰ পৰিচালনাৰে অনুষ্ঠিত কৰা হয়।

প্ৰয়াত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ সোৱঁৰণত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন। সমুজ্জললৈ মৰণোত্তৰভাৱে আৰক্ষী বিশেষ সেৱা মেডেল ঘোষণা

কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দ্বিগুণপাৰ (লেজা) নিবাসী তথা কামপুৰ আৰক্ষী থানাৰ প্ৰয়াত ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ সোৱঁৰণত আজি লেজা যুৱক শিৱ সংঘৰ উদ্যোগত শ্ৰীশ্ৰী শিৱ মন্দিৰ প্ৰাঙ্গণত বিস্তৃত কাৰ্যসূচীৰে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয় | উল্লেখযোগ্য যে, কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সমুজ্জ্বল কাকতিৰ প্ৰচণ্ড বানপানীৰ মাজতো কাৰ্য সম্পাদন কৰিবলৈ গৈ বিগত ২০ জুনৰ গভীৰ নিশা সলিল সমাধি ঘটিছিল | শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উপলক্ষে পুৱা সমুজ্জ্বল কাকতিৰ পিতৃ ধৈৰ্যৰাম কাকতি, মাতৃ চাৰুপ্ৰভা কাকতি ,ভাতৃ হিৰকজ্যোতি কাকতি সহ শোকদগ্ধ পৰিয়ালবৰ্গই সমুজ্জ্বল কাকতিৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি তথা প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিভিন্ন দল -সংগঠন, অনুষ্ঠান – প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তি তথা ৰাইজৰ তৰফৰ পৰাও প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে |

ইয়াৰ পিছতে ভাগৱত পাঠ ,নাগাৰা নাম পৰিবেশন আৰু সংস্কৃত স্ত্ৰোত্ৰপাঠ কৰা হয় | বিয়লিৰ ভাগত অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ কুমাৰ ভৰালীৰ সঞ্চালনাত অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা | কেইবা শতাধিক শোকাকুল ৰাইজ উপস্থিত থকা উক্ত স্মৃতিচাৰণ সভাত প্ৰয়াত অতি জনপ্ৰিয় যুৱক তথা দক্ষ আৰক্ষী বিষয়া সমুজ্জ্বল কাকতিৰ গুণৰাজি আৰু কৰ্তব্যনিষ্ঠাৰ কথা শ্ৰদ্ধাৰে সোৱঁৰণ কৰি বক্তৱ্য আগবঢ়াই ৰঙিয়া মহকুমাৰ মহকুমাধিপতি ৰাহুল জাভেৰ, ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিং, সমুজ্জ্বল কাকতিৰ খুড়া শচীন্দ্ৰ নাথ কাকতি , লেজা যুৱক শিৱ সংঘৰ সম্পাদক ৰৱিশংকৰ শাণ্ডিল্য, অৱসৰী শিক্ষক বিপিন শৰ্মা ,সদৌ অসম শালৈ সন্মিলনৰ সভাপতি মনোজ কুমাৰ বৰ্মণ ,অৱসৰপ্ৰাপ্ত আৰক্ষী মহাপৰিদৰ্শক প্ৰদীপ চন্দ্ৰ শালৈ, অৱসৰী প্ৰশাসনিক বিষয়া মুনীন্দ্ৰ ডেকা, কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বীৰেন বৰুৱা, দেওবাঁহগুৰি দেৱালয় পৰিচালনা সমিতিৰ সভাপতি মোহিনী মোহন শৰ্মা, কমলপুৰ প্ৰেছ ক্লাবৰ উপ-সভাপতি ভৱতোষ ডেকা, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আদি কৰি ভালেমান বিশিষ্ট ব্যক্তিয়ে |

যথেষ্ট গাম্ভীৰ্যপূৰ্ণ তথা আবেগিক পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভাখনত বিধায়ক দিগন্ত কলিতাই নিজৰ ভাষণত প্ৰয়াত সমুজ্জ্বল কাকতিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সমুজ্জ্বল কাকতিক মৰণোত্তৰ ভাৱে আৰক্ষীৰ বিশেষ সেৱা মেডেল প্ৰদানৰ বাবে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰে | সভাৰ সঞ্চালক প্ৰদীপ কুমাৰ ভৰালীয়ে বিধায়ক গৰাকীৰ উক্ত ঘোষণাক আদৰণি জনাই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে | সভাৰ সামৰণিত শিৱ সংঘৰ সভাপতি চুৰেন কাকতিয়ে আটাইকে শলাগ যাঁচে | সন্ধিয়া সামুহিক বন্তি প্ৰজ্বলনেৰে দিনটোৰ কাৰ্যসূচী সমূহৰ সামৰণি পেলোৱা হয় |

বিহালী বেদাতীত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ স্বচ্ছতা অভিযান আৰু গছ পুলি ৰোপন কাৰ্যসূচী

স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি দেওবাৰে পুৱা অসম জাতীয়তাবাদী যুৱ পৰিষদৰ পূৱ বিহালী আঞ্চলিক সমিতি উদ্যোগত বিহালী বেদেতী ছেন্টাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সদস্য সকলে হাতে হাতে ঝাড়ু লৈ স্বচ্ছ অভিযান চলোৱা দেখা গ’ল।
আনহাতে সদস্য সকলে বিহালী বিভিন্ন স্থানত গছ পুলি ৰোপন কৰে।


উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি প্ৰাচুৰ্য বৰুৱাকে ধৰি আঞ্চলিক সমিতি সদস্য আৰু বেদেতী বণিক সন্থাৰ বহু কেইজন সদস্য।

চলমান ৰুশ্দীৰ ওপৰত মাৰাত্মক আক্ৰমণৰ পিছতে হেৰী পটাৰ লেখিকা জে কে ৰাউলিঙক জীৱনৰ প্ৰতি ভাবুকি…

চলমান ৰুশ্দী আক্ৰমণ: ‘পৰৱৰ্তী নম্বৰ আপোনাৰ’, চলমান ৰুশ্দীৰ পিছত, জে কে ৰাউলিঙে মৃত্যুৰ ভাবুকি লাভ কৰে
জে কে ৰাউলিঙৰ ভাবুকি: চলমান ৰুশ্দীৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছত, এতিয়া হেৰী পটাৰ লেখিকা জে কে ৰাউলিঙে মৃত্যুৰ ভাবুকি লাভ কৰিছে। তেওঁক টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে ভাবুকি দিছিল। ৰাউলিঙে ৰুশ্দীৰ ওপৰত হোৱা আক্ৰমণত শোক প্ৰকাশ কৰিছিল।

বিখ্যাত লেখিকা ছলমান ৰুশ্দীৰ ওপৰত হোৱা মাৰাত্মক আক্ৰমণৰ পিছত হেৰী পটাৰ লেখিকা জে কে ৰাউলিঙে মৃত্যুৰ ভাবুকি লাভ কৰিছে। ৰাউলিঙে চলমান ৰুশ্দীৰ ওপৰত হোৱা আক্ৰমণক গৰিহণা দিছিল। ৰাউলিঙে টুইটাৰত এজন ব্যৱহাৰকাৰীৰ ভাবুকিপূৰ্ণ বাৰ্তাৰ এটা স্ক্ৰীণশ্বট শ্বেয়াৰ কৰিছে। তেওঁ টুইটাৰত ৰুশ্দীৰ ওপৰত হোৱা আক্ৰমণৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ঘটনাটো অতি দুখজনক।

টুইটাৰত ভাবুকি

জে কে ৰাউলিঙে কৈছিল যে তেওঁ চলমান ৰুশ্দীৰ সৈতে বৰ দুখী। তাই আশা কৰে যে ঔপন্যাসিক সোনকালেই সুস্থ হ’ব। এজন ব্যৱহাৰকাৰীয়ে ৰাউলিঙৰ টুইটত এটা ভাবুকিপূৰ্ণ মন্তব্য কৰিছিল। “আপুনি পৰৱৰ্তী,” ব্যৱহাৰকাৰীজনে লিখিছিল, “আপুনি পৰৱৰ্তী,” ব্যৱহাৰকাৰীজনে টুইটাৰ সমৰ্থন দলটোক টেগ কৰি আৰু ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সহায় বিচাৰি লিখিছিল।

ভাবুকি দিয়া ব্যৱহাৰকাৰীজনে আক্ৰমণকাৰীক প্ৰশংসা কৰিছিল

তথ্য অনুসৰি, ৰাউলিঙক মৃত্যুৰ ভাবুকি দিয়া টুইটাৰ হেণ্ডেলে নিউ জাৰ্চীৰ আক্ৰমণকাৰী হাদি মাটাৰক প্ৰশংসা কৰিছে। মটৰে শুক্ৰবাৰে পশ্চিম নিউয়ৰ্কত এটা অনুষ্ঠানৰ সময়ত লেখক চলমান ৰুশ্দীক কেইবাবাৰো ছুৰিকাঘাত কৰিছিল।

আক্ৰমণকাৰীজনে অপৰাধস্বীকাৰ কৰা নাছিল।

ৰুশ্দীক চুৰিৰে আক্ৰমণ কৰাৰ অভিযোগত অভিযুক্ত হাদি মাটাৰে তেওঁৰ অপৰাধ স্বীকাৰ কৰা নাই। নিউ জাৰ্চীৰ বাসিন্দা ২৪ বছৰীয়া মটৰৰ বিৰুদ্ধে হত্যা আৰু আক্ৰমণৰ চেষ্টাৰ অভিযোগ উত্থাপন কৰা হৈছে। নিউয়ৰ্ক ৰাজ্যিক আৰক্ষীৰ বিষয়াসকলে কৈছিল যে মটৰে দোষ স্বীকাৰ কৰা নাই আৰু চৌটাউকুয়া কাউণ্টি কাৰাগাৰত বন্দী হৈ আছে।

ভগত সিঙৰ ওপৰত চলচ্চিত্ৰ! শ্বহীদ ভগত সিং হৈছে বলীউডৰ প্ৰিয় স্বাধীনতা সংগ্ৰামী, সৰ্বাধিক নখন চলচ্চিত্ৰ…

ভগত সিং: যদি এজন স্বাধীনতা সংগ্ৰামী আছে বলীউডে আটাইতকৈ বেছি সম্পৰ্ক স্থাপন কৰিছে, সেয়া হৈছে শ্বহীদ ভগত সিং। এই শ্বহীদৰ কাহিনী হিন্দীৰ পৰিচালকসকলে মাজে মাজে তেওঁলোকৰ নিজৰ শৈলীত নিৰ্মাণ কৰি আহিছে।বলীউডে ইয়াৰ যুঁজাৰুসকলৰ বাবে দেশৰ স্বাধীনতা সংগ্ৰামৰ ওপৰত বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। কিন্তু শ্বহীদ ভগত সিং হিন্দী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ প্ৰিয়। হিন্দী চিনেমাই এতিয়ালৈকে পঞ্জাৱৰ এই ফায়াৰব্ৰেণ্ড যুৱকজনৰ ওপৰত নখন চলচ্চিত্ৰ নিৰ্মাণ কৰিছে। তেওঁলোকৰ ছয়জন সম্পূৰ্ণৰূপে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত আছিল। আনহাতে শ্বহীদ উধম সিঙৰ ওপৰত নিৰ্মিত দুখন চলচ্চিত্ৰত ভগত সিঙক এক গুৰুত্বপূৰ্ণ চৰিত্ৰ হিচাপে দেখা গৈছে। এখন চলচ্চিত্ৰ আছে য’ত কাহিনীটো আজিৰ যুৱসকলৰ আৰু এই যুৱকজন দেশৰ শ্বহীদসকলৰ দ্বাৰা অনুপ্ৰাণিত আৰু ইয়াত তেওঁ নিজকে তেওঁৰ সপোনত ভগত সিং হিচাপে এক আদৰ্শ হিচাপে চায়।

নিৰ্মিত চলচ্চিত্ৰ

শাম্মী কাপুৰ, মনোজ কুমাৰ, অজয় দেৱগন, ববি দেওল আৰু চনু সুদৰ দৰে তাৰকাসকলে পৰ্দাত সময়ে সময়ে ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰিছিল। শ্বহীদ-ই-আজম ভগত সিং (১৯৫৪) এই যুৱ শ্বহীদজনৰ ফাঁচীৰ ২৩ বছৰ পিছত নিৰ্মাণ কৰা প্ৰথম খন ছবি আছিল। প্ৰেম আদিব ইয়াত শ্বহীদ ভগত সিং হৈছিল। ইয়াৰ পিছত, শাম্মী কাপুৰ ভগত সিং হয়। দুবছৰৰ পিছত, মনোজ কুমাৰে শ্বহীদ (১৯৬৫) চলচ্চিত্ৰত ভগত সিঙৰ চৰিত্ৰত অভিনয় কৰি ষ্টাৰডম লাভ কৰে, যাৰ ফলত তেওঁ ভাৰত কুমাৰ হিচাপে বিখ্যাত হয়। ২০০২ চনত, বলীউডত ভগত সিঙৰ বাবে এনে উন্মাদনা চলচ্চিত্ৰ নিৰ্মাতাসকলৰ মাজত দেখা গৈছিল যে বক্স অফিচত তিনিখন ছবিএকেলগে ইজনে সিজনৰ সৈতে সংঘৰ্ষ হৈছিল। পৰিচালক ৰাজকুমাৰ সন্তোষীয়ে অজয় দেৱগানৰ সৈতে ভগত সিঙৰ কিংবদন্তি নিৰ্মাণ কৰিছিল। তেওঁ এই ছবিখনৰ বাবে দুটা ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ববি দেওলৰ চলচ্চিত্ৰ আছিল, ২৩ মাৰ্চ ১৯৩১: শ্বহীদ। আনহাতে তৃতীয় খন চলচ্চিত্ৰ আছিল শ্বহীদ-ই-আজম। য’ত চনু সুদ ভগত সিং হৈছিল।

সকলোৱে আদৰ্শ।
আধুনিক কাহিনী কোৱাত ভগত সিঙৰ জীৱনী ব্যৱহাৰ কৰি চলচ্চিত্ৰ পৰিচালক ৰাকেশ ওমপ্ৰকাশ মেহৰাৰ ৰং দে বাসন্তীয়ে (২০০৬) দেশৰ দুৰ্নীতি ব্যৱহাৰ কৰিছিল। এই চলচ্চিত্ৰখনত ভগত সিং আৰু চন্দ্ৰশেখৰ আজাদৰ দৰে শ্বহীদসকলক দুৰ্নীতিৰ বিৰুদ্ধে যুঁজদিয়া যুৱকসকলৰ আদৰ্শ হিচাপে দেখা গৈছে। দক্ষিণৰ বিখ্যাত তাৰকা সিদ্ধাৰ্থই ছবিখনত ভগত সিঙৰ দীঘলীয়া চৰিত্ৰত অভিনয় কৰিছিল, আনহাতে আমিৰ খানে ছবিখনত সমান্তৰালভাৱে চলি থকা স্বাধীনতাৰ কাহিনীত চন্দ্ৰ শেখৰ আজাদৰ চৰিত্ৰত আছিল। শ্বহীদ উধম সিঙৰ ওপৰত নিৰ্মিত দুখন চলচ্চিত্ৰত (২০০০ আৰু ২০২১) ভগত সিঙৰ চৰিত্ৰটো গুৰুত্বপূৰ্ণ চৰিত্ৰত আছিল। প্ৰথম খন চলচ্চিত্ৰত ৰাজ বব্বৰ আৰু দ্বিতীয়খনত বিকি কৌশল শ্বহীদ উধম সিঙৰ চৰিত্ৰত আছিল। দৰাচলতে, ভগত সিঙৰ কাহিনীত, প্ৰযোজক আৰু পৰিচালকসকলে সাহসিকতা আৰু দেশপ্ৰেমৰ উপাদান দেখিছে যি যুৱকসকলক পোনপটীয়াকৈ তেওঁৰ সৈতে সংযোগ কৰে।

দেশৰ দুজন ডাঙৰ উদ্যোগপতিৰ সৈতে এগৰাকী মহিলা!কোন এই মহিলাগৰাকী…

টাটা আৰু মহিন্দ্ৰাৰ সৈতে এই মহিলাগৰাকী কোন? ভিআইপি লোকসকলে তেওঁলোকৰ ফটো শ্বেয়াৰ কৰি আছে
আজাদী কা অমৃত মহোৎসৱ: ভাৰতে ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আবেদনত আজি ত্ৰিৰংগা ঘৰে ঘৰে উৰা মাৰিছে। ইফালে, দেশৰ দুজন ডাঙৰ উদ্যোগপতিৰ সৈতে এগৰাকী মহিলাৰ ফটো ভাইৰেল হৈ আছে। এই মহিলাগৰাকী কিয় হৈ আছে আৰু এই মহিলাগৰাকী কোন সেয়া জনাওঁক।

সমগ্ৰ ভাৰতে ইয়াৰ স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী অতি আড়ম্বৰ আৰু গৌৰৱেৰে উদযাপন কৰি আছে। প্ৰধানমন্ত্ৰী মোডীৰ আবেদনত ১৪০ কোটি দেশবাসীৰ উৎসাহ দেখা গৈছে। ভাৰতৰ প্ৰতিটো ঘৰে ঘৰে, এলেকা আৰু ইণ্টাৰনেটৰ ছবিবোৰো ত্ৰিৰংগাৰে ভৰি আছে। ইফালে, ত্ৰিৰংগা থকা এগৰাকী মহিলাৰ ফটো ভাইৰেল হৈ আছে, যাক প্ৰবীণ উদ্যোগপতি ৰতন টাটা আৰু আনন্দ মহিন্দ্ৰাৰ সৈতে দেখা গৈছে। তেওঁ কিয় দেশৰ এই কিংবদন্তি ব্যক্তিত্বসকলৰ সৈতে থিয় হৈ আছে? এনে ধৰণৰ বহুতো প্ৰশ্ন সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ৰে’ল মন্ত্ৰীয়ে ফটোখন কিয় শ্বেয়াৰ কৰিছিল?কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও তেওঁৰ ফটো শ্বেয়াৰ কৰিছে। ছবিখনত, এই মহিলাগৰাকীক মুম্বাইৰ পোষ্টমাষ্টাৰ জেনেৰেল স্বাতী পাণ্ডে (পিএমজি)ৰ সৈতে আনন্দ মহিন্দ্ৰা আৰু ৰতন টাটাৰ সৈতে দেখা গৈছে। হৰ ঘৰ তিৰঙ্গা অভিযানৰ অধীনত এই ডাঙৰ উদ্যোগপতিসকলক ত্ৰিৰংগা দিবলৈ কোনে আহিছিল। ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে এই ছবিবোৰৰ সংযোগ হৈছে যে তেওঁ ডাক বিভাগৰ এজন মন্ত্ৰীও।

আনন্দ মহিন্দ্ৰাই কি কৈছিল

আনন্দ মহিন্দ্ৰাই লিখিছিল, “হৰ ঘৰ তিৰঙ্গা অভিযানৰ অংশ হিচাপে মুম্বাইৰ পোষ্টমাষ্টাৰ জেনেৰেল, মুম্বাই স্বাতী পাণ্ডেৰ পৰা ত্ৰিৰংগা লাভ কৰাটো এক সন্মানৰ বিষয়। আমাৰ ডাক ব্যৱস্থাত পতাকাখন ওখ কৰি ৰখাৰ বাবে স্বাতীক ধন্যবাদ। ডাক ব্যৱস্থা এতিয়াও দেশৰ হৃদস্পন্দন!”

স্বাতী এজন জ্যেষ্ঠ উচ্চ বিষয়া। বৰ্তমান, তেওঁ পোষ্ট মাষ্টাৰ জেনেৰেলৰ ক্ষমতাত ভাৰতীয় ডাক বিভাগক প্ৰতিনিধিত্ব কৰে। স্বাতী পাণ্ডে চিল্ড্ৰেনছ ফিল্ম চছাইটিৰ চিইঅ’ আছিল। ইয়াৰ উপৰিও, তেওঁ পাৰমাণৱিক শক্তি বিভাগত (এনইএ) সঞ্চালক (এডিএম) হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু! মৃত্যুৰ পিছত কাৰোবাৰ মালিকানাধীন ষ্টক আৰু শ্বেয়াৰৰ কি হয় জানক…

ৰাকেশ ঝুনঝুনৱালাৰ মৃত্যু ৬২ বছৰ: মৃত্যুৰ পিছত কাৰোবাৰ মালিকানাধীন ষ্টক আৰু শ্বেয়াৰৰ কি হয় জানক
ৰাকেশ ঝুনঝুনৱালাৰ অকাল মৃত্যুৰ ক্ষেত্ৰত, এটা অতি প্ৰাসংগিক প্ৰশ্ন উত্থাপিত হয় শ্বেয়াৰ আৰু ডিচেডৰ ষ্টক স্থানান্তৰ ৰ সন্দৰ্ভত।

এচ ইনভেষ্টৰ আৰু শ্বেয়াৰ মাৰ্কেটমোগল ৰাকেশ ঝুনঝুনৱালাৰ অকাল মৃত্যুয়ে সমগ্ৰ দেশআৰু বিশেষকৈ বিনিয়োগকাৰীসকলক শোকৰ ঢৌ তুলিছে।

ৰাকেশ ঝুনঝুনৱালাৰ পৰ্টফলিঅ’টো খুচুৰা বিনিয়োগকাৰীৰ লগতে প্ৰতিষ্ঠানিক বিনিয়োগকাৰীসকলে আটাইতকৈ বেছি চোৱা হয়, কিয়নো ভাৰতীয় শ্বেয়াৰ বজাৰৰ ‘বিগ বুল’ৰ দ্বাৰা প্ৰস্তুত কৰা বহুতো বাজিয়ে তেওঁক আকৰ্ষণীয় লাভ প্ৰদান কৰিছে। বিনিয়োগকাৰীসকলে সদায় তেওঁৰ পৰ্টফলিঅ’ৰ পৰা যোগ কৰা বা ট্ৰিম কৰা ষ্টকৰ ওপৰত নজৰ ৰাখে।

তেওঁৰ অকাল মৃত্যুৰ ক্ষেত্ৰত, এটা অতি প্ৰাসংগিক প্ৰশ্ন উত্থাপিত হয় শ্বেয়াৰ আৰু ডিচেডৰ ষ্টক স্থানান্তৰ কৰাৰ সন্দৰ্ভত।

মৃত্যুৰ পিছত কাৰোবাৰ মালিকানাধীন ষ্টক আৰু শ্বেয়াৰৰ কি হয় জানক

এজন ব্যক্তিৰ অকাল মৃত্যুৰ ক্ষেত্ৰত, এজন নোটৰী/ৰাজপত্ৰিত বিষয়াৰ দ্বাৰা প্ৰমাণিত মৃত্যু প্ৰমাণপত্ৰৰ প্ৰতিলিপি দাখিল কৰি তেওঁৰ ষ্টক আৰু শ্বেয়াৰ মনোনীত ব্যক্তিসকলক প্ৰদান কৰিব পাৰি।

এই প্ৰপত্ৰখন উপযুক্ত ৰক্ষক যেনে এনএছডিএল বা চিডিএছএল-ত পঞ্জীয়ন কৰিব লাগিব। যদি মনোনয়ন পঞ্জীয়ন কৰা নহয়, মৃতকৰ উত্তৰাধিকাৰীসকলে নিম্নলিখিত যিকোনো এটা দাখিল কৰিব লাগিব:

a. উইলৰ প্ৰবেট

খ. উত্তৰাধিকাৰী প্ৰমাণপত্ৰ

গ. প্ৰশাসনৰ পত্ৰ

ধৰ্মেন্দ্ৰ চাচান, অংশীদাৰ চাচন আৰু লাথে জি মিডিয়াক কৈছিল, “মনোনীত ব্যক্তি এজন ট্ৰাষ্টী আৰু মালিক নহয়। যদি ইচ্ছা থাকে, ইচ্ছা অনুসৰি শ্বেয়াৰৰ মোকাবিলা কৰা হ’ব, অন্যথা হিন্দু উত্তৰাধিকাৰী আইন অনুসৰি আইনী উত্তৰাধিকাৰীসকলৰ মাজত বিতৰণ কৰা হ’ব”